জেবিয়ান..🦋 (খণ্ড - ৩০)
: এয়া আমাৰ ডিপাৰ্টমেণ্টৰ নতুনকৈ আহিছে নীলাক্ষী বাইদেউ। এতিয়া তোমালোকৰ ক্লাছ কৰিব।
বিভাগীয় কোঠাতোলৈ আহি ৰঞ্জন ছাৰে সমীক্ষাহঁতৰ লগত চিনাকি কৰাই দিলে দৰ্শন বিভাগৰ নৱনিযুক্ত বাইদেউ গৰাকীৰ লগত।
বাইদেৱে আৰম্ভ কৰিছে ধৰ্ম দৰ্শনৰ শৈৱ ধৰ্মৰ ব্যাখ্যা। প্ৰথম ক্লাছটোতেই সমীক্ষাৰ বৰ আপোন যেন লাগিছে তেওঁক। যেন অধ্যাপিকা নহয় বান্ধৱী হে। ইনেও সিহতৰ সতে বাইদেউৰ বিশেষ বয়সৰ ব্যৱধান হব দৰে লগাও নাই।
: এইটো আমাৰ লাষ্ট ইয়েৰ। চব মিলি এক্সাৰছন এটাত যাওঁ বল।
নীলাক্ষী বাইদেউ ৰুমটোৰ পৰা ওলাই যোৱাৰ পাছত
প্ৰণৱে আগবঢ়ালে প্ৰস্তাৱ।
: জেনেৰেল এক্সাৰছন গোৱালৈ উলিয়াইছে। যাব পাৰি। অৰ্জুনে বহাৰ পৰা কলে ।
: নাই নাই .. অকল আমাৰ ডিপাৰ্টমেণ্টটো যাওঁ। জেনেৰেলত নাযাওঁ। কি কোৱা সমীক্ষা ?
এইবাৰ সমীক্ষাৰ দিশে চাই প্ৰণৱে সুধিলে।
: মই নাযাওঁ দেই মাক এৰি। তাই মুৰ জোকাৰি কলে।
: একো নহয় অ.. ব'লা। আকৌ নো ক'ত লগ হম আমি ? Let's enjoy the last year to the fullest!
তুমি থাকিলে পাৰমিশ্বন লবলৈয়ো ভাল হব ডিপাৰ্টমেণ্ট ৰ পৰা।
: অ কথা তাৰমানে সেইটো !
প্ৰণৱৰ দিশে চাওঁতে বৰ্ণমৰ সতে চকুত চকু পৰিল তাইৰ ; হাঁহি এটা মাৰিব নেকি ?
উহো .. সেইদিনা যে তাইৰ সম্ভাষণ ফালৰি কাটি মুখ ঘুৰাইছিল সি।
: নহয় , নহয়। তুমি বাৰু মাক ফোন এটা লগোৱাছোন। দৰকাৰ হলে মই কথা পাতিম।
: কিন্তু যাবা ক'ত ?
ফোনটো উলিয়াই মাকৰ নাম্বাৰটো ডায়েল কৰিবলৈ লৈ তাই সুধিলে।
: মনালী যাওঁ ..
ৰিতিষ্ণাই সেইখিনি লৈ আহি কলে।
: নাই নাই , কলকাতা । অৰ্জুনে চিঞৰি কলে।
: নহয় ছাউথ ইণ্ডিয়া। আন কোনোৱাই কলে।
: দাৰ্জিলিঙো বেয়া নহয়।
সমীক্ষাই কওঁ নকওঁকৈ কলে।
: তাৰমানে তুমি যোৱাটো ছিঅৰ?
