জেবিয়ান..🦋 (খণ্ড - ৩৫)
: সাধাৰণতে স্মৃতিক সম্পদ আৰু বিস্মৃতিক আপদ বোলা হয় , কিন্তু আমাৰ জীৱনত স্মৃতিৰ দৰে বিস্মৃতিও প্ৰয়োজনীয়। কিছুমান স্মৃতি অত্যন্ত বেদনাদায়ক। এইধৰা আপোন মানুহৰ সৈতে বিচ্ছেদৰ দুখ, অপমান ,লাজ প্ৰৱঞ্চনা আদিবোৰে জীৱন দুৰ্বিসহ কৰে। এনে অনাৱশ্যকীয় কথাবোৰ পাহৰি যোৱাই শ্ৰেয়।
ষষ্ঠ ষান্মাসিকৰ এখন মেজৰ পেপাৰৰ নাম মনোবিজ্ঞান , মন তথা মানসিক অৱস্থাৰ আলোচনা।
তাৰে এটা গুৰুত্বপূৰ্ণ বিষয় বিস্মৃতিৰ সম্পৰ্কে বুজাইছে এতিয়াৰ অতিথি অধ্যাপিকা আনয়া বাইদেৱে।
মনোবিজ্ঞানে মনত আঘাট দিয়া কথাবোৰ পাহৰি যাৱলৈ কয়।
তথাপি সেয়া জানো সম্ভৱ ?
মানুহে মনত ৰাখে বেদনাবোৰ , পাহৰি যায় প্ৰয়োজনীয় কথাবোৰহে।
অতীত মৃত , যিমানবাৰ পৰিভ্ৰমণ কৰিলেও সেই একেই থাকে এৰি অহা সময়। তথাপি কি আশাত বাৰে বাৰে উভতি যায় মানুহ, খুছৰি ফুৰে স্মৃতি ,বিছাৰি ফুৰে হেৰুৱা সুবাস !
পাহৰো বুলিয়েই মিত্ৰাই পাহৰিব নোৱাৰে আয়ুবক, সমীক্ষাই বৰ্ণমক অথবা জ্যোতিময়ে কবিতাক।
: আজি বীক্ষণ ৰিলীজ কৰা হব। সেইকাৰণে বাকী ক্লাছবোৰ নহয়। সকলো মোৰ পাছে পাছে ছেমিনাৰ হ'ললৈ বলা।
ক্লাছৰ শেষত আনয়া বাইদেৱে কলে।
ঘপকৈ সমীক্ষাই উভতি চালে জয়া আৰু ৰিয়ানৰ দিশে। ৰঞ্জন ছাৰে যে কৈছিল , যাৰ ছেমিনাৰখন বেষ্ট হব সেয়া বীক্ষণত আৰ্টিকল হিচাপে দিয়াৰ কথা।
উৎসাহেৰে জয়াহতো বহাৰ পৰা উঠিল। যদি কেনেবাকৈ সিহঁতৰ পেপাৰখন পাব্লিছ্ হৈ যায় জাৰ্ণেলখনৰ পাতত। সমীক্ষাৰ যে সপোন আছিল বীক্ষণত নিজৰ নামটো চোৱাৰ।
: সমী ব'ল।
সমীক্ষাৰ বেগটো ডাঙি ৰিতিষ্ণাই কলে। সকলোবোৰ বাইদেউৰ পাছে পাছে ছেমিনাৰ হলৰ দিশে গল।
বৰ্ণম আৰু তাৰ লগৰকেইটা লাইব্ৰেৰীৰ কাষেদি পলোৱা চকুত পৰে তাইৰ।
"লগাই দিওঁ নেকি বাইদেউক?"
সমীক্ষাই ভাৱে। নালাগে , মানুহ ইমান হিংসুক হলে বেয়া। ছেমিনাৰ হললৈ নোযোৱাতো তাহাঁতৰ স্বতন্ত্ৰ সিদ্ধান্ত। তাই মাজত সোমোৱাৰ প্ৰয়োজন নাই।
বীক্ষণৰ উন্মোচনৰ বাবে জাৰ্ণেলখনৰ জন্মদাত্ৰী তথা দৰ্শন বিভাগৰ প্ৰাক্তন মুৰব্বী আধ্যাপিকা আৰু মহাবিদ্যালয় খনৰ একালৰ অধ্যক্ষা অঞ্জনা বাইদেউ আহিছে। তেওঁ বীক্ষণৰ আৰম্ভণি কিদৰে কৰিছিল, কিমান কষ্ট আৰু ত্যাগৰ অন্তত জাৰ্নেলখনৰ জন্ম হৈছিল সেই বিষয়ে কলে। সমীক্ষা,জ্যোতিময়,জয়া আৰু ৰিয়ান একেটা শাৰীতে বহিছে। আজি কিবা পৰীক্ষাৰ ৰিজাল্ট দিব যেন লাগিছে সিহঁতৰ।
মনবোৰ উগুল থুগুল!!
উন্মোচনৰ পাছতেই প্ৰথমে শিক্ষক সকলৰ মাজত বীক্ষণ বিলাই দিয়া হ'ল।
তাৰ ঠিক পাছতেই সমীক্ষাৰ হাতত পৰিলহি।
জয়াই সমীক্ষাৰ পৰা লৈ সুচীপত্ৰখন লুটিয়াই চালে।
" Yes , Yes , Yes..আছে"
জয়াই এক্সাইমেণ্টখিনি চেপি ৰাখি ফুৰ্তিৰে কলে।
: সচাইনে?
