জেবিয়ান..🦋 (খণ্ড -৪ )

অলপ পাছতে হুৰমূৰকৈ সোমাই আহিল বিভাগীয় অগ্ৰজ সকল। অলপ হলেও ভয় লাগিছে সকলোৰে।কি সুধিব ছাগে দাদা বা সকলে ?? মনতে ভাবিলে সমীক্ষাই। অৱশ্যে ছিনিয়ৰ সকলৰ ব‍্যৱহাৰ কথাবোৰে মূহুৰ্ততে আতৰাই দিলে সিহতৰ মনৰ শংশয় ।
সচাই ব‍্যতিক্ৰম জে বি কলেজ আৰু জেবিয়ান সকল।
প্ৰথম চিনাকিতে ইমান আপোন ।
 কলেজ গেটৰ সমুখত লিখি থোৱা " Anti Ragging Area " বাক‍্যশাৰীৰ মৰ্মাথ বুজিলে সমীক্ষাই।  সিহতৰ নাম আৰু হবি সম্বন্ধে সুধিছে মাথো দাদা বা সতে। কোনোৱাই ছবি আকে, আন কোনোবাই গান গাই, অভিনয় কৰে অথবা কবিতা লিখে। মুঠতে প্ৰতিখন বেঞ্চতে বহি আছে এমুঠিমান সম্ভাৱনা। সেই সম্ভাৱনাৰে পথদ্ৰষ্ঠা হব জে বি কলেজ অনাগত তিনিটা বৰ্ষলৈ।
 : তোমাৰ নামতো ? দীঘল চুলিৰ বা এজনীয়ে সুধিলে সমীক্ষাক ।
 
 : সমীক্ষা শৰ্মা । নমস্কাৰ জনাই কলে তাই
 
 : কি কৰি ভাল পোৱা তুমি ?
 
 : উপন্যাস পঢ়ো। কেতিয়াবা কবিতা আবৃত্তিও কৰো।
 
 " তেন্তে আমি তোমাৰ মুখেৰে কবিতা এটিয়ে শুণো "
ছিনিয়ৰ সকলে সমস্বৰে কলে।

             "মোৰ বন্ধ কোঠাৰ তুমি
             জ্বলি থকা মম। বাহিৰত জোনাকীৰ 
            ঢিমিক ঢামাক
             অস্পষ্ট এন্ধাৰ আৰু এবুকু মৰম "
             
  হেম বৰুৱাৰ কবিতাৰ পংক্তি এটি সৰকি পৰিল সমীক্ষাৰ কণ্ঠেৰে। মৃদু হাত চাপৰিৰ ধ্বনি এটি বিয়পি পৰিল RRC ৰ 303 নং কোঠাত।
 বৰ্ণমে বাৰু চাইছিল নেকি তাইলৈ ??
কিছু হাঁহি ধেমালিৰ মাজেৰে শেষ চিনাকি পৰ্ব । সিহতক বিভাগটোলৈ স্বাগতম জনাই ওলাই গল    যুগশ্ৰী বা , মুন্মী বা , বিদিশা বা , মধুস্মিতা বা , গৌৰৱ দা হত । যোৱাৰ আগতে মচি নিলে ছিনিয়ৰ সম্পৰ্কে সিহতৰ প্ৰতিটো ভ্ৰান্ত ধাৰণা ।

                          *******

পুৰণি দিনৰ কথাৰে০০০  

অষ্টম শ্ৰেণীৰ দেওনা পাৰ কৰা সমীক্ষা অংকত খুবেই দুৰ্বল। তাকে লৈ চিন্তিত মাক , দেউতাক আৰু পঞ্চী। ঘৰৰ কাষৰে বন্ধু বিশ্বৰ সহযোগত কিছু দুৰৰ দলংৰ কাষতে থকা টিউচন চেণ্টাৰটোৰ খবৰ পাইছিল তেওঁলোকে।
তাৰে পৰিপ্ৰেক্ষিতত পঞ্চীৰ মিছ ইণ্ডিয়া চাইকেলখনৰ সৈতে দিস্তা কাগজৰ বহী আৰু কলমত চেলপাৰ্কৰ চিঞাহি ভৰাই জীৱনৰ প্ৰথমটো গ্ৰুপ টিউচনৰ বাবে সাজু হৈছিল সমীক্ষা। কুৱলীয়ে ধাকি ৰখা বাট এটিত শীতৰ জড়তা ভাঙি 
চাইকেল চলাই চলাই যোৱা এজাক কিশোৰৰ শিশুসুলভ হা‍ঁহিয়ে সজীৱতা যাচি যায়। ঠাণ্ডাৰ প্ৰকোপত ৰুক্ষ দুগাল অথবা চাইকেলৰ হেণ্ডেলত থেৰেঙা লগা হাত দুখনৰ প্ৰতি সিহতৰ ভ্ৰুক্ষেপ নাই..বুকুত যে বয়ঃসন্ধিৰ মায়াসনা বা!!!

