জেবিয়ান..🦋 (খণ্ড -২৭)
ভাৰত তথা অসম স্বাধীন হবলৈ তেতিয়াও বাকী আছিল সোতৰ বছৰ কাল , কৃষ্ণকান্ত সন্দিকৈ ,তুলসী নাৰায়ণ শৰ্মা , যজ্ঞেশ্বৰ শৰ্মা , গুণগোবিন্দ্ৰ দত্ত , প্ৰফুল্ল প্ৰাণ চাংকাকতিকে ধৰি যোৰহাটৰ একাংশ দুৰদৰ্শী মনিষীৰ অক্লান্ত পৰিশ্ৰমৰ ফলস্বৰূপে জন্ম হৈছিল এজোপা বটবৃক্ষৰ , জগন্নাথ বৰুৱা মহাবিদ্যালয়। পণ্ডিত প্ৰৱৰ কৃষ্ণ কান্ত সন্দিকৈৰ অধ্যক্ষতাত প্ৰাৰম্ভিক বৰ্ষত মহাবিদ্যালয় খনৰ ছাত্ৰৰ সংখ্যা আছিল মাত্ৰ চৌধ্যজন আৰু আজি চাৰি সহস্ৰাধিক জেবিয়ানেৰে মুখৰিত কলেজৰ চৌহদ। স্ব গৰিমাৰে আলোকিত জে বি কলেজ । বহুতে কয় "জীৱনত অহংকাৰ কৰিব পৰাকৈ একো কৰা নাই , মাথো এটা পৰিচয় গোটাইছো - জেবিয়ান । "
সকলোৰে বুকুত মহাবিদ্যালয় খনৰ প্ৰতি অপৰিসীম প্ৰেম। সেই জে বি কলেজত বেছি দিন বাকী নাই যুগশ্ৰী বা , মুন্মী বা , বিদিশা বা অথবা গৌৰৱদা হতৰ। চকুলো টুকি বিদায় লৱ একাংশ জেবিয়ানে , আকৌ হিলদল ভাঙি আহিব এজাক তৰুণ। প্ৰত্যোক আৰম্ভণিৰে যে শেষ আৱশ্যম্ভাৱী। সমীক্ষাহতে আলেঙে আলেঙে কৰিছে তেওঁলোকৰ বিদায়ী সভাৰ আয়োজন।
: বাইদেউ সোমাইছো।
ডিপাৰ্টমেণ্ট ৰুমৰ দুৱাৰমুখতে ৰৈ সমীক্ষাই কলে।
: আহা। নীৰা বাইদেৱে কিতাপ এখনৰ পৰা মুৰ তুলি কলে।
: বাইদেউ ছিনিয়ৰ সকলৰ ফেয়াৰৱেলৰ বাবে কনফাৰেঞ্চ হল ৱান টো ঠিক কৰা হৈছে।
: ঠিক আছে বাৰু।
নীৰা বাইদেৱে চচমাযোৰ খুলি কলে।
: আহিলাই যেতিয়া কিবা এটা খাই যোৱা ।
আনখন টেবুলত বহি থকা আনয়া বাইদেৱে বেগৰ পৰা টিফিন এটা উলিয়াই সমীক্ষাৰ দিশে নাৰিকলৰ লাৰু এটা আগবঢ়াই কলে।
আনয়া বাইদেউ বৰ মৰমীয়াল ,মাতৃস্বৰূপা ।
: বৰ ধুনীয়া হৈছে খাবলৈ বাইদেউ। আপুনি বনাইছে ন' ?
লাৰুটোত একামোৰ মাৰি সমীক্ষাই কলে।
: উম। বাইদেৱে হাঁহি এটা মাৰি কলে।
: পিছে ফেয়াৰৱেলৰ প্ৰিপেয়েশ্বনত পাহৰি নাযাবা, পৰীক্ষাও পাইছেহি ।
আন এখন টেবুলৰ পৰা মিত্ৰা বাইদেৱে কলে।
এই ষান্মাসিক ব্যৱস্থাতো যে। সৌ সিদিনা চতুৰ্থ ষান্মাসিক আৰম্ভ হৈছিলহে.. অহা সপ্তাহৰ পৰা ছেছ'নেল পৰীক্ষা , আৰু ছেছ'নেল মানেইটো ফাইনেল পৰীক্ষাৰ ৰণশিঙা।
: হয় বাইদেউ। আহিছো।
সমীক্ষাই উলাবলৈ লওঁতেই বিভাগীয় মুৰব্বী বাইদেৱে মাতিলে তাইক।
: সমীক্ষা , হাতেলিখা আলোচনীৰ বাবে তুমি দিয়া লেখাটো ৰঞ্জন ছাৰে পঢ়ি শুনালে মোক। বৰ ধুনীয়া হৈছে। জেবিয়ান টো কিবা এটা দিছিলা ন' ?
