জেবিয়ান..🦋 (খণ্ড -২৬)
: উভতি আহা সমীক্ষা। ভুল হৈ গল মোৰ।
কৰ পৰা জানো আৰ চি চি বিল্ডিংৰ সন্মুখত আজি শিমলু তুলা সৰিছে। বতাহজাকত আছে হিৰুদাৰ কবিতাৰ গোন্ধ
"তুমিটো জানাই
এই কবিৰ আৰু একো নাই,
এটাই মাথোঁ কামিজ
তাৰো ছিগো-ছিগো চিলাই।
...."
: এবাৰ বিশ্বাসৰ দেৱাল ভাগি যোৱা মানুহে কিন্তু দ্বিতীয় বাৰ সেই দেৱালখন বৰ মজবুত কৈ গঢ়ে বৰ্ণম।
: সাথঁৰ তুমি...
: সাথঁৰ আছলতে তুমিহে !
: আমাৰ মাজত কিবা এটা আছিল , তুমি নুই কৰিব নোৱাৰা।
বৰ্ণমৰ কন্ঠত বিদ্ৰোহ।
: আছিল , আছে আৰু মোৰ তৰফৰ পৰা অন্ততঃ সদায়েই থাকিব।
: তেন্তে.. সমস্যা কি ?
: তুমি যদি আকৌ এৰি যোৱা মোক হৰ্থাতে!
কিছুমান মানুহ থাকে জীৱনত , যাৰ এশটা মিছা কথাও সচাৰ দৰে লাগে , যাৰ হাজাৰ ভূৱা প্ৰতিশ্ৰুতিটো বিশ্বাস বিছাৰি পায় মানুহে।
সমীক্ষাৰ বৰ হাবিয়াস হৈছে বৰ্ণমক ক্ষমা কৰি পুণৰ নিজৰ জীৱনলৈ স্বাগতম জনাবলৈ, বিবেকে বাধা দিছে।
: জেদবোৰ এৰা । অবাটে গৈছিলো মই। এতিয়া ঘুৰি আহিছো।
কিবা এটা কৱ বিছাৰিছে সমীক্ষাই , পৰা নাই।
উগুল থুগুল লাগিছে মন।
তেনেতে খুটুঙকৈ শব্দ এটা হোৱাত খৰমৰকৈ সাৰ পালে তাই ।
ছেহ্ ইমান পৰে মানে সপোনহে দেখি আছিল। কাষতে শুই থকা পঞ্চিয়ে বাগৰ সলালে।
সমীক্ষাই কপালত হাত থৈ হাঁহিলে.. মানে সপোনটো তোমাক দেখিলে আকুলি বিকুলি হয় হিয়া। মনোবিদ ফ্ৰয়েডে কয় সপোন মনে সজা কল্পনা মাথো । ইযে মাধো অতৃপ্ত , অৱদমিত বাসনাৰ সাক্ষাৎ পৰিতৃপ্তি সাধন।
খেপিয়াই টেবুলত থকা ফোনটো বিছাৰি সময় চালে তাই , এতিয়া পুৱঁতি নিশা। বিচনাখনৰ কিছু কাষলৈ গৈ মেলি দিলে খিৰিকী খন। আকাশৰ পৰা খহি পৰিছে এটি পপীয়া তৰা। পপীয়া তৰা দেখি আশা খুজিবলৈ শিকা নাই তাই। সৰুতে ককাকে কৈছিল পাপ কৰা তৰাবোৰক এইদৰে বৰ্জন কৰা হয় আকাশৰ পৰা , শাস্তিস্বৰূপে ।
হাতৰ সাৰে ভৰিৰ সাৰে বিচনাৰ পৰা নামি আহিল সমীক্ষা। আজি ফ্ৰয়েডৰ স্বপ্নতত্ব ফালৰি কাটি ফেইৰী টেলত শুণা কথা এষাৰ বিশ্বাস কৰিবৰ মন গৈছে তাইৰ..
পাছনিশা দেখা সপোন সচা হয়।
****
কৰবাট শুণিছিল সমীক্ষাই , শুই উঠিয়েই মনত পৰা মানুহজন হৃদয় চুবুৰীৰ সবাতোকৈ নিকটৱৰ্টী বাসিন্দা। পঞ্চীৰ স্কুটীৰ পাছত উঠি কলেজ আহি থাকোতে বাটতোত বৰ্ণমৰ কথাই ভাবি আহিল তাই।
সচাই যদি বৰ্ণম ঘুৰি আহে ?
