জেবিয়ান..🦋 (খণ্ড -২৯)
:এতিয়াৰ পৰা তোমালোকৰ দায়িত্ব বাঢ়িব বিভাগটোত ইমানদিনে ছিনিয়ৰ খিনিৰ তত্বাৱধানত কামবোৰ কৰিছিলা , এতিয়া প্ৰাচীৰ প্ৰত্ৰিকা , ডিপাৰ্টমেণ্ট ডে , হাতেলিখা আলোচনী আদি সকলোবোৰতে গুৰি ধৰিব লাগিব কিন্তু।
পঞ্চম ষাণ্মাষিকৰ প্ৰথমটো ক্লাছৰ শেষত নীৰা বাইদেৱে কলে।
হয় , এতিয়া ডাঙৰ হৈছে সমীক্ষাহত। জে বি কলেজৰ স্নাতক মহলাৰ সবাতোকৈ অগ্ৰজ সিহত।
আৰ . চি. চি বিল্ডিঙৰ পৰা চিৰবিদায় লৈ সিহতে বিভাগীয় কোঠাতো লাভ কৰিছে এতিয়া। মেজৰৰ পেপাৰ বাঢ়িছে চাৰিখনলৈ , নন মেজৰ অথবা আন বিষয়বোৰ নোহোৱা হৈছে। মুঠতে সলনি হৈছে বহুকথা।
ছিনিয়ৰ হিচাপে অনাগত সময়ৰ দায়িত্ব বোধৰ কিছু আভাস দি নীৰা বাইদেউ ক্লাছ টোৰ পৰা ওলাই গ'ল।
অফ থকাৰ বাবে ৰিতিষ্ণা লীমাৰ সতে বিভাগীয় কোঠাতোৰ পৰা বাহিৰলৈ ওলাই আহিল সমীক্ষাও।
: বিগ বাজাৰত ছেল দিছে। যাবি নেকি সমী ?
লীমাই সুধিলে।
: মই নাযাওঁ , তহতি দুজনীয়ে যা।
: কিন্তু তই কাৰ লগত থাকিবি ? এইবাৰ ৰিতিষ্ণাই সুধিলে।
"মোৰ লগত থাকিবা ব'লা । কথা আছে তোমাৰ সতে। "
কিছু দুৰে দুৰে আহি থকা জ্যোতিময়ে কলে।
: কি কথা ? সমীক্ষাই উভতি চাই সুধিলে।
: কম বলা , কেণ্টিনতে বহো।
: ঠিক আছে বাৰু ।
ৰিতিষ্ণা লীমাক গেটৰ ওছৰলৈকে আগবঢ়াই দুয়ো কেণ্টিনত বহিলগৈ।
: আইচক্ৰীম খাবা ? মই আনিছো ৰ'বা।
জ্যোতিময়ক সেইঠাইতে এৰি কাউণ্টাৰলৈ গৈ ক'ৰনেট' আইচক্ৰীম দুটা আনিলে সমীক্ষাই।
: এতিয়া কোৱা ।
ফেনখনৰ তলতে দুয়ো বহাৰ পাছত সমীক্ষাই সুধিলে।
: দুটা ভাল খবৰ আছে ।
: ৱাও.. কোৱাছোন বাৰু।
: প্ৰথম কথা মই এটা এনড্ৰ'ইট ফোন কিনিলো নিজা টকাৰে । এতিয়াৰ পৰা কবিতাবোৰ ডায়েৰীত লিখি নানো আৰু তোমাৰ বাবে। ফোনত টাইপ কৰি WhatsApp কৰিম।
: ভাল কৰিলা দেই , আজিকালি ফোনটো বৰ প্ৰয়োজনীয়।
আইচক্ৰীম এচামুচ মুখত ভৰাই তাই কলে।
: আৰু দ্বিতীয় কথাটো হ'ল হয়তোবা মই প্ৰেমত পৰিছো।
: Really .. ?ষ্টাৰ্টিঙৰ পৰা কোৱাছোন সকলোবোৰ।
প্ৰেম আৰু প্ৰেমিক মানুহৰ বিষয়ে জানিবলৈ সদায়েই উত্তাউল হৈ থাকে তাই।
: ছোৱালী জনী ডি চি বি কলেজৰ। আমাৰ ডিপাৰ্টমেণ্টৰ ৰীতাৰ সৈতে একেটা পি.জি তে থাকে।
: চিনাকি কিদৰে হ'লা ?
