জেবিয়ান..🦋 (খণ্ড - ৩২)
অলপ দিনলৈকে উখল মাখল হৈ থকা ঘৰখন কিছু নিজম পৰিল বিয়াৰ পাছত। অৱশ্যে কেইজনমান সম্পৰ্কীয় আলহী তথা একাংশ কাজিন থকাৰ বাবে কিছু উৎসৱ মুখৰ পৰিৱেশ এটা বিৰাজ কৰিছে এতিয়াও। সপ্তমীৰ দিনা পঞ্চী আৰু পাৰ্থদা আঠমঙলাৰ বাবে আহিব। তাৰ পাছতেই ঘৰলৈ উভতাৰ পৰিকল্পনা কৰিছে তেজপুৰৰ মাহীয়েক আৰু কাজিন গ্ৰুপে।
: মা দেতা মোৰ আজি ফৰ্ম ফিল আপ আছে নহয়। যাওঁ দেই।
সমীক্ষাই ইউনিফৰ্মযোৰ পিন্ধি কলে।
: ৰবা সোণজনী মোৰো টাউনত অলপ কাম আছে। একেলগেই যাওঁ।
আগফালে বহি পেপাৰ চাই থকাৰ পৰা চুম দাদাই কলে।
: তেন্তে দুইটা যা। ঘুৰি আহোতে বাহঁতৰ বাবে কিবা গিফ্ট এটাও লৈ আনিবি।
সমীক্ষাৰ হাতত পইচা দি মাকে কলে। তায়ো ডকুমেন্ট লোৱা বেগটোতে পইচা কেইটা ভৰাই মানে চুম দাদা স্কুটী ষ্টাৰ্ট কৰি যাবলৈ সাজু হ'ল।
শাৰদ ঋতু সদায়েই বৰ্ণিল ..শাশ্বত আৰু সন্মোহনী।
যাৰ আগমনে সকলোকে দিয়ে বিমল সুখ।
তাতে আজি দুৰ্গা পুজাৰ পঞ্চমী। কালিলৈ পাতত তোলা হব দুৰ্গতিনাশিনী , মহিমাময়ী মা দুৰ্গাক। সেয়ে , আজি যান যট তথা ব্যস্ততা কিছু বেছি যোৰহাটৰ ৰাজপথত। আই .এছ.বি.টি ৰ কাষত আপোন ঠাইৰ পুজা উপভোগ কৰিবলৈ ঢপলিয়াই অহা বেলেগ ঠাইত থকা শিক্ষাৰ্থী অথবা চাকৰিয়ালৰ ভিৰ। জে বি কলেজটো নিৰ্বাচন উপলক্ষে নানাৰঙী পোষ্টাৰ , বেনাৰ । প্ৰাৰ্থীসকলে গেটৰ ওছৰত সম্ভাষণেৰে ওপচাই তুলিছে সকলোকে।
: সোণজনী , তোমাৰ কাম হলে কলেজতে ৰবা দেই। ইয়াৰ পৰাই পিক কৰিম পাছত।
: ঠিক আছে চুম দা।
তাইক গেটৰ ওচৰতে নমাই নিজ কামৰ দিশে ৰাওনা হল চুম দাদা।
: সেইটো তোৰ কাজিন ন'? বৈদ্য কিউট দেই।
গেটৰ ওচৰতে তাইক লগ পাই ৰিতিষ্ণাই কলে।
: কিউট লগতে Booked ও।
সমীক্ষাই হাঁহি হাহিঁ কলে।
: পৃথিৱীৰ চৱ মৰমলগা লৰায়েই মিংগল মানে।
ৰিতিষ্ণাই হাঁহি মাৰি মুখ বেকা কৰি কলে।
: হি হি...
মই অফিচ যাওঁ ফৰ্ম ফিল আপৰ বাবে। তই ক'ত থাকিবি এতিয়া।
: মই জাষ্ট ভোট দিম আৰু যামগৈ।
: ঠিক আছে তেনে।
: বাই।
ৰিতিষ্ণা অডিটৰিয়ামৰ দিশে গল আৰু সমীক্ষা সোমাই গল বৰপাত্ৰ কুটীৰৰ আভ্যন্তৰলৈ।
পোন্ধৰ মিনিটৰ ভিতৰতে ফৰ্ম ফিল আপ শেষ হ'ল তাইৰ। অফিচৰ পৰা ওলাই আহি অডিটৰিয়ামৰ সন্মুখৰ ভিৰ দেখি ভোট দিবলৈ নগৈ ডিপাৰ্টমেণ্টৰ কোঠাৰ বাহিৰতে পাৰি থোৱা বেঞ্চখনত বহিল তাই। যিহেতু লাইব্ৰেৰীও বন্ধ।
ফোনটো উলিয়াই চুমদালৈ টাইপ কৰিলে মেছেজ
' মোৰ কাম হল। তুমি আজৰি হলে ফোন কৰিবা'
আহিনীয়া ৰদজাকৰ আদৰুৱা স্পৰ্শ , মানুহে কয় শৰৎ ঋতুত থাকে এক অবুজ বেদনা , " কিবা এটা নাই নাই" ধৰণৰ দুখ।
ফোনটোত লিৰিকি বিদাৰি বিয়াৰ ফটোবোৰ চায়েই সময় পাৰ কৰিছে সমীক্ষাই , লগৰ কাকো দেখাও নাই আশে পাশে।
: বাৰ বিয়াত ফুৰ্তি অলপ কৰিলা নহয় ?