শাম কাটিবনে তাইৰ অভিমান ?
আনদিনা হোৱা হলে পঞ্চীৰ সতে আহোতে ভগৱানক স্মৰণ কৰিলেহেতেন তাই। প্ৰথমবাৰলৈ সমীক্ষাক স্কুটীত তুলি কলেজ নিম বুলি কৈ আধাবাট খোজকঢ়াইছিল পঞ্চীয়ে। অবশেষত কৈছিল , " তই মানুহজনী টেম্পুতে যা। মোক বাৰু বেগটোকে দে।"
এবাৰ আকৌ চিৰতীয়া গাঁৱৰ ওছৰতে স্কুটীৰ পৰা নমাই দিছিল।
ইতিমধ্যে দুবাৰকৈ স্কুটীৰ পৰাও পৰিছে পঞ্চী , অৱশ্যে সমীক্ষাক পেলোৱা নাই আজিলৈকে। ইনেও পঞ্চীৰ জীৱনত লটিঘটিৰ অন্ত নাই। কেতিয়াবা যদি তাইৰ ফোন চুৰ হয় , কেতিয়াবা পৰীক্ষা হলতে এৰি থৈ আহে এদমিট কাৰ্ড , কেতিয়াবা আকৌ গৰম তেলত ৰিং পাপড় বুলি ভাবি তুলি দিয়ে নিজৰেই ৰিং ফিংগাৰ (অনামিকা আঙুলি) ।
:পাৰ্থ দা..
পুলিবৰৰ ওছৰতে পাৰ্থদাক দেখি চিঞৰি মাতিলে তাই।
: সোনজনী সাৱধান।
পাৰ্থদাই হাত ডাঙি সাৱধানবাণী শুনালে তাইক। পঞ্চীয়ে পেন্দূৱাকৈ পাৰ্থদালৈ চোৱাটো সমীক্ষাই আইনাখনত দেখিলে। কিমান মৰমসনা অভিমান সেয়া।
কলেজ গেটৰ সন্মুখত সমীক্ষাক নমাই ল' কলেজলৈ ৰাওনা হোৱাৰ পুৰ্ৱে কলেজ খন এপলক চালে পঞ্চীয়ে। জেবিয়ানে জানো এৰিব পাৰে জে বি কলেজৰ মোহ ?
: সমী , আজি কিন্তু আৰু এটা কবিতা শুণিব লাগিব মোৰ। গেটৰ মুখতে লগ পাই জ্যোতিময়ে কলে।
: নিশ্চয় শুনিম।
সৰাপাত গছকি চহৰখনলৈ নামিছে উদাসী ফাগুন। পছোৱাজাকত অশান্ত ফাগুনৰ আগমনৰ বাতৰি। চুপটি মাৰি , আমনি কৰি ভাল পায় ফাগুনে।
বতাহজাকে আউল লগোৱা চুলিবোৰ ঠিক কৰিলে সমীক্ষাই । দুচকু নিৱদ্ধ বাইকষ্টেণ্ডত।
: এইবাৰ খেতি ভাল হল জানা বহুত।
303 কোঠাৰ ওছৰ পাই সমীক্ষাৰ দিশে ডায়েৰীৰ ভাজলগা এপৃষ্ঠা আগবঢ়াই জ্যোতিময়ে কলে।
: উম , আমাৰ পুৰণা ঘৰটো ভাল হৈছে খেতি। বতৰ অনুকুল আছিল এইবাৰ।
সমীক্ষাই ডায়েৰীখন হাতপাতি লৈ কলে।
৷৷ মোৰ উজাগৰী নিশা ৷৷
ৰাতিবোৰ উজাগৰে পাৰ হ'ব ধৰিছে
জিলিৰ মাতে যেন কাঢ়ি নিছে,
মই দেখিব বিচৰা বিলাসী সপোনবোৰ
হোষ্টেলৰ কৃষ্ণচূড়া কেইজোপাৰ ৰঙা ৰঙে
মোৰ মনটোক বৰকৈ আমনি কৰিছে
এটা প্ৰভাতি সুৰত দুয়ো গীত গাম ,
ভাললগা , ভালপোৱাৰ....৷৷
: তুমি ভাল লিখা জোতিময় , এইবাৰ জেবিয়ান ৰ বাবে কবিতা এটা দিবাছোন
: মোৰ কবিতা ছিলেক্ট হব জানো ?
