জেবিয়ান..🦋 ( খণ্ড - ৩৮)
"আজি..
আঁৰ চকুৰে শেষবাৰলৈ চাম তোমাক।
শেষবাৰলৈ কেইখন মান বেঞ্চৰ আগত বহিম তোমাৰ পৰা।
শেষবাৰলৈ একেজাক বতাহতে উশাষ লম দুয়োৱে।
হৃদয় চহৰত ঋতুবোৰ সঘন সাল সলনি হব আজি।
আজি শেষ ক্লাছ
আজি শেষ দিন !! ~ ৯এপ্ৰিল , ২০১৮ "
ডায়েৰীখনত বাক্যকেইশাৰী লিখি ক্ষণিকৰ বাবে খিৰিকীৰে বাহিৰলৈ চালে সমীক্ষাই। প্ৰকৃতিৰ আমোঘ নিয়মানুসৰি এয়া ঋতু বসন্তৰ আগমন।
গছৰ ডালত বহি কুলি , কেতেকীয়ে আদৰিছে চেনেহৰ বহাগক।
তৰাং নৈখনে পাইছে ন-পানী আৰু সোত, বিৰিখে পিন্ধিছে ন- কুহিপাতৰ সাজ । বসন্ত ভৰযৌৱনা।
চৌপাশে নতুনক আদৰাৰ উলাহ..
এই সকলোবোৰৰ মাজত আজি একাংশ জেবিয়ানৰ মন প্ৰাণ নিস্প্ৰাণ , নিস্তেজ।
ৰঙালীতো যেন নাই কোনো ৰং ,
ফুলৰ জাক জমকতা অথবা বাসন্তী মায়ায়ে চুব পৰা নাই সিহঁতক।
সময়ৰ ইংগিত পাই টেবুলৰ পৰা উঠি ইউনিফৰ্মযোৰ আলফুলে পিন্ধি ললে তাই , চুলিখিনি মুক্ত হৈয়ে থাকক।
কোনো বিদায়েই সহজ নহয় জীৱনত। যিকোনো পৰিসমাপ্তিয়েই এৰি যায় একোটা সাঁচ।
কিন্তু হালধীয়াৰ মোহত বন্দী হলেযে বিৰিখে হেৰুৱাই পেলাব ন- সেউজে যচা সোপান!!
পুৱাতো ৰৌদ্ৰোজ্বল , জেবি কলেজত ২০১৫- ২০১৮ বেটচ্ ৰ আনুষ্ঠানিক ভাৱে শেষ দিন।
আজি জে বি কলেজৰ প্ৰথম দিনটোলৈ বৰকৈ মনত পৰিছে সমীক্ষাৰ। কলেজ গেটখন অতিক্ৰম কৰোতে হিয়াখন যে দুৰু দুৰুকৈ প্ৰকম্পিত হৈছে পুণৰ এবাৰ। প্ৰথম দিনা সম্পূৰ্ণ অচিনাকি এই কেম্পাচটোৰ আজি যে প্ৰতিটো কোণেই ভৰি আছে এগালমান চিনাকি , আপোন মানুহেৰে।
বৰঠাকুৰ দাৰ পৰা লাইব্ৰেৰীৰ বাইদেউ অথবা ৰাতুল দালৈকে।
কৌশিকৰ পৰা ৰিয়ান , জ্যোতিময় , ৰিতিষ্ণা , সুকন্যা, পম্পী, ঋষি , আশিষ , সাধনালৈকে গণি শেষ কৰিব নোৱাৰা এসোপামান বন্ধু , জুখি অন্ত নোহোৱা আন্তৰিকতা।
ছাৰ , বাইদেউ বা অনুজ সকল।
কেণ্টিনৰ একাপ চাহৰ সৈতে আড্ডাবোৰ , বৰ্তমান চিনচাব নথকা লাইব্ৰেৰীৰ কাষৰ বিভাগীয় কোঠাতো।
কিমান যে স্মৃতি থৈ যোৱা হব জেবি কলেজৰ বুকুত ,
কিমান আন্তৰিকতা লৈ যোৱা জে বি কলেজৰ প্ৰতিটো চুক কোণৰ পৰা ।
আৰু সেই যে ধনশিৰিৰ দৰে একা বেকা এজন মানুহ , বৰ্ণম!!
এয়াইটো ছাগৈ শেষ দেখা হব তেওঁৰ সতেও।
পিজি বিল্ডিঙৰ দিশে আগবাঢ়িল তাইৰ খোজ, মনটোত কিবা খেলিমেলি , নানা যাযাবৰ ভাবৰ বুৰবুৰণি !
" Good Bye JB College "
পিজি 17 ৰ বৰ্ডখনত চকমাটিৰে লিখি থৈছে কোনোৱাই।
উন্মুক্ত কেষেৰে ক্লাছৰুমটোলৈ সোমাই যাওতে সমীক্ষাৰ হিয়াত উঠিছে মহাতৰংগ।
"বৰ্ণম আহিব নাই আজি কলেজ ?"
