জেবিয়ান..🦋 (খণ্ড -১৮)

 আজি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সাধাৰণ নিৰ্বাচন। গেটৰ সন্মুখত নানাৰঙী পোষ্টাৰ । প্ৰাৰ্থীসকলে ডিঙিত গামোচা আৰি হাতত চফৰ বটা লৈ শেষ বাৰলৈ জেবিয়ান সকলক ভোট বিছাৰি অনুৰোধ কৰিছে চৌদিশে । 


: মনত আছে নহয় মোৰ নামটো । 


লীমা আৰু ৰিতিষ্ণাৰ সতে কমাৰ্চ বিল্ডিংৰ বাটচৰাত ভোট দিবলৈ লাইন পাতি আছিল সমীক্ষাই । কৌশিকে তাইলৈ বটাতো আগবঢ়াই কলে ।


: আছে দিয়া । তাই চফ কেইটামান লৈ কলে ।


: কৌশিক is so cute naa ! 


সি আতৰি যোৱাৰ পাছত  ৰিতিষ্ণাই ফুচফুচাই

 কলে । লীমাই মুখ টিপি হাঁহিলে ..সমীক্ষাৰ মন নগল অলপো হাঁহিবলৈ। 

 

 পচণ্ডৰ প্ৰাৰ্থীকেইজনক ভোট দি তাই মেইন বিল্ডিংলৈ আহি লাইব্ৰেৰীৰ দিশে গ'ল । উপন্যাস এখন পঢ়িবৰ মন গৈছে তাইৰ... ৰুগীয়া বাস্তৱক এৰাই চলিবলৈ তাইক প্ৰয়োজন হৈছে কল্পনাৰ পৃথিৱীৰ এসোপামান চৰিত্ৰৰ । অনুৰাধা শৰ্মা পূজাৰী ৰ " হৃদয় এক বিজ্ঞাপন " খনেই নিৰ্বাচন কৰিলে ।

 

 ৰ'দজাকে ডেই পুৰি নিছে সকলোকে। চাটিয়েও বছাব নোৱাৰাকৈ আগষ্টমহীয়া উৎকট গৰম । কমন ৰুম পাই টাৱেলখনে মুখ মচি অলপ বহিলে সমীক্ষা ।


গৌতম বুদ্ধই কোৱা 'প্ৰিয় বিচ্ছেদ ' দুখে পলে পলে দহিছে তাইক । তেৱোতো গৈছিল পত্নী , সন্তান , পিতৃ - মাতৃক এৰি বুদ্ধত্বৰ সন্ধানত । যশোধাৰাই অনুৰোধ কৰিছিল স্বামীক যাতে তেওঁ দিনৰ  পৰিৱৰ্তে ৰাতিৰ আন্ধাৰত এৰি যায় ঘৰ .. নহলেযে যশোধাৰাই পোহৰত দেখিলে সহিব নোৱাৰিব প্ৰিয়জনৰ বিচ্ছেদৰ শোক ।  যশোধাৰাই জানিছিল যাওঁ বুলি ভাবি লোৱা মানুহক বাধা দিয়া অৰ্থহীন । আৰু এদিন মাজনিশা ৰাজ প্ৰসাদৰ ভোগ বিলাস ত‍্যাগ কৰি সন্ন‍্যাস জীৱনৰ পাতনি মেলি ওলাই গৈছিল সিদ্ধাৰ্থ গৌতম  !!

 সেই মহাজীৱনে আকৃষ্ট কৰে সমীক্ষাক বাৰুকৈ । 

 যশোধাৰাৰ  মুক্ত চিন্তাই তাতকৈয়ো ।

 

: হেল্ল' সমী...


তেনেতে কোনোৱাই সাংঘাতিক উৎসাহেৰে মাতিলে তাইক ... 


: আৰে সাধনা দেখোন .. আহা ।


সাধনাৰ মুখৰ পৰা আজি হাঁহি আতৰা নাই । কিছুদিন পুৰ্ৱৰ অনুজ্জল মুখখন আজি জিলিকিছে সুৰুযমুখীৰ দৰে। 


:এইকেইদিন বিছাৰিয়েই আছো তোমাক জানা । নাম্বাৰটোও হেৰালে । 


: হয় নেকি ?


