জেবিয়ান..🦋 (খণ্ড -১৯)
((আজি চুটি হোৱাৰ বাবে আগতীয়াকৈ ক্ষমা বিছাৰি মৰম দিলো সকলোকে ❤️))
দেওবাৰে টিউটনলৈ চাইকেল লৈ নাযায়েই সিহত । যিহেতু খৰধৰকৈ উভতি আহি স্কুল যাবলগীয়া নাথাকে সেয়ে সেই বিশেষ বাৰটো একেলগে খোজকাঢ়ি উপভোগ কৰে সকলোৱে।
:ক্লাছত কিয় নামাতা মোক ?
টিউচনৰ পৰা ঘুৰি আহোতে বৰ্ণমক আগভেটি সুধিলে সমীক্ষাই ।
: তুমিযে ভালনোপোৱা মোক ...যদি প্ৰেমিক নহয় তেন্ত so called good friends হৈয়ো থাকিব নোৱাৰো তোমাৰ সৈতে ।
বৰ্ণমৰ সিদ্ধান্ত আছিল সেয়া...
হয় ভালপোৱা অন্যথা এতিয়াৰ পৰা দুয়ো অচিনাকি। সিযে তেতিয়ালৈকে বগুৱা বাই গৈছিল তাইৰ হৃদয়ৰ গভীৰৰ পৰা গভীৰতম কোণলৈ ।
: কিন্তু ময়ো যে ...
কিবা এটা কৱ খুজিও জীভা কামুৰি ৰৈ যায় সমীক্ষা।
: ইমানদিনে জ্বলাই মাৰিলা মোক..!
অভিমান সামৰি হাঁহি এটা মাৰি কলে বৰ্ণমে । সুখৰ ভৰ সহিব নোৱাৰি পৰি যাব যেন সি এতিয়া সেইখিনিতে । সমীক্ষাৰ অসম্পূৰ্ণ কথাষাৰ মনৰ মাজতে সম্পূৰ্ণ কৰি লৈছে সি । নিৰবতাৰ ভাষা ধ্ৰুপদী । বিন্দু মান অনুতাপো হৈছে সমীক্ষাৰ । মাকক নজনোৱাকৈ অথবা তেওঁৰ অনুমতি নোলোৱাকৈ লোৱা এইটোৱেই যে প্ৰথম সিদ্ধান্ত তাইৰ জীৱন পৰিক্ৰমাত ।
: পঢ়াটো কিন্তু সদায়েই ফাৰ্ষ্ট প্ৰাঅৰিটী হব আমাৰ ।
সমীক্ষাই তলমুৰকৈ কলে ।
: ঠিক আছে শৰ্মিলা ।
: শৰ্মিলা নহয় সমীক্ষা।
: এইটো নাম মই দিছো তোমাক । অনলি ময়েই মাতিব পাৰিম তোমাক সেই নামেৰে ।
: ইস্ ...কপিৰাইট মানে ?
: Kind of !!
সেই সময় , সেই বয়স .. কিযে এক মায়াসনা আছিল দিনবোৰ । বৰ্তমানৰ লগত চুক্তি কৰি , সময়ক ফুচুলাই কেনেবাকৈ যদি উভোতাই পালেহেতেন তাহানিৰ তাইজনীক ।
******
নৱাগত সকল অহাৰ পৰা সলনি হৈছে ডিপাৰ্টমেণ্টৰ লৰাকেইটাৰ চাল চলন ।
পৰিপাটি হৈছে চুলিৰ ষ্টাইল । বৰ্দ্ধিত হৈছে সিহতৰ আশে পাশে উৎকট পাৰফিউমৰ গোন্ধ । চিৰিয়েদি 303 নং কোঠালৈ বাট লওতে তাই দেখা পাইছে নবাগত সকলৰ ক্লাছৰুমবোৰৰ আশে পাশে লৰাকেইটাৰ চুচুক চামাক ।
: So সমীক্ষা আজিকালি দেখাই নাপাওঁ তোমাক ।
201 নং কোঠাৰ পাছদুৱাৰেদি হৰ্থাৎ ওলাই মাতিলে কৌশিকে । উফ্...যাৰ পৰা পলাব বিছাৰে সিয়ে আহি ওলালহি তাইৰ সন্মুখত ।
: কালিছোন দেখিছিলোৱে...
কথাষাৰ কৈয়ে আগবাহিল তাই ।
: এটা কথা কোৱাছোন ..তোমাৰ ঘৰত কোন কোন আছে বাৰু ? পাছে পাছে আহি কৌশিকে সুধিলে ।
: মা , দেতা , বা আৰু মই ।
: মানে তুমি ঘৰত সৰু...Yes !
তাই সৰু হোৱাৰ বাবে কৌশিকৰ ইমান সুখী হোৱাৰ কাৰণ বুজিব পৰা নাই সমীক্ষাই ।
: অ সৰু তাতে কি হলনো এনেকুৱা ?
