জেবিয়ান..(খণ্ড -৬)
শাওঁনমহীয়া বৰষুণ জাকে তিয়াই নিয়ে চহৰখন। জেবি কলেজৰ সুবিশাল কেম্পাচত সমীক্ষাহতৰ প্ৰথম জাক বৰষুণ। বৰপাত্ৰ কুটীৰ , অডিটৰিয়াম অথবা আৰ চি চি বিল্ডিংৰ সন্মুখত নানাৰঙী ছাতিৰ ভীৰ। দেৱদাৰুৰ ফাকেৰে চিপ চিপকৈ বৰষুণ সৰিছে কবিতা এটি হৈ।
ক্ৰমে তীব্ৰতৰ হৈ অহা বৰষুণজাক 303 নং কোঠাৰ বেলকণিৰ পৰা বৰ উপভোগ্য হৈছে।
: অই শৰ্মিলা ??
তেনেতে কোনোবাই কাষতে ৰৈ মাতিলে তাইক। চাটকৈ অহা বিজুলী ঢেৰেকনিটোৱে যেন খুন্দিয়াই গল সমীক্ষাৰ হিয়াখন। এই নামেৰেটো তাইক বৰ্ণমেহে জোকাইছিল তাহানিতে... তাইৰ শৰ্মা উপাধিটো অলপ দীঘলীয়া কৈ শৰ্মিলা কৰি পেলাইছিল সি।
তৎক্ষণাৎ কাষলৈ চালে তাই।
: আৰে দৰ্পন তই? ভালনে তোৰ ?
নৱম শ্ৰেণীত থাকোতে একেলগে টিউচন লোৱা দৰ্পন ৰৈ আছে ওচৰতে। সি মনত ৰাখিছে শৰ্মিলা নামটো।
: ভাল ভাল । ফিলচফীত লৈছ' ন তই ? মই অসমীয়াত ললো।
দৰ্পনৰ প্ৰশ্নত তাই মুৰ দুপিয়াই সন্মতি জনালে।
তাৰ সৈতে দুই এটা কথা পতাৰ পাছত সমীক্ষাই লাহেকৈ কলে ।
: জাননে বৰ্ণমেও ফিল'চফী ত লৈছে ?
তাইৰ কথাষাৰৰ পাছতে দুয়োৰে মাজত পাৰ হৈ গ'ল দুটি উশাহৰ নীৰৱতা।
: হয় নেকি ?
দৰ্পনৰ উত্তৰৰ জথৰতাই প্ৰকাশ কৰিলে বৰ্ণমকেন্দ্ৰীক আলোচনা সম্বন্ধে তাৰ আগ্ৰহহীনতাৰ কথা।
: বাইদেউ আহিবই এতিয়া । তয়ো ক্লাছলৈ যা ।
কথাষাৰ কৈ শ্ৰেণীকোঠাতোলৈ সোমাই গ'ল সমীক্ষা।
বেঞ্চখনত বহাৰ আগতে ফেনৰ চুইচটো অফ কৰি দিলে তাই। বিৰামহীন বৰষুণজাকে যে আয়োজন কৰিছে আবতৰীয়া শীতৰ।
আৰ চি চি বিল্ডিংতো নতুনকৈ বনোৱাৰ বাবেই হয়তো আটাইকেইখন ফেনৰ কানেকশ্বন দিয়া হৈছে একেটা ছুইচতে। তেনেতে শেষৰ ফালৰ বেঞ্চৰ পৰা উঠি আহিল বৰ্ণম। ফেনখন অন কৰি ফুল স্পীডত দি গুচি গল সি। সি উভতি গৈ বেঞ্চত বহাৰ লগে লগে পুনৰ উঠি গৈ সমীক্ষাই ফেনখন অফ কৰি দিলে।
বৰ্ণম আকৌ উঠি আহিল। আন শিক্ষাৰ্থীসকলৰ বাবে সাংঘাতিক উপভোগ্য হৈছে দুয়োৰে কাৰ্যকলাপবোৰ। সিহতেতো নাজানে সামান্য গৰম বা ঠাণ্ডা লগাৰ বাবে সৃষ্টি হোৱা নাই এই সংঘাত। ইয়াৰ অন্তৰালত আছে এলান্ধুকলীয়া খং , অভিমান !!