তেনেতে বৰ্ণমে তাইৰ ফালে পিঠি দি বহি কলে।
মন গহ্বনত শেৱালি শেৱালি সুবাস..! জেবি ৰ আকাশত শাৰদীয় শুভ্ৰতা।
: অলপ চলপ আৰু। তাই তলমুৰকৈ কলে।
: ফটোবোৰ দেখিছো। কি হাঁহি তোমাৰ !!
দেৱদাৰুৰ তন্দ্ৰা ভাঙি দুয়োকে চুই যায় এজাক সমীৰে.. তাতে সংপৃক্ত হৈ থাকে ভূপেন্দ্ৰ গীত
"....মই আছো শাৰদীয় খিৰিকী মুখত
বুকুৱে বিছৰাজনৰ বাট চাই "
: বেয়া লাগিছে নেকি ?
: নাই ভাল লাগিছে। এই লৰাকেইটা কোন ?
বৰ্ণমে তাৰ ফোনটো খুলি ফটো এখন দেখুৱাই সুধিলে।
সমীক্ষাৰ হিয়াৰ দুৱাৰদলিত চিৰিং.. !
বৰ্ণমে লৈ থৈছে তাইৰ WhatsApp story ৰ স্ক্ৰীণশ্বট।
ফটোখন চালে তাই। মন দা , চুম দা হঁতৰ সতে গধূলি তোলা ফটো।
" আয়ৈ দেহি.. জ্বলিছে নেকি বাৰু কোনোবা !"
:সকলোবোৰ মোৰ কাজিন। সমীক্ষাই ফোনটো ঘুৰাই দি কলে।
: আচ্ছা। বিয়াৰ ফটো এখন মাকো দেখুৱাইছিলো জানা।
আস্.. বৰ্ণমে কি কথা কলে এইষাৰ। লাজতে ছোন গৰম হৈ গল তাইৰ কাণ মুৰ।
: কিয় ? দুপাট্টাখন আঙুলিৰে লিৰিকি বিদাৰি তাই সুধিলে।
: হব.. ইমান ফুৰ্তি পাব নালাগে। বাৰ ফটোহে দেখুৱাইছিলো । ইমান ধুনীয়া লাগিছিল কইনা সাজত। তোমাক জাথলী লাগিছিল একদম!!
' হুহ..এসময়তটো এই জাথলীজনীকেই কৈছিলা ভালপাওঁ বুলি !'
মৃদু অভিমান জাগিল তাইৰ।
যি অভিমানত সুৰুযৰ মুখ নাচাই আৰুণোদয়ৰ পুৰ্বে সৰি পৰে শেৱালি !
তেনে নহৈ পলকতে পমি যোৱা অভিমান।
: হয়নেকি !
: মায়ে অৱশ্যে কইনাৰ কাষত ৰৈ থকা ছোৱালী জনীকহে বেছি ধুণীয়া দেখিলে। নাজানো আৰু কিয়!!
বৰ্ণমে কলে। সমীক্ষাই জোৰকৈ সামৰি ৰাখিছে লাজ লাজ হাঁহি।
একো নকলে তাই। নিজে কোৱাতকৈ অধিক তাৰ কথাবোৰ শুণিয়েই ভালপায় সমীক্ষাই সদায়।
: মাক আৰু তোমাৰ ফটো দেখুৱাব নোৱাৰি বুজিছা। যদি কয় এইজনী ছোৱালীয়েই বোৱাৰী হিচাপে লাগে বুলি।
উফ্ কি কথা কয় এই লৰাটোৱে ,কলিজাখন ঢপঢপাই যোৱাকৈ!
লাজতে ক'ত লুকাও যেন লাগিল তাইৰ।
: ফোনটো বাজি আছে তোমাৰ শুণা নাই।
বৰ্ণমৰ মাতত ফোনটোৰ দিশে চালে তাই। চুমদা ৰ ফোন।
: হেল্ল' সোণজনী.. মই গেটৰ ওছৰত ৰৈ আছো।
: গৈছো ৰবা।
বহাৰ পৰা উঠিল তাই। বৰ্ণমৰ সতে কথা পাতিবলৈ সদায়েই কিয় বাৰু নাটনি হয় সময়ৰ। ইনেও সি অকলে লগ পালেহে মাতে এইদৰে। অন্যথা সকলোৰে আগত অচিনাকি ৰ দৰে অভিনয় কৰাত পাকৈত দুয়ো।
: মই যাওঁ। দাদা ৰৈ আছে।
সমীক্ষাই কলে।
: ঠিক আছে। আনফালে মুৰ কৰি থকাৰ পৰাই কলে সি।
খোজ যিমানে আগুৱাই..