প্ৰণৱে তাই ফালে চাই সুধিলে।
: সেইবোৰ পাছত পাতিম। এতিয়া ৱাল মেগাজিনৰ কামত লাগো আহা।
সেইখিনিতে সভা ভংগ কৰি ৰিয়ানে কলে।
সকলোবোৰ পুণৰ ব্যস্ত হ'ল ডিপাৰ্টমেণ্ট ডেৰ আয়োজনত।
: সোনজনী এই ৰঙা চাদৰ মেখেলাযোৰ তোৰ বাবে লৈছো। ৰাতি পিন্ধিৱলৈ।
পঞ্চীয়ে WhatsApp ত ৰঙা পাটৰ কাপোৰ এযোৰৰ ফটো পঠালে তাইলৈ তেনেতে।
: ধুণীয়া লাগিছে।
সমীক্ষাই ৰিপ্লাই লিখি বিভাগীয় কোঠাটোৰ বাহিৰলৈ উলাই আহিল। ৰিমজিম কৈ সৰিছে এজাক ভদীয়া বৰষুণ। জে বি কলেজৰ বৰষুণ জাক সদায়েই এটা কবিতা হেন ! তাই আকাশৰ দিশে মুৰ তুলি চাই ললে বৃষ্টিকণাৰ পৰশ অকন। তাই যে বৰষুণৰ আজন্ম প্ৰেমী। কিয় জানো আজিকালি জে বি কলেজৰ প্ৰেমত অলপ বেছিকৈ পৰিছে সমীক্ষা। হয়তো বিদায়ৰ ক্ষণ কাষচাপি অহাৰ বাবেই।
: বৰষুণ ভালপোৱা ছোৱালী জনী সোমাই আহা । জ্বৰ হব নহলে।
বাৰাণ্ডাখনত ৰৈ নাছৰিণে মাতিলে তাইক।
সমীক্ষা লৰালৰিকৈ আহি বাৰাণ্ডাত উঠিলহি।
খিৰিকীৰে দেখিলে ক্লাছ ৰুমত অন্যমনস্ক ভাৱে বহি আছে বৰ্ণম , স্ব ভাৱনাৰ পৃথিৱীত বিভোৰ হৈ।
সেইদিশে চায়েই এটা দীৰ্ঘশ্বাস এৰিলে সমীক্ষাই!
যি চাৱনিত আছে গাঢ় প্ৰেম.. যি প্ৰেম পৰ্বত ভাঙি , শিলত ঠেকা খাই নামি অহা জুৰিৰ পানীৰ দৰেই নিৰ্মল আৰু নিকা।
: কেণ্টিন যাওঁ বল। চাহ খাওগৈ।
সমীক্ষাৰ ওছৰলৈ আহি ৰিতিষ্ণাই কলে।
: কিয় ক্লাছ নহয় নেকি ?
: আনয়া বাইদেউ ৰিটায়াৰ্দ হল যে .. আজিৰ কাৰণে এইটো ক্লাছ মিলাব পৰা নাই হেনো।
: হয় নেকি ব'ল তেন্তে।
দুয়োজনী কেণ্টিনৰ দিশে আগবাঢ়িল।
: সমী এপ্লিকেশ্বন এখন লিখা। দাৰ্জিলিং যোৱাটোৱেই ফিক্স কৰিছো আমি। মই ট্ৰেভেল এজেঞ্চীৰ সৈতে কথা পাতিলোৱেই।
চাহকাপ হাতত লৈ টেবুলত বহিছিল মাথো তাই। ততাতৈয়াকৈ আহি প্ৰণৱে কলে।
: দেহি অই.. ইমান যদি পঢ়াতো মন দিলাহেতেন।
ৰিতিষ্ণাই হাঁহি হাঁহি কলে।
: ডিপাৰ্টমেণ্ট বা প্ৰিঞ্চিপাল ছাৰৰ পাৰমিশ্বন নোলোৱাকৈয়ে ট্ৰেভেল এজেঞ্চীৰ লগতো যোগাযোগ কৰিলা তুমি ?
