জেবিয়ান..🦋 (খণ্ড -১৫)

 পুৱা পাচবজাতে তিনিআলিত ৰোৱা নাইট ছুপাৰ খনৰ পৰা নামিল পঞ্চী সমীক্ষাৰ দেউতাক । দুয়োজনীয়ে আগবঢ়াই নিবলৈ নামঘৰৰ ওছৰ পালেহি । লগত মিমু মিকু ...সমীক্ষা পঞ্চীৰ দৰে সিহতৰো ফুৰ্তিৰ অন্ত নাই যেন । কেতিয়াবা দুয়োজনীৰ আগে আগে , কেতিয়াবা পাছত গৈছে । দুৰ্বোধ‍্য ভাষাৰে কথাও পাতিছে দুয়োটাই । দেউতাক অহাৰ লগে লগে সলনি হৈ যায় সমগ্ৰ ঘৰখনৰে পৰিৱেশ । সিহতে যে নিছেই কমদিনৰ বাবেহে লগ পাই তেওঁক । বয়স পাহৰি আকৌ সেই কণমানি ছোৱালী দুজনী হৈ পৰে যেন ।

সৰুতে যে দেউতাকৰ মাতষাৰো শুণা নাপায় সিহতি । এতিয়াহে ফোনতোৱে বহুদুৰ কাষ চপাই আনিছে সকলোকে । দুৰত থাকিও কাষতে পোৱাৰ দৰে । আগতে যে দেউতাকৰ চুটিৰ শেষত কিমান কান্দিছিল দুয়োজনীয়ে..তথাপি জানো এজন প্ৰতিৰক্ষা বিভাগৰ কৰ্মীয়ে নিজৰ কতৰ্ব‍্য পাহৰি হেৰফেৰ কৰিব পাৰে এদিনৰো চুটি । বহুতে মাকক উপদেশ দিছিল দেউতাকৰ লগত চাকৰিৰ ঠাইত  থাকিবলৈ । কিন্তু মাকৰো অটল সিদ্ধান্ত ...বছেৰেকৰ মুৰে মুৰে টেঞ্চফাৰ সুত্ৰে সলনি হব দেউতাকৰ কৰ্ম স্থান । তেওঁ বুজিছিল ছোৱালী দুজনীক বাৰে বাৰে স্কুল ,বন্ধু সলনি কৰিলে হয়তো সমস‍্যা হব পাৰে পৰিবেশৰ সৈতে খাপ খাবলৈ ।

: দেউতা ...
দুহাতে দুটা বেগ ডাঙি অনা দেউতাকক সন্মুখত দেখাৰ লগে লগে উজলি উঠিল দুয়োজনীৰে মুখ ।

: বেগকেইটা আমি ধৰো দিয়া । দুয়োজনীয়ে আগবাঢ়ি গৈ কলে ।

: নালাগে নালাগে ...মই পাৰিম ।

সিহতক আলাসতে ডাঙৰ কৰিব বিছাৰে মাক দেউতাকে। যেন অলপো শ্ৰম কৰিবলৈ নিদিব । নিদিব এটা পৰুৱায়ো চুবলৈ !!

দেউতাকক বহুমাহৰ পাছত পাই ফৰমাইচ্ শেষ নহয় সিহতৰ । ডাইনিং টেবুলত বহি শেষ নোহোৱা কথা মাক , পঞ্চী আৰু সমীক্ষাৰ ।

: আমাক কিন্তু এইবাৰ গল্ফ ৰিজৰ্ট নিব লাগিব তুমি ।
সমীক্ষাৰ আব্দাৰ ।

: নাই তালৈ পাছত যাম । সদ‍্যহতে চ‍্যুকাফা ক্ষেত্ৰখন চাই লও। পঞ্চীয়ে কয় ।

:আঠ বাজিল দেই । তহতি কলেজ যাবি নাই ?

