জেবিয়ান..🦋 (খণ্ড - ৩৩ )
#প্ৰকৃতিৰ_আলয়ত_সাতোটা_দিন🌿
ছেমিনাৰৰ ঠিক আঢ়ৈ সপ্তাহ পাছতে আৰম্ভ হোৱা পঞ্চম ষাণ্মাষিকৰ ফাইনেল পৰীক্ষা সমুহ শেষ হল নবেম্বাৰৰ ২৬ তাৰিখে , তাৰপৰা ঠিক সাতদিন পাছতে অৰ্থাৎ ৪ ডিচেম্বৰৰ পৰা এক্সাৰ্শ্বন। এইকেইদিন সমীক্ষাৰ অন্তহীন ব্যস্ততা। জেকেট , মোজা , টুপিৰ পৰা আদি কৰি নানা বজাৰ , পেকিং আৰু অন্যান্য যাৱতীয় সামগ্ৰী গোটাই লোৱাত ব্যস্ত হৈছে তাই আৰু মাক।
তাতে আকৌ , WhatsApp টো খুলিবই নোৱাৰি সকলোৰে ষ্টৰী বা ষ্টেটাচত এশাৰীয়েই বাক্য ..
"Darjeeling, we are coming!"
এইবোৰৰ মাজতে চাটলিষ্টৰ পৰা ক্ৰমশঃ তললৈ গৈ থাকে বৰ্ণমৰ নাম। কেবাবাৰো তাই কিবা এটা অজুহাত লৈ মেছেজ দিয়ে তাক , তথাপি কথা পাতিবলৈ বৰ্ণমৰ অনাগ্ৰহখিনি পৰিস্ফুট হয় প্ৰতিবাৰে।
সেয়ে তায়ো আমনি দিবলৈ বাদ দিছে।
ব্যস্ততাৰ মাজতো আকাশখনলৈ মুৰ তুলি চাই সমীক্ষাই বাৰে , বাৰে।
এতিয়া আঘোণ মাহ , সমীক্ষাৰ প্ৰিয় আঘোণ!
কবিয়ে কয় আঘোণাকাশত কিবা এটা ৰাগি থাকে।
এয়া যে সোণগুটি চপোৱাৰ বতৰ। চহা কৃষকে কান্ধৰ বিৰিয়াত তুলি লয় ভৰুণ আশা।
কংক্ৰিটৰ মাজত থাকিও তাইক যেন ৰিঙিয়াই মাতে পথাৰখনৰ সুৱাগমনি হাঁহিবোৰে।
ভুটীয়া বজাৰৰ পৰা উমাল কাপোৰৰ দুটা বেগ দুহাতে লৈ মাকৰ সতে ঘৰলৈ উভতে মানে হেঙুলীয়া ৰং যাচি আঘোণৰ বেলি লহিয়ায়।
*****
এক্সাৰ্শ্বনৰ আগদিনাই ৰিতিষ্ণা আৰু লীমা সমীক্ষাহঁতৰ ঘৰত থকাকৈ আহিল। আনন্দ আৰু এক্সাইমেণ্টত কৱ নোৱাৰা হৈ আছে সকলোবোৰ। সমীক্ষাৰহে চোন অন্তৰখন কপিছে দুৰু দুৰুকৈ। তাইযে সম্বন্ধীয় দুই এঘৰত থাকিবলৈ যোৱাৰ বাহিৰে কোনোদিনে মাকক এৰি যোৱা নাই কতো..এয়াটো আন এখন ৰাজ্যলৈ যোৱাৰ কথা।
: ইমান চিন্তা নকৰিবি । চব ঠিকেই হব।
শুৱাৰ আগতে মাকে কয়।
: তাকেহে!
সমীক্ষাই হুমুনিয়াহ কাঢ়ে।
সেই নিশা ভালকৈ শুৱাও নহল সিহঁতৰ। ৰিতিষ্ণা লীমাৰ কথাৰ অন্ত নাই। টোপনিক প্ৰত্যাহ্বান জনাই বাৰ্তালাপ চলিল প্ৰায় এক বজালৈকে। শেষত নিদ্ৰাদেৱীৰ আলফুল পৰশত টোপনি গল তিনিও।
সময় কিমান হৈছিল জানো , কাৰোবাৰ ফোনত খৰমৰাই সাৰ পালে তাই পুৱাবেলা।
: হেল্ল'..
