জেবিয়ান..🦋 (খণ্ড -২৩)
ৰীতা চৌধুৰী বাইদেউৰ দেও লাংখুই শীৰ্ষক উপন্যাসখনৰ এপৃষ্ঠাত আছে ,
" হিয়াৰ আমঠু কাঢ়ি লৈ গলে মানুহ জানো জীয়াই থাকিব পাৰে ? "
সচাই মাথো উশাষৰ উঠা নমাইটো জীয়াই থকা নুবুজাই। মৃত্যু প্ৰকৃততে জটিল নহয় , জটিল জীৱিত অৱস্থাত পোৱা মৃত্যু সম যাতনাহে।
জীৱন যাপন সহজ , কঠিন উদযাপনহে!
চাটলিষ্টৰ পৰা মানুহ আতৰাব পাৰি , হৃদয়ৰ পৰা যে নোৱাৰি কোনোপধ্যেই। ভালপোৱা যে কেতিয়াও একেবাৰে শেষ হৈ নাযায়।
"জানো নহয় মোৰ সমান , মোৰ দৰে তোমাক কোনেও ভাল পাব নোৱাৰে" এইকথাটোত সমীক্ষা সাংঘাতিক অহংকাৰী।
: সমীক্ষা সোনকালে আহা । পাচমিনিটতে আৰম্ভ হব পৰীক্ষা।
RCC 301 নং কোঠাৰ ওছৰতে খোজ ৰৈ যোৱা সমীক্ষাক 303 কোঠাৰ দুৱাৰমুখতে ৰৈ থকা পপী বাইদেৱে মাতিলে , তেওঁ নতুনকৈ জইন কৰিছে দৰ্শন বিভাগত।
সমীক্ষাৰ ছোন সেই ৰুমটোলৈ যাৱলৈ সাহস হোৱা নাই। বৰ্ণমৰ সতে মুখামুখি হবলৈ মানসিক ভাৱে সাজু নহয় যেন সমীক্ষা।
অনিচ্ছাসত্বেও খোজৰ গতি খৰ কৰিলে তাই।
ক্লাছ ৰুমটো ভৰি আছে ষ্টুডেণ্টেৰে। প্ৰতিখন বেঞ্চৰে দুটামুৰত দুজনকৈ বহিবলৈ দিয়া হৈছে। খালী হৈ আছে মাথো এটা ছিট্। তাকো বৰ্ণমৰ আগৰ বেঞ্চখন , তাতে আকৌ বেঞ্চখনৰ আনটো মুৰত বহি আছে অৰুণ। নিজলৈকে পুতৌ উপজিল তাইৰ।
উপায় নাই , বৰ্ণমৰ আগত আৰু অৰুণৰ কাষতে বহিব লাগিব আজি।
বেঞ্চখনত বহাৰ পাছত তাই এটি দীৰ্ঘনিশ্বাস এৰিলে।
কলিজাত বিৰতিবিহীন ভাবে বাহিছে ঢিপ্ ঢিপ্..
পপী বাইদেৱে দি যোৱা প্ৰশ্নকাকতখন মুহূৰ্ততে এৰাই গল তাইৰ হাতৰ পৰা , বতাহজাকৰ অজুহাত লৈ।
সমীক্ষাই উভতি চাই মানে বৰ্ণমে তলতৈ চাপৰি প্ৰশ্নকাকতখন তাইৰ হাতত তুলি দিলে। তাৰ দিশে এবাৰো নোছোৱাকৈ পেপাৰখন হাত পাতি ললে সমীক্ষাই। ধন্যবাদ এটাও কৱ নোৱাৰাকৈ তাইৰ ওঠযুৰি সী ৰাখিছে কিবা এটাই।
সিয়োটো ধন্যবাদ জনোৱা নাই বহীখনৰ বাবে।
( বৰ্ণমে যে ফৰ্মেল হলে বেয়া পায়..!)
প্ৰথম প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ আৰম্ভ কৰোতেই আকৌ উৰি গল প্ৰশ্নকাকতখন.. ওপৰত ফুল ষ্পীডত চলি থকা ফেনখনলৈ ঘোপাকৈ চালে তাই..
