জেবিয়ান..🦋 (খণ্ড - ৩৬)

 

এটা বছৰৰ বাবে বিদায় লৈছে শীতে , এতিয়া মদাৰ , কাঞ্চনেৰে সৈতে প্ৰকৃতিয়ে আদৰিছে দুষ্ট ফাগুনক। 

বাট পথ ধূলিয়ৰি , লথঙা বিৰিখ আৰু বতাহত সৰাপাতৰ সুহুৰি! 


ফোনৰ মাতত তন্দ্ৰা ভাগে সমীক্ষাৰ। খিৰিকীৰে আহি চুমি যায় চেৰেং বেৰেং লগা ফাগুনী ৰদে !


: হেল্ল' কোনে ক'লা ? 


আধা জাপখোৱা চকুৰেই টেবুলৰ পৰা ফোনটো খেপিয়াই আনি ৰিচিভ কৰি তাই সুধে।


: ৰিয়ান আকৌ , বেয়া পাইছো মোৰ নাম্বাৰ ছেভ কৰা নাই তুমি ?


: আছে আছে। শুই উঠিছো এইমাত্ৰ , ধৰিবই পৰা নাই । 


: গম পাইছো বাৰু মাতষাৰতে !


চকু মোহাৰি বিচনাৰ পৰা উঠিল তাই। ১০:৩০ বাজিছে।

 "ছেহ.. আজি ইমান দেৰিলৈকে শুলোনে মই"


 তাই মনতে ভাবিলে। মুৰটো কিবা গধুৰ গধুৰ লাগিছে। গাটোও ভাল লগা নাই মুঠেও।  জ্বৰ হব কিজানি।


:  ফিফ্ট ছেমৰ ৰিজাল্ট উলালে নহয় , খবৰ পাইছা নাই?


অহ , আজিটো ৰিজাল্ট আউট হোৱাৰ কথা আছিল।

সমীক্ষাই চোন পাহৰিয়েই গল‌। মাকেও জগাই দিয়া নাই তাইক। 

জাপ মাৰি বিছনাৰ পৰা উঠিল সমীক্ষা। 

ভয়ো লাগিছে বহুত। 


: তুমি কলেজত আছা নেকি ৰিয়ান ? ৰিজাল্ট পালা মানে ?


: অ মই কলেজতে। ৰিজাল্ট পালো বাৰু। লগতে তোমাৰ ৰিজাল্টো পাইছো।


: কেনেকুৱা হৈছেনো মোৰ ?


কিছু উৎকণ্ঠাৰে তাই সুধিলে।


: ৰিজাল্ট বহুত ভাল তোমাৰ। লজিকৰ পেপাৰখনত 96 পাইছা জানা ??


: কি...?


আশ্বৰ্য‍্যত চিঞৰিলে সমীক্ষাই মৃদুকৈ। আগফালৰ পৰা মাক উধাতু খাই আহি সেইখিনি পালেহি।


: অ আকৌ। সোনকালে কলেজ আহা। শিৱানী মেমে সুধি আছে তুমি ক'ত আছা বুলি । 


: হয়নেকি ? যাম ৰ'ৱা , আধাঘণ্টাত পামগৈ।


ৰিয়ানে ফোনটো ৰাখিলে। সমীক্ষাই আলনাৰ পৰা 

টাৱেলখন তুলি ললে।


" মা , লজিকত মই 96 পাইছো। শিৱানী বাইদেৱে মাতিছে।"

কাষতে ৰৈ থকা মাকক তাই কলে। 


: হয়নে ? মই বিছনা পাৰিম। তই ৰেডি হ' গৈ যা। 


লৰালৰিকৈ বিশ মিনিটৰ ভিতৰতে সাজু হ'ল সমীক্ষা। মনৰ জোৰতে কলেজলৈ ওলাইছে যদিও গাটো কিন্তু অলপো ভাল লগা নাই। 

তথাপি , শিৱানী বাইদেউৰ বিষয় আছিল লজিক। আজি তেওঁক ধন্যবাদ জনোৱাৰ সুযোগটো হেৰুৱাব বিছৰা নাই সমীক্ষাই। 

তিনিআলি নৌপাওঁতেই টেম্পু এখন পোৱাত তাই ভালেই পালে। অলপ সোনকালে পাবগৈ কলেজ এতিয়া। 

কলেজ পায়েই বিভাগীয় ৰুমলৈ আগবাঢ়িল সমীক্ষা। ছাৰ বাইদেউ সকলে তাতে কথা পাতি আছে সমুহীয়াকৈ। 


: সমীক্ষা , লজিকৰ মাৰ্কটো দেখি বৰ ভাল লাগিল দেই। 

শিৱানী বাইদেৱে হাঁহি মাৰি কলে। 


: Thank you so much বাইদেউ। 


: ভাৰতীয় তৰ্কশাস্ত্ৰৰ পেপাৰখনতো তাই 89 পাইছে। Very good  !


