জেবিয়ান..🦋 (খণ্ড - ৩৪ )
'এয়া.. তোমাৰ সৈতে অন্তিমটো ষান্মাসিকৰ প্ৰথমটো দিন আজি। ~ ৩ জানুৱাৰী, ২০১৮'
নতুন ডায়েৰীখনত বাক্যশাৰী লিখি উকা পৃষ্ঠা বোৰ ইনেই এবাৰ লুটিয়াই চালে সমীক্ষাই।
পাছৰাতি বৰষুণ আহিছিল.. টিনপাতেৰে এটি সুৰৰ দৰে এতিয়াও সৰি আছে তাৰেই টোপাল.. খিৰিকী মেলিবই নোৱাৰি। পুহমহীয়া কুৱলীয়ে ভেটি ৰাখিছে ঘৰখন। পুণৰ এজাক বৰষুণৰ কামনাৰে
'ৰদ কাটি দে' বুলি গাই গাই চৰাইৰ জাক এটি পাৰ হৈ গৈছে এইমাত্ৰ।
বিৰিখবোৰ জাৰত জথৰ হৈ পৰিছে , মুঠেও সাৰসুৰ নাই।
: সোণজনী ৭:৪৫ বাজিল কিন্তু। ক্লাছ কেইটাৰ পৰা আছে।
গোসাঁই ঠাইত চাকি জ্বলোৱাৰ পৰা মাকে চিঞৰি মাতিলে।
: ন' বজাৰ পৰা। উলাইছো আৰু ৰৱা।
টেবুলৰ পৰা সমীক্ষা উঠিল। গা ধুই আহি মিছিক বিস্কুট এটা দি ইউনিফৰ্মযোৰ পিন্ধিলে।
এই গাঢ়নীলা কুৰ্টীটোৰ সতে মাথো এটা ছিমেষ্টাৰৰ সম্বন্ধ বাকী ৰৈছেগৈ..
আলমীৰা টো খুছৰি ছুৱেটাৰতো বিছাৰোতে তাইৰ চকু গল আকাশী নীলা ছুৱেটাৰতোলৈ।
এই ছুৱেটাৰতো বৰ্ণমৰ প্ৰিয় হয়তোবা , সেইবাবেই ছুৱেটাৰতোৰ ৰঙলৈকে মনত আছে তাৰ এতিয়াও..
' শৰ্মিলা..'
আস্ .. কিমান যে আন্তৰিকতাৰে মাতে সি আগতে!
বাৰে বাৰে শুণি থাকিবৰ মন যায় মাতষাৰ..
বাৰে বাৰে প্ৰেমত পৰিবৰ মন যায় !!
:শৰ্মিলা..
বিশেষ হৈ পৰে তাইৰ বাবে সেই নাম। বৰ্ণমৰ পৰা মুখ বাগৰি দৰ্পন , বিশ্বহঁতৰ কাণটো পৰিছে নামটো। সিহঁতেও কেতিয়াবা জোকাই সমীক্ষাক শৰ্মিলা বুলি।
কিন্তু নাই , বৰ্ণমৰ কণ্ঠত সেই নাম শুণাৰ মাদকতা ভিন্ন।
:কোৱা !
চাইকেল খনৰ পেডেলৰ গতি ধীৰ কৰি সমীক্ষাই কয়।
: তোমাৰ ফটো এখন দিবা নেকি? পাছপৰ্ট ছাইজ হলেও হব।
: বিছাৰি চাম। মাৰ ওছৰত থাকিবও পাৰে!
নিজৰেই ফটোখন নিজে সম্ভালি থব পৰাকৈয়ো যে পৈণত নাছিল সেই বয়স।
: অহ..!
আকাশ শ্যামবৰণীয়া হৈছিল, বৰষুণ আহিব কিজানি।
বাটৰ কাষৰ বকুলজোপাৰ পৰা অহৰহ সৰিছিল শুভ্ৰ ফুলবোৰ.. কি যে অমিয়া সেই সুবাস।
: বৰষুণ দিব ছাগৈ বৰ্ণম।
তাইৰ দৃষ্টি তেতিয়া দুৰ দিগন্তত।
: বৰষুণ ভালপোৱা তুমি ? আমি এদিন বৰষুণত একেলগে তিতিম।
: আৰু তুমি কি ভালপোৱা ?
: পাহাৰ। পাটকাইৰ পাহাৰৰ শীৰ্ষলৈ যাবলৈ মন যায় মোৰ..অকলশৰে থাকিব বিছাৰো অলপ সময়!!