অংকৰ টিউচনতে সমীক্ষাৰ চিনাকি বৰ্ণমৰ সতে.. খেয়ালি মনৰ লৰা । অংকত সাংঘাতিক চোকা সি..প্ৰায়ে সমীক্ষাৰ সহজ ভাষাত বুজাই দিয়ে বীজগণিতৰ জটলগা সমীকৰণ।
তাৰ পাগলামীবোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল সকলোৰে বাবে। পুৱাবেলা ঠাইখিনিত গাড়ীৰ ভিৰ কম...মাথো মাজে মাজে এখন দুখন ট্ৰাক। হাইৱেৰ মাজত চেন্দেল খুলি বহি থাকে সি। ট্ৰাকৰ মাত শুণিলে দৌৰ মাৰি আতৰি আহে। জীৱনৰ সতে বৰ্ণমৰ খেলা দেখি ৰস পায় সকলোৱে। সমীক্ষাৰ মূখখন কেহাঁৰাজ বৰণীয়া হয় মাথো।  এনে ধেমালি সহ‍্য নহয় তাইৰ। 
' কি ভালপোৱা এইবোৰ কৰি ?' 
মুখখন ফুলাই সমীক্ষাই কয়। প্ৰচণ্ড শীতটো চুৱেটাৰ নিপিন্ধা বেছিজিল লৰাটোৰ বাবে হাহাকাৰ কৰে তাইৰ হিয়াখন  । নিজৰ অজানিতে মন প্ৰজাত পোখাই বৰ্ণমমুখী সহজাত আবেগ। টিউচনৰ পৰা উভতি আহোতে তাইৰ হাতত চেণ্টাৰ ফ্ৰুইট এটা গুজি দিয়ে বৰ্ণমে..তাই আঙুলিৰে দুভাগ কৰে, এটুকুৰা নিজলৈ আনটুকুৰা বৰ্ণমৰ বাবে। বৰ্ণমে নেদেখাকৈ হাতৰ মুঠিত লুকুৱাই লৈ আনে বাকলিটো। আলফুলে ভৰাই থয় ডায়েৰীৰ পৃষ্ঠাত।
কেইবামাহৰ পাছত পোন্ধৰ দিনৰ চুটি লৈ ঘৰলৈ দেউতাকৰ আগমনত উখল মাখল লাগে ঘৰখনত। পঞ্চি আৰু সমীক্ষাৰ বাবে লৈ আহে সিহতৰ প্ৰিয় ডেইৰী মিল্ক চকলেটৰ টোপোলা.  তাৰে এটা গোপনে বৰ্ণমলৈ লৈ যায় তাই।
ক্লাছ টেনৰ বেটচ্ ৰ কোনোবাই বিশ্বৰ আগত কৈ পঠাই সমীক্ষাক ভাল পায় বুলি।
সেইদিনা বৰ্ণমে কথা নাপাতে তাইৰ সতে।
                        *******
জে বি কলেজত ফ্ৰেচাৰ্ছৰ আয়োজন.… এজাক যৌৱনমুখী সম্ভাৱনাৰ অডিটৰিয়ামৰ বাহিৰে ভিতৰে অন্তহীন ব‍্যস্ততা। সমান্তৰালভাবে প্ৰতিটো ডিপাৰ্টমেণ্টতে প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতাৰ আয়োজন। মাজে মাজে ক্লাছ...বীৰেন দাৰ কেণ্টিনত চাহ , আলুচপ। নন মেজৰ political science ৰ ক্লাছত সমীক্ষাই লগ পাই স্কুলীয়া দিনৰ বান্ধৱী   তনয়াক। বিভাগে বিভক্ত কৰা একালৰ বেঞ্চমেট তনয়া আৰু তাইৰ কথাবোৰ যেন শেষেই নহব।কিমানযে আলোচনা...জেবি কলেজৰ নতুনত্ব খিনিৰ লগতে পুৰণি দিনবোৰৰ সোৱৰণী। অডিটৰিয়ামৰ পৰা ভাহি অহা কোনো জেবিয়ানৰ চিফুংৰ সুৰে চুই যায় নবাগতসকলৰ অপৈণত মনবোৰ...
আগলৈ...
✍️Sangeeta Devi , Jorhat 

( Thank you everyone for the love❤️)

Comments