জেবিয়ান..🦋 (খণ্ড -৭)
'বৰ্ণমে মেছেজ দিছে'
নন মেজৰৰ ক্লাছৰ বাবে পি.জি বিল্ডিংৰ ওছৰত ৰৈ থকা সমীক্ষাই খামুচি ধৰিলে তনয়াৰ হাতখন।
: কি দিছে ? তনয়াই চচমাযোৰ ঠিক কৰি সুধিলে।
" ক্লাছত কিয় চাই থাকা এনেকৈ। লাজ লাগে মোৰ "
সমীক্ষাৰ মেছেঞ্জাৰৰ কোঠালিত সেয়া আবতৰীয়া বাসন্তী মায়া।
' নাইটো...কেতিয়া চালো মই তোমালৈ ? '
সমীক্ষাই মিছা মাতিলে।
সেয়া তাই জানে..জানে বৰ্ণমেও।
: অহ..মোৰেই ভুল হল তেন্তে । বৰ্ণমৰ দ্ৰুত প্ৰতুক্তৰ ।
:হম ! সমীক্ষাৰ চমু উত্তৰ ।
আজি পলিটিকেল ছায়েন্সৰ ক্লাছত অলপো মন বহা নাই তাই। দূৰ অতীতৰ ধূসৰ প্ৰতিচ্ছৱি কিছুমান পাৰ হৈ যায় তাইৰ মানসপটেৰে।
সন্ধিয়া চাহ খাবলৈ বহি তাই মাক আৰু পঞ্চীক বৰ্ণমে মেছেজ দিয়াৰ কথা কয়। পঞ্চীয়ে ফোনটো লিৰিকি বিদাৰি পঢ়ি আছে মেছেজবোৰ। জটিলতাবিহীন জীৱন সিহতৰ..
মনৰ কথাবোৰ ভগাই লৈ সকলোৱে পাই এক সৰগী সুখ।
মনৰ মাজতে সমীক্ষাৰ আক্ষেপ.. আৰু এটা মেছেজটো দিব পাৰে সি।
ঠিক তেনেতে ফোনটো ভাইব্ৰেট হৈ মেছেঞ্জাৰত সোমালহি বৰ্ণমৰ আন এটি বাৰ্তা।
: ক্লাছত বেছিকৈ ঠাণ্ডা লাগে নেকি তোমাৰ ?
: কিয় ?
: ইমান ঠাণ্ডা লাগে যদি ছুৱেটাৰ এটা লৈ আহিবা লগত।
' ইস্... তোমাৰহে বৰ গৰম উঠিছিল সিদিনা '
মনতে ভাবে তাই।
বৰ্ণমৰ মেছেজটো দেখুৱাই পঞ্চীক সুধে তাই।
: কি ৰিপ্লাই দিও ?
: তোমাৰ দৰকাৰ নাই নহয় বুলি দে । পঞ্চীৰ উত্তৰ ।
: Rude যেন লাগিব তেনেকৈ কলে ..! সমীক্ষাৰ ক্ষীণ প্ৰতিবাদ।
: তেন্তে অলপ সজাই পৰাই ক'
পঞ্চীয়ে যেন জোকাই চালে তাইক অলপ !
তায়ো বায়েকৰ কথামতেই লিখিলে।
" You don't worry. I'm fine !"