সমীক্ষাই কলে এইবাৰ।
: হয় , ছুপাৰ ফাৰ্ষ্ট মানুহটো।
: লিখিম বাৰু দিয়া। মই কিন্তু যোৱাটো ঠিক হোৱা নাই এতিয়াও।
: ওলাবা হে .. কিমাননো মাৰ আচলখন ধৰি থাকিবা।
এইষাৰ কথাই এদিন বৰ্ণমেও কৈছিল তাইক। সমীক্ষাৰ জানে মাকে তাইক যাবলৈ বাধা নিদিয়ে কেতিয়াও , তথাপিছোন দোধোৰমোধৰ লাগি আছে কিবা এটা। তেনেতে কেণ্টিনৰ কাষৰ পানীৰ ফিল্টাৰৰ ওছৰত বৰ্ণমক দেখিলে তাই। সমীক্ষায়ো কিবা ভাবি উঠি গল সেইখিনিলৈ।
: বৰ্ণম , ডিপাৰ্টমেণ্টৰ পৰা এক্সাৰশ্বন যোৱাৰ প্লেন কৰা হৈছে।
: তাতে ?
: তুমিও ওলাবা নে ?
: নাযাওঁ।
: কিয় , তুমিটো পাহাৰ ভালপোৱা ? দাৰ্জিলিং যোৱা হব!
: মুড নাই।
" মুড নাই.."
বৰ্ণমক সিঁয়াৰি মুখৰ ভিতৰতে কলে তাই।
সব কথাতে বেছি বেছি মানে অলপ! খালী না।
পঞ্চীৰ বিয়ালৈয়ো নাযায় , এক্সাৰশ্বনটো নাযায়।
মুঠতে কতোৱে নাযায় সি।
" সমী আহানা" চিঞৰি মাতিলে প্ৰণৱে তাইক।
" কিয়নো মাতো এই লৰাটো মই , সদায় লাজহে পাওঁ মানে"
মুখ ফুলাই বৰ্ণমৰ কাষৰ পৰা আতৰি আহোতে সমীক্ষাই ভাবিলে ।
প্ৰণৱৰ উৎপাতত উপায়ন্তৰ হৈ কেণ্টিনতে বহীখনৰ
শেষৰ পৃষ্ঠাত তাই এপ্লিকেশ্বন লিখিবলৈ আৰম্ভ কৰিলে।
বৰষুণ আতৰাই চহৰখনত তেতিয়া এচেৰেঙা ৰ'দ।
******
ড্ৰয়িং ৰুমত বহি বিয়াৰ খবৰ লবলৈ অহা আলহীসকলক মাত এষাৰ লগাই পাকঘৰত থকা মাকৰ কাষ পালেগৈ সমীক্ষা।
: সোণজনী আহিলা নেকি ? দেউতাই মিঠাই আনিছিল। ফ্ৰীজৰ পৰা লৈ খোৱাগৈছোন।
: হব পাছত খাম। শুণাছোন ডিপাৰ্টমেণ্টৰ পৰা ডিচেম্বৰত এক্সাৰশ্বন উলাইছে দাৰ্জিলিঙলৈ , যাম নেকি মই?
: যাবা আকৌ।
বৰ সহজেই অনুমতি দিলে মাকে। তেওঁ এনেকুৱাই , সদায়েই সিহতক কয় যে জীৱনক উপভোগ কৰাৰ বয়স এয়া , কোনো ভুল নকৰালৈকে দুয়োজনী স্বাধীন। দেউতাকৰ কথাটো কৱই নালাগে, কোনোদিনে কোনো কথাতেই হকা বাধা দি পোৱাৱেই নাই আজিলৈকে। দেউতাকৰ দৰে সৎ , সৰল মানুহ কতো দেখাও নাই তাই।
: মই বাৰু ফাইনেল ডিছিশ্বন লোৱা নাই এতিয়াও। তনয়াকো সুধো যাব নেকি।
: ঠিক আছে যোৱা, মুখ হাত ধুই আহাগৈ।
মাকৰ ওছৰৰ পৰা আহি টাৱেলখন লৈ বাৰ্থৰুমলৈ গ'ল তাই।
: সমীক্ষা , কালিলৈ তুমি ৱাল মেগাজিন ৰিপ্ৰেজেণ্ট কৰিব লাগিব দেই। অথ'ৰিটিক নাম ছাবমিট কৰিলো মই।
গধূলি বেলা ফুল কেইজোপাত পানী দি থকা সমীক্ষালৈ ফোন কৰি ৰিয়ানে কলে।
: দিয়েই দিলা নেকি ? মই যে একো প্ৰিপেৰ্শ্বনেই কৰা নাই।
কিছু সংকোচবোধেৰে তাই কলে।
: তুমি পাৰিবা , মই জানো।
: হব বাৰু দিয়া। এতিয়াও কলেজতে আছা ন' ?