মন সিমানেই নদীৰ দৰে ভটিয়াই তোমাৰ কাষলৈ।
******
আঠমঙলাৰ পাছদিনা তথা অষ্টমীৰ দিনা পুজা চাই আলহীবোৰ এজন দুজনকৈ যাবলৈ ওলাল। পঞ্চী পাৰ্থদায়েও নৱমীৰ দিনাই যাত্ৰা আৰম্ভ কৰিলে দিল্লী আৰু মনালী অভিমুখে।
উদং হল ঘৰখন। আৰু আজি তথা দশমীৰ পাছদিনা দেউতাকৰো ছুটিৰ দিন শেষ হ'ল। পুৱাতেই দেউতাক সাজু হ'ল যাবলৈ। এইবাৰ বহু দিনৰ পাছত দেউতাক যাবলৈ লওতে অশ্ৰু নিগৰিল সমীক্ষাৰ। সিহতে কান্দিলে দেউতাকে বৰ বেয়া পায়। তথাপি যে নমতা আলহীৰ দৰে হথাৰ্তে উলাইহি বিষাদৰ বন্যা।
: তুমি যে কেতিয়া একেবাৰে আহিবা ! গোটেই মানুহকেইটা একেলগে থাকিবলৈ নাপাৱেই দেখোন।
গেটৰ ওছৰত দেউতাকক আগবঢ়াবলৈ আহোতে তাই কলে।
এজন প্ৰতিৰক্ষা বিভাগত কৰ্মৰত ব্যক্তিৰ পৰিয়ালটোৱে বহুসময়ত কৰিব লাগে নানা কম্প্ৰ'মাইজ্ যি কেৱল তেওঁলোকহে বুজি পায়।
: হব দিয়া সোণজনী। সোনকালেই আহিম। তুমি মাথো ভালকৈ পঢ়িবা। মাৰ কথা শুণিবা সদায়।
প্ৰতিবাৰেই একেকেইটা উপদেশ দিয়ে দেউতাকে সিহঁতক ।
মুৰ জোকাৰি সন্মতি জনালে তাই।
মাক জীয়েক দুয়োজনীয়ে দেউতাক যোৱাৰ ফালে চাই ৰ'ল বহুপৰ।
শেৱালি কেইপাহমান আলফুলে বুটলি আনি পঢ়াৰ টেবুলত থৈছিল মাথো সমীক্ষাই। তেনেতে আহিল লীমাৰ ফোন।
: অই গ্ৰুপৰ কাজিয়া দেখিছ' নাই ?
: কি কাজিয়া ?
একোকে বুজিব নোৱাৰি সমীক্ষাই সুধিলে।
: মিত্ৰা আৰু আয়ুবৰ। চাছোন।
লীমাই ফোনটো থোৱাৰ পাছত পঞ্চম ষান্মাসিকৰ শিক্ষাৰ্থীৰ গ্ৰুপটো খুলি চালে তাই। তাতছোন তয়াময়া ৰণ..
মিত্ৰাই কৈছে আয়ুবক 'go to hell'
বুলি । আয়ুবে দিছে ৰিপ্লাই
' তোৰ লগত থাকোতেহে লাইফটো হেল্ আছিল মোৰ । এতিয়া হেভেনত আছো'।
কথাটো কি বুজিব নোৱাৰি আগৰ মেছেজবোৰ চালে সমীক্ষাই। কাজিয়া খনৰ সুত্ৰপাত হৈছিল এইদৰে যে আশিষে মিত্ৰাৰ নাম মেনশ্বন কৰি সুধিছিল তাই এক্সাৰ্শ্বনত যাব নাই ?
মিত্ৰাই ৰিপ্লাই দিলে 'নাযাওঁ'
ঠিক তেনেতে আয়ুবে মেছেজ দিলে ' Thank God!'
বুলি।
হয়তো ভুলক্ৰমে.. হয়তো ইচ্ছাকৃতভাৱে !!
ঠিক তেতিয়াই আৰম্ভ হল সন্মুখ সমৰ।
সকলোৱে উপভোগ কৰিছে দুয়োৰে কাজিয়া।
সমীক্ষাই ডায়েল কৰিলে মিত্ৰাৰ নাম্বাৰ..
: হেল্ল..
কান্দোনত ভাগি গৈছে মিত্ৰাৰ মাত।
: পাৰচ'নেল মেটাৰ এনেকৈ কিয় ৰাজহুৱা কৰিছ' তই ?
ডবিয়াই সুধিলে সমীক্ষাই।
: সি মনত লৈ থকা বেয়াভাৱ কেনেকৈ উলাই গৈছে ছা আজি।
দুখ লাগিছে মিত্ৰাৰ , বুজিছে সমীক্ষাই।
: সেইবোৰ ভাবি নাথাকিবি তই। সবেই এনজয় কৰিছে তহতৰ কাজিয়া। আৰু মেছেজ কৰিবলৈ বাদ দে।
: উম.. নকৰো আৰু।
মিত্ৰাই দীৰ্ঘশ্বাস লৈ কলে।
: হব দে ৰাখিছো।
ফোনটো থলে সমীক্ষাই। বহুসময়ত বৰ নিৰুপায় হৈ পৰে মানৱ হৃদয়। যি মানুহৰ হিয়াত তিলমানো ঠাই নাথাকে সেই মানুহজনকে বিছাৰি হামৰাওঁ কাঢ়ে মনে।
আৱেগসৰ্বস্ব বয়স , তাতে প্ৰেমৰ দৈন্যতা !
আকৌ ফোনটো বাজিল সমীক্ষাৰ , এইবাৰ জ্যোতিময়ৰ কল।
: সমী , ৰিমাইন্দাৰ এটা দিলো। ছেমিনাৰখন পাইছেহি দেই।
: অহ্.. মই যে একদম পাহৰি গৈছিলো জানা।
: বুজিছো বুজিছো। কালিলৈ আহি যাবা দেই কলেজ।
: ঠিক আছে , সকলোবোৰ আহিব নহয় ন'?
: বেছিভাগেই নাহে জানা। ফাইনেল এক্সামৰ অজুহাত লৈ।
বিদ্ৰুপৰ সুৰত কলে জ্যোতিময়ে।
: একো নাই দিয়া । আমিয়েই কিবা এটা কৰিম আৰু।
: অৱশ্যে ৰিয়ান আৰু জয়া থাকিব।
: ঠিক আছে তেন্তে!!