সেইটোও ভাল পালো পঢ়ি।
ধন্যবাদ জনাবলৈ পাহৰি থৰ লাগি ৰৈ থাকিল সমীক্ষা , এটা বিভাগৰ মুৰব্বী ৰ গধুৰ দায়িত্বৰ পাছতো বাইদেৱে তাইৰ দৰে এজনী ছোৱালীৰ সাধাৰণ লেখা এটা পঢ়িবলৈ সময় উলিয়াইছে সেয়া যে তাইৰ বাবে পৰম সৌভাগ্যৰ কথা।
: অশেষ ধন্যবাদ বাইদেউ।
মুহূৰ্তৰ বিৰতিৰ পাছত কথাষাৰ কৈ বিভাগীয় কোঠাটোৰ পৰা উলাই আহিল সমীক্ষা।
: আচ্ছা সমীক্ষা তুমি কোৱাছোন , বুদ্ধদেৱে কোৱাৰ দৰে যদি সব কথাই কণ্টিনিউটি হৈ থাকে তেন্তে I love you শুদ্ধ নে I am loving you ?
অডিটৰিয়ামৰ কাষটো লৰাহতৰ আড্ডাপ্লেছ্। সেইফালেদি আৰ চি চি বিল্ডিংৰ দিশে যোৱা সমীক্ষাক ৰখাই ঋষিয়ে সুধিলে , লগত বহি আছে পিংকু আৰু অৰ্জুন। বৰ্ণম আজি অহা নাই , সি নাহিলে অভিমানী হৈ উঠে বাইকষ্টেণ্ড অথবা আৰ চি চি বিল্ডিংৰ 303 নং কোঠা। প্ৰতিবাদ সাব্যস্ত কৰে বতাহজাকে।
: দুয়োটাই শুদ্ধ।
সমীক্ষাই হাঁহি এটা মাৰি কৰে । এই লৰাকেইটাৰ চিন্তাৰ দৌৰ সচায়েই শলাগনীয়। ঋষিৰ ছেঞ্চ অফ হিউমাৰৰ কথাটো কৱই নালাগে । প্ৰথম কলেজলৈ আহোতে অত্যন্ত ৰিজাৰ্ভ হৈ থকা সমীক্ষাই লাহে লাহে মুকলি হৈছে ইহতৰ লগত।
: আমি শুণিছো তুমি বোলে এটা মস্ত বেল !
পিংকুৱে সুধিলে এইবাৰ ।
কোনে কৈছে সুধাৰ প্ৰয়োজন নাই , বৰ্ণমেই হব। লাজতে সেন্দুৰীয়া হ'ল সমীক্ষাৰ নাকৰ পাহি।
: নহয় দেই।
: নাই , হয় হয়।
ঋষিয়ে কলে এইবাৰ।
: শিৱানী বাইদেউৰ ক্লাছ আছে এতিয়া , ব'লা।
সমীক্ষাই প্ৰসংগ সলাই কলে।
: বল বল । এইটো ক্লাছ মিছ কৰিব নোৱাৰি।
উথপথপ লগালে পিংকুৱে। ঋষি আৰু অৰ্জুনো উঠিল বহাৰ পৰা।
" চাৰ্বাক দৰ্শনে কয় ডিঙিত কাইট লগাৰ ভয়ত মাছ খোৱাৰ আনন্দক বিসৰ্জন কৰা উচিত নহয়। আমি যিকোনো উপায়েৰে হলেও বিলাসী জীৱন যাপন কৰিব লাগে। তেওঁলোকৰ মতে জীয়াই থকা কালছোৱাত ধাৰ কৰি হলেও ঘিউ মৌ খাব লাগে , যিহেতু মৃত্যুৰ পাছত সেই ঋণ আমি পৰিশোধ কৰিব নালাগে । "
সকলোৱে বৰ মন দি শুণিছে চাৰ্বাক নীতিতত্ব। বৰ্তমানৰ এখন বস্তুবাদী পৃথিৱীত চাৰ্বাকৰ দৰে এক ভোগসৰ্বস্ব দৰ্শন মানি চলে বহু লোকে। সেয়ে ছাত্ৰ ছাত্ৰী সকলৰ মাজতো এই স্থুল দৰ্শনৰ জনপ্ৰিয়তা বৰ বেছি। কিন্তু পৰবৰ্তী সময়ত চাৰ্বাক সকলৰ মাজতো এক বৈপ্লৱিক পৰিৱৰ্তন আহিছিল , তেওঁলোকেও বুজিছিল ইন্দ্ৰীয়জনিত লোভ , মোহৰ উৰ্দ্ধত সংগীত অথবা সুকুমাৰ কলাই দিয়া আনন্দ।
*****
জে বি কলেজত এটি জীপাল পুৱা । বিৰিখৰ কুঁহিপাতৰ ফাকে ফাকে সুহুৰি মাৰি চহৰখনত মন ৰাইজাই কৰা চ'তৰ প্ৰৱেশ। ছেছ'নেল পৰীক্ষালৈ বাকী মাথো দুটা দিন।
" আজি ফুকন আলিৰ ওছৰত বৰ্ণমক দেখিছিলি ?
