জেবিয়ান..🦋 (খণ্ড -১৬)
:ভাল পাঁও তোমাক ।
দলংৰ পাৰখন তেতিয়া তিতাই ৰাখিছিল শিলমু তুলাৰ শুভ্ৰ পাহিয়ে । একেটা স্পীডত আহি আছিল দুখন চাইকেল , এখন হিৰ' আনখন মিছ ইণ্ডিয়া । হৰ্থাৎ বৰ্ণমে কোৱা কথাষাৰত পেডেলৰ পৰা সৰি পৰিব খুজিলে তাইৰ ভৰি এটা ।
: কি হল একো নকলা যে ।
বৰ্ণমে পুণৰ কলে । সমগ্ৰ টিউচন চেণ্টাৰতোতে কাৰোৰে বাবে হয়তো অজান নাছিল দুয়োৰে মনৰ কথা ।
তথাপি কিয় একো কব পৰা নাই সমীক্ষাই । দুয়োজনী জীয়াৰীক সম্পূৰ্ণ বিশ্বাস কৰা মাকৰ মুখখন ভাহি আহিল মনত ।
: কিবা এটা কোৱা ...
আকৌ এবাৰ কলে বৰ্ণমে । অজানা শংকাত দুগাল ৰঙা পৰিল সমীক্ষাৰ।
: অলপ সময় দিবানে মোক ?
সেপ ঢুকি কলে তাই ।
: Fine ! বৰ্ণমৰ মাতষাৰত লাগি থাকে কিছু অভিমান কিছু কঠোৰতা
********
সমীক্ষা আৰু পঞ্চীৰ ফাইনেল পৰীক্ষা একেদিনাই আৰম্ভ হৈছিল । সমীক্ষা ৰ কালি পৰীক্ষা শেষ হৈছে আৰু পঞ্চীৰ আজি আগবেলা আছে শেষৰতো পৰীক্ষা ন' বজাৰ পৰা বাৰ' বজালৈ । বায়েক পৰীক্ষা লৈ ওলাই যোৱাৰ পাছত বাৰাণ্ডাতে বহি সমীক্ষাই পঢ়ি আছে ৰীতা চৌধুৰীৰ 'এই সময় সেই সময় ' ।
উপন্যাসৰ পৃষ্ঠাত এবাৰ সোমোৱাৰ পাছত সমীক্ষাই প্ৰায় পাহৰি যায় চৌপাশৰ পৃথিৱীৰ অস্তিত্ব । চৰিত্ৰ বোৰে চকুৰ আগত দোলা দি থাকে তাইৰ । প্ৰায় ডেৰ ঘণ্টা একেৰাহে সমীক্ষাই পঢ়ি আছে কিতাপ খন । তেনেতে গেট খুলি সোমাই আহিল পঞ্চীৰ স্কুটী । কাষতে থকা ফোনটোত সময় চালে সমীক্ষাই । বাৰ বাজিবলৈ এতিয়াও বহুত সময় বাকী । পঞ্চী ইমান সোণকালে কেনেকৈ পালেহি।
: অ মা ...বা দেখোন পালেহিয়ে ।
সমীক্ষাৰ মাত শুণি ভিতৰৰ পৰা উধাতু খাই আহিল মাক ।
:মাজনী..ইমান সোণকালে যে ?
দোষী দোষী মনোভাৱেৰে গ্ৰীলখন ঠেলি বাৰাণ্ডালৈ সোমাই আহিল পঞ্চী ।
: ডাঙৰ কথা এটা হল !
পঞ্চীয়ে মৃদু স্বৰত কলে ।
: কি হল ?
মাক আৰু সমীক্ষাই উৎকণ্ঠাৰে সুধিলে ।
: আছলতে মোৰ ৰুটিন খন চোৱা ভূল হল । এক্সাম কালিহে আছিলে ।
কন্দুৱামুৱা হৈ পঞ্চীয়ে কলে ।
: তাৰমানে তোৰ এইটো semester ৱেষ্ট ?
