জেবিয়ান..🦋 (খণ্ড -২০)
আজি জে বি কলেজলৈ বৰ্ণম উভতি অহাৰ তৃতীয়টো দিন । এতিয়ালৈকে সমীক্ষাৰ ভালকৈ কথা পতা হোৱা নাই তাৰ সতে । মনতে পৰিকল্পনা লৈছে তাই নোটখিনি লিখি হলেই বৰ্ণমৰ সতে পাতিব বহু কথা , বহীখন দিয়াৰ অজুহাত লৈ ... !
কৰবাট অলপ সুৰুঙা পালেই সমীক্ষাই মেলি লয় বহীখন । কেতিয়াবা যদি কমন ৰুমত , কেতিয়াবা লাইব্ৰেৰীত ।
কালি আনকি কেণ্টিনতে উলিয়াই লিখিবলৈ লৈছিল তাই । জ্যোতিময়ে দেখা পাই জোকাই থৈ গৈছে।
" ইমান চোকা ছোৱালীয়ে যদি এনেকৈ পঢ়িবলৈ হয় , আমাৰ কি হব আৰু ।"
*******
: কি কৰি থাকা এনিটাইম ।
টেবুলখনৰ পৰা ডাষ্টাৰটো লৈ মৃদুকৈ সমীক্ষা বহি থকা বেঞ্চখনত থেকেচা মাৰি কলে বৰ্ণমে । সৰুৰে
পৰা সমীক্ষাই অলপ ডাঙৰ শব্দ শুণিলেই শ্বক খাই যায়। সেয়ে কোনো স্কুলীয়া বান্ধৱীয়ে তাইৰ নাম দিছিল " মিনি হাৰ্ট এটেক" । আজিও পটকৈ ভয় খাই গল তাই... জীৱটো ঢিপিংকৈ যোৱাৰ দৰে !
: কি হল বৰ্ণম ?
অফ পিৰিয়ডটোত বৰ্ণমৰ বাবে নোট কপি কৰি থকা বহীখন লুকুৱাই সমীক্ষাই সুধিলে । ক্লাছৰুমত তেতিয়া সেৰেঙা লৰা ছোৱালীৰ উপস্থিতি।
ডাষ্টাৰত লাগি থকা চ'কৰ কণিকা কিছু লাগিছিলহি তাইৰ সোফালৰ চুলিখিনিত ।
: মেজেছ এটাৰো ৰিপ্লাই নিদিয়া কিয় ?
তাইৰ সন্মুখত এয়া তাহানিৰ অশান্ত বৰ্ণম ...
প্ৰেমিক বৰ্ণম ।
: তুমি মেছেজ কৰিছিলা নেকি ?
ফোনটো বেগৰ পৰা উলিয়াই লৈ চাব খোজা তাইৰ পৰা সি কাঢ়ি ললে ফোনটো ।
ইমান অধিকাৰবোধ ?
প্ৰিয়জনে এনেকৈ প্ৰদৰ্শন কৰা আকোৰগোজ অভিমান , অধিকাৰৰো যে থাকে সুকীয়া আমেজ !
: Sorry .. !
পাছমুহুৰ্ততে ফোনটো উভোতাই দি সি কলে ।
: মই আচলতে Migraine ৰ প্ৰব্লেমটোৰ কাৰণে বৰকৈ ফোন নাচাওৱে ।
দোষী দোষী ভাবেৰে তাই কলে ।
: একো নহয় Migraine ত ফোন চালে । সৰু সৰু কথাবোৰ ইমান ছিৰিয়াছলি কিয় লোৱা তুমি ?
: কি মেছেজ দিছিলা নো ?
ফোনটো চাবলৈ লৈ সমীক্ষাই কলে ।
: পাচ মিনিটৰ কাৰণে আমি অকলে থকা পাতিব পাৰিম নেকি ?
:কোৱা...
আউলী বাউলি সমীক্ষাৰ মনৰ ইপাৰ সিপাৰ ।
: আজি নহয় .. কাইলৈ ! লগৰখিনিয়ে এনেকৈ কথা পতা দেখিলে বৰ জোকাই মানে মোক ।
: আচ্ছা ..
