জেবিয়ান..🦋 (খণ্ড ২)
প্ৰথম ক্লাছৰ বেলটো পৰাৰ পাছতে কেইবাজনী ছোৱালী আহিল সমীক্ষাৰ কাষলৈ।
: তুমিয়ে HS ত 90% পোৱা ছোৱালীজনী ন?
: ইমান ভাল পাৰচেণ্টছ পায়ো যোৰহাটতে থাকিলা যে?
প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিবলৈ নৌপাওঁতেই আন এটা প্ৰশ্নই জুমুৰি ধৰিলে তাইক।
অসহজ লাগিল সমীক্ষাৰ।
: তোমালোকে কেনেকৈ জানিলা ? যেনেতেনে সুধিলে সমীক্ষাই।
: মেৰিট লিস্টত দেখিলো।
চুলিদীঘল মৰমলগা ছোৱালী এজনীয়ে কলে।
সেই সময়তে শ্ৰেণীকোঠালৈ সোমাই আহিল সাংঘাতিক মৰমলগা দীৰ্ঘদেহী বাইদেউ এগৰাকী..পঞ্চীৰ মুখত সমীক্ষাই শুণিছিল সেয়া দৰ্শন বিভাগৰ লগতে সমগ্ৰ কলেজখনৰে সবাতোকৈ ধুনীয়া অধ্যাপিকা -- শিৱানী বাইদেউ।
: মই তোমালোকক বুদ্ধ দৰ্শন পঢ়াম।
নিজৰ পৰিচয় দিয়াৰ পাছত এটি হাঁহিৰে সৈতে বাইদেৱে কলে।
দৰ্শনৰ সাম্যক জ্ঞানৰ ভিতৰত বৌদ্ধ দৰ্শনে বাৰুকৈয়ে আকৰ্ষণ কৰে সমীক্ষাক ।
জাগতিক নৈৰাশ্যৰ মাজত আশাৰ সঞ্চাৰ কৰা তথাগতৰ বাণীৰে পৰিপূৰ্ণ বৌদ্ধ দৰ্শনৰ সাৱলীল বৰ্ণনা দিলে শিৱানী বাইদেৱে। তেওঁৰ কথাবোৰ বহুসময় পাকঘুৰণি খাই ঘুৰি ফুৰিল সমীক্ষাৰ মন মগজুত।
"" মানৱ জীৱন নিৰৱিচ্ছিন্ন দুখেৰে পৰিপূৰ্ণ..সৰ্বং দুঃখম""
*****
ক্ৰমশঃ জেবি কলেজখনে আপোন কৰি লৈছিল সিহতক। যদিওবা নতুন বাবে তেতিয়াও বাকী ৰৈছিল কিছু শংকা। ক্ষীপ্ৰগতিত পাৰ হৈ গৈছিল জেবি কলেজৰ প্ৰথমটো সপ্তাহ। আজি ৩০ জুন , কালিলৈৰ পৰা মাহেক যোৰা গৰম বন্ধ।
গেটৰ সন্মুখৰ এজাৰজুপিৰ বেঙুনবৰণীয়া পাহিবোৰৰ সঘন বসুধামুখী যাত্ৰা....। আজিকালি সমীক্ষাই গেটৰ ওচৰত বহি থকা বৰঠাকুৰদাক কলেজলৈ উলাওতে সোমাওতে হাঁহি এটা মাৰি মাতে। বিনিময়ত তেৱো মুৰজোকাৰি উপহাৰ দিয়ে হাঁহি এটি।
বৰপাত্ৰ কুটীৰৰ সন্মুখত ন- বজাৰ স্বাভাৱিক ব্যস্ততা। আজি নিজৰ অজানিতে মনতো কিবা আকুলি বিকুলি লাগি আছে তাইৰ। আহাৰমহীয়া বা লাগি আউল বাউল হৈছে চুলিকোচাৰ সমান্তৰালভাৱে মনোজগত। নিৰ্দিষ্ট শ্ৰেণীকোঠাতোত সোমায়ে তাই দেখা পালে বহুতো অচিনাকি মুখ। প্ৰথম বেঞ্চখনতে বহি কাষতে বহা ছোৱালীজনীক ইংগিতেৰে সুধিলে " কোন হয় ?"
: Late Admission .
