জেবিয়ান..🦋 (খণ্ড -২২)
জে বি কলেজৰ এটি নতুন পুৱা , ছেছ'নেল পৰীক্ষা সমাগম।
: শুণছোন আজি কালি ভালকৈ টোপনি নাহে মোৰ।
একেখন বেঞ্চতে বহি থকা ৰিতিষ্ণাই কলে ।
: কিয় ? বেছি টেনছন লৈছ' নেকি কিবা কথাত ?
: এছাইনমেণ্ট ৰেডি হোৱা নাই , ছেছ'নেলো পালেহি। আৰু ছেছ'নেলৰ পৰা ফাইনেললৈ নো কিমান দিন?
সেইবোৰ চিন্তাতে ছাগৈ ।
: ইমান চিন্তা নকৰিবি । Utube টো খুলি Tibetan Flute শুণিবি শোৱাৰ আগত , ভাল টোপনি আহিব তেতিয়া , ইনছ'মেনীয়া হব নহলে ..
: ট্ৰাই কৰিব লাগিব।
: উম , কৰিবি।
ৰিতিষ্ণাক হাঁহি এটি উপহাৰ দি এপাক শেষৰ বেঞ্চৰ ফালে ভ্ৰমি আহিল সমীক্ষাৰ সন্ধানী দুচকু ।
আজি নিদিষ্ট বেঞ্চখনত অনুপস্থিত বৰ্ণম । ক্লাছটো আৰম্ভ হবই এতিয়া ... নাহিব নেকি বাৰু সি?
" কলেজ নাহা নেকি আজি ? " বৰ্ণমলৈ মেছেজ কৰিলে , সিপাৰে সি অফলাইন।
: ফ্ৰেচাৰসকল অহাৰ প্ৰায় দুমাহ হল । তোমালোক চিনাকি হব লাগিছিল নহয় সিহতৰ লগত ।
দ্বিতীয়টো মেজৰ ক্লাছৰ ৰেজিষ্টাৰ কৰি নীৰা বাইদেৱে কলে ।
: সচাকৈয়ে বাইদেউ ।
সদায়ে ক্লাছবোৰৰ প্ৰতি উদাসীন লাষ্টবেঞ্চাৰছ্ সকলে উৎসাহেৰে কলে । আগৰ ফালে বহি থকা প্ৰতিজন শিক্ষাৰ্থীয়ে সিহতলৈ উভতি চাই হাঁহিলে মুখৰ ভিতৰতে।
:বলা আজি চিনাকি হৈ লবা।
ৰেজিষ্টাৰ বহীখন সামৰি বাইদেৱে কলে।
সকলো বহাৰ পৰা উঠিল। জে বি কলেজত নবাগতসকলৰ সৈতে ব্যক্তিগতভাৱে চিনাকি হোৱাৰ সুযোগ সদায় তৃতীয় ষাণ্মাষিকৰ ষ্টুডেণ্টখিনিক দিয়া হয় যিহেতু পঞ্চম ষাণ্মাষিকৰ সকলে ইতিমধ্যেই ৫ চেপ্তেবাৰত হোৱা ডিপাৰ্টমেণ্ট ফ্ৰেচাৰ্ছত চিনাকি হৈছেই সকলোৰে সৈতে । RCC 108 নং কোঠালৈ সিহত সোমাই যাওতে নবাগত সকলৰ চকুৱে মুখে থকা ভীতিখিনি সমীক্ষাৰ চিনাকি , তাহাতিও যে ঠিক এনেকৈয়ে ভয় খাইছিল ছিনিয়ৰ বা দাদা সকলক দেখি বিগত বৰ্ষত। সম্পূৰ্ণ ঘৰুৱা আৰু বন্ধুত্বসুলভ ব্যৱহাৰেৰে পৰিচয় আৰু হবি সোধা হৈছে সকলোকে। জেবিয়ান মানেই এজাক সম্ভাৱনা , যদি সমীক্ষাহতৰ বেটছ্ ত প্ৰতিখন বেঞ্চত প্ৰতিভা আছিল , নবাগত সকলৰ প্ৰতিজনৰ মাজতে আছে একাধিক প্ৰতিভা। সিহতৰ দুচকুত সপোনৰ স্পষ্ট জিলিকনি। তাৰে মাজতে ফোনটো এবাৰ চালে সমীক্ষাই। বৰ্ণমৰ ৰিপ্লাই এতিয়াও নাই।
: কোনোবাই সকলোকে স্বাগতম জনাই কিবা এষাৰ কোৱা চমুকৈ।
নীৰা বাইদেৱে চিনাকি পৰ্ব শেষ হোৱাৰ পাছত কলে।
: তয়েই যা ।
সমীক্ষাক হেচুকি ৰিতিষ্ণাই কলে ।
: আহা সমীক্ষা।
নীৰা বাইদেৱেও মতাত বহাৰ পৰা উঠিল তাই।