:Okay বৰ্ণমৰ ৰিপ্লাই।
সেইনিশা বৰ্ণমৰএকে কেইটা মেছেজকে ঘুৰাই পকাই পঢ়ি থাকিল তাই বাৰে বাৰে।
********
প্ৰখ্যাত চাহ খেতিয়ক মুৰুলিধৰ বৰুৱাৰ ককাক বি.এ জগন্নাথ বৰুৱাৰ হেপাঁহ আছিল যোৰহাটত এখন কলেজ প্ৰতিষ্ঠাৰ।
সেই ইচ্ছাৰ আত ধৰিয়েই মুৰুলিধৰ বৰুৱাই বৰপাত্ৰ কুটীৰৰ সৈতে ১৫ বিঘা ১ কঠা ৬ লোচা মাটি প্ৰদান কৰিছিল কলেজৰ ব্যৱহাৰৰ বাবে ১৯৩০ চনৰ ১৫ আগষ্ট তাৰিখে।
ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয়খনৰ প্ৰথমে নাম দিয়া হৈছিল ,
' আপাৰ আছাম কলেজ'
দ্বিতীয়তে ' যোৰহাট কলেজ'
অৱশেষত১৯৩৯ চনত বি.এ জগন্নাথৰ স্মৃতিত কলেজখনত নাম দিয়া হয়
" জগন্নাথ বৰুৱা মহাবিদ্যালয়" ।
জে বি কলেজ হাজাৰ বিজাৰ জেবিয়ানৰ ৰঙীল স্বপ্নৰ বাটকটীয়া। দ্বাদশ শ্ৰেণীলৈকে কাঢ়া শাসনৰ মাজত পঢ়ি অহা সমীক্ষা , তনয়াসতৰ বাবে জে বি কলেজ এখন মুক্ত , স্বাধীন আকাশ । পাখি লগা কাড়ৰ দৰে আগুৱাই গৈছে ষান্মাসিক ব্যৱস্থাৰ সময়বোৰ। এফালে চেচ'নেল পৰীক্ষা , এছাইনমেণ্ট বা ছেমিনাৰ আনফালে কেম্পাচজুৰি ভৰি থকা বন্ধুত্ব , আড্ডা , ভালপোৱা , গঠনমুলক চৰ্চা। অডিটৰিয়াম , বৰপাত্ৰ কুটীৰ , ছেমিনাৰ হল , লাইফ ক্লাৱ, কেণ্টিন সকলোবোৰতে জেবিয়ান সকলৰ নানা বিষয়ক আলোচনা। এজাক প্ৰাণময় ডেকা গাভৰুৰ আহ যাহে মায়াময় কৰি ৰাখে আপনা বজাৰ , পপুলাৰ ষ্টৰ, ইটচৰ চৌদিশ। পদপথৰ ফুচকাৱালা , আইচক্ৰীমৱালা কেইজনৰ ওচৰত বগা চাৰ্ট আৰু গাঢ় নীলা কূৰ্তীৰ ভিৰ।
: দাদা জ্বলা অলপ বেছিকৈ..
: দাদা আৰু এটা দিয়ক না !!
ফুচকা খাই থকা যুৱতীসকলৰ চিৰপৰিতি আব্দাৰ।
তেনেতে এজনী ছোৱালীৰ চেণ্ডেলৰ ফিটা ছিঙে। এজাৰজোপাত ভেজা দি ৰয় তাই। বেগৰ পৰা উলিওৱা ছেফটি পিনটো কাঢ়ি লয় কাষতে ৰৈ থকা বিশেষ বন্ধু এজনে। প্ৰেয়সীৰ হাজাৰ বাধা নেওচি ফিটা ছিগা চেন্দেলপাতো হাতত তুলি লয় লৰাজনে আৰু পাৰ্গত মুছীৰ দৰে পিনটো লগাই দিয়ে ফিটাদালত। প্ৰেমিকাৰ মৰমসনা চাৱনিত তেতিয়া পাৰাপাৰহীন ভালপোৱা। দূপৰৰ বেলিটো মুৰত লৈ দুপিয়াই দুপিয়াই তাইৰ খোজে গতি লয় বৰুৱা চাৰিআলিৰ মুছীজনৰ দিশে...কাষতে ছাঁৰ দৰে সংগী হয় প্ৰেমাস্পদ।
তনয়া , পম্পীহতৰ সৈতে ফুচকা খাই থকা সমীক্ষাই দুয়োৰে অজ্ঞাতে চাই থাকে দুয়োকে। মহাবিদ্যালয় খন সাক্ষী হৈ ৰয় এনে হেজাৰ প্ৰেম কাহিনীৰ!!