লীমাই প্ৰয়োজনীয়তকৈ সৰুকৈ উত্তৰটো দিলে।
সমীক্ষাই খেলিমেলি হৈ থকা ঠিক কৰি নতুন মুখবোৰ চাবলৈ ধৰিলে। চুলিখিনিৰ পৰা বাগৰি আহি এজাৰ পাহি এটি তাইৰ আঙুলিৰ মুৰত লাগি ৰ'ল। মাকে কয় এজাৰ ফুল বেজাৰৰ অন্য নাম..সেয়ে পঞ্চী আৰু তাইৰ ইচ্ছাৰ সত্বেও মাক -দেউতাকে এজাৰ ৰোৱা নাছিল সিহঁতৰ ঘৰত।।
তেনেতে তাইৰ শেষৰ পৰা দুখন বেঞ্চৰ আগত খিৰিকীৰ কাষত বহি থকা লৰাতোলৈ চকু গল ।
চিৰিংকৈ গল তাইৰ বুকুখন.. ক্ষণিকতে যেন সমীক্ষাৰ অতীতমুখী অৱৰোহণ।
আহ্ ...একেই আছে সেই সজল চকুযুৰি, এই যেন কিবা এটা কব।
শব্দৰে সামৰিব নোৱাৰা..ভাষাৰে বুজাব নোৱাৰা কথাবোৰ ।
এটি মাথো সজল চাৱনিতে সকলোবোৰ!!
আগন্তুকে হৰ্থাৎ মুৰ তুলি চোৱাত চকুত চকু পৰে দুয়োৰে। পলকতে নীড়ভঙা চৰাইৰ দুপাখিৰ দৰে ধপধপাবলৈ ধৰে সমীক্ষাৰ হৃদপৃণ্ড...হাতৰ মুঠিৰ এজাৰ পাহিত কঠোৰ হৈ পৰিল আঙুলিবোৰৰ হেচা..।
তেতিয়ালৈ শিৱানী বাইদেউ ক্লাছৰুমত সোমাইছিল।
: :মানৱ জীৱন দুখময়। জন্ম দুখ, জৰা দুখ, ৰোগ দুখ ..
আমাৰ জীৱনত প্ৰিয় বস্ত , প্ৰিয় ব্যক্তিৰ সৈতে বিচ্ছেদ ঘটে, আনাকাংখিত ব্যক্তিৰ সৈতে সংযোগ ঘটে।
বাইদেউৰ কথাবোৰে যেন প্ৰতিনিধিত্ব কৰিলে তাইৰেই বৰ্তমানৰ অৱস্থাতো। হাজাৰ প্ৰয়াস কৰিও পঢ়াত মন পৰা নাই সমীক্ষাই। অস্বাভাৱিক লাগিছে শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়া।
মনতে তাই সিদ্ধান্ত ললে...জেবি কলেজত তাই আৰু নপঢ়ে ।
আজি কটন কলেজৰ ফৰ্ম ফিল আপৰ শেষ দিন। তাই কটনলৈ যাবগৈ। হেপাঁহৰ , মৰমৰ জেবি কলেজখনত আজি তাইৰ শেষ দিন!!
জীৱনৰ এই পৰ্যায়ত কোনো আৱেগিক - মানসিক জটিলতা সহিবলৈ মুঠেও সাজু নহয় সমীক্ষা..মুঠেও।
কি প্ৰয়োজনত সেইদিনা বৰষুণজাকত দুহাত মেলি বৰ্ণমৰ কথা ভাবিছিল তাই ??
মনতে কথাবোৰ গুণা গথা কৰি থাকোঁতেই বেল পৰিল। বাইদেৱে বুদ্ধ দৰ্শনৰ ব্যাখ্যা সামৰি যাবলৈ ওলাল। যোৱাৰ পুৰ্ৱে প্ৰথম বেঞ্চখনতে বহি থকা সমীক্ষাক সুধিলে।
: মই পঢ়ুওৱাবোৰ বুজিব পাৰিছানে বাৰু ?
মৰমলগা বাইদেউ গৰাকীয়ে পুণৰ এবাৰ মৰমলগাই গ'ল সমীক্ষাক। বাইদেৱে বাৰু পাইছিল নেকি সমীক্ষাৰ মনৰ অস্থিৰতাৰ উমান ??
: বুজিছো বাইদেউ। বহুত ভালকৈ।
তাইৰ তাৎক্ষণিক উত্তৰ। হাঁহি এটা মাৰি উলাই গল বাইদেউ।
পুণৰ এবাৰ পাছলৈ উভতি চালে সমীক্ষাই।
সজল চকুযুৰিৰ ওচৰত ধৰা পৰিছিল..তথাপি বহু প্ৰয়াস কৰিও সেই চাৱনি অৱহেলা কৰিব নোৱাৰে তাই..আজিও!
এসময়ত তাইৰ সমগ্ৰ সৰলতাৰে প্ৰিয় চকুহাল।
সমীক্ষাৰ শৰীৰৰ সিৰা উপসিৰাত কেচা পাতৰ দৰে কপঁনি তুলিব পৰা বৰ্ণমৰ চকুহাল।
আগলৈ..
✍️Sangeeta Devi , Jorhat
(Thank you Readers for all the love❤️)
val lgil sangita👍
ReplyDeleteThank you so much ❤️
Delete