জেবিয়ান..🦋 (খণ্ড -২৫)

 

: গান্ধীজীৰ মতে  সদৰ্থক অৰ্থত অহিংসা মানে প্ৰেম।

একাত্মতাৰ অনুভূতিয়েই হৈছে প্ৰেম। ই এনে এক শক্তি যি মনটোক পবিত্ৰ কৰি মানৱতাৰ উৎকৰ্ষ সাধন কৰে। ঘৃণা কৰাটো সহজ , কিন্তু প্ৰেমৰ বাবে এটা চৰম শক্তিৰ প্ৰয়োজন। গান্ধীজীয়ে কয় অহিংসা সবলৰ বাবেহে , আৰু হিংসা দুৰ্ৱলতাৰ পৰিচয়।


ৰঞ্জন ছাৰে মহামানৱ মহাত্মা গান্ধীৰ অহিংসা নীতিৰ ব‍্যাখ‍্যা আগবঢ়াইছে। খুবেই মন দি শুনিছে সমগ্ৰ ক্লাছৰুমটোৱে। ছাৰৰ শিক্ষাদান পদ্ধতিৰ এক বিশেষত্ব আছে , যে তেওঁ এবাৰ যি বুজাব পোন পথেৰে সেয়াই শিকাৰুৰ মগজুত টোকৰ মাৰে। আৰু আজিতো ছাৰৰ ব‍্যাখ‍্যাই পৰম বিস্ময় প্ৰেমৰ কথা সাঙুৰি লৈছে। অৱশ্যে সেই প্ৰেম মহত্বৰ প্ৰেম ! সমীক্ষাহতে ভবাৰ দৰে সংকীৰ্ণ প্ৰেম নহয়। 

এই প্ৰেম এক জটিল অনুশাসন। পৰোপকাৰীতা , ক্ষমা , উদাৰতা , সহানুভূতি , দয়া আদি সৎগুণ সামৰি লোৱা স্বৰ্গীয় প্ৰেম।


:  ত‍্যাগ প্ৰেমৰ অপৰিহাৰ্য সংগী। প্ৰেমৰ কাৰণে নিজৰ স্বাৰ্থপৰতাক অতিক্ৰম কৰিবই লাগিব। স্বাৰ্থবিহীন লোকেহে প্ৰেমৰ প্ৰকৃত অৰ্থ বুজিব পাৰে। There is a famous quote by Gandhi that is, 

" Love never claims, it ever gives. Love ever suffers, never resents never revenges itself."


আহ্...কি সুন্দৰ সংঞ্জা! প্ৰেমৰ যে পৰিধি ইমান বিশাল। বেল পৰাত ছাৰৰ ব‍্যাখ‍্যাত যতি পৰিল। কোনো এজন ষ্টুডেণ্টেই হয়তো আজিৰ ক্লাছটো শেষ হোৱাটো বিছৰা নাছিল। ছাৰ ওলাই যোৱাৰ পাছতো দুহাতেৰে গালত ভেজা দি একান্তচিত্তে বহি আছিল প্ৰায়বোৰ। ডিঙি ভাজ কৰি উভতি বৰ্ণমৰ দিশে চাইছে সমীক্ষাই । ঠিক চাবলৈ লওতেই ধৰা পৰি গ'ল তাই , সময়ৰ সতে সলনি হয় বহুকথা । কিন্তু কলিজাত থকা মানুহৰ দৃষ্টিত ধৰা পৰিলে হিয়াখন চিৰিংকৈ যোৱাটো একেই থাকে। আগলৈ মুৰ কৰি ফোনটো বেগৰ পৰা উলিয়াই বৰ্ণমক আনব্লক কৰিলে তাই.. আগতেও কৰিছে বহুবাৰ , কিন্তু পাছমুহুৰ্ততে পুণৰ কৰে ব্লক।  অৱশ্যে এইবাৰ আকৌ ব্লক নকৰে। কোনো খং , অভিমান , ওজৰ আপত্তি অবিহনে স্বাৰ্থবিহীন ভাবে ভালপাৱলৈ মন গৈছে তাইৰ বৰ্ণমক , গান্ধীজীয়ে কোৱাৰ দৰে।