: মোৰ পুৰণা ফোনতোৰ পৰা এদিন ৰীতায়ে তাইলৈ কল কৰিছিল। ময়ো বিশেষ একো নাভাবি নাম্বাৰটো ছেভ কৰি থলো। নতুন ফোনত WhatsApp install কৰাত তাইক পালো , ডি.পি এটা পুৰ্ণিমাৰ জোন দি থৈছিল। মেছেজ কৰি নিজৰ পৰিচয়টো দিলো মই , তেনেকৈয়ে আৰম্ভ হ'ল কথাবাৰ্তা !
ছোৱালী জনী কিবা এটা ভাল লাগি আহিছে দিনে দিনে। ছোৱা আমাৰ মেছেজ বোৰ।
মবাইলটোৰ WhatsApp খুলি দুয়োৰে মেছেজবোৰ তাইক দেখুৱালে জ্যোতিময়ে।
নিজৰ ব্যক্তিগত মেছেজবোৰ সমীক্ষাক দেখুৱাব পৰাকৈ কেতিয়াৰ পৰাযে ইমান প্ৰগাঢ় হ'ল দুয়োৰে বন্ধুত্ব !
সমীক্ষাই অলপীয়াকৈ মেছেজবোৰ পঢ়িলে। তাইৰ ভাবনাই কৈছে , কেনেবাকৈ মেছেজৰ সিপাৰে থকা ছোৱালী জনীও আকৰ্ষিত হৈছে জ্যোতিময়ৰ প্ৰতি।
: পিছে তাইৰ নামটো ?
: কবিতা হাজৰিকা।
: আহ্...চোৱাছোন, তুমি কবিতা লিখি ভালপোৱা আৰু তাইৰ নামটোৱেই কবিতা। সফল হোৱা দুয়ো।
মোৰ intuition এ কৈছে তায়ো কিবা এটা ফিল কৰে তোমাৰ বাবে।
: হয়নে ?
পলকতে জিলিকি উঠিল জ্যোতিময়ৰ মুখমণ্ডল। জহৰ জুৰনি হৈ দেৱদাৰুৰ কাষেৰে পাৰ হৈ আহিছিল এছাটি জুৰ মলয়া।
: নাজানো আৰু কি হয়.. তাই কাষত থাকিলে জীৱনত কিবা এটা কৰিবলৈ অনুপ্ৰেৰণা পাম যেন লাগে। তুমিটো আমাৰ ঘৰৰ অৱস্থাৰ কথা জানাই।
মই যদি ভাল কিবা এটা খাবলৈয়ো লওঁ মা দেউতাৰ মুখখন মনলৈ আহে। কেনেকৈ বা আছে তেওঁলোক। কিমান কষ্টেৰে প্ৰতিমাহে পঠিয়াই হোষ্টেলৰ ফীজ্ !!
হুমুনিয়াহ এৰি জ্যোতিময়ে কলে।
: বুজিছো জ্যোতিময়। তুমিওটো যিমান পাৰা চেষ্টা কৰিছা মা দেউতাক অলপ সকাহ দিবলৈ।
সমীক্ষাই হাঁহি এটা মাৰি কলে। কিমান ভাল হলহেতেল যদি পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়েই সমান আৰ্থিক সম্পদ আৰু সম সংবেদনশীলতাৰ গৰাকী হোৱা হলে।
: মই সব কথা তোমাৰ লগতে শ্বেয়াৰ কৰো। বুজি পোৱা বাবে ভাল লাগে।
:হুম।
এটি হাঁহিৰে সৈতে তাই কলে।
: তেন্ত এতিয়া ক্লাছলৈ যাওঁ
: উম .. বলা।
জ্যোতিময়ৰ সতে বিভাগীয় কোঠাটোৰ দিশে যাওতে বাৰে বাৰে জুমি চালে আৰ চি চি বিল্ডিঙৰ দিশে। কিয় জানো 303 নং কোঠাৰ সন্মুখৰ বেলকনিভাগত নিজৰ লগতে বৰ্ণমক বিছাৰি ফুৰে তাইৰ মনটোৱে।
: সেয়া ছোৱা , মুন্মী বা হঁত.. MA ত এডমিছন লৈছে ছাগৈ !!
