জেবিয়ান..🦋 (খণ্ড -২৪)
মাঘমহীয়া জাৰত থেৰেঙা লগা এটি পুৱা। ডাৱৰৰ ফাকেৰে বেলিৰ লুকাভাকু। ৰ'দ বিছাৰি হাবাথুৰি খাইছে চহৰখনৰ তৃণ , বৃক্ষবোৰে। কুৱলীৰ চনকা জালেৰে সৰিছে নিয়ৰ.. ৰুণজুন , ৰুণজুন!
শিৰিককৈ এজাক সমীৰ আহি বৃদ্ধি কৰিছে শীতৰ প্ৰকোপ। সমীক্ষাহতক চতুৰ্থ ষাণ্মাষিকৰ বাবেও প্ৰদান কৰা হৈছে RCC 303 নং কোঠা। এই ক্লাছৰুমটোলৈ কিবা এটা মোহ সোমাই গৈছে তাইৰ মনত , ইয়াৰ প্ৰতিখন বেঞ্চেই জানে তাইৰ মনৰ গোপন বেধা!
বাইকষ্টেণ্ডত আজিও সেই নিৰ্দিষ্ট ঠাইখিনিতে আছে বিশেষ নাম্বাৰ প্লেটৰ বাইকখন।
বৰ্ণম এতিয়া আনৰ যদিও তাৰ কথাই অহৰহ ভাবি থকাৰ বাবে অনুশোচনাও হয় তাইৰ বাৰে বাৰে।
নাই , কোনো আৱেগেই অবৈধ হব নোৱাৰে। সম্বন্ধৰ ক্ষেত্ৰতহে বৈধতাৰ প্ৰশ্ন তুলিব পাৰে সমাজে।
ভালপোৱা ভুল হব নোৱাৰে কেতিয়াও..
প্ৰেম পাপ হব নোৱাৰে কোনোদিনেই।
চিৰিয়েদি ওপৰলৈ উঠি যাওঁতে ঠিক 201 নং কোঠাৰ ওছৰতে বিপৰীত দিশৰ পৰা বন্ধু বৰ্গৰ সতে বৰ্ণমক অহা দেখিলে তাই। তাৰ মুখত অকৃত্ৰিম হাঁহি... বৰ্ণম সুখী।
ভাল কথা, সি ভালে থকাতোৱেই তাইৰ একান্তই কাম্য। সন্ধিয়া থাপনাত চাকি লগাওতে কোনোদিনে বৰ্ণমৰ কুশল প্ৰাৰ্থনা কৰাত কৃপণালি কৰা নাই সমীক্ষাই।
বৰ্ণমৰ সতে এযুগ ধৰি বাৰ্তালাপৰ সান্নিধ্য নোপোৱা ফোনটো খামুজি ক্লাছৰুমলৈ তাই আগুৱাই যায়।
মন যায় কেতিয়াবা এষাৰ কথা পাতিবলৈ, কিন্তু সেই মন যোৱা বোৰতকৈ কেবাগুণ শক্তিশালী তাইৰ অভিমান।
ব্লকলিষ্টত পৰি থকা মানুহবোৰে কিন্তু বুকুত টুকুৰীয়াই থাকে বিৰতিবিহীন ভাবে।
বৰ কঠিন হিয়া দিয়া নিয়াৰ খেল!
: সমী আহিলা।
বেঞ্চখনত বেগটো থোৱাৰ পাছতে তাইক পাছফালৰ পৰা মিতালীয়ে মাতিলেহি।
: উম.. ভালনে তোমাৰ?
: ভালেই আৰু। এটা কথা নহয়।
: কি?
