জেবিয়ান..🦋 (খণ্ড -২১)

 


:  হয় বাইদেউ কওঁক ।

ভয়ে ভয়ে কলে সমীক্ষাই । 

: কালিলৈ চেন্ট্ৰেল টিচাৰচ্ মীট আছে আমাৰ । সেয়ে তোমালোকৰ ক্লাছবোৰ নহয় । মই তোমাক দায়িত্ব দিছো হা... খবৰটো যাতে সকলোৱে পায় ।


" ছেহ্...." মুখেৰে উলাব খোজা হুমুনিয়াহ টো কোনোমনে বাধা দিলে সমীক্ষাই । 


: ঠিক আছে বাইদেউ । 


 সাধাৰণতে এই গৰমৰ দিনকেইটা একেলেধাৰিয়ে ক্লাছ বোৰ কৰি আমনিও লাগে সিহতৰ । একেধৰণৰ এটা দুটা বিৰতি ভাল পাই সকলোৱে । তথাপি আজি ভাল নালাগিল সমীক্ষাৰ ।

কতহা দিনৰ পাছত তাই কথা পতাৰ পৰিকল্পনা কৰিছিল বৰ্ণমৰ সতে .. কিন্তু !


মনৰ মাজতে কথাবোৰ ভাবি ভাবি WhatsApp খুলি সকলোকে জনাই গৈছে ক্লাছ কেনচেল দিয়াৰ খবৰটো । ফুৰ্তিত কৱ নোৱাৰা হৈছে সকলোবোৰ ।

গেটৰ সন্মুখত কৌশিকক দেখি লুকাব পৰাকৈ তাৰে মাজতে ছাটিতোও মেলি লৈছে তাই । 


: বৰ্ণম কালিলৈ আমাৰ ক্লাছ নহয় । 


বৰ্ণমলৈ মেছেজটো চেণ্ড কৰে মানে টেম্পু ষ্টেণ্ড পালেহি তাই । 

প্ৰায় পঞ্চম শ্ৰেণীৰ পৰাই একেখিনি টেম্পুতে অহা যোৱা কৰাৰ বাবে টেম্পুৱালা দাদা কেইজনৰ বাবেও প্ৰায় চিনাকি হৈ পৰিছে সমীক্ষা। সেয়ে ক'ত যাব সুধাৰ প্ৰয়োজনবোধ নকৰে তেওঁলোকে । মাথো আঙুলিয়াই দেখুৱাই দিয়ে কোনখন টেম্পু খালী আছে । তাই খিৰিকীৰ কাষতে বহিবলৈ পাই পুণৰ এবাৰ চালে ফোনটো ।


: কিয় ? 


বৰ্ণমে মেছেজ দিছে তাইলৈ। টেম্পু খনলৈ গতি আহিছে তেতিয়া । তীব্ৰ যান য'তৰ বাবে গতিশক্তিয়ে কঢ়িয়াই অনা বতাহজাকো গৰম ।


: টিচাৰচ্ মীট আছে  সেইকাৰণে । 


: তুমি কিন্তু আহিবই লাগিব ।


অবুজ বৰ্ণম .. সমীক্ষাৰ হিয়াত ৰাগ শৃংগাৰ ! 


: কিয় আহিম ? ক্লাছ টো নহয়েই ।


: বেল... আমিযে লগপোৱাৰ কথা আছিল ।


প্ৰেমত পৰিলে প্ৰিয়জনে বেল বুলি কলেও ভাল লাগে নেকি বাৰু ? সমীক্ষাৰ ছোন খং উঠাৰ সলনি ওঠৰ ফাকেৰে সৰকি পৰিছে এটি হাঁহি । কাষতে বহা টেম্পুখনৰ মানুহ বোৰে দেখিছে তাইৰ হাঁহিটো । কিদৰে লুকুৱাই তাই.. জোৰকৈ দুপাট্টাখনেই ধাকি ধৰিছে মুখখন ।


:  আমি পৰহিলৈ লগ পাম দিয়া । মই মাক মিছাকে কৈ কলেজ আহিব নোৱাৰিম । 


সমীক্ষাই আলফুলে লিখিলে মেছেজটো ।


: জানিছিলোৱেই । 


বৰ্ণমৰ প্ৰতিক্ৰিয়া ।  প্ৰত‍্যুক্তৰৰ পুৰ্ৱধাৰণা কৰিব পৰাকৈ ইমান বুজি পায়নে বৰ্ণমে তাইৰ মনতো ।


: বেয়া নাপাবা তুমি ।


আকৌ লিখিলে সমীক্ষাই.. তাৰ সতে কথা বাৰ্তাবোৰত বিৰতি দিব বিছৰা নাই তাই  ।


: তুমি সব কথাতে মাৰ আচল খামুচি থাকা..মই কিয় বেয়া পাম ?