যদি ইচ্ছা কৰা তোমাকো লৈ যাম বাৰু।
বৰ্ণমে হাঁহি হাঁহি কয় , তায়ো হাঁহে।
জীৱনৰ সোনসেৰীয়া সময় সেয়া..
দুয়ো অনভিজ্ঞ , দুয়ো শিলিখা ফুলৰ দৰে অপৰিপক্ক।
ভালপোৱা মানে তেতিয়া মাথো আন বন্ধু বোৰতকৈ অলপ বেছি গুৰুত্ব দিয়া এজন মানুহ!
: তিনিমহীয়া পৰীক্ষাৰ অংকৰ বহী দিলে। মই ৫০ ৰ ভিতৰত ৪০ পালো। সমীক্ষাই কলে।
:ৱাহ.. নেক্সট্ টাইম আৰু ভাল হব চাবা।
: বৰ্ণম আমি একেখন স্কুলৰ হোৱা হলেও বেয়া নাছিল নহয়নে ?
: ময়ো কেতিয়াবা ভাৱো !
তেনেতে সকলোৱে চাইকেল ৰখাই বকুল গুটি খায়, অপূৰ্ব , অতুলনীয় যাৰ সোৱাদ।
অপূৰ্ৱ সেই সময়ো।
তিনিআলি পাৰ হৈ নামঘৰৰ কাষ পায়হি বৰ্ণম তাইৰ আৰু বিশ্বৰ সতে।
এইখিনিৰ পৰা আগলৈ নাযায় সি। তাই আৰু বিশ্ব আগবাঢ়ে। হিয়াৰ সাগৰত উৰ্মি হৈ উপচি পৰে আবেগ , কল্লোল..কল্লোল!!
: সোনজনী .. আহিলি ?
মুখৰ ভিতৰতে কিবা এটা গুণগুণাই গেট খুলি সোমাই অহা সমীক্ষাৰ ডাৰত কাপোৰ মেলি থকাৰ পৰা মাকে মাতে।
: অ মা.. তাই চাইকেলৰ ষ্টেণ্ট পেলাই কয়।
কলীয়া ডাৱৰ আতৰাই আকাশে নীলা ৰঙী চাদৰখন মেলি লৈছে। আকীৰ্ণ হৈছে ৰ'দৰ তাপ।
মাকৰ অভিজ্ঞ দৃষ্টিৰ পৰা সাৰি যোৱা নাই সমীক্ষাৰ খোজৰ চঞ্চলতা।
: কি হল সোনজনী ?
বাল্টিৰ পৰা চাদৰ এখন উলিয়াই পানী খিনি চেপি মাকে সুধিছিল। কমফ্ৰৰ্টৰ সুবাসত সুৰসুৰীয়া হৈ আছিল চোতালখন।
: বৰ্ণমক তুমি চিনি পোৱা নহয় ? বাস্কেটৰ পৰা বেগটো উলিয়াই তাই কয়।
: সেই যে তহতৰ লগত একেলগে টিউচন কৰে?
: উম.. সি মানে , আমি মানে..
সমীক্ষাই কৱ বিছাৰিলে , লাজতে মুখেৰে বাহিৰ হোৱা নাই মনৰ কথাবোৰ।
: বুজিলো।
মাক হয় তেওঁ , যাৰ সন্তানৰ সতে থাকে আত্মাৰ সম্বন্ধ। সন্তানৰ মুখ দেখিলেই বুজি পায় আভ্যন্তৰখন। কিবা ভুল কৰাৰ দৰে তলমূৰ কৰিলে সমীক্ষাই।
একোৱেই কোৱা নাছিল মাকে। নিৰৱে মেলি গৈছিল কাপোৰবোৰ। শব্দতকৈয়ো যাতনাকাতৰ সেই নিস্তব্ধতা। নিজকে দাগী অপৰাধীৰ দৰে অনুভৱ হৈছে তাইৰ।
"এনে কথা এইটো বয়সত স্বাভাৱিক। বন্ধু হৈ থকাই ভাল তাৰ সতে।"
স্কুললৈ ওলাই ভাতৰ টেবুলত বহা সমীক্ষাক মাকে কৈছিল। মাক কোনো মনস্তত্ববিদ নাছিল , যদিও বুজিছিল , জানিছিল বয়ঃসন্ধিৰ বৈশিষ্ট্য বোৰৰ কথা। কোনো জোৰ জুলুম নকৰাকৈ , এটাও গালি নিদিয়াকৈ বুজাইছিল সমীক্ষাক তেওঁ। সেয়ে মাকৰ সৰলতা আৰু বহল মনক সদায়েই শ্ৰদ্ধা কৰে তাই।
: ঠিক আছে। হাতখনেৰে ভাতখিনি লিৰিকি কৈছিল তাই।
বৰ্ণমে বুজিবনে ?