: আহিছা নাই , টাইম হল নহয়। তোমাৰ বাবেহে ৰৈ আছো।
: কি?
কথাষাৰ শুণি সমীক্ষা জাপ মাৰি উঠিল।
: ধেমালি কৰিছো .. এঘাৰ বজাত কলেজৰ ওছৰ পাবাহি।
ফোনটোৰ ইটোপাৰে থকা প্ৰণৱে খিলখিলাই হাঁহিলে।
: ধেৎ মানুহ মাৰিবা দেই।
বিচনাতে চকু মোহাৰি বহি সমীক্ষাই কলে। ৰিতিষ্ণা লীমাকো হেচুকি জগালে।
মাক ব্যস্ত পাকঘৰত।
: সোনজনী , মই লুচি আৰু আলু ভাজি বনাই দিম অলপ বেছিকৈ । চবকে দিবি দেই।
: ঠিক আছে মা।
: মুখ হাত ধুই আহ। একেলগে চাহকাপ খাওঁ দুয়োজনীয়ে।
মাকৰ কথাত মুখ হাত ধুই চাহৰ টেবুলত বহিল দুয়ো। এতিয়াৰ পৰা যে প্ৰায় এসপ্তাহলৈ এইদৰে একেলগে চাহ খাবলৈ নাপায় দুয়োয়ে। তাৰে মাজতে শুভ যাত্ৰাৰ কামনা কৰি মামী ,খুৰী ,পেহী , মাহী সকলোৰে ফোন আহিল।
পাৰ্থ দা আৰু পঞ্চীও পোৱাহিৰ কথা অলপ পাছতে সিহঁতক কলেজলৈকে আগবঢ়াই দিবলৈ।
প্ৰতিবাৰতে ফোনটো বাজোতে কিয় জানো বৰ্ণমৰ কলৰ দৰে লাগিছে তাইৰ , সিটো কৈছিল খবৰ লৈ থাকিব বুলি , পাহৰি গ'ল কিদৰে ?
তেনেকৈয়ে ইটো সিটো কৰোতেই পাৰ হৈ গল সময়।
গাড়ীত উঠি দহবজাত সকলো ৰাওঁনা হল জে বি কলেজৰ দিশে। গেটৰ ওছৰত ৰখাই থোৱা গাড়ীখনত পাৰ্থদাৰ সহায়ত বস্তবোৰ তুলিলে ।
মাকহঁতে বিদায় লওতে সেমেকিল সমীক্ষাৰ চকুযুৰি , পঞ্চীকটো সাবতি ধৰিলে তাই।
এবাৰ কলেজখনৰ ফালে ভুমুকিয়ায়ো চালে।
আস্.. বুকুখন চোন বিষাই গল !
দৰ্শন বিভাগ আৰু বিভাগীয় কোঠাটো যে পৰি আছে ভগ্নাৱশেষ হৈ !
তৃতীয় ষান্মাসিকত থাকোতেই আয়না বাইদেৱে কৈছিল কলেজ অথৰিটীয়ে সেই কোঠাকেইটা পুৰণা হোৱাৰ ভাঙি নতুনকৈ সজাৰ কথা আলোচনা কৰি আছে বুলি। কিন্তু ৰুমকেইটাৰ প্ৰতি থকা মোহখিনিৰ বাবেই বাইদেউ সতে এৰিব বিছৰা নাছিল সেই ঠাই। অৱশেষত , অতীত হল ছাৰ বাইদেউৰ লগতে সমীক্ষাহতৰো নানা সোৱৰণীৰে ভৰা লাইব্ৰেৰীৰ কাষৰ "দৰ্শন বিভাগ" ৰ কোঠাকেইটা। সেইখিনিতে কণমানি কুকুৰ পোৱালি এটাই পাই ভৰিটোতে সাবটি ধৰিলে তাইক।
"আয়ৈ দেহি .. ইমান মৰমলগা , কিদৰে পুৰণা চিনাকিৰ দৰে কাষ চাপি আহিছে।"
সমীক্ষাই মৰমতে তাক এহাতে তুলি আনি কেণ্টিনৰ পৰা বিস্কুট এপেকেট কিনিলে।
'অ ভণ্টি.. তোমাৰ ভয় নালাগে নেকি বাৰু?'