সমীক্ষাৰ যেন বিশ্বাস হোৱা নাছিল। নিজ চকুৰে দেখাৰ পাছতহে নিশ্চিত হল তাই।
: কেনেকুৱা পালা উপহাৰটো ? কষ্ট কৰিলে মানুহে ফল পায়েই। আনটো Row ত বহি থকা ৰঞ্জন চাৰে সিহঁতৰ দিশে চাই কলে।
: অশেষ ধন্যবাদ ছাৰ। চাৰিওটাই কলে একেস্বৰত।
: মোক ধন্যবাদ দিব নালাগে। সম্পূৰ্ণ ক্ৰেডিট তোমালোকৰ।
ৰঞ্জন ছাৰে পুণৰ কলে।
অনুষ্ঠানৰ শেষত চাহ ছিংৰা দিয়া হল।
সমীক্ষাই সন্মুখত বহি থকা অঞ্জনা বাইদেউৰ ভৰিত ধৰি সেৱা এটি কৰিলে। বাইদেউৰ দৰে ব্যক্তিত্বৰ ক্ষনিকৰ সান্নিধ্য আৰু আশিষে ধন্য কৰিলে তাইৰ জীৱন।
: তাইৰ নাম সমীক্ষা। দৰ্শন বৰ ভাল পায়।
মিত্ৰা বাইদেৱে অঞ্জনা বাইদেউৰ সতে তাইক চিনাকি কৰি দি কলে। লগতে জ্যোতিময় , জয়া আৰু ৰিয়ানকো মাতি আনি অঞ্জনা বাইদেউৰ লগত পৰিচয় কৰাই দিলে মিত্ৰা বাইদেৱে।
সিদিনা আৰু সিহঁতক কোনে পাই ? পঞ্চম ষান্মাসিকৰ পৰীক্ষাৰ আগে আগে কিমান কষ্টেৰে তৈয়াৰ কৰিছিল পেপাৰখন। বীক্ষণত সেই পেপাৰখন আৰু সিহঁতৰ নামকেইটা থাকি যাব সদায় দিনৰ বাবে।
আটাইকেইটাই কেবাখনো গ্ৰুপ ছেল্ফি লৈ থাপ মাৰি ধৰি ৰাখিলে গতিশীল সময়ৰ কেবাটাও ক্ষণ। আকাশ তেতিয়া হেঙুল বৰণীয়া হৈছিল।
*****
মে - ডাম - মে - ফি ৰ বন্ধটো পাই আজি অলপ দেৰিলৈকে শুইছে সমীক্ষা শীতৰ আমেজ লৈ।
: সোণজনী ফোন..
মাকে আঠুৱাখন দাঙি তাইৰ ফালে মবাইলটো আগবঢ়াই কলে।
: কোনে কৰিছে মা ? আধা টোপনিৰ পৰাই তাই সুধিলে।
: দিশা..
: দিয়া
: হেল্ল' দিশা কোৱা।
মাকৰ হাতৰ পৰা ফোনটো লৈ তাই কলে। দিশাৰ সতে আগৰে পৰা বিশেষ ভাল বন্ধুত্ব নাছিল যদিও এক্সাৰ্শ্বন ৰ পাছৰ পৰা কিছু ঘনিষ্ঠ হৈছে দুয়ো।
: সমী.. It's my Birthday today !
: অহ.. I'm so sorry ! মই জনায়েই নাছিলো। Happy Birthday দিশা।
বিছনাৰ পৰা নামি দুহাতে ছুৱেটাৰতো সোমোৱাই সমীক্ষাই কলে।
: কেৱল Wish কৰিলেই নহব। পাৰ্টীত আহিবও লাগিব।
: অহ ছিঅয়..
: So , আবেলি লগ পাম। ইণ্ডিক আহিবা। 3 PM sharp , okay ?
: নিশ্চয়।
সমীক্ষাই ফোনটো ৰাখি বিছনাখন পাৰিলে।
আজি বন্ধৰ দিনটো ঘৰতে কটোৱাৰ ইচ্ছা আছিল , যদিও বাৰ্থডে গাৰ্লক যে না কৰিব নাপায়।
: মইটো তাইৰ ফ্ৰেণ্ড বোৰ চিনিও নাপাওঁ। কোন কোন বা আহিব।
ষ্টেপত বহি ব্ৰাছ কৰি কৰি কৈ থাকে সমীক্ষাই। কাণ মুৰ পেলাই মন দি শুণি থাকে মিছিয়ে। যেন তাই বৰ জৰুৰী কথাহে কৈছে।
এই নিৰ্বোধ প্ৰাণীবোৰে ইমান মৰম লগাব কেনেকৈ পাৰে বাৰু ?
