জেবিয়ান..🦋 ( খণ্ড - ৩৯)
#অন্তিম_খণ্ড
( আজি কিয় জানো সেই মেট্ৰিক পৰীক্ষা দিবলৈ যোৱাৰ দৰে ভয় লাগিছে । মই জানো সন্তোষ্ট কৰিব পাৰিম এই অন্তিমটো খণ্ডৰ বাবে অতি আগ্ৰহেৰে ৰৈ থকা পাঠকসকলক ?)
কেবাজনো স্বানামধন্য মনিষীৰ আপ্ৰাণ প্ৰয়াসৰ ফলস্বৰূপে সূচনা হৈছিল যোৰহাট চহৰৰ মানমজিয়াত এক নৱ দিগন্তৰ , জ্ঞান গৰিমাৰ অক্ষয় বটবৃক্ষ স্বৰূপ "জগন্নাথ বৰুৱা মহাবিদ্যালয়"।
যোৰহটীয়াৰ স্বভিমান জে বি কলেজ।
ক'ত ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি তেওঁলোকে প্ৰতিষ্ঠা কৰিলে এক অনিৰ্বান জ্যোতিৰ শিখা।
সমীক্ষাই কৰবাত পঢ়িছিল , প্ৰথমবাৰলৈ ক্লাছ আৰম্ভ কৰাৰ পাছত শ্ৰেণীসমূহৰ সময় সুচক ৰূপে ব্যৱহাৰ কৰিবলৈ কাঁহ নথকাত সৰ্বানন্দ শৰ্মাৰ গোহাঁই ঘৰৰ টিলিঙা এটা আনি ব্যৱহাৰ কৰা হৈছিল।
তুলসী নাৰায়ণ শৰ্মাই পুৰণি চাইকেল এখন চলাই চলাই কেউফালে ঢপলিয়াই সংগ্ৰহ কৰিছিল মহাবিদ্যালয় খনৰ বাবে শিক্ষাৰ্থী।
তেজক পানী কৰি কৰা অক্লান্ত পৰিশ্ৰমৰ অন্তত গঢ় লৈ উঠা জগন্নাথ বৰুৱা মহাবিদ্যালয়।
ক'ত তৰুণৰ প্ৰত্যাশা , হেঁপাহ আৰু সম্ভাৱনাৰ আখৰাথলী কলেজখনে গঢ়িছে হাজাৰ বিজাৰ মানৱ সম্পদ।
মনবোৰ কিয় ব্যাকুল হয় এনেদৰে কলেজখন এৰাৰ কথা ভাবি , এই যেন ঠেহ পাতি এচুকত বহি থাকিব সমীক্ষা আৰু ক'ৱ 'নাযাওঁ মই জেবি কলেজ এৰি , নালাগে বিদায়ী সভা' ।
আজি যে জেবি কলেজৰ লগতে বৰ্ণমৰ পৰাও বিদায়ৰ দিন।
উফ্... এই কপাহী কোমল হিয়াই কিদৰে সহিব আজীৱনৰ বাবে বৰ্ণমক শেষবাৰলৈ দেখাৰ বেদনা।
তথাপি জানো সময় ৰৈ থাকে কাৰোবাৰ অনুগ্ৰহত,
নদী জানো খন্তেক ৰ'ৱ পাৰে কাৰোবাৰ বাবে ?
সমীক্ষাই আগদিনাই ইস্ত্রি কৰি ৰখা ৰঙা বোৱা কাপোৰযোৰ পিন্ধি ললে। চুলিখিনি মুক্ত হৈয়ে থাকক! কপালত এটি কণমানি ফোট লৈ ডিঙিত আৰি ললে সোণৰ পখিলা।
চতমহীয়া বৰষুণ এজাক চিপচিপকৈ সৰি আছে অহৰহ , সমীক্ষাই পাৰ্চটোৰ লগতে সামৰি লৈছে লাইব্ৰেৰীৰ পৰা অনা কিতাপ দুখনো।
কেনেবা লাগিছে আজি মন..
অকাৰণ কিবা এটা আকুল বিকুল !!
বৰষুণ জাক ৰোৱালৈ বাৰাণ্ডাত বহি থকাৰ মাজতে তাই ভাব সাগৰত মাৰি আহে এবুৰ!
জে বি কলেজ এটি পৰিয়াল , ডিপাৰ্টমেণ্টটো যেন সেই সকলোৰে আপোন , নিজা ঘৰখন।
অত্যন্ত মৰমিয়াল ছাৰ বাইদেউসকল , সতীৰ্থ , অনুজ সকলোকে এইখিনিতে এৰি কিদৰে যে সলাব লাগিব জীৱনৰ গতিপথ।
জীৱনে টানিছে আন এটি বাটলৈ , মনৰ শিপাই খামুচি ধৰিছে এইখিনি সময়।
বৰষুণ কিছু শাম কটাত সমীক্ষা ঘৰৰ পৰা ওলাই আহি টেম্পুত উঠিলহি।
আজি আকৌ উদুলি মুদুলি কলেজ চৌহদ।
গেটৰ বাহিৰতে তাই দেখা পাইছে জ্যোতিময় , ৰিয়ান , পৰাগ , ৰিতিষ্ণা , সুকন্যা ,লীমা সকলোকে।
: আহিলা ?
সেইঠাইতে ৰিয়ানে মতাত মুৰ দুপিয়াই হাঁহি এটি মাৰিলে তাই।
: আজিও ৰঙা !!
