জেবিয়ান..🦋 ( খণ্ড - ৩৭)
: ৰবীন্দ্ৰনাথ ঠাকুৰে বিশ্বাস কৰিছিল যে মানুহ হল দৈৱৰ একোটা স্ফুলিংগ , অমৃতৰ সন্তান। তেওঁ কৈছিল , " man is earth's child but heaven's heir". ৰবীন্দ্ৰনাথ ঠাকুৰে ভাবিছিল যে মানুহৰ মাজত অনন্ত সম্ভাৱনাই বিৰাজ কৰে যিবোৰ ত্যাগ , আত্মসংযম আৰু অনুশীলনৰ মাধ্যমেৰে প্ৰকাশিত হয়। ঠাকুৰদেৱৰ প্ৰতিটো কামতে এক মানৱতাবাদী চেতনাৰ প্ৰবাহ দেখা যায়। জীৱনৰ প্ৰতি খুবেই আশাবাদী ৰবীন্দ্ৰনাথ ঠাকুৰে এনে এখন সমাজ আশা কৰিছিল, যত প্ৰতিজন মানুহে ইজনে সিজনৰ বাবে চিন্তা কৰিব আৰু সকলোৱে মিলি মহান মানৱতাৰ জয়গান গাব।
বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ মানৱতাবাদী দৰ্শনৰ চমু পৰিচয় আগবঢ়াই ক্লাছৰুমৰ পৰা ওলাই গল ৰঞ্জন ছাৰ।
সমীক্ষাহঁত একেঠাইতে বহি থাকিল , ভাবি থাকিল মহান মানৱতাৰ পৰিসৰৰ কথা।
শৰীৰৰ উৰ্দ্ধলৈ গৈ কিদৰে পাব পাৰি ঠাকুৰদেৱে কোৱাৰ দৰে নিজৰ মাজৰ অসীমতাৰ সন্ধান ?
: অই ফৰ্ম ফিল আপৰ নটিচ আহিল দেখিছ' নাই?
পাছৰ বেঞ্চৰ পৰা পম্পীয়ে আহি সমীক্ষাহঁতৰ বেঞ্চৰ ওছৰত ৰৈ কলে।
: কি ? তাৰমানে আমি যাব হল আৰু !
সুকন্যাই কপালত হাত দি কয়।
বাগৰ সলাওতেই নিদ্ৰাভংগ হোৱা মানুহৰ দৰে চক খাই যায় সমীক্ষাই। ফৰ্ম ফিল আপৰ নটিচখনে সোৱৰাই দিছে মাথো আঙুলি মুৰত গণিব পৰাকৈ বাকী ৰৈছে জে বি কলেজত সময়।
এই ক্লাছ বোৰ , বন্ধু বোৰ নোহোৱা হব কেইদিনমানৰ পাছতেই! আতৰি যাব ডে ৱান , ডে টু ৰ হিচাপ।
আৰু বৰ্ণম?
সময়ে যে তাকো আতৰাই নিব তাইৰ পৰা বহু দুৰলৈ।
একা-বেকা পথেৰে , কোৱা নোকোৱা কথাৰ বোজা এটি লৈ বৰ্ণমৰ পৰাও বিদায় লব লাগিব সমীক্ষাই পুণৰবাৰলৈ।
: কেতিয়ানো ফৰ্ম ফিল আপ ?
সমীক্ষাই সুধিলে এইবাৰ।
: Next Friday.
পম্পীয়ে ফোনত নটিচ খন চাই চাই কলে।
তেনেতে সমীক্ষাৰ কিবা এটা মনত পৰাত বেগৰ পৰা
মিত্ৰাৰ টিফিনটো উলিয়াই তাইৰ বেঞ্চখনৰ দিশে গ'ল।
: মিত্ৰা এইটো তোৰ টিফিন। পিঠাকেইটা বৰ ধুনীয়া দেই খাবলৈ।
: মই বনোৱা পিঠা আছিল সেইকেইটা।Thank you.