: উম .. অলপ পাছত যাম আৰু। ডিপাৰ্টমেণ্ট ডে ৰ বাবে আমাক RCC 101 ৰুমটো দিয়া হৈছে হা।
: ঠিক আছে দিয়া এতিয়া ৰাখো।
বিৰতিবিহীন ভাৱে তাইলৈ ফোন কৰি আছে প্ৰণৱেও অথনিৰে পৰা। ৰিয়ানে কলটো ৰখাৰ পাছত সেইটো ফোন ৰিছিভ কৰিলে সমীক্ষাই।
: অই .. মায়ে কি কলে ?
: যাবলৈ দিব।
: উফ্ ৰক্ষা ! বাকী বিয়াৰ আয়োজন কেনে?
: ভাল ভাল।
: কিবা কাম থাকিলে জনাবা।
: অহ ছিঅৰ।
প্ৰণৱে ফোনটো ৰখাৰ পাছত পুণৰ ফুলবোৰত পানী ছটিয়াবলৈ আৰম্ভ কৰিলে সমীক্ষাই।
*****
ডিপাৰ্টমেণ্ট ডে বুলি অলপ সোণকালে উঠিল সমীক্ষা , আঠবজাতে যে পাবগৈ লাগিব কলেজ।
ততাতৈয়াকৈ চাদৰ মেখেলা যোৰ পিন্ধি বতৰতো কিছু ঠাণ্ডা দেখি চুলিখিনি মেলি ললে আজি।
: মা দেউতা মোৰ হল দেই। যাওঁ
বাৰাণ্ডাতে ৰৈ চেণ্ডেলযোৰ পিন্ধি পিন্ধি দুয়োকে মাত লগালে সমীক্ষাই। পঞ্চি তেতিয়ালৈ উঠায়ে নাই বিছনাৰ পৰা।
: ঠিক আছে । দুয়োয়ে একেলগে কলে।
"ৱাহ , সমী বা। কি ধুণীয়া লাগিছে তোমাক আজি"
ঘৰৰ ওছৰৰে ক্লাছ ছেভেন , এইটত পঢ়ি থকা লৰাকেইটাই স্কুললৈ যাবলৈ পুলৰ ওছৰতে ৰৈ থকাৰ পৰা জোকালে তাইক। এই লৰাকেইটা তাইৰ বৰ মৰমৰ। যতেই দেখে বা বুলি খুউৱ ধুনীয়াকৈ মাতে।
আজি কিন্তু এনেকৈ জোকোৱাত ছাটিতোৱেই মুখ ধাকিলে সমীক্ষাই।
" আজি ফেচবুকত ফটো এখন দিবা কিন্তু !"