তাইক হয় প্ৰেম অন্যথা অচিনাকিৰ চৰ্ত দিয়া মেজাজী , খেয়ালী মনৰ জেদী বৰ্ণমে?
তেনেতে ফোনটো বাজিল। কিবা পুৰ্ৱজন্মৰ পৰা উভতি অহাৰ দৰে লাগিল সমীক্ষাৰ। দুয়োহাতে তেতিয়াও ধৰি আছে নীলা ছুৱেটাৰতো।
আলমীৰাটো বন্ধ কৰি ফোনটো ৰিচিভ কৰিলেহি সমীক্ষাই। পঞ্চীৰ ফোন..
: হেল্ল..বা।
: আজি কলেজৰ পৰা আহোতে আমাৰ ঘৰত সোমাবি।
: কিয় ?
: ভেজ্ ম'ম' বনাই খুৱাম। ছিক্কিম ষ্টাইল।
: আচ্ছা আৰু..
: আৰু খাবি ?
: অ আকৌ..
: হব দে , পাষ্টা খুৱাম।
: Okay মাক দিছো ৰহ।
ফোনটো মাকৰ হাতত দি সমীক্ষাই ততাতৈয়াকৈ চুলিখিনি বান্ধিলে।
*****
কলেজ পাই পি . জি বিল্ডিঙৰ দিশে আগবাঢ়োতে সমীক্ষাই ভুমুকি মাৰি চালে দুঠাইলৈ। ক্ৰমে বাইক ষ্টেণ্ড আৰু আৰ চি চি বিল্ডিং। আজি পুৱাটো কিছু সেমেকা। মেঘে ঢাকি ৰাখিছে সুৰুয।
' বাহ ডাৰ্জিলিঙৰ হাৱা পানী খাই দুগাল গুলপীয়া হৈ আহিছে তোমাৰ '
পি জি ১৭ ৰ ক্লাছৰুমলৈ সোমাই যাওঁতেই দৰদীয়ে পাছৰ বেঞ্চৰ ফালৰ পৰা কলে।
: ইছ্.. সমীক্ষাই মাজতে ৰৈ মৃদুকৈ উচ্ছাৰণ কৰিলে। কাষেৰে পাৰ হৈ গৈছে বৰ্ণম তেনেতে।
: ফটোবোৰ দেখাবা।
: Sure !
সমীক্ষাই বেগটো থলে বৰ্ণমৰ পৰা চাৰিখন বেঞ্চ আগত।
" WhatsApp তো খুলিবই নোৱাৰি। গেং দাৰ্জিলিঙে গেলাই থৈছে একেবাৰে"।
এইষাৰ বৰ্ণমৰ মাত , কাষতে বহি থকা পিংকুক কৈছে। সমীক্ষাই জানে বৰ্ণমৰ উদ্দেশ্য তাইক শুণোৱাটো।
: সমী , লোৱা। সমীক্ষাৰ কাষলৈ আহি বাতৰি কাগজে মেৰিয়াই দিয়া গোল দুটা আগবঢ়াই পৰাগে কলে।
: কি হয় পৰাগ ? তাই হাতপাতি সুধিলে।
: ছোৱাছোন বাৰু। বহাৰ পৰা উঠি সমীক্ষাই আলফুলে বাতৰি কাগজখন এৰুৱালে। ড্ৰিমী , দৰদী , নিতিশা , আশিষ হতো পালেহি সেইখিনি।
: ৱাও , ইমান ধুনীয়া!!
পৰাগে ৱাটাৰ কালাৰ বুলাই আকিছে সমীক্ষাৰ প্ৰতিচ্ছবি , নিখুট , নিপুণকৈ। তাকো এখন নহয় , দুখন। এখন ৰঙা শাৰীৰে সৈতে থকা ফটোখন , আনখন তাই whatsApp DP ছেল্ফিখন। ধন্যবাদ জনাবলৈ শব্দৰ অভাৱ হৈছে তাইৰ।
: Thank you so much পৰাগ।
: You are most welcome .