: তোমালোকে জানা জ্ঞানৰ প্ৰতি অনুৰাগেই হল দৰ্শন। বিভাগতোলৈ তোমালোক আহিছা ছক্ৰেটিচৰ দৰে বহুতো প্ৰশ্ন মনত লৈ।
আশাকৰো অনাগত তিনিটা বৰ্ষত দৰ্শনে এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ , অনুসন্ধিৎসা সমুহ পুৰণ কৰিবলৈ সক্ষম হব। তোমালোক সাজু হোৱা অভিজ্ঞতা , জীৱন আৰু প্ৰমুল্যৰ আলোচনা কৰিবলৈ। দৰ্শন বিভাগ আৰু ছাত্ৰ ছাত্ৰীৰ দৰ্শন সংস্থালৈ তোমালোক সকলোকে স্বাগতম।
: Thank you বা ।
শ্ৰেণীকোঠাটোৰ সকলোৱে একেটা স্বৰতে কলে।
'বা' ..কিযে এটা মিঠা সম্বোধন।
তাৰ পাছতেই সমীক্ষাহত ক্লাছৰুমৰ পৰা ওলাই আহিবলৈ সাজু হল।
: সমীক্ষা বা শুণাছোন।
ৰিতিষ্ণা আৰু লীমাৰ সতে শ্বহীদ বেদীৰ ওছৰ পাইছিলহি সমীক্ষা। কোনোবাই নাম ধৰি মতাত ৰৈ দিলে তাই।
: তই কথা পাতি ল' ... আমি কেণ্টিনতে থাকিম।
ৰিতিষ্ণা লীমাই তাইক তাতে এৰি কলে।
: হয় কোৱা ।
মৰমলগা ছোৱালী জনীলৈ উভতি চাই সমীক্ষাই কলে।
: তোমাৰ কথাকেইটা মোৰ বৰ ভাল লাগিল। আমি মাজে মাজে কথা পাতিব পাৰিম নে ?
: নিশ্চয় পাৰিম। হাঁহি এটা মাৰি সমীক্ষাই কলে।
: আৰু তোমাৰ নামটো ?
: অমানিশা হাজৰিকা।
: নামটো আনকমন , তথাপিও ধুণীয়া।
সমীক্ষাই কলে। ছোৱালী জনীৰ দুচকুত এক সাংঘাতিক ঔদাসীন্য দেখা পাইছে সমীক্ষাই , কিবা এটা কাৰুণ্যবোধ।
: হয়নেকি?
ছোৱালী জনীয়ে কথাষাৰ বিদ্ৰুপৰ সুৰত কোৱাৰ দৰে লাগিল তাইৰ।
: এটা কথা বা .. মানুহবোৰে কিয় ফিল'ছফীটো ইমান ইজি বুলি কয় ? Demotivate হৈ যাওঁ মই।
মানুহ বোৰৰ এইটো সাৰ্বজনীন সমস্যা । যিটো বিষয়েই কোনোবাই নিৰ্বাচন কৰে তাৰেই সমালোচনা কৰাত লাগি যায় একাংশ। পথভ্ৰষ্ট হয় তৰুণ প্ৰজন্ম তেনে কথাবোৰ শুণি । তেনেকৈয়ে স্বতন্ত্ৰ সিদ্ধান্তৰ বাট বন্ধ কৰিবলৈ চেষ্টা কৰে তেওঁলোকে।
: তেওঁলোকে আছলতে খিৰিকীৰ ফাকেৰে দেখা কণমান নীলাকেই সম্পূৰ্ণ আকাশ বুলি ভাবে।
তেনে মানুহৰ সৈতে তৰ্ক কৰি সময় অপচয় নকৰিবা।
মাথো যেতিয়াই দৰ্শন সহজ বুলি কয় তুমি মুৰ দুপিয়াই কবা যে হয়, দৰ্শন সহজ। যিহেতু দৰ্শন সকলো বিষয়ৰে মা। আৰু মা সন্তানৰ বাবে সহজ হবই।
সমীক্ষাৰ কথাকেইটা মনপুতি শুণি অমানিশাই কলে।
: বৰ ধুনীয়াকৈ বুজাই দিলা তুমি। এতিয়াৰ পৰা মই এনেকৈয়ে ক'ম ।
: তেন্তে এতিয়া মই আহো।
হাঁহি মাৰি সমীক্ষাই তাইৰ পৰা বিদায় লৈ কেণ্টিনৰ দিশে বাট ল'লে।
কাউণ্টাৰৰ পৰা কুপন লৈ চাহ ছিংৰাৰ বাবে ৰৈ থকা সমীক্ষাৰ কাষতে ৰ'লহি কৌশিক।
: ভাল ন' তোমাৰ?