হাঁহি উঠি গল সমীক্ষাৰ ।
: চুলিৰ ওচৰত চ'ক লাগি আছে ..
বৰ্ণমে লাহেকৈ তাইৰ ফালে হাওলি হাতখন আগবঢ়াই দিলে ডাষ্টখিনি মোহাৰিবলৈ । মুৰটো কিছু পিছুৱাই দিলে তাই ।
: মই নিজেই চাফা কৰি ল'ম ।
অনুমানতে চুলিখিনিত হাত দি সমীক্ষাই কলে ।
: ঠিক আছে ।
কিছু অসহজবোধ হাঁহি এটা মাৰি বৰ্ণম ওলাই গল ক্লাছ ৰুমৰ পৰা ।
কাইলৈ দুয়োটাই পাচমিনিটৰ বাবে কথা পাতিব ..
কি কব বাৰু বৰ্ণমে ... তাই !
নিজৰ অন্তঃমুখী ব্যক্তিত্ব একাষৰীয়াকৈ থৈ সমীক্ষাই কব পাৰিবনে তাইৰ হৃদয়ত সাচি ৰখা কথাবোৰ ।
বহীখন উলিয়াই পুণৰ লিখিবলৈ লৈ হাতখন দেখোন অজানা আবেগত কপিছে তাইৰ !
বহীখন বেগত ভৰাই সমীক্ষা বেলকনিতোলৈ ওলাই আহিল ।
: তোমাৰ চেইনদাল ইমান ধুনীয়া ।
সমীক্ষাৰ কাষতে ৰৈ পখিলা লগা লকেটৰ চেইনদাললৈ আঙুলিয়াই কলে দৰদীয়ে । সৰুৰে পৰা পখিলা ভালপোৱা সমীক্ষাক এইবাৰ মাক দেউতাকে গঢ়াই দিছিল এটা সোণৰ পখিলা ।
: অহ্...Thank you ! সিদিনা তোমাক ৰাফকৈ কলো বেয়া নাপাবা দেই ।
সমীক্ষাই হাঁহি এটা মাৰি কলে ।
: নাই নাই ... তুমি আচলতে সচা কথাটোৱে কৈছিলা।
দৰদীয়ে লাজ লাজকৈ কলে । সমীক্ষাৰ মৰম লাগি গল তাইলৈ ;
: তোমাৰ চিক্ৰেট কথা এটা গম পাইছো মই ।
প্ৰসংগ সলাই দৰদীয়ে কলে ।
: কি...?
: আমাৰ ডিপাৰ্টমেণ্টৰ বৰ্ণম তোমাৰ বয়ফ্ৰেণ্ড ন ' ?
কি উত্তৰ দিব সমীক্ষাই , একেআষাৰে হা কৱও নোৱাৰি না কৱও নোৱাৰি ... বিৰাট দোমোজা !
: Actually আমি বহুত পুৰণা চিনাকি । আগতে আমাৰ মাজত কিবা এটা আছিলো । কিন্তু এতিয়া তেনেকুৱা একো নাই ।
যিমান পাৰি সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিলে সমীক্ষাই । চকুৱে মুখে তেতিয়াও লাগি আছিল অলপতে তাৰ সৈতে কথা পতাৰ সৰগী সুখ ।
অৱশ্যে সমীক্ষাৰ ব্যাখ্যা শুণি মুঠেও সন্তোষ্ট হোৱা নাই দৰদী ।
: BTW তোমাক কোনে কলে আমাৰ কথা ?
পুণুৰাই দৰদীক সুধিলে তাই ।
: Actually কেইদিনমান আগতে সি কপি এখনেৰে তোমাৰ মুৰত মাৰি দিয়া দেখিলো । যিহেতু তোমাক তেনেকুৱা behave কৰিবলৈ কোনেও সাহস নকৰে so অলপ research কৰি মেলি ৰহস্যটো উলিয়ালো আৰু ।
দৰদীয়ে গৌৰৱেৰে কলে । যেন ইমানবোৰ অনুসন্ধান কৰাৰ বাবে তাই প্ৰসংশাৰ পাত্ৰী ।
: এতিয়াহে বুজিছো তোমাৰ এটেনডেঞ্চ ইমান হাই কিয় ?