: তোমাক এটা big big Thank you কৱ লগীয়া আছে ।


: আচ্ছা কিয় ? 


: টাইম আছেনে তোমাৰ ?


: আছে আছে কোৱা । 


সমীক্ষাৰ আগ্ৰহ দেখি আগতকৈয়ো অধিক জিলিকি উঠিল সাধনাৰ মুখমণ্ডল । 


: Second sem ৰ exam হৈ যোৱাৰ পাছতে হিম'গ্লবিন কমি ৩ % হৈ গৈছিল মোৰ ।


: কি ? 


আচৰিত হল সমীক্ষা ...। অৱশ্যে প্ৰেমহীনতাত সকলো সম্ভৱ । হৃদয়ৰ অসুখ শৰীৰলৈ বিয়পিবলৈনো কেইপৰ লাগে ?


: উম... এদিন কাৰেণ্ট নথকাত বাৰ্থৰুম যাওতে পৰিলো নহয়। ফ্লাছলাইট মাৰি ফোনটো লৈ গৈছিলো। so,  সেইটোও ভাগিল ।


: ইছ্...ইমান বোৰ প্ৰব্লেম একেলগে ।


: ৰুমমেট নিশা আৰু ৱাৰ্ডেনে মিলি সঞ্জীৱনীলৈ লৈ গল । এদমিট হব লগীয়াও হল । কিন্তু নিশা সেইদিনা ৰাতি মোৰ লগত নাথাকিলে জানা ... ৱাৰ্ডেনেই যেনে তেনে ৰাতিটো থাকিলে । ফোনটো নাই বাবে কাকো কল কৰিবও নোৱাৰি । ঘৰত কলেও মা পাপা টেনচনত পৰি যাব ।


একেলেথাৰিয়ে সাধনাই কৈ গৈছে অসহায় সময়বোৰৰ কথা । শুণি গৈছে সমীক্ষাই।


: But দিনত ৱাৰ্ডেনৰো responsibility থাকে বাবে হোষ্টেল গুচি গল । অকলশৰে থাকিলো দিনটো। তোমাৰ কথাষাৰ বৰকৈ মনত পৰিল তেতিয়া। নবাৰুণ ৰ নাম্বাৰটো মোৰ মনতে আছিল । ছিষ্টাৰৰ পৰা ফোনটো লৈ কল লগালো তাক । 


সাধনাৰ কথাবোৰ শুণি শুণি তাইৰ দৃশ্য পটত ভাহি আহিছে সঞ্জীৱনীৰ সেই বিশেষ দুপৰীয়াতোৰ ছায়াছবি এখন ।


সাধনাৰ খবৰটো পাই খৰখেদাকৈ আহিছে নবাৰুণ ।

যেনেকৈ আছিল তেনেকৈয়ে ।


: ছোৱাছোন কি অৱস্থাত আছা তুমি । খবৰ এটাও নিদিয়া মানে ন ' ?


নবাৰুণৰ মুখখন অভিমানত ফুলা লুচিৰ দৰে হৈছিল তেতিয়া। কিবা এটা মৰম লাগি যায় সাধনাৰ তালৈ ।

এই লৰাটোৰ নিস্বাৰ্থ ভালপোৱাক অৱজ্ঞা কৰিছিল তাই নিশাক সুখী কৰিবলৈ।  


: Sorry নবাৰুণ । 


সৰুকৈ কলে সাধনাই ..দোষী দোষী ভাৱেৰে । 


: Stranger কহে ছ'ৰী কয় মানুহে ।


ভিজিট'ৰ চেয়াৰ খনত তলমুৰকৈ বহি থকা নবাৰুণে কলে ।  তাৰ বিশৃংখল চুলিবোৰত অনিয়মিত জীৱনশৈলীৰ চিন । অনাহক চকুলো সৰিল 