বৰ্ণমৰ অভিমান ... 


" মোৰ পৰিকল্পনা তুমি নাজানা বৰ্ণম ..  তুমি নকলে যে ময়েই কম তোমাক ভাল পাওঁ বুলি , শীঘ্ৰেই ।

তেতিয়ালৈকে এনেকৈয়ে থাকক অভিমানবোৰ "


মনতে ভাৱে তাই । ভাবি ভাবি ৰঙা পৰি যায় লাজতে। বৰ্ণমৰ প্ৰিয় ৰঙা !


: ভণ্টি নামা আকৌ । 


চালকৰ চীটৰ পৰা উভতি  তাইৰ দিশে চাই দাদাজনে কলে ।

ইছ ৰাম... কিমান দেৰিৰ পৰা ৰৈ আছে বাৰু টেম্পু খন । তাইনো বাৰু ইমান ভাবত বিভোৰ হৈ থাকিব লাগেনে ? 


লৰালৰিকৈ দুৱাৰখন খুলি টেম্পুৰ পৰা নামি ভাড়াতো আগবঢ়াই দিলে তাই । দাদাজনে তাই সদায়ে এইখিনিত নামে বুলি নজনা হলে হয়তো আজি বহু দুৰ পালেগৈ হেতেন সমীক্ষা ।


সন্ধিয়া চাহ খোৱাৰ পাছত পুৰণি কিতাপ বহীৰ আলমীৰাতো খুলিলে তাই । যিহেতু তাই প্ৰতিটো শ্ৰেণীৰে নামৰ ফলক বনাই  কিতাপ বহীবোৰ থয় সেয়ে অনায়াসে বিশেষ নুখুছৰাকৈয়ে বিছাৰি পালে নৱম শ্ৰেণীৰ অংকৰ ক্লাছৰ বহীখন । 


ডিস্টা কাগজৰ বহীখন এবাৰ মেলি চালে .. পৃষ্ঠা বোৰৰ পৰা ভাহি আহিছে নেফনেলৰ তীব্ৰ গোন্ধৰ লগতে এটি অমিয়া সুগন্ধি... অপৈণত প্ৰেমৰ । যিটো সুবাস তাইৰ বাহিৰে আন কোনেও বিছাৰি নাপাব তাত । প্ৰায়বোৰ পাততে আখৰবোৰ মিশ্ৰিত ,  তাইৰ আৰু বৰ্ণমৰ । শেষৰ ফালে লিখা আছে সংখ্যাৰ পৰিবৰ্তে এলফাবেটৰ যোগ বিয়োগ । 

" বৰ্ণম + সমীক্ষা " সমীকৰণ । কিমানযে নিষ্পাপ নিকলুষ আছিল সেই সময় , সেই ভালপোৱা ।  আচলতে প্ৰথম ভালপোৱা পাহৰিব নোৱাৰে পৃথিৱীৰ কোনো এজন মানুহেই । ভালপোৱা মানুহজন ৰৈ যায় .. কেতিয়াবা সংগী হৈ কেতিয়াবা হুমুনিয়াহ হৈ !

কিমান সৌভাগ্যৱান সেইবোৰ মানুহ যাৰ প্ৰথম প্ৰেম সফল , পঞ্চী আৰু পাৰ্থৰ দৰে ।

বিফলসকলৰ জীৱনত ৰৈ যায় এটি হাহাকাৰ । আহৰি পালেই উজাই আহে হয়তো স্মৃতিবোৰ বুকুৱেদি বিষ এটি হৈ ।   সমীক্ষাই সপোন দেখিছে সফল হোৱাৰ .. বৰ্ণমৰ হোৱাৰ ।

কিদৰে কব বাৰু তাই । সন্মুখত ? নে আওপকীয়াকৈ , নে সহায় লব WhatsApp অথবা মেছেঞ্জাৰৰ ।