আকৌ কলে সিহঁতে।
: ঘৰত লগাম ৰৱা তোমালোকৰ কথা।
মৰমসনা ভেকাহি এটা মাৰি কলে তাই।
কলেজখন যে কি সুন্দৰ লাগিছে আজি। ডিপাৰ্টমেণ্ট ডে বুলি প্ৰতিটো বিভাগতে অন্তহীন ব্যস্ততা। অডিটৰিয়ামতক শাৰী শাৰীকৈ সজোৱা হৈছে প্ৰাচীৰ প্ৰত্ৰিকা সমুহ । প্ৰতিখন প্ৰত্ৰিকাৰে বিষয়বস্তু সুকীয়া।
মধ্যভাগত জিলিকি থকা কেন্দ্ৰীয় প্ৰত্ৰিকা স্পন্দন যাৰ থিম কিন্তু প্ৰত্যেকবাৰেই হৃদয়কেন্দ্ৰিক। এইবাৰৰ বিষয়বস্ত আছিল
" হৃদয়ৰ পৰা হৃদয়লৈ - হৃদস্পন্দন"।
কৌশিকৰ অনুৰোধতে বিশেষ একো নভবাকৈ স্পন্দনৰ বাবে প্ৰেমবিষয়ক লেখা এটা দিছিল সমীক্ষায়ো। সেয়ে প্ৰত্ৰিকা খনৰ কিছু কাষলৈ গৈ লেখাটো আছে নেকি চকুফুৰাই চালে সমীক্ষাই।
আছে , তাইৰ মনটো কিবা ভাল লাগি গল।
অডিটৰিয়ামৰ পৰা ওলাই আৰ চি চি বিল্ডিঙৰ দিশে খোজ আগবঢ়ালে এইবাৰ সমীক্ষাই।
ঠিক 101 নং কোঠাৰ সন্মুখতে দুয়োহাতে জাপি থোৱা চকীকেইখনমান ডাঙি অনা বৰ্ণমে একেথৰে চালে তাইলৈ।
সমীক্ষা যেন লাজতে নোহোৱা হৈ যাব। " এনেকৈ বাৰু কি চাইছে সি ?" সন্মুখত যেতিয়া বৰ্ণম থাকে তাইৰ খোজবোৰত সদায়েই লাগে আউল , নিজে শুণা পায় নিজৰেই হৃদস্পন্দন। তেজৰঙা হয় দুগাল।
অলপদিন আগতে কেণ্টিনত ইগন'ৰ কৰা কথাষাৰ মনত পেলাই কিছু সংযত হল তাই এইবাৰ। বৰ্ণমৰ কাষেৰেই 101 নং কোঠালৈ সোমাই গল সমীক্ষা।
ৰুমটোত মানুহ বুলিবলৈ আছে মাথো তাই , জয়া , ছাউণ্ড ছিষ্টেমতো ঠিক কৰি থকা লৰাজন আৰু বৰ্ণম।
: আহিলা ?
চকীবোৰ ঠিক কৰি থকাৰ পৰা মাতিলে জয়াই।
: উম , আৰু কোনো অহা নাই নেকি ?
বৰ্ণমক যেন সমীক্ষাই দেখাই নাই।
: ৰিয়ান আহিছিল। কিবা কামত ওলাই গৈছে।
: অহ্ ...
: আজি তোমাক কিবা এটা বেলেগ লাগিছে জানা। মানে ভাল লাগিছে, চুলি মেলি অহাৰ বাবে।
: Thank you জয়া । তোমাকো বৰ ধুনীয়া লাগিছে।
বেঞ্চ এখনতে বহি তাই কলে।
: Thank you দেই। হাঁহি এটা মাৰি ৰুমটোৰ পৰা ওলাই গল জয়া। বাকী ৰল মাথো বৰ্ণম , তাই আৰু ছাউণ্ড ছিষ্টেমৰ লগত লাগি থকা দাদাজন।
উফ... চৰাইৰ ডেউকাৰ দৰে ধপধপাইছে সমীক্ষাৰ হিয়া।
কিয় ওলাই গল বাৰু জয়া ?
সোণৰ পখিলা চেপি জয়াৰ যোৱাৰ দিশে চাই ভাবি থাকিলে তাই। ইমানকৈ কিয় কপিছে দুভৰি।
বৰ্ণমে দুৱাৰমুখতে ৰৈ বেলুন ফুলাই আছে। আৰচকুৰে সমীক্ষাই চাইছে তালৈ।
: অলপ হেল্প কৰি দিয়া।
বৰ্ণমে মাতিলে এইবাৰ। আস্ এই মাতষাৰ , কিমান হেপাঁহৰ তাইৰ এইষাৰ মাত।
: মই বেলুন ফুলাব নোৱাৰো। তাৰফালে নোচোৱাকৈয়ে সমীক্ষাৰ শীতল উত্তৰ।
: কিয় ?
: বেলুন বোৰত এটা ষ্মেল থাকে। বেয়া পাওঁ সেইটো।
: ইছ্.. !