যেন এতিয়াই সেইখনৰ বিৰুদ্ধে এজাহাৰ জাৰি কৰিব ।
পুনশ্চ বৰ্ণমেই তুলি দিলে পেপাৰখন।
এইবাৰ সমীক্ষাই পানী বটল , হাতঘড়ী আনকি চচমাযোৰো খুলি প্ৰশ্নকাকতখনৰ ওপৰত তুলি দিলে।
: কানফুলিযোৰো তুলি দিয়া পেপাৰ খনৰ ওপৰত..
কাষতে বহি থকা অৰুণে মুখৰ ভিতৰতে হাঁহি কলে।
: মই ফুলি নিপিন্ধোৱে।
চেপা মাতেৰে সমীক্ষাই কলে , যাৰ কঠোৰতা সহিব নোৱাৰি উত্তৰবহীত মন দিলে অৰুণে।
শৰতে আহি টোকৰ মাৰিছে দুৱাৰমুখতে ৰৈ...পুজা বুলিলেই মনতো উৰি থকা সমীক্ষাৰ মনত নাই এতিয়া কোনো উলাহ।
পৰীক্ষা শেষ কৰি তাই 304 নং কোঠাৰ কাষৰ বাটতোৰে নামি আহিবলৈ লৈছিল তললৈ..
বৰ্ণম আৰু সমীক্ষাৰ বাৰ্তালাপৰ সাক্ষী বেলকনিটো পুণৰ নিৰ্মাণ কৰা হৈছে , এই মুকলি ঠাইখিনিত বনোৱা হব এটা সৰু টিচাৰচ কমন ৰুম। তাই ফোনৰ কেমেৰা টো উলিয়াই ঠাইকণৰ ফটো এখন তুলি ৰাখিলে। হেৰাই যাব দিব নোৱাৰে তাই এই ঠাইখন।
ইমান অসহায় কিয় লাগে কেতিয়াবা ?
কনফেশ্বন ৱালখনত বাঢ়িছে শব্দৰ সম্ভাৰ। পেঞ্চিলডাল একেঠাইতে আছে যদিও ক্ষয় গৈছে বহু খিনি।
"Is it okay if I secretly keep you in my heart?"
সমীক্ষাৰ সৰল মনৰ কনফেশ্বন সেয়া। সম্ভৱ নহয় বৰ্ণমক পাহৰাটো তাইৰ পক্ষে..হাজাৰ প্ৰয়াস কৰিও!
স্থিতপ্ৰজ্ঞ হব নোৱাৰে কিয় বাৰু সমীক্ষা... সেই যে আউট অফ ছিলেবাছ টপিক এটাৰ দৰে বৰ্ণমক এৰাই চলাৰ সিদ্ধান্ত লৈছিল.. যদিও কিয় অক্ষম তাই মনটোক বুজাবলৈ।
চিত্ত অস্থিৰ লাগিলেই দুচকু জপাই গৌতম বুদ্ধৰ শান্ত সমাহিত মুখখন স্মৰণ কৰে সমীক্ষাই।
মগধ ৰাজ্যৰ গয়া নগৰৰ বৰগছ এজোপাৰ তলত ধ্যানমগ্ন নিৰ্বানপ্ৰাপ্ত তথাগত। চিলনীয়ে শিল বুলি ভাবি যাৰ কান্ধত জীৰনি লয়। চুলিৰ জটাত আশ্ৰয় লয় শামুকে। কোনো সাংসাৰিক দুখ সুখে চুব নোৱাৰে তেওঁক।
এনে স্থিতপ্ৰজ্ঞতা এজন যুগস্ৰষ্টাৰ বাবেহে সম্ভৱ।
সমীক্ষাটো এজনী সাধাৰণ ছোৱালী , ধুলিকণা সদৃশ। অলপ সুখতে চঞ্চল , কিঞ্চিত দুখতেই বিচলিত।
******
: সমীক্ষা...