: বিয়া ঠিক হৈছে মোৰ , অহা ফাগুনত , ফেব্ৰুৱাৰীৰ 24 তাৰিখ।
আলেঙে আলেঙে পঞ্চী পাৰ্থৰ বিয়াৰ কথাও পাতি থকা হৈছে সমীক্ষাহতৰ ঘৰত। যিহেতু এইবছৰেই পঞ্চীৰ এল.এল.বি শেষ হোৱাৰ লগতে ভায়'লিনৰো বিষাৰদ ডিগ্ৰী লাভ কৰিব তাই। বহাগত নতুন পঞ্জিকা ওলালেই নিৰ্দ্ধাৰণ কৰা হব দুয়োৰে বিয়াৰ তাৰিখ।
: Congratulations ! কিন্তু ইমান সোনকালে যে ? পঢ়া শুণা কি হব?
: মোৰ পাছতো দুজনী ভণ্টি আছে নহয়। সিহতকো পঢ়াব লাগে যে।
হাঁহি মাৰি মিতালীয়ে কলে। হাঁহিয়ে যে ধাকিব পাৰে কিমান বেজাৰ।
: কিন্তু তোমাৰ যে পঢ়িবলৈ দুৰ্বাৰ হেপাঁহ ..?
: এখেতে মানে দিগন্ত দায়ে বিয়াৰ পাছতো যেনেতেনে পঢ়ুৱাব বুলি কথা দিছে মোক।
লাজ লাজকৈ মিতালীয়ে কলে।
: বৰ ভাল কথা তেন্তে। মই পিছে তোমাৰ ফটোবোৰ এতিয়াও সজতনে ৰাখিছো দেই।
: ডিলিট কৰি দিবা , ফোন কিনা নহব মোৰ ইনেও!
: নাই নাই , থৈ দিম।
সমাজৰ এয়াই নিয়ম , বিয়াৰ দিনা কোনোকালে সন্তোষ্ট কৰিব নোৱাৰে একাংশ তথাকথিত শুভাকাংখীক সুখী কৰিবলৈ গাঁঠিৰ ধন ভাঙে পিতৃয়ে। কিন্তু আজিৰ সময়ত বিলাসিতাতকৈ অধিক প্ৰয়োজনীয়তালৈ পৰিণত হোৱা ফোন এটা কিনি দিবলৈ সংকোচবোধ , মৌলিক অধিকাৰ ৰূপে চিহ্নিত শিক্ষা দীক্ষাৰ প্ৰতি অনিহা।
: অৱশ্যে দিগন্ত দায়ে ফোন এটা কিনি দিব বুলি কৈছিল।
লাজতে কৃষ্ণচূড়াৰ পাহিবৰণীয়া হৈছে মিতালী।
হাঁহি মাৰি তাইলৈ চালে সমীক্ষাই। সচাই প্ৰেমত পৰিলে মুখৰ জিলিকনি বাঢ়ে মানুহৰ।
******
: সেইয়া বৰ্ণমৰ গাৰ্লফ্ৰেণ্ড।
গাৰ্লচ কমন ৰুমত বহি তনয়াৰ সতে নন মেজৰৰ ক্লাছৰ বাবে ৰৈ থকা সমীক্ষাই নতিদুৰত থকা ধুনীয়া ছোৱালী জনীলৈ আঙুলিয়াই কলে।
: ধুনীয়া.. কিন্তু তোৰ সমান নহয় !
তনয়াই ছোৱালী জনী ভালকৈ নিৰীক্ষণ কৰি কলে।
পাছৰ বাক্যশাৰী মাথো সমীক্ষাৰ মন ৰাখিবলৈকে কলে হয়তো তনয়াই।
: তথাপি..বৰ্ণমৰ পচণ্ড তাই।
হুমুনিয়াহ এৰি সমীক্ষাই কলে।
: আমি ইয়াৰ পৰা যাওঁগৈ বল। ক্লাছটোলৈ ইনেও বেছি টাইম নাই।
তনয়াই বহাৰ পৰা উঠি কলে।
: বল।
সমীক্ষাও উঠিল।
হাজাৰ নাভাবো বুলি ঠিৰাং কৰিও মনত কিয় জাগে বৰ্ণমৰ প্ৰেয়সীৰ প্ৰতি ইৰ্ষাবোধ?