কেণ্টিনৰ বা জনীয়ে পেকেটতো দি সুধিলে।
'নালাগে পাই'
পোৱালিটোক বিস্কুট দুখনমান খাবলৈ দি তাই কলে।
" সমীক এতিয়া এৰি থৈ যামগৈ আমি "
প্ৰণৱে জোৰকৈ চিঞৰি কলে।
: নীৰা বাইদেউ পালেহি জানো ?
তাই পোৱালিটো হাতত লৈ থকাৰ পৰাই সুধিলে।ৰঞ্জন ছাৰৰ PhD ৰ থেছিছ্ ছাবমিট কৰিব লাগে বাবে তেওঁ যোৱাটো কেনছেল হৈছে।
: পাবহিয়েই জল্ডি কৰা। তোমাৰ ইক' ডিপাৰ্টমেণ্টৰ ফ্ৰেণ্ড জনীও পালেহি।
সমীক্ষাই উপায়বিহীন হৈ গেটৰ ওছৰত বহি থকা বৰঠাকুৰ দাকে পোৱালিটো দি হেণ্ড ছেনিটাইজাৰে দুহাত মোহাৰি বাছত উঠিলহি।
: তনয়া আহিলি? মই বেগটো অলপ ধৰি দিওঁ দে।
দুয়োজনীয়ে বেগতো ধৰাধৰিকৈ বাছত তুলিলে।
' হেপ্পী জাৰ্নি সমীক্ষা ' তাইৰ ছিটৰ ওছৰৰ খিৰিকী খনৰ বাহিৰত ৰৈ কৌশিকে মাতিলে।
: কৌশিক তুমি হোষ্টেলতে আছা নেকি ?
: কিয় জানো এইবাৰ ঘৰ যাব মন যোৱা নাই। ইনেওছোন আৰু ছমাহ্ পাছত যাবগৈয়ে লাগিব একেবাৰে।
সি তলমুৰকৈ কলে।
: তাকেহে ! Btw , Thank you .
সমীক্ষাই তাৰ দিশে চাই হাঁহি এটি মাৰি কয় মানে ড্ৰাইভাৰ জনে বাছ ষ্টাৰ্ট দিছিল। আৰম্ভ হৈছিল মৰিয়নী জংচনমুখী যাত্ৰাৰ লগতে ঋষি , অৰ্জুনহঁতৰ ফুৰ্তিৰ মাৰ্জিত কিৰিলি।
মৰিয়নী জংচন পোৱাৰ পাছতে সকলোৱে তাৰ ফেমাচ্ পোন্ধৰ টকীয়া ড'ছাৰ দোকানখনত হেতাওপৰা লগালে।
: সমীক্ষা , খাবা।
ষ্টেচনৰ বেঞ্চ এখনতে তনয়া লীমাৰ সতে বহি থকা তাইৰ দিশে ড'ছা আৰু ছাম্বাৰৰ প্লেট এখন আগবঢ়াই ৰিয়ানে সুধিলে।
: নাখাওঁ দেই।
: পাছত পস্তাবা কিন্তু.. বহুত টেষ্টি হয়।
: ঘুৰি আহোতে খাম দিয়া। জাৰ্নি কৰাৰ আগত অলপ ভয় লাগে।
: ঠিক আছে বাৰু। কথাষাৰ কৈয়েই ৰিয়ান আনদিশে উভতিল।
' ট্ৰেইন দহ মিনিটৰ পাছত পাবহি'
ট্ৰেভেল এজেঞ্চীৰ দাদাজনে আহি কৈ গ'লহি।
খপজপ লাগিল সকলোৰে। এইটো সমীক্ষাৰ জীৱনৰ প্ৰথম ট্ৰেইন যাত্ৰা , মনত মাজতে কিবা এটা ঝক্ ঝক্ ভাৱ। লৰাকেইটাৰ লাগেজসমুহ তুলি দিয়াৰ দায়িত্ব লোৱাত ছোৱালী খিনি ট্ৰেইনৰ আভ্যন্তৰলৈ উঠি নিদিৰ্ষ্ট কেবিনত বহিলগৈ। সময় তেতিয়া দুপৰীয়া , উকি মাৰি ট্ৰেইন খন ৰাওনা হৈছে নিউ জলপাইগুৰিলৈ !!