লাইব্ৰেৰীৰ কাষতে স্নাতকোত্তৰ মহলাৰ ইউনিফৰ্ম পিন্ধি ৰৈ থকা মৰমৰ বা কেইজনীলৈ আঙুলিয়াই সমীক্ষাই কলে।
: মাত এষাৰ লগাই যাওঁ বলা। জ্যোতিময়ে কলে।
: অহ , বলা।
দুয়ো বাহঁতৰ দিশে আগবাঢ়িল।
*****
এইকেইদিন আলহীয়ে ভৰি আছে সমীক্ষাহতৰ ঘৰখন , পঞ্চীৰ বিয়ালৈ যে বাকী মাথো দুমাহ।
তদুপৰি চুবুৰীৰ মানুহ কেইঘৰলৈ চাহ খোৱাৰ নিমন্ত্ৰণ , বংশ - পৰিয়ালৰ ঘৰত ভাত খোৱাকৈ অথবা এৰাতিকৈ থাকিবলৈ যোৱাৰ অলিখিত নিয়ম।
পঞ্চী আৰু সমীক্ষা অভিন্নহৃদয়া , কেতিয়াবা দুয়োৰে মাজত কাজিয়াও হয় যদিও ইজনী আনজনীক এৰি যে আধৰুৱা সদায়। বিশেষকৈ সমীক্ষা মানসিক ভাবে সাংঘাতিক নিৰ্ভৰশীল পঞ্চীৰ ওপৰত।
: বিয়াৰ আগত মোৰ লগত কাজিয়া কৰি নলবি আকৌ , মুখ ফুলাই বহি থাকিম এচুকত।
বাৰাণ্ডাখনতে চুলি মেলি বহি আছে সমীক্ষা। পঞ্চীয়ে বৰ আৰাম লগাকৈ পিটিকি দিছে তাইৰ মুৰতো।
: তয়ো নালাগিবি দেই।
পঞ্চীয়ে কলে।
: বা , আমি দুয়োজনীয়ে মেটচিং ড্ৰেছ পিন্ধিম নহলে, ৰঙা চাদৰ মেখেলা।
সমীক্ষাৰ আলমীৰাত ৰঙা কাপোৰৰ আধিপত্য বাঢ়িছে আজিকালি। আন ৰঙবোৰে ঠেহ পাতিছে মনে মনে।
: নাই , অৰেঞ্জহে পিন্ধিম বুজিছ' । সেইটো ফেষ্টিভ কালাৰ।
: ঠিক আছে তেন্তে।
দুৱাৰমুখতে দুয়োকে চাহ দিবলৈ আহি ৰৈ থকা মাকৰ দুচকু সেমেকিল। এই মা নামৰ মানুহ বোৰ ইমান আবেগিক কিয় বাৰু ? অৱশ্যে সৰুৰে পৰা তুলি তালি ডাঙৰ কৰা চেনেহৰ জী , ঘৰখনৰ পৰা উলিয়াই দিবলৈ লৈ বেজাৰ লগাতোও নিতান্তই স্বাভাৱিক।
: দুয়োজনীয়ে চাহ খা.. আৰু সোণজনী লগৰ বিলাকলৈ ফোন কৰ আকৌ ! থাকি যাব নহলে।
চাদৰৰ আগেৰে চকুৰ কোণ মোহাৰি মাকে কলে।
: আৰু পিটিকিব নালাগে দে , মই ফোন কৰোগৈ সবকে। সমীক্ষাই চুলিকোচা সামৰি কলে।
: বাৰু যা।
মাক আৰু বায়েকক তাতে এৰি নিজৰ কোঠালৈ সোমাই আহিল তাই। বহুতলৈকে কৰিবলৈ আছে ফোন , স্কুলীয়া দিনৰে পৰা সকলোবোৰ বন্ধুৰে তালিকাখন লিখি থোৱা বহীখন উলিয়াই ললে তাই।
অৱশ্যে তয়না , দেৱযানী অথবা ইন্দিৰাৰ দৰে একাংশ বান্ধৱীক ঘৰলৈ গৈয়ে মাতিব লাগিব।
এফালৰ পৰা তাই ফোন লগাই গৈছে অন্যান্য বন্ধুবোৰলৈ ।
পুৰণি লগবোৰৰ প্ৰশ্ন এটাই..