:আৰু এটা কথা , কবিতাৰ ওছৰত ৰাধাকৃষ্ণণ বিষয়ক প্ৰবন্ধ এটা আছিল। ৰীতাৰ হাতত দি পঠাইছে সিদিনা।
: ভালেই দিয়া । সহায় হব বহুত।
: এটা কথা আৰু আছে !
জ্যোতিময়ৰ কণ্ঠত লাজ।
: কি কথা ?
: প্ৰবন্ধটোৰ মাজতে কবিতাৰ চুলি এদাল পাইছো। থৈ দিম নেকি বাৰু আলফুলে।
প্ৰিয়জনৰ সতে জড়িত সকলো বস্তৱেই যে বৰ আপোন , সৰা চুলিদাললৈকে !
: থৈ দিবা তেন্তে !
মুখৰ ভিতৰতে হাঁহি তাই কলে।
: হিহি.. এতিয়া ৰাখো কালিলৈ লগ পাম।
: ঠিক আছে দিয়া।
ফোনটো থোৱাৰ পাছত তনয়াই ফটো কেইখনমান পঠোৱা দেখিলে সমীক্ষাই । জেকেট , বুট জোতা আৰু টি চাৰ্ট কিছুমানৰ ,দাৰ্জিলিং যাবৰ বাবে কিনিবলৈ ছিলেক্ট কৰি দিব লাগে।
সমীক্ষায়ো ধুণীয়া লগা কেইটা দেখুৱাই দিয়ে মানে মাকে দুপৰীয়াৰ ভাত খাবলৈ মাত লগালে তাইক।
ইমানদিনে পৰিপুৰ্ণ হৈ থকা ডাইনিং টেবুলখনত আজি মাথো তাই আৰু মাক। কিবা এটা উকা উকা লাগিছে ঘৰখন।
******
বেলিৰ কিৰণত ৰূপোৱালী আচল মেলি লৈছে ডাৱৰে। কলেজখনত ছাত্ৰ ছাত্ৰী নিছেই নগন্য।
সমীক্ষা পোনে পোনে বিভাগীয় কোঠালৈ গল। জ্যোতিময় , জয়া আৰু ৰিয়ান আহি ৰৈ আছে তাতে।
চাৰিও মিলি আৰম্ভ কৰিলে ছেমিনাৰ পেপাৰখনৰ প্ৰস্তুতি।
: Introduction আৰু conclusion টো মেইন। সেইকেইটা তুমি লিখিবা সমীক্ষা।
ৰিয়ানে তাইৰ দিশে চাই কলে।
: ঠিক আছে। কেবাখনো বেঞ্চৰ দুৰত বহা তাই উত্তৰ দিলে
: সমী ,তুমি লাইব্ৰেৰীত চোৱাগৈছোন কিতাপ অলপ !
জয়াই কলে এইবাৰ।
: ঠিক আছে। তাই বহাৰ পৰা উঠিল।
লাইব্ৰেৰীত খুচৰি খুচৰি ৰাধাকৃষ্ণণৰ ভাৰতীয় দৰ্শনৰ কিতাপ কেইখন পালে। ঘুৰি আহি দেখে বিভাগীয় কোঠাতোত মাথো ৰিয়ানহে আছে।
: ইহঁত দুটা ক'ত গল?
: কিবা এটা জেৰক্স কৰিবলৈ গৈছে ।
: অহ্..
: আমি নহলে কেন্টিনতে চাহ একাপ খাই লওগৈ বলা।
ৰিয়ানে লিখিবলৈ সামৰি কলে।
: বলা তেন্তে।
' ৰাতুল দা .. ৰুমটোত বস্ত অলপ আছে দেই। চাব অলপ'
কাষৰ কোঠাটোত বহি থকা ৰাতুল দাক ভুমুকিয়াই চাই কৈ গল ৰিয়ানে।
দুয়োয়ে কেণ্টিনৰ দিশে আগবঢ়ালে খোজ।
কাউন্টাৰৰ পৰা চাহ দুকাপ লৈ তাইৰ কাষৰ চকীখনত বহিলহি ৰিয়ান।
: চাহ খোৱা।
তাইৰ দিশে কাপটো আগবঢ়াই সি কলে।
: Thank you !
: সমীক্ষা , কলেজ শেষ হবলৈ বেছি দিন নায়েই! আজি তোমাক কথা এটা কওঁ।
: কি কথা ৰিয়ান ?
মুক্ত চুলিকোচা সামৰি তাই কলে। আজিকালি কিবা এটা ভাললাগে নিজকে খোলা চুলিৰে সৈতে।
: তোমাৰ প্ৰতি ফিলিঙচ্ কেনেকৈ ষ্টাৰ্ট হৈছিল নাজানো। May be তোমাৰ simplicity য়ে এট্ৰেক কৰিছিল সদায়। আজি বেয়া নোপোৱা যদি কেইখনমান ফটো দেখাম।
ৰিয়ানে কলে। কিছু অসহজ লাগিল তাইৰ।
: নাপাওঁ বেয়া।
সমীক্ষাৰ সন্মতি পাই ৰিয়ানে জেপৰ পৰা ফোনটো উলিয়াই গেলাৰীৰ এটা বিশেষ ফল্ডাৰ খুলি দেখুৱালে তাইক।
আস্ ইমানবোৰ ফটো। কোনোবাখনত যদি তাই কেন্টিনত চাহ খাই আছে , আন এখনত বেঞ্চত বহি একান্ত মনে লিখি আছে কিবা এটা , এখনত হাঁহিছে বৰষুণ চাই।
এবাৰ যদি বৰ্ণমেও কলেহেতেন মনত অতদিনে পুহি ৰখা কথাবোৰ , এইদৰেই!
