জেবিয়ান..🦋 (খণ্ড -১২)

:সমীক্ষা শুণাছোন ।

RCC Building ৰ 107 নং কোঠাৰ সন্মুখৰ হাফ ৱাল খনত খুটা এটাত ভেজা দি বহি আছিল সমীক্ষা মাঘমহীয়া ৰদচেৰেঙা লৈ। হাতত ডায়েৰী সদৃশ বহী এখন লৈ তাইৰ কাষতে বহিলহি একে বিভাগৰে জ‍্যোতিময় ।

: কোৱা ?

: কবিতা এটা লিখিবলৈ চেষ্টা কৰিছিলো ..ছোৱাচোন ।
তাইৰ দিশে বহীখনৰ ভাজকৰা পৃষ্ঠা এটা আগবঢ়াই জ‍্যোতিময়ে কলে ।

"বৰপাত্ৰ কুটীৰৰ সন্মুখত  তোমাৰ অভিমানী হাঁহি

দুচকুত কাজল আৰু ভাল পোৱাৰ এখন নদী ৷

হয়তোবা তোমাক লগ পালো বাবেই মোৰ জীৱন জটিল।

তোমাৰ আবেগবোৰৰ পৰাই মই জীৱনটোক কবিতাৰ ছন্দেৰে গাঁঠিব শিকিম...."

পংক্তিটো দুবাৰ পঢ়িলে সমীক্ষাই । শব্দবোৰ সৰল যদিও মন চুই যোৱা ।

: বৰ ভাল লাগিল...লিখি যোৱা ।

: সচা ?

: উম...সচা । মিছিকিয়াই হাঁহি সমীক্ষাই কলে

: Thank you !  আৰু এটা কথা ।

: কোৱা ।

: ছাগলী , কুকুৰা অলপ পুহিবলৈ আৰম্ভ কৰিছো । পঢ়াৰ লগতে সৰু ব‍্যৱসায় এটা ..

কৰ্মজীবি মানুহবোৰ ভাল লাগে সমীক্ষাৰ । তাই জানে জ‍্যোতিময়ৰ ঘৰৰ অৱস্থাৰ কথা । খেতিয়ক দেউতাকৰ কান্ধৰ পৰা অলপমান বোজা হ্ৰাস কৰাৰ প্ৰয়াস কৰিছে সি ।

: খুবেই ভাল কথা । মোৰ সামৰ্থ‍্যৰ ভিতৰত কিবা হেল্প লাগিলে কবা ।

: তুমিযে তেনেকৈ ভাবিছা সেয়াই বহুত ।
বাকীবোৰে হাঁহিছেহে ...

জ‍্যোতিময়ৰ মুখত বিদ্ৰুপৰ হাঁহি । তাৰ কপালৰ পৰা আঘোণৰ পৰিশ্ৰমৰ চিন যোৱা নাই তেতিয়াও ।

:তোমাক এইবাবেই ভাল লাগে জানা । বুজি পোৱা যে কথাবোৰ ।

:Ishh..!

লাজ লাগি গল সমীক্ষাৰ । সন্মুখতে কোনোবাই প্ৰশংসা কৰিলে কিমান যে অসহজ লাগে সেই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে তাই । হাঁহি এটা মাৰি বহাৰ পৰা উঠিল সমীক্ষাৰ লগতে জ‍্যোতিময়ো । খিৰিকীৰ ফাকেৰে তাই দেখিলে ক্লাছৰুমৰ ভিতৰত বেঞ্চত ভৰি তুলি বহি আছে বৰ্ণম । কেবাদিনো তাৰ সতে কথা পতা নাই সমীক্ষাই । মেছেজ এটা কৰিব নেকি তালৈ ? সমুখৰ পৰা মতাৰ সাহসকণ তাইৰ নাই।
নালাগে থাকক ..
সিয়োতো দিব পাৰে মেছেজ এটা । বহুদিন বৰ্ণমৰ সৈতে সংযোগ নোহোৱা ফোনটো জোৰকৈ খামুচি ধৰিলে সমীক্ষাই । হৃদয়ৰ তাগিদাতকৈ সদায়েই উদ্ধৰ্ত ইগ' তথা অহং ভাৱ !
ৰঞ্জন ছাৰ অহা দেখা পাই শ্ৰেণীকোঠালৈ সোমাই আহিল সমীক্ষা - জ‍্যোতিময় ।  ছাৰে কৈছিল

" আন মানুহে দৰ্শনক সমালোচনা কৰে । আমি হেনো এটা আন্ধাৰ কোঠাত কলা টুপি এটা বিছাৰি ফুৰো আৰু সেই টুপিটোৰ অৱস্থিতি সন্দৰ্ভতো নিশ্চিত নহয় আমি । কিন্তু মই কওঁ আশাবাদী হোৱাত সমস‍্যা কি ? তেওঁলোকে জানো এশ শতাংশ নিশ্চয়তাৰে কব পাৰিব যে টুপিটো নাই ? "

                          *******

: আমি চিনাকি কেনেকৈ হৈছিলো জানা ?