পাকঘৰৰ পৰা সোৱৰাই দিয়ে মাকে । আজি যে অলপো মনেই যোৱা নাই দুয়োজনীৰে দেউতাকক এৰি যাবলৈ । কিন্তু কাইলৈৰ পৰা সমীক্ষাৰ ছেছ'নেল পৰীক্ষা । আজি প্ৰথমবাৰলৈ আনয়া বাইদেৱে ক্লাছ লব সিহতৰ , সেয়ে যাবই লাগিব । লৰালৰিকৈ ৰুমত সোমাই সাজু হয় সমীক্ষা ।

কলেজ অহা যোৱা কৰা বাটতো  সলনি হৈছে । ফ'ৰ লেণ্ডৰ যান্ত্ৰিকতাই নিষ্ঠুৰভাবে কাঢ়ি নিছে সেউজীয়াবোৰ এফালৰ পৰা ...নোহোৱা হৈছে পলাশৰ ৰঙাবোৰ !  ফাগুনে বিদায় লোৱাৰ পাছতো ধুলিত পোট খাই আছে ৰাস্তাৰ দাতিৰ অট্টালিকাবোৰ ।

কলেজ গেট পাৰ হৈয়ে আজিকালি সমীক্ষাই বাইক ষ্টেণ্ডত বিছাৰি ফুৰে এখন বিশেষ নাম্বাৰ প্লেট ।

" AS - 03
M - 3379 "

: ভণ্টি ভালনে তোমাৰ ?

সেইঠাইতে মূন্মী বায়ে লগ পাই সুধিলে তাইক ।

: ভালেই বা । তোমাৰ ?

বাইক ষ্টেণ্ডৰ পৰা মুৰ ঘুৰাই হাঁহি মাৰি সুধিলে সমীক্ষাই ।

: ভাল দিয়া । পিছে হাতে লিখা আলোচনীলৈ কিবা এটা লিখিছা নে ?

: লিখিছো ।

: কালিলৈৰ ভিতৰত দিবা দেই ।

: ঠিক আছে ।

সমীক্ষাৰ পৰা বিদায় লৈ মুন্মী বা পি জি বিল্ডিংৰ দিশে গল , সমীক্ষাই খোজ ললে  RCC বিল্ডিংৰ দিশে ।

:  ইমানুৱেল কান্টক মই বৰ ভাল পাওঁ । কলেজত জইন কৰাৰে পৰা ময়েই পঢ়াই আহিছো তেওঁৰ প্ৰতিটো টপিক । এতিয়াও দেখিছা গাটো অলপ বেয়া যদিও মনৰ জোৰতে আহিছো ।

আনয়া বাইদেৱে কলে । 
তেওঁ ভাল পায় কান্টৰ দৰ্শন ;
যিদৰে সমীক্ষাই ভাল পায় গৌতম বুদ্ধৰ বাণী ।

: ইনেও মোৰ তোমালোকৰ মাজত বৰ বেছি দিন নাই ।
বাইদেৱে পুণৰ কলে।

: ওৱা ... তেনেকৈনো কিয় ভাবিছে আপুনি ?

বৰ্ণমহতৰ বেঞ্চৰ পৰা পিংকুৱে কলে । এইবাৰ বাইদেৱে মিছিকিয়া হাঁহি এটা মাৰি কলে ।

:মই ৰিটায়াৰ্দ হোৱাৰ কথাহে কৈছো । তুমি কি ভাবিলা অনন্ত ধামৰ কথা ।

সমগ্ৰ ক্লাছতোতে এচেৰেঙা মৃদু হাঁহিৰ প্ৰতিধ্বনি ।

বাইদেউ এগৰাকী জীৱনক উপভোগ কৰা ব‍্যক্তিত্ব । বয়স তেওঁৰ বাবে  এটি সংখ্যা মাধোন । পঞ্চীৰ লগতে একেখন সংগীত বিদ‍্যালয়তে  তেওঁ  নতুনকৈ ভায়'লিন শিকা বুলি কৈছিল তাইক পঞ্চিয়ে এবাৰ। বয়সৰ দোহাই দি বহু কামৰ পৰা বিৰত থকা মানুহবোৰৰ বাবে আদৰ্শ হব পাৰে আনয়া বাইদেউ !