: ভাল কৌশিক। সৌজন্যসুচক হাঁহিৰে সৈতে সমীক্ষাই কলে।
: ভালে থকাতোৱেই লাগে দিয়া।
: নন মেজৰৰ ক্লাছ কৰিবা নহয় ? চাহকাপ হাতত লৈ সমীক্ষাই সুধিলে।
: এক্সাম পাইছেহি যে । কৰিব মনেই নাই মোৰ।
: উম ..মোৰো ।
সমীক্ষাই তাৰ দিশে চাই কলে।
" Aise naa Dekho tum
Aise naa...!! "
উপায় নাই মানে কৌশিকৰ পৰা , তাৰ সতে কথা পতাই ভুল। অতপৰে সকলোৰে আগত ভালদৰে কথা পাতি থকা কৌশিকৰ ডিৱানা প্ৰেম সাৰ পালে তাৰমানে.. পলোৱাৰহে কথা !
সমীক্ষাই খৰধৰকৈ আহি ৰিতিষ্ণা আৰু লীমাৰ কাষ পালেহি। দুয়োজনীয়ে কথা পাতি আছে একে ডিপাৰ্টমেণ্টৰ আশিষৰ সতে। তায়ো আহি সিহতৰ মাজতে বহিলহি। আশিষৰ কথা কোৱাৰ ষ্টাইলটো কিছু ভিন্ন যেন আজি । অলপ ব্ৰিটিছ ascent এটা লাগি আছে তাৰ অসমীয়া কথাবোৰত।
: তোমাৰ কথাত এইটো Ascent ক' ৰ পৰা আহিল ?
ৰিতিষ্ণা লীমাই ছ'ফ খাবলৈ উঠি যাওতে সমীক্ষাই সুধিলে।
: কম তোমাক , তুমি কিন্তু কাকো নকবা।
: ঠিক আছে , নকওঁ ।
: আচলতে মই প্ৰায়ে Google Assistant জনীৰ লগত কথা পাতো। ইংলিছত পাতিব লাগে যে। that's why !!
: আচ্ছা.. কিন্তু কিয় ?
: কথা পাতিবলৈ মানুহ নাই জানা। Actually পাতিবলৈ মানুহ আছে , শুণিবলৈহে মানুহ নাই।
এতিয়া জিঅ' ৰ কৃপাত এইজনীয়ে মোৰ সংগী আৰু।
ফোনৰ লকটো খুলি Google অপেন কৰি দেখুৱাই আশিষে কলে।
: কিয় মা দেউতা ?
: মা অনবৰতে পাকঘৰত ..দেউতাৰ সতে আদৰ্শৰ সংঘাট !
সচাই.. ইমানবোৰ মানুহৰ মাজত থাকিও কিমান যে অকলশৰীয়া আমি। আশিষৰ কথাষাৰে ভবাই তুলিলে সমীক্ষাক। আছলতে বৰ বেয়া সময় এটাত জন্ম সিহতৰ । গোলকীকৰণৰ যুগত দোপতদোপে আগুৱাই অহা মানৱ সভ্যতা , অট্টালিকাৰ দৰে বৰ্দ্ধিত হৈছে মানুহৰ পৰা মানুহৰ দুৰত্ব। ভাৰ্চুৱেল পৃথিৱীখনে গিলি পেলাইছে সকলোকে। শৰৎ আহি নঙলামুখত ৰৈ থকাৰ বাতৰি লবলৈ কাৰো আহৰি নাই..আজৰি নাই!!