তাই উভতি চাই সুধিলে ।
: মানে মই ঘৰত ডাঙৰ ..তুমিটো চাগে জানাই ডাঙৰে ডাঙৰে বিয়া হব নাপায় ।
চুলি খজুৱাই লাজ লাজকৈ কলে কৌশিকে ।
: উফ্ ... কি কৈ আছা তুমি ।
সমীক্ষাই খোজৰ গতি খৰ কৰিলে ।
" পাৰিলে এবাৰ উভতি চাবা । মনটো ভাল লাগিব মোৰ "
পাছফালৰ পৰা কৌশিকে চিঞৰ মাৰি কলে ।
সমীক্ষাই ঘুৰি নোচোৱাকৈয়ে হাতখন দাঙি বাই বাই দিলে তাই । অনাহক উভতি চাই কৌশিকৰ মন ভাল লগোৱাটো নিষ্প্ৰয়োজনীয় যেন লাগিছে তাইৰ ।
ক্লাছত নিদিৰ্ষ্ট বেঞ্চখনত বহি খিৰিকীৰে চাই পঠিয়ালে সুবিশাল আকাশখন । কেতিয়ালৈযে আহিব এজাক হেপাঁহৰ বৰষুণ । ৰদৰ তাপ সহিব নোৱাৰি যে লেৰেলি গৈছে তৃণবোৰ ।
পাছৰফালৰ বেঞ্চবোৰৰ পৰা উফৰি অহা আড্ডাৰ শব্দবোৰলৈ উদাসীন তাই আজিকালি।
ঠিক তেনেতে কোনোবাই ছোন বহী এখনেৰে মৃদুকৈ মাৰি দিছে তাইৰ মুৰতে ...
আকাশৰ পৰা নামি আহিল সমীক্ষাৰ দৃষ্টি ...আৰে সন্মুখত দেখোন এয়া বৰ্ণম !!
এটি ক্ষণৰ বাবে চকুযুৰি জপাই আকৌ মেলিলে তাই।
এয়া বাস্তৱ নে বিভ্ৰম ..
যেন বৰষুণ নাপাই মৰুত পৰিনত হোৱা এখন চহৰে অকস্মাত পাইছে বৰষুণ ।
যেন ফৰলেণ্ডে কাঢ়ি দিয়া বটবৃক্ষ এজোপাৰ অৱশিষ্ট মুঢ়াতোতে পোখা মেলিছে পুণৰ একেজোপা বিৰিখে।
যেন ...
যেন ..
নিজৰে হাতখনত চিকুটি চাইছে সমীক্ষাই ..
আস্... আজি এই মৃদু বিষকণো ইমান ভাল
লাগিছে ।
: বৰ্ণম ..তুমি ?
বহাৰ পৰা উঠি দিলে সমীক্ষা । তাই যেন এফালৰ পৰা তাক কৈ যাব তুমিহীনতাৰ যাতনা।
ছেহ..আজি যে চুলিখিনিও ভালকৈ বান্ধি অহা নাই তাই ।
দুচকু টিপিয়াই হাঁহি এটা মাৰি পাছৰ ফালৰ বেঞ্চলৈ গুচি গৈছে বৰ্ণম ।
ভালপোৱাত এটা দ্বিতীয় সুযোগ সকলোৰে কাম্য তথা প্ৰাপ্য। ভগৱানে সমীক্ষা বৰ্ণমক দিছে তৃতীয়টো সুযোগ ।
ক্লাছ ৰুমলৈ সোমাই অহা নীৰা বাইদেউক ইমান ধুনীয়া লাগিছে আজি ....
আচলতে গোটেই কলেজ খনেই আজি বৰ ধুনীয়া লাগিছে । বাইদেৱে বাস্তৱবাদৰ বৰ্ণনা দি থকাৰ মাজতো নানা ৰঙী ভাৱনাত বিভোৰ হৈ ৰ'ল সমীক্ষা।
মেজৰৰ ক্লাছ টোৰ ঠিক পাছতে আছে নন মেজৰৰ ক্লাছ । ডিপাৰ্টমেণ্টৰ পম্পীৰ লগত সমীক্ষা ওলাই আহিছে RCC 202 নং কোঠালৈ । কিন্তু সেইখিনি পাইহে আজি নন মেজৰৰ ক্লাছ কেনচেল দিয়াৰ কথা গম পালে দুয়োজনীয়ে । তনয়াও তেতিয়া নাই সেইখিনিত ।
: আমি নহলে 203 ত হৈ থকা ক্লাছ টোতে সোমাই দিও ব'ল ।
পম্পীক উদ্দেশ্যি সমীক্ষাই কলে ।
: ঠিক আছে বল ...