                      *****


শীতৰ শিৰিকনি আতৰিছে কিছু , গছৰ পাতত হালধীয়া বৰণ লাগিছে।  আজিকালি বেছি ঘৰুৱা যেন লাগে কলেজখন , ডিপাৰ্টমেণ্টটো ।জে বি কলেজত যে সমীক্ষাহত ক্ৰমশঃ পুৰণি হৈ আহিছে।

আৰু মাত্ৰ দুটা ষাণ্মাষিক বাকী ৰৈছেগৈ এই জ্ঞান মন্দিৰৰ প্ৰাংগণত। 

সমীক্ষাও সলনি হৈছে কিছু । বৰ্দ্ধিত হৈছে তাইৰ বন্ধুৰ তালিকা। সতীৰ্থ সকলৰ লগতে অনুজসকল , কেণ্টিনৰ চাহ দিয়া বা জনী , টেবুলৰ খালী কাপ প্লেট নিবলৈ অহা বাইদেউ কেইগৰাকী , বিভাগীয় কৰ্মচাৰী ৰাতুল দা অথবা  লাইব্ৰেৰীয়ান কেইজন সকলোৰে বাবে চিনাকি মুখ হৈ পৰিছে সমীক্ষা। দেখা পালেই আদান প্ৰদান হয় হাঁহিৰ , লোৱা হয় কুশল বাৰ্তা। 

শুণিবলৈ অলপ অখজা লাগিলেও কেম্পাচটোৰ অত, তত শুই বহি থকা কুকুৰ কেইটাৰ সতেও এক আত্মিক সম্বন্ধ গঢ়ি উঠিছে সমীক্ষাৰ।  কলেজ বেগতে সৰু টিফিন এটাত বিস্কুট ভৰাই লৈ আহে তাই আজিকালি , সিহতক দিয়ে। কিছুমানে খায় , আন কিছুমানে ভয়তে পলায়। মানুহক জানো ইমান সহজে বিশ্বাসত লব পাৰি। অৱশ্যে পোৱালী কেইটাই সাবতি ধৰে ছেন্দেলযোৰ কেতিয়াবা.. সচাই কিমান যে ভাললাগে কোনোবাই মৰম বুজি পালে।


: কেনে আছা বা ?


 পোৱালি কুকুৰ এটাক বিস্কুট এখন দি হেণ্ড ছেনিটাইজাৰ এটোপালেৰে দুহাত মোহাৰিছিল সমীক্ষাই। কাষতে ৰৈ দ্বিতীয় ষাণ্মাষিকৰ অমানিশাই সুধিলে। 


: মই ভালে আছো । তুমি ? দুখ পালা নেকি ক'ৰ'বাত?


অমানিশাৰ কপালৰ কাষৰ দাগ এটালৈ দৃষ্টি ফুৰাই সমীক্ষাই কলে।


: অহ্ এইটো । স্কুটি শিকিবলৈ লওতে পৰিলো কালি।


: হুম , কেয়াৰ লবা।


হাঁহি এটা মাৰি সমীক্ষাই কলে।


: বাৰু তোমালোকৰ ৰিজাল্ট দিলে নহয় । কেনেকুৱা হল ?


প্ৰসংগ সলাই সমীক্ষাই সুধিলে।


: বৰ ভাল নহল বা , মেজৰতে বেক্ লাগিল মোৰ।


তলমুৰকৈ অমানিশাই কলে। আছৰিত হল সমীক্ষা। নম্বৰে জীৱন নিদ্ধাৰণ নকৰে যদিও অমানিশাৰ দৰে ছোৱালী এজনীৰ বেক্ লাগিছে , তাকো মেজৰতে। যাক প্ৰায়ে লাইব্ৰেৰী , ৰিডিং টেবুল অথবা বাতৰি কাগজৰ ওচৰতে দেখে সমীক্ষাই।


: কিন্তু কেনেকৈ ? কিবা টান পাইছা নেকি ছাবজেক্টতো ?


: নহয় বা..একচুৱেলি.. 