তাইৰ কাষেদি যাওতে জোতাযোৰে অদ্ভুত শব্দ এটা কৰিলে সি। ফেনৰ ছুইচটো অতি জোৰেৰে অন কৰিলে এইবাৰ।
বৰ্ণম জিকিল..
তাই হাৰি গল।
তাই নাজানে কি বুজাব বিছাৰিছিল বৰ্ণমে।
" দৰ্পনৰ সতে কথা পতাৰ বাবে বেয়া পালে নেকি কেনেবাকৈ ?"
"ছেহ্ ..কিবোৰ যে ভাবি আছো মই।"
মনতে ভাবিলে তাই। যি ইমান কাষতে থাকিও তাইক এষাৰ মাত দিয়া নাই সেই বৰ্ণমে কিয় ইৰ্ষা কৰিব দৰ্পনলৈ।
সেইসময়তে মিত্ৰা বাইদেউ সোমাই আহিল। আৰম্ভ হল বৈশেষিক দৰ্শনৰ পদাৰ্থতত্বৰ ব্যাখ্যা।
বিজুলি গাজনিৰ চমকৰ সৈতে বৰষুণ আহি আছে তেতিয়াও।
একো নভবাকৈয়ে বহাৰ পৰা উঠিল সমীক্ষা ।
: কি হল সমীক্ষা ? বাইদেৱে স্নেহেৰে সুধিলে।
'কি কৱ তাই এটিয়া ?' এইবাৰ নিজৰ ওপৰতে সুতীব্ৰ খং উঠিল তাইৰ । কি প্ৰয়োজনত স্থান , কাল , পাত্ৰ পাহৰি এনে আচৰণ কৰিছে তাই?
: বাইদেউ ফেনখন অফ কৰি দিও নেকি ? ঠাণ্ডা লাগিছে।
কও নকওকৈ কলে সমীক্ষাই।
: ঠিক আছে । অলপ ঠাণ্ডা মোৰো লাগিছে বাৰু।
বাইদেৱে কলে।
উঠি গল সমীক্ষা। সকলোৰে অজ্ঞাতে হোৱা শীতল যুদ্ধখনৰ চূড়ান্ত বিজয়ী যেন তাই।
ফেনৰ ছুইচটো অফ কৰি কেৰাহিকৈ চালে তলমুৰ কৰি বহি থকা বৰ্ণমক।
*******
সেই সন্ধিয়ালৈ কিছু শাম কাটিছিল বৰষুণজাক। পঢ়াৰ টেবুলত বহি মেজৰৰ এছাইনমেণ্টটো লিখিবলৈ আৰম্ভ কৰিছিল সমীক্ষাই। তদুপৰি বিভাগীয় প্ৰাচীৰ পত্ৰিকাৰ বাবেও মানৱতাবাদ বিষয়ক প্ৰৱন্ধ এটা লিখাৰ দায়িত্ব দিছে ছিনিয়ৰ সকলে।
ইয়াৰে মাজতে অলপ সময় উলিয়াই ভাৰ্চুৱেল পৃথিৱীখনত চকু ফুৰালে তাই।
" Barnam Baruah has sent you a friend request "
Facebook ৰ নটিফিকেচনটো দেখিয়েই এজাক পখিলা যেন পাৰ হৈ গল তাইৰ বুকুৱেদি।
Request তো accept কৰিবলৈ লৈ ঘনাই কপিল তাইৰ হাত।
বাস্তৱৰ বান্ধোন চিঙি বয়ঃসন্ধি দিনৰ অমিয়া জোৱাৰখিনি ফিৰাই পালে যেন।
বৰ্ণম সচাই এটি আবেগৰ নাম..তাইৰ জীৱনৰ প্ৰথম প্ৰিয় মানুহজন!