পুণৰ হাহি হাহি কলে দৰদীয়ে ।
: কিয় ?
: একেটা ক্লাছ তে যদি বয়ফ্ৰেণ্ড থাকে ক্লাছ কৰিবলৈ টো মন যাবই ন' ?
খিলখিলাই হাঁহিলে দৰদীয়ে । হাঁহিলে সমীক্ষায়ো।
: বাপৰে ... সাংঘাতিক লজিক উলিয়াইছা তুমি ।
: হয়নে .. কিন্তু সি তোমাৰ লগত নিমিলে ।
দক্ষ জ্যোতিষীৰ দৰে কলে দৰদীয়ে ।
: কিয় ?
: তাৰ নিছিনা অধচ্ কাৰো সতে ভালকৈ কথা নপতা এটা তোমাৰ দৰে চিম্পুল ছোৱালী এজনীৰ সতে মেটচ্ নকৰে অলপো ।
বৰ্ণম আৰু অধচ্ ...
বৰকৈ কথা নাপাতে সি , তাৰ একান্তই ঘনিষ্ঠ বন্ধু খিনিৰ বাহিৰে কাৰো সতে মিলিব নোৱাৰে বৰ্ণম ।
নাই নাই... বৰ্ণম অধচ্ হব নোৱাৰে কেতিয়াও !
তাৰ খেয়ালী মনতো বুজে সমীক্ষাই ;
: তোমাৰ লগত সেই ৰিয়ান টাইপৰ লৰা এটাহে মিলিব ।
সিহতৰ ক্লাছত বহি থকা শান্ত শিষ্ট লৰা এটালৈ আঙুলিয়াই দৰদীয়ে কলে ।
নাই.. বৰ্ণমৰ দৰে মাধো বৰ্ণমেই ! এই পৃথিৱীৰ কোনো মানুহেই বৰ্ণমৰ পৰিপুৰক হব নোৱাৰে সমীক্ষাৰ বাবে ।
: বৰ্ণম অধচ্ নহয় । আনতকৈ অলপ বেলেগ মাধো । তুমি বুজি নাপাবা ।
ক্ষীণ প্ৰতিবাদ কৰি সমীক্ষাই কলে ।
: ইছ্...প্ৰেম ছোৱা । এটা কথাও বেয়াকৈ শুণিব নোৱাৰে দেখোন ।
হাতখনেৰে সমীক্ষাৰ কান্ধত মৃদু ঠেলা এটা মাৰি দৰদীয়ে কলে ।
: মোৰ ক্লাছ আছে পি জি বিল্ডিংত । যাওঁ ।
সমীক্ষাই প্ৰসংগ সলনি কৰি কলে ।
: ঠিক আছে । বাই
: বাই ।
দৰদীক তাতে এৰি সমীক্ষা আগবাঢ়িল । আজি তাইৰ খোজত উলাহ ... কিবা এটা অনুৰণন ।
******
"Duniyaa hai mere pichhe
Lekin mai tere pichhe
Apnaa banaa le meri jaan
Haay re mai tere kurbaan"
লাইব্ৰেৰীৰ ওচৰতে কৌশিকক দেখি হাঁহি এটি মাৰি মাথো মাত লগাইছিল সমীক্ষাই । এতিয়া তাইৰ পাছে পাছে কৌশিক আৰু বন্ধু বৰ্গই মিলি কোৰাচ গোৱাদি গাই আহিছে কিছমত বোলছবি খনৰ গানটো ।
এবাৰ উভতি ঘোপাকৈ চাইচে সমীক্ষাই। কিন্তু তাইৰ সেই চাৱনিলৈ ভয় কৰিব লগাকৈ যে ইমান ডেঞ্চাৰ ছোৱালী সমীক্ষা নহয়েই.. সেয়া কৌশিকেও বাৰুকৈয়ে জানে ।
তদুপৰি সিহতৰ বেসুৰা মাত শুণি যেনেতেনেহে নিজৰ হাঁহি ৰখাইছে সমীক্ষাই । এপাকত পুণৰ বাৰলৈ ৰঙা চকু দেখুৱাব খুজি হাঁহিহে দিলে তাই ..