একেষাৰ কথায়েই প্ৰশ্নবোধক হৈ পাকঘূৰণি খাই আছে মনোজগতত। আজি সকলোৱে হাঁহি মাতি কথা পাতিছে , ফটো মাৰিছে , হেপাহৰ আলিংগনেৰে যাচিছে উমাল বিদায়। কিন্তু যিমান লুকুৱাই ৰাখিলেও সকলোৰে হিয়াত এসোপা শূণ্যতা।
"সমী , স্মাইল"
তাইৰ কাষলৈ ফোনৰ ছেল্ফি মুড অন কৰি অহা জ্যোতিময়ে কলে।
: কবিতাৰ কিবা খবৰ ?
ফটো মাৰি হোৱাৰ পাছত তাই সুধিলে।
: সম্ভৱ নহয় আমাৰ মাজত একো , কেৱল ভালপোৱাই enough নহয় কেতিয়াবা।
সমীক্ষাই হাহিঁলে মৃদুকৈ , জ্যোতিময়েও হাঁহিলে।
আৰু একো সুধাৰ প্ৰয়োজন নাই। দুই পক্ষৰ মাজত প্ৰেম থাকিলেও সম্বন্ধ ধৰি ৰখা সম্ভৱ নহয় প্ৰায়ে।
বহু বাধা থাকে , থাকে সমাজে বান্ধি দিয়া এখন প্ৰাচীৰ। অদৃশ্য যদিও দুৰ্ভেদ্য।
কিছুমান মানুহ হৃদয়ত ৰাখিবলৈ সহজ , জীৱনত ৰাখিবলৈহে টান।
: কিবা এটা লিখা আৰু চাৰ্টত।
বিষয় সলাই জ্যোতিময়ে পেন এটা আগবঢ়াই কলে।
সমীক্ষাই লিখিলে আজীৱন বন্ধুত্বৰ প্ৰতিশ্ৰুতি।
: মোৰ দুপাট্টাখনটো কিবা এটা লিখ তহতি!
পম্পীয়ে আহি কলেহি দুয়োকে।
সিহঁতৰ তগৰৰঙী দুপাট্টাখন বা ছাৰ্টত নীলা চিঞাহিৰ দাগৰ আদান প্ৰদান হল । মৰমসনা কিছু সোৱৰণী , আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি।
: তোমাক যদি কোনোবাই প্ৰব্লেম দিয়ে মোক কবা।
প্ৰণৱে সমীক্ষাৰ দুপাট্টাৰ আগত কিবা এটা লিখি থকাৰ মাজতে কলে।
: কম দিয়া।
তাই মুৰ জোকাৰি সন্মতি জনালে।
হাতৰ কলম কাঢ়ি তাইৰ দুপাট্টাখনত বহুতে লিখি গল বহু কথা।
তাত আছে শুভকামনা , নানা কথাৰ ৰোমন্থন !
এতিয়াৰ পৰা এইখন কোনো সাধাৰণ দুপাট্টা হৈ থকা নাই কাৰোৰে বাবে। এইয়া এখন জীয়া চিঠি , হীৰাতকৈয়ো মুল্যৱান এক সম্পদ।
সকলো ব্যস্ত ফটো তোলাত , ব্যস্ত কলমেৰে দুপাট্টাত স্মৃতি অকাত।
সমীক্ষাৰ দৃষ্টি কিন্তু এইবোৰৰ মাজটো শ্ৰেণীকোঠাৰ প্ৰৱেশ পথতে আবদ্ধ।
ঋষি আৰু পিংকু আহিছে , বৰ্ণম ক'ত ?
ঠিক তেনেকুৱাতে পিজি 17 লৈ সোমাই আহিল সি।
চহৰখনৰ লগতে সমীক্ষাৰ হৃদয়ৰ দুৱাৰদলিটো ঋতুৰাজ বসন্তৰ টোকৰ।
উদুলি মুদুলি হৈ পৰে মনৰ বৰঘৰ।
তাৰ ছাৰ্টটো লৰা ছোৱালী বোৰে লিখিছে কিবাকিবি। বিশেষকৈ ছোৱালীবোৰে লিখা দেখি জ্বলি পুৰি নিঃশেষ হৈছে সমীক্ষাৰ পৃথিৱীখন।
জুই অবিহনে যে জ্বলিব পাৰে কেৱল মানুহহে !
কিছুমান মানুহ বৰ বিশেষ হয় জীৱনত , যাক আনৰ সতে সহিব নোৱাৰি কিঞ্চিতমানো।
বহু কথাই মন যায় কেতিয়াবা।
তাই যেন এতিয়াই মাতিব বৰ্ণমক!
যেন এতিয়াই ভেটা বান্ধি বাধা দিব এখন নদীৰ অৱধাৰিত প্ৰবাহ।
: বৰ্ণম...
