জেবিয়ান..🦋 (খণ্ড -২৮)
আজি চিনিয়ৰ সকলৰ ফেয়াৰৱেল। কেইদিনমানৰ পাছতে হবলগীয়া ফাইনেল পৰীক্ষাৰ অচিলা লৈ সমীক্ষাহতৰ বহু সহপাৰ্ঠী অহা নাই । সমীক্ষা অৱশ্যে নিৰ্দিষ্ট সময়ত নিয়মানুসৰি গাঢ়নীলা পাৰীৰ চাদৰ মেখেলা পিন্ধি উপস্থিত হ'ল কলেজত।
আগন্তক বৰ্ষৰ এনে এটি দিনতে জে বি কলেজ এৰি যাবগৈ লাগিব সমীক্ষা , বৰ্ণমহতো। কথাষাৰ ভাবিলেইছোন বেয়া লাগি যায় মনতো !
বৰপাত্ৰ কুটীৰৰ সন্মুখভাগত বৰদৈচিলাই তচনছ কৰি যোৱা ফুলপুলি বোৰ কাটিং কৰি আছে দুজন ব্যক্তিয়ে।
: দাদা , বগেনভেলিয়াৰ ডাল এটা ছাঁতে থৈ দিবছোন দেই। মই ঘুৰি যাওঁতে লৈ যাম।
সমীক্ষাই সেইঠাইতে ৰৈ কলে।
: ঠিক আছে ভণ্টি। এজনে উত্তৰ দিলে।
" ছোৱালী জনীয়ে ফুল বৰ ভাল পায় " পাছফালৰ পৰা কোনোৱাই কলে। উভতি চোৱাৰ প্ৰয়োজনেই নাই, সেয়া বৰ্ণম।
: ময়ে নহয় , সকলোৱে ভাল পায় ফুল।
: বাহ.. ইমান খং !
খং নুঠিব তাইৰ , চকুৰ আগত যে অনবৰতে দোলা দি আছে বৰ্ণমৰ হাতত থকা চিগাৰেটৰ ধোৱাৰ কুণ্ডুলী পাকবোৰে।
: সলনি হলা তুমি।
সমীক্ষাই তাৰ দিশে চাই কলে।
: তোমাৰ খবৰো পাওঁতো মই।
: কি খবৰ ? তাই আচৰিত হৈ সুধিলে।
: বহুত খবৰ।
বৰ্ণমে দুহাত কিছু প্ৰসাৰিত কৰি দেখুৱালে খবৰবোৰৰ ব্যাপ্তি।
: যেনে ?
: যেনে ৰিয়ান , জ্যোতিময় আৰু সেই ইউনিয়ন বডীৰ লৰাটোযে , কি নাম আছিল ?
: তাৰ নাম কৌশিক। আৰু এই সকলোবোৰ মোৰ বন্ধু মাত্ৰ।
বৰ্ণমক কৈফয়ত দিলে তাই , সি বিছৰা নাছিল যদিও!
: তোমাকো ছোৱালী এজনীৰ সতে মানে গাৰ্ল ফ্ৰেণ্ড ৰ লগত দেখিছো মই..!
কওঁ নকওকৈ তাই কলে।
: ইমান Sure কেনেকৈ হ'লা তুমি গাৰ্লফ্ৰেণ্ড বুলি ?
: তাৰমানে , একো নাই নেকি তোমালোকৰ মাজত ?
: You will get to know !
বৰ্ণম সদায়েই এটা অনধিগম্য প্ৰহেলিকা ! তাৰ মনৰ কথা বুজিবলৈ বৰ টান। সমীক্ষাই আৰু কিবা এটা সুধে মানে তাইক তাতে এৰি অডিটৰিয়ামৰ কাষ পালেগৈ সি।
: ৰ'বা না !!
