জেবিয়ান..🦋 (খণ্ড -৫)
মেজৰৰ দুটা ক্লাছ , অসমীয়া , ইংৰাজী আৰু নন মেজৰৰ ক্লাছবোৰৰ অন্তত ভাগৰুৱা সমীক্ষাৰ ঘৰ পাওতে প্ৰায় তিনি বাজি যায়। একেসময়তে ঘৰ পায়হি পঞ্চী।পঞ্চী বৰ্তমান যোৰহাট আইন মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী। দুয়োকে ভাত বাঢ়ি দি ডাইনিং টেবুলত বঢ়ি লয় মাকো।
: বৰ্ণমে তোক কলেজত মাতিছে নাই ?
মাকৰ প্ৰশ্নত ভাত খোৱাৰ পৰা মুৰ তুলি চাই সমীক্ষাই।
: নাই মতা ।
সমীক্ষাৰ উত্তৰত লিপিট খাই ৰয় এমুঠি অভিমান।
: সি চাগে এতিয়ালৈকে তোৰ চেহেৰাই পাহৰিলে।
পঞ্চিয়ে বেঙেনা ফ্ৰাই এপিচ মুখত ভৰাই কয়। চিৰিংকৈ যায় সমীক্ষাৰ বুকুখন। ভাত খাই উঠি আইনাৰ সন্মুখত নিজকে চাই থাকে বহুপৰ। ইমান সলনি হল নে সমীক্ষা বিগত চাৰিটা বছৰত। বৰ্ণমে চিনিব নোৱাৰাকৈ!
"আমার পরান যাহা চায়
তুমি তাই, তুমি তাই ..
তোমা ছাড়া আর এ জগতে
মোর কেহ নাই, কিছু নাই
আমার পরান যাহা চায়। "
ফোনতোত ৰিপিট ম'ড ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰিয় গীতটি লগাই নিজৰ কোঠাৰ খিৰীকিৰ কাষত বহি থাকে সমীক্ষা। তেনেতে ফোনটো ভাইব্ৰেট হৈ তাইলৈ WhatsApp ত এটি বাৰ্তা আহে।
: হাই ! কি কৰিছা ?
অচিনাকি নাম্বাৰ...ডি.পি খনো অস্পষ্ট।সমীক্ষাই তাৎক্ষণিক পুৰ্ৱানুমান কৰিলে...কিজানিবা সেয়া বৰ্ণম।
: কোন ? ফোনৰ ডিচপ্লেত তাইৰ আঙুলিৰ চঞ্চল গতি।
: অৰুণ । তোমাৰ ক্লাছমেট।
ৰিপ্লাইটোৱে পলকতে যেন আজুৰি চিঙি পেলালে সমীক্ষাই গুঠা ভাৱনাৰ জালিখন।
পাৰ হৈ গল এটি লহমাৰ নিশ্বাস।
: মোৰ নাম্বাৰটো ক'ত পালা ?
তাইৰ প্ৰশ্নটো ফালৰি কাটি অৰুণৰ আন এটা মেছেজ।
" তোমাৰ হাঁহিটো বৰ ধুনীয়া "
সৌজন্যসুচক ধন্যবাদ এটা জনাই ফোনটো একাষৰীয়াকৈ ফোনটো থৈ খিৰিকীখন মেলি দিলে তাই। আগষ্টমহীয়া সমীৰজাকৰ সৈতে গধুলিগোপাল আৰু পিৰালিৰ খৰিকাজাঁইৰ মৃদু সুগন্ধই মায়াময় কৰি তুলিলে সন্ধাটি । ডায়েৰীৰ পাতত লিখি ৰাখিলে তাই ।
" ভালপাওঁ বুলি নালাগে কব তুমি...এবাৰলৈ কোৱা আজিও তোমাক মনত ৰাখিছো বুলি "
বৰ্ণমৰ অৱহেলাই হয়তোবা হাড়ে হিমজুলৈকে দহিছিল তাইক।
******
বি.এ জগন্নাথ বৰুৱাৰ এটি সপোনৰ ফচল জে.বি কলেজ...সাংস্কৃতিৰ নগৰী যোৰহাটৰ মাজমজিয়াত সগৌৰবেৰে অৱস্থিত মহাবিদ্যালয় খনত বতাহজাকটো আছে এক স্বকীয় গৰ্ব।
আজি তাতে কেন্দ্ৰীয়ভাৱে নবাগত আদৰণি সভা। উলহ মালহেৰে পৰিপূৰ্ণ কলেজখনৰ বাকৰি। তীব্ৰ গৰমকো আওকাণ কৰি অডিটৰিয়ামত তিনিহাজাৰ তিনিশ (আনুমানিক) জেবিয়ানৰ অন্তহীন উল্লাস.. অধ্যক্ষ চাৰৰ আদৰণি বক্তৃতা আৰু বিশিষ্ট অতিথিৰ বক্তৃতাৰ পাছতেই আৰম্ভ হল সাংস্কৃতিক অনুষ্ঠান। ষ্টেজৰ নৃত্য গীতৰ সৈতে তাল মিলাই নাছ গান ফুৰ্তি কৰিছে সকলোৱে। ইমানদিনে শান্ত যেন লগা সম্প্ৰিতি , ৰিতীষ্ণা , ড্ৰীমি হতৰ আজি নতুন ৰূপ দেখিলে সমীক্ষাই । নোহোৱা হৈ গৈছে ন- পুৰণি জেবিয়ানৰ দূৰত্ব। গধূলি হোৱাৰ আগে আগে তনয়া , লীমা হতৰ পৰা বিদায় লৈ ঘৰলৈ উভতে সমীক্ষা। চাৰিআলিত যে তাইৰ বাবে আছে মৰমৰ মাক আৰু পঞ্চী। অবুজ বান্ধোন তিনিওৰে মাজত। মাকৰ হাতত খোলা কিতাপৰ দৰে আছে দুয়োৰে জীৱনৰ প্ৰতিটো কথাৰে খবৰ। প্ৰতিৰক্ষা বিভাগত কৰ্মৰত দেউতাক দূৰত থাকিব লাগে সিহতৰ পৰা। তথাপি মাকে দুয়োকে পৰ্যমানে স্বাধীনতা দিছে। বিনিময়ত দুয়োয়ে মাকক দিছে বিশ্বাস...কোনোদিনে ভূলপথে নোযোৱাৰ বিশ্বাস।
*******
আগলৈ
✍️Sangeeta Devi , Jorhat
সকলোলৈকে বহুত মৰম❤️
Comments
Post a Comment