সমীক্ষাৰ মাৰ্কশ্বীটখন চাই চাই আনয়া বাইদেৱে কলে। 


: তুমি অলপ ক্লাছ ৰুমত বহাগৈ। মই আজি সকলোকে মিঠাই খুৱাম। 


শিৱানী বাইদেউ বহাৰ পৰা উঠিল।

ইমান মৰম , ইমান আন্তৰিকতা !!

সমীক্ষাই বাৰু দিব পাৰিবনে এই মৰমৰ প্ৰতিদান কাহানিবা। 


: ময়ো খুৱাম দেই। আনয়া বাইদেৱো শিৱানী বাইদেউৰ লগতে উঠিল। 


সমীক্ষা বিভাগীয় কোঠাৰ পৰা ওলাই পিজি 17 ৰ দিশে আগবাঢ়িল। ফাগুনী ধূলি লাগি নাকটোও কিবা বন্ধ হৈ থকাৰ দৰে লাগিছে। কাহো হব ছাগে তাইৰ।

ক্লাছৰুম পাই বেঞ্চ এখনত বেগটো থৈ মুৰ পেলাই শুই থাকিল সমীক্ষা। আজি ক্লাছবোৰ নহয়।  সকলোৱে ৰিজাল্ট বিষয়ক নানা কথা পাতি আছে। হুলস্থুলীয়া পৰিৱেশ কোঠাটোত‌। সমীক্ষাৰ দৃষ্টি ৰৈ যায় পি জি 17ৰ পুৰণি দেৱালত কোনোবাই লিখি ৰখা দুটা শব্দত... " মন যায়" ! 

 কিমানবোৰ মন যায় মনতে সামৰি ৰাখে মানুহে।

সমীক্ষাৰো মন গৈছে বৰ্ণমৰ ৰিজাল্টৰ কথা জানিবলৈ। কিন্তু সুধে কেনেকৈ ? 


: সমীক্ষা..আহা। 

শিৱানী বাইদেউ আৰু আনয়া বাইদেৱে মিঠাইৰ টোপোলা দুটা আগবঢ়াই দি মাতিলে তাইক। 


মিত্ৰাৰ আগবাঢ়ি আহিল মিঠাইখিনি ভগাই দিয়াত তাইক সহায় কৰিবলৈ। 

বৰ্ণম আৰু পিংকুহঁত ক্লাছ ৰুমৰ বাহিৰতে বহি থকাত সমীক্ষাই প্ৰথমেই মিঠাই পেকেটতো খুলি পিংকুৰ দিশে আগবঢ়াই দিলে।


: ফালি দিলা ৰিজাল্ট একদম !

পিংকুৱে মিঠাই এটি লৈ কলে।


: তোমাৰ কেনেকুৱা হল ? 


: ইয়েৰ লষ্ট ! ৰিলিজনৰ পেপাৰত বেক লাগিল। লজিকত পাইছো বাৰু ভাল মাৰ্কচ্ । তুমি 

বুজাইছিলাতো!!


: ময়ো ইমান মাৰ্ক লজিকত পোৱাৰ অলপ ক্ৰেডিট তোমালৈয়ো যায়। তোমাক বুজাই বুজাই সেইখন পেপাৰ ময়ো অলপ বেছিকৈয়ে পঢ়িলো।

সমীক্ষাই হাঁহি মাৰি কলে। কথাটো একেবাৰে মিছাও নহয় অৱশ্যে! 


: ইছ.. পিংকুৱে লাজৰ হাঁহি মাৰিলে। 


: লোৱা। 

আনফালে মুৰ কৰি বহি থকা বৰ্ণমৰ দিশেও মিঠাইৰ পেকেটতো আগবঢ়ালে সমীক্ষাই। 


: Thank you ! 