এহাতে মেখেলা খন সম্ভালি খৰধৰকৈ বৰ্ণমৰ কাষ পালেহি তাই।
: পৰিবা চাদৰ মেখেলাৰে সৈতে দৌৰিলে ।
বৰ্ণমে উভতি চাই কলে।
:লাহে লাহে যোৱাছোন অলপ ! At least কনফাৰেঞ্চ হললৈকে একেলগে যাওঁ আমি ।
সমীক্ষাই কলে.. দুচকুত অপ্ৰমেয় অনুভৱৰ কল্লোল !
: ঠিক আছে ব'লা।
: তুমি জানানে নিক'টেক্স খালে মানুহৰ স্ম'ক কৰিব মন নাযায় ?
: অ হয় নেকি ?
কাহানিও নুশুনা কিবা এটা শুণাৰ দৰে কলে সি।
"ইস.. বেছি কৰে মানে !!"
মনতে ভাবিলে তাই।
: ভালপোৱা ন' সেই ছোৱালী জনী ?
অনুসন্ধান কাৰীৰ দৰে সুধিলে তাই। আজি অলপ সুবিধা পাই যেন তাই জানি লব বৰ্ণমৰ জীৱনৰ প্ৰতিটো গোপন কথা। কিন্তু বৰ্ণমে জানো কেতিয়াবা সৰল ৰেখাৰ দৰে পোনকৈ কয় কথাবোৰ। হাঁহিলে মাধো সি।
" মোক মানে অলপো অলপো ভাল নাপায় আজিকালি , শূণ্য দশমিক এক শতাংশওঁ ! "
: তুমি পোৱা নেকি ?
স্বগতোক্তিয়েই কৰিছিল সমীক্ষাই । বৰ্ণমে কিদৰে শুণিলে বাৰু ?
: কি ?
: মই সুধিলো তুমি ভালপোৱা নেকি ?
: তুমি নাজানা নেকি ?
ৰৈ গ'ল সমীক্ষা , ৰৈ দিলে বৰ্ণমেও !
যি কাষত থাকিলে হাতেৰে সৰগ ঢুকি পোৱাৰ দৰে লাগে ।
যাৰ উপস্থিতিয়ে উজলাই জীৱন,
যাৰ অনুপস্থিতিত উকা হৈ ৰয় মন , অনুজ্বল হয় জীৱন বাট..বৰ্ণম তাইৰ বাবে তেনেকুৱা। কিন্তু এইবোৰ কথা মুখ ফুটাই কৱ নোৱাৰি তাক।
: জনা হলে সুধো নেকি ?
: ময়ো নাজানো.. কেয়াৰ কৰো তোমাৰ। ভালে থকাতো বিছাৰো সদায়। সিমানেই।
তুমি যদি বৰ্ণম , তেন্ত ময়ো সমীক্ষা। যদি তুমি চিধাচিধি মনৰ কথা নোকোৱা , মই কিয় কম ?
: তোমাৰ কেয়াৰ কৰাৰ অৰ্থ জানো মই !
উফ্...কিদৰে বাৰু বৰ্ণমে ঢুকি পায় তাইৰ হিয়াৰ অটলগহ্বৰত লুকাই থকা কথাবোৰ। প্ৰতিবাৰেই ধৰা পৰি যায় সমীক্ষা।
: নকৰিবা , পাছত তোমাৰেই প্ৰব্লেম হব।
: কি ? কেয়াৰ ?
: উম..
এইয়া কেনেদৰে সম্ভৱ। বৰ্ণমে কলে বুলিয়েই তাই আতৰাই দিবনে সন্ধিয়াৰ প্ৰাৰ্থনাৰ পৰা তাইৰ অস্তিত্ব।
ধুনীয়া কৈ সাজি কাছি অহা ছিনিয়ৰ বা দুজনী তেনেতে সিহতৰ কাষেৰে পাৰ হৈ গ'ল।
" সমীক্ষা সোনকালে আহা .. কাম আছে "
কনফাৰেঞ্চ হলৰ দুৱাৰমুখৰ পৰা ৰিয়ানে হাতবাউলী মাতিলে তাইক।
: যোৱা যোৱা , মাতিছে তোমাক ৰিয়ানে।
: তুমিও ব'লা।
: নাই নাযাওঁ , মই ইমান ক্ৰাউড থকা প্লেচ ভালনাপাওঁ ।
কথাটো অৱশ্যে হয় , বিভাগীয় কোনো অনুষ্ঠানতে বৰকৈ নাথাকেই সি , আনকি চেণ্ট্ৰেল ফ্ৰেচাৰ্ছতো বৰ্ণমক দেখা নাই তাই এবাৰো।
নিজান ভালপায় সি , নিৰলে থাকি ভাল পায়।
বহু বছৰ আগতে বৰ্ণমে কোৱা এষাৰ কথা মনত আছে সমীক্ষাৰ..