সকলোৰে মনত উল্লাস্ , ছিক্কিমৰ বৰফৰ বৰষুণ চোৱাৰ বাসনা।
ঋষি , ৰিয়ান , দিশা , নিতিশা , অৰ্জুন সকলো আহি সমীক্ষাহঁতৰ কেবিনতে বহিলহি। আৰম্ভ হল নানা বিষয়ৰ আড্ডা.. প্ৰেমৰ পৰা ৰাজনীতি লৈকে , স্কুলীয়া দিনৰ সোৱৰণীৰ পৰা ভবিষ্যত পৰিকল্পনালৈকে। মাজে মাজে এখন দুখন ছেল্ফি , নাছ , গান। দুৰৈৰ কেবিনৰ মানুহবোৰে উভতি উভতি চাইছে সিহঁতৰ কেবিনকেইটালৈ।
এই বয়স , এই সময়... কিমান বৰ্ণিল আৰু মধুৰ !
ট্ৰেইনখন ডিমাপুৰ ষ্টেচন পাই মানে সন্ধিয়া নামিছিল। ডাৱৰ ফালি দেখা দিছিল শুক্লা নৱমীৰ জোনে.. কিযে মনোৰম এই জোনাকী!
নীৰা বাইদেউৰ বাবে পৃথককৈ কেবিনৰ ব্যৱস্থা কৰা হৈছিল যদিও বাইদেৱো আহি সিহঁতৰ লগতে বহিলহি। তেৱো পলকতে সকলোৰে শিক্ষাগুৰুৰ পৰা পৰিণত হৈছে কোনো পুৰণি বন্ধুলৈ।
সমীক্ষা এপাকত কেবিনটোৰ পৰা ওলাই আহি সন্মুখৰ এজনীয়া আসনত বহিলহি , খিৰিকীৰ ফাকেৰে জোনাক চাবলৈ।
" চায়ে্ চায়ে্ " বুলি চিঞৰি মানুহ এজন সেইফালেদি পাৰ হৈ গল।
: সমী লোৱা। তাইৰ দিশে পানী বটল এটা আগবঢ়াই ঋষিয়ে কলে।
: Thank you .
: কলেজত সদায় পানী দিয়া যে তুমি। আজি ধাৰতো মাৰি দিছো আৰু।
তাইৰ কাষতে বহি সি কলে।
: ইছ্ ৰাম... সেইয়া মই ধাৰলৈ দিয়া নাছিলোতো।
: ধেমালি কৰিলো অ.. ছিৰিয়াছ হৈ যোৱা তুমি চব কথাতে।
: অহ.. বটলতোৰ সাফৰ খুলি পানী এঢোক খালে তাই।
:এক ছেকেণ্ড.. মিস্কিয়ে ফোন কৰিছে।
কথাষাৰ কৈ ফোনটো ৰিচিভ কৰি তাইৰ কাষৰ পৰা উঠি গল ঋষি।
তেনেতে তৃতীয় লিংগৰ কেইজনমান লোকে হাতচাপৰি বজাই কেবিনবোৰত পইচা বিছাৰি আহিল। জীৱনত প্ৰথমবাৰলৈ তৃতীয় লিংগৰ মানুহ দেখিলে সমীক্ষাই। ৰংচঙীয়া শাৰী , ডাঙৰ ফোটেৰে সৈতে হাঁহি মুখীয়া মানুহবোৰ , ভাৰতীয় পৰম্পৰাত যাৰ আশীৰ্বাদ বৰ শুভ বুলি গণ্য কৰা হয়। কিয় জানো তেওঁলোকে মহিলাৰ পৰা পইচা নিবিচাৰে। সমীক্ষাৰ দিশে জুমি চাই কেৱল তাইকহে দেখাত একো নিবিচৰাকৈ আগবাঢ়িল সকলো।
: মিস্কিক চিনি পোৱা নে?.. সংস্কৃত ডিপাৰ্টমেণ্ট ৰ।
ফোনত কথা পতা হোৱাত পুণৰ তাইৰ ওছৰত বহিলহি ঋষি। সন্মুখৰে কেবিনত তেতিয়া
নাছি বাগি ধেমালি কৰি আছে সতীৰ্থ সকলে।
: নাপাওঁ নহয়... সেই যে প্ৰায়ে তোমাৰ লগত দেখো কাৰ্লি চুলিৰ ছোৱালী জনী। তাই নেকি বাৰু?