মিত্ৰাই টিফিনটো হাতত লৈ গধুৰ পাই আকৌ সুধিলে।
: কিবা আছে নেকি ভিতৰত ?
: উম , মায়ে লুচি ভাজি বনাই দি পঠাইছে।
সমীক্ষাৰ মাকে খালী টেমা বা টিফিন কেতিয়াও উভোতাই নিদিয়ে মানুহক। যেনেতেনে কিবা এটা হলেও ভৰায়েই দিয়ে।
: আমিও বহুত দিন ঘৰৰ খানা খোৱা নাই। আমাকো লুচি বনাই দিব কৱাছোন মাক।
পাছৰ বেঞ্চৰ পৰা জ্যোতিময় আৰু ৰিয়ানে কলে।
: হব দিয়া কম।
সমীক্ষাই সিহঁতলৈ চাই কলে।
: এতিয়া যিহেতু অফ্ পিজি 8 যাওঁ বলা। জ্যোতিময়ে পটকৈ বহাৰ পৰা উঠি কলে।
: কিয় ?
: হাতেলিখা আলোচনীৰ কাম আছে নহয়।
ৰিয়ানো উঠিল এইবাৰ।
: জয়া , পৰাগ আৰু দ্বীপ বলা।
ৰিয়ানে সিহঁতক মাতিলে।
পৰাগে আলোচনীখনত অংকন কৰিব আৰু দ্বীপে বেতেৰে সাজি উলিয়াব আলোচনীখনৰ কভাৰ।
: মোৰনো তাত কি কাম ? নাযাওঁ নেকি ?
সমীক্ষাই কওঁ নকওঁকৈ কলে।
: একো নাই বলাচোন , ৰাতুল দাৰ হাতৰ চাহ একাপকে খাবা এটলিষ্ট।
জ্যোতিময়ে জোৰ কৰাত বেগটো সামৰি সমীক্ষাও আগবাঢ়িল পি জি 8 ৰ দিশে।
ৰাতুল দাই সকলোকে ফিকা চাহ একোকাপ দি গ'ল।
সমীক্ষাই আৰ্টিকল বিলাক ওপৰাওপৰিকৈ অলপ পঢ়িলে।
: জুনিয়ৰ খিনিৰ টেলেণ্ট আছে কিন্তু। শব্দৰ ক্ষেত্ৰখনত দখলো আছে পুৰা।
তাই চাহৰ কাপটো এহাতে লৈ কাগজবোৰ চাই চাই কলে।
: উম , হয়।
জয়াই একান্তমনে কিবা এটা লিখি থকাৰ পৰা কলে।
: সমী , ইয়াৰ পাছত MA কৰিবা ন' তুমি ?
জ্যোতিময়ে সুধিলে।
: তাকে ভাবি আছো। কি হয় নাজানো।
: তুমিটো ছাগে দিল্লী , গুৱাহাটী সেইবোৰলৈহে যাৱা ?
: নাই দেই , জে বি তে পঢ়াৰ সপোন মোৰ।
সমীক্ষাই তলমুৰকৈ কলে। সচাকৈয়ো এই চহৰ আৰু এই কলেজ এৰি যাবলৈ তাইৰ মন ৰাজী নহয়।
মাকৰ কাষত থাকি আপোন কলেজখনতে পঢ়াৰ সিদ্ধান্ত কাহানিবাতে লৈ থৈছে সমীক্ষাই।
: ডিয়েৰ ক্ৰাছ্ , আমি বাৰু কেতিয়াবা লগ পামনে আকৌ ?
ৰিয়ানে হাঁহি মাৰি তাইৰ দিশে চাই সুধিলে।
: কিয় নাপাম বাৰু!
সমীক্ষায়ো হাঁহিলে। হাঁহিয়ে ধাকিব জানে দুখ।
কিবা এটা পুৰাতন বিষ উজাই আহিছে তাইৰ বুকুৱেদি।
" ডিয়েৰ লভ , তুমি বাৰু এবাৰ কবানে মনতে ৰখা কথাবোৰ খুলি। "
সমীক্ষাই দীৰ্ঘ শ্বাস এৰি ভাবিলে।
দৈহিক ভাবে জে বি কলেজ এৰিলেও তাইৰ যে মনৰ এফাল সদায়েই ঘুৰি ফুৰিব অতীত খুচৰি , বৰ্ণমক বিছাৰি।
******
দুহাতৰ কঠিন মুঠিৰ পৰা ক্ৰমশঃ সৰকি পৰে সময়..