সি তাইৰ ফালে নোচোৱাকৈয়ে মিঠাই এটি লৈ কলে। 


" সমী , ভিতৰলৈ আহ আকৌ" 

দুৱাৰমুখতে মিঠাইৰ আনটো টোপোলা লৈ ৰৈ থকা মিত্ৰাই চিঞৰি মাতিলে। বৰ্ণমৰ পৰা মৌন বিদায় লৈ সমীক্ষা ক্লাছৰুমত সোমাল।


: চাও .. ফটো এখন মাৰি থওঁ । জ‍্যোতিময়ে তাইৰ ফালে ফোনটো টোৱাই কলে।


: নালাগে দিয়া। 


: মাৰো আকৌ , মেমৰী হিচাপে থাকি যাৱ। 

ফ্লাছলাইটৰ পোহৰ তাইৰ চকুত পেলাই ফটো এখন মাৰি জ‍্যোতিময়ে কলে। 

 এই সময় গুচি যাৱ, ফটোবোৰ ৰৈ যাৱ একো একোটা মেমৰী হিচাপে , কলেজীয়া দিনৰ সেউজ সময়ৰ দস্তাৱেজ হৈ ! 


: ফটোখনটো কিন্তু তোমাৰ জ্বৰ বুলি ধৰা পৰি গৈছে। 

জ‍্যোতিময়ে ফোনটো চাই কলে , সচাকৈয়ো ক্ৰমান্বয়ে গাটো বেয়া লাগি আহিছে তাইৰ। 

সকলোকে মিঠাই দিয়াৰ শেষত মিত্ৰা আয়ুবহঁতৰ বেঞ্চৰ ওছৰ পালেগৈ। সকলোৰে দৃষ্টি তাহাতৰ ওপৰত নিৱদ্ধ, সকলোৱে জানিব বিছাৰে মিত্ৰাই বাৰু মিঠাই দিবনে আয়ুবক। যিটো লৰাৰ সতে প্ৰথম ষান্মাসিকত কাপ প্লেটৰ দৰে একেলগে আছিল মিত্ৰা , যিটো লৰাক এদিন চাৰ্টৰ কলাৰ খামুচি সকলোৰে আগত গালি পাৰিছিল অথবা  WhatsApp গ্ৰুপটো দুয়োৰে মাজত হৈছিল দুৰ্বাদল কাজিয়া। 

শান্তভাৱে মিত্ৰাই মিঠাইৰ পেকেটতো আয়ুবলৈ আগবঢ়াই দিলে। সিয়ো লও নলওকৈ ললে। 

সংযমী হবলৈ শিকিছে তাই , অপ্ৰাপ্তিকো আদৰি লৈ মানুহক ক্ষমা কৰিবলৈ শিকিছে মিত্ৰাই !!


" তই বৰ্ণমক মিঠাই দিয়া দেখিহে সাহস পালো মই আয়ুবক দিবলৈ।"


পেকেটকেইটা ডাষ্টবিনত পেলাবলৈ যাওঁতে মিত্ৰাই সমীক্ষাক কলে। 


: ভাল কৰিলি দিলি , কিছুমান কথা সময়ৰ সতে এছেপ্ট কৰিব পাৰিলে ভাল! 


ক্লাছ হোৱাৰ প্ৰশ্নই নুঠে , তাতে আকৌ দুদিন পাছত ফাৰ্ষ্ট ছেছ'নেল পৰীক্ষা। মিঠাই খোৱা হোৱাৰ পাছত সকলো ঘৰলৈ যাবলৈ ওলাল। সমীক্ষায়ো বেগটো এহাতে লৈ ৰিতিষ্ণাৰ সতে নামি আহিল পিজি বিল্ডিঙৰ চিৰিয়েদি। 

ৰিতিষ্ণা গাৰ্লছ কমন ৰুমত সোমোৱাত সমীক্ষা বৰপাত্ৰ কুটীৰৰ কাষতে অলপ ৰ'ল। 

জ্বৰীয়া গাত ৰদ লাগিলে কিবা এটা বৰ ভাল লাগে। 

সুৰুযৰ উমাল তাপে ক্ষণিকলৈ হলেও হ্ৰাস কৰে জ্বৰ জ্বৰ ভাব। 


:  ইমান গা বেয়া যদি কিয় আহিছিলা কলেজ ? মিঠাই খাবলৈ ?