হেৰুৱাৰ ভয়ে সাহস যাচে মানুহক। সদায়েই সকলোৰে আগত অচিন কাৰোবাৰ দৰে ব্যৱহাৰ কৰা বৰ্ণমক মুখ খুলি মাতিলে তাই। বৰ্ণমৰ চাৰ্টত কিবা এটা লিখি থকা দৰদী আতৰি দিলে।
: মোক লিখিবলৈ দিবানে তোমাৰ চাৰ্টত ?
দুখোজ আগুৱাই বৰ্ণমৰ কাষ পাই সমীক্ষাই কলে।
খেয়ালী মনৰ লৰা সি , যদি সকলোৰে আগতে প্ৰত্যাখ্যান কৰে তাইৰ প্ৰস্তাৱ। সেই শংকাতে ঢিপ্ ঢিপ্ কৰিছে তাইৰ হিয়া। বৰ্ণম পিছে ৰৈ থাকিল মৃন্ময় মুৰ্তিৰ দৰে..
: লিখা।
সি তাৰ কলমটো আগবঢ়াই কলে। হাতখন কেচা পাতৰ দৰে কপিল.. ঠিক কেইবাবছৰৰ পাছত আৰ চি চি 303 নং কোঠাত বৰ্ণমক দেখাৰ নিছিনাকৈ।
কি লিখিব তাই ?
কি কৱ ?
কি সুধিব?
" কুশলে থাকিবা তুমি। চাৰিআলিৰ আড্ডা, অথবা চিগাৰেটৰ ধোৱাৰ মাজত ধূসৰ হৈ যাবলৈ নিদিবা তোমাৰ সম্ভাৱনা বোৰ।"
বৰ্ণমৰ চাৰ্টৰ বাওঁফালে তাইৰ হাতৰ আদৰুৱা পৰশ।
ঠিক তাৰ কাষতে মুকুতা মণিৰ দৰে জিলিকি আছে আন কাৰোবাৰ দুটি শব্দ.." বিয়ালৈ মাতিবা"।
লিখি শেষ কৰি তাই বৰ্ণমলৈ মুৰ তুলি চালে । আনফালে চাই আছে সি।
তাৰ সেই সজল দুচকুৰ বাটেৰে স্বৰ্গ ঢুকি পায় সমীক্ষাই।
: লোৱা। সমীক্ষাই কলমটো উভোতাই দি কলে। বৰ্ণম সেইখিনিৰ পৰা যাবলৈ খোজ ললে।
: ৰ'ৱা বৰ্ণম , মোৰ দুপাট্টাখনটো কিবা এটা লিখা!
: দিয়া
ৰৈ গল সি , হাত আগবঢ়াই বিছাৰিলে তাইৰ দুপাট্টাৰ আগটো।
সমীক্ষাই আগবঢ়াই দিলে।
: কিন্তু , ইয়াত যে ঠায়েই নাই।
দুপাট্টাখন ঘুৰাই পকাই চাই সি কলে। সমীক্ষাৰো চকু গল সেইফালে।
ছেহ.. সচাকৈয়ে দুপাট্টাখনৰ এটা কোণো বাকী নাই। সকলোতে নীলা ৰঙৰ শব্দৰ ফুল।
: একো নাই , ইয়াতে লিখি দিওঁ।
এয়া , জীৱনত প্ৰথম আৰু শেষবাৰলৈ সমীক্ষাৰ হাতখন চুলে বৰ্ণমে।
অত্যন্তঃ নিকলুষ এই স্পৰ্শ!
মানা কৰাৰ সময় অথবা শক্তি তাইৰ নহল।
বৰ্ণমে তাইৰ সোহাঁতখনৰ তলুৱাত একান্তমনে লিখিছে কিবা এটা।
এসোতা বিদ্যুৎ পাৰ হৈ যায় বুকুৱেদি। ফুলৰ পৰাগ বিছাৰি উৰি ফুৰা পখিলাবোৰে যেন বাট ভুল কৰি বাৰে বাৰে আশ্ৰয় লৈছেহি তাইৰ চনকা হিয়াত।
উশাষৰ উঠা নমাত এনে শিষৰ অনুভৱ হোৱা নাছিল পুৰ্ৱে কেতিয়াও।
বিভাগীয় অন্যান্য ছাত্ৰ ছাত্ৰী সকলেও চাই আছে দুয়োৰে দিশে।
: হ'ল।
বৰ্ণমে তাইৰ হাতখন এৰি কলে।
যেন খহি পৰিল অতপৰে তাইক নিৰাপত্তা দিয়া এখন চালি। সমীক্ষাই হাতখনলৈ চালে।
" ভালকৈ থাকিবা শৰ্মিলা ! Love You."
উফ..অতদিনে তাইক অৱহেলা কৰি লগ পালেই কাজিয়া কৰা বৰ্ণমৰ এয়া কি ৰূপ !!
শৰ্মিলা নামেৰে কতনা দিনৰ পাছত আখৰেৰে সম্বোধন কৰিছে সি।
তহানিৰ পৰা এবাৰো নোকোৱা কথাষাৰ , আজি কিয় কলে সি ?
এইদৰে , শেষৰ শেষত !
: বৰ্ণম..?