কমনৰুমৰ কাষৰ পুখুৰীটোৰ পাৰত থকা চকীবোৰৰে এখনত বঢ়ি আছে সমীক্ষা আৰু সাধনা ।

: কোৱা ।

: ফাৰ্ষ্ট কলেজ অহাৰ পাছতে WhatsApp ত ডিপাৰ্টমেণ্টৰ এটা গ্ৰুপত কোনোবাই এড কৰিছিল মোক । সব মেম্বাৰ মোৰ অচিনাকি । তাৰে এটা নাম্বাৰ touch হৈ by mistake মোৰ পৰা মেছেজ এটা গ'ল । মেছেজটো আছিল এটা ফুলষ্টপ ।

কথাকেইটা কৈ ক্ষণিকলৈ হাঁহিলে সাধনাৰ লগতে সমীক্ষায়ো 

: May be that's why ...আমাৰ ষ্টৰীটোত ইমান জল্দি ফুলষ্টপ লাগিল ।

  হাঁহিমুখীয়া সাধনাজনীৰ  মুখখন তমসাময় হৈ গল ... মনপখী উভতি উৰিল এৰি অহা সময়বোৰলৈ।

: Who is this ? মই মেছেজ এটা পাইছিলোঁ।

খন্তেক পাছতেই নাম্বাৰটোৰ পৰা মেছেজ আহিল সাধনালৈ।

: I am so sorry . Group টো চাওতে ভূলতে গল মেছেজটো ।

সাধনাই ৰিপ্লাই পঠালে ।

: অহ্ একো নাই বাৰু ...Btw মোৰ নাম নবাৰুণ । And you are..?

: সাধনা শইকীয়া ।

পাছদিনা কলেজত প্ৰথমবাৰলৈ দেখে সাধনাই নবাৰুণক , নবাৰুণ দলে । ইতিহাস বিভাগৰ চকলেট বয় । ডিপাৰ্টমেণ্টৰ প্ৰতিখন বেঞ্চতে আছিল নবাৰুণৰ একোজনী ছিক্ৰেট এডমায়াৰ । চচমা পিন্ধা মৰমলগা লৰাটোৰ প্ৰতি সাধনাৰ মনতো অংকুৰিত হল এক অনামী গুঞ্জন...! অনবৰতে কিতাপৰ পৃথিৱীত ব‍্যস্ত থকা ছোৱালীজনীয়েও মুৰ তুলি চাইছিল দাপোনত নিজকে ।
ইতিহাস পঢ়া প্ৰতিজনী ছোৱালীৰে জীৱনৰ প্ৰথম প্ৰেম হয় ফৰাচী সম্ৰাট নেপোলিয়ন বোৰ্নাপাটৰ সৈতে ....
সাধনাৰ মনত বোৰ্নাপাটৰ পাছতেই  নবাৰুণৰ প্ৰতি সৃষ্টি হৈছে অময়া প্ৰেমাবেগ !
অৱশ্যে তাইৰ বাবে কল্পনাৰো অগোছৰ আছিল নবাৰুণৰ হৃদয়লৈ বাট লোৱাটো ।

: But surprisingly ..সিয়ো মোক ভালপাইছিল জানা ।

সাধনাৰ কথাবোৰ মন্ত্ৰমুগ্ধৰ দৰে শুনি আছে সমীক্ষাই ।

: Yes ... ময়ো কৰবাত শুণিছিলো যে we fall in love with the most unexpected person at the most unexpected moment !
তাৰ পাছত কি হল ?

: এদিন সি মোক ভালপাওঁ বুলি কলে । মুঠেও বিশ্বাস নহল মোৰ । কিন্তু লাহে লাহে বিশ্বাস কৰিবলৈ বাধ্য কৰিলে সি ।  এনেকৈয়ে ষ্টাৰ্ট হল আমাৰ ভালপোৱা ।

যেতিয়া ভালপোৱা ফুলে ...তাৰ সুবাস চৌপাশে বিয়পিবই ! সাধনা আৰু নবাৰুণৰ ভালপোৱাৰ খবৰো বাগৰিল ডিপাৰ্টমেণ্টৰ মুখে মুখে । প্ৰায়বোৰ ছোৱালীৰে হৃদয় ভাগিল । সবেই মিলি demotivate কৰিবলৈ আৰম্ভ কৰিলে সাধনাক ... নবাৰুণে হেনো কেৱল সুবিধা লবলৈ ভালপাইছে তাইক ।
তথাপিও তাই নবাৰুণৰ সৈতে আছিল...সহযাত্ৰী হৈ !
ক্লাছৰ ছোৱালীবোৰে সমূহীয়াকৈ বয়কট কৰিছে সাধনাক ..কোনো তাইৰ সতে বেঞ্চত নবহে অথবা ভালকৈ কথা নাপাতে । আৰু এদিন সাধনাৰ ৰুমমেট বেডিং বান্ধি ৰুমৰ পৰা উলাই যাবলৈ উদ‍্যত হল ।

: মই ৰিজন সুধিলো...তাই কলে নবাৰুণক এৰি দিব লাগে । first day ৰ পৰাই সি তাইৰ ক্ৰাছ্ ...!