*******
৫ চেপ্তেম্বাৰ২০১৫ , জে বি কলেজত শিক্ষক দিৱসৰ লগতে প্ৰতিটো বিভাগত উৎযাপন কৰা হয় ডিপাৰ্টমেণ্ট ডে। নৱাগতসকলক বিভাগলৈ আদৰাৰ আনুষ্ঠানিক দিন। তদুপৰি প্ৰাচীৰ পত্ৰিকাৰ প্ৰদৰ্শনী তথা প্ৰতিযোগিতা। উদুলি মুদুলি আজি জে বি কলেজ। অডিটৰিয়ামত শৃংখলাবদ্ধভাবে সজোৱা হৈছে ২২ টা বিভাগৰ প্ৰাচীৰ পত্ৰিকাৰ লগতে NCC , হোষ্টেল আৰু কেন্দ্ৰীয় পত্ৰিকা 'স্পন্দন'। RCC বিল্ডিংত প্ৰতিটো বিভাগকে প্ৰদান কৰা হৈছে একোটাকৈ কোঠালি। ছাত্ৰ ছাত্ৰী সকলে আটক ধুনীয়াকৈ সজাইছে কোঠাবোৰ । প্ৰাক্তন জেবিয়ান সকলো আহিছে শিক্ষাগুৰু সকলৰ আশিষ লবলৈ।
সদায় ইউনিফৰ্মত দেখা ছিনিয়ৰ বা সকল আজি ভিন্নৰঙী চাদৰ মেখেলাৰে সৈতে ন ৰূপত।
নতুন সকলৰ বাবে নিদ্ধাৰণ কৰা হৈছে গাঢ়নীলা পাৰী থকা বগা চাদৰ মেখেলা।
ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ফটোৰ সন্মুখত চাকি ধূপ জ্বলাই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ'ল। শিক্ষক সকলৰ লগতে অধ্যক্ষ ছাৰেও প্ৰতিটো বিভাগ পৰিদৰ্শন কৰি শিকাৰু সকলক উপদেশমুলক ভাষণ দিয়ে।
তাৰ পাছতেই নৱাগতসকলক চিনাকি পৰ্বৰ আৰম্ভ হয়...কিছু ৰং ৰহইছ , মাৰ্জিত ধেমালিৰ পয়োভৰ , মাজে মাজে নৃত্য..গীত।
RCC বিল্ডিংৰ কোঠালিয়ে কোঠালিয়ে উৎসৱমুখৰ পৰিৱেশ।
একেলগে বহি কথা পাতি থকা ছিনিয়ৰ সকলৰ লগত ক্ৰমে সহজ হৈছে সমীক্ষাহত। পুৰ্ৱৰ আলহীসদৃশ সংকোচবোৰ আতৰিছে লাহে লাহে।
চিনাকি পৰ্ৱ শেষ হোৱাৰ পাছত লীমা , নাচৰিণহতৰ লগত অডিটৰিয়ামৰ ফালে উলাই আহিল সমীক্ষা। RCC 101 নং কোঠাৰ সন্মুখতে বৰ্ণম আৰু বন্ধুবৰ্গৰ লগত মুখামুখি হল সিহত। হয়তোবা বৰ্ণমে প্ৰথমবাৰলৈ চাদৰ মেখেলাৰে সৈতে দেখিছে তাইক। সমীক্ষাৰ খোজত অহেতুক আউল লাগিল..!
: মিছ মেলেৰিয়া।
সিহতৰ মাজৰে কোনোবাই কোৱা শুণিলে তাই।
কিছুদিন আগৰ ফেনকেন্দ্ৰীক সংঘাট খিনিৰ বাবেই কলে হয়তো তেনেকৈ।
: ইমান দুষ্ট ইহত ! লীমাই সৰুকৈ কলে।
অডিটৰিয়াম পোৱালৈকে অব্যাহত থাকিল সমীক্ষাৰ হৃদয়ত কম্পন এটি ।
আগলৈ..
✍️Sangeeta Devi, Jorhat
( Sending love to all the Readers!❤️)
Comments
Post a Comment