জীৱন এটা সুদীৰ্ঘ যাত্ৰা , তাৰে এটা তিনিবছৰ যোৰা বাটৰ এইটো অন্তিম কেকুৰি।
যতেই চকু যায় তাতেইছোন তুমিয়েই!
বাইকষ্টেণ্ডত তুমি , অডিটৰিয়ামৰ আড্ডাবোৰত তুমি, আৰ চি চি বিল্ডিঙৰ কথাটো কৱই নালাগে। সেই ঠাইৰ বতাহজাকেও জানে তোমাৰ মোৰ কথা। জানে নোকোৱা কথাৰ ভৰত ভাঙিযাব খোজা দুটি বিহংগৰ ডেউকাৰ চটফটনিৰ কথা।
ক্লাছবোৰ কমিছে , সেৰেঙা হৈছে লৰা ছোৱালী বোৰৰ উপস্থিতি। সমীক্ষা , জ্যোতিময় হঁত বহি আছে পিজি ২ ত হাতে লিখা আলোচনীখনৰ সতে।
:দাদা বা , ফেয়াৰৱেলৰ ইনভাইটেশ্বন কাৰ্ড খনত চহী এটা কৰি দিয়া।
এজনী মৰমলগা ভণ্টীয়ে হাতেৰে সাজি উলিওৱা কাৰ্ড এখন সিহঁতৰ দিশে আগবঢ়াই কলে।
জ্যোতিময় , জয়াই চহী কৰাৰ পাছত সমীক্ষাই চহীটো কৰিবলৈ লওঁতে কিবাছোন হাতখন কপিছে তাইৰ। এই যেন দুচকুৰে সৰি পৰিব এটোপাল তপত অশ্ৰু।
: কালিলৈ ফৰ্ম ফিল আপ , মোৰ যে এডিমিশ্বন ৰিচিপ্টতোৱেই হেৰাল নহয়। অফিচৰ পৰা আহিব লাগিব। পাহৰিয়েই আছিলো।
জয়াই বেগটো হাতত লৈ কলে।
: আমিও যাম ৰবা। অলপ বস্ত কিনিব লাগিব পপুলাৰ ষ্টৰত।
জ্যোতিময় ৰিয়ানো উঠিল বহাৰ পৰা।
: সমী তুমি অকলে থাকিব পাৰিবা নাই ?
: ময়ো তেন্তে লাইব্ৰেৰীৰ পৰাই আহোগৈ। সমীক্ষায়ো বেগটো হাতত তুলি ললে।
ৰিয়ানে ৰুমটোৰ দুৱাৰখন জপাই দিয়াত সকলো একেলগে আগবাঢ়িল। লাইব্ৰেৰীৰ ওছৰতে সিহতৰ পৰা বিদায় লৈ সমীক্ষা সোমাই গল কিতাপৰ পৃথিৱীলৈ।
: নাই নাই , মই in middle of the semester তোমাক উপন্যাস ইছ্যু কৰিবলৈ নিদিওঁ দেই।
হাতত দুখন উপন্যাস লৈ লাইব্ৰেৰীয়ান বাইদেউৰ ওছৰলৈ যোৱা সমীক্ষাক মৰমেৰে ডবিয়াই বাইদেৱে কলে।
: বাইদেউ প্লীজ , এইয়াই ছাগৈ লাষ্ট ইছু মোৰ। না নকৰিব।
: হব বাৰু দিয়া।
তাইৰ হাতৰ পৰা উপন্যাস দুখন লৈ বাইদেৱে ইছ্যু কৰাই দিলে।
সমীক্ষাই সেই দুখন বেগত ভৰাই পি জি বিল্ডিঙৰ দিশে আগবাঢ়িল। দুৰৰ পৰাই কোঠাতোৰ দুৱাৰখন বন্ধ দেখি বগৰীৰ তলতে সমীক্ষা বহিল খন্তেক,
হাত সাবটি ভাৱ সাগৰত সোমাই থাকিল তাই।
এপাকত পাছলৈ চাই দেখিলে বৰ্ণমো নিৰৱে বহি আছে আনখন বেঞ্চত সিফালে মুৰ কৰি। হয়তোবা তাইক ধৰিব পৰা নাই।
:বৰ্ণম..