ভাবি ভাবি অৱশেষত ঠিৰাং কৰে  নোট কপি কৰি থকা বহীখনৰ শেষৰ পৃষ্ঠাত লিখি দিব তাই  । যিহেতু তৃতীয় ষাণ্মাষিক পোৱাৰ লগে লগে বৰ্দ্ধিত হৈছে মেজৰৰ পেপাৰ , ক্লাছৰ সংখ্যা আৰু সময়সীয়াও ৪৫ মিনিটৰ পৰা এঘণ্টালৈ । বহু খিনিয়েই নোট জমা হৈছে । লিখি লিখি ভাগৰি পৰিছে সমীক্ষা । 

কিবা এটা ভাবি আলমীৰা টো সামৰি পঢ়াৰ টেবুলত বহেগৈ তাই .. এহাতে বহীকেইখন জাপি লৈ ।


                         ******


:ছোৱা তোমাৰ DP খন চাই আছিলো আৰু তুমিয়েই ওলালাহি সন্মুখত । 


বয়োজেষ্ঠ সকলে ঠিকেই কয় , "যতেই বাঘৰ ভয় ততেই ৰাতি হয় " বুলি  । জে বি কলেজৰ সুবিশাল কেম্পাচটোত ইমানবোৰ মানুহ থকাৰ পাছতো তাই সদায় কৌশিকৰ সন্মুখতে উলাইহি কিয় বাৰু । 


: কিয় চাই আছিলা মোৰ DP ?

অলপ সাহস গোটাই সুধে তাই ।


: তুমি যে বৰ মৰমলগা । 


উফ... এজনী নিচেই সাধাৰণ ছোৱালী সমীক্ষা । কেবাজনীও ধুণীয়া ছোৱালীৰ ভীৰৰ মাজত হেৰাই যাব পৰাকৈ , কাৰো চকুত নলগাকৈ সাধাৰণ  চেহেৰা তাইৰ  । তথাপি কৌশিকে প্ৰসংশা কৰাৰ এটা সুযোগো এৰি নিদিয়ে । 


: মাধো এই 70'S ৰ জমানাৰ হেয়াৰ ষ্টাইলটো এৰিবা।


তাইৰ চুলিখিনিৰ ফালে চাই কৌশিকে পুণৰ কলে । 


: মই এনেদৰে থাকিয়েই ভাল পাও‍ঁ ।


সৰুকৈ অথচ কৌশিকে শুণাকৈ কলে তাই ।


: তেন্তে উপায় নাই । As you Wish !


টু শব্দ এটা উচ্চাৰণ নকৰাকৈ ক্লাছ ৰুমৰ দিশে আগবাঢ়িল সমীক্ষা । আজি বিৰতিবিহীন ভাবে তিনিটা ক্লাছৰ অন্তত আছে ব্ৰেক ।  ক্লাছ ৰুমত সোমায়েই বৰ্ণমক বিছৰাতো তাইৰ অভ‍্যাস , নেদেখা লৈকে কিবা উশাষ নোপোৱাৰ দৰে লাগে ছোন ।  ঠিক শেষৰ বেঞ্চখনতে বহিছে সি আজিও.. লগত ঋষি আৰু পিংকু । সিহতৰ লগত কথা পতাৰ মাজতে তাইৰ দিশে চালে সি .. দুৱাৰমুখতে ৰৈ থকা সমীক্ষাৰ চকুত চকু পৰাত ধৰা পৰি যায় তাই । বৰ্ণমে ইংগিতেৰে তাইক ফোনটো চাবলৈ কলে । ততাতৈয়াকৈ তাই ডাটা কানেকশ্বন অন কৰি দেখিলে বৰ্ণমৰ মেছেজ ।


" অফ টাইমত 304 ৰ ওছৰৰ চিৰিটোলৈ আহিবা।"


মেছেজটো দেখিয়েই বুকুৱেদি পাৰ হৈ যায় পখিলা এজাক ।


" ঠিক আছে " ৰিপ্লাই টো লিখি নিৰ্দিষ্ট বেঞ্চখনত বহিল তাই । শিৱানী বাইদেউ সোমাই আহিল মৰমলগা হাঁহিটোৰে সৈতে ..