: Yes..!
: Girlfriend ?
: নহয় , কি হয় বুজাব নোৱাৰিম।
: কোৱাছোন বাৰু.. শুণো।
: জেবি কলেজত তাইৰ মোৰ প্ৰথম চিনাকি আছিল আৰু Gradually ,ভালপোৱাও আৰম্ভ হল। কিন্তু আমাৰ মাজত কাষ্ট ইছু আছে। So ,দুয়োটাই ভালপায়ো ৰিলেশ্বনশ্বীপত থাকিব নোৱাৰো। এতিয়া গুড ফ্ৰেণ্ডছ্ , Actually , বেষ্ট ফ্ৰেণ্ডছ্ !
: আচ্ছা..
: এইবোৰ ফ্ৰেণ্ডশ্বীপ এটা বাহানাহে .. দুয়োটাই ইটোৱে সিটোক ভালপাওঁ।
: বুজিছো।
সমীক্ষাই সৰুকৈ কলে। কেৱল ভালপোৱাই যথেষ্ট নহয় ভালপোৱা বৰ্তাই ৰাখিবলৈ.. আমি মানুহ।
মানুহৰ সমাজ থাকে , সমাজ সৃষ্ট কিছুমান নিয়ম নীতি , বাধা নিষেধ থাকে । সেই নীতিৰ বিৰুদ্ধে গলেই সমাজে দিয়ে কালিমাৰ আভুষণ। ক'ত প্ৰেম আধৰুৱা হৈ ৰয় এইখিনিতেই।
কিছুমানে বন্ধুত্বৰ নামেৰে ঠেকা দি ৰাখে নামমাত্ৰ কথাবাৰ্তা। কিছুমান হৈ পৰে অচিন চিনাকি।
" আমি দুয়ো ভাল বন্ধু হওঁ নহলে..আগৰ দৰে!"
ঠিক এনে এটি প্ৰস্তাৱ তায়ো দিছিল বৰ্ণমক , অপৈণত বয়সৰ কথা সেয়া।
: ত্যাগ আৰু ভালপোৱা ইপিঠি সিপিঠি ঋষি.. গান্ধীয়ে কৈছিল নহয় ত্যাগে মানুহক সুন্দৰ কৰে।
পুণৰ কলে তাই।
: ক'তা মইছোন একেই থাকিলো।
: এহ্ external নহয় internal। আভ্যন্তৰীণ সৌন্দৰ্য্য।
: আচ্ছা আচ্ছা ! মই ছ'ছাইটিলৈ ভয় নকৰো, তাই কৰে।
: ছোৱালী বোৰ তেনেকুৱাই , যিখন ঘৰে তাইক সমাজৰ আগত মুৰ তুলি থকাৰ পৰিৱেশ এটা দিছে। সেইঘৰখনক তাইৰ বাবে সমাজত মুৰ দোৱাবলৈ কিদৰেনো দিয়ে?
: সেইটোও হয়। Any ways ,তোমাৰ আৰু বৰ্ণম মাজতো কিন্তু কাষ্টৰ প্ৰব্লেম আছে।
সমীক্ষাৰ অন্তৰেদি যেন এখন তীব্ৰবেগী ৰেলগাড়ী পাৰ হৈ গল।
সমাজে গঢ়া দেৱালতকৈয়ো কেবাগুণ মজবুত এখন দেৱাল আছে দুয়োৰে মাজত । মনেগঢ়া দেৱাল , মনৰ থকাবোৰ ফুটাই নোকোৱা যাতনা!
ঋষিক একো নকৈ হাঁহি এটি মাৰিল মাথো তাই।
: সি এক্সাৰ্শ্বনত কিয় নাহিল বাৰু ?
সমীক্ষাই প্ৰসংগ সলালে।
: থাৰ্ড ছেমত বেক আছে ছাগৈ। এক্সামৰ বাবে নাহিল।
:হয়নেকি?