" পাটকাইৰ পাহাৰৰ শীৰ্ষলৈ যাবলৈ মন যায় মোৰ..অকলশৰে থাকিব বিছাৰো অলপ সময়"
: তেন্তে..?
: অডি ত অলপ বহিম , তাৰ পাছত যামগৈ।
: ঠিক আছে । মই যাওঁ তেনে ?
: যোৱা।
অডিটৰিয়ামত মানেই সুকুমাৰ কলাৰ আখৰাথলী।
তাতে বহি কোনোবাই জুবিন দাৰ গান গোৱা ৰিনিকি শুণিছে তাই..
" নাজানো , মন দোলে
ফাগুনৰে বা...
ফুল ফুলে ,
অ' পলাশ , শিমলু "
বৰ্ণম যোৱাৰ দিশে এখন্তেক চাই কনফাৰেঞ্চ হললৈ আগবাঢ়িল সমীক্ষা। হিয়াত বাসন্তী বা !!
আৰম্ভ হৈছে বিদায় সভা। অধ্যাপক সকলৰ লগতে ছিনিয়ৰ সকলে ৰোমন্থন কৰিছে তিনিবছৰীয়া কলেজীয়া জীৱনৰ দুখৰীয়া স্মৃতি।
: সমীক্ষা , তুমি কিবা এটা কবা ?
ৰিয়ানে তাইৰ ওছৰলৈ আহি সুধিলে।
: ঠিক আছে বাৰু।
: যোৱা তেন্তে।
বহাৰ পৰা উঠি তাই মাইক্ৰ'ফোনটোৰ দিশে আগুৱাই গ'ল । ছিনিয়ৰ সকল বৰ মৰমৰ আছিল তাইৰ। লগ পালেই ইমান ধুণীয়া কৈ মাতে , এতিয়া গুচি যোৱাৰ পাছত কিবা খালী খালী লাগি থাকিব কলেজ খন।
: নমস্কাৰ .. সৌ সিদিনা আমাৰ ইণ্ট্ৰ'দাকশ্ব'ন লবলৈ যোৱাৰ পৰা এতিয়ালৈকে ইমান সোনকালে পাৰ হৈ গ'ল সময়। প্ৰথম দিনটোৰ পৰাই তোমালোকে বহুত মৰম দিলা আমাক আৰু এতিয়া যাবাগৈ। আছলতে জেবিয়ানে জে বি কলেজৰ পৰা বিদায় নলয় কেতিয়াও , এয়া এক আনুষ্ঠানিকতাহে মাত্ৰ । কলেজখন অথবা ছাত্ৰ ছাত্ৰী দৰ্শন সংস্থাৰ তোমালোক আজীৱন সদস্য হৈ থাকিবা। জীৱনৰ প্ৰতিটো খোজতে দৰ্শন তোমালোকৰ সহযাত্ৰী হওঁক।
বিদিশা বা , মুন্মী বা , যুগ' বা , মধুস্মিতা বা আৰু দাদাসকল আমাৰ কিন্তু তোমালোকলৈ সদায়েই মনত পৰিব। শেষত স্নাতক জীৱনৰ অন্তিম টো পৰীক্ষাৰ বাবে শুভেচ্ছা যাচিলো সকলোকে । ধন্যবাদ।
চুটিকৈ মনৰ কথাবোৰ কলে তাই , ছিনিয়ৰ সকলে মৃদুকৈ হাতচাপৰি বজালে। তেওঁলোকৰ দুচকুত এখন খৰশ্ৰুতা নৈ !