পম্পীয়ে সমীক্ষাৰ কান্ধত এহাতেৰে মৰমসনাকৈ মাৰি কলে।
: উম , আজিও।
সমীক্ষাই হাঁহি এটি মাৰিলে পুণশ্চঃ।
জে বি কলেজৰ বাকৰিতে এদিন আৰম্ভ হৈছিল এই ৰঙা প্ৰীতি , সেয়ে আজি শেষৰ দিনাও এই ৰঙেৰে সাজিয়েই ভাল লাগিছে কিবা এটা তাইৰ !
সিহঁতৰ হাতত ধৰি কলেজৰ ভিতৰলৈ সোমাই আহোতে ভুমুকি মাৰি বাইক ষ্টেণ্ডলৈ চাবলৈ নাপাহৰিলে সমীক্ষাই , আজি কিয় অনুপস্থিত
" AS - 03 /M - 3379" নাম্বাৰৰ বিশেষ নাম্বাৰ প্লেটখন ?
: আজি কিন্তু মোৰ সতে এখন ফটো মাৰিবই লাগিব দেই।
বৰপাত্ৰ কুটীৰৰ ওছৰ পাওতেই সমীক্ষাৰ কাষত ৰৈ ৰিয়ানে কয়।
: ঠিক আছে বাৰু।
খোলা চুলিৰ আউল সামৰি তাই কয়।
" বৰ্ণমৰ বাইকখন কিয় নাই ? "
একেটা কথাকে ভাবি আছে তাই। কিয় বাৰু হথাৰ্তে জাগ্ৰত হৈছে তাইৰ অন্তঃ প্ৰজ্ঞা , যি চিঞৰি চিঞৰি কৈছে যে বৰ্ণম নাহে !
ইনেও বিভাগীয় যিকোনো অনুষ্ঠানৰ প্ৰতি বৰ্ণমৰ কিঞ্চিতমানো আগ্ৰহ দেখা নাই বিগত তিনিটা বৰ্ষত।
"প্লীজ , আহিবা দেই। "
মনে প্ৰাণে কামনা কৰিছে সমীক্ষাই। ফেয়াৰৱেল RCC 101 নং কোঠাত পতা হৈছে। সেইখিনি পোৱাৰ লগে লগে গীতাই আলপিন এটাই আলফুলে সমীক্ষাৰ কান্ধত লগাই দিছে বিদায়ী বাৰ্তা লিখা হাতেৰে প্ৰস্তুত কৰা বেজ্ এটি। বৰ সুন্দৰকৈ কোঠাটো সজাইছে সিহঁতে। কলেজলৈ অহাৰ দিন ধৰি এয়াই প্ৰথমবাৰলৈ বিভাগীয় কোনো কামত অলপো হাতে - কামে লগা নাই সমীক্ষাহঁতৰ বেটচ্। কিবা আলহী আলহী সদৃশ ভাব এটাই ডোলা দি যায় মনত।
মিত্ৰা , দৰদী ,ড্ৰিমী , দিশা সকলোৱেই বৰ ধুনীয়াকৈ সাজি কাচি আহিছে আজি। নিঃশব্দে বহি আছে বিভাগীয় লৰাকেইটা। কিবা এটাই কোবাই গৈছে আজি সিহঁতৰ মন , বুজিছে কিবা এটা যে এৰাই আৰু হেৰাই যাব জীৱনৰ পৰা।
: অই , বৰ্ণম নাহে নেকি ?
ৰিতিষ্ণাৰ কাষতে বহা সমীক্ষাৰ ওছৰলৈ আহি মিত্ৰাই সুধিলে।
: জানো পাই !!
বিভাগীয় প্ৰায় সমুদায় ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষাগুৰু সকলো পাইছেহি। ক্ৰমে হ্ৰাস পাইছে বৰ্ণম অহাৰ সম্ভাৱনা। সমীক্ষাৰ দুচকু বিষাই গৈছে প্ৰৱেশ পথলৈ চাই চাই। কেতিয়া আহিব মন জুৰাই যোৱাকৈ বৰ্ণম নামৰ এচাটি অমিয়া বা!
: তাৰ ফোন নাম্বাৰটো দে। মই মাতি দিওঁ। এনেকৈ মন মাৰি নাথাক।
মিত্ৰাই পুণৰ কলে সমীক্ষাক জোকাই।
সমীক্ষাই জানে বৰ্ণমে নাহো বুলি ভাবিলে পৃথিৱীৰ কোনো শক্তিয়েই তাক আনিব নোৱাৰে এইখিনিলৈ।
: সচাকৈ কৰিবি ...?
সমীক্ষাই ফোনটো আনলক কৰি সুধিলে।
: আয়ৈ নকৰো দেই।
মিত্ৰাই জাপ মাৰি হাঁহি হাঁহি কলে। সেই হাঁহিত আছে ক'ত যাতনা , আছে আয়ুবৰ সতে বিচ্ছেদৰ দুখ। কিছুমান কথা মানুহে কব নোৱাৰে , আমি পঢ়িব জানিব লাগিব দুচকুৰ ভাষা , শৰীৰৰ প্ৰকাশভংগীৰ পৰা কৰিব লাগিব অনুমান। ঠিক মনোবিজ্ঞানৰ বৰ্হিঃদৰ্শন পদ্ধতিৰ দৰে।
বিদায়ী অনুষ্ঠান আৰম্ভ হৈছে। ছাৰ বাইদেউ সকলে এফালৰ পৰা কৈ কৈছে ২০১৫-২০১৮ বেটচ্ ৰ নানা সদৰ্থক কথা। সকলোৱে কৰা সৃজনীমুলক কামবোৰৰ পৰা সুপ্ত প্ৰতিভালৈকে , সকলোবোৰ কৈছে তেওঁলোকে। সময় বৈ গৈছে নৈ হৈ , এতিয়া আৰু দুৱাৰমুখলৈ জুমি চোৱাৰ প্ৰয়োজন নাই , দৰকাৰো নাই। বৰ্ণম নাহে , তাক শেষৰ দিনটোত শেষবাৰলৈ চোৱাৰ সুযোগ দিবলৈ বৰ্ণম নাহে!