: অহ .. নেক্স ইয়েৰ এটা এক্সাম আকৌ দিব লাগিব। কিমান দুখ লাগিছিল জানা ? ষ্টেচনলৈ গৈ ট্ৰেইন এখনত উঠি কৰবালৈ গুচি যাম বুলি ভাবিছিলো ।
পঞ্চীয়ে তলমুৰকৈ কলে ।
: তাৰপাছত ? পঞ্চীৰ কথাবোৰ একেথৰে শুণি থকা সমীক্ষাই সুধিলে এইবাৰ ।
: মায়ে দিয়া বজাৰকেইটা কৰিব আছিল যে সেই কাৰণে গুচি আহিলো ঘৰলৈকে ।
মাক আৰু সমীক্ষা লৈ পেন্দুৱাকৈ চাই পঞ্চীয়ে কলে ।
: লগতে স্কুটিখনো আছিল যে ...
ইমানপৰে মনে মনে থকা মাকে মিচিকিয়াই হাঁহিলে এইবাৰ ।
: হব দে যি হল হল আৰু । এনেকৈ ঘৰ এৰি যোৱাৰ কথা আকৌ ভাবিলে মাৰ হে পাবি ।
জীৱনৰ জটিলতম কথাবোৰৰ সৰলীকৰণ কৰিব জানে সিহঁতৰ মাকে । সমস্যাবোৰ একাষৰীয়া কৰি জীৱন জীয়াৰ মন্ত্ৰ জানে তেওঁ ... পৰাপক্ষত কথাবোৰ বিছৰাৰ দৰে কিয় নহল সেয়াও বিচাৰ কৰি নাথাকে । হয়তো সেইবাবেই দুয়োজনীয়ে কিবা ভূল কৰিলেও নিসংকোচে মাকক কব পাৰে ।
: মই চাহকে বনাও ৰহ ... তোকযে নাৰিকলৰ বিস্কুট তোৰ কথা কৈছিলো আনিলি নাই ?
মাকে আকৌ সুধিলে ।
: আনিছো ...স্কুটীতে আছে ।
: সোণজনী বেগটো আনগৈ যা । মই চাহ বঢ়াওগৈ ।
মাজনী তই দুখ কৰি নাথাক । আবেলি বাৰু কেক বনাই খুৱাম ।
মাকে পঞ্চীৰ গালে মুৰে হাত ফুৰাই কলে । ইমান পৰে কিছু অসহজবোধ কৰি থকা পঞ্চীয়ে মিছিককৈ হাঁহি দিলে ।
মাকৰ এই সৰলতা সাহস সমীক্ষা আৰু পঞ্চীৰ ..
জীৱন তপ্ত বাটৰ যেন শীতল ছা ;
সিহতৰ মাক ।
: সমীক্ষা..
ৰাতি প্ৰায় দহ বজাত বিছনাত পৰি ফোনটোৰ ডাটা কানেকশ্বন অন কৰিছিল তাই । বৰ্ণমৰ মেছেজটোৱে মনটো ভাল লগাই দিলে ।
: কোৱা .. এক্সাম কেনেকুৱা হল তোমাৰ ?
: কলেজ এৰি দিলো জানা ।
: কি ...?
কোনোবাই বৈদ্যুতিক তৰংগ এদাল সৰ্বশৰীৰতে লগাই দিয়াৰ জীকাৰ খাই উঠিল সমীক্ষা ।
এনেকৈয়ে গুচি যাব পাৰেনে সি ?
এবাৰো তাইৰ কথা নভবাকৈ !!
: ধেমালি কৰিছা তুমি ।
: নহয় । সচা কথা ।
: কিয় বৰ্ণম ? ডিগ্ৰী আধাতে এৰি যায় নেকি কোনোবা ।
বৰ অসহায় লাগিছে সমীক্ষাৰ ..
বৰ অসহায় !
: NC , Back ৰ ভৰ সহিব নোৱাৰিলো আৰু । গুৱাহাটীতে সৰু জৱ এটা পাই গুচি আহিলো ।
: মোৰ পৰা কিবা হেল্প লৱ পাৰিলাহেতেন ..নকলা কিয় ?
: তুমি কি মোৰ বাবে প্ৰক্সি লগাব পাৰিলা হেতেন ?
: নোট লব পাৰিলা হেতেন , কিবা থিয়ৰী বুজি পোৱা নাছিলা যদি কবটো পাৰিলা হয় !!!