: বাৰু । পৰীক্ষাবোৰ ভালকৈ দিবা তোমালোকে । আজি আৰু ক্লাছ নহয় ।
বেল পৰাৰ পাছত বুজাবলৈ এৰি বাইদেৱে কলে ।

ষান্মাসিক ব‍্যৱস্থাৰ পৰীক্ষাবোৰক লৈ অভিমানৰ অন্ত নাই সকলোৰে । বিহু , পুজা অথবা দীপাৱলী একো এটাকে হিয়া উজাৰি উপভোগ কৰিবলৈ নিদিয়ে ।

তিনিআলিৰ পৰা সমীক্ষাহতৰ ঘৰলৈ জুবিনদাৰ  মন যায় গানটো প্ৰায় শেষ হৈ যোৱাৰ সমান বাট । মানুহবোৰৰ বাৰীত আমে মৰলিয়াইছে , কঠালে মুচী পেলাইছে । তাৰে ডালত বহি বসন্তৰ বাতৰি আনিছে কুলিজনীয়ে । পথৰ দাতিত শাৰী শাৰীকৈ থকা ধপাত তিতাঁ বোৰত ফুল ধৰিছে ...বগা আৰু ৰঙাৰ সংমিশ্ৰিত পাহিৰে সৈতে । কিযে মিঠা সুবাস পাহিবোৰৰ । সমীক্ষাই আলফুলে অকনমানি পুলি এটা লৈ আহে ঘৰত ৰুৱলৈ বুলি ।

                        ******

: আজি মোৰ বাৰ্থডে ।
বৰপাত্ৰ কুটীৰৰ সন্মুখত এক্সাম ৰুমটো চাই কেমেস্ট্ৰী গেলাৰীৰ দিশে গৈ আছিল সমীক্ষা । বাটতে লগ পাই অৰুণে কলে ।

: অহ্ হয়নেকি? হেপ্পী  বাৰ্থ ডে ।

: থেংক ইউ ।

তাইৰ দিশে কৰমৰ্দনৰ বাবে হাতখন আগবঢ়াই অৰুণে কলে । অনিচ্ছা সত্বেও সমীক্ষাই হাতখন আগবঢ়াই দিলে । অন‍্যথ‍্যাই যে সতীৰ্থসকলৰ আগতে লজ্জিত হব অৰুণ । কিন্ত প্ৰায় সাত ছেকেণ্ডমানলৈ সি হাতখন ধৰি থকাত জোৰকৈ অৰুণৰ মুষ্টিবন্ধনৰ পৰা নিজকে মুক্ত কৰি কোবাকুবিকৈ কেমেষ্ট্ৰি গেলাৰীলৈ সোমাই গল তাই । ইফালে সিফালে চাই বৰ্ণমক বিছাৰিলে এবাৰ ... অৱশ্যে সি তাই বহা বেঞ্চখনৰ পাছতেই বহি আছিল।  কি এক সৰগী সুখ এয়া ..তাইৰ নিচেই  কাষতে বৰ্ণম !

:খুউব পঢ়িছা ন ? চকু ফুলি আহিছে তোমাৰ ।
আনটো Raw ৰ পৰা ড্ৰিমীয়ে মাতিলে ।

: নাই পঢ়া ইমানো । দেতা অহাৰ বাবেহে শোৱাটো খেলিমেলি হৈছে বেছিকৈ ।

সমীক্ষাই ড্ৰিমীলৈ উভতি চাই কলে । আগলৈ পৰি থকা চুলিৰ ফাকেৰে দেখিলে তাই বৰ্ণমে অলপ বেকা হৈ জুমি চাইচে তাইৰ মুখখন । হয়তোবা ড্ৰিমীৰ কথাষাৰ শুণিয়ে সমীক্ষাৰ দুচকুত সি বিছাৰি ফুৰিছে উখহাৰ চিন।