" বায়ে ভালপাইছিল যে আগতে , সেই লৰাজনৰ লগতে নে বিয়া ?"
সমীক্ষাই তেতিয়া সগৌৰৱেৰে উত্তৰ দিয়ে ,
" হয় পাৰ্থ দাৰ লগতে বাৰ বিয়া । "
জীৱনৰ উখোৰা মোখোৰা বহু বাট অতিক্ৰম কৰি সফল হব পঞ্চী পাৰ্থৰ প্ৰেম।
বহুতলৈকে ফোন কৰাৰ পাছত বৰ্ণমলৈ কল লগালে তাই , সন্ধ্যা ঠিক ভাগিছে তেতিয়া।
এবাৰ , দুবাৰ ; নাই ৰিছিভ নকৰিলে সি।
সমীক্ষাই জানে আৰু হাজাৰবাৰ কৰিলেও বৰ্ণমে ফোনটো ৰিছিভ নকৰে। সি ল'ৰাটোৱেই তেনেকুৱা , দুৰ্বোধ্য।
অৱশেষত মেছেজ এটাকে লিখিলে তালৈ..
" বাৰ ছেপ্তেম্বাৰৰ ২২ তাৰিখে বিয়া , তুমি আহিবা।"
" নাযাওঁ .."
মুহুৰ্তৰ বিৰতিৰ পাছত তাৰ ৰিপ্লাই।
উফ্ এই ল'ৰাটো... পোনচাতেই নাকচ কৰিলে তাইৰ নিমন্ত্ৰণ। বৰ্ণমে নকৰো বা নাযাওঁ বুলি কোৱা কিবা এটা কৰিম অথবা যাম বুলি কোৱালৈ পৰিণত কৰাটো কঠিনেই নহয় , অসম্ভৱো।
জীৱনত যেতিয়াই বৰ্ণম সমীক্ষা এখোজ কাষ চাপি আহে , নিয়তিয়ে বহুখোজ দুৰ কৰি দিয়ে দুয়োকে সদায়।
কিজানিবা ভাগ্যৰ বাবেও এটা নিমিলা অংক বৰ্ণম সমীক্ষা । তথাপি ছোন এদাল অদৃশ্য সুতাই বান্ধি ৰাখে সিহত দুটাক , অহৰহ।
: কিয় নাহা ?