: Shhh... একো নকবা। এয়া কোনো প্ৰ'প'জেল নহয়। Just a confession. তোমাৰ উত্তৰ মোক নালাগে।
: কিয়?
: মুড নাই শুণিবলৈ।
হাঁহিলে সি , কিবা বেজাৰৰ মাজতো হাঁহিলে তাই।
" মুড নাই.."
মুখৰ ভিতৰতে সিয়াৰিলে তাক। তেতিয়ালৈকে ক্লাছ ৰুমটোৰ পৰা ওলাই গৈছিল সি। অলপো নোৰোৱাকৈ, উভতি নোচোৱাকৈ।
সমীক্ষাক এসোপামান সাথৰ আৰু প্ৰশ্নৰ সতে এৰি থৈ।
হাতৰ তলুৱাত বৰ্ণমে লিখা বাক্যকেইটা পুণঃ পুণঃ পঢ়িছে সমীক্ষাই। সি তাইক ভালে থাকিবলৈ কৈছে।
কিমান ভালে থাকিলে ভালপাবা তুমি বৰ্ণম ?
কিমান হাঁহিলে ভাবি লব পাৰিবা তুমি বিছৰাৰ দৰে ভালকৈ আছো বুলি ?
পাৰিম নে মই সিমান ভালকৈ থাকিব , তুমি অবিহনে!
: মোৰ চাৰ্টতো লিখা হে কিবা এটা।
পিকুৱে কলে।
" ভালকৈ থাকিবা। সুখী হোৱা "
সমীক্ষাই তাৰ চাৰ্টত লিখিলে।
: Thank you দেই। আজি পিছে তোমাক বিশেষ কথা এটা কম। গালি নাপাৰো বুলি প্ৰমিজ কৰিলে।
: কোৱাছোন , কিয়নো গালি পাৰিম বাৰু।
: থাৰ্ড ছেমত থাকোতে তুমি বৰ্ণমক দিবলৈ কপি এখন দিছিলা , But সেইখন দিয়া নহল জানা।
তালৈ মুৰ তুলি চালে সমীক্ষাই। অতদিনে বৰ্ণমে এবাৰো বহীখনৰ কথা নোকোৱাত অনামী খং এটা উঠি আছিল তাইৰ , আৰু আজি গম পাইছে সি বহীখন পোৱাৱেই নাছিল। কিবা বিজুলি এটাই কপাই যায় তাইৰ সৰ্বশৰীৰ।
: কিয় ?
: বয়জ কমনৰুমত সেই কপিখন হেৰাল ভুলতে। জানাই ন কিমান irresponsible মানুহ মই।
: হুম !
পিকুক গালি নপৰাৰ প্ৰতিশ্ৰুতি দি থৈছে। সেয়ে একো নকৈ আতৰি আহিল তাৰ কাষৰ পৰা।
" আজি যদি কথা পতা নহয় আজীৱন পতায়েই নহব।"
কথাষাৰ ভাবি ভাবি চৌদিশে বৰ্ণমক বিছাৰি ফুৰে সমীক্ষাই।
: এয়া চা , তই বৰ্ণমৰ চাৰ্টত লিখা মমেণ্টটোৰ ফটো মাৰি থৈছিলো মই। তাৰ মুখখন নোলাল। কিন্তু সি কেনেকৈ আছিল জান' ?
ৰিতিষ্ণাই ফোনত ফটো এখন দেখুৱাই তেনেতে কয়হি।
: কেনেকৈ ?
: এতিয়াই যেন উশাহটো বন্ধ হৈ যাব তাৰ। থৰথৰকৈ কপিছিল হেৰ' বেছেৰাটো !!!
চিৰিংকৈ গুচি যায় এটি বিজুলী , হিয়া চেদেলি ভেদেলি কৰি।
শিৱানী বাইদেৱে ৰেজিষ্টাৰ বহী অবিহনেই আহিল আজি ক্লাছৰুমলৈ।
: তেন্তে যাবাগৈ তোমালোক !
বাইদেৱে টেবুলখনৰ ওছৰত ঠিয় হৈ কলে।
সেই এশাৰী কথাই চকুৰ দুকোণ সেমেকালে সিহঁতৰ। বৈ আহিল ইমানসময়ে ধৰি ৰখা লুনীয়া নদীখন !
আজি পিছে বাইদেউৰো দুচকু সিক্ত ! একো নপঢ়োৱাকৈ ইনেই দুই এষাৰ কথা পাতিলে সকলোৰে মৰমৰ বাইদেউ গৰাকীয়ে। সমীক্ষাৰ কাষতে বহা ৰিতিষ্ণাই মুঠি মাৰি ধৰিছে তাইৰ হাতখন।
কালিলৈৰ পৰা যে নাথাকিব একেলগে বেঞ্চত বহি কৰা ক্লাছবোৰ , হাতত ধৰা ধৰিকৈ কমন ৰুম বা কেণ্টিনলৈ যোৱাবোৰ !