বুকুৰ ঢপঢপনি বাঢ়িছে সমীক্ষাৰ , মনত পৰিছে ডিপাৰ্টমেণ্ট ডে ৰ দিনা ঠিক এইখিনিতে ৰৈ বেলুন ফুলাই আছিল সি , তাই ৰৈ আছিল কাষতে।
সেই সময় , সেই সুখ শেষ ইয়াতেই!
ছাৰ বাইদেউ সকলে কোৱাৰ পাছত বিদায়ী শিকাৰু সকলক দুৱাষাৰ কবলৈ মতা হল। দৰদী , ড্ৰিমী , লীমা পম্পীহতে কোৱাৰ পাছত নাম আহিল সমীক্ষাৰ।
মাইক্ৰফোনটো হাতত লৈ এটি পল ৰৈ গল সমীক্ষা, কি কৱ তাই ?
ভাষাৰে যে সামৰিব নোৱাৰি , কথাৰে বুজাব নোৱাৰি অনুভৱবোৰ। কি দিয়া নাই জে বি কলেজে তাইক!!
দিনটো শেষ হলেও ছাগৈ শেষ নহব কথাবোৰ।
: বিগত তিনিটা বছৰ , এক সুদীৰ্ঘ সময়।
জে বি কলেজে মৰমসনা আৱেশেৰে মমতাময়ী মাতৃৰ দৰে আদৰি ললে আমাক। ছাৰ বাইদেউ সকলৰ আন্তৰিকতা আৰু শিক্ষা আজীৱন পথেয় হৈ ৰৱ। আনুষ্ঠানিকভাৱে বিদায় ললেও হয়তো এই জেবিয়ান মনটো ইয়াতে , ঠিক এইখিনিতে এৰি যাম মই।
অনুজসকললৈ মোৰ মৰম আৰু শুভকামনা। বিভাগটোৰ দায়িত্ব এতিয়াৰ পৰা তোমালোকৰ।
সতীৰ্থ সকল , তোমালোকক যদি কেতিয়াবা জ্ঞাতে অজ্ঞাতে কিবা কথা বেয়াকৈ কৈছিলো তাৰবাবে আজি ক্ষমা বিছাৰিলো।
সময়ৰ আহ্বানত আমি পৃথক হলেও মোৰ বিশ্বাস ওৰেটো জীৱন এদাল অদৃশ্য সুতাৰে বান্ধ খাই থাকিম সকলোবোৰ। তোমালোক সকলো কুশলে থাকা , সুৰুযমুখীৰ দৰে হোৱা।
শেষত এষাৰ কথা মই বৰকৈ বিশ্বাস কৰো যে
No matter how far we go , there's a day we will meet again.
Thank you!
দুচকু সুৰসুৰীয়া হ'ল সমীক্ষাৰ। বেনামী বেজাৰ উজাই আহিল। মাইক্ৰফোনটো জুনিয়ৰ এগৰাকীৰ হাতত দি বেঞ্চখনত বহিবলৈ লওতে ৰিতিষ্ণাই তাইৰ ডিঙিত সাৱটি ধৰি কলে।
: মোকো কন্দুৱাই দিলি তই।
আজি প্ৰকাশ্যে অথবা অপ্ৰকাশ্যে কান্দিছে সকলোৱে ,
বান্ধি ৰাখিব পৰা নাই অবুজ আৱেগ।
বিভাগীয় প্ৰায় প্ৰতিটো অনুষ্ঠানতে নৃত্য প্ৰদৰ্শন কৰা মিত্ৰাই ফেয়াৰৱেল স্পীচ্ দিবলৈ গৈয়ো নাছিলে এপাক , সমান্তৰালভাৱে বেঞ্চৰ পৰা উঠি নাছিলে সমীক্ষা , সুকন্যা , দিশা সকলোৱে।
অনুষ্ঠান শেষ হৈছে আবেলিলৈ , অন্তিমবাৰলৈ উমাল বিদায় লৈছে সিঁহতে তিনিটা বৰ্ষৰ সহপাৰ্ঠী সকলৰ পৰা , ফটো মাৰি ধৰি ৰাখিছে এটি এটি ক্ষণ।
ছাৰ বাইদেউ সকলৰ দুভৰিত ধৰি সেৱা কৰি লৈছে আশিষ নিৰ্মালি। নীৰা বাইদেৱেটো সাবটি ধৰিছে ছোৱালী কেইজনীক নিজ কন্যাৰ দৰে।
: নাকান্দিবাছোন , এইদৰে কন্দা দেখিলে বৰ দুখ লাগে মোৰ।
শিৱানী বাইদেৱে সিহঁতলৈ চাই ৰুমালেৰে নিজৰ দুচকু মোহাৰি কয়।
সমীক্ষাহতেও লোতক সামৰাৰ ব্যৰ্থ প্ৰয়াস কৰে।
বিচ্ছেদৰ যাতনা হাঁহি হাঁহি পান কৰিব পৰাকৈ চক্ৰেটিচৰ দৰে মহান হব পৰা নাই সিহঁত এতিয়াও। যিয়ে হেমলক বিহৰ বাটি হাতত তুলি লৈ ছাত্ৰসকলক কৈছিল , "মোক এইদৰে বিদায় দিয়া , যেন মই ন কইনা আনিবলৈ যোৱা এজন দৰাহে!"
