জেবিয়ান..🦋 (খণ্ড -১৭)
স্নাতক তৃতীয় ষান্মাসিকৰ প্ৰথমটো দিন..
বৰ্ণমবিহীন জে . বি কলেজ। সমীক্ষাৰ সন্মুখত এয়া এক নতুন প্ৰত্যাহ্বান ।
কলেজ গেটৰ সন্মুখতে উজুতি খালে সমীক্ষাই ।
এইখিনিতেইটো আছিল এজাৰজোপা...কত গ'ল ?
তাৰমানে বৰ্ণমৰ স্মৃতি বিজড়িত সকলোবোৰ বস্তৱেই আতৰি গৈছে তাইৰ কাষৰ পৰা এটা এটাকৈ। জগন্নাথ বৰুৱা মহাবিদ্যালয় সলনি হৈছে জগন্নাথ বৰুৱা মহাবিদ্যালয় স্বতন্ত্ৰলৈ । চিৰসেউজ কলেজ খনৰ বাকৰিত মুঠি মুঠি জীয়নীয়া সপোন আৰু অনুসন্ধিৎসা লৈ আগমন ঘটিছে হাজাৰোধিক নৱাগতৰ ... এজাক সম্ভাৱনাময় যুৱ উদ্যমৰ !
এতিয়াৰ পৰা একাংশৰ বাবে আনুষ্ঠানিকভাৱে অগ্ৰজ সমীক্ষা হত । সিহতৰ কৰ্তব্য নতুন খিনিক এটা সুস্থ আৰু বন্ধুত্ব সুলভ পৰিবেশ দিয়াৰ ।
বাইক ষ্টেণ্ডৰ দিশে আজি চোৱাটো নিৰৰ্থক.. তথাপিও অভ্যাসবশতঃ কেৰাহিকৈ সেইদিশে পৰিভ্ৰমণ কৰিলে সন্ধানী দুচকু তাইৰ .. আজি যে তাত সেই বিশেষ নাম্বাৰ প্লেটৰ বাইকখন থকাৰ শূণ্য শতাংশ সম্ভাৱনাও নাই ।
নটিচ বৰ্ডত মেজৰ ক্লাছৰ বাবে এল'ট কৰা ক্লাছ ৰুমটো দেখি চকুজুৰি সেমেকি গল তাইৰ ... RCC 303 । এইটো কোঠাতেই যে এটা শতিকাৰ অন্তত দেখিছিল বৰ্ণমক । সেই সময় আজি হাততে হেৰাল।
এবাৰ যদি উভতি আহিলাহেতেন তুমি ..
এবাৰ যদি দেখিলোহেতেন তোমাক ..
RCC 303 নং কোঠাত এতিয়া প্ৰতিখন ফেনৰ বাবে আছে পৃথক ছুইচ্ । RCC Building ৰ কোলাহলৰ মাজতো কিযে এক অবুজ কাৰুণ্য ।
শিৱানী বাইদেৱে ৰেজিষ্টাৰ কৰোতে দুবাৰকৈ মাতিছে বৰ্ণমৰ ৰোল নংটো... উত্তৰ নাহিল ।
তাই জানে এইৰোল নংটোৰ বিপৰীতে বৰ্ণমৰ উত্তৰ কোনোদিনেই নাহিব । হয়তোবা এনেকৈয়ে এদিন ৰেজিষ্টাৰ বুকৰ পৰা মোহাৰি দিয়া হব তাৰ নাম ।
একেই থাকিব জে . বি কলেজ , বৰপাত্ৰ কুটীৰৰ কাব্যিক বতাহ ... অথবা অডিটৰিয়ামৰ কাষত বৰ্ণমৰ বন্ধু বৰ্গৰ নিয়মমাফিক আড্ডাবোৰ ।
থাকি যাব তাইৰ হৃদয়ত হাহাকাৰ এটি । বৰ্ণমৰ অবহেলাবোৰ সহিব নোৱাৰা তাইৰ বাবে অসহনীয় হৈছে বৰ্ণমৰ অনুপস্থিতিও ।
: মাধা খাই দিব পাৰে এইসোপাই ।
অফ পিৰিয়ডটোতো RCC 303 নং কোঠাৰ পৰা ওলাই যোৱাৰ ইচ্ছা নহল সমীক্ষাৰ । বেঞ্চ এখনতে একান্তচিত্তে বহি থকা তাইৰ কাষতে ৰৈ দৰদীয়ে কলে ।
: বয়ফ্ৰেণ্ডৰ লগত কেনেকৈ যে ডিল কৰো নহয় । অনবৰতে doubt কৰি থাকিব মানে ।
কথা পাতিবলৈ অলপো মন যোৱা নাই সমীক্ষাৰ । দৰদীৰ কথাবোৰ শুণি আছে মাথো অলপো গুৰুত্ব নিদিয়াকৈ ।
: কিমানদিননো থাকিম লগত । এৰি দিলে গম পাব ।
পুণশ্চ কলে তাই ।
: কিয় ? ভালপোৱা তাক তুমি ..এৰি কেনেকৈ দিবা আকৌ ?