তাৰ পাছতেই জ্যোতিময়ে গালে বিদায়ী গান , মিত্ৰাই বৰ ধুনীয়াকৈ নাছিলে। তেনেকৈয়ে যৱনিকা পৰিল দাদা বাহঁতৰ স্নাতক জীৱনৰ সোনালী অধ্যায়ৰ ।
*****
সমৃদ্ধিৰ সোপান কঢ়িয়াই পুণৰ আহিছে বহাগ। শিপিনীৰ তাঁতত ফুলিছে গামোচাৰ ভমকা ফুল। পঞ্চী আৰু পাৰ্থ দাৰ বিয়াৰ তাৰিখো ঠিক কৰা হৈছে আহিনৰ পাচ তাৰিখ , শুক্ৰবাৰ ; ইংৰাজী ২২ ছেপ্তেম্বাৰ।
এতিয়াৰে পৰাই কিছু উদুলি মুদুলি হৈ আছে সমীক্ষাৰ মন প্ৰাণ । বায়েকৰ বিয়া বুলি ভনীয়েকতকৈ অধিক এক্সাইটেড্ আৰু কোন হ'ব পাৰে ?
তাৰে মাজতে ফাইনেল পৰীক্ষা আহি ৰৈ আছে দুৱাৰদলিত।
হৰ্থাতে মাজনিশা ফোনটো বজাত সাৰ পালে সমীক্ষা। ইমান ৰাতি কাৰ ফোন হব পাৰে.. ভয়ো খালে অলপ তাই। মবাইলৰ ডিছপ্লেত জিলিকি আছে অমানিশাৰ নাম।
: অমানিশা কোৱা... চকু মোহাৰি ফোনটো ৰিচিভ কৰি সমীক্ষাই কলে।
ইথাৰৰ তৰংগৰ সিপাৰে উচুপিচে অমানিশাই।
: কি হ'ল কোৱাছোন?
: মই ডাঙৰ ভুল কৰি পেলালো বা.. Guilt ত শুব পৰা নাই বহুদিন।
: নাকান্দিবা। মানুহে ভুল কৰেই। বুজাই কোৱাছোন কি হ'ল ।
ফোনটোৰ সিপাৰে কান্দোনত কপিছে অমানিশাৰ মাত।
: মই যে মোৰ বেষ্ট ফ্ৰেণ্ডক বিট্ৰে কৰিলো। দেউতাই ঠিকেই কয় পাপৰ ফলত জন্ম মোৰ।
একোৱেই ধৰিব পৰা নাই সমীক্ষাই , মুহুৰ্তৰ বিৰতি লৈ অমানিশাই পুণৰ কলে।
: মই মোৰ বেষ্ট ফ্ৰেণ্ডৰ বয় ফ্ৰেণ্ডৰ প্ৰেমত পৰি গলো বা। ৱান চাইডেদ্ । ছিহ , ইমান বেয়া মই !
কিদৰে বুজাই সমীক্ষাই অমানিশাক , কাৰোবাক ভালপোৱাটো ভুল হব নোৱাৰে কোনোপধ্যেই।
: নাকান্দিবা অমানিশা... চম্পায়ো যে ভালপাইছিল চন্দনক , চিত্ৰলেখাক দেখিও ছোন মুগ্ধ হৈছিল ঊষাৰ অনিৰুদ্ধ। সেয়া জানো পাপ ? তুমি চম্পা চিত্ৰলেখাৰ দৰে ত্যাগী হবলৈ শিকা আৰু আন কাৰোবাৰ পৰা গম পোৱাৰ আগতেই তুমি লগৰজনীক কথাবোৰ কোৱা।
: তাই যদি ঘিণ কৰে মোক ?