সহজ ভাষাত বাইদেৱে দিছে  ভাগৱত গীতাৰ আত্মাতত্বৰ ধাৰণা ।


' মানুহে যিদৰে পুৰণি জৰাজীৰ্ণ বস্ত্ৰ পৰিত‍্যাগ কৰে , আত্মায়ো জীৰ্ণ দেহ ত‍্যাগ কৰি নতুন দেহ ধাৰণ কৰে। আত্মাৰ যিহেতু জন্ম নাই , সেয়ে ইয়াৰ মৃত্যুও নাই।' 

সচাই গীতাত কিমান সুন্দৰকৈ দিয়া হৈছে আত্মাৰ ব‍্যাখ‍্যা। আজি ঘপককৈ দ্বিতীয় ষাণ্মাষিকতে হেৰুওৱা প্ৰিয়ালৈ মনত পৰিল সমীক্ষাৰ।

 দেহ আত্মাৰ আৱৰণ মাধো । এই দেহৰ নাশ হলেও আত্মা অবিনাশী । 

 মৃত্যু যিহেতু অনিবাৰ্য সেয়ে সেয়ে তাৰ বাবে দুখ অৰ্থহীন।

তথাপি আমি যে মায়াত বন্দী। দৈহিক দুৰত্বই কুৰুকি কুৰুকি শেষ কৰি দিয়ে মানুহক । আমি পাহৰি যাওঁ আত্মাৰ নিত‍্যতাৰ কথা। 

তেনেতে বেল পৰাত সমীক্ষাৰ ভাবত যতি পৰিল। গীতাতত্ত্বৰ পৰা ওলাই আহি চিত্ত চঞ্চল হল তাইৰ। আৰু মাথো দুটা ক্লাছ। তাৰ ঠিক পাছতে বৰ্ণমক লগ পোৱাৰ কথা।  

পলকতে পাৰ হৈ গল পাছৰ ক্লাছ দুটা। ৰঞ্জন ছাৰে বুজালে ডাৰউইনৰ জৈৱিক অভিব‍্যক্তিবাদ আৰু নীৰা বাইদেৱে সাংখ‍্য দৰ্শনৰ প্ৰকৃতি পুৰুষ তত্ব। 

শেষৰটো বেল পৰাত ক্লাছ ৰুমৰ পৰা ওলাই আহিল সমীক্ষা । আগে আগে বৰ্ণম। সমীক্ষাৰ বুকুত কিমান যে কল্লোল । প্ৰতিখোজতে ভালপোৱাৰ লহৰ।

304 নং কোঠাৰ চিৰিটোৰ কাষৰ বেলকনিসদৃশ ঠাইখিনিতে ৰৈ আছে বৰ্ণম , সমীক্ষা । 

নিৰৱতাৰ বৰফ ভাঙি কোনে আৰম্ভ কৰিব বাৰু কথোপকথন । 

ছেহ্...দেৱালখনত লিখা সমীক্ষাৰ কনফেশ্বনলৈ কেনেবাকৈ যদি চকু যায় তাৰ...তাই যে লাজতে কিবা হৈ যাব। 


: তুমিটো একেবাৰেই গুচি গৈছিলা বৰ্ণম । উভতি অহাৰ কাৰণ ? 


প্ৰশ্নটো সুধি তাৎক্ষণিক অনুশোচনা হল সমীক্ষাৰ। আৰম্ভণিতে এইটো কথা সুধাৰ প্ৰয়োজনীয়তা জানো আছিল । তথাপিও যে জানিবলৈ মন ! 


: বেয়া পাইছা নহয় তুমি ? 


: পোনপটীয়াকৈ সুধা কথা এটাৰ পোনপটীয়া উত্তৰ এটা দিব নোৱাৰিনে বাৰু ? 


: Actually , ডিগ্ৰী নোহোৱাকৈ জৱ এটা কন্টিনিউ কৰিবলৈ টান । so...


: অহ..


সমীক্ষাৰ শীতল উত্তৰ । কি আশা কৰিছিল তাই , বৰ্ণমে কৱ তোমালৈ মনত পৰিল বুলি??