" তোমালোক সকলোৰে ভাল হওক। শুভকামনা আৰু আশিষ যাচিলো মোৰ তৰফৰ পৰা।"
কথাষাৰ কৈ বাইদেউ ওলাই গল।
তেওঁৰ পাছে পাছে সম্পূৰ্ণ কলেজখন এবাৰলৈ ফুৰাৰ মানসেৰে এটি সমদলৰ দৰে ওলাই গল সিহঁতবোৰো।
প্ৰথমে অডিটৰিয়ামৰ মাজেৰে পাৰ হৈ গল আৰ চি চি বিল্ডিঙলৈ। দুই মহলা পাৰ হৈ সকলো ঢাপলি মেলিলে 303 নং কোঠালৈ। সেই কোঠাতো সকলোৰে বাবে বিশেষ। সকলোৰে সৰ্বপ্ৰথম চাক্ষুষ চিনাকি ইয়াতেই হৈছিল। এহাতেৰে সমীক্ষায়ো চুই চালে কোঠাতোৰ শুভ্ৰ দেৱাল আৰু মটীয়া বেঞ্চবোৰ।
ইয়াৰ প্ৰতিটো কোণতে আছে এটি পুৰাতন কবিতা..
অৰ্দ্ধলিখিত , বাংময়!
কনফেশ্বন ৱালখন নোহোৱা হোৱা বহুদিন হ'ল।
অনুজ সকলে চাগৈ বোবা কথাবোৰ কবলৈ বিছাৰি লৈছে অন্য পন্থা।
: ইটচ্ ত কিবা এটা খাম দেই।
পম্পীৰ মাতত সমীক্ষাৰ মনৰ নিদ্ৰা ভাগিল।
:এইজনীৰ অকল খোৱাৰ চিন্তা।
সুকন্যাই পম্পীক খুচি কলে।
:আজি ইটচৰ সলনি কলেজ কেণ্টিনত খাওঁ নহলে।
:ব'ল তেনে।
সমীক্ষাৰ প্ৰস্তাৱটোত সন্মতি জনাই এইবাৰ সকলো আগবাঢ়িল বীৰেণ দাৰ কেণ্টিনলৈ।
কাউণ্টাৰৰ পৰা লুচী তৰকাৰী লৈ সিহঁত টেবুলত বহিলহি। দেবদাৰুৰ পাতবোৰে বিৰতিবিহীন ভাবে দুলি আছে বহাগী বা পাই।
দুপাট্টাখন লুটিয়াই মেলি সমীক্ষাই পঢ়ি চাইছে সকলোৱে লিখা কথাবোৰ।
কোনোবাই লিখিছে "সৰল মনৰ ছোৱালী" বুলি।
ৰিয়ান নে কোনে জানো লিখিছে..
" ৰঙা শাৰীখনে সপোন কঢ়িয়াই" বুলি।
তাৰ কাষতে ঋষিয়ে লিখিছে,
" আমাৰ ডিপাৰ্টমেণ্টৰ অকৰা আজলী ছোৱালীজনী" আৰু আন কোনোবাই লিখি দিছে "মিনি হাৰ্ট এটেক"।
অলপমান শব্দতে বহুতো কথা।
আকৌ হাতৰ তলুৱাত এতিয়াও পৰিভ্ৰমণ কৰি আছে এটি উমাল পখিলাই।
লুচী খাই শেষ হোৱাত পুণুৰাই সিহঁতে খোজ ললে
পি জি ১৭ লৈ।
"কালিলৈ আহিবা দেই বা।"
ফেয়াৰৱেলৰ আয়োজনত ব্যস্ত গীতা নিহাৰীকাই বগৰী তলতে লগ পাই কলে।
: নিশ্চয় আহিম।
সমীক্ষাহঁতৰ বাবেই ইমান আয়োজন জুনিয়ৰ সকলৰ। আহিবটো লাগিবই।
ছাৰ বাইদেউ সকলে লাষ্ট দে বুলি মিঠাইৰ যোগাৰ কৰিছে সকলোলৈকে। জয়াই বিভাগীয় কোঠাৰ সমুখতে ৰৈ এফালৰ পৰা দি গৈছে সকলোকে।
মিঠাইটো মুখত ভৰাই চোবাই চোবাই তাই ক্লাছ ৰুম পালেগৈ। দুপৰীয়াটো গতি কৰিছে আবেলিলৈ।
প্ৰিয় কবিতাটোৰ অন্তিম পংক্তিত উপনীত হৈছে।
:তোমাৰ পেন এইটো..
বৰ্ণমে তাইৰ মাৰ্কাৰ কলমটো আগবঢ়াই দিলে।তাৰ চাৰ্টত সমীক্ষাই লিখা কথাকেইটাৰ চৌপাশে কোনোবাই আকি দিছে এটা হাৰ্ট শ্বেপ।সেয়া দেখি ৰক্তবৰ্ণী হল সমীক্ষাৰ দুগাল।
কলমটো তাই হাতপাতি ললে। ইমানবোৰ বন্ধুৰ মাজত সি থৈ দিছে তাইৰ কলম , কিবা ভাললাগি যায় সেই কথা।
: অলপটো কথা পাতা মোৰ সতে , কিবা এটা কোৱা।
সেপ ঢুকি সমীক্ষাই কলে , এই সুযোগ দুনাই নাহে জীৱনত!
