জেবিয়ান..🦋 (খণ্ড-৩)

সেইদিনা আবেগিকভাবে বিধস্ত হৈ ঘৰলৈ উভতিল সমীক্ষা। মাকে বাটেৰে যোৱা আইচক্ৰীমৱালা ৰ পৰা তাইৰ বাবে লৈ থোৱা আইচক্ৰীমটো ফ্ৰীজৰ পৰা উলিয়াই দিলে। নাই..আজি এই আইচক্ৰীমৰ সোৱাদ মুঠেও ভাল লগা নাই সমীক্ষাৰ। মাক দেউতাকৰ অত‍্যাধিক আদৰত ডাঙৰ হৈছে ঘৰখনৰ দুয়োজনী ছোৱালী। চাকৰিসুত্ৰে দেউতাক দুৰত থাকে..সেয়ে মাক আৰু বায়েক তাইৰ অভিভাৱকৰ লগতে বন্ধুও।
এই চহৰখন , মানুহবোৰ , ঘৰখন সমীক্ষাৰ বৰ প্ৰিয়। হয়তো সেইবাবেই বহুতৰে উপদেশ উপেক্ষা কৰি যোৰহাটতে পঢ়াৰ সিদ্ধান্ত লৈছিল তাই।
: জেবি কলেজত আৰু নপঢ়ো বুলি ভাবিছো। সমীক্ষাই সৰুকৈ কলে।
:কিয় ? মাক আৰু বায়েকে আচৰিত হৈ সুধিলে।
:বৰ্ণমেও জেবি ত এডমিছন লৈছে।
তাৰ সতে একেলগে পঢ়াৰ ইচ্ছা নাই মোৰ।
: একো নাই দে। পঢ়িছে পঢ়ক। মাকৰ সাধাৰণ প্ৰতিক্ৰিয়া।
:হয়তো..! কোনো কাৰণ জানো ইমান ডাঙৰ হব পাৰে যি তোৰ প্ৰিয় কলেজখনত প্ৰিয় ছাবজেক্টতো পঢ়াত বাধা দিব পাৰিব ?? পঞ্চীয়ে কলে। তাইৰ কথাষাৰে সমীক্ষাক সোৱৰাই দিলে তাহানিৰ পৰায়ে মনত পুহি ৰখা হেপাঁহটিৰ কথা - জেবিয়ান হোৱাৰ।
: পৰিস্থিতিৰ পৰা পলোৱাৰ প্ৰয়োজন নাই । সন্মুখীন হ' । মাকে পুণৰ কলে। দুয়োৰে কথাই সাহস দিলে সমীক্ষাক। নিছেই সাধাৰণ কথা এটি যেন অসাধাৰণভাৱে অনুধাৱন কৰিছিল তাই... আপাত দৃষ্টিৰে বৰ্ণম মাথো দুৰ অতীততে এৰি অহা বন্ধুতকৈ কিছু উৰ্দ্ধৰ এটি সম্বন্ধৰ প্ৰতিনিধি...সিমানেই!!

                            *****

এমাহৰ বিৰতিৰ পাছত পুণৰ জেবি কলেজ। পুণৰ ব‍্যস্ততাপুৰ্ণ আৰু গতানুগতিক জীৱন। কলেজ গেটেৰে সোমাই যাওঁতেই বাইক  ষ্টেণ্ডৰ পৰা ওলাই আহিল এখন চিনাকি মূখ। জেবি কলেজৰ হাজাৰ নতুনত্বৰ মাজত একমাত্ৰ পুৰণি মুখখন। খোজবোৰত আউল লাগিল সমীক্ষাৰ..মাক আৰু পঞ্চীয়ে কোৱাৰ দৰে সহজ নহয় দেখোন কথাবোৰ!!
বৰ্ণমে মাতিব নেকি বাৰু তাইক ?? দিনে নিশাই এইষাৰ কথা ভাবিয়েই সমীক্ষাই পাৰ কৰিছিল গ্ৰীষ্ম বন্ধৰ একত্ৰিশ টা দিন। ভাবনাৰ সাগৰত ডুবি থাকোতেই তাইৰ সন্মুখেৰে পাৰ হৈ গ'ল বৰ্ণম। কি সাৱলীল অভিনয় তাৰ..যেন তাইক চিনিয়েই নাপায়। 
মানসিকভাৱে সাজু হল সমীক্ষা।
অনাগত তিনিটা বৰ্ষত এনে হাজাৰটা পুৱা আহিব।
হাজাৰবাৰ খোজবোৰত আউল লাগিব তাইৰ।
এনেকৈয়ে বৰ্ণমে তাইক আওকাণ কৰি গুচি যাৱ বাৰে বাৰে!!
মনৰ মাজতে কথাবোৰ জুকিয়াই 303 কোঠা পাইগৈ সমীক্ষা। প্ৰথম বেঞ্চতে বহি থকা প্ৰিয়ংকা , নাচৰিণ আৰু লীমাৰ সতে বহে তাই। কেৰাহিকৈ পাছফালে চায়..বৰ্ণম তেতিয়া বন্ধুবৰ্গৰ সৈতে আড্ডাত মছগুল।