ৰিয়ানক একোৱেই কৱ পৰা নাই সমীক্ষাই , চৰম শব্দহীনতাৰ যাতনা।
: তুমি ফেচবুকত বেছি এক্টিভ নাথাকা। মই নটিফিকেশ্বন অন কৰি থওঁ । May be তোমাৰ পষ্টবোৰ ফাৰ্ষ্ট ময়ে পাওঁ সদায়।
ইমান বিশেষ হব পাৰেনে সমীক্ষাৰ দৰে এজনী সাধাৰণ ছোৱালী কাৰোবাৰ বাবে?
: বৰ্ণমৰ কথা নিশ্চয় শুণিছা তুমি ?
সমীক্ষাই কলে কওঁ নকওকৈ।
: শুণিছো ! তোমালোকৰ মাজত কি আছে আচলতে?
উত্তৰবিহীন এটা প্ৰশ্ন , আচলতে কি আছে বৰ্ণম আৰু তাইৰ মাজত ?
সেই যে কিছুমান মানুহ লগ পোৱা যায়..যাক এৰিবও নোৱাৰি , ধৰিবও নোৱাৰি । নিশ্চয় বৰ্ণমৰ বাবে সমীক্ষা তেনেকুৱাই।
আৰু সমীক্ষাৰ হিয়াত বৰ্ণমমুখী আবেগৰ অবিৰল মহাতৰংগ বৈ থাকে অবিশ্ৰাম , অন্তঃসলিলা এখন নদীৰ দৰে।
: দুজন মানুহৰ মাজত কি আছে সেইটো জৰুৰী নহয় কেতিয়াও , অনুভৱ খিনি জৰুৰী।
কথাষাৰ কওতে তাইৰ দুগালত ঈষৎ ৰঙা বৰণ লাগিল।
: বুজিছো। সি বহুত লাকী। Anyway তোমাক ক্ৰাচ্ হিচাপে পাই ময়ো লাকী।
হাঁহি মাৰি কলে সি।
: আমি ভাল বন্ধু হৈ থাকিম সদায়।
: Oh sure ! ৰঙা পিন্ধিলে তোমাক বৰ ভাল লাগে। সদায় কম বুলি ভাবি থাকো , আজি কৈ দিলো।
: ধন্যবাদ।
: বন্ধু হলেও মই কিন্তু ছিক্ৰেট লি কিবা এটা ফিল কৰিয়ে থাকিম তোমাৰ বাবে !
: বুজিছো। আচলতে এই পৃথিৱীত সব কণ্ট্ৰল কৰিব পাৰি জানা ৰিয়ান। আজিৰ সভ্যতাই নদীকো বান্ধিবলৈ শিকিছে। কিন্তু আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি কেতিয়াও।
: তোমাৰ কথাবোৰ বুজিবলৈ অলপ জটিল.. ফিল'ছফী গভীৰ তোমাৰ।
: ইছ্..
হাঁহিলে তাই , অডিটৰিয়ামত অনুষ্ঠিত মহাবিদ্যালয় সপ্তাহৰ ভুপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ পৰা ভাহি আহিছিল এটি সুৰীয়া কণ্ঠ..
"....
হয়তো নিতৌ হেজাৰজনৰ হেজাৰ শৰাই পাম
তথাপি কিয় বিশেষজনৰ মৰম বিছাৰি যাওঁ।"
: যাওঁ বলা , জয়াহঁতে বিছাৰি আছে চাগৈ ।
: বলা , মই আন্ধাৰ হোৱাৰ আগতে উভতিব লাগিব।
দুয়ো বহাৰ পৰা উঠি ডিপাৰ্টমেণ্ট ৰুমৰ দিশে আগবাঢ়িল।
: অই সমী .. বছোৱা মোক।
অডিটৰিয়ামত ওছৰতে ঘপকৈ আহি দুয়োৰে সন্মুখত উলালহি পিংকু।
: কিয় ? কি হ'ল ?
একোকে বুজিব নোৱাৰি আচৰিত হৈ সুধিলে তাই।
: লজিকত বেক লাগিব আৰু মোৰ। ভেন ডায়েগ্ৰাম আৰু ট্ৰুথ টেবুলখন ভালকৈ বুজাই দিয়া প্লীজ।
: কিন্তু এতিয়াযে ছেমিনাৰ..
: এতিয়া নহয় বাৰু , পাছত। ফোনত বুজালেও হব।
সমীক্ষাৰ কথাষাৰ আধাতে ৰখাই কলে সি।
: ঠিক আছে দিয়া। এতিয়া মই যাওঁ।
পিংকুৰ পৰা বিদায় লৈ খৰধৰকৈ বিভাগীয় কোঠা পালেগৈ তাই।
****
শৰৎ হেনো ঋতুৰ ৰাণী.. যি যাচি যায় মুঠি মুঠি মিঠা জোনাক , মন বাউল কৰা শেৱালিৰ সুগন্ধি , যাৰ পথৰুৱা বতাহত হালি জাকি নাছে কহুৱা বনে।
এফালে ইণ্টাৰ কলেজ ছেমিনাৰ , আনফালে চোতালত আহি ৰৈ আছে ফাইনেল পৰীক্ষা , তাতে আকৌ পিংকুক লজিক পঢ়োৱাৰ দায়িত্ব , তাৰে মাজতে এক্সাৰ্শ্বনৰ দুই এটি বজাৰ।
কানত হেডফোন লগাই পঢ়িছে তাই এইকেইদিন , লগতে পঢ়িছে পিংকুৱে। ট্ৰুথ টেবুল বুজোৱাৰ পাছত তাক এটা প্ৰেক্টিচ্ কৰিবলৈ দি মুহূৰ্তৰ বিৰতি লয় সমীক্ষাই। হেডফোন আতৰাই শুণে প্ৰকৃতিৰ মনোমোহা গান , বিহংগৰ কবিতা!