: কি পাতিবা ?
:যি টি..
: ইয়াত ?
: নহয় , অডিত ?
: ঠিক আছে।
বৰ্ণম ক্লাছৰুমৰ পৰা ওলাই আহিল। সমীক্ষাই যেন পখী হৈ পলকতে উৰি গৈ পাবগৈ অডিটৰিয়ামৰ ওছৰ।
"ৰিতি , লীমা তহঁত ৰৱি হা। "
নতিদুৰত ৰৈ থকা ৰিতিষ্ণা লীমাৰ পৰা বিদায় লৈ বৰ্ণমৰ পাছে পাছে ওলাই আহিল তাই অডিটৰিয়ামৰ ফালে। খোজৰ চঞ্চলতাত দুভৰিৰ নুপুৰৰ জুনুক জানাক লহৰ।
আগে আগে বৰ্ণম..
ঠিক তাৰ পাছে পাছে তাই..
যেন গান আৰু অন্তৰা!
অডিটৰিয়ামত তেতিয়া ভিৰ.. লৰাখিনিও আবেগিক হৈছে আজি। জুম বান্ধি অডিটৰিয়ামত সকলোৰে Group hug !
কিমানযে আড্ডা চলে ইয়াত লৰাহঁতৰ , হয় কিমান সপোনৰ আদান প্ৰদান। সকলোবোৰ স্মৰণ কৰাৰ দিন আজি।
বৰ্ণম অডিটৰিয়ামৰ কাষত বহিল , সমীক্ষাও বহিল আনফালে মুৰ কৰি।
নদীখন উজাই আহিছে আজি , সোতবোৰ ভটিয়াইছে।
: আগতে কিয় নকলা ?
বাৰ্তালাপ আৰম্ভ কৰি তাই কলে।
: কি ?
: এই যে হাতখনত লিখা কথাষাৰ।
: তুমিও কব পাৰিলাহেতেন।
উফ্...এতিয়াও তাৰমানে অৰিয়াঅৰি , সি যে ভালপাওঁ বুলি কৈয়ো বান্ধি দিছে চৰ্ত। যেন নদী
এখন বব পাৰিব কিন্তু চুব নোৱাৰিব সাগৰ।
যেন চৰাই এজনী উৰিব পাৰিব , যদিও ৰাখিব নোৱাৰিব নীলিম আকাশ চুমাৰ অভিলাষ।
: থাৰ্ড ছেমত মই Mentally prepared আছিলো। তুমিহে আন কাৰোবাৰ লগত...
: হৈ যায় কেতিয়াবা ভুল। এদিন জাষ্ট কথাহে পাতিছিলো। তুমি একেবাৰে ব্লক কৰিয়েই দিলা আৰু। সেই খঙতে কিবা আগবাঢ়িছিল যদিও Continue কৰিব নোৱাৰিলো।
সমীক্ষাৰ কথাষাৰত আধাতে বাধা দি বৰ্ণমে কলে।
: তুমি FB ত ব্লক কৰাৰ বাবেহে মই ব্লক কৰিছিলো।
: কেতিয়া ?
: তেতিয়ায়ে।
: একাউণ্ট ডিএক্টিভেট হৈছিল মোৰ।
: মইনো কি জানো error loading দেখাইছিল বহুবাৰ।
: বেল , Technology ৰ কথা একো নাজানা নহয়।
একাউণ্ট যদি নাথাকেই error বুলিয়েই দেখাব নহয়?
: হব..
: লাজ পালাটো , এতিয়া হব বুলিয়েই কৈ থবা। ময়ো তাতে বেলেগৰ কথা শুণি ভাবি ললো union body ৰ লৰা এটাৰ লগত ৰিলেশ্বনশ্বীপত আছিলা বুলি।
: ভুল সেইখিনিতেই হল , আমি দুয়োটাই নিজে কথা নাপাতি আনে কোৱা কথাত বেছি গুৰুত্ব দিলো। অজানিতে হলেও তোমাক দুখ দিয়াৰ উদ্দেশ্য মোৰ কোনোদিনেই নাছিল।Trust me , কৌশিকৰ সতে একোৱেই নাছিল। ইচ্ছা কৰিলে তাক সুধি লোৱা।
: জানো মই।
তুমি কি বিছাৰা সেইটোও মই জানো। কিন্তু কি জানা , হায়াৰ ছেকেণ্ডেৰীৰ টাইমত বয়সতকৈ ডাঙৰ লৰাৰ সৈতে বন্ধুত্ব হল।
সেইখিনিতে অলপ ভুল হল। বেয়া বস্ত খাবলৈ ললো, বেয়া কথা কবলৈ ললো, অনবৰতে যাৰে তাৰে লগত কাজিয়া , মুঠতে বহুত বেয়া হৈ গলো। we just don't fit together anymore!