ঘপকৈ সমীক্ষাৰ সন্মুখত ওলাই বৰ্ণমে কলে। মন প্ৰজাৰ মাজেৰে পাৰ হৈ গল কেবাটাও জোনাকী পৰুৱা। 


: তোমাৰ ৰিজাল্ট কেনেকুৱা হল বৰ্ণম ?


: ঠিকেই আৰু, কিন্তু মই তোমাক বেলেগ কিবা এটাহে সুধিছো। 


: জ্বৰ বেছি নহয় , যাওঁতে টেবলেট লৈ যাম। 


: দেখি ধৰিব পাৰিছো , তাতে আকৌ পৰীক্ষাও পালেহি। তুলছী ছিৰাপ এটা লৈ যাবা। কফৰ কাৰণে বেষ্ট !


: ঠিক আছে বাৰু। 


মৃদু বতাহ এছাটিয়ে চুলিখিনি খেলিমেলি কৰাত সমীক্ষাই বেগৰ পৰা ক্লিপ এডাল উলিয়াই গোতেই চুলিবোৰ সামৰি কলে। 


: মেলি থোৱাছোন , ভাললাগে !


বৰ্ণমৰ আব্দাৰ। তাইৰ বুকুৱেদি কেবাটাও মিনি হাৰ্ট এটেক পাৰ হৈ গল। চুলিত গুজিব বিছৰা ক্লিপটো বাধ‍্যৰ দৰে এৰুৱাই আনিলে সমীক্ষাই। 

জীৱনত ইমানখিনিয়েই বিছাৰে তাই সদায়।

আন একোৱেই নালাগে , মাথো তুমি থাকা আশে পাশে ! 

ফাগুনী বা লাগি ঢৌ খেলিছে একোচা মুক্ত, অবাধ‍্য কেশে। 

তাইৰো হিয়াৰ প্ৰতি কুল , উপকুলত কিবা এটাই তুলিছে জোৱাৰ। 


: যাওঁ বল..! 


ৰিতিষ্ণা আহি সেইখিনি পালেহি। 

মুৰ দুপিয়াই বৰ্ণমৰ পৰা বিদায় ললে সমীক্ষাই। 


: চুলিখিনি বান্ধি ল' বতাহে বৰবাদ কৰিব নহলে।

দুপাট্টাখনেৰে নিজৰ চুলিবোৰ ঢাকি ৰিতিষ্ণাই কলে।


: নালাগে থাকক। 


সমীক্ষাই তলমুৰকৈ কলে। বৰুৱা চাৰিআলিৰ ফাৰ্মেচি খনৰ পৰা তুলছী ছিৰাপ এটাও তাই কিনি ললে। ঘৰত কফ ছিৰাপ আছে , যদিও এইটো ছিৰাপ বৰ্ণমে ছাজেষ্ট কৰিছে। কিনিবই লাগিব , বৰ্ণম মানেইযে বিশেষ। 


                  ইয়াতকৈ 

                 আৰু কি হ'ব পাৰে 

               তীব্ৰ ৰাগী

               যি প্ৰেমত মই

               বৰাগী ? 

                (হিৰুদা)

                

 :বৰ্ণম আমি দুয়ো ভাল বন্ধু হওঁ নহলে আকৌ। আগৰ দৰে।

 

 দলঙখনৰ ঠিক কাষতে ৰৈ আছিল দুয়ো। আগনিশাৰ বৰষুণৰ অন্তত চহৰখনত তেতিয়া একাজলি ৰদালী। নদীখনে কিন্তু সিদিনা ওফোন্দ পাতিছিল । অস্থিৰ , অশান্ত হৈ বৈছিল সোতবোৰ!

 

 :ঠিক আছে। 

 

 বৰ্ণম মান্তি হৈছিল একেআষাৰতে। কোনো প্ৰতিবাদ নাই , অভিমান নাই। 

  তাইৰ দিশে আগবঢ়াই দিছিল এটি চেণ্টাৰ ফ্ৰুইট। হাঁহি মাৰি তাই আঙুলিৰে  দুভাগ কৰা চেণ্টাৰ ফ্ৰুইটটো ভগাই খাইছিল দুয়োটাই। 

 

কিন্তু , তাৰ পাছত হথাৰ্তে নোহোৱা হল বৰ্ণম। 

এদিন , দুদিন , এসপ্তাহ , এমাহ।


নাই , সি পুণুৰাই টিউচনলৈ নাহিল কেতিয়াও। 

প্ৰতিদিনে সমীক্ষাই উভতি চাই এৰি অহা বাট, কাষত বিছাৰি ফুৰে বৰ্ণমৰ চাইকেল খনৰ মাত। 

ফোন কৰিলেও নাপায় , হেৰাই যায় সি কৰবাট। 


: ছাৰ , বৰ্ণম বৰুৱা নহা হ'ল কিয় ? 