আবেলিলৈ নেপালৰ বজাৰৰ পৰা কিনা বগাত ৰঙা ফুলৰ বুটা থকা ছুৱেটাৰতোৰ লগত ক'লা জিণ্চটো পিন্ধি সাজু হল সমীক্ষা। ৰিতিষ্ণা-লীমা এজনীকো মতা নাই দিশাই।
" মা যাওঁ। "
জোটাযোৰত লেচ মাৰি মাৰি সমীক্ষাই কলে।
: এই স্কাৰ্ফ খনো লৈ যা বেগতে ভৰাই। তোৰ ঠাণ্ডাটো বেছি নহয়।
মাকলৈ মৰম লাগি যায় কিব এটা। দাৰ্জিলিঙৰ দিনকেইটাত মাক ওছৰত নাছিল যদিও নীৰা বাইদেৱে বৰ যত্ন লৈছিল সকলোৰে, মাতৃৰ দৰে। বাইদেউৰ সেই কেয়াৰখিনি পাহৰিব নোৱাৰি কেতিয়াও।
: ঠিক আছে দিয়া। তাই মাকৰ পৰা লৈ স্কাৰ্ফ খন বেগত ভৰালে।
: মই আন্ধাৰ হোৱাৰ আগে আগে পামহি। চিন্তা নকৰিবা তুমি।
:ঠিক আছে। বাই।
:বাই।
সমীক্ষাহঁতৰ তিনিআলিত নতুনকৈ খোলা দোকানখনৰ পৰা দিশাৰ বাবে উপহাৰ এটি লৈ টেম্পুত উঠে মানে আকৌ ফোন আহিল দিশাৰ।
: আহিছা নে ?
: পাইছোগৈ ৰৱা। দহ মিনিট।
বতৰটোও গোমা কৰি আহিছে অপৰাহ্নৰ পৰা। আকাশখন বলাহক।
ফুকন আলি স্থিত ইণ্ডিকৰ ওছৰতে টেম্পুৰ পৰা নামিল সমীক্ষা। গলিটোতে ৰৈ আছে দিশা , তাইৰ বয়ফ্ৰেণ্ড , ড্ৰিমী, ঋষি আৰু আশিষ।
: Happy Birthday dear!
দিশাৰ দিশে ফিফ্টটো আগবঢ়াই হেণ্ডশ্বেক্ এটা দিলে সমীক্ষাই। আকাশত বিজুলীয়াইছে.. অলপ পাছতে আহিব মুষলধাৰ বৰষুণ।
: Thank you so much ! তোমাৰ এটা নাম দিছো মই জানা। দিশাই উপহাৰতো হাতত তুলি লৈ কলে।
: কি দিছা ?
: The girl in Red ! হাহা
সমীক্ষাৰ ছুৱেটাৰতোৰ ৰঙা ফুলকেইপাহৰ দিশে চাই দিশাই কলে। সমীক্ষায়ো হাহিলে তাঁইৰ সতে
:বাৰু , এতিয়া বলা যাওঁ।
সমীক্ষাই দিশা, ড্ৰিমীৰ সতে খোজ আগবঢ়ালে। কিছুদুৰতে ৰৈ থকা আশিষহঁতৰ দিশে হাঁহি মাৰি চাওঁতে তাই দেখিলে দুয়োৰে মাজতে চোন ৰৈ আছে বৰ্ণমো।
চুলিখিনি পাছলৈ কৰা সমীক্ষাৰ খোজবোৰত অহৈতুক আউল.. হিয়াত বহুবৰ্ণী পখিলা।
সমীক্ষা ,ড্ৰিমী, দিশা আৰু তাইৰ বয়ফ্ৰেণ্ড একেখন।টেবুলতে বহিল। আন এখন টেবুলত বৰ্ণম আৰু ঋষিহত।
ইউনিফৰ্ম পৰিহিতা ৱেইটাৰ বা এজনীয়ে দুয়োখন টেবুললৈ মেনু আগবঢ়াই দিলে।
: Excuse me, তেওঁলোকো আপোনালোকৰ লগত আহিছে নেকি ?
আন এগৰাকী ৱেইটাৰ বায়ে আহি দিশাক সুধিলেহি।
: হয়।
দিশাৰ উত্তৰ পাই বা জনীয়ে বৰ্ণমহঁতক সেই টেবুলখনৰ পৰা উঠাই সমীক্ষাহঁতৰ টেবুলতে আন এখন টেবুল জইন কৰি একেলগে বহিবলৈ কলে।
আশিষ আৰু ঋষিও ইমান বুধিয়ক যে প্ৰায় দৌৰ মাৰি গৈ আনকেইখন চকীত বহিল , সমীক্ষাৰ সন্মুখৰ চকীখন খালী ৰাখি। উপায়বিহীন হৈ বৰ্ণম তাইৰ সতে মুখামুখিকৈ বহিল।
ইমান যে লাজ লাগিছে তাইৰ .. কি কৰিব এতিয়া?
সমীক্ষাই ইফালে সিফালে চাইছে , হাজাৰ প্ৰয়াস কৰিও বাধা দিব পৰা নাই দুওঁঠৰ লাজুক হাঁহি।
" ছেহ , ইউনিফৰ্মত থকা হলেও দুপাট্টাখনেই ধাকিব পাৰিলোহেতেন হাঁহিটো "
ইণ্ডিক স্বচ্ছ গ্লাছ বোৰত বৰষুণৰ এছাকণি পৰিছেহি তেতিয়া.. বৰ নান্দনিক বৰষুণৰ সৌন্দৰ্য!!