মুখৰ ভিতৰতে হাঁহিলে সি। সমীক্ষাই সি ভয় খাই যোৱাকৈ চকু কেইটা সৰু কৰি দেখুৱালে। কিন্তু হাঁহি বাঢ়িলেহে বৰ্ণমৰ।
: বেলুন বিলাক ধৰিয়ে দিবা আহা ।
বহাৰ পৰা উঠিল তাই।
বৰ্ণমৰ কাষতৈ গৈ বেলুন ধৰি দিলে। সি হাৱা উলাব নোৱাৰাকৈ গুলি সুতাৰে বান্ধিলে বেলুনৰ আগবোৰ।
জে বি কলেজৰ বতাহজাকো বৰ চঞ্চল হয় বৰ্ণম কাষত থাকিলে । পলকতে আউলী বাউলি কৰে চুলিকোচা।
: চুলিখিনি মেলি আহিছা , চিনিয়েই পোৱা নাছিলো।
একান্তমনে গাঁথিটো দিয়াৰ পৰা সি কলে।
সমীক্ষাৰ দুগাল ৰক্তজৱা বৰ্ণী হল।
: হয়নেকি...?
তলমূৰ কৰি থকা সমীক্ষাৰ চকুত পৰিল বৰ্ণমৰ সোহাতৰ বুঢ়া আঙুলিৰ কাষৰ ঘাঁখিনিলৈ।
: তুমি কেনেবাকৈ দুখ পালা নেকি হাতত ?
বৰ্ণমৰ ঘাঁকণলৈ চাই তাই সুধিলে।
: অহ এইবোৰ সৰু সুৰা।
: নিজৰ অলপ কেয়াৰ লব লাগে মানুহে।
কিয় জানো বৰ্ণমে দুখ পোৱাৰ আচোৰ খিনি যেন তাইৰ কলিজাতহে লাগিল।
: লম বাৰু!
: তুমি সচাকৈ বাৰ বিয়াত নোযোৱা ?
:উহো নাযাওঁ।
: এক্সাৰশ্বনো নোযোৱা ?
: নাযাওঁ।
ঠিক তেনেতে ছাউণ্ড ছিষ্টেমত কান তাল মৰা শব্দ এটা হ'ল। হাতৰ বেলুন এৰি দুইহাতেৰে সমীক্ষাই খামুচি ধৰিলে নিজৰেই দুয়োকাণ।
: Sorry sorry !
দাদাজনে লৰালৰিকৈ কিবা টিপি সেই শব্দটো নোহোৱা কৰিলে।
: ইমান অলপ কথাতে ভয় খোৱা তুমি।
কোনোৱাই ঠিকেই কৈছিল তোমাৰ নাম হেনো মিনি হাৰ্ট এটেক্ ।
বেলুনকেইটা বুটলি বৰ্ণমে কলে। ইস্..এই নামটোও গম পালেগৈ মানে বৰ্ণমে , তাইৰ জীৱনৰ প্ৰতিটো কথাৰে খবৰ ৰাখে সি। মাথো তাৰ বিষয়ে জনাৰ এটা সুৰুঙাও নেৰে কতো।
:এক্সাৰ্শ্বনত কিন্তু সাৱধান হবা অলপ। যতেই যোৱা ৰিতিষ্ণা লীমাৰ লগত যাবা। প্ৰণৱহঁতৰ পৰা ছেফ ডিষ্টেঞ্চত থাকিবা।
" ইছ্ .. পৃথিৱীৰ সব লৰাৰ যেন তোমাৰ প্ৰাক্তন প্ৰেয়সী লৈহে চকু! ইমানেই যদি চিন্তা নোযোৱা কিয় লগত ?"