ইমান স্পীডত বাইক চলাই সি ! কোনোবাদিনা কিন্তু পৰিব আৰু মৰিব ! "
সমীক্ষা বহি থকা বেঞ্চখনৰ পৰা মাথো দুখন বেঞ্চৰ দুৰত্বত বহি কথা পাতি আছে অৰুণ আৰু আশিষে।
সিহতৰ তৰফৰ পৰা উফৰি অহা কথাষাৰ শুণি চিৰিঙকৈ গ'ল সমীক্ষাৰ হিয়া।
জীৱনৰ সতে বৰ্ণমৰ ধেমালি বোৰৰ লগত পৰিচিত তাই। তথাপি কোনোবাই কিদৰে কৱ পাৰে
" কোনোবা দিনা পৰিব আৰু মৰিব " বুলি ?
দুয়োলৈকে উভতি চালে সমীক্ষাই , কিবা বেজাৰ লাগি মোলান পৰি গৈছে তাইৰ মুখখন।
: ছুপ .. তাই শুণিলে।
আশিষে অৰুণক খুটিয়াই কলে। সমীক্ষাই একো কোনোৱাকৈয়ে ক্লাছ ৰুমৰ পৰা উলাই বেলকনি পালেহি । ডিঙিত পিন্ধি থকা সোণৰ পখিলা খামুচি তাই শান্ত কৰিব বিছাৰিছে বুকুৰ অশান্ত ঢিপঢিপনি।
: কান্দিছা নে কি বাৰু ?
তাই ঠিয় হৈ থকা ঠাইখিনিৰ কাষতে থকা বেঞ্চখনত ক্লাছ ৰুমৰ ফালে মুৰ কৰি বহি বৰ্ণমে কলে।
: নাইতো.. বতাহত কিবা এটা সোমাইছিল চকুত।
সমীক্ষাই সচাকৈয়ে কন্দা নাছিল , হয়তোবা চলচলীয়া হৈছিল চকুৰ গুৰি।
: অহ' চচমাৰ ফাকেৰেও ধুলি সোমাই ন আজিকালি।
তলমুৰকৈ জোতাৰ লেচ্ দাল ঠিক কৰি বৰ্ণমে কলে।
ধৰাপৰাৰ পাছত অধৰ কামুৰি মিছিকিয়াই হাঁহিলে সমীক্ষাই। এইটো সুখৰ নাম কি তাই নাজানে , এই যে বৰ্ণম কাষত থাকিলেই পখিলা এটিৰ দৰে উৰি ফুৰে তাইৰ মন।
:মোক মিছা কথা কৱ নাজানা তুমি। So , ট্ৰাই নকৰাই ভাল।
: তুমি খুউব স্পীডত বাইক চলোৱা নেকি বাৰু ?
আচল কথাটো সুধিলে তাই।
: ধেৎ .. আণ্ডাৰ এজৰ পৰাই বাইক চলাও মই। স্পীডক লৈ ভয় খাব নালাগে তুমি।
বৰ্ণমৰ কথাষাৰে সন্তোষ দিব পৰা নাই তাইক।
: Helmet পিন্ধা নে সদায় ?
: উম্...
এইবাৰ কিছু আশ্বস্ত হল সমীক্ষা।
: ভাল কথা। যদিও অলপ লাহে লাহে চলাবা।
আনফালে মুৰ কৰিয়েই তাই কলে।
: ঠিক আছে বাৰু !