বৰ্ণমেও সন্মুখত পোৱা মেনুখনে মুখখন ধাকি আছে।
(ল'ৰাই যেতিয়া লাজ কৰে , ইমানযে মৰম লাগে!)
: অই লৰা , মেনুখন দে। সেইখনেই খাবি নেকি এতিয়া ?
ঋষিয়ে বৰ্ণমক জোকাৰি কলে।
: ৰ'চোন লাজ লাগিছে মোৰ !
বৰ্ণমে তাক ফুচফুচাই কোৱা শুণিলে সমীক্ষাই। কলেজত কেতিয়াবা মাতিলেও সি তাইৰ ফালে পিঠি দিয়েই ৰয়। ব্লাছ্ কৰিছে সমীক্ষাৰ দুগালেও।
তেনেতে কিবা এটা মনত পৰাত বেগটো খুলি ডাঠ স্কাৰ্ফ খনে মুৰতো ধাকি ললে সমীক্ষাই।
অন্যথা উপায় নাই.. বেয়াকৈ ধৰা পৰিব সকলোৰে আগত এই অকৰা হাঁহিটো।
: অ বা , আৰু এখন মেনু দিয়া। এইটোৱে এইখন নিদিয়ে আমাক। কাউণ্টাৰত ৰৈ থকা বাজনীক চিঞৰি মাতিলে আশিষে।
তেওঁ আহি আৰু এখন মেনু দি গল।
: সমী ,তোমাৰ গা বেয়া লাগিছে নেকি ?
কাষতে বহি থকা ড্ৰিমীয়ে সুধিলে।
: নাইটো। কিয় ?
: ডেন , স্কাৰ্ফ খন আতৰাই লোৱা।
ড্ৰিমীৰ কথাত সমীক্ষাই মুৰৰ পৰা স্কাৰ্ফ খন আতৰাই কান্ধত পেলালে।
ফুকন আলিত তেতিয়া বৰষুণৰ গান গভীৰ হৈছে।
সমীক্ষাই জানে বৰ্ণমক এইদৰে লগ পাব লগীয়া আছিল বাবে ৰদৰ সতে যুজি , ডাৱৰক ফুচুলাই বৰুণ দেৱতাৰ এই আয়োজন।
সকলোৱে পোলাউ আৰু চিকেন অৰ্ডাৰ দিছে লগত কল্ড ড্ৰিংকচ্।
: সমীক্ষা , তুমি কি লবা ?
দিশাই সুধিলে তাইক।
: Anything in veg !
: Paneer ?
:হব।
: ঘৰতটো সবেই মাংস খায়। তুমি কিয় নোখোৱা ? দুখ লাগে নেকি জীৱ বোৰলৈ?
আশিষে সুধিলে তাইক।
: ইনেই !! তাই তলমুৰকৈয়ে কলে। মেনুখনে মুখ ধাকিবলৈ বৰ্ণমে বাদ দিছে এতিয়া।
সমীক্ষাৰ অন্তৰত আবেগৰ অনুৰনণ।
কিবা এটা আকুল , বিকুল...!
: আচ্ছা এটা joke শুণা..
দিশাৰ বয়ফ্ৰেণ্ডে ফোনটোলৈ চাই দ্বাৰ্থক কৌতুক এটা কলে।
সকলোৱে প্ৰাণ খুলি হাঁহিলে। একো বুজিব নোৱাৰি সমীক্ষাই ড্ৰিমীৰ মুখলৈ চাই থাকিল।
: এই সেইবোৰ বুজি নাপায়। বাচ্ছা টাইপ অলপ।
বৰ্ণমে প্ৰথমবাৰলৈ কলে কিবা এষাৰ।
ইমান দুৰলৈকে কেনেকৈ তাইক চিনিব পাৰে বৰ্ণমে , তাইছোন ক্লান্ত হৈ পৰে বৰ্ণমৰ মনটো বুজাৰ প্ৰচেষ্টা কৰি কৰি।
: নহয় মই বাচ্ছা..বুজি পাইছো।
সমীক্ষাই তাৰদিশে চাই কলে।
: তেন্তে বুজাই দিয়াছোন চাওঁ।
বৰ্ণমে মুখপাতি ধৰাত খঙতে ৰঙা পৰিল তাইৰ নাকৰ পাহি।
বুজি পালেহে বুজাই দিব..!!
:ইনেই বেল বুলি নকওঁতো মই ! বৰ্ণমে কলে আকৌ।
: হবছোন , কিয়নো আমনি কৰি আছ' তাইক ?
ঋষিয়ে কলে এইবাৰ।
:আনদিনা এইদৰে কথা পতাৰ সুবিধা নাপাওঁ যে , তাইক নোজোকালে কাক জোকাম ?
"You have no idea how badly I wanna talk to you Barnam..I just don't know how to say it"
সমীক্ষাই ফোনৰ নোটপেডত লিখি ৰাখে। সন্মুখত কবলৈ অপৰাগ , অক্ষম। বিবেকৰ ওছৰত যে চুক্তিৱদ্ধ তাই।
তেনেতে বা এজনীয়ে অৰ্ডাৰ সমুহ ছাৰ্ভ কৰি থৈ গ'ল। সকলোৱে খাবলৈ আৰম্ভ কৰিলে। সমীক্ষাই এবাৰ খিৰিকীৰ ফালে চালে। আন্ধাৰ হোৱা নাই এতিয়াও। সময় ৪:২০ হৈছে।
: ইমানকৈ কিয় বাহিৰলৈ চাই আছা সমীক্ষা ?