তেনেতে এহাতে ৰেজিষ্টাৰ বুকখন হাতত লৈ সোমাই আহিল নীৰা বাইদেউ।পাছে পাছে এজাপ আলোচনীৰে সৈতে বিভাগীয় কৰ্মচাৰী ৰাতুল দা।
: প্ৰথম বেঞ্চখন মোক এৰি দিয়াছোন। অলপ কাম আছে।
বাইদেউৰ কথাত বেঞ্চখনৰ পৰা উঠিল সমীক্ষাসত। বৰ্ণম বহা বেঞ্চখনৰ আগৰখন বেঞ্চ খালী আছে।
সমীক্ষা তাত বহিব নে নবহিব ভাবি থাকোতেই নাচৰিণ , লীমা ইতিমধ্যে তাত বহিলগৈ। প্ৰিয়ংকাই সমীক্ষাকো এহাতে ধৰি বেঞ্চখনলৈ লৈ গল।
ৰাতুল দাই আলোচনীখিনি থৈ যোৱাৰ পাছত বাইদেৱে আৰম্ভ কৰিলে ৰেজিষ্টাৰ। এডমিছন অনুসাৰে ৰোল নং দিয়া হৈছে সিহতক। সমীক্ষাৰ ৰোল নং 44 । 404 ৰোল নংৰ বিপৰীতে উত্তৰ দিলে বৰ্ণমে। কটহা দিন, বৰ্ষৰ পাছত আজি বৰ্ণমৰ মাতষাৰ শুনিলে তাই। মুহূৰ্ততে সূদুৰত এৰি অহা সময়ৰ স্মৃতিয়ে চুই যায় সমীক্ষাক।

: আজি তোমালোকৰ বাবে আমাৰ বিভাগীয় জাৰ্ণেলখন আনিছো...নামটো বীক্ষণ। এইখন আমাৰ ডিপাৰ্টমেণ্টৰ গৌৰৱ। দ্বি বাৰ্ষিক ভাবে প্ৰকাশিত হয় । প্ৰতিটো লেখনিয়ে দৰ্শন সম্বন্ধীয়।
বাইদেৱে কলে।
সমীক্ষাই আলোচনীখন প্ৰথমেই পাই লুটিয়াই চালে পৃষ্ঠাবোৰ। এই বীক্ষণৰ পাততেই এদিন নিজৰ নামটো দেখাৰ হাবিয়াস জাগিল তাইৰ। তেনেতে প্ৰায় দহ মিনিট দেৰিকৈ অহা ঋষি বৰ্ণমহতৰ বেঞ্চত বহিলহি।
: বা ..আজি 90% ফাৰ্ষ্ট বেঞ্চৰ পৰা আহি এইখিনি পালেহি যে । ঋষিৰ কথাষাৰ তাইৰ কাণত পৰিল।
"FB ত friend request পঠালো। Accept য়েই নকৰে " পুণৰ কলে সি 
: কোনে কথাপাতি আছা বাৰু ? আলোচনী বিতৰণৰ পৰা মুৰ তুলি চাই নীৰা বাইদেৱে কলে। 

" বাইদেউ আমাৰ পাছৰ বেঞ্চখনে কথা পাতি আছে "
স্বতঃস্ফূৰ্তভাবে সমীক্ষাৰ মুখেৰে উলাই আহিল কথাষাৰ ...নিজৰ অজ্ঞাতে...। বৰ্ণমলৈ ঘুৰি চালে তাই । তাৰ গালে মুখে তাহানিৰ ৰাগ। 
" কিয় দেখিও মতা নাছিলা ..তাৰে revenge ললো মই" 
সেই ক্ষণত সমীক্ষাৰ মনৰ ভাব । 
: কি ? বাইদেৱে আকৌ সুধিলে।
: আমাৰ পাছৰ বেঞ্চখনে কথা পাতি আছে।
তাই এইবাৰ আঙুলিয়াই দেখুৱালে বৰ্ণম , ঋষিহতৰ দিশে।
তাইৰ উত্তৰ শুনি সকলোৱে উভতি চাইছিল সেইফালে। নীৰা বাইদেৱেও বৰ্ণমহতক কিবা কোৱাৰ বিপৰীতে তাইৰ কথা শুনি মুখ টিপি হাঁহিছিল।
 পুণঃবাৰলৈ বৰ্ণমৰ প্ৰতিক্ৰিয়া চোৱাৰ ইচ্ছা হল সমীক্ষাৰ..আত্মসংযম কৰিলে তাই।
 প্ৰতিজন শিক্ষাৰ্থীকে বীক্ষণসমুহ বিলাই দিয়াৰ পাছত বাইদেউ যাবলৈ সাজু হ'ল।
 : এতিয়া তোমালোকৰ অফ পিৰিয়দ নহয় ?
 ছিনিয়ৰ সকল আহিব দেই introduction লবলৈ।
 যোৱাৰ আগতে কৈ গল নীৰা বাইদেৱে।
 
 বীক্ষণৰ পৃষ্ঠাত পৰিভ্ৰমণ কৰি ফুৰা মুখবোৰ
  অজানা শংকাত মোলান পৰি গৈছিল তেতিয়া।
  আগলৈ..
  
✍️Sangeeta Devi , Jorhat

(Thank you so much for the love dear Readers!❤️)

Comments