নন মেজৰৰ ক্লাছৰ বাবে কেমেষ্ট্ৰী গেলাৰীলৈ সোমাই গল দুয়ো।
: Happy New year !
স্বভাৱ সুলভ হাঁহিৰে দুয়োজনীৰে কাষলৈ আহি কৌশিকে কলে।
একেলগেই ধন্যবাদ জনানে সমীক্ষা তনয়াই।
: বাকী তোমাৰ খবৰ কেনে ?
পাছৰ বেঞ্চখনত বহি সমীক্ষাক খুটিয়াই মাতি কৌশিকে সুধিলে।
: ভাল। সমীক্ষাৰ চকু উত্তৰ।
: Ae Dil Hain Muskil চাই কিমান কান্দিলো মই।
হয় , একপক্ষীয় প্ৰেমৰ ওপৰত নিৰ্মীত বোলছৱি সেইখন। আজিৰ সময়ত একপক্ষীয় প্ৰেম সুলভ.. দুৰ্লভ আনটো পক্ষৰ সহাৰি।
সমীক্ষাই বিছাৰে বৰ্ণমক..
বৰ্ণম আন কাৰোবাৰ,
সমীক্ষাক পাব বিছাৰে কৌশিকে
হয়তোৱা কৌশিকক আন কোনোবাই!
কিযে এক জটিল সমীকৰণ।
: অহ্... সমীক্ষাৰ শীতল উত্তৰ।
: তুমি ছোৱালী জনী কেনেকুৱা জানানে ?
: কেনেকুৱা..? অনাগ্ৰহেৰে সুধিলে তাই।
: মাঘমহীয়া নৈখন কেতিয়াবা দেখিছা। কিমান শান্ত , সোঁতবিহীন .. অলপো খং নাই , ৰাগ নাই। মাধো জিৰি জিৰিকৈ বৈ থাকে।
: দেখিছো।
জাঁজী আৰু মৰিনৈৰ আশে পাষে সাতুৰি নাদুৰি , বালিঘৰ সাজিয়েই পাৰ হৈছে তাইৰ শৈশৱ। অৱশ্যে ইমান দ কৈ নৈখন পৰ্যৱেক্ষণ কৰিবলৈ শিকা নাছিল তাই। কলেজত তাৰমানে কৌশিকৰ পপুলাৰীটিৰ কাৰণ বহুত ! কথা কৱ জানে সি ভালকৈ!
: তুমি সেই নৈখনৰ নিছিনা... উদাস!
: কিয় কলা তেনেকৈ?
: যাক তোমাৰ existence তোৱেই অলপো এফেক্ট নকৰে , সেইবোৰ মানুহৰ কথা ভাবি টাইম ৱেষ্ট কৰিছা তুমি।
: একেটা কথা তোমাৰ ক্ষেত্ৰটো মিলি যায় কৌশিক।
যেতিয়া ভালপোৱা হয় সব মানুহেই লজিক , যুক্তি পাহৰি যায়। আবেগেই সৰ্বেসৰ্বা হয় তেতিয়া।
বৰুৱা ছাৰ তেনেতে সোমাই আহিল ক্লাছ লৈ । আগফালে মুৰ কৰিলে সমীক্ষাই।
: কৌশিকৰ লগত ইমান কি কথা তোৰ।
সমীক্ষাক ফুচফুচাই তনয়াই সুধিলে।
কি বুলি বুজাব সমীক্ষাই। কিয় আমনি পায়ো কথা পাতে তাই কৌশিকৰ সতে।
আচলতে আজিৰ পৃথিৱীত প্ৰায়বোৰ মানুহেই অকলশৰীয়া। কৌশিকে যদি সাহ কৰি মনৰ কথা খুলি কয় , তেন্তে শ্ৰুতা হোৱাত আপত্তি নাই তাইৰ।
তায়োতো কৱ বিছাৰে বৰ্ণমক বহু কথা। নোৱাৰে যে ,
নোকোৱা কথা ভৰ সহিব নোৱাৰি কোঙা হৈছে কলিজাৰ এফাল।
****
: হেল্ল সমী..