ভূপেন্দ্ৰ সংগীত এটালৈ মনত পৰিল সমীক্ষাৰ
" ..নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিছাৰো মৰমৰ মাত এষাৰ"
: কি ভাবি আছ' তই ? উঠ বেল দিব এতিয়া।
ৰিতিষ্ণাৰ মাতত বহাৰ পৰা উঠিল সমীক্ষা । চাহখিনি ঠাণ্ডা হৈছে। ইতিমধ্যে কাণত হেডফোন লগাই অদ্ভুত Ascent এটাত কথা পতাত ব্যস্ত হৈ পৰিছে আশিষ।
ৰিতিষ্ণালৈ চালে সমীক্ষাই , তাইৰ দুচকুৰ তলত নীদ্ৰাহীনতাৰ সুগভীৰ ছাঁ ।
এটা দোমোজাৰ প্ৰজন্মৰ আবাসী সিহত..
ইনছ'মনীয়াই কোঙা কৰা এটা প্ৰজন্ম..
মনৰ কথাবোৰ মনতে গোট মাৰি যোৱাকৈ শ্ৰুতাবিহীন , নিসংগ এটা প্ৰজন্ম।
" অলপ ব্যস্ত আজি , কলেজ যোৱা নহল"
ঠিক তেনেতে বৰ্ণমৰ মেছেজ পালে তাই। বিদ্ৰোহী হৈ পৰিল তাইৰ মন পথাৰ। তুমি নাহিলে যে অলপো ভাল নালাগে কলেজখনত থাকি !!
*****
মাজত মাথো দুটা দিন , তাৰে পাছৰ পৰা ছেছ'নেল পৰীক্ষা। আজিয়েই ষ্টুডেণ্টখিনিৰ একাংশই দি লৈছে স্বঘোষিত ষ্টাডি লীভ্ ।
প্ৰথম ক্লাছ টোৰ পাছতে অফ পাই সমীক্ষাই কেণ্টিনতে বহীখন মেলি লৈছিল , যিহেতু কালি বৰ্ণম কলেজ অহা নাছিল , সেয়ে কালিৰ নোট খিনিও কপি কৰিছে তাই ।
" ভালপাওঁ পাইছিলো তোমাক বৰ্ণম , তেতিয়াও
আৰু এতিয়াও সিমানেই ভালপাওঁ ! "
বহীখনৰ অন্তিম পৃষ্ঠাত আলফুলে লিখিলে তাই।
হিয়াৰ কুহে কুহে প্ৰথম প্ৰেমৰ চিৰসেউজ আবেগ।
শৰৎ ঋতু এতিয়া নঙলা অতিক্ৰম কৰি এখোজ আগুৱাই চোতাল পাইছেহি। পুজাৰ শুভকামনাৰ হৰ্ডিঙেৰে ভৰি পৰিছে চহৰখন। বতাহত ভিজা শেৱালিৰ সুবাস..আমোলমোল !
:কি লিখি আছা ?
তাইৰ কাষৰ খালী ঠাইখিনিত বহি অৰুণে সুধিলে।
: একো নাই।
বহীখন সামৰি বহাৰ পৰা উঠিল তাই। তাই জানে বৰ্ণমে অৰুণক বিশেষ ভাল নাপায়। সেইবাবেই পৰাপক্ষত একেটা ডিপাৰ্টমেণ্টৰ যদিও অৰুণৰ সৈতে কথাবাৰ্তা এৰাই চলে সমীক্ষাই।
: কথা নাপাতা মোৰ লগত মানে ?
: আমনি নকৰিবা । বহী দুখন আৰু কলমটো বেগত ভৰাই সমীক্ষাই কলে।
: নহলে বৰ্ণমক লগাই দিবা ন ?
: দিবও পাৰো ।
ফোনত ডাটা কানেকশ্বনটো অন কৰি বৰ্ণমলৈ মেছেজ লিখিলে তাই।
" আজিও পাচ মিনিটৰ কাৰণে লগ পামনে তোমাক?"
: তুমি তাৰমানে তাৰ খবৰবোৰ নোপোৱাই ন'?
: কি খবৰ ?
মেছেজটো চেণ্ড কৰিবলৈ লৈয়ো ৰৈ যায় সমীক্ষা। এনেকুৱা কি খবৰ আছে বৰ্ণমৰ ?