নাই , দৰ্শন পঢ়ি চক্ৰেটিচক হাড়ে হিমজুৱে বুজিলেও চক্ৰেটিচৰ দৰে হব পৰা নাই সিহত। হব পৰা নাই তথাগতসম স্থিতপ্ৰজ্ঞ।
: সি মোক আজিও নামাতিলে দেখিলি ?
মিত্ৰাই তেনেকুৱাতে সমীক্ষাক সাৱটি ধৰি কলে। তাইৰ দুচকুৰে বৈ গৈছে অশ্ৰুকণা।
কি বুলি মিত্ৰাক সান্তনা দিব তাই , আজি যে তাইকহে প্ৰয়োজন হৈছে অলপ সান্তনা , সমবেদনাৰ !
: কান্দুৰী , ইমাননো দুখ কৰিব লাগেনে কোনোৱাই ?
জ্যোতিময়ে সমীক্ষাৰ কাষলৈ আহি কলে। সেয়া শুণি আচলৰ আগেৰে দুনয়ন মচিলে সমীক্ষাই।
: তুমিটো কলেজ এৰিহে যাবা , মই চোন যোৰহাট খনেই এৰি যাব লাগিব আৰু.. !
: আৰু কবিতাক ন' ?
: তাকেহে !!
কিবা এটা দুখ লাগি যায় সমীক্ষাৰ তালৈ। জে বি কলেজৰ এই তিনিটা বৰ্ষত বহু অসম্পুৰ্ণ প্ৰেম দেখিলে তাই । মিত্ৰা - আয়ুব , জ্যোতিময় - কবিতা অথবা ঋষি আৰু মিস্কি !!
কিয় বাৰু ইমান নিৰুপায় এই প্ৰজন্ম , এইদৰে কিয় ভাঙি যায় হৃদয়। তথাপি যে কেনেকৈ হাঁহি হাঁহি সাচি থয় হাহাকাৰ এসোপা।
: দুখ নকৰিবা তুমি , অতনু ভট্টাচাৰ্য্যৰ অপ্ৰাপ্তি কবিতাটোত জানো কোৱা নাই , প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয় !
: যদিও মনে বিছাৰে কিছুমান মানুহৰ সংগ।
: এটা কথা কি জানা , মই সৰুতে বিশ্বাস কৰিছিলো যে শ্ৰীকৃষ্ণৰ অনুমতি অবিহনে সামান্য গছৰ পাত এখিলাও লৰিব নোৱাৰে আৰু ironically সেই শ্ৰীকৃষ্ণ বিশ্বৰ প্ৰতিটো কোণতে থাকিও ৰাধাৰ শিৰত থকাৰ সৌভাগ্যৰ পৰা বঞ্চিত হৈছিল।
সমীক্ষাই আচলতে জ্যোতিময়ক বুজাইছিল নে নিজকে বুজাইছিল তাই নাজানে।
বৰ্ণমৰ প্ৰতি ওফোন্দ পাতিব নে বেজাৰ কৰিব সেয়াও তাই নাজানে।
কোনে জানে , কি শোকত বা অহা নাই আজি সি ?
: মহা বিড়ম্বনা। নহয়নে?
: উম।
: সমীক্ষা , আজি তোমাক আৰু কথা এষাৰ ক'ম। যদি বেয়া নোপোৱা।
: কোৱাছোন
: "বৰপাত্ৰ কুটীৰৰ সন্মুখত তোমাৰ অভিমানী হাঁহি
দুচকুত কাজল আৰু ভাল পোৱাৰ এখন নদী ৷.."
মনত আছেনে তোমাৰ এইটো কবিতা ?
মনত আছে সমীক্ষাৰ, দ্বিতীয় ষান্মাসিকত থাকোতেই কোনো এটি জাৰৰ দুপৰীয়া ডায়েৰীৰ ভাঁজলগা পাত এখিলাত লিখি আনি জ্যোতিময়ে তাইক পঢ়িবলৈ দিছিল সেইটো কবিতা।
: আছে ।
: কবিতাটো তোমাৰ বাবে লিখিছিলো , মানে তোমাৰ হাঁহিটো দেখি।
: কি..?
অবিশ্বাসত কিছু উচ্চস্বৰত কলে তাই। হয়তোবা কেৱল প্ৰেয়সীৰ বাবেই লিখা নাযায় কবিতা , কেতিয়াবা বান্ধৱীৰ বাবেও ৰচিব পাৰি কাব্যিক কথা।
: ধন্যবাদ তোমাক জ্যোতিময় , মোক কবিতাৰ বিষয় নিৰ্বাচন কৰাৰ বাবে।
: সেই হাঁহিটো আকৌ এবাৰ মাৰি দিয়া। ফটো এখন মাৰি থওঁ মই।
জ্যোতিময়ে ফোনটো উলিয়াই কলে। সমীক্ষাই হাঁহিলে। বৰ নিষ্প্ৰভ আৰু বিৱৰ্ণ এটি হাঁহি। প্ৰতিটো বিভাগৰ বিদায়ী সভা শেষ হৈছে তেতিয়ালৈকে। ৩:৩০ বজাৰ পৰা অডিটৰিয়ামত আৰম্ভ হব কেন্দ্ৰীয় বিদায় সভা। RCC বিল্ডিঙৰ কোঠাবোৰৰ পৰা ল'ৰা ছোৱালী বোৰ ওলাই আহিছে।
: সমী.. I will miss you dear!