কাৰোবাক ভালপোৱাৰ পুৰ্ৱে কোনো মানুহেই কাৰো যোগ্যতাখিনি জুকিয়াই নাচায়। চাকৰি নহয়তো বায়'- ডাটা চাই ঠাই দিবলৈ। হৃদয়ে নুবুজে ভাল বেয়াৰ ভেদ। সময়েও অৱশ্যে ঠিৰাং কৰি থৈছে দুয়োৰে ভালপোৱাৰ পৰিণতি। সময়েই যে প্ৰতিবাৰে নানা চক্ৰান্তৰে আতৰাই ৰাখিছে দুয়োকে।
: I loved you for what you are বৰ্ণম !!
:ফাইনেল এক্সামৰ পাছতে একেবাৰে গুৱাহাটী গুচি যাম। ইয়াত একো এৰি যাব বিছৰা নাই।
বৰ্ণমে পুণৰ কলে।
সমীক্ষাই জানে প্ৰত্যোক প্ৰেম কাহিনীৰে এটা ঈশ্বৰ প্ৰদত্ত সময়সীমা থাকে আৰু এই সময় তাই আৰু বৰ্ণমৰ নহয় মুঠেও! সি যদি বিছৰা নাই সেয়া সম্ভৱো নহয় কেতিয়াও। বৰ্ণমৰ সিদ্ধান্ত মানেই অলৰ অচৰ।
আজি বুজিছে তাই অপ্ৰাপ্তিৰ মাদকতা সুকীয়া।
বৰ্ণমলৈ কিবা এটা সাংঘাতিক দুখো লাগিছে সমীক্ষাৰ। তাইটো অতদিনে ডায়েৰীৰ ভাজত অথবা কনফেশ্বন ৱালতে সামৰি ৰাখিছিল মনৰ কথাবোৰ। মাজে মাজে কৈছিল তনয়া , ৰিতি অথবা ৰিয়ানক।
কিন্তু বৰ্ণমে যে নিজৰ মাজতে লৈ ফুৰিল সকলোবোৰ।
তাই মাথো দোষিব জানিলে তাক ইমানদিনে !!
সি সচাই এখন নৈ , যাক মানুহে তৰাং হলেও দোষ দিয়ে আৰু ফেনে ফোতোকাৰে বাঢ়ি আহিলেও দোষ ধৰে।
: এবাৰ ঘুৰি মোৰ ফালে চোৱা বৰ্ণম। এই সময়খিনি ফিৰাই নাপাওঁ কেতিয়াও।
কথাষাৰ কওতে তাইৰ দুচকুৰে টপকৈ সৰিল চকুলো। ইমানদিনে জোৰেৰে বান্ধি ৰখা এখন নদী।
আজি যেন এটা সামান্য ছিদ্ৰ পাই বান্ধ ভাঙি বৈ গৈছে।
আনফালে মুৰ কৰি থকা সি কেৰাহিকৈ ঘুৰি চালে।
সজল , অৰ্থপূৰ্ণ সেই চাৱনি।
অডিটৰিয়ামৰ দুৱাৰত কোনে লিখি থৈছে বাৰু What goes , let it go
"আমৃত্যু ভালপাই থাকিম তোমাক বৰ্ণম" , মুখৰ ভিতৰতে বিৰবিৰাই তাই। কৱ নোৱাৰি , সি মানা কৰি থৈছে।
: আৰু..
: আৰু এবাৰ মাতিবা নে শৰ্মিলা বুলি ?
: তামাম ফিল্মী তুমি..
বৰ্ণমে মুখ টিপি হাঁহি কলে। সমীক্ষা সচাই ফিল্মী , সকলো সেই সৰুতে পঢ়া মায়া , বিস্ময়ৰ দোষ!!
: কিন্তু কিউট.. শৰ্মিলা!!
আহ্... কি ৰাগেৰে ৰঞ্জিত এই নাম। সি মাতিলেই চোন শাত পৰি যায় হিয়াৰ প্ৰতিটো কুহ!
আকৌ এবাৰ মাতা বৰ্ণম..এবাৰতে যে নভৰে মন!
:শৰ্মিলা..
:কোৱা..
:ঘড়ী পিন্ধিছা , তাকো বন্ধ ?
তাই বাওঁহাতৰ ঘড়ীটোলৈ আঙুলিয়াই বৰ্ণমে কলে।
ঘড়ীটো আচলতে বন্ধ নহয় , তাইহে বন্দী কৰি ৰাখিব বিছাৰিছিল ৰূপালী ঘড়ীত এই সোনালী সময়। ( ফিল্মী মানুহ যে !!)
: May be because I wanted to freeze this moment..