তালৈ মেছেজ টাইপ কৰিলে পুণৰ।
: সোনজনী , মামা মামী পাবহি এতিয়া , তই মিছিক বান্ধগৈ ছোন।
ছেহ্ .. তাইটো পাহৰিছিলেই। আজি সৰু মামা আৰু মামী থকাকৈ অহাৰ কথা । ফোনটো তাতে এৰি মিছিক বান্ধিবলৈ ওলাই গল তাই।
সিহতৰ ঘৰৰ নতুন সদস্য মিছি , এটা মৰমলগা কুকুৰ পোৱালি। দেউতাকক সদায়েই নোমলগা বিলাতী কুকুৰ এটা লাগে বুলি খাটনি ধৰি থকা পঞ্চী সমীক্ষাৰ জীৱনলৈ অপৰিকল্পিতভাবে আহিল মিছি।
মিছিৰ মাকক সি জন্ম হোৱাৰ পাছতে কোনো মানুহ ৰূপী অসুৰে মাৰি পেলোৱাত দুয়োজনীয়ে ঘৰলৈ লৈ আহিছিল এটা এমা ডিমা পোৱালি , এতিয়া সি দুয়োজনীৰে কলিজাৰ এফাল। ঘৰখনলৈ যে তাৰ ইমান মৰম , জিঞা এটাকো নিদিব যেন সোমাৱলৈ, আনকি প্ৰথমবাৰ বৰষুণ পাওঁতে আকাশ খনলৈ চায়ো ভুকিছিল সি , কিয়নো তিয়াবলৈ দিব তাৰ প্ৰিয় ঘৰখন। সেয়ে আলহী অহাৰ আগত ষ্টৰৰুমত বান্ধি ৰখা হয় মিছিক , যাতে মানুহে ভয় নাখায়।
তাইক দেখিয়েই কাণ মুৰ পেলাই আত্মসমৰ্পণ কৰিলে সি , তায়ো মৰমেৰে আনি কোঠাটোত সোমাৱাই দিলে মিছিক।
******
এইকেইটা দিনত কলেজ বৰ এটা বন্ধ নায়েই , তদুপৰি বিয়াৰ বাবে নতুন কাপোৰ এতিয়ালৈকে কিনায়েই নাই সমীক্ষাই। সেয়ে , আজি ক্লাছ শেষ হোৱাৰ পাছত বাহিৰে বাহিৰে বজাৰ যোৱাৰ কথা।
ক্লাছটো অলপ সোণকালেই শেষ হোৱাত মাকহতৰ বাবে অপেক্ষা কৰি অডিটৰিয়ামৰ ভিতৰতে বহি আছিল তাই।
: এই কালি মোলৈ ফোন কৰি কি কৈছে জান'?
হেল্ল .. ঋষি দত্ত হয়নে ? জে বি কলেজৰ department of philosophy..
মই পুলিচে ফোন কৰিছে বুলিহে ভাবিছিলো বাপ্পেকে!!
ঠিক তেনেতে পিংকু , অৰ্জুন আৰু আশিষৰ সতে আহি তাইৰ কাষতে বহি ঋষিয়ে কলে।
: ভয় খালা মানে তুমি ?
সমীক্ষাই তাৰ দিশে চাই সুধিলে।
: অলপ ভয় খালো , ভাবিলো এনে কি অপৰাধ কৰিলো মই। তাৰপাছত যেনিবা বিয়া বুলি কোৱাত ভয় আতৰিল।
ঋষিয়ে হাঁহি হাঁহি কলে ।
: মোকো ফাৰ্ষ্ট ফোন কৰি তেনেকৈয়ে কৈছিল।
পিংকুৱেও উজান দি কলে।
: ইমান ছিৰিয়াছ ছোৱালী এইজনী !!
অৰ্জুনে কলে এইবাৰ।
" বৰ্ণমটো সদায় তোমালোকৰ লগতে থাকে। আজি ক'ত ? "
সুধিবলৈ মন গৈছিল তাইৰ , কিদৰে সুধে। বৰ বেয়াকৈ জোকাব ইহতি তাৰ কথা সুধিলে।
: বাকী..এনেকে অকলে বহি আছা যে ?
British ascent ত কাণৰ হেডফোন আতৰাই আশিষে সুধিলে।
: বজাৰ কৰিব লগীয়া আছে । মাহঁত আহিব , সেইকাৰণে ৰৈ আছো।
: অহ্ ।
আটাইকেইটাই মুৰ জোকাৰিলে।
: সৌ ছোৱালী জনী ধুণীয়া ছা।
ঋষিয়ে অডিটৰিয়ামৰ সমুখেৰে পাৰ হৈ যোৱা ছোৱালী এজনীৰ দিশে আঙুলিয়াই কলে।
: নাই নাই। ছোৱালী চাবলৈ বাদ দিছো মই। ইহতে মোৰ লগত কি কৰিলে জানা সমী ?