ৰেজিষ্টাৰ বুকখন লৈ ৰঞ্জন ছাৰক অহা যেন দেখা পালে সমীক্ষাই তেনেতে।
: ছাৰ আহিছে , ক্লাছলৈ বলা।
*****
: তোমালোক দুজনীৰ লিখিবলৈ দিগদাৰ হোৱা নাইনে ? ইমান ওছৰা ওছৰিকৈ বহিছা যে ?
নন মেজৰৰ ছেছ'নেল পৰীক্ষা। সমীক্ষা আৰু তনয়াই প্ৰায় লগালগিকৈ বহি লোৱাত ছাৰ জনে কলে।
: নাই ছাৰ । একো প্ৰব্লেম পোৱা নাই।
তনয়াই হাঁহি এটা মাৰি কলে। ছাৰে কি বুজিব স্কুলীয়া দিনৰে পৰা একেলগে থকা দুজনী বান্ধৱীক বিভাগে বিভক্ত কৰিলে জে বি কলেজত। তথাপিও যোৱা দুটা বছৰে অন্ততঃ এটা ক্লাছৰ বাবে প্ৰতিদিনে লগ হৈছিল দুয়োজনী। কিন্তু এতিয়াৰ পৰা যে নন মেজৰ আৰু নাথাকিবই । শেষবাৰলৈ একেখন বেঞ্চত বহাৰ সুযোগটো উপভোগ কৰিব বিছাৰিছে সিহতে ।
জীৱনত পৰীক্ষা আহি গৈ থাকিব , কিন্তু উভোতাই জানো পাব এই সময় ?
: তোমালোকে কি আনছাৰ লিখিছা ধৰিব পৰা নাই মই।
ছাৰে পুণৰ সকিয়নি দিলে দুয়োকে। এইবাৰ যেনিবা এবেগেত মান দুৰে দুৰে বহিল দুয়োজনী।
: মই ৰিলেশ্বনশ্বীপৰ ক্ষেত্ৰত হেপ্পী হোৱাটো ভগৱানে সহ্য কৰিব নোৱাৰে জান' সমী ?
পৰীক্ষাৰ শেষত কলেজৰ সন্মুখত ৰৈ ফুচকা খাই আছিল তনয়া সমীক্ষাই। তেনেতে তনয়াই কলে।
নাই , মানুহ ভগৱানৰ সন্তান বুলিয়েই কয় ধৰ্ম দৰ্শনে। আৰু সন্তানৰ সুখ বাৰু কিদৰে অসহনীয় হব ভগৱানৰ বাবে ? কিন্তু এইমুহুৰ্তত তনয়াক এইবোৰ কথা কৱ নোৱাৰি। বুজি নাপাব তাই , নোপোৱাতোৱেই স্বাভাৱিক।
: কিয় কলি তেনেকৈ ? ফুচকা এটা হাতত লৈ সমীক্ষাই সুধিলে।
: যেতিয়াই মই অকনমান সুখ পাওঁ , তাৰ দুগুণ দুখ দিয়ে মানুহে মোক। মানে মই যাকেই ভালপাওঁ সিয়েই মোৰ কাষৰ পৰা দুৰ হৈ যায়।
একমাত্ৰ তয়নাৰ ক্ষেত্ৰতেই হোৱা নাই এনেকুৱা , সমীক্ষাও সেই একে দুখতে কাতৰ। ফেইৰী টেলৰ দৰে হেপ্পীলী এভাৰ আফ্টাৰ নাথাকে বাস্তৱ পৃথিৱীত।
: কোনে জানে সেইবোৰ মানুহ কিজানি তোৰ বাবে নহয়েই। কৰবাট তোক সম্পূৰ্ণ ৰূপে বুজি পোৱা মানুহ এজনো আছে ! আহিবলৈ অলপ সময় আছে। wait কৰ। ইনেও কয়টো Beautiful things take time !
পলুৰ পৰা পখিলালৈয়ো যে এক দীঘলীয়া পৰিক্ৰমা!