উভতি নোচোৱাকৈয়ে অস্ফুট স্বৰত মাতিলে সমীক্ষাই।
: হু..
সি শুণা পালে।
: ফৰ্মফিল আপ যে কালিলৈ জানানে ?
: জানো।
: কলেজ এৰিবৰ সময় হল।
: তাকেহে।
: তুমি বাৰু কেতিয়াবা মোৰ খবৰ লবানে পাছত ?
: নাজানো।
সি নাজানে , অন্তৰত কিবা এটা অনামী ঠেহ জাগিল তাইৰ। অন্ততঃ তাইৰ মনটো ৰাখিবলৈকে মিছাকৈয়োটো কৱ পাৰিলেহেঁতেন সি , দিব পাৰিলেহেঁতেন খবৰ লোৱাৰ প্ৰতিশ্ৰুতি।
: কেতিয়াবা যদি নাম্বাৰ চেঞ্চ কৰা ,মোক জনাবা।
বৰ্ণমে একো নকলে। কেইবা লহমাৰ নিৰৱতা পাৰ হৈ গল। দুখ দুয়োৰে লাগিছে, পৃথকে পৃথকে। সেয়া কোৱাৰ প্ৰয়োজন নাই।
মৌনতাৰ ভাষা সদায়েই ধ্ৰুপদী, শব্দতকৈ গভীৰ তাৰ মৰ্মাৰ্থ।
: তুমি নোহোৱা হৈ গৈছিলা হৰ্থাৎ বৰ্ণম!
: কেতিয়া ?
: তেতিয়া!
: জেদী আছিলো , সৰু আছিলো বহুত।
: ময়োটো সৰু আছিলো ন'... এবাৰ যদি তুমি মনত লৈ থকা কথাবোৰ কলাহেতেন। কোনোদিনে এটা ফোন নকৰিলা। খবৰ নললা এবাৰো।
: ফোনটো বেয়া হৈ গৈছিল। নাম্বাৰটো হেৰাই থাকিল তোমাৰ।
: আমাৰ ঘৰটো চিনি পাইছিলা নহয়।
: ধুৰ , ইমান বোকা ৰাষ্টা। কোন যায় সেইফালে!
খং অভিমান বোৰ মুঠিতে হেৰাল। বৰ্ণমৰ কথাষাৰে চুটিকৈ হাঁহি এটিহে যাচি গল সমীক্ষাক।
: এতিয়া সেইটো ৰাস্তা পকা হল।
: আৰু ভয়ো লাগে না! দেউতা আৰ্মি মানুহ। পিষ্টল উলিয়াই শ্বুট কৰি দিয়ে যদি।
বৰ্ণমে হাঁহি মাৰি তাইৰ ফালে চাই কলে।
চিৰিংকৈ বৰদৈচিলা পাৰ হৈ যায় বুকুৱেদি।
: ধেৎ !!
সমীক্ষাই দুহাতেৰে মুখ ঢাকি হাঁহিলে।
সময় , অলপটো দয়া কৰা।
কিয়নো ইমান লৰালৰিকৈ কাঢ়ি নিব খুজিছা এই সুখ।
আৰু বহু কথা আছে পাতিবলৈ , তন্ন তন্নকৈ জানিবলৈ আছে বৰ্ণমনামৰ নৈখনৰ গতিপথ , আছে তাৰ একা বেকা মনৰ বতৰা লবলৈ।
: এতিয়া মই যাওঁ ।
বৰ্ণম বহাৰ পৰা উঠিল।
ক্ষণভঙ্গুৰ হল খন্তেকীয়া সুখৰ..
