জেবিয়ান🌿

জেবিয়ান..🦋  (খণ্ড ১)

(যোৰহাট চহৰৰ প্ৰাণকেন্দ্ৰ স্বৰূপ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ তিনিটা বৰ্ষৰ আলম লৈ গোটচেৰেক জেবিয়ানৰ জীয়া কাহিনীৰে আৰম্ভ কৰিছো জীৱনৰ প্ৰথমখন উপন্যাস... অপৈণত হাতৰ প্ৰয়াস)

ন - কইনাৰ খাৰুৰ ৰুণজুন ধ্বনিৰ দৰে নামি আহিল বৰষুণজাক। চেচা টোপালবোৰৰ পৰশ পাই টাবত হালিজালি থকা ভিন্নৰঙী ৰেইন লিলি বোৰৰ মনত যেন এক অনামী শিহৰণ। 
সমীক্ষা তেতিয়া আইনাৰ সমুখত সঘন আত্মনিৰীক্ষণত ব‍্যস্ত। 
" ছেহ্..আজি নাযাওঁ নেকি বাৰু?" নিজকে প্ৰশ্ন কৰিলে সমীক্ষাই ।
আজি তাইৰ স্নাতক জীৱনৰ প্ৰথম দিন...  মনত এক সংমিশ্ৰিত অনুভৱ । 
অলপ শংকা..অলপ উচাহ্ ।
কিন্তু ইউনিফৰ্ম আনোতে লৰালৰিকৈ বগা দুপাট্টাখন দোকানতে থাকি অহাত আউল লাগিল সকলোতে।
কিদৰে যাব তাই এতিয়া।
মাকে পুৱাৰে পৰা ৱাৰ্ডৰৱ খুছৰি আছে, কেনেবাকৈ বায়েকৰ দুপাট্টাখন বিছাৰি পাই নেকি !
তড়াৎ গতিত আগুৱাই গৈছে ঘড়ীৰ টিক টিক‌। বৰ্দ্ধিত হৈছে বৰষুণৰ ধ্বনি।। 
খিৰিকীৰ ফাকেৰেই সমীক্ষাই প্ৰসাৰিত কৰিলে দুহাত। তাইৰ হাতত পৰিল বৃষ্টিকণাৰ শীতল এচাকণি..!
কোনে জানো কৈছিল..
' আবতৰীয়া বৰষুণে সাচতীয়া সপোন সাৰ্থক কৰে'

: তোমাক যদি পুণৰ এবাৰ লগ   পালোহেতেন..বৰ্ণম !

নিজৰ অজানিতে বৰষুণ জাকলৈ চাই বিৰবিৰালে তাই।

: সোণজনী , বাৰ চুৰ্ণীখন পালো। সোনকালে আহ্।

মাকৰ মাতত টাৱেলেৰে হাত দুখন মোহাৰি খৰখোজেৰে বায়েকৰ কোঠালৈ গ'ল সমীক্ষা।
বায়েক পঞ্চীয়ে দুপাট্টাখন জাপি দিয়াৰ লগতে চুলিখিনিও বান্ধি দিলে সমীক্ষাৰ । পঞ্চী প্ৰাক্তন জেবিয়ান.. তেতিয়াৰ পৰাই জে .বি কলেজত পঢ়াৰ সপোন সমীক্ষাৰো ।  প্ৰায়ে বায়েকৰ ইউনিফৰ্মযোৰ গাত লৈ চাইছিল সমীক্ষাই এসময়ত.. আৰু আজি নতুন ইউনিফৰ্মযোৰৰ সতে তাৰেই এটা অংশ সামৰি লোৱাত ভাল লাগিল সমীক্ষাৰ।
পঢ়া টেবুলৰ ওপৰতে কাগজ এখিলা পাই খিলি ৰাখিলে তাই..
" আজি জে .বি কলেজত মোৰ প্ৰথমটো দিন। অনাগত তিনিটা বৰ্ষৰ বাবে মই গৌৰৱময় পৰিচয়ৰ গৰাকী - জেবিয়ান 
২২ জুন, ২০১৫"
                       ******
জগন্নাথ বৰুৱা মহাবিদ্যালয়। উজনি অসমৰ অন‍্যতম অগ্ৰণী শিক্ষানুষ্ঠান। 
ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ বিশাল গেটখন প্ৰথমবাৰলৈ অতিক্ৰম কৰা সমীক্ষাৰ হিয়াখন কপিছে দুৰু দুৰুকৈ!!
এইবাটেৰে পেহীয়েকৰ ঘৰলৈ যাওতে প্ৰায়ে কলেজখনলৈ জুমি চাই তাই.. মাথো বৰপাত্ৰ কুটীৰলৈ তেতিয়া ঢুকি পায় সন্ধানী চকুযুৰিয়ে।
বলাহক আকাশখনত প্ৰত‍্যাহ্বান জনাই তেতিয়া কলেজখনৰ চৌহদত হাজাৰ বিজাৰ সুগভীৰ নীলা..দেৱদাৰুৰ চিৰিলি পাতবোৰৰ কাব‍্যিক কম্পন .. যৌৱনমুখী এজাক বতাহ !
'Anti Ragging Area " চাইনবৰ্ডখন যেন প্ৰতিজন নৱাগতৰ বাবে এক আশ্বাস।
প্ৰথমটো ক্লাছ নতুন RCC Building ৰ 303 নং ৰুমত আছে। অৱশ্যে কলেজ খনৰ অনভিজ্ঞ চৌহদত RCC Building ৰ পৰিৱৰ্তে PG Building ৰ দিশেহে গতি কৰিছিল তাই ।  ছিনিয়ৰ দাদা এজনে বাটতে পাই  RCC Building ৰ বাটতো দেখুৱাই দিলে ।
শ্ৰেণীকোঠাত সোমাইহে স্বস্তিৰ নিশ্বাস এৰিলে সমীক্ষাই...তথাপিও মনত বাকী ৰৈছিল অলপ উৎকন্ঠা। 
তেনেতে ক্লাছলৈ সোমাই আহিল বিভাগীয় মুৰব্বী অধ‍্যাপিকা বাইদেউ । 
""দশৰ্ন জে বি কলেজৰ সবাতোকৈ পুৰণি বিভাগ।
প্ৰাচীন সময়ৰ পৰা নানা দুযোৰ্গ, সমস‍্যাৰ উৎস অন্বেষণত ব্ৰতী মানৱ সৃষ্ট এক বিষয় দশৰ্ন। 
  জীৱন আৰু অভিজ্ঞতাৰ সমালোচনা কৰা বিষয়ৰ বিভাগতোলৈ তোমালোকক স্বাগতম ""
  বাউদেউৰ কথাবোৰ, বন্ধুত্বসুলভ ব‍্যৱহাৰ আৰু সৰলতাই মুগ্ধ কৰিছিল সকলোকে।
  
  
আগলৈ..
✍️Sangeeta Devi , Jorhat

Comments

Post a Comment