: হুম.. চাওছোন কি হয় । তোৰ বাবে এটা গিফ্ট আছিল ৰ'বি ।
সেই বিষয়টো তাতেই এৰি বেগ খুছৰি কিবা এটা উলিয়াই সমীক্ষাক দিলে তনয়াই।
এজোৰ ধুনীয়া কাণফুলি আৰু এটা স্মাইলী বেজ্।
: ইমান ধুনীয়া লাগিছে। Thank you দেই।
উপহাৰটো হাত পাতি লৈ সমীক্ষাই কলে।
সমীক্ষাৰ পৰা বিদায় লৈ তনয়া আনটো দিশে গ'ল।
সমীক্ষা পুণৰ সোমাই গল কলেজলৈ , যিহেতু ছিনিয়ৰ সকলৰ বিদায় সভাৰ কিছু কাম বাকী আছে তাইৰ।
" তুমি মেক আপ নকৰা , কাজলো নলগোৱা ন ? হাঁহিলে বাওঁগালত এটা সৰু ডিম্পল পৰে, যিতু সহজে সবৰে চকুত নপৰিবও পাৰে। পাৰিলে সেই হাঁহিটোৰ ভইচ নোট এটা পঠাবাছোন ছেভ কৰি থৱৰ মন ফোনতে। "
বিভাগীয় কোঠাতোত জ্যোতিময় হতৰ লগত বহি কথা পাতি আছিল সমীক্ষাই। তেনেতে আহিল কৌশিকৰ মেছেজ। তাইৰ বিষয়ে ইমানখিনি নটিচ কৰিবলৈ আহৰি কত পালে সি। ৰিপ্লাই কি দিব ভাবি থাকোতেই পুণৰ আহিল কৌশিকৰ মেছেজ।
: আজি এক্সামত Middle row ৰ Fifth বেঞ্চত বহিছিলা তুমি। মই অপ'জিট ছাইডত বহি চাই আছিলো তোমাক , বেয়া নাপাবা। মোৰহে মনটো বেয়া লাগিছে জানা আকৌ যে আমি একেলগে ক্লাছ কৰিবলৈ নাপাওঁ।
: তুমি ভাল লৰা কৌশিক আৰু বহুত ভাল ছোৱালী এজনীও পাবা জীৱনত। ভালে থাকা সদায়।
কৌশিকলৈ ৰিপ্লাই লিখিলে তাই।
: Sympathy দিছা ন' ?
: নহয়। মনৰ পৰা কৈছো।
এইবাৰৰ মেছেজটোৰ সৈতে স্মাইলী এটা গাঠি দিলে তাই।
বতৰ সলনি হৈছে। আকাশ উন্দোলাই গাজিছে মেঘে। হয়তোবা বৰদৈচিলা মাকৰ ঘৰলৈ যাবলৈ সাজু হৈছে।
: মই যাওঁ । তোমালোক থাকা।
সমীক্ষা বহাৰ পৰা উঠি সকলোৰে পৰা বিদায় ললে।
: আগবঢ়াই দিম নেকি ?
ফেয়াৰৱেল গিফ্ট পেক কৰি থকাৰ পৰা ৰিয়ানে সুধিলে।
: নালাগে মই পাৰিম।
কথাষাৰ কৈ তাই কোঠাতোৰ পৰা ওলাই আহিল। কলেজত এতিয়া বেছি লৰা ছোৱালী নাই। মাথো প্ৰতিতো বিভাগতে মুষ্টিমেয় শিক্ষাৰ্থীয়ে প্ৰস্ততি চলাই আছে বিদায় সভাৰ। আজি সমীক্ষাহতে বিদায় দিব অগ্ৰজসকলক , এদিন অনুজ সকলে বিদায় দিব সিহতক সময়ৰ চিৰাৰচিত ৰীতি অনুসৰি। মনৰ পৰা জানো কোনোৱাই বিদায় দিব পাৰে কাৰোবাক, এনেকৈ?
: বাই সমীক্ষা !
আপনা বজাৰৰ কাষৰ নিস্প্ৰভ গলিটোৰ পৰা তাইক হাতজোকাৰি মাতিলে কৌশিকে , আনখন হাতত এটা আধাজ্বলা চিগাৰেট। সমীক্ষায়ো হাত জোকাৰিলে তাৰ দিশে চাই।
কিন্তু কৌশিকৰ পৰা অলপ দুৰতে যে চিগাৰেটৰ ধোৱাই আকাশ সাজিছে আন কোনোবাই। মনতো মোচৰ খাই গ'ল সমীক্ষাৰ।
বৰ্ণমে স্ম'ক কৰে আজিকালি ?
কি আচৰিত !
গাজনি ঢেৰেকনিৰে সৈতে মেঘৰ অভিমানত
ডাৱৰবোৰ কপিছিল তেতিয়া বৰুৱা চাৰিআলিত।
****
আগলৈ
✍️সংগীতা দেৱী
Comments
Post a Comment