মনৰ কথাবোৰ মনতেই সাচি ৰাখে সমীক্ষাই। হাজাৰ প্ৰয়াস কৰিও কৱ নোৱাৰি তাক। কিবা এটাই সী ৰাখে অধৰ।
: মই বাৰু লগত নগলেওঁ খবৰ বোৰ লৈ থাকিম।
: ঠিক আছে বৰ্ণম।
বতাহে ঢৌ তোলা চুলিবোৰ সামৰি তাই কলে।
বৰ্ণমৰ সতে এনেদৰে কথা পতাৰ সৌভাগ্য তাইৰ খুবেই কমকৈ হয়। যিদিনাই কথা পাতে সেই দিনতোৱেই হৈ পৰে উৎসৱৰ দৰে।
কুৰুক্ষেত্ৰৰ প্ৰকৃত ৰণ এখন বিশাল ভুমিত হৈছিল , আজিৰ যুগত চোন মানুহে মনতে লৈ ফুৰে একো একোখন কুৰুক্ষেত্ৰ সম কথা। কথাবোৰ কৱ নোৱাৰি , সংকোচবোধ হয় সন্মুখত থকা মানুহ জন বা শুণিবলৈ আগ্ৰহী হয় নে নহয় ?
সমীক্ষাৰ হিয়াটো জমা হৈ আছে বহু কথা , এলান্ধুৱে বেৰি ধৰিছে কথাবোৰ। তথাপি ৰৈ যায় কবলৈ !!!
" সমীক্ষা , তুমি অডিলৈ যোৱা টাইম হৈছে"
ঠিক তেনেতে জয়াই আহি মাত লগালেহি।
: ঠিক আছে।
উলাই আহিল সমীক্ষা। ইংগিতেৰে ললে বৰ্ণমৰ পৰা বিদায়।
" সমীক্ষা , মোৰ ফালে কিন্তু নাচাবাই । যদি আকৌ পৰি যাওঁ প্ৰেমত "
দৰ্শন বিভাগৰ প্ৰত্ৰিকা খনৰ সন্মুখৰ টেবুলখনত ফুল সজাই আছিল তাই। পাছফালৰ পৰা কোনোবাই মতাত উভতি চালে।
: আৰে কৌশিক ।
: উফ্.. কিয় চালা ?
কলিজাত হাত থৈ হাঁহি মাৰিলে সি।
: পাছফালৰ পৰা মাতিলে চাবতো লাগিবই।
হাঁহি মাৰি তাই কলে। জ্যোতিময় , ৰিয়ান আৰু মিত্ৰাহতো সেই ঠাই পাইছিলহি তেতিয়া।
: All the best সমীক্ষা। প্ৰণৱো থাকিব তোমাৰ লগত। জ্যোতিময়ে কলে।
: ঠিক আছে । Thank you!
বিভাগীয় শিক্ষকসকলো প্ৰত্ৰিকাৰ উন্মোচনৰ বাবে সেইঠাই পালেহি। সমীক্ষাহতে সকলোকে সেৱা কৰি শিক্ষক দিৱসৰ শুভকামনা যাচিলে। কৌশিক ইতিমধ্যেই আতৰি গৈছে। অধ্যক্ষ ছাৰে আহি স্পন্দন উদ্ধোধন কৰাৰ পাছতেই বিভাগীয় মুৰব্বীসকলেও চাকি জ্বলাই উন্মোচন কৰিলে ছাত্ৰ ছাত্ৰী সকলে বহু পৰিশ্ৰমেৰে প্ৰস্তুত কৰা প্ৰাচীৰ প্ৰত্ৰিকাবোৰ।
তাৰ পাছতেই সকলো ডিপাৰ্টমেণ্ট ডেৰ বাবে ওলাই গল। এতিয়া অতিথিসকলে আহি নিৰীক্ষণ কৰিব প্ৰত্ৰিকা বোৰ।
: ৰিভিউবোৰ এইখন বহীত লবা দেই।
যোৱাৰ আগতে ৰিয়ানে তাইক বহী এখন দি কলে।
: ঠিক আছে।
সাংঘাতিক নৰ্মেল বিহেভ কৰিলেও ভয়ো খাইছে সমীক্ষাই। তাতে আকৌ প্ৰণৱে কৈ দিছে,