নেদেখা হোৱালৈকে তাকেই চাই থাকিল তাই।
"কিছুমান স্বপ্ন থাকে মানুহৰ, যিবোৰ হয়তো মৃত্যুলৈকে বুকুৰ গভীৰত গোট মাৰি বৰফৰ দৰে বৈ যায়"
(ফনীন্দ্ৰকুমাৰ দেৱচৌধুৰী,
অনুৰাধাৰ দেশ)
******
জে বি কলেজৰ অন্তিমটো ফৰ্ম ফিল আপ। আগতে দিনৰ দিনটো ভোকে ভাগৰে লাইন পাতি ৰৈ থাকি বৰ আমনি পাইছিল সকলোৱে। কিন্তু এইটো ফৰ্ম ফিল আপৰ কথা বেলেগ।
আজি যে ভাল লাগিছে এডমিছন ৰিচিপ্ট জমা দিবলৈ কাউণ্টাৰৰ সন্মুখত পতা শাৰীবোৰৰ বিৰক্তিকৰ ঠেলা হেচাবোৰো।
" Say Hi , মই ভিডিঅ বনাইছো"
কোনোবাই শাৰীবোৰৰ পৰা ফোনৰ ভিডিঅ মূড অন কৰি ধৰি ৰাখিব বিছাৰে সময়।
অডিটৰিয়ামৰ সন্মুখত মৌন প্ৰতিবাদত বহিছে সকলো। কাৰো যে অলপো ইচ্ছা নাই এই সৰগখন এৰি যাবলৈ।
ৰোল নাম্বাৰ 44 ৰ সৈতে ইয়াতেই সম্বন্ধ শেষ সমীক্ষাৰ। চ'তমহীয়া ৰদজাক মুখত লৈ বহি থকা তাইৰ আজি মনে ফেকুৰিছে।
: হেল্ল' সমী !
কৌশিকে কাষতে বহি মাতিলে তাইক।
: হাই ! নিজৰেই মাতষাৰ বৰ নিস্তেজ যেন লাগিল সমীক্ষাৰ।
: কি হলনো , তেখেতৰ সৈতে মিটমাট হোৱায়ে নাই নেকি ?
কৌশিকে বৰ্ণমৰ প্ৰসংগতো টানি অনাত মুখৰ ভিতৰতে হাঁহিলে তাই , সিহতে ভবাৰ দৰে সৰল নহয় বৰ্ণম সমীক্ষাৰ ভালপোৱাৰ সমীকৰণ।
: তোমাৰ কোৱা।
: এয়া চোৱা , প্ৰেম হৈছে আৰু নতুনকৈ।
কৌশিকে ছোৱালী এজনীৰ ফটো দেখুৱালে। মৰমলগা , দীঘল চুলিতাৰিৰে সৈতে তাই লক্ষীদেৱীৰ দৰে ধুনীয়া।
: ইমান যে মৰমলগা ছোৱালী জনী। মই কোৱা নাছিলো তুমি বহুত ভালছোৱালী পাবা বুলি।
: তুমিটো এইষাৰো কৈছিলা নহয় , যে কিছুমান মানুহক জীৱনত কেতিয়াও ৰিপ্লেচ্ কৰিব নোৱাৰি।
কৌশিকে চেলাউৰি দাঙি তাইক কলে।
আচলতে কিছুমান মানুহ নহয় , জীৱনত কাকোৱেই ৰিপ্লেচ্ কৰিব নোৱাৰি। আমি মাথো মনটো ফুচুলাই লওঁ , বিছাৰি লওঁ পৰিপুৰক আৰু আজীৱন মনটোক পতিয়ন নিয়াই নিজেই ঠগো নিজকে।
: সুখী হোৱা দুয়ো।
কথা আগ নবঢ়াই তাই কলে।
: তুমিও ভালে থাকা। কৌশিকেও হাঁহিলে।
"মোৰ বন্ধ কোঠাৰ তুমি জ্বলি থকা মম ।
বাহিৰত জোনাকীৰ ঢিমিক ঢামাক