: দি থোৱাত আপত্তি কি ? হলে হব , নাইবা পাছত আৰু ভালকৈ লিখাৰ সুযোগ পাবা।
: তেন্ত দিম বাৰু। এটা কথা কবলগীয়া আছিল তোমাক।
: কোৱাছোন।
: তুমি যে আমাৰ ডিপাৰ্টমেণ্টৰ কাৰোবাৰ ক্ৰাছ্ জানা নাই ?
ক্ৰাছ্ নহয় এক্স..
সমীক্ষাই জানে বৰ্ণমৰ কথা কৈছে জ্যোতিময়ে।
ছাত্ৰ ছাত্ৰী সকলৰ মাজত দুয়োকে লৈ সৰব আলোচনাৰ কথা জানে সমীক্ষাই। ভালপোৱানো কেতিয়াবা লুকাই থাকিব পাৰেনে লোকচক্ষুৰ পৰা।
লাগিলে সেয়া একপক্ষীয়ই হওঁক বা প্ৰাক্তন ।
কিন্তু দুয়োৰে সম্বন্ধৰ প্ৰকৃত সত্য নাজানে কোনেও।
কোনোৱাই ভাবে একপক্ষীয় , আন একাংশই ভাবে প্ৰেমিক যুতি। ফাৰ্ষ্ট বেঞ্চৰ সমীক্ষা আৰু শেষৰ বেঞ্চৰ বৰ্ণম, মুঠতে কিবা এটা আছে দুয়োৰে মাজত।
প্ৰতুক্তৰত এটি হুমুনিয়াহ এৰিলে সমীক্ষাই।
: সি তোমাক ফাৰ্ষ্ট ছেমৰ পৰাই লাইক কৰে , কবলৈ সাহ নকৰে ৰিয়ানে !!
: ৰিয়ান ?
অন্যফালে মুৰ কৰি থকা সমীক্ষাই ঘুৰি চালে জ্যোতিময়লৈ। ডিপাৰ্টমেণ্টটোৰ ভিতৰতে শান্ত বুলি পৰিচিত ৰিয়ান , আজিলৈকে কোনোদিনাই যাক মাতি পোৱা নাই সমীক্ষাই। সেই ৰিয়ানৰ ক্ৰাছ তাই ?
কেনেকৈ ?
: এইবোৰ কেনেকুৱা ধেমালি জ্যোতিময় ?
: সচা কথা । কবলৈ ভয় কৰে। মই আজি কৈ দিম বুলি কোৱাত ভয়তে ক্লাছ নকৰি সৌ তাত বহি আছে ছোৱা।
অডিটৰিয়ামৰ দিশে আঙুলিয়াই দেখালে জ্যোতিময়ে। সচাই বেঞ্চ এখনত বেগটো সাবতি বহি আছে ৰিয়ান। সেই যে এদিন দৰদীয়ে কৈছিল সমীক্ষাৰ সতে ৰিয়ানৰ দৰে লৰা এটাহে মিলিব বুলি। কিবা জানিয়েই কৈছিল নেকি বাৰু ?
ছেহ্ ... যেনেতেনে সমীক্ষাৰ মনৰ বাতৰি পাই অতে ততে গান গাই জোকাবলৈ বাদ দিছে কৌশিকে। এতিয়া যদি ৰিয়ানে তেনেকুৱা কিবা কৰে।
যিহেতু প্ৰথম চিনাকিৰ দিনা কৌশিকো জেণ্টেল আছিল , পাছতহে সলনি হৈছিল সি।
অতপৰে ক্লাছৰুমত বহি থকা বৰ্ণম উঠি আহিল তেনেতে , লগত ঋষি । তাইৰ দিশে আহিছে নেকি বাৰু সি , সমীক্ষাৰ কলিজাত দ্ৰুত কপনি।
তাই আৰু জ্যোতিময়ৰ পৰা অলপ দুৰত ৰল সিহত দুটা।
কেনেবাকৈ দুয়োকে এনেকৈ কথা পতা দেখি ইৰ্ষা হোৱা নাইতো তাৰ ?
বৰ সুখী মানুহৰ দৰে হাঁহিলে সমীক্ষাই। ইমানদিনে তাইক জ্বলাই মাৰিছে বৰ্ণমে , আজি নিজেই জ্বলক।
: ঋষি.. ভাই তই মোৰ কথাটো শুণ , ফাৰ্ষ্ট বেঞ্চত বহা ছোৱালীৰ পৰা দুৰত থাকিবি সদায়।
বৰ্ণমে ঋষিক কৈছে কিছু উচ্চস্বৰত যাতে সমীক্ষাই শুণা পায়।
: ইয়াত ইমান হূলস্হূল ..