এদিন টিউচনৰ শেষত অংকৰ ছাৰক সুধিলগৈ তাই।


: সমীক্ষা , সি যোৱা মাহতে টিউচন এৰিলে নহয়। 


কি.. 

এজাক তীব্ৰবেগী ধুমুহাই ক্ষণিকতে যেন তছনছ কৰি গল এটি হেপাঁহৰ বালিঘৰ। বৰ্ণমে টিউচন এৰি দিলে এনেকৈ, তাইক এবাৰো নজনোৱাকৈ। 


: কিয় ছাৰ ?


: May be স্কুললৈ দেৰি হৈ যায় তাৰ। 


ৱাহ , ইমানদিনে দেৰি হোৱা নাছিল বৰ্ণমৰ।

এতিয়া , হৰ্থাৎ !!


"তুমি যদি আকৌ বন্ধু হবলৈ সাজু নাছিলা , কৱও নোৱাৰিলা নে এবাৰো। "


সুতীব্ৰ অভিমান জাগিছিল সমীক্ষাৰ, যি অভিমান নৈখনৰ দৰে সুগভীৰ। 

তাই জানে বৰ্ণমেও সেই একে অভিমানতে এৰি থৈ গৈছে তাইক , নিৰবে , বিনা প্ৰতিবাদে।

সিযে মনৰ কথাবোৰ কৱলৈয়ে নাজানে খোলাখুলিকৈ। 

তাহানিও , আজিও !


                             *****

:অ মেম পেজ এখন দিয়কছোন।


: কিয় লাগে , তোমাৰ দেখোন এটা পৃষ্ঠাই লিখি শেষ হোৱা নাই ?


:নহয় মানে , কাষত পেজ এখন থাকিলে ভাল লাগে। লিখিবলৈ মন গৈ থাকে তেতিয়া। নিজকে চোকা যেনো লাগে। 


এজাক হাঁহিয়ে ঢৌ তুলি যায় পি জি 8 ৰ কোঠাটোত। 

সেই হাঁহিত প্ৰাণ পাই উঠে কোঠাৰ নিস্প্ৰাণ দেৱালবোৰেও।

ছে'ছনেল পৰীক্ষা বুলিলে আজিকালি আগৰ দৰে ভয় নালাগে কাৰোৰে‌। সকলোৱে উপভোগ কৰে সেই সময়। 

তাতে আশিষে এনেকৈ পেজ বিছৰাত নীৰা বাইদেৱে পেজ এখন নিদিও নোৱাৰিলে।

সি পেজখন বেঞ্চৰ কাষতে থৈ কলম কামুৰি বহি থাকিল। 

: অলপমান দেখাবা নেকি ?


তাৰ পাছৰ বেঞ্চতে বহি থকা সমীক্ষালৈ উভতি চাই আশিষে সুধিলে।


: চোৱা বাৰু! 


সমীক্ষাই বহীখন অলপ তাৰফালে কৰি কলে। গাটো অলপ ভাল পাইছে । তথাপিও অলপ জ্বৰ বাকী আছে এতিয়াও। 


বিশেষ কায়দাৰে নীৰা বাইদেউৰ দৃষ্টিত ধৰা নপৰাকৈ সি উত্তৰবোৰ চাই গৈছে এফালৰ পৰা। 


: তোমাক কিন্তু মই সেইখন বেঞ্চৰ পৰা উঠাই দিম এতিয়া আশিষ।

নীৰা বাইদেৱে চচমাযোৰ ঠিক কৰি কলে।


: তেনেকুৱা নকৰিব মেম , চাৱকছোন একোৱেই লিখা নাই মই। 

আশিষে বহীখন দাঙি দেখুৱালে। হয়তোবা এইটোৱেই শেষ পৰীক্ষা এনেদৰে হাঁহি ফুৰ্তিৰ মাজেৰে। 