ছেছ'নেল পৰীক্ষাৰ দুইসপ্তাহৰ পাছতে আৰম্ভ হৈছিল তৃতীয় ষাণ্মাষিকৰ ফাইনেল পৰীক্ষা। সেয়া শেষ হৈছে এইমাত্ৰ। লাইব্ৰেৰীৰ পৰা উপন্যাস এখন ইছ্যু কৰি উভতি অহা সমীক্ষাই অডিটৰিয়ামৰ কাষতে লগ পালে কৌশিকক।
: ডিষ্টাৰ্ব নকৰিবা কৌশিক । মই এতিয়া আগৰ সমীক্ষা হৈ থকা নাই । খং উঠিলে কিবা ৰাফকৈ কৈ দিম।
পৰীক্ষা হলৰ পৰা ওলায়েই বৰ্ণমক প্ৰেয়সীৰ সৈতে দেখাৰ খংৰ বৰ্হিঃপ্ৰকাশ ঘটিল কৌশিকৰ সন্মুখত।
: প্লীজ.. ছিৰিয়াছ কথা এটা কব বিছাৰো। শুণা..
: কোৱা ।
তীব্ৰ অনিচ্ছাসত্বেও ৰ'ল তাই।
: মই চিগাৰেট খাওঁ... কিন্তু সেই চিগাৰেটৰ ধোৱায়ে চুব নোৱাৰাকৈ হৃদয়ত সজতনে ৰাখিছো তোমাক।
বহু দিনৰে পৰাই তোমাক ভালপাওঁ । ইমানদিনে তোমাক আমনি কৰা কৌশিকটো ৰিয়েল নহয়।
: I am sorry কৌশিক। তোমাক কি কাকোৱেই ভালপাব নোৱাৰো মই।
: কিয়...?
: মই যে আন কাৰোবাক..
কৱ খুজিও ৰৈ যায় সমীক্ষা।
: কোৱা।
: মই আন কাৰোবাক ভালপাওঁ বহুত।
মনৰ চকুলোৰ বৰষুণত তিতি সুৰসুৰীয়া হোৱা কিছুমান কথা । আদিৰ পৰা অন্তলৈকে বৰ্ণম আৰু তাইৰ কথাবোৰ এফালৰ পৰা কৈ গৈছে সমীক্ষাই।
কণমানি শিশু এটাই কোনো সাধুকথা শুণাৰ দৰে মনপুতি শুণি গৈছে কৌশিকে।
শেষৰ শেষত এটি লহমাৰ নিৰৱতা.. অডিটৰিয়ামৰ মুল দুৱাৰেদি উৰি পাৰ হৈ গল এজাক শান্তিৰ প্ৰতীক।
: Wow ...
ট্ৰায়েল ৰিলেশ্বনশ্বীপৰ যুগত Vintage wala প্ৰেম।
কৌশিকে কলে।
: এতিয়া যিহেতু তোমাক সকলোবোৰ কলো। মোক আমনি কৰিবলৈ এৰি দিয়া।
: নাই নাই... কথাখিনিৰ বিনিময়ত যদি তোমাক আৰু আমনি কৰিব নোৱাৰিম, তেন্তে উভোতাই লোৱা কথাবোৰ।
কৌশিকে মুৰ জোকাৰি কলে।
: আৰুনো কিমান দিনলৈ । ইনেও fifth sem ৰ পৰা নন মেজৰ নাথাকে। তেতিয়া মানে বেছিকৈ লগো নাপাবা জোকাবলৈ
: মই পিছে বেলেগ কথা এটাহে ভাবিছিলো।
মুৰ খজুৱাই কৌশিকে কলে।
: কি?
: আমি দুটা ৰিলেশ্বনশ্বীপত আহি যাব পাৰো দেখোন...
: কি কৈছা এইবোৰ !
কৌশিকৰ কথাত আধাতে বাধা দি তাই ভ্ৰু কোচাই কলে।
: ফাৰ্ষ্ট গোতেই কথাটো শুনা...
ৰিলেশ্বনশ্বীপত আমাক দেখিলে কিজানি তোমাৰ তেখেতে jealous feel কৰে। কিজানি উভতি আহে তোমাৰ কাষলৈ। otherwise মোৰ সতে কথা পাতি পাতি may be মোকেই যদি ভালপাৱলৈ আৰম্ভ দিয়া !কোনে জানে..