অস্ফুট স্বৰেৰে সমীক্ষাই কলে।এইবাৰ অশ্ৰু নৰল তাইৰ , বৈ আহিল। বৰ্ণমৰ পৰা লুকুৱাই তাই দুপাট্টাখনে মুখ ধাকিলে। তিতি সুৰসুৰীয়া হল দুপাট্টাৰ আগ।
: কেতিয়াবা খবৰ লবা।
পুণৰ কলে তাই। যদিও তাই জানে আগতেও খবৰ লোৱাৰ প্ৰতিশ্ৰুতি দি পাহৰি গৈছে বৰ্ণমে প্ৰতিবাৰে।
:লম বাৰু। এতিয়া যাওঁ আৰু ন ?
: বহাছোন অলপ।
সমীক্ষাই নিম্নস্বৰত কলে। আবেলিটোৱে হেঙুলীয়া বৰণ লৈছে তেতিয়া।জাকি মাৰি উৰি গৈছে নীড়মুখী বিহংগ।
দেবদাৰুৰ চিৰিলি পাতবোৰেও নিশব্দে শুণিছে দুয়োৰে বাৰ্তালাপ। সময়ে বাগৰ সলাইছে। কৰিয়াৰ দৰে কুৰুকি কুৰুকি বিন্ধিছে দুয়োকে।
এয়াই শেষ ,
একেবাৰে শেষ!
এতিয়াৰ পৰা আৰু নাই পি জি বিল্ডিঙত ক্লাছ।
"বৰ্ণম ক'ত ?" শ্ৰেণীকোঠাত সোমায়েই তাইৰ সেই সন্ধান।
কেতিয়াবা কিছুমান মানুহ একে বাটৰে যাত্ৰী হৈয়ো সহযাত্ৰী হব নোৱাৰে। কোনো অদৃশ্য শক্তিয়ে যে বহু আগতেই নিৰ্ণয় কৰি থয় মানুহৰ ভাগ্য।
বৰ্ণম নবহিল। ষ্টেপৰ পৰা উঠিল সি।
তাক দোষী লাভ নাই , মন বেয়া তাৰো লাগে।
মনৰ কথা কৱ বিছাৰিও কৱ নোৱাৰা মানুহ বৰ্ণম। যদিও আজি বহুখিনি কৈ গল। বহু খিনি শুণিলে সমীক্ষাই।
এতিয়াৰ পৰা যে বৰ্ণম তাইৰ বাবে নদীতকৈয়ো উদ্ধৰ্ত।
বৰ্ণম এখন মহাৰ্ণৱ... গভীৰ , সুবিশাল আৰু সলিল।
" We love you JBC"
বৰপাত্ৰ কুটীৰৰ সন্মুখত এজাক তৰুণৰ দুৰ্দান্ত চিঞৰ। মৃন্ময় নোহোৱা হলে হয়তো কলেজখনেও সাবটি ধৰিল হেতেন সকলোকে , মমতাময়ী মাতৃৰ দৰে।
এই উন্মাদনা , এই মৰম বাসনা দেখি কপেনে বাৰু জে বি কলেজখনৰ আভ্যন্তৰ ?
প্ৰতিবছৰে এনে হাজাৰ হাজাৰ যৌৱন বিদায় দি উচুপে নে বাৰু জে বি কলেজে নিৰলে ?
আঙুলিৰ ফাকেৰে সৰকি যোৱা বলুকাৰ দৰে পাৰ হৈ গ'ল সময়!
BCA ডিপাৰ্টমেণ্টৰ পৰা ভাহি আহিছে কোনো জেবিয়ানৰ কণ্ঠত জুবিনদাৰ গান..
" ...যাবলৈ নিদিবা কাষৰতে ৰাখিবা
আপোন বুলি তুমি যাকেই ভাবি লৱা..!"
নাই , কেতিয়াবা জীৱনত কিছুমান মানুহক যাবলৈয়ো দিব লাগে। অপুৰ্ণতাত থাকে পুৰ্ণতাৰ প্ৰতিশ্ৰুতি। নদীয়ে কেতিয়াবা কোনো ঘাটত সুতি সলাই উভতিও আহিব পাৰে মোহনালৈ স্বতঃস্ফুত ভাবে।
বহাৰ পৰা উঠিল সমীক্ষা , এতিয়া যাবৰ হৈছে!
প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়
যি শোকৰ ৰ'দত পোৰা নাই
জুৰুলি জুপুৰি হোৱা নাই দুখৰ বৰষুণত
যি শংকিত হোৱা নাই
ভাগ্যৰ সৈতে যুঁজি যুঁজি এখন্তেক ক্লান্ত হোৱানাই
ভালপোৱাই যাক ব্যাকুল কৰা নাই
অপেক্ষাই যাক উদ্বাউল কৰা নাই
যাৰবাবে নদীবোৰ মাথোঁ নদী, শিল মাথোঁ শিল
যাৰবাবে সমগ্ৰ পৃথিৱী মাথোঁ মাটিৰ ভূগোল
যিজনে মানুহৰ শোভাযাত্ৰাত চামিল হবলৈ
শিকা নাই
তেওঁৰ বাবে সুখো একধৰণৰ দুখ।
( অপ্ৰাপ্তি , অতনু ভট্টাচাৰ্য)
*****
আগলৈ
✍️সংগীতা দেৱী
Comments
Post a Comment