সকলোৱে নম্বৰ গোটোৱাৰ কথা ভবাৰ সলনি ভাবিছে এই সময়খিনি জী লোৱাৰ কথা। 

বাইদেৱেও কিবা ভাবি বিশেষ একো নকলে আশিষক। 

জীৱনৰ খলা বমা অধ‍্যায়ত এয়া ৰূপালী সময়। 


                               ******


: হাতেলিখা আলোচনীৰ বাবে তোমালোক প্ৰত‍্যোকেই কিবা এটা লিখিবা আৰু অহা সোমবাৰৰ ভিতৰত দিবা। 


অফ পিৰিয়ডটোত RCC 107 নং কোঠা তথা  চতুৰ্থ  ষান্মাসিকৰ ক্লাছৰুমলৈ সোমাই জ‍্যোতিময়ে কলে। সমীক্ষা , জয়া আৰু ৰিয়ানহঁত বাহিৰতে ৰৈ থাকিল। তেনেতে সমীক্ষাই বেলকনিতে অমানিশাই আমন জীমনকৈ বহি থকা দেখিলে।


: অমানিশা...

প্ৰথমবাৰ মাতোতে একো উত্তৰেই নিদিলে তাই। 

ইমানেই ভাৱনাত বিভোৰ ! 


: অমানিশা , এইবাৰ সমীক্ষাই হেচুকি মতাত তাইৰ ভাবত যতি পৰিল। 


: সমীক্ষা বা...

মুৰ তুলি চালে অমানিশাই , চকুৰ তলত ছা পৰিছে তাইৰ , কিবা এটা দুৰ্বল যেন লাগিছে ছোৱালী জনী।


: ইমানকৈ কি ভাবি আছা ? 


সমীক্ষাই তাইৰ কাষতে বহি সুধিলে।


: তোমাৰ সতে কথা পাতিম বুলি ভাবিয়েই আছিলো। এক্সাম হৈ থকাৰ বাবেহে আমনি দিয়া নাই।


: কোৱাছোন , কি কথা ?


: বৰপাত্ৰ কুটীৰৰ ওছৰত বহিম বলা।


: ঠিক আছে ব'লা। 

দুয়োজনী উঠিল। 


" তোমালোকক মই ক্লাছতে লগ পাম হা। " 


জয়াহঁতৰ পৰা সেইখিনিতে বিদায় লৈ সমীক্ষা অমানিশাৰ সতে গৈ বৰপাত্ৰ কুটীৰৰ সন্মুখতে শিলিখাজোপাৰ ছাঁত বহিলগৈ। 


: এতিয়া কোৱাছোন..


: বা দেউতাৰ ব্লাড কেঞ্চাৰ হৈছে। ছেকেণ্ড ষ্টেজ!


: ইছ্...হয়নেকি ? এতিয়া কেনে আছে তেওঁ? 


সমীক্ষাই তাইৰ কান্ধত হাত থৈ সুধিলে।


: এতিয়া Stable আৰু। মাৰ্চতে চেন্নাই নিয়া হব।


: ইমান চিন্তা নকৰিবা , ভাল হব। 


: বা , মই সদায়ে সেই মানুহজনক ঘীণ কৰিছিলো। এতিয়া কিন্তু কিবা এটা বেয়া লাগিছে। হেৰুৱাই পেলাম বুলি ভয় হৈছে!


থোকাথুকি হৈছে অমানিশাৰ মাত। বেয়া লাগিছে দেউতাকক হেৰুৱাব বুলি। যিজন ব‍্যক্তিয়ে নৰকৰ দৰে অত‍্যাচাৰ কৰিলে তাইক , তেওঁৰ বাবেই উথলি আহিছে মৰম , ভালপোৱা। 


: বুজিছো অমানিশা, গান্ধীয়ান ফিল'ছফীত জানো কোৱা নাই ক্ষমাই মহান কৰে মানুহক , শক্তি দিয়ে। 

এসোপামান ঘৃণাৰ বব নোৱাৰা বোজা লৈ থকাতকৈ সেই ভাৰটো এৰি দিয়া। চাবাছোন কিমান পাতল লাগিব মনটো। 


: কেতিয়াবা ভাৱো তেওঁ বাৰু জীয়াই থাকিলে মোৰ মাৰিবলৈ এৰিব নে ! 