দুখোজমান বৰ্ণমহতৰ পৰা দুৰলৈ আহি সমীক্ষাই কলে। যাক আজি তাই জ্বলোৱাৰ কথা ভাবিছিল তেওঁৰ কথাইহে ছোন জ্বলাইছে তাইক।
: ছোকা ছোৱালীবোৰ তেনেকুৱাই।
পুণৰ বাৰলৈ কলে বৰ্ণমে।
" মই আৰু ইয়াত থাকিব নোৱাৰো"
জ্যোতিময়ক তাতে এৰি দুপদাপকৈ ক্লাছৰুমৰ ভিতৰলৈ সোমাই আহিল সমীক্ষা , সোমোৱাৰ পুৰ্ৱে এবাৰলৈ ঘোপাকৈ চালে বৰ্ণমলৈ। তাইৰ চাৱনি দেখি হাঁহি ৰখাব পৰা নাই সি ।
" ইস্ .. জ'কাৰ নেকি কিবা মই। খঙত চালেও হাঁহি দিবলৈ"
নিদিৰ্ষ্ট বেঞ্চখনত খন্তেক বহি বহাৰ পৰা উঠিল সমীক্ষা। আজি তাই শেষৰ বেঞ্চত বহিব। বৰ্ণম আৰু ঋষিয়ে বাহিৰলৈ যাওতে বেগকেইটাও লৈ যোৱাৰ বাবে খালী হৈয়ে আছিল সেইখন বেঞ্চ। এহাতে বেগটো লৈ শেষৰ বেঞ্চ পালেহি সমীক্ষা। ৰিতিষ্ণা লীমাই চাই থাকোতেই গল।
শিৱানী বাইদেউক অহা যেন দেখি বৰ্ণমহতো আহিল ক্লাছৰুমৰ দিশে। ঋষিয়ে ইংগিতেৰে বৰ্ণমক কিবা এটা কোৱা দেখিছিল সমীক্ষাই। যিহেতু শেষৰ বেঞ্চৰ পোনে পোনে পাছ দুৱাৰখন। আগৰ খালী বেঞ্চখনলৈ বৰ্ণমহত যাবৰ বাবে ঠিক দুৱাৰমুখলৈ ভৰিদুটা আগবঢ়াই থোৱা সমীক্ষাই আতৰাই দিব লাগিব দুভৰি।
নিদিয়ে তাই আতৰাই.. কিয় দিব?
কাৰোবাৰ ক্লাছ কৰিবৰ মন আছে আনখন দুৱাৰেদি সোমাৱক , নাইবা তাইক ৰিকুৱেষ্ট কৰিব লাগিব।
নহলে ভৰি নাতৰাই সমীক্ষাই।
সকলোৰে আগত অমায়িক সমীক্ষা বৰ্ণমৰ সন্মুখত হৈ পৰে অবুজ , অভিমানি সৰু ছোৱালীৰ দৰে।
বৰ্ণম আৰু ঋষিয়ে বাট সলালে। আগদুৱাৰেদি আহি চুচুক চামাককৈ তাইৰ আগৰ বেঞ্চখনত বহিল।
শেষৰ বেঞ্চ, তামোলৰ পিকেৰে কিছু ৰঙা নিম্নাংশৰ দেৱালৰ এছোৱা। বেঞ্চখনত নীলা চিঞাঁহিৰে লিখা আছে এসোপামান ক্ষোভ , সপোন।
: সমীক্ষা তুমি আজি ইমান পাছত বহিলা যে ?
প্ৰাশ্চাত্য নীতিশাস্ত্ৰৰ সুখবাদৰ ব্যাখ্যা আৰম্ভ কৰিবলৈ লৈ শিৱানী বাইদেৱে সুধিলে।
: নাই বাইদেউ.. ইনেই !
বহাৰ পৰা উঠি সমীক্ষাই কলে।
: হব বাৰু বহা।
সমীক্ষা বহিল। তাইৰ সদায়েই এনেলাগে যেন বাইদেউৰ অন্তঃদৃষ্টি খুউব শক্তিশালী। বাইদেৱে যেন মানুহৰ ভিতৰখন দেখা পায়। যেন নোকোৱাকৈয়ে বুজি পায় সকলোবোৰ।
" মেম ই-মা-ন ধুণীয়া কিয় বাৰু ? " মুৰে কপালে হাত থৈ পিংকুৱে সৰুকৈ কয়। মৃদুকৈ হাঁহে বৰ্ণমহতে।
সচাই শিৱানী বাইদেউ বৰ ধুণীয়া!