আজি শীতৰ প্ৰকোপ কমাই জে বি কলেজৰ বাকৰিত এচেৰেঙা ৰ'দ।
: আৰে সাধনা।
তৃতীয় ষাণ্মাসিকৰ পাছৰে পৰা ইংৰাজী বিষয়টো নোহোৱাত ইজনীয়ে আনজনীক বৰকৈ লগেই নাপায় আজিকালি।
: বলা মই আজি তোমাক কিবা এটা খুৱাম।
: ইস্ নালাগে দিয়া।
: নহয় যাবই লাগিব। যিহেতু আজি মোৰ বাৰ্থ ডে।
: Aww.. Happy Birthday dear !
সমীক্ষাই হাঁহি এটা মাৰি তাইক হেণ্ডশ্বেক্ দিলে।
বাৰ্থডে মানেই যে বিশেষ দিন।
: আমি দীপকলৈ যাওঁ বলা। নবাৰুণকো মাতো।
ইনেও সি তোমাক লগ পাবও বিছাৰিছিল।
: ঠিক আছে ব'লা।
বাৰ্থডে গাৰ্লক যে মানা কৰিব নাপায় কেতিয়াও। কৰ্টৰ মাজৰ শ্বৰ্টকাট বাটেৰে ছুপাৰ মাৰ্কেটৰ দিশে গ'ল দুয়ো। নৱাৰুণলৈ সাধনাই ফোন কৰি থকাৰ মাজতে ক'ছমেটিকছৰ দোকান এখনৰ পৰা সৰু গিফ্ট এটা কিনি ললে সমীক্ষাই।
: সাধনাই আহি মোৰ জীৱনটোৱেই সলনি কৰি দিলে।
দীপকৰ চাৰিজনীয়া টেবুল এখনত বহি ফ্ৰাইচ ৰাইচ খাই থকাৰ মাজতে নবাৰুণে কলে।
: সচাকৈয়ে.. আমাৰ সাধনা হয়েই ইমান ভাল।
সমীক্ষায়ো হাঁহি এটা মাৰি কলে।
: হব দেই.. লাজহে লাগিছে মোৰ।
সাধনাই দুপাট্টাখনেই মুখ ঢাকি কলে।
সাধনা যে কিমান সৌভাগ্যৱান , প্ৰেমাস্পদে সকলোৰে আগত প্ৰসংশাৰে উপচাই দিয়াটো , বিশেষ যেন অনুভৱ কৰোৱাটো আভ্যন্তৰীণভাৱে প্ৰতিজনী ছোৱালীয়েই বিছাৰে।
: সমীক্ষা , তোমাৰ কথা সাধনাই কৈয়েই থাকে।
তুমি তাইক সাহস দিনা বহুত।
I owe you a lot
: ইছ্ ... মইটো জাষ্ট তাইৰ বাবে কি ভাল সেইটো কৈছিলো।
সমীক্ষাই মিচিকিয়াই হাঁহি কলে। যদি তাইৰ এষাৰ উপদেশে সাধনাক সাহস দিছে , তেন্তে সৌভাগ্যৱান সমীক্ষা।
প্ৰেমকাহিনী অথবা প্ৰেমিক মনৰ মানুহ তাইৰ সদায়েই প্ৰিয় , শ্ৰদ্ধাৰ।
মাথো প্ৰেমৰ ক্ষেত্ৰত তাই নিজে নিঃস্ব নিসংগ!
চীনামাটিৰ প্লেটত ষ্টিলৰ চামুচৰ খুটখাট শব্দ , অলপ হাঁহি আৰু কিছু বাৰ্তালাপৰ সতে বৰ সুন্দৰকৈ পাৰ হল দুপৰীয়াটো তাইৰ সাধনা আৰু নবাৰুণৰ লগত।
*****
আগলৈ
✍️Sangeeta Devi , Jorhat
Comments
Post a Comment