: আৰু সেইকাৰণে তুমি তাক এৰি দিলা ?

: আৰু কি কৰিম কোৱা । এখন অচিনাকি ঠাইত অলৰেডি বহুত অকলশৰীয়া হৈছিলো মই ।

: ছেহ্ ...সমীক্ষাই আক্ষেপ কৰি কলে ।

দুজন প্ৰেমিক মানুহক পৃথক কৰি সেয়া কেনে আসুৰিক তৃপ্তি পালে সাধনাৰ ৰুমমেটজনীয়ে ।  অফ পিৰিয়ডৰ সময়সীমা শেষ হৈছিল তেতিয়ালৈকে । এটাও শব্দ উচ্চাৰণ নকৰাকৈ নন মেজৰৰ ক্লাছৰ বাবে দুটা বিপৰীত দিশে গতি কৰিলে সাধনা আৰু সমীক্ষা ।
                             *******

: অই সমীক্ষা..জমনি কথা এটা শুন।

কেমেষ্ট্ৰী গেলাৰীৰ বেঞ্চ এখনত বহি সাধনাৰ কথাই ভাবি আছিল সমীক্ষাই । তনয়াই আহি কাষতে বহি কলে।

: কছোন ?

: FB ত ' Who is your soulmate ?' নামৰ টেষ্ট এটা কৰিছিলো জান' ? মোৰ soulmate উলাইছে সমীক্ষা শৰ্মা ।

কথাষাৰ কৈয়ে জোৰকৈ হাঁহিলে তনয়াই । সমীক্ষায়ো ৰখাব পৰা নাই হাঁহি । আগৰ বেঞ্চকেইখনে উভতি চোৱাতহে কিছু সংযত হল দুয়ো ।

: এই এপবোৰ যে যি বেছিকৈ ফটোত লাইক কমেণ্ট দিয়ে তাৰ নামটোৱে দি দিয়ে মানে ।
মূখ টিপি হাঁহি সমীক্ষাই কলে ।

তেনেতে খবৰ আহিল নন মেজৰৰ ক্লাছটো নহয় । বেয়া নাপালে তনয়া সমীক্ষাই । ইনেয়ো বৰকৈ লগ নহয়েই দুয়োজনী । আজি অন্তত অলপ কথা পাতিব পাৰিব । একাংশ শিক্ষাৰ্থী ৰুমটোৰ পৰা উলাই যোৱাৰ পৰিবৰ্তে কিছুসংখ্যক তাতেই বহি আছে এতিয়াও।
ড্ৰীমিৰ পৰা চিলেবাচখন লৈ বহীত লিখি লিখি দুয়োজনীয়ে কথা পাতিবলৈ ধৰিলে ।

: এক্সকিউজ মি...চিলেবাচখন পামনেকি ? কোনো পুৰুষকণ্ঠ শুণি লিখাৰ পৰা মুৰ তুলি চালে তনয়া আৰু সমীক্ষাই ।

: লোৱা ।

সমীক্ষাই আগবঢ়াই দিয়া চিলেবাচখনৰ ফটো এখন তুলি ললে চচমাপিন্ধা মৰমলগা লৰাজনে ।

: Thanks ...Anyways তোমাৰ নামটো ?

: সমীক্ষা । ফিল'চফীৰ..আৰু তুমি ?

: নবাৰুণ দলে । হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ।

: অ' সাধনাক চিনি পোৱা ছাগৈ ?

: অহ ..পাওতো । she is my girlfriend . তাই কোৱা নাই নেকি তোমাক ?

: মানে তাইটো কৈছিল ...

: কি আমাৰ ব্ৰেক আপ হোৱা বুলি ন ? সমীক্ষাৰ কথাষাৰ সম্পূৰ্ণ কৰিবলৈ নিদিয়াকৈ কলে নবাৰুণে ।

: আচলতে তাইহে এৰি দিছে মোক । মই কিন্তু এৰি দিয়া নাই এতিয়াও।  নবাৰুণৰ দুচকুত সমীক্ষাই দেখা পাইচে সাধনাৰ প্ৰতি সুষ্পষ্ট ভালপোৱা । 

সেইদিনা কলেজৰ পৰা উভতি আহোতে সাধনালৈ মেছেজ লিখিলে সমীক্ষাই

" নবাৰুণক এৰি দিয়াৰ দৰে ভুল নকৰিবা সাধনা । কাৰোবাৰ সচা ভালপোৱাৰ বিনিময় এনেকৈ দিব নাপায় কেতিয়াও । ৰুমমেটজনীৰ নিচিনা selfish মানুহ লাইফত বহুত পাবা । নবাৰুণৰ দৰে selfless মানুহ পোৱা সহজ নহয় । ভাবি চাবা । "
                              *******
আগলৈ...

✍️Sangeeta Devi , Jorhat
(সকলোলৈকে মৰম আৰু কৃতজ্ঞতা🌿)

Comments

Post a Comment