পিংকুৱে ট্ৰূথ টেবুল বোৰ ছলভ্ কৰিব পাৰিলে তাতকৈ অধিক সন্তোষ তাইহে পায়।
মনতে ভাবে ' বৰ্ণমে বাৰু পাৰিছেনে ট্ৰুথ টেবুলৰ সত্যাপন কৰিব বা ভেন ডায়েগ্ৰামৰ বৈধতা নিৰুপণ কৰিবলৈ ?'
আকৌ তাৰ মাজতে ঋষিৰ ফোন অহাত পিংকুক হল্ডত ৰাখি সেইটো কল ৰিচিভ কৰিলে তাই।
: হেল্ল..
: সমী.. হেপেটাইটিছ্ ৰ নোটকেইটা দি উদ্ধাৰ কৰা মোক।
: আয়ৈ.. সেইটো হেপেটাইটিছ্ নহয় হাইপ'থেছিচ্ হে।
কথাষাৰ কওতে হাঁহি উঠি গল সমীক্ষাৰ।
: অ অ.. সেইটোকে দিয়া ।
: ঠিক আছে পাচমিনিট ৰ'বা।
: আৰু হেৰি নহয় মানে , ফাৰ্ষ্ট ছেম ত বেক আছে মোৰ । পাৰিলে সেই নোট বোৰো দিবা।
: হব দিয়া। আৰু কিবা?
: আৰু একো নাই । কালিলৈ তোমাৰ ছেমিনাৰ আছে বুলি শুণিছো। All the best!
: Thank you !
" সোণজনী অলপ বাহিৰত বহো আহ। "
মাকে বাৰাণ্ডাৰ পৰা সমীক্ষাক মাতিলে। তাই ছেমিনাৰ পেপাৰৰ কপি এটা লৈ উঠি গল টেবুলৰ পৰা। ষ্টেপতে বহি থকা মাকৰ কান্ধত মুৰতো পেলাই বহিলে তায়ো।
এয়া তাইৰ বাবে স্বৰ্গসুখ , মাকৰ কান্ধখন পৃথিৱীৰ ভিতৰতে সবাতোকৈ নিৰাপদ আশ্ৰয় যেন । য'ত অলপ জীৰালেই নিমিষতে নোহোৱা হয় অবসাদ।
নামঘৰৰ ডবাৰ শব্দৰ সৈতে সন্ধিয়া নামিছে তেতিয়া।
******
এটি নতুন পু্ৱা...আজি ছেমিনাৰ থকাৰ বাবে সমীক্ষা অলপ সোণকালে উঠি বহু কষ্টেৰে প্ৰস্তুত কৰা ছেমিনাৰখনৰ পৃষ্ঠা বোৰ লুটিয়াই চালে অলপ।
শিৰিককৈ চেচা বতাহ এজাক খিৰিকীৰে সোমাই অহাত পাতলীয়া স্কাৰ্ফখন আলনামুৰৰ পৰা আনিবলৈ যাওতেই দেখিলে পৰ্দাখনৰ সিপাৰে কুচিমুচি ৰৈ আছে মিকু। তাই ততাতৈয়াকৈ বিস্কুট এখন আনি দিয়ে মানে অন্তৰ্ধান হল সি। কিমান যে সলনি হৈছে সময় , এসময়ত মিমু মিকুৰ অবিহনে ভাত নোখোৱা সমীক্ষা পঞ্চী এতিয়া অভ্যস্ত দুয়োৰে অনুপস্থিতিৰ সৈতে।
ঠিক সেইসময়তে ফোনটো বাজিল সমীক্ষাৰ। ডিছপ্লেত জিলিকি আছে বৰ্ণমৰ নাম।
উন্মনা হল তাইৰ মন পথাৰ..
কতনা দিনৰ মুৰত বৰ্ণমে ফোন কৰিছে। কিয়বা?
: হেল্ল'
মাতষাৰ কপিল তাইৰ শিৰীষ গছৰ পাতৰ দৰে।
: তোমাৰ আজি ছেমিনাৰ আছে নহয় ?
: উম..হয় ।
কোনোদিনেই বিভাগীয় অনুষ্ঠান সমুহত তিলমানো গুৰুত্ব নিদিয়া বৰ্ণমে ছেমিনাৰখনৰ খবৰ লোৱাত আৰ্শ্বয্যত ডুবিল তাই।
: ভালকৈ দিবা.. All the Best!
:Thank you বুলি কমনে?
সমীক্ষাৰ প্ৰশ্নটো শুণি ইথাৰৰ আনপাৰে থকা বৰ্ণমে হাঁহিলে ।
: নালাগে দিয়া। এতিয়া ৰাখিছো।
: আৰু শুণা..
সমীক্ষাই যে মুঠেও বিছৰা নাই বৰ্ণমৰ সৈতে বাৰ্তালাপৰ পৰিসমাপ্তি।
: আৰু কোৱা..
সমীক্ষাৰ দৰে একেটা সুৰতে কলে সি।
: তুমি আহিবা নে আজি ?