: নকৰে .. আনৰ মুখেৰে শুণিলে আৰু বেয়া হব কথাটো ।
: কম তেনে বা । তোমাক আমনি দিলো ৰাতিখন বেয়া নাপাবা।
তেতিয়ালৈ কিছু সংযত হৈছে অমানিশাৰ মাত।
: নাপাওঁ.. শুই থাকা এতিয়া।
: মোৰ যে আজিকালি টোপনি নাহে...!
: U tube লৈ যোৱা আৰু Tibetan flute for mental peace বুলি ছাৰ্ছ কৰাছোন , সেয়া শুণা। টোপনি আহিব ভালকৈ।
এই বাহীৰ সুৰ শুণাৰ পাছৰে পৰা ৰিতিষ্ণাৰো ভালকৈ টোপনি আহে আজিকালি !
: ঠিক আছে বা.. Good Night !
: Good Night !
ফোনটো টেবুলত থৈ খিৰিকী খন খুলিলে সমীক্ষাই। পঞ্চী টোপনিত লালকাল। আকাশত তেতিয়া অৰ্ধচন্দ্ৰ , অষ্টমীৰ জোন ! এজাক মৃদু বতাহত ৰাতি ফুলা ফুলৰ সুবাস.. তগৰ ফুলৰ । আঙুলি মুৰত লেখি হিচাপ কৰিছে , আৰু মাথো তিনিটা নিশাৰ পাছৰ পৰা পৰীক্ষা।
*****
চতুৰ্থ ষাণ্মাষিক ইয়াতেই শেষ। আজি পৰিৱেশ বিজ্ঞানৰ দুঘণ্টীয়া পৰীক্ষা। প্ৰতিটো প্ৰশ্নই অৱজেক্টিভ টাইপৰ হোৱাৰ বাবে নিদ্ধাৰিত সময়তকৈ আধাঘণ্টা আগতেই আজৰি হ'ল সমীক্ষা। পৰীক্ষা শেষ হোৱাৰ দিনা সমীক্ষাৰ প্ৰথম কাম লাইব্ৰেৰীত সোমাই উপন্যাস বিছৰা। এই সাহিত্যৰ পৃথিৱীখনে হাত বাউলি মাতি থাকে তাইক অহৰহ। মাহটোত এখন উপন্যাস পঢ়িবলৈ নাপালে কিবা ভাল নালাগে মনটো।
ক্ৰমে য়েছে দৰজে ঠংছেৰ 'মৌন ওঠ মুখৰ হৃদয়' আৰু ৰীতা চৌধুৰীৰ 'মহাজীৱনৰ আধাৰশিলা' শীৰ্ষক কিতাপদুখন লৈ লাইব্ৰেৰীৰ পৰা উলাই অহা সমীক্ষাক এগৰাকী আদ বয়সীয়া মহিলাই লগ পাই মাতিলে।
: ভণ্টি শুণাছোন.. ইয়াত বাৰ্থৰুম ক'ত আছে বাৰু ?
: সৌটো ..
সমীক্ষাই কমন ৰুমৰ ফালে আঙুলিয়াই দেখুৱালে।
তথাপি তেওঁ কিছু অসহজবোধ কৰাত তাই কলে..
: ব'লক ময়ো যাম।
দুয়ো কমনৰুমৰ দিশে আগবাঢ়িল।
: ছোৱালীক যোৱাটো ফাগুনত বিয়া দিছিলো জানা। জোৱায়ে পঢ়ুৱাব বুলি কথাও দিছিল। কিন্তু সি বৰ সন্দেহী। অকলে পৰীক্ষা দিবলৈ নপঠাই তাইক। প্ৰতিদিনে তিনিঘণ্টা সময় থিয় হৈ ৰখিব লাগে মই।
ছোৱালী জনী গৰু নেকি বাৰু কোৱাছোন , এৰাল ছিঙি পলাবলৈ।
মানুহগৰাকীয়ে ক্ষোভেৰে ক'লে।
: ধনী ঘৰ দেখি ভুল কৰিলো আমি , মনৰ বৰ দুখীয়া মানুহ সেইবোৰ ! মোৰ মনে কৈছে তাইৰ পঢ়াটো কমপ্লিট নহব বুইছা।
নিজৰ একান্তই ঘৰুৱা কথা কিছুমান কৈছে মানুহ গৰাকীয়ে। সমীক্ষাই কি কৱ ভাবি পোৱা নাই।
চিৰিংকৈ কিবা এটা মনত পৰিল তাই , যোৱা ফাগুনতে মিতালীৰো বিয়া হৈছিল। কেনেবাকৈ মিতালীৰ মাতৃ নহয়টো এয়া ?