কিবা এটা কব বিছাৰিছে তাই , কৱ পৰা নাই। শোকে খুন্দা মাৰি ধৰিছে যেন।


: আহাছোন , বহা। 


সমীক্ষাই অমানিশাক হাতত ধৰি আনি পুখুৰীৰ কাষৰ চকীতে বহিবলৈ দি নিজেও বহিলে।


: এতিয়া কোৱা।


অমানিশাই কিছু সংকোচবোধ কৰাত সমীক্ষাই পুণৰ কলে।


: Don't worry , I will keep your secrets safe.


: বা আচলতে মই আনছাৰ বোৰ জানিও স্কিপ কৰিছিলো বেক লাগিবলৈকে।


: কিন্তু কিয় ? ছেমিষ্টাৰ ছিষ্টেমত এনেকুৱা ধেমালি কোনে কৰে ?


: মোৰ যে জীৱনটোৱেই এটা ধেমালি !


কথাবোৰ অধিক জটিল কৰি পেলাইছে অমানিশাই , বুজিব নোৱাৰাকৈ।


: ভালদৰে কোৱাছোন


: বা মই ঘৰৰ দ্বিতীয় সন্তান। মোৰ ওপৰত এজনী বা আছে। দেউতাই কন‍্যা সন্তান বিছৰা নাছিল দ্বিতীয় বাৰলৈ। সেয়ে illegally মোৰ জন্মৰ আগতেই লৰা হব নে ছোৱালী টেষ্ট কৰাইছিল। যেতিয়া ছোৱালী বুলি গম পালে এব'ট্ কৰাব বিছাৰিছিল তেওঁ। মায়ে নামানিলে। মোক জন্ম দিলে। নৰকসম এটা জীৱন পালো মই দেউতাৰ পৰা।


থতমত খালে সমীক্ষাই। দেউতাকে এটা নৰকসম জীৱন দিব পাৰে নিজ সন্তানক ? ইমান দিনেটো পিতৃ মানে মুৰৰ ওপৰৰ আকাশ খন বুলি বিশ্বাস কৰিছিল সমীক্ষাই। যিজোপা বটবৃক্ষই ছাঁ দিয়ে তৃণবোৰক ,  যিজন পখীয়ে দুপাখি পৰিয়ালৰ ৰক্ষা কৰে ৰদ বৰষুণৰ পৰা , নিজে সেই তাপ বা বৃষ্টি  সহি।

এয়া কেনেধৰণৰ দেউতাক পালে অমানিশাই।


: সৰুৰে পৰাই মোৰ কিবা এটা বেয়া হলে ভালপাই তেওঁ। মাক পদে পদে বুজাই দিব বিছাৰে যেন মোক জন্ম দি এটা ডাঙৰ পাপ কৰি পেলালে মায়ে। লাহে লাহে ময়ো বুজি পোৱা হলো সকলোবোৰ। যদি মই ভাল কিবা কৰো মোৰ লগতে শাস্তি পাব মায়েও। ভুল কৰিলে ফুৰ্তি পায় , মদ খাই পাৰ্টি কৰে। মোৰ কিতাপ , ইউনিফৰ্ম পৰ্যন্ত জ্বলাই পাইছে তেওঁ।

কিন্তু ময়ো দৃঢ় প্ৰতিজ্ঞ , পঢ়িমেই। তেওঁৰ টকাৰেই তেওঁৰ ঘৰতে থাকি।

তেওঁৰ লাঠিৰ কোবলৈ মোৰ আজিকালি ভয়ো নালাগে , দুখো নাপাওঁ জানা। 

সেইকাৰণেই এতিয়া লাগি থাকক বেক্ , শেষৰ ফালে ভালকৈ দিম পৰীক্ষা বোৰ!


আচৰিত অমানিশাৰ পিতৃৰ মনস্তত্ব। আচলতে দোষ কাৰ ? একমাত্ৰ তাইৰ দেউতাকৰেই নে সৰুৰে পৰা পুৰুষেই সৰ্বেসৰ্বা বুলি শিক্ষা দিয়া পুৰুষতান্ত্ৰিক এখন সমাজৰ। নে সেই নিয়মৰ , যত বিশ্বাস কৰা হয় যে একমাত্ৰ পুত্ৰ সন্তানে মুখাগ্নি কৰিলেহে স্বৰ্গলৈ যাব পাৰে বিদেহী আত্মা। কিন্তু আত্মাটো অজড় , অমৰ।


দেউতাকৰ বাবেই জীয়া শিললৈ ৰূপান্তৰিত হৈছে অমানিশা। কোনোবাই হাজাৰ বিন্ধিলেও চকুলো টুকিব নোৱাৰাকৈ কঠোৰ হৈ পৰিছে তাই।


:তুমি মহাৰথী উপন্যাস খন পঢ়িছা নে  বা ? মোৰ নিজকে কেতিয়াবা কৰ্ণৰ দৰে লাগে। যি জন্ম দিলে তেওঁৰ দ্বাৰাই অৱহেলিত , অনাদৃত !