এইবাৰ মুখ খুলিলে সমীক্ষাই ।
: Secure job নাই তাৰ । in future problem হব ন?
: তুমিটো ফেচবুক bio ত নিজকে ফেমিনিষ্ট বুলি কোৱা । ঘৰ এখন চলোৱাৰ দায়িত্ব লৰাজনেই লৱ লাগিব বুলি কি কথা আছে ? Income source তুমিওটো হব পাৰা । virtual world ত পেট্ৰিয়াৰ্কী উফৰাই দিব লাগে বুলি ষ্টেটাছ দি reality ত তাকে ছাপৰ্ট কৰা । Such a hypocrisy !
মনৰ অসুখে ৰুক্ষ কৰি পেলাব পাৰে মানুহক । সমগ্ৰ ক্লাছতোতে মৃদুভাষী , সৰল মনৰ বুলি পৰিচিত সমীক্ষাৰ এই ৰূপ অচিনাকি যেন লাগিছে হয়তোবা দৰদীৰ... ইমানখিনি কোৱাৰ প্ৰয়োজন আছিল নে নাই নাজানে সমীক্ষাই । কিন্তু স্ববিৰোধী মানুহবোৰ মুঠেও ভাল নাপায় তাই ..
ভাৰ্চুৱেলত কিবা এটা ,
একচুৱেলত আন কিবা এটা ।
সেমেনা সেমেনি কৰি তাইৰ কাষতে এতিয়াও ৰৈ আছে দৰদী । বেঞ্চৰ পৰা বেগটো তুলি নন মেজৰৰ ক্লাছৰ বাবে কোবাকুবিকৈ ওলাই অহা সমীক্ষাই দুৱাৰদলিতে লগ পালে মিত্ৰাক । কিমানযে প্ৰভেদ মিত্ৰা আৰু দৰদীৰ মাজত । সচাই ভালক ভালে কেতিয়াও নাপায় ।
: তোক বিছাৰি লৰা এটা আহিছে । বাহিৰত ৰৈ আছে ।
কথাষাৰ কৈয়ে ক্লাছ ৰুমলৈ সোমাই গল মিত্ৰা ।
বেলকনিতে সমীক্ষাৰ বাবে ৰৈ আছে অচিনাকি লৰা এটা ।
: মোক বিছাৰিছিল ? তাই লৰাজনৰ কাষলৈ গৈ সুধিলে ।
: হয় । হাই.. মোৰ নাম কৌশিক । তোমাৰ এটেনডেঞ্চ ভাল বুলি শুণি বিছাৰি আহিছো।
: কিয় বাৰু ? একো বুজিব নোৱাৰি সুধিলে তাই ।
: ইলেকশ্বনত উঠিছো মই । লঘু ক্ৰিয়া সম্পাদক পষ্টত । ন'মিনেচন পাছ হবৰ কাৰণে Identity Card দুখন লাগে । তোমাৰ খন দিবা নেকি প্লীজ্ ?
: Oh Sure ! বেগটো খুচৰি আই ডি কাৰ্ডখন উলিয়াই কৌশিকক দিলে তাই ।
: Thank you . Vote টো কিন্তু মোকেই দিবা ।
: নিশ্চয় । পুণৰ হাঁহি এটা মাৰি যাবলৈ লোৱা কৌশিক উভতি আহিল আকৌ ।
:WhatsApp নংটো দিয়া তোমাৰ ..নহলে কাৰ্ডখন ৰিটাৰ্ণ কৰিবলৈ প্ৰব্লেম হব ।
: 757802.. নাম্বাৰটো কৌশিকক জনালে তাই । ধন্যবাদ জনাই সি বিদায় লোৱাৰ পাছত তাই পি . জি বিল্ডিংলৈ বাট ললে ।
*******
নন মেজৰৰ ক্লাছটো মন বহাব পৰা নাই তাই । এফালৰ পৰা তনয়াক কৈ গৈছে সকলোবোৰ ।
তনয়াই পতকৈ পেনটো পৰাত বেঞ্চৰ তললৈ মুৰ কৰি খেপিয়াই বিছৰাত লাগিল ।
: অই ...চকলেট এটা পালো চা । কাৰোবাৰ পৰি গল ছাগে ।
সমীক্ষাৰ দিশে ডেইৰী মিল্ক চকলেট এটা দেখুৱাই তনয়াই কলে ।
: থৈ দে ..গেটৰ ওছৰত থকা দুখীয়া কাৰোবাক দি দিবি ।
অন্যমনস্ক ভাবে কলে সমীক্ষাই ।
: আমিওটো দুখীয়ায়ে দেছোন...