চিৰিয়েদি নামি অহা সাধনাই লৱৰি আহি সাবতি ধৰিলে তাইক।
:ময়ো তোমাক মিছ কৰিম বহুত।
সমীক্ষাই মুখৰ ভিতৰতে কলে। কাষতে থকা নৱাৰুণৰ সতে সাধনাৰ যুটীয়া ফটো এখনো মাৰি থলে তাই। বৰ মৰম লাগে দুয়োটাক একেলগে। সেই যে মায়া বা বিস্ময়ত লিখা উপন্যাসিকা বোৰৰ প্ৰেমত ডুবি থকা নায়ক নায়িকাৰ দৰে।
: আমাৰ ছোৱালী জনীৰ কেয়াৰ লবা দেই , এনেকৈয়ে তাইৰ কাষে কাষে থাকিবা সদায়।
নৱাৰুণক উদ্দেশ্যি সমীক্ষাই কলে।
: নিশ্চয় থাকিম। নৱাৰুণৰ দুচকুত সততা আৰু বিশ্বাসৰ মিশ্ৰিত আভা। সাধনা ৰঙা পৰিছে লাজতে।
: বাই সাধনা , ভালদৰে থাকিবা। আকৌ কেতিয়াবা লগ পাম।
: বাই। sure লগ পাম কেতিয়াবা।
সাধনা নৱাৰুণে তাইৰ পৰা বিদায় লৈ আতৰি গল।
অডিটৰিয়ামৰ কাষত কান্দোনৰ ৰোল উঠিছে।
উদাসীন ভাবে ঘাহনিত বহি আছৈ কৌশিক , দৰ্পন , অৰুণ , অৰ্জুন অথবা আশিষ।
পুখুৰীৰ কাষতে লগ পাই তনয়া , জ্যোৎস্নাহঁতৰ লগতো ফটো মাৰিলে তাই। কেতিয়াবা খবৰ লোৱাৰ , লগ পোৱাৰ প্ৰতিশ্ৰুতিৰ আদান প্ৰদান হল।
বৰ বিশেষ এই সময় , এই বন্ধুত্বৰ বান্ধোন আৰু ফটোখিনি।
: আমিও একেলগে ফটো এখন মাৰো আৰু ন'?
পুখুৰী পাৰ হৈ লাইফ ক্লাবৰ ওছৰ পাওঁতেই ঋষি পিংকুৱে লগ পাই কলে।
: Sure.
ফটোখন মাৰিবলৈ দুয়োৰে কাষত ৰৈ হাঁহি মাৰিলে সমীক্ষাই।
: WhatsAppত পঠাই দিম হা।
: ঠিক আছে।
: আজি বৰ্ণম আহিব লাগিছিল , বেয়া কৰিলে সি।
ঋষিয়ে মৃদু স্বৰত কলে। সমীক্ষাই মুৰ দুপিয়াই হাঁহিলে পুণুৰাই। নিচেই মিছা , কৃত্ৰিম সেই হাঁহি যাৰ সিপাৰে কোনো হৰ্ষ নাই। আছে এসাগৰ দুখ।
হয়, বৰ্ণম আহিব পাৰিলেহেঁতেন , শেষবাৰলৈ চাই ললে হেতেন তাইৰ জীৱনৰ একান্তই প্ৰিয় মানুহজন।
তথাপি অভিযোগ অথবা আপত্তি নাই সমীক্ষাৰ।
সময়ো নাই এতিয়া সেইবোৰৰ বাবে।
"মোৰ জীৱনত নহলেও প্ৰাৰ্থনাত থাকিবা তুমি বৰ্ণম।
প্ৰতিদিনে ভগৱানৰ ওছৰত তোমাৰ কুশলতাৰ উপাসনা কৰিম। কোনো দুখে কোনোদিনেই যাতে তিলমানো চুব নোৱাৰে তোমাক।"
জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ মাজমজিয়াত ৰৈ ভাবিলে তাই। চিৰিকলৈ সৰি পৰিল দেবদাৰুৰ এখিলা পাত। তুলি ললে তাই সেয়া।
তদুপৰি এজনী সম্ভাৱনাময় ছোৱালী প্ৰিয়া , জীয়াই থকা হলে , ভগৱানে লৈ নোযোৱা হলে আজি হয়তো তায়ো ধুনীয়াকৈ সাজি কাচি আহিলহেতেন। তাইলৈয়ো ৰিণি ৰিণি মনত পৰিল সমীক্ষাৰ। ঈশ্বৰ ধামত প্ৰিয়া যাতে কুশলে থাকে , সেই কামনা কৰি মৌনভাবে মনৰ মাজতে তাই প্ৰাৰ্থনা কৰিলে।
জীৱন পথাৰৰ এটি বঁকিয়াৰ শেষত উপনীত হৈছে আজি সকলো। বৰপাত্ৰ কুটীৰৰ কাষত বিষণ্ণে বহি আছে কেবাখনো মুখ। ব্যক্তিগত ভাবে নাম ঠিকনাৰ চিনাকি নহলেও বুজিব পাৰি সেই মুখবোৰৰ অব্যক্ত দুখখিনি।
: যোৱাগৈ নেকি ?
ঠিক সেই সময়তে তাইক ৰিয়ানে আহি মাতিলেহি।
: উম , যাওঁগৈ আৰু।
: চেন্ত্ৰেল ফেয়াৰৱেললৈ নোৰোৱা ?
: নৰওঁ , দেৰি হৈ যাব।
: বাৰু।
মুৰ জোকাৰি ৰিয়ানৰ পৰা বিদায় লৈ খোজ আগবঢ়ালে সমীক্ষাই।
: শুণা.. ৰৈ থকাৰ পৰাই ৰিয়ানে মাতিলে পুণৰ।
: কি?