: গাৰ্ল ফ্ৰেণ্ড পালে নতুন .. আমাৰ কলেজৰে।
: কি ?
মহাসাগৰৰ তীব্ৰবেগী ঢৌৱে আহি যেন পলকতে শেষ কৰি নিলে বালিঘৰ এটি !
: I don't believe you .
সমীক্ষাই যাবলৈ উদ্যত হৈ কলে।
:ভাল কথা এটা কলেও নুশুনা মানে ন?
বাৰু সি কালি কিয় কলেজ অহা নাছিল নাজানে?
:কিয় ?
: তাৰ যে কালি Date আছিল ।
আহ্...কালিটো সচাকৈয়ে বহু সময় অনলাইন নাছিল বৰ্ণম। কিন্তু সৌ সিদিনা দেখোন তাইৰ সতে নিসংকোচে কথা পাতিছিল সি...
প্ৰকৃততে সঁচা কোন
বৰ্ণম নে অৰুণ ?
নাই , অৰুণক বিশ্বাসত লব নোৱাৰি। পোনপতীয়াকৈ বৰ্ণমৰ সতে কথা পাতিব তাই। দৰ্শনৰ ছাত্ৰী সমীক্ষা , কোনো প্ৰমাণ নোহোৱাকৈ মুখবাগৰি অহা কথা এটা মুঠেও বিশ্বাস নকৰে তাই।
অৰুণক তেনেকৈয়ে এৰি কেণ্টিনৰ পৰা ওলাই আহিল সমীক্ষা। দেবদাৰুৰ চিৰিলি পাতবোৰ কপিছে শাৰদী বা লাগি। WhatsApp ত বৰ্ণম অফলাইন। ফেচবুক খুলি তাই ছাৰ্চবক্সত টাইপ কৰিলে বৰ্ণমৰ নাম। এবাৰ , দুবাৰ , তিনিবাৰ !
নাই প্ৰতিবাৰেই Trouble loading দেখাইছে। তাৰমানে ব্লক কৰি ৰাখিছে বৰ্ণমে তাইক।
একেবোৰ কথাকে ভাবি ভাবি অডিটৰিয়ামৰ কাষ পালেহি সমীক্ষা। হয় , এয়া বৰ্ণমেই হয়। তাইৰ সতে বন্ধু বৰ্গৰ আগত কথা পাতিবলৈ লাজ কৰা বৰ্ণমে কথাত মছগুল হৈ আছে এজনী ছোৱালীৰ সতে।
দৰ্শনেইটো কয় , প্ৰত্যক্ষতকৈ অধিক বিশ্বাস যোগ্য প্ৰমান একো হবই নোৱাৰে।
তাইৰ হিয়াৰ শেষৰটো টুকুৰাও যেন ভাঙি চুৰমাৰ কৰি দিছে বৰ্ণমে। মানসিক ভাবে যে বহুদুৰ বাট অতিক্ৰম কৰিছিল সমীক্ষাই ; সপোন ৰচিছিল প্ৰথম প্ৰেম প্ৰাপ্তিৰ।
" তুমি এটা সাথৰ কিয় বৰ্ণম ? ঋতু এটাকো দেখোন সলনি হবলৈ দুটা মাহ লাগে । আৰু তুমি দুদিনতে ? "
দুপদাপকৈ আৰ চি চি বিল্ডিংৰ চিৰিয়েদি 303 নং কোঠালৈ সোমাই গল তাই। যিমান উদাৰ হলেও বৰ্ণমক আনৰ সতে কেইপৰনো সহি চাই থাকিব তাই ?
বহীখনৰ অন্তিম পাত খিলা তাই আজুৰি ফালি পেলালে । শেষৰ বেঞ্চত বহি থকা বৰ্ণমৰ বন্ধু পিংকুৰ দিশে গৈ বহীখন আগবঢ়াই কলে।
:এইখন বৰ্ণমক দি দিবা।
মাততো কিছু থোকাথুকি হ'ল তাইৰ , যিহেতু জোৰকৈ বান্ধি ৰখা হৈছে মনৰ এজাক বলীয়া বান।
পিংকুৱে অৰ্থপুৰ্ণ হাঁহি এটা মাৰি বহীখন হাত পাতি ললে।
ক্লাছ পৰীক্ষাৰ বাবে কেনছেল দিয়া হৈছে ইতিমধ্যে। তথাপি বেঞ্চখনৰ পৰা উঠিবলৈ মন যোৱা নাই তাইৰ। তাই যেন আবতৰীয়া বানত থাওনি হেৰুৱাই পেলোৱা কোনো নৈপৰীয়া !