সি হাঁহি মাৰি কলে , সকলোৱে চাইছে ছৱিদুখন। বৰ্ণম মাথো বহি আছে নিজৰ ঠাইতে। সুখৰ মাজতো মনটো কিবা বেয়া লাগি যায় তাইৰ।
নীৰা বাইদেউ অহাত সকলো নিজৰ ঠাইলৈ গ'ল।
"পৰাগক Thank you Gift এটা দিব লাগিব।"
সমীক্ষাই পুণৰ বাতৰি কাগজখনে মেৰিয়াই ছৱি দুখন সামৰোতে ভাৱে।
******
অফ পিৰিয়ডটোত লীমাৰ লগত আপনা বজাৰ আৰু পপুলাৰ ষ্টৰলৈ গ'ল সমীক্ষা। আপনা বজাৰৰ পৰা দুটা Cadbury celebration কিনিলে , এটা পঞ্চীলৈ আৰু আনটো পৰাগৰ বাবে। লগতে পপুলাৰ ষ্টৰৰ পৰা সৰু উপহাৰ এটাও ললে।
: সমী , তোমাক বহুত কথা কৱলৈ আছে।
গেটৰ সন্মুখতে জ্যোতিময়ে লগ পাই কলে।
: কোৱা ছোন..
: অডিতে বহিম ব'লা।
: বলা তেন্তে।
তিনিও অডিটৰিয়ামৰ দিশে আগবাঢ়িল। কুৱলীয়ে জাল বান্ধি ঢাকি ৰাখিছে দেৱদাৰুৰ শাৰীবোৰ। তিনিও বেঞ্চ এখনতে বহিল। সমীক্ষাই চাই ৰল সম্প্ৰতি ভগ্নাৱশেষ ত পৰিণত হোৱা বিভাগীয় কোঠাতোলৈ।
: প্ৰ'প'জ কৰি দিলো নহয় কবিতাক।
জ্যোতিময়ে কথা আৰম্ভ কৰি কলে।
: Really ? ঠাণ্ডা লগাত নিজৰ দুয়োহাত মোহাৰি সমীক্ষাই সুধিলে। লীমাই দুয়োৰে কথাত বিশেষ গুৰুত্ব নিদিয়াকৈ ফোনটো টিপি আছে।
: কি কলে তাই ?
: ডাইৰেক্ট ৰিজেক্ট কৰিলে।
: কিয়? কথাবোৰত যে এনেকুৱা লাগে যেন..
: তাকেইটো। সমীক্ষাৰ কথা শেষ নহওতেই জ্যোতিময়ে পুণৰ কলে।
: আজি ৰীতাই এষাৰ কথা কলে জানা সমী..
: কি কলে?
" হাই সমীক্ষা.. " সেইফালেদি পাৰ হৈ যোৱা কৌশিকে হাত জোকাৰি মাতিলে তাইক।
: হাই..
তায়ো হাত জোকাৰিলে কৌশিকলৈ চাই।
আজিকালি যতে ততে গান গাই মেলি তাইক জোকাবলৈ বাদ দিছে সি। কেৱল সি বুলিয়েই নহয় বিভাগীয় লৰাকেইটাও গহীন হৈছে অলপ। এয়া যে আত্মোপলব্ধিৰ সময়। জে বি কলেজে সিহঁতক বিদায় দিব কেইদিনমানৰ পাছতে।
তাৰ পাছত.. ?
সেই তাৰ পাছত কি হব , কি কৰিব ভাবি ভাবি identity crisis ত ভূগিছে বহুবোৰ।
সময়ে যে দিছে ইংগিত , এতিয়া ডাঙৰ হৈছে সিহঁত সকলো।
সময়েই এদিন কিমান দুৰলৈ আতৰাই নিব সকলোকে !!
: সমী , তুমি শুণিছা নাই।
জ্যোতিময়ৰ মাত শুণি একপ্ৰকাৰৰ চ'ক খাই বাস্তৱলৈ ঘুৰি আহিল সমীক্ষা।
: শুণিছো কোৱা।
: ৰীতাই কৈছে তুমি দুখ কৰিছা তাইক ভালপায়ো নোপোৱাৰ বাবে। কিন্তু কবিতাৰ দুখ হল তাই তোমাক ভালপায়ো কৱ নোৱাৰে।
কি প্ৰহেলিকা , কথাৰ সাথঁৰ।
এনে কি ৰহস্য থাকিলে ভালপায়ো কৱ নোৱাৰি ভালপাওঁ বুলি।
: এয়া কেনেকুৱা কথা..