কথাষাৰ কৈয়ে চকলেটতোৰ বাকলি গুচালে তনয়াই । আনদিনা হোৱা হলে তনয়াৰ কাণ্ড দেখি খিলখিলাই হাঁহিলেহেতেন তাই । কিন্তু আজিৰ দিনটো যে আনদিনৰ দৰে হবই নোৱাৰে ।
এইটো ক্লাছৰ পাছতে আৰু এটা মেজৰৰ ক্লাছ আছে । কলেজ খনত নিৰ্বাচনী বতাহ । চিনাকি অচিনাকি নানা মুখৰ হাহিৰ সম্ভাষণে ভৰি পৰিছে জে বি কলেজৰ সুবিশাল কেম্পাচ্ । তাৰে কোনোবা প্ৰাৰ্থী , আন কোনোবা প্ৰাৰ্থীৰ সমৰ্থক । মুল বাটৰ পৰিবৰ্তে মধ্যভাগত থকা চিৰিয়েদি RCC 303 নং কোঠালৈ খোজ দিলে সমীক্ষাই । 304 নং ৰুমৰ চিৰিৰ সতে লাগি থকা ৱালখনত লিখা আছে নানা কথা
..জেবিয়ানৰ গোপন কনফেশ্বন ।
" ক্লাছ মেট বহীৰ শেষৰ পৃষ্ঠাত পৰি ৰয় উদঙীয়া হৃদয়ৰ যাযাবৰী কবিতা " কোনোবাই লিখিছে ।
তাৰ তলতে আন কোনোবাই লিখিছে ..
" শিক্ষা নিকেতনৰ ইক'নমিক্স ক্লাছৰ ইম' কৰা চুলিৰ ছোৱালী জনী । ভালপাওঁ তোমাক একপক্ষীয় ভাৱে !
কোনোদিনা দ্বিপাক্ষিক চুক্তি এটা কৰিব নোৱাৰোনে আমি ?? "
" তোমাৰ লগত কথা পাতিবলৈ ইমান কঠিন কিয় ? "
আন কোনোবাই মাৰ্কাৰ পেনে লিখি থৈছে ।
জেবিয়ানৰ বোবা শব্দ এইবোৰ । যাৰ বাবে লিখিছে তেওঁ হয়তো কোনোদিনেই নপঢ়িব কথাবোৰ ..
শব্দবোৰ এদিন উৱলি যাব , নোহোৱা হব । শব্দৰ গৰাকী বোৰৰ হৃদয়ত ৰৈ যাব জীয়া ঘা এডোখন ।
দুই এটা অভিধান বৰ্হিভূতঃ বাক্যও লিখিছে কোনোবাই ।
আন কাৰোবাৰ পেঞ্চিল স্কেটচ্ এ ৱালখনক দিছে এক নান্দনিক সৌন্দৰ্য্য ।
" উভতি আহা বৰ্ণম ..
ঘুৰাই দিয়া 303 নং কোঠাৰ অস্থিৰ দিনবোৰ "
ৱালৰ কাষৰ পুৰণি চকীখনত থকা পেঞ্চিলডাল তুলি লৈ লিখিলে সমীক্ষাই ।
ধূসৰ সময় ।
বৰ্নিলহীন জীৱন !!
: সোণজনী কি হৈছে তোৰ ?
সন্ধিয়া গোহাঁই চাকি জ্বলাবলৈ পাহৰি ম'হৰ কামোৰৰ মাজত ষ্টেপত বহি থকা তাইক মাকে সুধে।
মাকৰ কান্ধত মুৰতো পেলাই দিয়ে তাই ।
: একো নাই মা .. তোমাক কলো নেকি বাৰু বৰ্ণমে কলেজ এৰিলে বুলি ।
সমিক্ষাই পাছমুহুৰ্ততে হাঁহি মাৰি কয় ।
: উম .. বহুত দিনৰ আগতে কৈছিলি । মাকে বিছনি খনে তাইলৈ বা দি কয় ।
: আজি লৰা এটাই মোৰ আই ডি কাৰ্ডখন লৈ গৈছে ইলেকচনৰ কাৰণে ।
বিষয়টো সলাই সমীক্ষাই কলে ।
: অহ্ ।
মাক আৰু পঞ্চীক সকলো কথাই কয় তাই । সৰুতেই মাকে কৈছিল , "তহতৰ কথাবোৰ আনৰ মুখত শুনাতকৈ তহতি নিজেই কলেই ভাল পাম মই"
ইমানদিনে দুয়োজনীয়ে মানি আহিছে সেই উপদেশ।
তথাপিও হিয়াৰ কথাবোৰহে কৱ পাৰি আনক ; হিয়া ফালি দেখুৱাই দিব নোৱাৰি বুকুৰ কেচা আচোৰবোৰ !
বৰষুণ নাপাই তেতিয়া হাহাকাৰ কৰিছিল টাবৰ ৰেইন লিলিবোৰে ।
বৃষ্টিপাতৰ বাহিৰে হাজাৰ পানী ছটিয়ালেও যে ফুলি নুঠে ৰেইন লিলিৰ ৰঙবোৰ !
নিশা খিৰিকীৰ কাষত বহি তাই পঢ়ে থমাচ মুৰেৰ কবিতা The Light of Other Days ..
"" OFT, in the stilly night,
Ere slumber's chain has bound me,
Fond Memory brings the light
Of other days around me:
The smiles, the tears
Of boyhood's years,
The words of love then spoken;
The eyes that shone,
Now dimm'd and gone,
The cheerful hearts now broken! ..""
******
আগলৈ..
✍️ Sangeeta Devi , Jorhat
(Thank you Readers !)
Comments
Post a Comment