অস্পস্ট এন্ধাৰ আৰু এবুকু মৰম "
কৌশিকে ফুচফুচাই তাইৰ কাষত আবৃত্তি কৰিলে হেম বৰুৱাৰ কবিতাৰ পংক্তি।
এই পংক্তিটোযে সমীক্ষাৰ বুকুৰ আপোন , একান্তই
অনুৰক্ত তাই এই শাৰীকেইটাৰ।
: তুমি এই কবিতাটো ভালপোৱা বুলি জানো। কিন্তু সমীক্ষা , বন্ধ কোঠাটোৰ পৰা পাৰিলে উলাই আহা। মমডাল কোনোদিন নুমাই শেষ হলে বেয়াকৈ বাট হেৰুৱাবা তুমি। As a Friend কথাখিনি কলো। বেয়া নাপাবা।
: নাপাওঁ বেয়া।
হাঁহি এটি মাৰিলে তাই , বেৰঙী আৰু নিস্প্ৰভ।
: Anyway , 70s ৰ হেয়াৰ ষ্টাইলটো এৰিলা , বেছিকৈ ভাল লাগে খোলা চুলিৰে সৈতে।
: Thank you কৌশিক।
"সমীক্ষা তোমাৰ দেউতাক কবাছোন চাকৰি এটা দিব পাৰিব নেকি তেওঁৰ ইউনিটত ।"
কোনোদিনে বিশেষ ভালকৈ মাতি নোপোৱা কৰণে পটকৈ সেইখিনিলৈ আহি দিয়া প্ৰস্তাৱটোৱে ভিতৰলৈকে জোকাৰি গ'ল সমীক্ষাক।
: মোৰ দেউতা কোনো দালাল নহয়টো। যোগ্যতা থাকিলে তুমি নিজেই পাবা চাকৰি।
সমীক্ষাই মুৰ তুলি চাই কলে।
: ধেমালি কৰিছিলো। বেয়া পালা নেকি ?
:অ পালো।
চিধাকৈ উত্তৰ দিলে তাই। সহজে সমীক্ষাই কাকো বেয়াকৈ নকয়। কিন্তু সকলো কথাৰে সীমা থাকে , সীমা চেৰাই গলে সহ্য নহয় তাইৰ।
: Sorry Sorry .
সেমেনা সেমেনিকৈ কৰণ আতৰি গল সেইখিনিৰ পৰা।
:বাঃ তুমিও খং কৰিব জানা ?
কাষতে ৰৈ থকা কৌশিকে কলে।
: কিয় নাজানিম বাৰু!
তায়োতো এজনী সাধাৰণ মানুহ ।
খং , ৰাগ আদিৰ দৰে সহজাত আবেগ তাইৰো আছে আনৰ দৰেই।
: Roll no 44.
কাউণ্টাৰত ফৰ্ম আনিবৰ বাবে সমীক্ষাৰ নামটো মাতিলে তেতিয়াই। কৌশিকৰ পৰা বিদায় লৈ ভিৰ ঠেলি ফৰ্মখন আনি তাই অডিটৰিয়ামলৈ সোমাই গল।
প্ৰতিটো ডিটেইল ফিল আপ কৰাৰ পাছত ৰিলিজনৰ অপশ্বনটোত ৰৈ গল সমীক্ষা।
মেজৰৰ ক্লাছত ৰঞ্জন ছাৰে আগবঢ়োৱা মানৱতাবাদৰ ব্যাখ্যাবোৰলৈ মনত পৰিল তাইৰ।
ৰবীন্দ্ৰনাথ ঠাকুৰেযে কৈছিল মানৱ সেৱাৰ দ্বাৰা ঈশ্বৰ সেৱাৰ বাট মুকলি হয় বুলি !! ঈশ্বৰ বিৰাজমান মানুহৰ মাজতে।
কিবা ভাবি তাই ধৰ্মৰ অপশ্বনটোত হিন্দুৰ পৰিবৰ্তে "মানৱতা" বুলি লিখিলে।