সমীক্ষাই উভতি চালে।
: একো নাই...ভালকৈ থাকিবা।
: তুমিও ভালকৈ থাকিবা।
সোঁৱে বাঁৱে মুৰ জোকাৰি সন্মতি দিলে ৰিয়ানে। আকাশত তেতিয়া বসন্তৰ সেন্দূৰবুলীয়া বেলি। বতাহত কবিতা কবিতা যেন সুগন্ধি আৰু সমীক্ষাৰ বুকুত এজাক গতিবিহীন পখিলা।
বৰ্ণমটো গুচি যাব এটি মাত্ৰ অজুহাত লৈ দুৰলৈ , পখিলাবোৰ থৈ যাব একেদৰেই। খোজ আগুৱাইছে সমীক্ষাই , মন উভতি গৈছে পুণৰ এৰি অহা দিনবোৰলৈ।
বিছাৰি ফুৰিছে হেৰুৱা সময়ৰ সুবাস।
ক'ত হেজাৰ সপোনৰ পম খেদি জেবি কলেজ পাইছিলহি তাই , আজি বিদায়ৰ ক্ষণ সন্নিকট।
অন্তৰৰ মাজত হেন্দোপদোপ উঠিছে।
তাইটো গুচি যাব , কিন্তু ইয়াতেই ৰৈ যাব যাযাবৰী মনটো। থৈ যাব এজন মানুহৰ প্ৰতি এমুঠি অভিমান। তাইৰ দৰেই ক'ত সহস্ৰাধিক জেবিয়ানৰ
হা হুতাহ ছাগৈ সাচি ৰাখিছে এই বিশাল কেম্পাচে প্ৰতিকোণতে। ( সমীক্ষাৰ বিশ্বাস প্ৰতিজন জেবিয়ানৰ মনতে আন কোনো নহয় কোনো এজন জেবিয়ানৰ প্ৰতি একপক্ষীয় ভাবে হলেও বাজে প্ৰেম প্ৰেম ৰাগ!!)
বিদায় , জেবি কলেজ।
কোনোদিনা আকৌ আহিম , তোমাৰ ছাঁত খন্তেক জীৰাৱলৈ।
চাই ৰম দেৱদাৰুৰ ফাকেৰে সৰকি যোৱা ৰমন্যাসী বৰষুণজাক। অহেতুক RCC 303 নং কোঠাত বহি লুটিয়াই চাম পুৰণি দিনলিপিৰ অলিখিত পৃষ্ঠাবোৰ।
কেণ্টিনত একাপ গৰম চাহৰ সতে ফিৰাই আনিম জীৱনৰ এচোৱা ছন্দোময় সময়।
বৰপাত্ৰ কুটীৰৰ সমুখত হিৰন্ময় বতাহজাকে সেই একেই আপোনত্বৰে আকোৱালি লবনে পুণৰ এবাৰ ?
অডিটৰিয়ামৰ কিৰিলিবোৰত পামনে আকৌ ঠাই?
এনেকৈয়ে তোমাৰ বুকুলৈ নিয়মমাফিক যৌৱন আহিব আৰু যাব। আমিবোৰ পুৰণি হৈ যাম , হাজাৰোধিক নতুনে আহি জিলিকাই ৰাখিব তোমাৰ গৰিমা। অৰ্নিবান হব তোমাৰ পোহৰৰ মহা অভিযান। তুমি প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি খনিকৰ হবা এজাক পোহৰ পিয়াসী কল্যাণকামী নাগৰিকৰ।
আৰু আমাৰ দৰে প্ৰাক্তন জেবিয়ান সকলোৰে বুকুত তুমি দিয়া নীলা খিনি নদী হৈ বৈ থাকিব।
...চিৰদিনলৈ , চিৰদিনলৈ!!
যিমানেই পুৰণি হব সেই নীলা সিমানেই প্ৰগাঢ় হব!
জয়তু জগন্নাথ বৰুৱা মহাবিদ্যালয়।।
সমাপ্ত..
****
সংযোজন:-
"তুমি সুখ যদি নাহি পাও
যাও সুখের সন্ধানে যাও
আমি তোমারে পেয়েছি হৃদয়-মাঝে
আর কিছু নাহি চাই গো
আমার পরান যাহা চায়"
প্ৰিয় ৰবীন্দ্ৰ সংগীতটো ফোনত ৰিপিড মুডত বাজি আছে সমীক্ষাৰ। খিৰিকীৰে সোমাই আহিছে আগষ্টমহীয়া কঁচিয়ালি ৰ'দ।
ৱালৰ কাষৰ নানাৰঙী জৱাফুল বোৰত পৰি একান্তমনে মৌ চুহি আছে পখিলাবোৰে। আইনাৰ সমুখত ৰৈ তাই বগা ছুৰিদাৰযোৰ পিন্ধি নীলা আৰু বগাৰ সংমিশ্ৰিত ফুটুকীয়া দুপাট্টাখন জাপি ললে।
আজি পুণৰ এবাৰলৈ জে বি কলেজত তাইৰ প্ৰথম দিন, স্নাতকোত্তৰ মহলাৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী হিচাপে। কৃষ্ণচূড়া অথবা নাহৰৰ দেশৰ মেৰিট লিষ্টৰ শীৰ্ষত থাকিও কলেজখন আৰু চহৰখনৰ প্ৰতি এৰাব নোৱাৰা প্ৰেমে ধৰি ৰাখিলে তাইক।
দ্বিতীয় বাৰলৈ ধন্য হৈছে সমীক্ষা জেবিয়ান পৰিচয়েৰে।
: মা , আহিছো দেই।
এটা কান্ধত বেগটো লৈ ৰদৰ ফালে ছাটিতো মেলি তাই কলে।
: ঠিক আছে , All the Best.