: All the Best বৰ্ণম ।

মনতে ভাবিলে তাই ।
মুখফুটাই তাক এটা কব নোৱাৰে সমীক্ষাই ..সেই শব্দহীনতাৰ যাতনাই দহি থাকে তাইক অহৰহ ।
দহ বজাৰ লগে লগে চিৰপৰিচিত হাঁহিতোৰ সৈতে সোমাই আহিল শিৱানী বাইদেউ।  ইতিমধ‍্যে বেঞ্চখনৰ আনটো মুৰত থকা ঋষিৰ সৈতে ঠাইখিনি সলাই লৈছে বৰ্ণমে ।

'মোৰ সতে একেটা চাইডতো নবহে মানে '

: সমীক্ষা তোমাৰ পানী বটলতো দিয়া । প্ৰথম প্ৰশ্নটোৰ উত্তৰ লিখি থাকোতেই পাছৰ বেঞ্চৰ পৰা ফুচফুচাই মাতিলে ঋষিয়ে ।

: লোৱা ।

হাৰ্ড বৰ্ডখনৰ কাষতে থকা পানীবটলতো তাই আগবঢ়াই দিলে ঋষিৰ দিশে ।

: পানী অলপ মোকো দে । আনটো মুৰে বহি থকা বৰ্ণমৰ মাতষাৰ শুণিলে তাই ।

: হো ল'...সোনকালে খা ।
সমীক্ষাৰ বটল হয় ৰিটাৰ্ণ কৰি দিব লাগিব ।

ঋষিৰ শেষৰ কথাকেইটা শুণি বটলতোৰ সাফৰ খুলিও ৰৈ যায় বৰ্ণম ।

: নাখাও তেন্তে ! ঋষিক বটলতো উভোতাই দি বৰ্ণমে কলে ।

: আৰে খা ..খা । একো নহয়

: নালাগে !

ৰেনে ডেকাৰ্টৰ বুদ্ধিবাদী তত্ব লিখি থকা সমীক্ষাই কলমটো চেপা মাৰি ধৰিলে ।

' ইস্ ...মোৰ পানীখিনিয়েনো কি জগৰ লগালে তোমাৰ । "
ভাবি থাকে তাই । এতিয়াই যেন বটলতো তাৰ দিশে আগবঢ়াই ৰঙা চকু দেখুৱাই কৱ ।
" খাবই লাগিব " বুলি।
বৰ্ণমৰ এনে অভিমানৰ কাৰণ অনুধাৱন কৰিব পৰা নাই তাই ।
কিয়নো এই অবুজ ৰাগ ... কেনেবাকৈ অৰুণৰ সতে হেণ্ডছেক তোৱেই ইয়াৰ শিপা নেকি বাৰু ? ভাবি ভাবি উলিয়াই তাই ।

: সমীক্ষা...Any problem .Only 10 minutes left !

শিৱানী বাইদেউৰ কথাষাৰে ক্ষীপ্ৰগতিত বাস্তবলৈ উভোতাই আনিলে তাইক ।

: একো নাই বাইদেউ ।

তলমূৰ কৰি উত্তৰবহীত মনোযোগ দিলে তাই । মন পখী আকুলি বিকুলি !!

এঘণ্টাৰ বিৰতিৰ পাছতে আকৌ নন মেজৰৰ পৰীক্ষা আছে । ততাতৈয়াকৈ সমীক্ষাই বিভাগীয় কোঠাত বহি থকা পল দাক হাতে লিখা আলোচনীৰ বাবে লেখা এটা দিবলৈ যায়  । পৰীক্ষাৰ লগতেই চলি থাকে কলেজখনৰ বিভাগে বিভাগে বৌদ্ধিক আখৰা ..এইদৰেই ।

: ভাল লিখিছা । পল দাই ওপৰে ওপৰে চকু ফুৰাই কলে ।

:Thank you দাদা ।

:আৰু শুণা । পলদাৰ মাতত উলাই আহিব খুজিও ৰৈ যায় সমীক্ষা ।

: কওক...