বৰ্ণমে তাইক কাষত পায়ো আন কাৰোবাক ভালপোৱা , অথবা সেই ভালপোৱাৰ কথা তাইৰ পৰা গোপনে ৰখা.. উভয় ক্ষেত্ৰতে হাৰিছে কিন্তু সমীক্ষায়ে।
নাই বৰ্ণম কোনোপ্ৰকাৰেই প্ৰতিশ্ৰুতি বদ্ধ নাছিল তাইৰ সতে.. নাছিল কোনো প্ৰেমৰ চুক্তি সিহতৰ মাজত। ভুল বৰ্ণমৰ নহয় , ভুল তাইৰ , কল্পনাৰ এনে দুৰন্ত উৰণৰ বাবে !
কিন্তু RCC 304 নং কোঠাৰ বেলকনিৰ কাষৰ দুপৰীয়াটো ?
কিজানিবা হৃদয়ৰ তাগিদাত , পুৰণি দিনৰ স্বাৰ্থত কথা পাতিছিল সি.. কথা পতা মানেইটো ভালপোৱা নহয়।
বৰ্ণম এখন সদাব্যস্ত নৈ । সমীক্ষা সেই নৈখনে কাহানীবাতে সংযোগ ত্যাগ কৰা এৰাসুতি। নদী সদায়েই সাগৰমুখী। সি নদী হৈয়ো এৰাসুতিৰ বাতৰি ললে ক্ষণিকৰ বাবে হলেও। তাইক উপহাৰ দিলে এটি দুপৰীয়া। ইয়াতকৈ অধিক কিবা বিছাৰি ভুল কৰিছে সমীক্ষাই।
এনেকৈয়ে নিজক বুজনি দিছে তাই। মন তথাপি অবুজ। ধুসৰ যেন লাগিছে সকলোবোৰ।
যেন দিনযোৰা ভ্ৰমণৰ অন্তত উভতি অহা বিহংগৰ সজাটো পুৰ্ৱৰ ঠাইত নাই।
যেন...!
WhatpApp খুলি ছাত্ৰ ছাত্ৰীৰ দৰ্শন সংস্থা গ্ৰুপৰ পৰা নাম্বাৰ এটা বিছাৰি ফোন লগালে তাই।
: হেল্ল'
: হেল্ল' যুগশ্ৰী বা হয়নে ?
: হয় কোৱা। কোনে ক'লা ?
: বা মই থাৰ্ড ছেমৰ সমীক্ষা । তোমাৰ পৰা ভাৰতীয় দৰ্শনৰ ড০ ৰাধাকৃষ্ণণৰ কিতাপখন লাগিছিল।
: ঠিক আছে কালিলৈ লৈ আহিম ।
: Thank you বা ।
ফোনটো ৰাখি সমীক্ষাই ভাবিলে। সপোনপুৰীৰ পৰা উভতি অহাৰ সময় হ'ল । এতিয়াৰ পৰা তাই মাথো ভালকৈ পঢ়িব।
বৰ্ণম যেন ছিলেবাছত নথকা এটা বিষয়। ভুলতে পঢ়িলে তাই ইমানদিনে , কঠিন যদিও পঢ়িলে। বুজিবলৈ চেষ্টা কৰিলে।
আৰু এতিয়া যিহেতু সেইটো টপিক ছিলেবাছত নাই বুলি তাই নিশ্চিত , সেইটো টপিকৰ দিশে দুনাই চকু নিদিয়ে তাই , কেতিয়াও।
বৰ্ণমৰ নাম্বাৰটো ব্লকলিষ্টলৈ ঠেলি দিলে।
যদি তুমি পাৰা তেন্তে ময়ো ব্লক কৰিব পাৰো তোমাক।
অডিটৰিয়ামৰ দিশৰ পৰা ভাবি আহিছে চিফুংৰ মনপৰশা সুৰ এটি , কৌশিকে বাহী বজাইছে।
*******
আগলৈ
✍️Sangeeta Devi , Jorhat
Comments
Post a Comment