মাকে হাতত অশোক ফুলৰ পাহি এটি তুলি দি গেটৰ ওছৰলৈকে আগবঢ়াই দিলে সমীক্ষাক।
টেম্পুত বহি ফোনৰ নোট পেড খুলি তাই লিখে ,
" আকৌ এবাৰ তোমাৰ বিশাল হৃদয়ত ঠাই বিছাৰি উভতি আহিছো জে বি। অনাগত দুটা বছৰলৈ পুণুৰাই গৌৰৱেৰে কম - মই জেবিয়ান।
~১৩ আগষ্ট"
: বৰঠাকুৰ দা ভালনে ?
কলেজ গেট অতিক্ৰম কৰিয়েই নিজা আসনত বহি থকা বৰঠাকুৰ দাক মাতিলে তাই।
: ভাল ভাল। তেওঁৰ মুখত সেই চিৰপৰিচিত হাঁহি।
আজিও দেবদাৰুৰ ফাকেৰে সৰি পৰিছে কবিতা , বৰপাত্ৰ কুটীৰৰ সন্মুখত ন' বজাৰ স্বভাৱ সুলভ ব্যস্ততা।
অ'ত ত'ত সমীক্ষাৰ মনে বিছাৰি ফুৰিছে আপোন মুখবোৰ - তনয়া , সাধনা , মিত্ৰা অথবা ৰিতিষ্ণা কোনোৱেই যে নাই এতিয়া।
ঠিক তেনেতে ফোনটো ভাইব্ৰেট হ'ল , ব্ৰাইটনেছ কমাই থোৱাৰ বাবে ডিছপ্লেত জিলিকি থকা নামটোও অস্পষ্ট দেখিছে তাই।
: হেল্ল.. কোনে কলে বাৰু ?
বৰপাত্ৰ কুটীৰৰ কাষতে ৰৈ তাই ফোনটো ৰিচিভ কৰিলে।
: পাহৰি গ'লা নহয় শৰ্মিলা মোক ?
উফ্ ... প্ৰেমৰাগৰ উত্তাল জোৱাৰ উঠিল মন প্ৰজাত।
ৰদে পুৰা কোনো পথিকে বিৰিখৰ ছাঁ পোৱাৰ দৰে এক প্ৰশান্তিয়ে চুই যায় মন প্ৰাণ তাইৰ !!
: তু - মি !!
: উম ময়েই মিছ লেখিকা বাইদেউ।
: কি লেখিকা বাইদেউ আকৌ ?
একো বুজিব নোৱাৰি সুধিলে সমীক্ষাই।
: তুমি হেনো জে বি কলেজ বুলি কিবা উপন্যাস এখন লিখিছা ?
দুৰত থাকিও তাইৰ খবৰ ৰাখিবলৈ পাহৰি নাযায় সি কেতিয়াও , কোনো পাকৈত অনুসন্ধানকাৰীৰ দৰে তাইৰ প্ৰতিটো কামৰে হিচাপ লৈ থাকে বৰ্ণমে। অৱশ্যে সি সুধা কথাষাৰ সম্পূৰ্ণ মিছাও নহয়। বন্ধৰ দিনকেইটাত কিবা এটা লিখি ব্লগ এটা খুলি মাজে সময়ে তাতে আপলোড কৰি থাকে সমীক্ষাই।
: কিবা এটা লিখিছিলো বাৰু। তোমাক কোনে কলে?
: খবৰ পাওঁতো মই।
: হয়নে , কোনে দিয়েনো ?
: সেইটো ছিক্ৰেট , বাৰু এটা কথা কোৱাছোন।
: কি ?
: তাত বাৰু মোৰ কথা লিখিছা নে ?
বহুদিন ধৰি ৰখা পখিলা জাক পাৰ হৈ যায় সমীক্ষাৰ অন্তৰৰ মাজেৰে। বৰ্ণমৰ কথা নিলিখি কাৰ কথা লিখিব তাই ?
তাৰ উৰ্দ্ধত কাৰো কথা ভাবিবলৈ শিকা নাই সমীক্ষাই আজিও !!
:ক'ৰ পৰা লিখিম ? তুমিটো আঙুলিৰ মুৰত গণি শেষ কৰিব পৰাকৈ মাতিছিলা মোক। যাৰ সতে কথা পতা হয় , তেওঁৰ কথাহে লিখিব পাৰি।
ওফোন্দ পাতি কয় তাই। শাওঁনমহীয়া বতাহ এজাক কাষেৰে গুচি যায় তেনেতে।
: হব হব , ভাল ভাল বন্ধুবোৰ আছিল নহয় সিহঁতৰ কথাই লিখিবা।
আয়ৈ দেহি !! বৰ্ণমৰ অভিমানী মুখখন এবাৰ চোৱাৰ সুতীব্ৰ হাবিয়াস হ'ল তাইৰ।
: By the way , কেনেকুৱা লাগিছে গুৱাহাটীত থাকি?
: গৰম লাগিছে , আৰু কি ?
: ইস্ ..
(পোনপটীয়াকৈ কথা নোকোৱাৰ স্বভাৱ এৰা নাই তাৰমানে।)
: নহয় অ , সচা কৱ গলে ভাল লগা নাই বিশেষ। আমনি লাগিছে ব্যস্ততাবোৰ।
: গুচি আহা তেনে..