তদুপৰি বৰ্ণমে সতে কথা পতাৰ কল্পনাই কিছু চঞ্চল কৰি ৰাখিছিলেই ।
: ওঠত সেয়া মিচিকি হাঁহি নে বিজুলি ?
কৌশিকৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াই কাণ মুৰ গৰম কৰি দিলে সমীক্ষাৰ ।
: খুনী হাঁহি তোমাৰ .. একুৰা জুই !
কৌশিকে উপমাৰে ভৰাই দিছে তাইক ।
: কিয়নো আমনি কৰি থাকা এনেকৈ ?
সমীক্ষাই কব বিছাৰিছিল । নকলে , কথা বাঢ়িব অহেতুক তাৰ সতে । ইয়াৰ পৰিৱৰ্তে দ্ৰুত গতিত ক্লাছ ৰুমলৈ হে গল তাই .. ফোপাই যোৱাকৈ খৰকৈ ।
: তোৰ সতে কথা আছে ।
তনয়াৰ কাষত বহি তাই কলে । প্ৰায়ে বৰ্ণম আৰু নিজৰ কথাবোৰ তনয়াকে কয় তাই.. তনয়াই আমনি পাই যোৱাকৈ । ক্লাছৰ মাছতো বেগেৰে মুৰ লুকুৱাই দুয়োজনীয়ে পাতি থাকে কথা । অধ্যাপক অধ্যাপিকা সকলৰো চিনাকি হৈ গৈছেগৈ দুয়োজনী ।
আজিও এফালৰ পৰা দুপৰীয়াতোৰ কথা কৈ গৈছে সমীক্ষাই ।
: কাইলৈৰ কাৰণে মই বহুত এক্সাইটেড্
উৎসাহেৰে কলে তাই ।
: দেখি ধৰিব পাৰিছো ।
: হিহি ..
হাঁহি নুগুচিবই যেন তাইৰ ।
: ইমান ভালপাৱ যেতিয়া কৈ নিদিয়' কিয় ?
: সি যে নুসুধেই ।
: সি সুধিলেহে কম বুলি ভাবি থাক এতিয়া । এনেকৈয়ে এদিন কলেজ শেষ হৱ । তেতিয়া পস্তাবি তই..
তনয়াৰ কথাষাৰে ভবাই তুলিলে সমীক্ষাক । এনেকৈয়ে যদি এদিন সমাপ্ত হৈ যায় কলেজৰ দিনবোৰ ...
এনেকৈয়ে যদি আধৰুৱা হৈ ৰয় কথাবোৰ ।
ছেহ... কিযে এই ছোৱালী হোৱাৰ লাজ ।
ছোৱালীয়ে যে প্ৰথম খোজটো দিব নোৱাৰে সম্বন্ধ এটা আগবঢ়াই নিবলৈ ।
: এটা কথা ক'ছোন ...
কিবা এটা ভাবি তনয়াক সুধিলে সমীক্ষাই ।
: কি ?
: মই যদি ছোৱালী জনী হৈ ফাৰ্ষ্ট ষ্টেপটো লওঁ.. বেয়া হব নেকি ?
: মুঠেও নহয় ।
তনয়াৰ কথাষাৰে সাহস দিলে তাইক ... একবিংশ শতিকাৰ ছোৱালী সিহত । এতিয়া আৰু এলান্ধুকলীয়া নিয়ম ভাঙিবৰ সময় হৈছে ।
ভাবি থাকে সমীক্ষাই... ভাবি ভাবি গঢ়ি থাকে মনৰ কাৰেঙ ।
ক্লাছৰ পাছত অচিনাকি নাম্বাৰ এটাৰ পৰা ফোন আহিল তাইলৈ ।
: হেল্ল '
: হেল্ল' সমীক্ষা শৰ্মা হয়নে ?
ইথাৰৰ তৰংগৰ সিপাৰে এটি নাৰীকণ্ঠ ।
: হয় কওক..
: মই ফিল'ছফীৰ HOD বাইদেৱে কৈছো ।
ভৰি কপিল সমীক্ষাৰ.. কিবা ভুল কৰিলে নেকি বাৰু তাই ?
*****
আগলৈ..
✍️Sangeeta Devi , Jorhat
( Love & Gratitude to all the Readers!🌸)
Comments
Post a Comment