" মই একো কৱ নোৱাৰো দেই, show piece নিচিনাকৈহে থাকিম। "
অতিথিসকল , অন্য বিভাগৰ অধ্যাপক সকল আৰু প্ৰিঞ্চিপাল ছাৰে আহি পৰ্যবেক্ষণ কৰিলে প্ৰত্ৰিকাখন। দুই এটা প্ৰাসংগিক প্ৰশ্নও কৰিলে। সমীক্ষায়ো সৰল ভাষাত দিলে উত্তৰবোৰ।
অৱশেষত সুকলমে শেষ হল সেই পৰ্ৱ।
সমীক্ষা আৰু প্ৰণৱ 101 নং কোঠা পাইহি মানে আৰম্ভ হৈ গৈছে নৱাগতসকলৰ চিনাকি পৰ্ৱ। বুদ্ধিদীপ্ত আৰু সম্ভাৱনাৰ আকৰ ন- শিকাৰুসকল।
খুউৱ সুন্দৰকৈ দিছে প্ৰশ্নবোৰৰ উত্তৰ। এদিন এওঁলোকৰ হাততে বিভাগটোৰ সকলো দায়িত্ব এৰি যাবগৈ লাগিব সমীক্ষাহত। কলেজ খন এৰি যোৱাৰ কথা ভাবিলে সিক্ত হয় মন তাইৰ। নৃত্য , গীত , কবিতা আবৃত্তিৰে মুখৰ হৈ আছে আজি জেবি কলেজৰ বিশাল ভিতৰচোৱা। আৰ চি চি বিল্ডিঙৰ শোভা বাঢ়িছে চাৰিগুণ।
:সমীক্ষা , তুমি মাংস নোখোৱা ন' ?
এক্সট্ৰাকৈ পনীৰ অনা হৈছে দেই তোমাৰ বাবে।
ডিপাৰ্টমেণ্ট ডেৰ শেষত খাবৰ বাবে বিভাগীয় কোঠাতোলৈ যোৱা সমীক্ষাক ৰিয়ানে কলে।
: ই - মা-ন চিন্তা অ সমীক্ষালৈ ইয়াৰ!!
বেঞ্চ এখনত বহি খাই থকাৰ পৰা অৰ্জুনে কলে।
: সমী , এপিচ পনীৰ মোকো দিবা হা।
আন এটা কোণৰ পৰা আশিষে মাতিলে।
: ঠিক আছে লোৱা।
খাবলৈ লোৱাৰ আগতেই লাঞ্চৰ পেকেটতো চামুচখনেৰে খুচৰি পনীৰ কেইপিচ মান উলিয়াই আশিষক দিলে তাই।
: মাংস কিয় নোখোৱা তুমি ? বা ৰ বিয়াটো নোখোৱাবা নেকি আকৌ মাংস ?
অৰুণে সুধিলে এইবাৰ।
: খুৱাব চিন্তা নকৰিবা। আমাৰ ঘৰত অকল মইহে মাংস নাখাওঁ।
হাঁহি মাৰি কলে তাই।
: সমী বৰ ভাল ছোৱালী দেই। এপিচ খুজিছিলো , কেবাপিচো দিলে পনীৰ।
আশিষৰ কথাত মৃদুকৈ হাঁহিলে সকলোৱে।
জে বি কলেজখনক এতিয়ালৈকে কি দিব পাৰিছে সমীক্ষাই নাজানে , কিন্তু কলেজখনে অকৃত্ৰিমভাবে দিছে বহু কিবাকিবি। আলোচনী অথবা কেন্দ্ৰীয় প্ৰত্ৰিকাত তাইৰ অপৈণত শব্দবোৰক ঠাই দিয়াৰে পৰা আদি কৰি শিক্ষক সকলৰ মৰম , লাইব্ৰেৰীৰ এসোপামান উপন্যাস , জ্যোতিময় , মিত্ৰা , সাধনাহতৰ দৰে বন্ধুবোৰ আনকি হৃদয়ৰ ঢিপঢিপ্ বৰ্ণমকো;
সকলোবোৰেই পাইছে তাই কলেজখনত।
" ধন্য এই জীৱন , জেবিয়ান হোৱাৰ সুযোগ পাই।"
******
আগলৈ
✍️সংগীতা দেৱী
Comments
Post a Comment