পিংকুৱে তাইৰ দিশে চাই কলে।
: কি কৰিলে..?
অলপ আগ্ৰহ প্ৰকাশ কৰি সুধিলে তাই।
: জুনিয়ৰ এজনী ক্ৰাছ্ আছিল মোৰ। ইহতসোপাই মিলি নতুন নাম্বাৰ উলিয়াই তাইৰ ফটো লগাই WhatsApp খুলি কথা পাতি থাকিল মোৰ সতে।
ময়ো কিমান সপোন ৰচিলো.. At last যেনিবা আচল কথাটো গম পালো। হৃদয় ভাঙি টুকুৰা টুকুৰি হৈ গল আৰু !!
পিংকুৱে কৈছে , কৈ কৈ হাঁহিছে । তায়ো হাঁহিলে অলপ।
সচাই মনত এখন সাগৰসম কথা লৈ ফুৰে ইহঁতে, কৱলৈ বিছাৰি ফুৰে মানুহ। শুণোতা নাই ।
আজি কিছু নিসংকোচে তাইক কৈছে কথাবোৰ , একেলগে হাঁহিছে খন্তেক।
তাইৰো ভাল লাগিছে শ্ৰুতা হৈ। সকলোৱে সততে বেয়া বুলি কোৱা লৰাকেইটাৰ মনৰ কথাবোৰ জানি।
: হব দে , আমাৰ জহতে যে গম পালি ক্ৰাছ্ ৰ লগত কথা পাতিবলৈ পালে কেনেকুৱা লাগে। নহলেতো তাই উভতিও নাচালে হেতেন তোক।
ঋষিয়ে হাঁহি হাঁহি কলে।
: সেইটো অৱশ্যে হয়।
লাজ লাজকৈ কলে পিংকুৱে।
সমীক্ষাৰ ফোনটো বাজিল তেনেতে । মাকহঁত আহি পাইছেহি নিশ্চয়। আটাইকেইটাৰ পৰা বিদায় লৈ বহাৰ পৰা উঠিল সমীক্ষা।
*******
বিভাগীয় কোঠাতোত ডিপাৰ্টমেণ্ট ডে তথা শিক্ষক দিৱসৰ জোৰদাৰ আয়োজন। প্ৰাচীৰ প্ৰত্ৰিকা ৰ বিয়ষবস্ত নিৰ্বাচন কৰা হৈছে ,
" বিজ্ঞান আৰু আধ্যাত্মিকতা"
বন্ধু পৰাগে বৰ সুন্দৰকৈ অংকন কৰিছে প্ৰাসংগিক ছৱি কিছুমান। জ্যোতিময় , ৰিয়ান অথবা জয়াহঁতে প্ৰায় আন্ধাৰ হোৱালৈকে কলেজত থাকি কৰিছে অক্লান্ত পৰিশ্ৰম। সমীক্ষা অৱশ্যে গধূলি হোৱাৰ আগে আগে উভতে ঘৰলৈ। কাৰণ এটাই আন্ধাৰ হলে কলেজৰ পৰা নিব পৰাকৈ দেউতাক যে নাথাকে ঘৰত।
: তোমাৰ হাতখনত কিন্তু যাদু আছে পৰাগ। ইমান সজীৱ কৈ অংকন কৰিব পাৰা সকলোবোৰ। ইমান মনোমোহা।
আৰ্ট পেপাৰ এখনত পৰাগে অংকন কৰা ছবি এখনলৈ চাই চাই তাই কলে।
: Thank you সমীক্ষা । পৰাগ বৰ শান্ত আৰু অন্তমুখী ব্যক্তিত্বৰ ল'ৰা । খুবেই কমকৈ কথা পাতে সি।
: তোমাৰো ছবি এখন আকি দিম । কোনখন আকিব লাগে কৱা।
তাইৰ ফালে মুৰ নকৰাকৈয়ে সি কলে।
: অ আকি দিবা এইকো। সেই যে ৰঙা শাৰীৰে সৈতে ফটোখন। একদম বেষ্ট লাগিব।
নটিদুৰত বহি থকা অৰুণে কলে।
: উম , সেইখনেই আকি দিম।
: নাই নাই , তুমি যদি আজৰি পোৱা তেতিয়াহে আকিবা।
ইমানপৰে কথা কবলৈ সুবিধা নোপোৱা সমীক্ষাই এইবাৰ কলে।
: ঠিক আছে বাৰু। পৰাগে মুৰ জোকাৰি কলে।
: মই লাইব্ৰেৰীৰ পৰা পানী আনিবলৈ যাওঁ । সমীক্ষা লাগিব নেকি ?