 আৰু দেউতাই পৃথিৱীৰ ইমানবোৰ নামৰ মাজত মোৰ বাবে নাম নিৰ্বাচন কৰিলে ছোৱা .. অমানিশা!!

যাতে মই পদে পদে মনত ৰাখো মোৰ জন্ম এটা আউঁসীৰ ৰাতিৰ দৰে অন্ধকাৰ।


: আউঁসী অবিহনে জানো পুৰ্ণিমাৰ কিবা অস্তিত্ব থাকিব পাৰে অমানিশা? নামে মানুহৰ ভাগ‍্য সলনি কৰিব নোৱাৰে কেতিয়াও। গীতাত কৰ্মবাদ তত্ব আছে। তোমাৰ দেউতায়ো এদিন সকলো বুজিব। অপেক্ষা কৰা ।


অতপৰে অনিমেষভাৱে অমানিশাৰ কাহিনী শুণি থকা সমীক্ষাই কলে। নিশ্চুপ হৈ থাকিল অমানিশা কিছুপৰ। সমীক্ষাৰ বিশ্বাস সময়ৰ দৰে শ্ৰেষ্ঠ শিক্ষক এই পৃথিৱীত কোনো নাই। মাৰ্টিন লুথাৰ কিং জুনিয়ৰে এষাৰ কথা কৈছিল

" Darkness cannot drive out darkness: only light can do that. Hate cannot drive out hate: only love can do that."

এদিন নিশ্চয় অমানিশা ৰ দেউতাকে বুজিব কন‍্যা সন্তানৰ মুল‍্য।


: Thank you বা। তোমাৰ কথাই সাহস দিয়ে। 


অমানিশাই শেতা হাঁহি এটা মাৰি কলে। দুয়োজনী বহাৰ পৰা উঠিল , যিহেতু ক্লাছৰ সময় হৈছে।

সমীক্ষাই ফোনটো উলিয়াই দেউতাকৰ নাম্বাৰটো ডায়েল কৰিলে।


: হেল্ল' দেউতা।


: কোৱা সোণজনী।


: কেতিয়া আহিবা তুমি?


: বহাগ বিহু মানলৈকে যাব পাৰিম ছাগে।


দেউতাকৰ এই সম্ভীৰ মৰমসনা মাতষাৰেই আজিলৈকে শুণি আহিছে সমীক্ষা পঞ্চীয়ে। কোনোদিনে , ভুলক্ৰমেও দুয়োজনীৰ গাত হাত তুলি পোৱা নাই তেওঁ। খুবেই নিৰ্জু প্ৰকৃতিৰ সিহতৰ দেউতাক। 

আৰু অমানিশাৰ দেউতাক যে কিমান পৃথক তেওঁৰ পৰা।


" কলেজত puppy বোৰ বেছিকৈ উলাইছে। TT injection এটা লৈ থোৱাই ভাল হব নেকি বাৰু ?"


অডিটৰিয়ামৰ কাষত চিনাকি মাত , বৰ্ণমৰ। 

পিংকুৰ দিশে চাই কথাষাৰ কৈছে যদিও কাক উদ্দেশ্যে কৰি কৈছে সেয়া বুজাত বিশেষ সময় নালাগিল সমীক্ষাৰ। 

মিনি হাৰ্ট এটেক এটা আহিল তাইৰ..ঢিপিং!

ইমানদিন ধৰি তাইৰ অস্তিত্বক সম্পূৰ্ণৰূপে আওকাণ কৰি থকা বৰ্ণমৰ আজি কি হ'ল ?


                            ****

আগলৈ

✍️সংগীতা দেৱী , যোৰহাট

Comments