: এৰিষ্টিপাছৰ মতে ব্যক্তিগত সুখেই পৰম সুখ। তেওঁক স্থুল আত্মসুখবাদী আখ্যা দিব পাৰি।
: এৰিষ্টিপাছ নহয় এ.এছ.টি.চি বাছ্
আগফালে বাইদেৱে বুজাই আছে। ঋষিয়ে মুখ টিপি হাঁহি কলে।
তাৰ ছেঞ্চ অফ্ হিউমাৰ দেখি হাঁহি উঠিল সমীক্ষাৰো।
সমীক্ষাই ইমান দিনে শেষৰ বেঞ্চৰ লৰাকেইটা বদমাছ্ , অভদ্ৰ বুলিয়েই ভাবি আছিল । আজি বুজিছে কিমান নিষ্পাপ আৰু সৰল সিহতৰ ধেমালিবোৰ। সৰু কথাতেই হাঁহিৰ খোৰাক বিছাৰি উলিয়াব পাৰে, উপভোগ কৰিব জানে জীৱন।
*****
: বৰ্ণমক ভালপোৱা নহয় তুমি ? অফ পিৰিয়ডটোত তনয়াক লগ পাই একেলগে চাহ খাই আছিল দুয়োজনীয়ে। জ্যোতিময়ে কাষতে বহি সুধিলে।
চামুচখনত তুলি লোৱা আলুচপ টুকুৰা খাবলৈ আভোক লাগি গল সমীক্ষাৰ। মৌন হৈ ৰ'ল তাই খন্তেক।
: বেয়া পালা নেকি ? সবেই কৈ থাকে , ভাবিলো ডাইৰেক্ট তোমাক সুধো।
: নাইপোৱা বেয়া।
সমীক্ষাই হাঁহিলে মিচিকিয়াই।
: বুজিলো বহুত ভালপোৱা নহয় তাক। কিছুমান কথা মুখ খুলি নকলেও ধৰিব পাৰি। তেন্তে তোমালোক একেলগে নাই কিয় ? I mean as a couple ?
: আচলতে কিছুমান মানুহ আমাৰ মনত , প্ৰাৰ্থনা , ডায়েৰী সকলোতে থাকে ; কিন্তু ইয়াত নাথাকে।
নিজৰেই কপালখনত হাত দি সমীক্ষাই কলে।
জ্যোতিময়ে কিবা বুজি আৰু এটাও প্ৰশ্ন নকৰাকৈ কাউন্টাৰৰ দিশে উঠি গ'ল।
আজি বতৰ নতিশীতোষ্ণ উষ্ণতাৰ। এজাক উন্মনা বতাহত সৰিছে কেণ্টিনৰ সমুখৰ দেৱদাৰুৰ পাত।
*****
আমি তোমার বিরহে রহিব বিলীন
তোমাতে করিব বাস
দীর্ঘ দিবস, দীর্ঘ রজনি,
দীর্ঘ বরস-মাস ।।
ৰবীন্দ্ৰ সংগীত , কম পোহৰৰ লাইট , এখন উপন্যাস , খোলা খিৰিকীৰ ফাকেৰে আহি সমীৰৰ কাণৰ কাষত ফুচফুচনি।
সমীক্ষাৰ একান্তই নিজা সময় সেয়া।
সেই যে এটি বৰ্ষাৰ দুপৰীয়া বৰ্ণমৰ সতে কথা পাতিছিল তাই , সিমানেই। তাৰ জীৱনত আনৰ আগমনৰ খবৰ পাই দ্বিতীয় বাৰলৈ আমনি কৰা নাছিল তাই বৰ্ণমক।
তেন্তে আজি কি হল তাৰ ?
ব্ৰেক আপ ?
সেয়াই ছাগৈ, বাট হেৰুৱালে তাইলৈ মনত পৰে বৰ্ণমৰ। তায়েইতো কৈছিল , জীৱনৰ যিকোনো পৰ্যায়ত সি মাথো উভতি চালেই হল , সেই একেঠাইতে একেজনী সমীক্ষা ৰৈ থাকিব তাৰ বাবে?