বহাৰ পৰা উঠি ৰিয়ানে সুধিলে। সমীক্ষাই মন কৰিছে কিছুদিনৰ পৰা , প্ৰতিটো কথাতেই তাইৰ বৰ যতন লয় ৰিয়ানে। আজিলৈকে কোনোদিনেই অৱশ্যে আমনি দিয়া নাই ।
: নালাগে মোৰ বটলত পানী আছেই।
তাই মৃদুকৈ হাঁহি কলে।
: Btw , এটা কথা গম পোৱা নাই , কালিলৈ যে তোমাৰ প্ৰিয় জুবিন দা আহিব আমাৰ কলেজলৈ ?
: কি ? Really ?
বহাৰ পৰা উঠি দিলে তাই। জুবিন গাৰ্গ যে তাইৰ বৰ প্ৰিয়। যাৰ মাতষাৰেই হিয়াৰ দিহিঙে দিপাঙে তোলে উত্তাল ঢৌ।
: কোনখন পৃথিৱীত থাকা তুমি? একোৱেই গম নোপোৱা দেখোন।
ৰিয়ানে কলে পুণৰ ।
:কিন্তু কাইলৈ যে হলিডে ?
: যদিও আহিব। মিশ্বন চাইনাৰ প্ৰমোছ'নৰ বাবে।
: য়ে.. কিমান যে ভাল লাগিব !!
সকলো পাহৰি আনন্দত জপিয়াই দিলে তাই। জ্যোতিময়, ৰিয়ানহঁতে মুখ টিপি হাঁহিলে তাইলৈ চাই।
ক্লাছৰ শেষয ঘৰলৈ উভতোতে কলেজ গেটৰ সন্মুখত বৰ্ণমক ৰৈ থকা দেখিলে তাই। তাৰদিশে চাই তাই হাঁহি এটি মাৰিলে , আনফালে মুৰ কৰিলে সি।
" উফ..এই লৰাটো !! "
তাইৰ "কিয় নাহা?" মেছেজটোৰো উত্তৰ দিয়া নাই সি এতিয়াও।
কায়িকভাবে একেটা বিভাগৰ হৈয়ো , একেটা শ্ৰেণীকোঠাত ক্লাছ কৰিও কিমান যে দুৰত দুয়ো।
ঋষি , জ্যোতিময় বা আশিষহতৰ দৰে কিয় সহজ নহয় তাৰ সতে কথা পতাটো ?
' কবানে কিয় এনে ভাললগা
অসহায় অসহায় নিৰৱতা '
তাই মুখৰ ভিতৰতে গুণগুণালে জুবিনদাৰ প্ৰিয় গান, আনে নুশুনাকৈ।
হালধীয়া বোৰে বাটভেটি ধৰাকৈ সোনাৰুবোৰ ফুলিছে জে . বি ৰোডত। মাজে মাজে সমীৰ লাগি স্বৰ্ণবৃষ্টিৰ দৰে সৰিছে কোমল পাহিবোৰ। প্ৰকৃতিৰ যে কি মনোৰম আয়োজন এয়া !!
******
এটা প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গ.. যাৰ নামেই এটা আবেগ। সুৰৰ সোপান যাচি যি জীপাল কৰে নীৰৱ সময়। কিযে মায়াসনা তেওঁৰ কণ্ঠ , মন প্ৰাণ পুলকিত কৰিব পৰাকৈ !!