সাধনাৰ ।


: অ এনেকৈ কান্দিলে মই যামগৈ ।


দুহাতেৰে নিজৰ লোতক মছিলে সাধনাই ।  এইবাৰ তাই কোনোপধ্যেই হেৰুৱাব নিবিছাৰে নবাৰুণক ।


: আহি যোৱানা আকৌ মোৰ লাইফত । চাবা এইবাৰ কলেজ খুলিলে বৰপাত্ৰ কুটীৰৰ ফ্ৰন্টত চিঞৰি কম তোমাক ভালপাওঁ বুলি । পাৰিলে মাইক এটাও যোগাৰ কৰি লম । সকলোৱে শুণিব তেতিয়া । 


নৱাৰুণৰ পৰিকল্পনা শুণি হাঁহি উঠি গল সাধনাৰ । 


: মইটো সদায় তোমাৰেই । নিশাহত বহুত বেয়া । মোক এতিয়াৰ পৰা সিহতক নালাগে । only তোমাক লাগে । I love you নবাৰুণ ।


 নবাৰুণৰ বহু প্ৰত‍্যাক্ষিত কথাষাৰ অৱশেষত কৈ দিলে সাধনাই । পুৰ্ণতা পালে দুয়োৰে ভালপোৱাই।


: ৱাহ... বহুত ভাল খবৰ এটা দিলা তুমি সাধনা । 


তৃতীয় ষান্মাসিকলৈ পোৱাৰ পাছত এইয়া প্ৰথমবাৰৰ কাৰণে মনটো ভাল লাগিছে সমীক্ষাৰ । সাধনাৰ সুখ দেখি তাইৰো মুখত ফুটি উঠিছে অকৃত্ৰিম হাঁহি এটি ।


: সি এদিন লগ পাব বিছাৰে তোমাক । সাধনাই কলে।


: নিশ্চয় লগ হম আমি । 


আজি যেন সাধনাতকৈয়ো সুখী সমীক্ষা । প্ৰেমিক মানুহবোৰ তাইৰ সদায়েই প্ৰিয় । হয়তো সৰুৰে পৰা মামাকৰ মায়া বিস্ময়বোৰৰ সতে বন্ধুত্ব আছিল বাবেই .. প্ৰেমৰ প্ৰতি তাইৰ মনত আছে অপৰিসীম শ্ৰদ্ধা অপৈণত বয়স এটাৰ পৰাই । 

তদুপৰি প্ৰেম কাহিনী বোৰ...কোনোবাই কৈ গলে ঘণ্টাৰ পাছত ঘণ্টা ধৰি শুণি থাকিব পাৰে সমীক্ষাই । তাইৰ বাবে ভালপোৱা পৃথিৱীৰ সবাতোকৈ প্ৰাচীন , নিষ্পাপ , নিস্বাৰ্থ আবেগ । ভালপোৱা আছে বাবেইটো মানুহে নিজৰ মাজতে ভগাই লব পাৰিছে পৃথিৱীখন । 


এইকেইদিন জেবিয়ান সকলে বৰকৈ শুণিছে আৰ . জে পাহিৰ লাভ ষ্টৰীজ্ বোৰ ..একপ্ৰকাৰে জেবিয়ানৰ মনত জোৱাৰ তুলিছে পাহি বাৰ মায়াসনা মাতষাৰে । গড় প্ৰতি দহজন জেবিয়ানৰ ভিতৰত সাতজনেই কাণত হেডফোন লগাই শুণে প্ৰায় ৩০/৪০ মিনিটযোৰা প্ৰেম কাহিনী বোৰ । প্ৰেম কাহিনী বোৰ Xender অথবা Bluetooth ৰ দ্বাৰা এটা ফোনৰ পৰা আনটো ফোনলৈ বিয়পিছে  । জিঅ' ব‍্যৱস্থাই দেশযুৰি তোলপাৰ লগাবলৈ অলপ সময় বাকী আছিল তেতিয়াও ।

সমীক্ষায়ো ঘৰলৈ উভতোতে হেডফোন দাল মবাইলত সংযোগ কৰি লাভ ষ্টৰীজ্ বোৰ শুণি ভাবে ..