: মই মানে আন্ধাৰ হোৱাৰ আগতেই ঘৰ পাবগৈ লাগিব।
সমীক্ষাই খোৱাৰ মাজতে দিশাৰ প্ৰশ্নটোৰ উত্তৰ দিলে।
: আমাৰ বৰ্ণমে থৈ আহিব নহলে ?
ঋষিয়ে কলে।
: নালাগে হব , টেম্পুতে যাম। মা আৰু মিছি অলপ আগবাঢ়ি আহিব দেৰি হলে।
: মই নিনিলোও হেতেন।
বৰ্ণমে গহীনাই উত্তৰ দিলে।
: মই নগলে কেনেকৈ নিবা ?
সৰুকৈ কলে সমীক্ষাই। অনবৰতে সমীক্ষাৰ লগত কাজিয়া লগাৰ কথাই ভাবি থাকে নেকি বাৰু সি ?
তায়োনো কিয় দন্দুৰীৰ দৰে হৈ পৰে বৰ্ণমক পালে?
: হব আৰু দেই। শান্তি চুক্তি কৰ দুয়োটাই!
আশিষে কল্ড ড্ৰিংকচ্ ৰ বটলটোত ষ্ট্ৰ'ডাল ঘুৰাই ঘুৰাই কলে। খোৱা শেষ হৈছিল সকলোৰে।
দিশাই বিল পৰিশোধ কৰিবলৈ উঠিল। প্লেটখনৰ পৰা সমীক্ষাই চ'ফ অলপ লৈ সন্মুখতে থকা বৰ্ণমকো দিলে।
:Thanks!
দুচকু টিপিয়াই হাঁহি মাৰিলে সি, অকৃত্ৰিম!
ইণ্ডিকৰ চিৰিয়েদি তললৈ নামি আহে মানে বৰষুণ শাম কাটিছিল কিছু। দিশা আৰু তাইৰ বয়ফ্ৰেণ্ডে গাড়ীত উঠি বিদায় ললে। ড্ৰিমীও আনফালে গল। কিবা ভাবি ঋষি , আশিষেও লেহেমীয়া কৰিছে খোজৰ গতি। বৰ্ণম সমীক্ষাৰ কাষে কাষে আহি আছে।
উফ্.. কি নাম এই সুখৰ ?
ভালপোৱা ? প্ৰেম ?
নহয় , বিশ্বাস আৰু নিৰাপত্তা।
এনে এটা ল'ৰা যি কৌশোৰৰ সকলো সৰলতাৰে তাইৰ প্ৰিয়।
আনে অধচ্ আখ্যা দিয়া এটা লৰা।
চিগাৰেটৰ ধোৱাৰে ধূসৰ সপোন ৰচা , ষ্পীডত বাইক চলাই , ক্লাছ বাংক কৰি ঘুৰি ফুৰা , প্ৰতিটো ষান্মাসিকতে এটা হলেও বেক থকা নষ্ট লৰা সি।
তাইৰ বাবে কিন্তু সিয়েই পৃথিৱীৰ ভিতৰতে সবাতোকৈ অমায়িক , ভদ্ৰ। যি নদীৰ দৰে , যাৰ কাষত থাকিলে পোৱা যায় অনন্য এক প্ৰশান্তি !!
" তোমাৰ দৰে মাথোঁ তুমিয়েই বৰ্ণম"
সমীক্ষাই ভাবে।
তাহানিৰ একেলগে বৰষুণত তিতাৰ প্ৰতিশ্ৰুতি আজি পুৰণ হৈছে। এইবোৰ সব ভাগ্যৰ ষড়যন্ত্ৰ!
ইচ্ছা কৰিয়েই তাই বেগৰ পৰা ছাটিতো উলিওৱা নাই। তিতোছোন আজি দুয়ো একেলগে।
বিবেকৰ বান্ধোন চিঙি আৱেগৰ চাকনৈয়াত জীৰাই লওঁ খন্তেক।
:আমি লগপাব লগীয়া আছিল বাবেই বৰষুণ আহিল আজি।
সমীক্ষাই চিপচিপকৈ সৰি থকা বৰষুণ জাকলৈ চাই কলে।
:তুমি ভালপোৱা যে বৰষুণ।
:তোমাৰ মনত আছে ?
:আছে। এইখিনিতে পাৰ হৈ লোৱা।
বুক হোমৰ ওছৰতে ৰৈ ৰাস্তাটো পাৰ হল দুয়োয়ে।
ইমান সোণকালে টেম্পুষ্টেণ্ট পালেহি নে আজি ?
বতাহজাকে জোকাইছে বৰকৈ দুয়োকে , সমীক্ষাৰ চুলিত তুলিছে ঢৌ!!
তাই টেম্পু এখনৰ মুখৰ ছিটতোতে বহিল। বৰ্ণমে দুৱাৰখন জপাই দিলে।
:যাওঁ। সমীক্ষাই খিৰিকীৰে মুৰটো উলিয়াই কলে।
:যোৱা.. বৰ্ণমে হাঁহি মাৰি কলে।
প্ৰকৃততে প্ৰকৃত কি?