নিজৰ ওপৰতেই হাঁহি উঠি গল তাইৰ , মানুহ ইমান স্বপ্নবিলাসী হোৱাও বেয়া ।


সমীক্ষাৰ চকুত পৰিছে বৰ্ণমে বিৰতিবিহীন ভাৱে চোবাই আছে কিবা এটা । গোন্ধটো তাইৰ সহ‍্য হোৱা নাই। 


: কি খাই আছা তুমি ? সমীক্ষাই এখন হাতেৰে নাকটো ধাকি সুধিলে ।


: ৰজনীগন্ধা । 

ভাব সাগৰত ছন্দপতন ঘটিল তাইৰ... ভালপাওঁ বুলি কৱ পাৰি জানো এনেকুৱা বস্তু খোৱা কাৰোবাক ।

নাই.. সলনি কৰিব তাই বৰ্ণমক ; বেগৰ পৰা পানী বটলতো উলিয়াই তাৰ দিশে আগবঢ়াই সমীক্ষাই কলে


: কুলকুলি কৰি আহা যোৱা । 


: কিয় ?


: Smell টো অলপো ভাল লগা নাই মোৰ । সেইসোপা নেপেলালে মই কথা নাপাতি যামগৈ !


কৰবাৰ পৰা সাহস গোটাই সমীক্ষাই কলে কথাষাৰ।

সি বাধ‍্যৰ দৰে পানী বটলতো লৈ বেলকনিটোৰ একেবাৰে কাষলৈ কুলকুলি কৰিবলৈ গ'ল।

সময়ৰ সতে যে কিদৰে সলনি হয় মানুহ.. এটা সময়ত তাইৰ লগত চেণ্টাৰ ফ্ৰুইট ভগাই খোৱা লৰাটোৱে ৰজনীগন্ধা খাই আজিকালি ।


: Thank you ! বৰ্ণমে উভোতাই দিয়া পানী বটলতো বেগত ভৰাই তাই কলে।


: ইমান ফৰ্মেল মই ভাল নাপাওঁ।


: নকও‍ঁ বাৰু আকৌ , তুমিও এইবোৰ হেবিট এৰিবা.. 

ভাল নহয়  খোৱাটো ।


: ট্ৰাই কৰিম । প্ৰমিছ্ কৰিব নোৱাৰো ।


: মোৰ কথা নুশুনিলেও মা দেউতাৰ বাবেই ..


: উম.. ঘড়ীটোলৈ কিয় চাই আছা ইমানকৈ।


: আমি যে পাচমিনিটৰ বাবেহে কথা পতাৰ কথা আছিল...


: বেল ! 


সমীক্ষাৰ বাক‍্যশাৰী শেষ নহওতেই বৰ্ণমে মুখৰ ভিতৰতে কলে। তলমুৰকৈ হাঁহিলে সমীক্ষাই। 


: পাচমিনিটহে কথা পাতিবা মানে ন?


: নহয় মানে তুমিহে কৈছিলা ।


: বাৰু এটা কথা কোৱাছোন , এই চাৰিবছৰে যে আমি অলপো লগ পোৱা নাছিলো । তেতিয়া তোমাৰ কোনোবা বয়ফ্ৰেণ্ড আছিল নেকি ?


: নাছিল ।


সেয়া তাইৰ জীৱনৰ ধ্ৰুৱ সত‍্য। বৰ্ণমৰ আগত বা পাছত কাৰোৰে তাই বুকুত অনুভৱ কৰা নাই পখিলা পখিলা সদৃশ আবেগ।


: কোনেও প্ৰপজ নকৰিলে তোমাক..Soo sad !


বৰ ৰস পোৱাৰ দৰে হাঁহিলে সি ...কৃত্ৰিম খং দেখুৱাই মুখ বেকা কৰে তাই ।


: আৰু তোমাৰ কোনোবা গাৰ্লফ্ৰেণ্ড ?


: নাছিল ।


: কোনেও এছেপ্ট নকৰিলে তোমাৰ প্ৰ'প'জেল...soo Sad! 


বৰ্ণমৰ দৰে একেটা সুৰতে কলে তাই ! বৰ্ণমে হাঁহিছে , হাহিঁছে তায়ো । এয়াইটো জীৱনৰ হিৰণ্ময়ী সময় 

জে বি কলেজ , এছাটি বৰ্ষাৰ শেষৰ বতাহ , এই অমলিন হাঁহিবোৰ , বৰ্ণম আৰু তাই ! 