সুতীব্ৰ অভিমান মিহলি মেছেজটো চেণ্ড কৰিলে তাই বৰ্ণমলৈ ।
ৰিনিকি ৰিনিকি মনত পৰিছে তাইৰ ...ছেছ'নেল পৰীক্ষাৰ শেষৰ দিনা অডিটৰিয়ামৰ কাষত ছকামকাকৈ দেখিছিল বৰ্ণমক । তাৰমানে সেয়াই শেষ দেখা । তাইটো শেষ বুলি তাক এবাৰ প্ৰাণভৰি যোৱাকৈ চোৱাৰো সুযোগ নাপালে ।
: আকৌ কেতিয়াও নাহা জেবি কলেজ ?
: কি কৰিমনো গৈ ? ওলোতাই সমীক্ষাকহে প্ৰশ্ন কৰিলে সি ।
হথাতে নোহোৱা হোৱাৰ স্বভাৱ পুৰণি তাৰ ... অহেতুক দুচকুৰে লোতক বৈ আহিল সমীক্ষাৰ ।
: তুমি অলপ Change হবা দেই । কাৰোবাৰ মন ভাল লগাবলৈকে ইচ্ছাৰ বিৰুদ্ধে গৈ কাম কিছুমান নকৰিবা । নিজৰ কাৰণে ষ্টেণ্ড লবলৈ শিকিবা।
হয়তোবা বৰ্ণমে বুজিছিল সিদিনা অনিচ্ছাসত্বেও সমীক্ষাই অৰুণক হেণ্ডশ্বেক দি অপ্ৰস্তত হোৱা কথাষাৰ । সমীক্ষাই নকলেও তাইৰ মনৰ ভাব বুজিবলৈ সক্ষম বৰ্ণম ।
: ঠিক আছে বৰ্ণম .. হেপ্পী থাকা তুমি সদায় ।
এতিয়া যে শুভকামনা দিয়াৰ বাহিৰে আন কোনো গত্যন্তৰ নাই সমীক্ষাৰ ।
কৱ পাৰিবনে তাক উভতি আহা বুলি...স্বাৰ্থপৰৰ দৰে ।
: তুমিও হেপ্পী থাকিবা ।
: You happy ..I will be automatically happy .
ফোনৰ ডিছপ্লেত সমীক্ষাৰ আদৰুৱা স্পৰ্শ । বিছৰা দৰে একো লিখিব নোৱাৰাকৈ কপিছে তাইৰ আঙুলি বোৰ ।
: অৰুণ সতৰ পৰা দুৰত থাকিবা পাৰিলে । ভাল লৰা নহয় সি !
বৰ্ণমে পুণৰ মেছেজ দিলে তাইলৈ ।
" তুমি কৈছা যেতিয়া মুৰ তুলিও নাচাও তালৈ "
কব খোজে সমীক্ষাই ...নোৱাৰে কৱ।
কিবা এটাই সী ৰাখে দুহাত ।
: ঠিক আছে । মুহূৰ্তত যতিৰ পাছত বৰ্ণমলৈ চেণ্ড কৰিলে মেছেজ ।
: এতিয়া শুই থাকা .. তোমাৰ শুৱাৰ টাইম মিছ হৈছে ছাগৈ ।
সময় তেতিয়া দুপৰ নিশা ।
: Thank you বৰ্ণম । তুমি গুচি যোৱা বুলি খবৰটো দিলা । নহলে কিজানি কলেজত তোমাক বিছাৰি পাগল হলোহেতেন মই !!
বৰ্ণমলৈ মেছেজটো লিখিও মোহাৰি থয় তাই । তাৰ বিপৰীতে টাইপ কৰে ' গুড নাইট্' বুলি ।
আকাশত তেতিয়া মৰজোন..আউসীৰ ঘিটমিটীয়া আন্ধাৰ । সমীক্ষাৰ মন প্ৰজাতো চপৰা চপৰে কলীয়া ডাৱৰ ।
পদুলি মুৰৰ শেৱালি জোপাত বহি কেতেকী এজনীয়ে বিনাইছে ...মাজৰাতি কেতেকীৰ হিয়াভগা মাত জীৱনত প্ৰথম বাৰলৈ শুনিছে সমীক্ষাই । তাইৰ দুচকুত নিদ্ৰাহীনতা ... ! নিশাটোৰ বাবে এটা পলক নেপেলোৱাকৈ মাধো বাগৰ সলাই থাকিল তাই ।
******
আগলৈ..
✍️Sangeeta Devi , Jorhat
( Thank you dear Readers❤️)
Comments
Post a Comment