অলপ কথাতে কাজিয়ালৈ গতি কৰা মেজাজী বৰ্ণম
নে এই কেৰিং লৰাটো ?
টেম্পুখন চলিবলৈ আৰম্ভ কৰিছিল। বৰষুণ জাক উভতি আহিছে। তিয়াই নিছে সমীক্ষাৰ এফাল।
তথাপি অলপো লৰচৰ নকৰাকৈ একেঠাইতে বহি আছে তাই , হিয়াৰ একোণত ৰাগ মেঘবল্লাৰ!
"এটা অজুহাত পালেই মই গুচি যাব পাৰো যেনি মন যায়
......
মই গুচি যাম যিকোনো অজুহাত পালে
.....
....
জালিকটা জোনাকৰ মাজেৰে মই গুচি যাম
হাতত সাৰে, ভৰিত সাৰে"
(হীৰুদা)
*******
সকলোৰে অনুনয় উপেক্ষা কৰি পাখি লগা কাড়ৰ দৰে আগবাঢ়িছে সময়। জে বি কলেজত বাকী ৰৈছে মাথো এমুঠি মান দিন।
সময়ে কোবাই যায়..
বুজাই যায় গতিশীলতাৰ সুত্ৰ।
: গান্ধীজীৰ মতে প্ৰেমৰ দ্বাৰাহে ঈশ্বৰপ্ৰাপ্তি সম্ভৱ। সকলোৰে প্ৰতি প্ৰেম নিবেদন কৰিহে ঈশ্বৰৰ প্ৰতি প্ৰেম নিবেদন কৰিব পাৰি , যিহেতু প্ৰত্যোকৰে মাজতে ঈশ্বৰ আছে। তেওঁৰ ভাষাত প্ৰেম তথা অহিংসাৰ প্ৰথম চৰ্ত হল আত্ম অতিক্ৰমন , Self transcendence। আমি ব্যক্তিকেন্দ্ৰিকতাৰ উৰ্ধলৈ যাব পাৰিব লাগিব। এই প্ৰক্ৰিয়া পৰিয়ালৰ পৰা সমাজলৈ , সমাজৰ পৰা দেশলৈ আৰু দেশৰ পৰা মানৱতালৈ প্ৰসাৰিত হয়।
কেমেষ্ট্ৰী গেলাৰীৰ মাজেৰে পাৰ হৈ যায় এজাক তৰুণ শীতল বতাহ। ৰঞ্জন ছাৰে আগবঢ়োৱা মহাত্মা গান্ধীৰ দৰ্শনৰ বৰ্ণনাই আপ্লুত কৰে সকলোকে।
: ছাৰে যিয়েই পঢ়ায় , ডাইৰেক্ট ইয়াত টাচ্ কৰে।
ৰঞ্জন ছাৰ ওলাই যোৱাৰ পাছত আশিষে কলিজাত হাত দি কয়।
সকলোৱে হয়ভয় দিয়ে তাৰ কথাষাৰত।
: নীলাক্ষী বাইদেৱে আমাৰ এটাও ক্লাছ পোৱা নাই যে?
বহীখন সামৰি কাষতে থকা ৰিতিষ্ণাক সমীক্ষাই সুধে।
: মেমে নেট পৰীক্ষা দিব কাৰণে এইটো ছেমিষ্টাৰ ব্ৰেক লৈছে may be!
: হয়নি ? বৰ মৰমিয়াল আছিল কিন্তু বাইদেউ।
: তাকেহে !
কিছুমান মানুহে কম সময়তে মনত সাচ পেলাই যায়, নীলাক্ষী বাইদেৱো সকলোৰে বাবে তেনেকুৱা। দেখিলেই আপোন হাঁহি এটা উপহাৰ দিয়া , শিকাৰু সকলক অনবৰতে উৎসাহ দিয়া নীলাক্ষী বাইদেউ গুচি যোৱা বুলি শুনি বেয়া লাগি গল সমীক্ষাৰ।
ৰিতিষ্ণা , লীমাৰ লগত কেমেষ্ট্ৰী গেলাৰীৰ পৰা ঠিক ওলাই আহোতেই বৰপাত্ৰ কুটীৰৰ সমুখতে বহু দিনৰ মুৰত সাধনাক দেখিলে তাই।
আজিকালি সাধনা অথবা তনয়াক বৰকৈ লগপোৱা নাযায়েই। মেজৰমেট সকলৰ লগতে অনবৰতে থাকে সমীক্ষা।
: মই কোন কোৱা...
সাধনাৰ চকুকেইটা পাছফালৰ পৰা ঢাকি সমীক্ষাই সুধিলে।
: স-মী-ক্ষা !!
সাধনাই উত্তৰ দিয়াৰ পাছত দুহাত আতৰালে তাই।
: কি খবৰ সাধনা ? কিমান দিন যে লগ পোৱা নাই!
: হয় দেই..
: এদিন আমাৰ ঘৰ উলাবা , মায়ে বৰ ভাল পাব তোমাক লগ পালে।
: কিন্তু কেতিয়া যাম ? টাইমেই নিমিলে যে !