সমীক্ষাই বুজিব নোৱাৰি সুধিলে।
: ময়ো বুজা নাই.. ৰীতাই আৰু কৈছে যে যিদিনা কবিতাই গম পাব যে তুমি তাইক এৰি আন কাৰোবাক ভালপাইছা , সেইদিনা তাই কি কৰিব কোনেও নাজানে!! মই এতিয়া কি কৰো , তাইৰ বাবে ৰওঁ নে আগবাঢ়ি যাওঁ ?
জ্যোতিময়ে প্ৰশ্ন কৰিলে সমীক্ষাক। কি উত্তৰ দিব তাই? কি কৰা উচিত সি ?
: অলপ ৰোৱা.. তাইক ছাগৈ কিছু সময় লাগিব।
সমীক্ষাই কিবা এটা ভাবি কলে।
: ঠিক আছে বাৰু। জ্যোতিময়েও মুৰ জোকাৰি সন্মতি জনালে। বেল পৰিছে তেতিয়ালৈ। আৰ্ট দুখন এহাতে সামৰি বহাৰ পৰা উঠিল সমীক্ষাৰ লগতে জ্যোতিময় , লীমা। ক্লাছৰ সময় হৈছে।
: পৰাগ এইটো লোৱা।
ক্লাছত সোমায়েই সমীক্ষাই পৰাগৰ দিশে চকলেট আৰু উপহাৰ টো আগবঢ়াই কলে।
: নালাগে দেই।
: লোৱাছোন , বেয়া পাম নহলে।
তাই জোৰ কৰাত পৰাগে হাতপাতি বস্তকেইটা ললে।
প্ৰণৱে ঘপকৈ আহি চকলেটৰ পেকেটতো খুলি পৰাগৰ পৰা চকলেট এটা ললেহি। পাছে পাছে আহিল অভি , আশিষহঁতো।
পৰাগেও সকলোকে ভগাই দিলে চকলেটকেইটা , তালৈ বাকী ৰলগৈ মাথো জেমছ্ এপেকেট। তথাপি আখেজ নাই , নাই কোনো অভিমান। এয়াই যে বন্ধুত্বৰ নিবিড় বান্ধোন।
*******
জে বি কলেজৰ বাকৰিত এটি নতুন পুৱা।
পি জি ১৭ ত হাড় কপোৱা জাৰ।
ক্লাছৰ মাজতে অফ পালেই প্ৰায়বোৰ লৰা ছোৱালী একপ্ৰকাৰ দৌৰ মাৰি যোৱাৰ দৰে যায় পি জি বিল্ডিঙৰ সন্মুখত থকা বগৰী দুজোপাৰ তললৈ। তুষাৰ হেন শীতল পি জি বিল্ডিঙৰ বাহিৰত সেই ঠাইখিনিতে পোৱা যায় এছেৰেঙা মাহমহীয়া ৰ'দ। তাতে আকৌ দুই তিনিখন বেঞ্চ পাৰি থোৱাৰ বাবে ৰদ লৈ তাতে বহি কথা পাতে সকলোৱে।
: নাপাৰিবাছোন , কেচা হৈ আছে এতিয়াও।
বগৰীজোপালৈ শিলগুটি দলিয়াই থকা নিতিশাক উদ্দেশ্যি সমীক্ষাই কয়।
:একো নাই , টেষ্টি লাগে খাই। নিতিশাই অপৈণত বগৰী এটাকে কামুৰি কয়।
কিছু দুৰত থকা বেঞ্চ এখনত ঋষি আৰু পিংকুৰ সতে বহি আছে বৰ্ণমো। সেইদিশে চাই কেবাবাৰো ধৰাও পৰিছে পৰিছে সমীক্ষা।
: সমী , এদিন মোৰ ৰুমলৈ ওলাবি। ভাত খোৱাকৈ।
কাষতে বহি থকা মিত্ৰাই কলে।
: তই আজিকালি মেছত থাক' নেকি ?