এই পৃথিৱীত প্ৰতিজন মানুহৰ জীৱনত প্ৰেমাস্পদ নাথাকিবও পাৰে । কিন্তু এটা হলেও প্ৰেম কাহিনী সবৰে  থাকে।

                          *****

                              

"মৃত্যু সহজ 

সহজ প্ৰেমো 

সহজ কাম মোৰ প্ৰিয় নহয়

 মোক এটুকুৰা হৃদয় দিয়া 

ধাৰলৈ হ'লেও,

 কিস্তি কিস্তিকৈ শোধ কৰিম ঋণ

 জীৱনেৰে 

জীৱন মোৰ বাবে আটাইতকৈ কঠিন, জীয়াই থকাটো

 তাতকৈয়ো- "

 


"হৃদয় এক বিজ্ঞাপন "ৰ পৃষ্ঠাবোৰত প্ৰায় সোমাই পৰিছে সমীক্ষা । তেনেতে ফোনটো বজাত পৃষ্ঠা খন বুকমাৰ্ক কৰি টেবুলৰ পৰা উঠি আহিল তাই । অচিনাকি নাম্বাৰ।


: হেল্ল ' কোনে কলে ? 


ফোনটোৰ সিপাৰে কোলাহল ।


: হেল্ল' ...কৌশিকে কৈছো ।


: অ..কোৱা ।


: মই জিকিলো জানা । you are so lucky !


কৌশিকৰ পাছফালে এসোপামান উল্লাসৰ কিৰিলি । ফোনটো কাণৰ কাষৰ পৰা কিছু আতৰাই দিব লগাত পৰিছে তাই । সময় তেতিয়া আঠ বাজো বাজো ।


: Congratulations কৌশিক । 


: Thank you Thank you . তোমাৰ পাছ্ কৰ্ছ pol. Science ন ' ?


:হয় ।


: মোৰো ..কাইলৈ ক্লাছতে ID card খন দিম হব নে ?


: হব দিয়া । 


: Okay ..Bye 


: Bye .


ফোনটো একাষে থৈ পুণৰ উপন্যাসখন মেলিলে সমীক্ষাই।

                          *****

: সমী..


 বৰুৱা চাৰিআলিৰ কাষতে কোনোবাই মাতিলে তাইক ।

 

: আৰে বৰ্ণালী  ।


সমীক্ষাৰ স্কুলীয়া দিনৰ লগৰী বৰ্ণালী । বহু দিনৰ পাছত পাই  খবৰ সুধিলে ইজনীয়ে আনজনীৰ ।


: জে বি তে পঢ়ি আছ যদিও তোক এদিনো দেখা নাই যে । পকী ৰাস্তাৰ পৰা পদপথত উঠি সমীক্ষাই কলে ।


: মই কমাৰ্চৰহে ..মেইন বিল্ডিংত কামেই নাথাকে আমাৰ ।


:অহ্


: তোৰ এটা কথা মনত আছেনে ...

তই ক্লাছ নাইন মানত যে বৰ্ণম নামৰ লৰা এটা ভালপাইছিলি ?


আগবঢ়াব খোজা খোজটো ৰৈ গল সমীক্ষাৰ ।

বৰ্ণালীয়ে নাজানে কিদৰে আজিও সমীক্ষাৰ ফোনৰ ছাৰ্ছ লিষ্টৰ শীৰ্ষত আছে বৰ্ণমৰ নাম । আছলতে বৰ্ণমক বাদ দি আন কাৰোবাক ভালপাবলৈ নিশিকিলেই তাই আজিকোপটি


সমীক্ষাৰ মোলান পৰি যোৱা মুখখনলৈ চাই বৰ্ণানীয়ে কলে।


: বেয়া নাপাবি । তাৰ নামটো ইমান ধুনীয়া আছিল। মনত ৰৈ গল মানে মোৰ ।


সমীক্ষাৰোতো হৃদয়ত ৰৈ গল সি..ওৰেটো 

জীৱনলৈ বিষ এটা হৈ ।


: নাই পোৱা । 


কথাষাৰ কয় মানে কলেজ গেটৰ কাষ পালেহি সমীক্ষা । তাইৰ পৰা বিদায় লৈ কমাৰ্চ বিল্ডিং অভিমুখে গুচি গল বৰ্ণালী ।


এবাৰ যদি অনুমতি দিয়ে সময়ে ..