কেনেকুৱা যে প্ৰস্তাৱ দিয়ে এই লৰাটোৱে।
নাই নাই... বৰ্ণমক পাবলৈ কৌশিকক ব্যৱহাৰ নকৰে তাই। মুঠতে বৰ্ণম সুখী হব লাগে, যদি তাৰ সুখ আন কাৰোবাৰ সতে তেন্তে আনৰ হৈয়ে থাকক সি। তদুপৰি দৰ্শনেই কয় প্ৰতিজন মানুহেই একো একোটা উদ্দেশ্যে। মানুহ কেতিয়াও কোনো উদ্দেশ্য পুৰণৰ উপায় হব নোৱাৰে কেতিয়াও। দাৰ্শনিক কাণ্টে কয়,
"Act only on that Maxim which always treats humanity, never as a mean, but as an end".
কেৱল নম্বৰ গোটাৱলৈ দৰ্শন বিষয়টো লোৱা নাই সমীক্ষাই। তাই দৰ্শন নিৰ্বাচন কৰিছে জীৱনৰ খোজে খোজে , প্ৰতিটো পৰিস্থিতিয়েই দৰ্শনৰ দৃষ্টিৰে ফহিয়াই চাবলৈ।
: সেইবোৰ মই কৰিব নোৱাৰো।
তাই পোনচাটেই নাকচ কৰিলে কৌশিকৰ প্ৰস্তাৱ।
: ইমান মহান হৈ কি পাবা জীৱনত ?
: মহান নহয়.. নৈতিক হব লাগে মানুহ।
খোজ আগবঢ়ালে সমীক্ষাই।
: মোক কিয় ভালপাৱ নোৱাৰি..তাক কিয় পাৰি?
সমীক্ষাৰ সতে খোজ মিলাই আহি আহি কৌশিকে কলে।
: তুমি বুজি নাপাবা.. কিছুমান মানুহক কেতিয়াও ৰিপ্লেচ্ কৰিব নোৱাৰি জীৱনত ।
: I want to replace him..
: তুমি হাৰি যাবা..
আত্মপ্ৰত্যয়েৰে কৌশিকলৈ চাই তাই কলে।
সমীক্ষাৰ হৃদয়ত কাৰোৰে প্ৰৱেশৰ বাবে ক্ষুদ্র সুৰুঙা এটাও নথকাৰ কথা বুজাই দিলে সেই চাৱনিয়ে।
ৰৈ গল কৌশিক।
বৰপাত্ৰ কুটীৰৰ সন্মুখভাগত তেতিয়া সুৰুযৰ হেঙুলীয়া আভা... অলপ অলপকৈ শীত নামিছে যোৰহাটলৈ। কাতিমহীয়া আবেলি কাটি কুটা কৰোতেই শেষ হৈ যায় বুলি কয় বয়োজেষ্ঠ জনে।
সাজ লাগিবলৈ বেছিপৰ নাই। হয়তোবা তাইক আগবঢ়াই নিবলৈ তিনিআলিত ৰৈ আছে পঞ্চী আৰু মাক। অলপ ঠাণ্ডা লগাত বেগৰ পৰা ছুৱেটাৰটো উলিয়াই ললে তাই..নবেম্বৰমহীয়া জাৰ !
এখন হাতত ছুৱেটাৰতো তাই ভৰাই ৰৈ যায় , গেটৰ ওছৰত ৰৈ আছে বৰ্ণম।
চিৰিংকৈ গৈছে সমীক্ষাৰ হিয়া।
বুকুৱেদি উজাই আহিছে পুৰণি বিষ।
মাতিব নে তাই বৰ্ণমক.. বৰ্ণমে তাইক?
তলমুৰকৈ সমীক্ষা তাৰ কাষেৰে পাৰ হৈ আহিল ।
এহাতত ছুৱেটাৰতো ভৰাবলৈ তাই পাহৰি গৈছে..
সমুখত বৰ্ণম থাকিলে এনেকৈয়ে আউল লাগে তাইৰ সকলোবোৰত।
: অই সমী ..আজিকালি ছুৱেটাৰ এনেকৈ পিন্ধে নেকি ?
ফুছকা খোৱাৰ পৰা সমীক্ষাক জোকাই ইক'নমিক্সৰ জ্যোৎস্নাই কলে।
লাজতে হাঁহি এটি মাৰি খৰধৰকৈ ছুৱেটাৰতো ভালকৈ পিন্ধি ললে তাই।
****
আগলৈ..
✍️সংগীতা দেৱী , যোৰহাট
Comments
Post a Comment