কিন্তু তাই গোটাব পাৰিবনে পুণৰবাৰলৈ বৰ্ণমক ভালপাওঁ বুলি কোৱাৰ সাহস , যি এবাৰ উফৰাই দিছিল তাইক।
"নাই , হাজাৰ ভালপালেও ভালপাওঁ বুলি নকওঁ তোমাক। তোমাক পাবলৈ তিলতিলকৈ মৰিম মই। আনৰ সতে দেখিছে জ্বলি পুৰি শেষ হলেও মনৰ কথা কোনোদিনেই নকওঁ "
এইক্ষেত্ৰত সমীক্ষা দৃঢ় প্ৰতিজ্ঞ এইবাৰ।
তেনেতে ফোনটো বীপ হোৱাত টেবুলৰ পৰা মবাইলটো তুলি ললে তাই। অচিনাকি নাম্বাৰ।
: I am so sorry সমীক্ষা। জ্যোতিময়ে আজি তোমাক সব কৈ দিলে। বেয়া নাপাবা তুমি।আমনি নিদিও কেতিয়াও। from Riyan !
: তাত বেয়া পাব লগীয়া একো নাই। কিন্তু এনেকুৱা কথাত ক্লাছ মিছ নকৰিবা এতিয়াৰ পৰা।
মেছেজটো টাইপ কৰি বহাৰ পৰা উঠিল সমীক্ষা। যিহেতু আওপকীয়াকৈ হলেও তাইৰ বাবেই ক্লাছ খতি হৈছে ৰিয়ানৰ , সেয়ে আজিৰ নোটখিনি ৰিয়ানলৈ ফটো মাৰি পঠাই দিব সমীক্ষাই। কিবা ভাবি বৰ্ণমলৈয়ো মেছেজ এটা লিখিলে তাই..
"এনেকৈ কিয় কাট মাৰিছিলা আজি। ফাৰ্ষ্ট বেঞ্চত বহা ছোৱালী বোৰ কিবা বেয়া নেকি? "
চেণ্ড কৰো নকৰোকৈ অৱশেষত বৰ্ণমলৈ চেণ্ড কৰিলে মেছেজটো।
এতিয়া মনটো পাতল লাগিছে অলপ।
: Thank you !
নোটখিনি দিয়াৰ বাবে ৰিয়ানে ধন্যবাদ জনাইছে তাইক । লগত এটা সেউজীয়া হাৰ্ট ইম'জী।
:তোমাৰ ব্লকলিষ্টৰ পৰা উলাবলৈ।
বৰ্ণমৰ মেজেছ আহিল এইবাৰ।
:মানে ?
: মানে মই জানোটো , তেনেকুৱা কিবা এটা কলে তোমাৰ খং উঠিব , খং উঠিলে গালি দিবলৈ মন যাৱ।
ফ্ৰন্টতটো কেতিয়াও সেইকাম কৰিব নোৱাৰা। finally আনব্লক কৰিলা আৰু।
বাহ.. ইমান প্লেন , ইমান সমীক্ষাৰ চৰিত্ৰৰ সঠিক বিশ্লেষণ।
: তুমিটো কেতিয়াবাই ওলালা ব্লক লিষ্টৰ পৰা।
: হয় নেকি ? নটিচ্ কৰা নাছিলো মই।
ক'ৰ পৰা নটিচ্ কৰিবা তুমি , প্ৰেমৰ নিচাত মাতাল মানুহৰ জানো আহৰি থাকে চৌপাশৰ পাৰিপাৰ্শ্বিকতাৰ খবৰ লবলৈ।
: কলেজত puppy বোৰৰ লগত লাগি থাকা তুমি।
: ভালপাওঁ যে।
: কাক?
: সিহতক।
:অহ্..!
তাক সুধিব নেকি গাৰ্লফ্ৰেণ্ডৰ কথা সমীক্ষাই। নাই, মন গলে সি নিজেই কৱ।
ৰিপ্লাই স্বৰূপে স্মাইলী ইম'জী দিলে বৰ্ণমক তাই।
:ইমানকৈ এই স্মাইল বোৰ কিয় পঠাই থাকা নো?
তেনেকৈয়ে তোমাক চাৱ বিছাৰো মই সদায় , হাহিঁৰে সৈতে।
: ইনেই !
মনৰ কথাষাৰ নকৈ তাই ৰিপ্লাই দিলে তালৈ। বৰ্ণমে আৰু একো দিয়া নাই।
তাই পুণৰ বাৰলৈ ৰবীন্দ্ৰ সংগীত টো প্লে কৰি ফোনটো টেবুলখনত ৰাখিলে ।
****
আগলৈ..
✍️ সংগীতা দেৱী
Comments
Post a Comment