অধৰ কামুৰি তলমুৰকৈ কলে তাই। বহাহজাকে গুণগুণাইছে এটি প্ৰেমগীত , দেবদাৰুৰ চিৰিলবোৰত লিপিট খাই ৰৈছে সুহুৰি।
: তাকে ভাবিছো , গুচি যাওঁ নেকি জে বি কলেজলৈ আকৌ।
বৰ্ণমে ধেমালিতে কলে যদিও কলিজাত ঢিপঢিপনি বাঢ়িল তাইৰ।
: ইস্ , ইনেই মিছামিছি কথাবোৰ কিয় কোৱা। এডমিশ্বন হৈ ক্লাছো আৰম্ভ হব আজিৰ পৰা।
: Well , মোৰ নিছিনা মানুহৰ বাবেই Late Admission বুলি অপশ্বন এটাও আছে নহয়!!
ঢিপ্ ঢিপ্ বোৰ অস্বাভাৱিক যেন লাগিল সমীক্ষাৰ। সচাই যদি নদীয়ে সলাই সোত , বৰ্ণম যদি ঘুৰি আহে জেবি কলেজলৈ !
ভাবিলেই চোন দুগাললৈ উজাই আহে এসোতা তপত ৰক্ত।
: সচানে ?
উৎসাহেৰে সুধিলে সমীক্ষাই।
: You will get to know !
: হেল্ল... বৰ্ণম , হেল্ল' !!
টুট টুট শব্দৰে ফোনটো কাট খাই গৈছে ইতিমধ্যে।
কেবাবাৰো ট্ৰাই কৰি সমীক্ষাৰ ফোনটো নালাগিল বৰ্ণমলৈ।
"খেয়ালী মনৰ মানুহবোৰৰ ফোনবোৰো বৰ মেজাজী হয় তাৰমানে!!"
সমীক্ষাই ভাবিলে, ভাবি ভাবি নিৰৱে হাঁহিলে।
কিয়বা আজি এইদৰে থৌকি বাথৌ লাগিছে মন।
নদীৰ অপেক্ষাত ৰৈ থকা অৰ্ণৱৰ দৰে বহু ঢৌৱে মহাতৰংগ তুলিছে হিয়াৰ দিহিঙে দিপাঙে।
কল্লোল...কল্লোল!!
*****
((প্ৰিয় পাঠক, এইখিনিতে বিদায় ললো আপোনালোকৰ পৰা। কোনো কাহিনীয়েই অন্তিমটো দাৰিত শেষ হৈ নাজায় কেতিয়াও। বহু সম্ভৱনা ৰৈ যায় , ৰৈ যায় নানা অভিস্পা , প্ৰশ্ন।
আমাৰ অজ্ঞাতে কোনো চৰিত্ৰই গতিপথ সলায়ো কেতিয়াবা। কলম ধৰি থকা হাতখনৰ নিয়ন্ত্ৰণত চৰিত্ৰসমুহৰ মনৰ ভাববোৰ নাথাকে প্ৰায়ে। তথাপি মই প্ৰয়াস কৰিছো সকলোৰে প্ৰতি ন্যায় দিবলৈ , সকলোকে সজীৱকৈ ফুটাই তুলিবলৈ।
কৱলগীয়া বহুত আছে , আজি ভাষা বিছাৰি পোৱা নাই। কিমানেযে মেছেজ অথবা ফোন কৰি পেচ পাতিছে জেবিয়ান..🦋 শেষ কৰাৰ বাবে। কিন্তু মই নিৰুপায়। নাজানো কিদৰে মনৰ মাজতে ধাৰণা এটা সোমাই গল , যে বেছি দীঘলীয়া হলে আমনিদায়ক পাব সকলোৱে। সেয়ে , মৰম মৰম ভাবখিনি থাকোতেই শেষ কৰাৰ আপ্ৰাণ প্ৰয়াস কৰি আছিলো অতদিনে। আজি এটা গধুৰ দায়িত্বৰ পৰা মুক্ত হোৱাৰ দৰেও লাগিছে , বেয়াও লাগিছে কিবা এটা মনটো।
তদুপৰি বহুতে জানিব বিছৰাৰ বাবে কৈ যাওঁ যে প্ৰায় প্ৰতিটো চৰিত্ৰৰে জুমুঠিটো বাস্তৱ। চৰিত্ৰবোৰ ভালে আছে বাস্তৱ জীৱনত।
জ্যোতিময় , ৰিয়ান , পৰাগ , ঋষি , পিংকু অথবা কৌশিক সকলো কুশলে আছে। সাধনা আৰু নৱাৰুণৰ ভালপোৱা উপনীত হৈছেহি পঞ্চম বাৰ্ষিকীত , সুখী আৰু সফল দুয়ো। মিত্ৰাই আয়ুবক পাহৰিব নোৱাৰিলেও জীৱনত আগুৱাই আহিছে বহুদুৰ। শুণি ভালপাব যে যোৱা বছৰ তাই Miss NEHU টাইটেল আৰ্জন কৰিছে। জ্যোতিময়ৰো কবিতাৰ সতে বন্ধুত্ব সুলভ এটি সম্পৰ্ক আছে।অমানিশা আৰু তাইৰ দেউতাকো কুশলেই আছে।
পঞ্চী - পাৰ্থৰ জীৱনলৈয়ো আহিছে ন- সদস্য।
জেবিয়ান লিখাৰ বাবেই বহুত নতুন বন্ধু পালো , মই বিছাৰিম সেই বন্ধুত্ব যাতে অটুট থাকে সদায়। যিয়ে সমীক্ষাক ভালপায় , বৰ্ণমক বুজি পায় তেওঁলোকলৈ অপৰিসীম মৰম। ))
********
✍️সংগীতা দেৱী , যোৰহাট
Comments
Post a Comment