হাঁহি মুখেৰে পম্পীয়েও কথাষাৰ সমৰ্থন কৰাত দুয়োজনী সেইটো ক্লাছ লৈকে সোমাই গ'ল। অৰ্থনীতি ৰ নন মেজৰৰ ক্লাছ হৈ আছে তাত .. ইমানসোপা শিক্ষাৰ্থীৰ মাজত সমীক্ষা আৰু পম্পী যে ৰাজনীতি বিজ্ঞান ৰ সেইকথা ধৰিব পৰা নাই অধ্যাপিকা গৰাকীৰ লগতে ষ্টুডেণ্টখিনিয়েও ।
ভালপোৱাই মানুহক দিব পাৰে অদম্য ইচ্ছাশক্তি ..
এই গৰমটো উচ্চতৰ মাধ্যমিকতে এৰি অহা বিষয় এটাৰ ক্লাছ কৰিবলৈ সমীক্ষাৰ মন যোৱাৰ অন্তৰালত থকা সুখখিনি জুখিব নোৱাৰি কোনো তুলাচনীৰে ...
এজাক বৰষুণৰ আগলি বতৰা লৈ আৰ চি চি বিল্ডিংৰ মধ্যভাগেৰে পাৰ হৈ গৈছে এছাটি মলয়া ।
ক্লাছ টো শেষ হোৱাৰ পাছত ওলাই আহিয়ে তনয়াক লগ পালে তাই ।
: তোক যে এটা ডাঙৰ কথা কৱলৈ আছে ।
তনয়াক অলপ একাষৰীয়াকৈ টানি আনি সমীক্ষাই কলে ।
: কি কথা ?
: বৰ্ণম আকৌ আহিছে ।
বসন্তৰ বাতৰি অনা কুলিজনী সম উৎসাহেৰে কলে কলে সমীক্ষাই ।
: ৱাহ... কিন্তু এতিয়া তই কত আছিলি ? ক্লাছ কেনছেল দিয়াত মই কমন ৰুম গলো জ্যোৎনাৰ লগত।
: মই মানে সি অহাৰ ফুৰ্তিতে ইক'নমিক্সৰ ক্লাছতোৱেই কৰি দিলো পম্পীৰ সৈতে ।
ইতিমধ্যে পম্পী লগৰ খিনিৰ লগত গুচি গৈছে আন দিশলৈ ।
: পাগলী ...আন মানুহে ফুৰ্তি পালে ক্লাছ বাংক
কৰে । এইজনীয়ে আকৌ বেছিকৈহে কৰিছে ।
হাঁহি হাঁহি কলে তনয়াই , হাঁহিলে সমীক্ষায়ো ।
পলকতে কথা এটাও ভাবিলে সমীক্ষাই । বৰ্ণমৰতো বহু কেইটা মেজৰ ক্লাছ মিছ হৈছে এতিয়ালৈকে । নোটবোৰ নাপালে ভীষণ সমস্যা হব তাৰ ।
: তই ৰ'ছোন । মই অলপ ওলাই যাওঁ ।
তনয়াক তাতে এৰি যাবলৈ উদ্যত হল সমীক্ষা।
: ক'ত যাবি ? বৰ্ণমক লগ কৰিব ?
সমীক্ষাক জোকাই সুধিলে তনয়াই।
: নহয় , নবীন পুস্তকালয় ।
তনয়াৰ উত্তৰলৈ বাট নাচাই খোজৰ গতি খৰ কৰিলে সমীক্ষাই । আঙুলি মুৰত জুখি চাইছে কেইটা ক্লাছ কৰা নাই সি । বহী এখন কিনি সকলোবোৰ নোট কপি কৰি দিব বৰ্ণমক তাই নিজেই । পুণৰ এবাৰ কিবা সমস্যাত পৰি সি কলেজ এৰি দিলে সহিব নোৱাৰিৱ তাই...মুঠেও ।
গুৰি চালনিৰে পিঠাগুৰি চলাৰ দৰে বৰষুণ নামিছে চহৰখনত । ক্ৰমশঃ গভীৰ হৈছে ...টোপ টোপকৈ সপোন হে সৰিছে যেন ।
বহীখন কিনি উভতি আহে মানে বৰষুণ জাকে প্ৰায় মোহাৰি নিছে ধূলিবোৰ । তাই বৰপাত্ৰ কুটীৰৰ পাছফালৰ পিৰালিসদৃশ ঠাইখিনিতে ৰ'ল খন্তেক । এহাতে বেগটো খামুচি ধৰি আনখন হাত আগবঢ়াই দিলে হীমশীতল বন্যাবোৰৰ দিশে । আজিযে বৰষুণ জাকক বিছাৰিবলৈ একো সাচতীয়া সপোনেই নাই তাইৰ ... বৰ্ণম যে আছে নিছেই কাষত ।
একেখন চহৰ , একেখন কলেজ আৰু একেটা শ্ৰেণীকোঠাত ।
******
আগলৈ...
✍️Sangeeta Devi , Jorhat
Comments
Post a Comment