এবাৰলৈ যদি অকস্মাত লগ পাই যাও‍ঁ তোমাক।


অকস্মাত !


'কলেজ খনত তুমি নাথাকিলেও মই মনে সাজি লম তোমাৰ অস্তিত্ব ' 


চিৰিয়েদি ক্লাছ ৰুমলৈ উঠি যাওঁতে ভাবে তাই ।

কিদৰে কেৱল আৰ চকুৰে চায়েই দুয়োয়ে পাৰ কৰি দিলে দুটাকৈ ষান্মাসিক , একো নোকোৱাকৈ ।


: তুমি কৌশিকক চিনি পোৱা ন' ? 


প্ৰথম মেজৰ ক্লাছটো হৈ গৈছেহে মাত্ৰ । তাৰ পাছতে একেৰাহে দুটা অফ্ আছে । Autonomous হোৱাৰে পৰা আজিকালি ৪৫ মিনিটৰ পৰিবৰ্তে এঘণ্টাকৈ হয় ক্লাছ বোৰ । সেয়ে দুটাকৈ অফ্ পোৱাত পেহীয়েকৰ ঘৰলৈকে এপাক যাবলৈ সাজু হৈছিল সমীক্ষা । অডিটৰিয়ামৰ কাষতে একে ডিপাৰ্টমেণ্টৰ ড্ৰিমীয়ে পাই সুধিলে।


: অ পাওঁ .. ইলেকছন টাইমত মোৰ ID Card খন লৈছিল সি । 


চুলিখিনি পকাই খোপা এটা কৰি বেগৰ পৰা কলমটো বিছাৰি বিছাৰি সমীক্ষাই কলে ।


: আমি Schooling একেলগে কৰিছিলো । মোৰ খুব ভাল ফ্ৰেণ্ড সি ।


: অহ্ ..


: আৰু এটা কথা.. সি মানে ছিক্ৰেটলি তোমাক লাইক কৰে বহুত ..। ছিজ'নেল লাইক নহয় হেনো , একদম ডিৱানা টাইপ ।


: কি..?


 এইবাৰ মুখখন মেল খায়ে ৰল সমীক্ষাৰ । কেইটা দিনৰনো চিনাকি তাইৰ  কৌশিকৰ সতে । ইমান কম সময়তো জাগিব পাৰেনে প্ৰেমাবেগ ?


: তুমি তাক নুসুধিবা । মোকহে কৈছে সি জাষ্ট ।


: হব দিয়া । এতিয়া মই যাও। পেহীৰ ঘৰৰ পৰা আহোগৈ ।


: ঠিক আছে ।


ড্ৰিমীক তাতে এৰি আগবাঢ়ি আহে সমীক্ষা । ৰিক্সা এখনত বহি ভাবে কালিৰ ঘটনাটোৰ কথা । নন মেজৰৰ ক্লাছৰ বাবে পি জি বিল্ডিংৰ গ্ৰাউণ্ড ফ্লৰত তনয়া আৰু মন্দিৰাৰ সৈতে বহি থকা তাইৰ ওছৰত প্ৰায় হামখুৰি খাই ৰলহি কৌশিক, যেন সিফালৰ পৰা কোনোৱাই থেলা মাৰিহে দিছে । তাইৰ দিশে লাজ লাজকৈ কাৰ্ডখন আগবঢ়াইছিল সি । 

ক্লাছৰ শেষত মেছেজো কৰিছিল তাইলৈ ।


" চকলেটো আনিছিলো তোমালৈ । দিবলৈ সাহস হোৱা নাই । " 