মানুহৰ ধৰ্ম মানৱতাই হব লাগে। ৰবীন্দ্ৰনাথ ঠাকুৰে কোৱাৰ দৰে মানৱ ধৰ্মই মানৱ বুদ্ধিক দীপ্ত কৰে , জ্ঞানক অনুপ্ৰাণিত কৰে , প্ৰেমক উজ্বীৱিত কৰে।
দৰ্শন এতিয়া তাইৰ বাবে মাথো মেজৰ বিষয় হৈ থকা নাই। দৰ্শন এতিয়া সমীক্ষাৰ পথপ্ৰদৰ্শক।
মনতো কিবা এটা মুকলি লাগিল তাইৰ। ব্যক্তিকেন্দ্ৰীকতাৰ উৰ্দ্ধলৈ এয়া যে তাইৰ প্ৰথম খোজ।
" সমীক্ষা , সোমবাৰে আমাৰ লাষ্ট ক্লাছ , আহিবা দেই।"
ফৰ্ম ফিল আপৰ শেষত বৰপাত্ৰ কুটীৰৰ ওছৰ পাওৱে কোনোবাই ৰিঙিয়াই কৈ যায়।
এটি পলৰ বাবে সমীক্ষা সেইখিনিতে ৰৈ যায়।
যাওঁ বুলিয়েই গুচি পাৰে মাথো শৰীৰ , দুভৰিৰ জোৰত।
মনবোৰ থৈ যায় মানুহে।
শেষৰ শেষত ৰৈ যায় বহু হুমুনিয়াহ।
ঘৰ পোৱাৰ পাছতো বাৰণ্ডাখনতে বেছিজিল কথা এসোপা ভাবি বহি থাকে সমীক্ষা। টাবত থকা বগেনভেলিয়াজোপাত দুই এপাহ গুলাপী ৰঙী ফুল ওলাইছে। মিছিয়ে আহি কাণমুৰ পেলাই কুচিমুচি বহি আছে তাইৰ ঠিক কাষতে।
: সোণজনী চাহ ।
মাকে কাষতে বহি কাপটো আগবঢ়াই তাইক কলে।
: সোমবাৰে আমাৰ লাষ্ট ক্লাছ মা।
: চাচোন সৌ সিদিনা গৈছিলিহে কলেজ!
সচাই সৌ সিদিনাৰ কথা..
ভয় শংকাৰে জেবি কলেজত প্ৰথম খোজ দিছিল তাই , স্মৃতিৰ একোণত আজিও সজীৱ সেই সময়।
এই যেন কালিহে গৈছিল।
: কলেজীয়া দিনবোৰৰ কথা কৰবাত লিখি থবি।
মাকে চাহৰ কাপটো মুখত লৈ কলে।
: লিখিম মা।
সচাই , কেতিয়াবা জে বি কলেজৰ দিনবোৰৰ কথা কৰবাত নহয় কৰবাত লিখিব সমীক্ষাই।
জেবি কলেজ জ্ঞান বৃক্ষ.. হাজাৰজন পথিকৰ পথকৃত।
কলেজখনে দিয়া মৰমবোৰৰ কথা , তাত লগপোৱা ভাল ভাল মানুহবোৰৰ কথা, সকলো লিখিব সমীক্ষাই। বেয়াবোৰ পৰাপক্ষত এৰাই চলিব। তাই যেতিয়া কলেজখনৰ কথা লিখিব , এইদৰে লিখিব যাতে সকলোৰে এবাৰ হলেও কলেজখনলৈ অহাৰ হাবিয়াস জাগে।
যাতে জেবি কলেজে ৰিঙিয়াই মাতে সবকে!
ভালকৈ শব্দবোৰ সজাব নাজানে তাই , যদিও লিখিব।
******
আগলৈ
✍️সংগীতা দেৱী, যোৰহাট
(জে বি কলেজৰ লগতে সমীক্ষাই আপোনালোকৰ পৰাও বিদায় লবলৈ সাজু হৈছে দেই এখোজ দুখোজকৈ!)
Comments
Post a Comment