: এটা কথা সমীক্ষা... তোমাৰ দৰে ছোৱালী মই জীৱনত লগ পোৱা নাই । ইমান দিনৰ পাছতো সেই একেজনীয়েই হৈ আছা । 


: জীৱনৰ যিকোনো পৰ্যায়তে তুমি যদি উভতি চালে তাহানিৰ মই জনীকে পাবা । I can assure you that .

 You are my escape বৰ্ণম । সবেই দিয়া ছোকা ছোৱালীৰ টেগটো পাহৰি তোমাক সন্মুখতহে ইমান কেয়াৰলেছ কৈ কথা পাতিব পাৰো মই ।


: English বোৰ বেছিকৈ কোৱা মাথো তুমি ।


ইস্ .. অতপৰে কোৱা মনৰ কথাবোৰ আওকাণ কৰি ইংৰাজীত কোৱা দুশাৰী বাক‍্যহে শুণিলে তাৰমানে এখেতে । সুতীব্ৰ অভিমান জাগিল তাইৰ ... বৰফৰ দৰে পলকতে গলি যোৱা অভিমান । 


: কমকৈ ইংলিছ কম দিয়া এতিয়াৰ পৰা । 


তেনেতে  ইংৰাজী বিভাগৰ অধ্যাপক এজন সেইফালেদি পাৰ হৈ গল । বেল পৰাৰ সময় হৈছে তাৰমানে । কিমান বিশেষ হলে কাৰোবাৰ সৈতে থাকোতে মানুহে পাহৰি যায় সময়ৰ হিচাপ । 

সচাই প্ৰথম সদায় প্ৰথমেই , সেয়া লাগিলে জীৱনৰ প্ৰথম ঘৰখনেই হওক , স্কুল খনেই হওঁক অথবা ভালপোৱাই হওঁক ; 

প্ৰথম সদায়েই বিশেষ 

সদায়েই সজীৱ !


বেল পৰিছে , নন মেজৰৰ ক্লাছৰ সময় হৈছে । 


: মোৰ বাবে ক্লাছ মিছ কৰিবানে তুমি ?

বৰ্ণমে সুধিলে । নীতিশাস্ত্ৰত থকা কৰ্তব্যৰ দ্বন্দত ভুগিছে সমীক্ষা (Conflict of Duties ) ।

ক্লাছটো কৰিব নে কথা পাতিব তাৰ সতে ? 

মগজুৱে কৈছে বল .. মনে কৈছে ৰৈ যা , আকৌ জানো কেতিয়াবা ফিৰাই পাবি এই সময় ?

নাই ক্লাছেই কৰিব তাই ... জে বি কলেজ হৃদয় চহৰ হোৱাৰ পুৰ্ৱে জ্ঞান মন্দিৰহে তাইৰ বাবে ।


: তনয়া ৰৈ থাকিব নহয় । সৰুকৈ কলে তাই ।


: ঠিক আছে যোৱা ।


বৰ্ণমৰ অনুমতি পাই যাৱলৈ সাজু হল তাই ।

" ইনেও কি কবলৈ মাতিছিলো পাহৰিয়েই গলো "

মুখৰ ভিতৰতে আনে নুশুনাকৈ কোৱা কথাষাৰ শুণিলে তাই ।


" চিন্তা নকৰিবা বৰ্ণম । তুমিটো নাজানা কিদৰে মানসিক ভাৱে বহু দুৰ আগুৱাই আহিছো মই । কিদৰে তোমাৰ বাবে লিখি আছো নোটবোৰ। তুমি একোৱেই নাজানা " 


মনতে ভাবিলে তাই । চকুৱে মুখে লাজৰ পলাশী ৰং .. যিমানে খোজ আগলৈ দিছে সিমানে থৌকি বাথৌ লাগিছে মনটো তাইৰ ।

মুখৰ ভিতৰতে গুণগুনাইছে এইমাহতে ৰিলীজ হবলৈ সাজু হোৱা  বোলছবি 'MS Dhoni : The Untold Story' ৰ গীত , 


" Kaun Tujhe yoon pyar karega 

Jaise main karti hoon "


আজি বহু কথাই কব লগীয়া আছে তাই তনয়াক ।

                     *****

আগলৈ.. 

✍️Sangeeta Devi , Jorhat

Thank you so much dear Readers🦋

Comments