এতিয়াহে কথাবোৰ জুকিয়াই চাইছে তাই

 ভালকৈ।

 ডি চি বি ৰোডত থকা পেহীয়েকৰ ঘৰলৈ কমাৰ্চ বিল্ডিং পোৱাৰ আগৰ বাটতোৱেদি যাৱ লাগে যাৰ কাষতে লাগি আছে কলেজৰ বয়জ হোষ্টেল । প্ৰাক্তন জেবিয়ান তথা  সুৰুযমুখীৰ স্বপ্নৰ দ্ৰষ্টা চৈয়দ আব্দুল মালিকৰ নামেৰে নামাকৰণ কৰা হৈছে ছাত্ৰবাসটোৰ। ঠিক সেইখিনিতে থকা চাহৰ দোকানখনৰ বেঞ্চখনতে বহি আছে কৌশিক । 

সমীক্ষাই পলাব বিছাৰিছে কৌশিকৰ তথা সাম্ভাব্য পৰিস্থিতিৰ পৰা। 

ড্ৰিমীয়ে কোৱা কথাষাৰো মনত পৰিছে


"ছিজ'নেল লাইক নহয় হেনো , একদম ডিৱানা 

টাইপ ।"


: ৰহিম চাচা .. ভাড়াটো নলব দেই । মোৰ খাচ মানুহ।


বহাৰ পৰা উঠি কৌশিকে কলে । অথলে গল দুপাট্টাখনে মুখ ধাকি নিজকে লুকুৱাবলৈ কৰা সমীক্ষাৰ প্ৰচেষ্টা । তাই ঘোপাকৈ উভতি চালে কৌশিকলৈ..হাঁহি আছে সি। 

সি নাজানে সমীক্ষাৰ হৃদয়ৰ কঠোৰ সান্ধ‍্য আইনৰ কথা , যি শিথিল হোৱাৰ কোনো সম্ভাৱনা নাই।


: দাদা..খৰকৈ বলক প্লীজ্


ডিঙিত লোৱা কাপোৰ খনেৰে ঘাম মচি মচি ৰিক্সাৰ গতি হ্ৰাস কৰা ৰহিম চাচা (?) ক সমীক্ষাই কলে ।


 তাই দেখিছে কিছুদিন আগলৈকে ৰদে বৰষুণে মাথো এটি জাপি লৈ থকা কণমানি দোকানখনৰ গৰাকীজনৰ মুৰত আজি ছাঁ । চাৰিদাল কুমলীয়া বাহৰ খুটিৰ ওপৰত নিৰ্বাচনী প্ৰচাৰৰ বাবে ব‍্যৱহৃত এখন বৃহৎ পোষ্টাৰ । 

নিশ্চয় কৌশিকৰ দৰেই একাংশ নিৰ্বাচনৰ সৈতে জড়িত জেবিয়ানে তেওঁক কৰি দিছে এই ব‍্যৱস্থা ।

উত্তৰসুৰীয়ে সততে যান্ত্ৰিক বুলি সমালোচনাৰে থকা সৰকা কৰা প্ৰজন্মৰ মানুহ সমীক্ষা , কৌশিক হত । 


তথাপিছোন কৌশিক হতে বুজি পায় ৰদ অথবা বৰষুণৰ পৰা বাছিবলৈ মুৰৰ ওপৰত এখন চালি নোহোৱাৰ বেদনা ..

জ‍্যোতিময়ে বুজি পায় চহা দেউতাকৰ হাড়ভগা পৰিশ্ৰমৰ কথা ।


সেইদিনা ঘৰলৈ ঘুৰোতে দৃষ্টিভ্ৰম হল তাইৰ ।

কলেজ গেটৰ বাহিৰত এখন বিশেষ বাইক দেখিলে .. নাম্বাৰ প্লেটখনত লিখা আছিল ,


" AS - 03 

M - 3379"

                          ******

আগলৈ

✍️Sangeeta Devi , Jorhat

(সকলোলৈকে এসোপামান মৰম🌿)

Comments