: আপোনাৰ ছোৱালীৰ নাম ?
: শিল্পী।
: অহ্..
মুৰ জোকাৰি উত্তৰ দিলে তাই। কমনৰুমৰ দুৱাৰদলিৰ পৰা টয়লেটতো দেখুৱাই সমীক্ষা ওলাই আহিল তাৰ পৰা। ইমান অভিজ্ঞ মানুহক উপদেশ দিয়াৰ সামৰ্থ তাইৰ নাই।
: সমী..
তেনেতে তাইক পাছফালৰ পৰা আহি সাৱতি ধৰিলেহি মিতালীয়ে।
: মিতালী .. তোমাৰ কথাই ভাবি আছিলো মই।
: সচা ..
চিৰপৰিচিত হাঁহিটোৰে সৈতে সুধিলে তাই। কপালী তলতে আকি লোৱা সুৰুযটোৰ সৈতে কিমান যে ধুণীয়া লাগিছে তাইৰ মুখখন।
: এইটো চোৱা , দিগন্ত দায়ে ফোন কিনি দিছে মোক। WhatsApp ও আছে ইয়াত।
: ৱাহ... হাঁহি মাৰি সমীক্ষাই চাই ৰয় মিতালীৰ সুখী মুখখনলৈ।
: নাম্বাৰটো কোৱা , তোমাৰ এসোপা ফটো আছে মোৰ ওছৰত , পঠাই দিম ঘৰ গৈ।
: ঠিক আছে লোৱা ।
মিতালীয়ে দিয়া নাম্বাৰটো বহী এখনতে লিখি ৰাখিলে সমীক্ষাই , পৰীক্ষাৰ দিনকেইটা তাই ফোন নানে কলেজলৈ।
: অলপ দিন থাকিবানে ইয়াত ?
: থাকিম.. দিগন্ত দায়ে কৈছে যিমান ইচ্ছা থাকি আহা।
: ভাল কথা । পাৰিলে আমাৰ ঘৰলৈয়ো যাবা।
পুণুৰাই হাহিঁ কলে সমীক্ষাই।
যোৱাটো ফাগুনত মিতালীৰ লগতে বিয়াত বহিছিল শিল্পীয়ো। এটা সৰু চাকৰি কৰিও মিতালীক সুখী কৰি ৰাখিছে স্বামীয়ে। কিন্তু চহকী ঘৰলৈ গৈয়ো যে পৰাধীন শিল্পী।
হয়তোবা ঘৰখন ঠেক হলেও সুখী হব পাৰে মানুহ , যদিহে মনবোৰ আহল বহল হয়।
সিদিনা মিতালীলৈ ফটোখিনি দিয়াৰ পাছত বৰ গধুৰ দায়িত্ব এটাৰ পৰা মুক্ত হোৱাৰ দৰে লাগিছিল সমীক্ষাৰ।
*****
আগলৈ...
✍️Sangeeta Devi , Jorhat
বি.দ্ৰ --চিত্ৰলেখাৰ প্ৰতি অনিৰুদ্ধ আকৰ্ষিত হোৱা বুলি পাইছিলো মই কৰবাত। যদি সেইটো তথ্য শুদ্ধ নহয় জনাব, আতৰাই দিম সেই শাৰীটো।
Comments
Post a Comment