: উম , দেৰগাঁৱৰ পৰা দুৰ হয় বহুত।
: ঠিক আছে বাৰু যাম। মুখমণ্ডলত পৰা ৰদখিনি দুপাট্টাখনেৰে ঢাকি সমীক্ষাই কলে।
"শিৱানী মেমে ক্লাছ কৰিব দেই অলপ পাছত।
পি জি 2 লৈ আহিবা সকলো। "
ৰাজনীতি বিজ্ঞানৰ বিভাগটোৰ ওছৰতে ৰৈ ৰিয়ানে সিহঁতক চিঞৰি কলে।
' ঠিক আছে '.. সকলোৰে উত্তৰ।
: যাওঁ বল সমী। মিত্ৰাই বেগটো তুলি কলে।
: তহঁত যাচোন। মই অলপ ৰ'দ লৈহে যাম। বাইদেউ আহিবলৈ টাইম আছে নহয়।
: Okay.
সকলো ভিতৰলৈ সোমাই গল। সমীক্ষা মাথোঁ বহি থাকিল ৰদ লৈ , লগতে নিতিশা আৰু ৰিতিষ্ণাই নতিদুৰত বগৰী বুটলি আছে।
তাই এবাৰ আনফালে থকা বেঞ্চখনলৈ চালে। ঋষি আৰু পিংকু নাই। বৰ্ণম বহি আছে অকলে আকাশলৈ চাই। দিনতে যেন বিছাৰি আছে তৰা।
: শুণা।
সমীক্ষাই বহি থকা বেঞ্চখনৰ মুৰলৈ গৈ মাতিলে তাক। যিহেতু লগৰ কোনো এইখিনিত নাই , সিয়ো নিশ্চয় মাতিব!
: কি হ'ল ?
: তুমি কৈছিল এক্সাৰ্শ্বন নগলেওঁ খবৰ লৈ থাকিম বুলি। কিন্তু এদিনো মেছেজ এটাও নিদিলা , খবৰ নল'লা এবাৰো।
সমীক্ষাৰ অভিমান...
: বিজি আছিলো।
: হব !
: কি হব?
: কাৰ লগত আছিলা বিজি ? গাৰ্লফ্ৰেণ্ড ?
সমীক্ষাই উভতি চাই সুধে , বৰ্ণমে এতিয়াও তাইৰ ফালে পিঠি দিয়েই আছে।
: কোন গাৰ্লফ্ৰেণ্ড?
"ইস্..একোৱেই নাজানে যেন !"
: যাৰ সতে ক্লাছ খতি কৰি Date ত গৈছিলা।
: কি আকৌ সেইটো ? মই Date মানে তাৰিখ আৰু খাজুৰি বুলিহে জানো।
" আয়ৈ .. ইমান innocent হৈ দেখুৱাইছে চোৱা"
: সমী বা..
তৃতীয় ষান্মাসিকৰ গীতা আৰু নিহাৰীকাই সেইফালেদি পাৰ হৈ যাওঁতে মাতি থৈ যায় তাইক।
তায়ো হাঁহি মাৰি মুৰ দুপিয়াই মাতে।
: তোমাকহে চৱেই ভালপায়। কোনোবাই ছৱি আকি দিয়ে , কোনোবাই গান গায় , অডিত বহি কথাও পাতে!
বৰ্ণমে মুখ বেকা কৰি কলে।
: আৰু মই যে ভালপাওঁ তোমাক।
মুখৰ ভিতৰতে ভোৰভোৰাই তাই , কোনেও নুশুনাকৈ। আনকি সন্মুখত পৰি থকা শুকান বগৰী পাতবোৰেও নাপায় তাৰ উমান।
: সমী , যাবিনে ক্লাছলৈ ? ৰিতিষ্ণাই বগৰীতলৰ পৰা উলাই আহি সুধিলে।
: যাম ..
: তুমি যাবানে বৰ্ণম ? বেগটো হাতত লৈ তাই সুধে।
: অলপ পাছত যাম !
সমীক্ষাৰ ফালে নোচোৱাকৈয়ে কয় সি। তাই বহাৰ পৰা উঠে।
: কলেজ শেষ হৈ যাবগৈ। কিন্তু তহঁত দুটাৰ একো নহব আৰু। সমীক্ষাৰ পিঠিত ঢকিয়াই ৰিতিষ্ণাই হাঁহি হাঁহি কয়।
সচাই , একোৱেই নহব যেন বৰ্ণম - সমীক্ষাৰ। মনৰ কথাবোৰ মনতেই থাকি যাব ওৰেটো জনম।
******
আগলৈ
✍️সংগীতা দেৱী , যোৰহাট
( সকলোলৈকে কৃতজ্ঞতাৰে)
Comments
Post a Comment