আধা মিনিটৰ গল্প #খোচ


প্ৰখৰ ৰ'দৰ তাপত লেৰেলি যোৱা টাবৰ পাতজাতীয় গছকেইজোপাত অলপ অলপকৈ পানী চটিয়াই আছিল শৰ্মানীয়ে । তেনেতে প্ৰতিবেশী শইকীয়ানী আহি তেওঁলোকৰ পদুলিত ৰলহি 

: ফুলত পানী দিছে নেকি ?

: হয় বাইদেউ । হাঁহি এটি মাৰি শৰ্মানীয়ে কলে । 

: ভাল এইবোৰৰ সতে ব‍্যস্ত হৈ থাকিব পাৰে আপুনি । অৱশ্যে ছোৱালী থকা ঘৰ। অলপ ৰমক জমক হৈ থাকিলেহে বাটৰুৱাৰ চকু যাব ।

শৰ্মানীৰ দুহিতা দুজনীক লৈ খোচ মৰাৰ কোনো সুযোগেই এৰিব নিবিচাৰে শইকীয়ানীয়ে । তেওঁৰ কথাবোৰত অলপো গুৰুত্ব নিদি একান্তমনে শৰ্মানীয়ে অপতৃণবোৰ গুচাই আছে ।

: মইটো পাকঘৰৰ পৰা আজৰিয়ে নাপাওঁ। লৰাৰ ফৰমাইচ্ শেষেই নহয় । পুৱা আলু পৰাঠা বনাই দিছো জানেনে ? দুপৰীয়া বিৰিয়ানী খালে । ৰাতিলৈ বোলে আকৌ এগ কাৰী লাগে ‌।
আপোনাৰ ছোৱালী যেতিয়া চিন্তা নাই। তিনিও বেলা পইঁতা দিলেও আপত্তি নাই চাগে ? 

শৰ্মানীৰ দিশে শইকীয়ানীৰ দ্বিতীয়টো খোচ । 

: লৰা বা ছোৱালী বুলি কথা নাই । এই গৰমত ৰান্ধনীজনীৰ কষ্ট বুজি সন্তানে সাধাৰণ কিবা এটাকে খাও বুলি কোৱাটোহে এজনী মাকৰ বাবে সুখৰ কথা । নহয় জানো ?

প্ৰতিদিনে শইকীয়ানীৰ খোচবোৰ নিৰবে শুণি যোৱা মাকৰ আজিৰ কথাষাৰ শুণি বাৰাণ্ডাতে  বহি থকা জীয়েকে মুখ টিপি হাঁহিলে । 
শইকীয়ানী তেতিয়ালৈ চুচুক চামাককৈ আতৰি গৈছিল সেইখিনিৰ পৰা ।

সমাপ্ত...

✍️Sangeeta Devi , Jorhat

Comments

Post a Comment