হুমুনিয়াহ এৰি অমানিশাই কলে।


: সময়ে মানুহক বহুত কথা শিকাই অমানিশা , কোনো মানুহ সদায় বেয়া বা ভাল হৈ নাথাকে। 

আজি বেয়া কোনোবা কালিলৈ ভালো হৈ যাব পাৰে।


: I hope so ! তেওঁৰ ব‍্যৱহাৰো অলপ চেঞ্জ হৈছে এইকেইদিন।

Btw , তোমালোকৰ ফেয়াৰৱেলত চাগৈ মই নাথাকিম। দেউতাৰ ট্ৰিটমেণ্টৰ বাবে যাব লাগিব। ভবিষ্যতৰ বাবে শুভকামনা জনালো বা। 


: বহুত ধন্যবাদ ভণ্টি। তুমিও ভালকৈ থাকিবা সদায়। দেউতাৰ যতন লবা। মনত ৰাখিবা মানুহে চিঙি ভাঙি শেষ কৰিলেও ফুলে কেতিয়াও সুবাস যাছিবলৈ পাহৰি নাযায়।


: জে বি কলেজে দিয়া Special Gift হয় তুমি মোৰ বাবে। বহুত প্ৰিয়। 


অমানিশাৰ প্ৰশংসা শুণি লাজতে ঈষৎ ৰঙা হল সমীক্ষাৰ দুগাল। 

জে বি কলেজ এৰি গলেও এই অমানিশা, গীতা অথবা নিহাৰীকাৰ দৰে অনুজসকলে হয়তো কিছুদিন মনত ৰাখিব তাইক। সিহঁতৰ জীৱন বলুকাৰ তাই ৰৈ যাব এটি ক্ষুদ্ৰ কণা হৈ। 


: ঠিক আছে, মই তেন্তে এতিয়া ক্লাছলৈ যাওঁ।


: ঠিক আছে বা। 


সমীক্ষাই অমানিশাক সেইখিনিতে এৰি পিজি বিল্ডিঙৰ দিশে বাট ললে। 

অমানিশাৰ ধৈৰ্য্য , আনক ক্ষমা কৰিব পৰা গুণে আপ্লুট কৰিছে তাইক। 

এপ্ৰিল মে মাহত " Forget me Not "(হাইড্ৰজেনীয়া) নামৰ এপাহ বৰ ধুনীয়া ফুল ফুলে। 

সেই ফুলপাহৰ বিশেষত্ব এয়ে যে মাটিৰ গুণাগুণ সাপেক্ষে সলনি হয় তাৰ পাহিবোৰৰ ৰং। কোনোখিনি মাটিত নীলা , কোনোখিনিত গুলপীয়া আৰু কৰবাট বগা। 

সমীক্ষাৰ বিশ্বাস প্ৰতিজন মানুহেই একোপাহ Forget me not ফুলৰ দৰে। যেতিয়া পৰিস্থিতি সলনি হয় মানুহৰ মাজৰ মানুহ জনো সলনি হয় ফুলজোপাৰ ৰঙৰ দৰেই। 

কালিলৈকে নিজ পিতৃক বেয়া পোৱা এজনী ছোৱালীৰ সুপ্ত পিতৃ প্ৰেম জাগিছে এতিয়া। দেউতাকেও হয়তোবা বুজি পাইছে কেনেবাকৈ কন‍্যাসন্তান পোৱাৰ সৌভাগ্য।

  

                       ********


: আজি মোৰ ৰুমত লাঞ্চৰ বাবে ইনভাইট কৰিলো তোক। 1 বজাৰ আগত পাই যাবিহি। লকেশ্বন পঠাই দিছো। 


সমীক্ষাই তিতা চুলিখিনি ৰ'দৰ ফালে দি বাৰণ্ডাত বহি ফোনৰ ডাটা কানেকশ্বনটো অন কৰিয়েই পালে মিত্ৰাৰ মেছেজ। বহু দিনৰ আগতেই মিত্ৰাই কৈছিল এদিন ৰুমলৈ মাতিব বুলি। আজি অৱশ্যে পঞ্চী আৰু পাৰ্থদা দুপৰীয়াৰ ভাত খোৱাকৈ অহাৰ কথা। 


: কি কৰো এতিয়া.. মিত্ৰাৰ তালৈ যাওঁ নে ঘৰতে থাকো মা ? 