দুগুণ উৎসাহেৰে উকা কাগজত তাই লিখি গ'ল এছাইনমেণ্টটো।
আকাশত তেতিয়া ডাৱৰ ফালি ভুমুকি মাৰিছিল কাঁচিজোনে।
*******
: বৰ্ণম তোমাৰ বয়ফ্ৰেণ্ড আছিল ন' ? চিৰিয়েদি আৰ .চি. চি বিল্ডিংলৈ উঠি যাওতে বাটতে লগ পাই সুধিলে অৰুণে। কাণ মুৰ গৰম হৈ গল সমীক্ষাৰ । ইমানদিনে বৰ্ণম আৰু তাইৰ গোপন সত্যটি অৰুণে জনাত নামহীন অভিমান জাগিল তাইৰ।
: তোমাক কোনে কলে ? উস্মাৰে সুধিলে সমীক্ষাই।
: মই শুণিছো মানে ।
নিলাজ হাঁহি এটাৰে সৈতে অৰুণে কিছু লেনিয়াই কোৱা কথাষাৰ মুঠেও ভাল নালাগিল তাইৰ । অলপো কথা আগনবঢ়োৱাকৈ কোবাকুবিকৈ ক্লাছৰুমৰ দিশে গল সমীক্ষা।
বেঞ্চখনত বেগটো অলপ জোৰকৈ থোৱাত পাছৰ বেঞ্চৰ পৰা মুৰ তুলি চালে বৰ্ণমে।
প্ৰভাতী কিৰণ পাই যেন অভিমানি কুৱলীৰ আচ্ছাদন ফালি সৰি পৰিল কেইটোপালমান নিয়ৰ। ইচ্ছা কৰিও সেই সজল চাৱনিৰ পৰা চকুযুৰি আতৰাবলৈ অক্ষম সমীক্ষা। তাইটো নাজানে বৰ্ণমৰ হৃদয়ত কোন আছে এতিয়া..নে সমীক্ষাৰ দৰে তাৰ হিয়াটো এতিয়া বাকী আছে তাইৰ বাবে অলপমান স্পন্দন।
কি নাম দিব তাই বৰ্ণমৰ দুচকুৰ গভীৰতাত ডুবি থকাৰ অভিলাষখিনিৰ !!
: কি চাই আছা তুমি ? মিতালীয়ে একপ্ৰকাৰে জোকাৰি দিলে সমীক্ষাক।
:একো নাই। তলমুৰ কৰি উত্তৰ দিলে তাই।
: তোমাৰ বাবে আজি মই পকৰী লৈ আহিছো।
বেগৰ পৰা টিফিন এটা উলিয়াই সমীক্ষাৰ হাতত তুলি মিতালীয়ে কলে।
: Oh Thank you . কিন্তু কিয় ? টিফিনটো দুহাত পাতি লৈ তাই কলে।
: তোমাক যে মোৰ বহুত ভাল লাগে । মিচিকিয়া হাঁহি এটা মাৰি মিতালীয়ে কলে।
মিতালীৰ দেউতাকৰ এখন সৰু চাহ পকৰীৰ দুকান আছে। বি.এ পঢ়া ছোৱালী সিহতৰ পৰিয়ালত তায়ে প্ৰথম । উৰুখা প্ৰজাৰে আকাশ চুৱাৰ হেপাহ তাইৰ.. অভাৱে জুৰুলা কৰিলেও ওঠঁত অনবৰতে লাগি থাকে হাঁহি এটি।
: মোৰ ফটোবোৰ থৈ দিবা হা। ফোন কিনিলে লৈ লম তোমাৰ পৰা । মিতালীয়ে পুণৰ কলে ।
: ঠিক আছে ।
প্ৰায়ে সমীক্ষাৰ ফোনটো লিৰিকি বিদাৰি একা বেকা ছেল্ফি লয় মিতালীয়ে। হয়তোবা তাৰেই বিনিময়ত তাইলৈ লৈ আহিছে এক টিফিন পকৰী।
' অফ টাইমত ঘুৰাই দিম হা '।টিফিনতো বেগত ভৰাই সমীক্ষাই কলে।
ইমান কম সময়তে ইমান আন্তৰিকতা..ভাল লাগে সমীক্ষাৰ ।
' ছেহ্...আমি কিন্ত নাখাও দেই '
সমীক্ষাৰ দিশে কৃত্ৰিম হাঁহি এটি মাৰি ফুচফুচাই পাতিলে নাচৰিণ , প্ৰিয়ংকাসতে।
*****
' বৰ্ণমে মেছেজ দিছে'
নন মেজৰৰ ক্লাছৰ বাবে পি.জি বিল্ডিংৰ ওছৰত ৰৈ থকা সমীক্ষাই খামুচি ধৰিলে তনয়াৰ হাতখন।
✍️Sangeeta Devi , jorhat
( Thank you for the love dear Readers !)
আগলৈ..
Comments
Post a Comment