সেই জুবিন এজন প্ৰাক্তন জেবিয়ানো।
এই উৎকট গৰমটো , বন্ধ আওকাণ কৰিও সমীক্ষাহত ঢপলিয়াই আহিছে কলেজলৈ। এবাৰ স্বচক্ষুৰে জুবিন গাৰ্গক চোৱাৰ তাড়নাত। পুৱাৰে পৰা অডিটৰিয়ামত ভিৰ। জুবিনাবেগৰ আতুৰ হৈ কলেজ অহা ৰিতিষ্ণাই বাটত গছকি আহিছে এচপৰা গোবৰ।
: সমী , কমন ৰুম যাওঁ বল , মোৰ ভৰি ধুৱ লাগিব।
: ঠিক আছে ব'ল।
দুয়োজনী কমন ৰুম গ'ল। ৰিতিষ্ণাই ভৰি ধুই আহি কলে।
:লিপষ্টিক অলপ লগাবি নেকি ?
: নালাগে দেই , খৰ কৰ তই।
সমীক্ষাৰ শংকা , কেনেবাই যদি কমনৰুমত সোমাই থাকোতে গুচি যায় জুবিন দা ?
ৰাতিপুৱাৰ পৰা দুপৰীয়া হল, অৱধাৰিত ভাবে বাঢ়িছে গৰমৰ প্ৰকোপ। তথাপি ভোক ভাগৰ পাহৰি অন্ত নাই উৎসাহৰ।
আবেলিলৈ জুবিন গাৰ্গে ভৰি দিলে জে বি কলেজৰ চৌহদত। তেওঁক কাষৰ পৰা দেখা পোৱাৰ সৌভাগ্য হল সিহতৰ। অডিটৰিয়ামৰ মাজেদি তেওঁ পাৰ হৈ যাওতে জুমুৰি ধৰিছে সকলোৱে। সকলোৱে আগবঢ়াইছে হাত , এধানি স্পৰ্শৰ অভিলাষত।
সকলোৰে লগতে সমীক্ষাৰ হাতখনতো লাহেকৈ হেণ্ডশ্বেক দি তেওঁ উঠি গল ষ্টেজলৈ , গুণগুণালে আহিবলগীয়া চিনেমাখনৰ গান..
"দিন জ্বলে
ৰাতি জ্বলে.."
:অটোগ্ৰাফ লাগিব নেকি ? মই আনি দিম দিয়া।
তাইৰ হাতৰ পৰা ৰঙা কভাৰৰ ডায়েৰীখন আৰু কলমটো লৈ কৌশিক উঠি গল ষ্টেজলৈ।
: Thank you so much কৌশিক।
ষ্টেজৰ পৰা নামি আহি কৌশিকে তাইৰ হাতত ডায়েৰীখন তুলি দিয়াৰ পাছত তাই কলে।
কিবা আবেগত ৰঙা পৰিছে দুগাল , নীলা টি চাৰ্ট আৰু মুৰত গামোচা মাৰি যে ষ্টেজত তৰাৰ দৰে জিলিকি আছে হাৰ্টথ্ৰৱ জুবিন , তেওঁৰ দৰে যে একমাত্ৰ তেৱেঁই। সংগীতৰ ক্ষেত্ৰখনৰ পৰা আদি কৰি , পৰোপকাৰীতা আৰু উদাৰতাৰ প্ৰতীক জুবিন।
সমীক্ষাৰ ডায়েৰীখন টনা আজোৰা কৰি জুবিন গাৰ্গৰ চহীতোৰ ফটো মাৰিছে বহুতে।
"যিমান ইচ্ছা ফটো মাৰা । কিন্তু চাবা যাতে ফালি নাযায় পাতখিলা। "
তাই সোৱৰাই দিছে সকলোকে। তাই যে আজীৱন আলফুলে সাচি ৰাখিব লাগিব এই পৃষ্ঠাটো। কৌশিকৰ ওছৰতো চিৰ কৃতজ্ঞ হৈ ৰৱ তাই।
*****
আগলৈ
✍️সংগীতা দেৱী
(মৰম সকলোলৈকে❤️)
Comments
Post a Comment