: যাম দিয়া।
: ছেমিনাৰখনত থাকিবা দেই।
: Sure.
বাৰ্তালাপৰ শেষত বৰ্ণমে কলটো ডিছকানেক্ট কৰাৰ পাছতো এটি লহমাৰ বাবে কাণতে ফোনটো লৈ থাকিল সমীক্ষাই।
ঘড়ীয়ে ইংগিত দিছে। আঠ বাজিবৰ হল।
তাই খৰধৰকৈ গা ধুই আহি গাঢ় নীলা পাৰীৰ ইউনিফৰ্মৰ চাদৰ মেখেলা যোৰ পিন্ধিলে। দাপোনত নিজৰ প্ৰতিবিম্ব চাই কেবাদিন ধৰি অনাদৃত হৈ পৰি থকা কাজলডাল তুলি ললে... দুচকুৰ তলত সজতনে বুলালে ছাঁইৰঙী চুৰ্ম অলপ।
কিয়বা আজি হৃদয় চহৰত মহাৰ্ণৱৰ(মহাসাগৰ)
উত্তাল ঢৌ!
ডাইনিং টেবুলত খাবলৈ বহি তাই মাথো লিৰিকি বিদাৰি থাকিল ভাতকেইটা। এফালে জীৱনৰ প্ৰথম ছেমিনাৰখনৰ ভয় , তাতে আকৌ বৰ্ণমৰ ফোনকলটো। সকলো মিলি ভোক পিয়াহ নোহোৱা কৰিছে তাইৰ।
: তই বেছি টেনশ্বন লৈছ'.. ভালেই হব। All the best!
যাবৰ পৰত সমীক্ষাৰ হাতত অশোক ফুলৰ ৰঙা পাহি দুটামান তুলি দি মাকে কলে।
: Thank you মা। আহিছো।
মাকৰ পৰা বিদায় লৈ কলেজ অভিমুখে ৰাওনা হল সমীক্ষা।
: তুমি আজি ঘৰত পিন্ধা চেন্দেল পিন্ধি আহিলা নেকি ?
কলেজ পায়েই কমন ৰুমৰ দিশে যোৱা সমীক্ষাক ৰখাই ড্ৰিমীয়ে সুধিলে। তাইৰ কথাতহে মুৰ তল কৰিলে সমীক্ষাই। হয়তো , শ্লিপাৰযোৰ পিন্ধিয়েইচোন কলেজ পালেহি আজি।
: ছেহ্.. কি হব এতিয়া।
: একো নাই। মই অলপ মেখেলা খন ঠিক কৰি দিম বলা।
সমীক্ষাক এহাতে ধৰি কমন ৰুমৰ ভিতৰলৈ নি ড্ৰিমীয়ে কিছু ঠিকঠাক কৰি ধাকি দিলে চেন্দেলযোৰ।
: Thank you দেই।
: এতিয়া খৰকৈ যাওঁ বলা। আৰম্ভ হবলৈ বেছি টাইম নাই।
ড্ৰিমীৰ কথাত দুয়ো খৰখোজেৰে ডিপাৰ্টমেণ্টৰ দিশে খোজ দিলে।
বিভাগীয় কোঠাটোত বেতেৰে নিৰ্মিত সামগ্ৰী আৰু আৰ্টৰ প্ৰদৰ্শনী পাতিছে পৰাগ আৰু দ্বীপে মিলি। কি সুনিপুণ ভাবে বেতেৰে বস্তবোৰ প্ৰস্তুত কৰিছে দ্বীপে আৰু পৰাগৰ তুলিকাৰ যাদুৰ কথাতো কৱই নালাগে। সেইবোৰ চাই থকাৰ মাজতে বাৰে বাৰে ইফালে সিফালে চাই থকা সমীক্ষাৰ দুচকুত বৰ্ণমৰ সন্ধান। তেতিয়াই ডিপাৰ্টমেণ্টৰ পৰা কনফাৰেঞ্চ হললৈ ফুলৰ থোপা কঢ়িয়াই নিয়া বৰ্ণমক দেখিলে।
হথাৰ্তে চকুত চকু পৰাত হাঁহি মাৰি মুৰ তল কৰিলে তাই।
" জ্যোতিৰ শিখা এই অনিৰ্বাণ
জ্ঞানৰ শিখা এই অনিৰ্বাণ
অনিৰ্বাণ পোহৰৰ মহা অভিযান
...."
কনফাৰেঞ্চ হলত দহবজাৰ পাছতে সমবেতভাৱে মহাবিদ্যালয়ৰ সংগীত পৰিৱেশন কৰি আৰম্ভ কৰা হ'ল অনুষ্ঠান।
পঞ্চম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰী সকলক আলোচনা পত্ৰ আগবঢ়াবলৈ মতাৰ লগে লগে উঠি গল ক্ৰমে সমীক্ষা , জ্যোতিময় আৰু জয়া।
মাইক্ৰ'ফোনৰ সন্মুখত ৰৈ অতিথিসকলক সম্বোধন কৰি সমীক্ষাই নিজৰ পৰিচয় দি সন্মুখত বহি থকা শিক্ষাৰ্থী সকলৰ দিশে চালে। ছাৰ বাইদেউ সকলে সদায়েই কয় কিবা এটা প্ৰেজেন্ট কৰোতে শ্ৰুতাৰ সৈতে আই কনটেক্ট আৰু কনফিডেঞ্চ অপৰিহাৰ্য। সেয়ে সকলোৰে সৈতে তাই মেইনটেইন কৰিছে আই কন্টেক্ট।
ডিপাৰ্টমেণ্টৰ সকলো আছে , ফোনত ভিডিঅ মুড অন কৰি সাজু হৈছে ৰিয়ানো। কিন্তু বৰ্ণম ক'ত?
