জেবিয়ান..🦋 (খণ্ড -১১)
সমীক্ষাৰ চহৰত তেতিয়া ৰিবৰিব ফাগুনী বা..
টিউচনৰ পৰা আহি চোতালখনত চাইকেলৰ ষ্টেণ্ডডাল পেলাইছিল মাথো তাই । পদুলিত টিলিঙাৰ মাত শুণি উভতি চাই দেখে বৰ্ণম ।
তাইৰ হিয়াত ঢিপ্ ঢিপ্...
প্ৰায় এসপ্তাহ ধৰি টিউচন অহা নাই সি..খৰখোজেৰে পদুলি পাইগৈ সমীক্ষা।
: ইমানদিন কিয় টিউচন অহা নাই তুমি ?
: অলপ জ্বৰ আছিল।
: অহ্ ..এতিয়া ভাল পালানে ? আমাৰ ঘৰটো কেনেকৈ চিনি পালা ?
বৰ্ণমক উদ্দেশ্যে একেলগে দুটা প্ৰশ্ন কৰিলে তাই ।
: জ্বৰ ভাল পালো । ঘৰটো ক'ত বিশ্বক সুধিলোঁ।
: হয়নেকি ? আহা ভিতৰলৈ । গেটখন খুলি তাই কলে ।
: নাই নাযাওঁ। টিউচনৰ বহীখন নিবলৈহে আহিছিলো ।
" বহীখনতো বিশ্বৰ পৰাও লব পাৰিলেহেঁতেন সি "
কথাষাৰ মনতে ৰাখি তাই কলে ।
: ৰৱা অলপ। চাইকেলৰ বাক্সেটৰ পৰা বেগটো আনি বহীখন বৰ্ণমক দিলে সমীক্ষাই।
: Thank you ..যাওঁ।
খন্তেক বৰ্ণম যোৱালৈ চাই গেটখন মাৰি উভতিব খোজোতেই আকৌ শুণিলে বৰ্ণমৰ মাত ।
: গধূলি কল কৰিম । তুমি ৰিচিভ কৰিবা ।
পলকতে উজলি উঠিল সমীক্ষাৰ মুখমণ্ডল । তাই যেন বৰ্ণমৰ পৰা এনেকুৱা কিবা এটা শুনিবলৈকে ৰৈ আছিল। বৰণীয়া পখিলা এটি হৈ নাচি উঠিল তাইৰ দুভৰি । যতেই খোজ দিব তাতেই যেন এৰি যাব এমুঠিমান আবিৰ ।
: ঠিক আছে।
জোৰকৈ পেডেল মাৰি গুচি যায় বৰ্ণম । মাকে ৰদত মেলি থোৱা ৰং বিৰঙী কাপোৰবোৰৰ পৰা ভাহি আহিছে কমফ্ৰট ফ্ৰেবিক কণ্ডিশ্বনাৰৰ ফুৰফুৰীয়া সুঘ্ৰাণ ।
গধূলি বৰ্ণমৰ সৈতে পাতিবলৈ সুকীয়াকৈ নিজৰ কোঠাত বহি লয় সমীক্ষা ।
কথাবোৰ ডিঙিতে লাগি ধৰে দেখোন ।
বিছাৰি ধৰনে একো কৱ নোৱাৰি ..অথলে যায় দিনজোৰা অনুশীলন তাইৰ । তথাপিও কিবা এটা ভাললগা ...বেনামী শিষৰণ !
******
:আহিলা ?
এয়া , জেবি কলেজত জানুৱাৰীমহীয়া শীতাৰ্ত এটি পুৱা । স্নাতক দ্বিতীয় ষান্মাসিকৰ আজি প্ৰথম দিন। কলেজ গেট পাৰ হৈয়ে বাইক ষ্টেণ্ডৰ পৰা উলাই অহা বৰ্ণমৰ সৈতে মুখামুখি হল সমীক্ষা।
তাই যেন বাকহীন...এটা যুগৰ পাছত বৰ্ণমে মাতিছে তাইক।
তাৰ দুচকুত তাইক নিঃশেষ কৰি দিব পৰা সজলতা ।
শীতৰ জথৰতা আতৰাই কলেজ চৌহদত এচাটি ভালপোৱাৰ বা।
: উম.. মুৰ জোকাৰি উত্তৰ দিলে সমীক্ষাই ।
: হেপ্পী নিউ ইয়েৰ বৰ্ণম । আকৌ কলে তাই
: Wish you too .
কথাষাৰ কৈয়ে খোজৰ গতি বদ্ধিৰ্ত কৰি গুচি গল বৰ্ণম । তাইৰ মুখৰ পৰা ধন্যবাদ টো শুণিবলৈয়ো সময় নাই যেন ।
যদিও তাইৰ হিয়াৰ দুয়োকুল উপচাই এক অবুজ উলাহ।
বতাহচাটিয়ে কেণ্টিন যোৱা বাটতোত থকা দেবদাৰুৰ শুকান পাত এখিলা লৈ আহিল। আলফুলে বুটলি ললে সমীক্ষাই । বৰ্ণমে প্ৰথমবাৰলৈ মতাৰ প্ৰতীক যেন সেয়া ।
বৰপাত্ৰ কুটীৰত তেতিয়া ন বজাৰ ক্লাছটোৰ বেল পৰিছে।
আজি মেজৰৰ পৰিবৰ্তে প্ৰথম ক্লাছটো আছে ইংৰাজীৰ ক্লাছ আৰ চি চি ৰ 101 নং কোঠাত । বৰুৱা ছাৰে আৰম্ভ কৰিছে নতুন চেপ্তাৰ ' A pilgrimage to Tawang ' ক্লাছটো আৰম্ভ হোৱাৰ কিছু পাচতে হাঁহিমুখীয়া অলপ Chubby ছোৱালী এজনী আহি তাইৰ কাষতে বহিলহি । হাঁহিৰ আদান প্ৰদান হল দুয়োৰে মাজত । ক্লাছৰ মাজতে তাই সমীক্ষাক ফুচফুচাই সুধিলে ।
: তুমি কেতিয়াবা টাৱাং গৈছা নে ?