পাকঘৰত কিবা এটা কৰি থকা মাকক তাই সুধিলে।


: তই যা , বাহঁতক ইনেও আকৌ পাবি ।


: ঠিক আছে তেনে। 


কথাটো নোহোৱাও নহয় , কলেজত নো বাকী আছেই বা কেইটা দিন ? 

এবাৰ জেবি ৰ পৰা বিদায় ললে মিত্ৰাহঁতক জানো আকৌ এইদৰে লগ পাব। 


তেনেতে গেটৰ ওছৰত হৰ্ণ বাজিল , পঞ্চী পাৰ্থ পাইছেহি। মিছি পাছফালৰ পৰা উধাতু খাই গৈ মৰমতে পঞ্চীৰ গাতে উঠিছেগৈ। 


আটাইকেইটাও ডাইনিং ৰুমৰ মাটিতে বহি চাহ পিঠা খালে। সিহঁত লগ হলে আড্ডাৰ অন্ত নাই , কথাৰ শেষেই নহয়। 


: সোণজনী তোৰ দেৰি হব আকৌ। মাকে ঘড়ীটোলৈ চাই তাইক কলে। 


: ক'ত যাবিনো তই ? পঞ্চীয়ে সুধিলে।


: Date আছে মোৰ। 


সমীক্ষাই ধেমালি কৰি কলে।  


: Date আৰু তোৰ ??


পঞ্চীয়ে হাঁহি ৰখাবই পৰা নাই সমীক্ষাৰ কথা শুণি। 

তাই কৃত্ৰিম খং দেখুৱাই ৰেডি হবলৈ ৰুমলৈ গ'ল।



     মিত্ৰাই সমীক্ষাৰ লগতে ভূগোল বিভাগৰ ছোৱালী দুজনী মানো মাতিছে। সমীক্ষাৰ বাবেই ৰৈ আছিল সকলো। তাই গৈ পোৱাৰ লগে লগেই ভাত বাঢ়িল মিত্ৰাই। 


: মাত্ৰ দুটা item হে বনাইছো দেই। ভাত আৰু মাংস।


মিত্ৰাই ভাত বাঢ়ি বাঢ়ি কলে।


: কিন্তু মিত্ৰা মই মাংস নাখাওঁ নহয়।


: ই হয়নেকি ? মই যে জনাই নাছিলো। একো পাছলিও নাই নহয়। ৰবি পতকৈ চাৰিআলিৰ পৰা আহোগৈ ! 

মিত্ৰাই ভাত বাঢ়িবলৈ এৰি কলে।


: নালাগে দেই। এটা কাম ক'ৰ। মাংসত আলু দিছ' নহয় । সেয়াই খাম মই। পানী অলপে ধুই দিলেই হব। 


সমীক্ষাৰ কথাত মিত্ৰাই বাতি এটাতে আলু কেইপিছমান ধুই তাইৰ ফালে দিলে , লগত আমৰ আচাৰ। 

ভাতখিনি সিদিনা সচাই বৰ সোৱাদলগা হৈছিল। 

হয়তোৱা কি খাইছো তাতকৈয়ো কেতিয়াবা জৰুৰী হৈ পৰে কোনোৱাই কিমান আন্তৰিকতাৰে ৰান্ধি দিছে সেই কথা। 

এটা মেছত কনমানি কোঠাত থাকি মিত্ৰাই সেইদিনা বৰ আদৰেৰে বনাইছিল ভাতসাজ , সেয়ে তাৰ টেষ্ট অতুলনীয় আৰু স্মৰণীয়। 


: হো ল'...

আহিবৰ সময়ত সমীক্ষাৰ হাতত টিফিন এটা তুলি দিলে মিত্ৰাই।


: কি?


: পিঠা কেইটামান দি পঠাইছো। ঘৰত খাবিগৈ।


সমীক্ষাই না নকৰাকৈ টিফিনটো হাত পাতি ললে।

ফাগুনী  বতাহত মিত্ৰাৰ মেছৰ সন্মুখত তেতিয়া কমোৱা তুলাৰ পয়োভৰ , আবেলিটো কোনো প্ৰিয় কবিতাৰ দৰে ধুনীয়া ।


                            *******


আগলৈ

✍️সংগীতা দেৱী


Comments