: কালিলৈকে ব'লা নহলে , দেওঁবাৰ যেতিয়া !
: ঠিক আছে , idea টো বেয়া নহয়।
: তুমি জাষ্ট টেম্পুত উঠি মোলৈ ফোন এটা কৰিবা। মই তিনিআলিতে ৰৈ থাকিম।
: Okay.
: নবাৰুণৰ ভাল নহয় ?
: ভাল ভাল। সেইখিনিতে ৰৈ আছে ছোৱা।
সাধনাই শ্বহীদ বেদীৰ ফালে আঙুলিয়াই দেখুৱালে। সচাই নবাৰুণে ঘাহনি খিনিতে বহি সাধনাৰ দিশেই চাই আছে। সমীক্ষাই ছোৱা দেখি হাত বাউলি মাতিলে তাইক। তায়ো হাত জোকাৰি হাঁহি মাৰিলে।
: সি মোক এৰিবলৈকে বেয়া পায় পাচমিনিটৰ বাবেও।
: পাবইটো , কিমান কষ্টৰ মুৰত পাইছে তোমাক।
সমীক্ষাৰ কথাষাৰ শুণি লাজতে গুলপীয়া হৈছিল সাধনাৰ নিমজ দুগাল। ঠিকেই কয় মহাত্মা গান্ধীয়ে এই পৃথিৱীত প্ৰেমৰ দৰে পবিত্ৰ আৰু সুন্দৰ অনুভৱ একোৱেই নাই।
: বাৰু, মই এতিয়া ক্লাছলৈ যাওঁ। কালিলৈ লগ পাম।
কথাষাৰ কৈ সাধনাই তাইৰ পৰা বিদায় ললে।
" সমীক্ষা সাজু হোৱা , হাতে লিখা আলোচনীৰ দায়িত্ব আহি আছে। "
পি জি বিল্ডিঙৰ দিশে যাওঁতে লাইব্ৰেৰীৰ কাষতে পাই জ্যোতিময়ে কলে।
: তাকেহে ,
সমীক্ষাই হাঁহি মাৰি কলে।
: বাকী , কবিতাৰ কিবা খবৰ ?
সমীক্ষাৰ কাষে কাষে আহি থকা জ্যোতিময়ক সুধিলে তাই পুণৰ।
: বাদ দিছো , জুনিয়ৰ এজনীৰ লগতে কিবা এটা আগবাঢ়িছে।
: কি ? ইমান সোণকালে হাৰি গ'লা?
: উপায় নাই... ৰুমমেটে কলে যদি মোৰ ভোক লাগে আৰু মোৰ প্ৰিয় হোটেলখনত ভাত নাই তেন্তে আন এখন হোটেললৈকে যাব লাগিব নহয় ?
ৱাহ..
কি উপমা , কি তুলনা!!
প্ৰেম আৰু পেটৰ ভোক কি একেই হব পাৰে?
: কি যে কামবোৰ কৰা তুমি ? তোমাৰ প্ৰিয় কবিজনে কবিতা লিখিবলৈ এৰি দিলে , আন কাৰোবাৰ কবিতাত সেই মাদকতা পাবা জানো ?
সমীক্ষাৰ কথাষাৰ শুণি পি জি বিল্ডিঙৰ ফাৰ্ষ্ট ফ্লৰৰ চিৰিতে ৰৈ দিলে জ্যোতিময় এপলক।
: তুমি ঠিকেই কৈছে। ময়ো অলপ Regret feel কৰিছো মনতে।
: সেইটোৱে , কবিতাই তোমাক ভালনাপায় সেইটো তাইৰ নিজা কথা। তাৰেই আক্ৰোশত জুনিয়ৰজনী ক
কিয়নো ব্যৱহাৰ কৰিব লাগে। কোৱাছোন?
: চব ফিক্স কৰিব লাগিব আকৌ।
: উম , সময় থাকোতেই।
কথা পাতি পাতি ক্লাছ পায়হি মানে দহ মিনিট দেৰি হল সমীক্ষা জ্যোতিময়ৰ। পপী বাইদেৱে ইতিমধ্যেই আৰম্ভ কৰিছে সমাজ দৰ্শনৰ ব্যক্তি স্বাতন্ত্ৰবাদৰ ব্যাখ্যা। বাইদেউৰ অনুমতি লৈ বেঞ্চখনত বহোতে সমীক্ষাই কেৰাহিকৈ চায় শেষৰ বেঞ্চৰ খিৰিকীৰ কাষত বহি কথা বৰ্ণমলৈ।
******
আজি সাধনা অহাৰ কথা। সমীক্ষাই অলপকৈ ঘৰটো চাফা কৰিলে। মাক পুৱাৰে পৰা ব্যস্ত পাকঘৰত।
: সোণজনী , সাধনাক আগবঢ়াই আনিবলৈ যাওতে তাই ভালপোৱা কিবা মিঠায়ো লৈ আনিবি দেই।
মাকে পদুনা পাতকেইখিলা ধুই থকাৰ পৰা কলে।
: তাইৰ বাবে কিবা ফিফ্ট এটাও আনিব লাগিছিল নেকি বাৰু ?