: নাইযোৱা ..তুমি ?
: মই তাৱাংৰ পৰায়ে আহিছো ।
:Really ..!?
: Actually I am originally from Tezpur. কিন্ত পাপাৰ জব তাৱাংত । so সৰুৰে পৰা তাতে থকা।
: অহ্ ...
জে বি কলেজৰ প্ৰতি থকা আকৰ্ষণে সুদূৰ তাৱাংৰ পৰা টানি আনিছে তাইক। সমীক্ষাৰ ভাললাগিছে মৰমলগা ছোৱালীজনীৰ কথাবোৰ ।
: Btw .. I am সাধনা শইকীয়া । Department of History .
: মই সমীক্ষা শৰ্মা ..ফিলছ'ফীৰ ।
দুয়োৰে নামটোৰ কিছু সাদৃশ্য দেখি দুয়োজনীয়ে হাতেৰে মুখ ঢাকি হাঁহিলে । অৱশেষত সাধনাই সুধিলে এই বয়সৰ সবাতোকৈ মৌলিক প্ৰশ্নটো ।
: তোমাৰ বয়ফ্ৰেণ্ড আছেনে ?
: নাই ..আৰু তোমাৰ ?
: আছিল । জে বি তে চিনাকি হৈছিলো জানা আমি । Now we broke up .
কথাষাৰ কওঁতে চকুযুৰি সেমেকি গল সাধনাৰ ।
: যি মানুহ ডেষ্টিনীত থাকে । ঘুৰি পকি হলেও উভতি আহিবই।
সমীক্ষাই তাইৰ কোমল হাতখনত ধৰি কলে । ইতিমধ্যে বেল মৰা প্ৰায় পোন্ধৰ মিনিট পাৰ হৈছে । RCC 101 কোঠাত বহি আছে মাধো সাধনা আৰু তাই । হাতত ধৰিয়েই দুয়ো আগবাঢ়িল RCC বিল্ডিংৰ বেলকনিয়েদি । আৰ চি চি ৰ 303 নং কোঠাৰ পৰিবৰ্তে এতিয়াৰ পৰা সমীক্ষাহতৰ মেজৰৰ ক্লাছবোৰ হব RCC 107 নং ৰুমত । সাধনাহতৰ ক্লাছো তাৰে কাষৰ ৰুমটোত RCC 106 ।
: তুমি এদিন মোক সকলোবোৰ কবা । মনতো পাতল লাগিব ।
ক্লাছৰুমলৈ সোমোৱাৰ পূৰ্বে সাধনাক কলে সমীক্ষাই।
: ঠিক আছে।
সমীক্ষাৰ বেয়া লাগি গল তাইলৈ । ঘৰৰ পৰা ইমান দুৰত আছে ছোৱালীজনী। ইচ্ছা কৰিলেই লগ নাপায় মাক দেউতাকক । তদুপৰি প্ৰেমজনিত সমস্যা। কথাষাৰ ভাবি ক্লাছৰুমত সোমাই অতি আচৰিত হল সমীক্ষা। সদায় একেলগে একেখন বেঞ্চতে বহা মিত্ৰা আৰু আয়ুবৰ মাজত আজি ইমান দুৰত্ব । কেইদিনমানৰ আগতেটো কেৱল কমন ৰুমত থকা সময়খিনিৰ বাদে একে মুদ্ৰাৰ দুটা পিঠিৰ দৰে একেলগে থাকে মিত্ৰা - আয়ুব । য'ত মিত্ৰা থাকে তাত আয়ুব থাকিবই অথবা যত আয়ুব থাকে তাতে থাকে মিত্ৰা ! মিত্ৰাক হেচুকি সমীক্ষাই সুধিলে ।
: কি হল আজি তহতৰ ?
: সি ব্ৰেক বিছাৰিছে অলপ দিনৰ বাবে ।
মিত্ৰাৰ মাতষাৰে বুজাই দিছে তাইৰ মানসিক অৱস্থাৰ কথা । একো কোৱাৰ প্ৰয়োজনবোধ নকৰিলে সমীক্ষাই । মাধো মিত্ৰাৰ কান্ধত হাতখন থলে । মাকে কয় মনোকষ্ট পোৱা মানুহক আমাৰ এধানিমান স্পৰ্শয়ো সাহস দিব পাৰে কেতিয়াবা। আয়ুবৰ ফালে এবাৰ চালে সমীক্ষাই । ফোন টিপাত ব্যস্ত সি ।তাৰ দুচকুত নাই মিত্ৰাৰ দৰে বিৰহ..তাইৰ দৰে আবেগৰ বিৰামহীন চাকনৈয়া ।
সমীক্ষাৰ দৃঢ় বিশ্বাস প্ৰতিটো প্ৰেম কাহিনীৰে এটা ঈশ্বৰ প্ৰদত্ত সময়সীমা থাকে ..মানুহবোৰ নিমিত্ত মাধো ।
জে বি কলেজত তেতিয়া শীতৰ একাজলি ৰ'দ । সাধনা , মিত্ৰাহতৰ ভগ্ন হিয়াত হাজাৰ হাহাকাৰ ।।
*********
আগলৈ..
✍️Sangeeta Devi , Jorhat
(সকলোলৈকে ধন্যবাদ আৰু মৰম যাচিলো।🌸)
👌👌
ReplyDeleteThank you!
Delete