সি থাকিম বুলি কৈয়ো নাহিল কনফাৰেঞ্চ হললৈ।
উথলি অহা অভিমানৰ জোৱাৰ সামৰি introduction দিয়াৰ মাজতে হাতত থকা ছেমিনাৰ কপিতোত চকু ফুৰালে এবাৰ ।
এইবাৰহে প্ৰকৃত ভয় লাগিল সমীক্ষাৰ। তাই যে ছেমিনাৰৰ কপিটোৰ পৰিৱৰ্তে লৈ আহিছে মাকে বেংকলৈ নিবলৈ সাজু কৰি থোৱা পাছবুক আৰু আই ডি কাৰ্ডৰ জেৰক্স কপি।
নিজৰ ওপৰতেই খং উঠিল তাইৰ , সকলো ক্ষেত্ৰতে ছিনছিয়েৰ এজনী ছোৱালীৰ এনে এটা ভুল কিদৰে হ'ল আজি ?
কপিটোৰ সহায় নোলোৱাকৈ ছেমিনাৰখন আগুৱাই নিব পাৰিব সমীক্ষাই , তথাপি কোনোবা ঠাইত খোকোজা লাগিলেই যে খণ্ডিত হব সমগ্ৰ বিভাগটোৰ সন্মান। তাই হাতৰ ইংগিতেৰে কাষতে ৰৈ থকা জ্যোতিময়ক তাৰ কপিটো বিছাৰিলে । সিয়ো সেই ইংগিত বুজিব পাৰি তাৰ কপিটো আনে নেদেখাকৈ তুলি দিলে তাইৰ হাতত। নিৰ্ভূলকৈ , সম্পূৰ্ণ আত্মবিশ্বাসেৰে "ড০ ৰাধাকৃষ্ণণৰ ধৰ্মৰ ধাৰণা" শীৰ্ষক ছেমিনাৰখন আগবঢ়ালে তিনিওৱে মিলি।
সেয়া শেষ হোৱাৰ পাছতে মাকলৈ ফোনটো লগাই কনফাৰেঞ্চ হলৰ বাহিৰলৈ উলাই আহিল তাই।
: সোণজনী , কেনেকুৱা হল ছেমিনাৰখন ?
: ভালেই গল মা। তুমি বাৰু বেংক যাবা নেকি আজি?
: ভাবিছিলো , কিন্তু এতিয়া নাযাওঁ। পেহা পেহী আহিছে।
: ঠিক আছে নাযাবা , তোমাৰ ডকুমেন্ট খিনি ময়েই লৈ আহিলো ভুলতে।
মাকৰ সতে হাঁহি হাঁহি কথা পাতি তাই কনফাৰেঞ্চ হলৰ সন্মুখত সজাই থোৱা ফিল্টাৰটো খুলি ডিছপ'জেবল গ্লাছ এটা তলত পাতি দিলে।
ছেহ.. পানী নায়েই দেখোন।
ঠিক তেতিয়াই কোনোবাই ফিল্টাৰতো কিছু বেকা কৰি দিয়াত প্ৰৰ্যাপ্ত পৰিমাণৰ পানীৰে পৰিপূৰ্ণ হল গ্লাছটো। সন্মুখত সেয়া বৰ্ণম।
: মা ৰাখিছো এতিয়া।
ফোনটো ৰাখি মুখ ফুলাই বৰ্ণমলৈ চালে তাই।
: বেয়া পাইছো তোমাক বৰ্ণম।
: কিয়?
: ছেমিনাৰখনত যে নাছিলা তুমি!!
তাইৰ কথাৰ সুৰত অভিমান।
: আচলতে চব কনফাৰেঞ্চ হল যোৱাত R B ছাৰে মোক দ্বীপহঁতৰ লগত থাকিবলৈ কলে।
: অহ্.. তেন্তে একো নাই।
নতিদুৰত ৰৈ থকা ৰীতাই নিতিশাক খোচ মাৰি দেখুৱালে সহজে একেলগে পৰিলক্ষিত নোহোৱা বৰ্ণম সমীক্ষাৰ বাৰ্তালাপ।
সকলোৱে জানিব বিছাৰে বৰ্ণম আৰু সমীক্ষাৰ সম্পৰ্কটোৰ নাম.. কিন্তু জানিবলৈ অপৰাগ।
প্ৰকৃততে তাই আৰু বৰ্ণমেও নাজানে কি আছে দুয়োৰে মাজত , নে একোৱেই নাই , এটা বিৰাট শূন্য !
জীৱনৰ এই পৰ্যায়ত পোৱা নোপোৱাৰ হিচাপৰ উৰ্দ্ধত বৰ্ণম - সমীক্ষাৰ প্ৰেম তাইৰ বাবে।
কোনো অভিযোগ , আপত্তিবিহীন এটি বেনামী সম্বন্ধ।
হিয়া দিয়া লোৱাৰ পৰা বহুদুৰ বাট অতিক্ৰম কৰিছে দুয়োৱে।
আছে মাথো কিঞ্চিত অধিকাৰবোধ আৰু অৰ্ণৱমুখী নদীৰ দৰে হেপাঁহ , উভয়পক্ষতে !
********
আগলৈ
✍️সংগীতা দেৱী
Comments
Post a Comment