পনীৰখিনি টুকুৰা টুকুৰকৈ কাটি থকাৰ পৰা সমীক্ষাই সুধিলে।
: মই বজাৰলৈ যাওঁতে কালিয়েই আনি থৈছো। তোক কৱলৈ সময়েই পোৱা নাই ।
: কি আনিলা ?
: ফটো ফ্ৰেম এটা আৰু লাফিং বুদ্ধ। লগতে নেইল পলিচো এটা আনি থৈছো।
: হব তেন্তে।
আলহী আহিলে মাকে বৰ ভাল পায়। ৰিতিষ্ণা লীমা প্ৰায়ে আহে সিহঁতৰ ঘৰলৈ। মাথো দুজনী মানুহ থকা ঘৰখন উৎসৱৰ দৰে উজলি উঠে আলহী লগ পালে।
প্ৰায় এঘাৰ বজাত সাধনা পালেহি। বহুদিন মাকক লগ নোপোৱা সাধনাই তাইৰ মাককে বৰ ভাল পাইছে একদম। সমীক্ষাক এৰি দুয়োজনী পাকঘৰত আড্ডাত ব্যস্ত।
: আণ্টি , ইয়ালৈ আহি মোৰ কিবা নিজৰ ঘৰ অহা যেন লাগিছে জানে ?
মাকে আগবঢ়াই দিয়া চাহ মিঠাইৰ কাপটো লৈ সাধনাই কলে।
: মোৰটো ইচ্ছা আছিল আজি তোমাক ৰাখিবলৈ জানা ।
: উপায় নাই আণ্টি , হোষ্টেলত ঘুৰি যাম বুলি কৈ থৈ আহিছো।
: পাছত এদিন কিন্তু থকাকৈ আহিবা।
: Sure... Wow , কিমান দিনৰ মুৰত যে ঘৰত বনোৱা গাখীৰ চাহ খাইছো। বৰ ভাল লাগিছে।
সাধনাই চাহৰ কাপত চুমুক দি কলে। সাধনা ছোৱালী জনী বৰ সৰল আৰু মৰমীয়াল। কিবা এটা ঘৰুৱা ঘৰুৱা যেন। যেন বন্ধু নহৈ ভগ্নীহে।
: সমীক্ষা তোমাৰ বাবে মই কিবা এটা আনিছিলো।
চাহ খোৱাৰ পাছত সাধনাই বেগৰ পৰা পেকেট এটা উলিয়াই তাইক দিলে। সাধনাই নিজ হাতেৰে তৈয়াৰ কৰা এযোৰ ফুলি আৰু টাৱাঙৰ পৰম্পৰাগত বগা শ্বল এখন।
: যোৱাবাৰ ঘৰ যাওঁতেই তোমাৰ বাবে এইখন আনিছিলো। অসমত গামোচা খন যেনেকুৱা। টাৱাঙৰ মানুহৰ বাবে এইখন তেনেকুৱা।
: Thank you so much ! ইমান যে ধুনীয়া লাগিছে। সমীক্ষাই শুধ বগা শ্বলখন চাই চাই কলে। সাধনাৰ অনুৰোধত ফুলিযোৰো পিন্ধি ললে।
তেতিয়ালৈকে মাকে ভাত বাঢ়িছিল। ভোক লগায়ে নাছিল , যদিও সাধনা যে উভতি যাব লাগিব হোষ্টেলৰ সময়সীমাৰ ভিতৰত।
: আপোনাৰ হাতৰ চিকেন খাই একদম মা লৈ মনত পৰি গৈছে আণ্টি। ৰৱ মাক ফোন এটা লগাই দিওঁ। কথা পাতক।
ভাত খোৱাৰ পাছত ছ'ফ অলপ লৈ সাধনাই নিজৰ মাকলৈ ফোন লগাই সমীক্ষাই মাকৰ হাতত দিলে।
দুজনী অচিনাকি মহিলা।
কোনোদিনেই লগ পোৱা নাই এবাৰো।
তথাপি দুয়ো মাতৃ...
বহুত দেৰি কথা পাতিলে দুয়োজনীৰে মাকে। সমীক্ষা সাধনাই বিছনাতে বহি পঞ্চী পাৰ্থৰ বিয়াৰ ফটো চালে , সমীক্ষাৰ কনমানি ফুলনিখনো চালে।
তেতিয়ালৈ আবেলি হৈছে , সাধনাৰ বিদায় লোৱাৰ সময় হল।
: যাওঁ আণ্টি।
সাধনাই অবুজ আন্তৰিকতাত সমীক্ষাৰ মাকক সাৱতি ধৰিলে। সৰুতে মাকৰ মৰমখিনি আনৰ সৈতে ভগাই বৰ বেয়া পাইছিল সমীক্ষাই। আজিকালি বুজে আই মানেই এখন নৈ। সকলোকে সাৱটি লৈ যোৱা মমতাৰ মুৰ্ত প্ৰতীক।
: যোৱা আহি থাকিবা। সমীক্ষাও সাধনাক আগবঢ়াবলৈ উলাই আহিল। গেটৰ ওচৰত ৰৈ দুয়োজনী নেদেখা হোৱালৈকে চাই আছিল মাকে। আকাশত তেতিয়া ৰান্ধনি বেলি।
*******
আগলৈ
✍️সংগীতা দেৱী
Comments
Post a Comment