: লাইফ ক্লাবৰ পৰাও ই - মেগাজিন এখন ওলাব । তাতো লেখা এটা লাগিবই কিন্তু।

: ঠিক আছে বাৰু । আহো ।

সমীক্ষাৰ ভাললাগে ছিনিয়ৰসকলৰ এনে মৰমসুলভ দাবীবোৰ । ৰুমটোৰ পৰা ওলায়েই পুখুৰীৰ পাৰতে বহি থকা মিত্ৰাৰ কাষত বহিলগৈ তাই । আজিকালি সাংঘাতিক অন‍্যমনস্ক হৈ থাকে ছোৱালীজনী । আয়ুবে যেন কাঢ়ি নিলে তাইৰ চঞ্চলতাবোৰৰ এছোৱা ।

: Exam কেনেকুৱা হৈছে তোৰ ? সমীক্ষায়ে বাৰ্তালাপ আৰম্ভ কৰিলে ।

: ভালেই আৰু । মিত্ৰাৰ চমু উত্তৰ ।

: অই.. তাক দেখিছিলি নেকি ? মুহূৰ্তৰ বিৰতিৰ পাছত পুণৰ সুধিলে মিত্ৰাই ।

: নাইদেখা । আজি আৰু এক্সাম নাই চাগে আয়ুবৰ ।

: অহ...এনেকুৱা কিয় কৰিলে বাৰু সি ?

: সিহে জানিব । কিছুমান মানুহ তেনেকুৱাই ।

: ইমান বেছি ভালপাইছিলো মই !!

: তই হামাৰী আধুৰি্ কাহানী খন চাইচ' নে ? তাৰ যে টাইটেল ট্ৰেকটোত এটা লাইন আছে Ishq Sacccha wohi jisko milti nahi manjile বুলি...

: উম... মিছিকিয়া হাঁহি এটাই খেলাই গল মিত্ৰাৰ মুখমণ্ডলত । সংগীতৰ সচাকৈয়ে থাকে মোহিনী শক্তি ।
: মনটো অলপ পাতল লাগিছে এইষাৰ কথা শুনি । Thank you !

মিত্ৰাই কলে । হুমুনিয়াহ এটি উজাই আহে সমীক্ষাৰ বুকুৱেদি ...ইমান সহজ আনক বুজনি দিবলৈ ! সিমানেই যে কঠিন নিজেই নিজকে বুজাবলৈ ।

আবেলি সমীক্ষাহতৰ সকলোবোৰ সাজু হৈছে চ‍্যুকাফা ক্ষেত্ৰলৈ যাবলৈ । গাড়ীত সদায় খিৰিকীৰ কাষতে বহি ভাল পায় সমীক্ষাই । তাইৰ ভাল লাগে কাণৰ কাষৰ চুলিখিনিৰ সতে বতাহৰ কথকথা ! ৰাবাৰ বেণ্ডডালে বান্ধি ৰখা চুলিকোচা মুক্তকৰাৰ বতাহজাকৰ আপ্ৰাণ প্ৰয়াসবোৰ । এইবাটেৰেই এসময়ত টিউচন কৰিবলৈ আহিছিল তাই । ঠিক এই দলং খনৰ কাষতেই আছিল টিউচন চেন্টাৰটো আৰু এজোপা শিমলু !!

" ভালপাওঁ তোমাক "

দলংখনৰ কাষতে কৈছিল বৰ্ণমে , শিমলুজোপাৰ তলতে , সেই শিমলুজোপাছোন এতিয়া নাই।
সমীক্ষাই সামান‍্য খিৰিকীখনে মুখ উলিয়াই  চালে। এই ঠাইৰে যে বলুকাত মিহলি হৈ আছে তাইৰ জীৱনৰ এটি জীয়া নষ্টালজীয়া !
                       *******
আগলৈ ..

✍️Sangeeta Devi , Jorhat 

(সকলোলৈকে মৰম❤️)

Comments