কিন্তু সমীক্ষাইটো সহজে বুজিব পৰাকৈ তৃতীয় ষাণ্মাষিকৰ নোটবোৰ টুকি দিছিল তাক.. তথাপিও বেক !
: সি ভালকৈ নকয়টো একো।
(বৰ্ণম কিমান অন্তঃমুখী সেইকথা সমীক্ষাতকৈ ভালকৈ আৰু কোনেও নাজানে !)
: তুমি ডিনাৰ অৰ্ডাৰ কৰিলা নাই সমী?
বিষয় সলাই সুধিলে ঋষিয়ে।
: নাই টিফিন আনিছো।
কথাষাৰ কৈয়ে ঘড়ীটোলৈ চালে তাই , ন' বাজিছে।
খাবৰ সময়ো হৈছে।
ঋষিৰ পৰা বিদায় লৈ লাগেজসমুহৰ সৈতে তনয়া লীমাকে আদি কৰি নীৰা বাইদেউ বহি থকা কেবিনটো পালেহি তাই।
: টিফিন খোলো দেই মই।
তাই স্কাইবেগৰ চেইন খুলি কলে।
: আমিও খাওঁ তেনে। তনয়া দিশাহতেও বেগ খুলিলে।
: মই আকৌ অৰ্ডাৰহে দিব লাগিব। নীৰা বাইদেউ বহাৰ পৰা উঠিল।
: নালাগে বাইদেউ। লুচি ভাজিকে খাওক আমাৰ পৰা। ইনেও বহুত দিনলৈ ঘৰৰ খানা খাবলৈ নাপাবই।
সমীক্ষাই টিফিনৰ সাফৰতে লুচি উলিয়াই বাইদেউলৈ আগবঢ়ালে।
দিশায়ো সকলোকে তাইৰ টিফিনৰ আমৰ আচাৰ দিলে।
সমীক্ষাৰ মাকে ৰিতিষ্ণা লীমাৰ বাবেও দি পঠাইছে টিফিন পৃথকে।
ঘৰুৱা খাদ্যৰ সুঘ্ৰাণ পাই ৰিয়ান , অৰ্জুনো ওলালহি আনতো কেবিনৰ পৰা।
সকলোৱে মিলি খাই থকাৰ মাজতে ঋষিও পালেহি সেহাই সেহাই।
: সমী , পানী বটলতো দিয়া। খানাটো বৰ জ্বলা।
: লোৱা । তাৰদিশে পানী বটলতো আগবঢ়াই সমীক্ষাই পুণৰ কলে।
: লুচীকে খোৱা নহলে , জ্বলাসোপা খোৱাতকৈ।
: দিবা বাৰু।
ঋষিও বহি ললে লগতে। নিতিশায়ো বেকাৰী বিস্কুট বিলাই দিছে এফালৰ পৰা।
সচাই মিলি জুলি ভগাই খোৱাৰ আমেজ সুকীয়া।
খোৱাপৰ্ব শেষ হোৱাৰ পাছত নীৰা বাইদেৱে কম্বল মেলি অলপ শুৱলৈ ললে।
কিন্তু সিহঁতৰ ক'ত আহিব টোপনি , হিয়া যে অনাগত দিনকেইটাৰ পৰিকল্পনাত ব্যাকুল !
মাজে মাজে ট্ৰেইনখন ৰয়। ঋষিহঁত নামি যায় বাহিৰলৈ।
আকৌ চলিবলৈ ললে কোবাকুবিকৈ আহি কয়..
" দেখিছা , আমি ঠেলিলো বাবেহে চলিছে আকৌ"
সেই কথাষাৰতে ৰস পাই গিৰ্জনি মাৰি হাঁহে সকলোৱে।
কেতিয়াবা লক্ষ্য স্থানতকৈ অধিক মধুৰ হৈ পৰে যাত্ৰাপথ। কিছুমান অভিজ্ঞতাই বাৰুকৈয়ে সমৃদ্ধ কৰে স্মৃতিৰ টোপোলা।
কাৰো চকুত টোপনি নাই , নাই অলপো ভাগৰ।
: অই.. আমিও অলপ নামি যাওঁ ব'ল। ঋষিহঁত গৈছে।
কম্বলখন গাত লৈ কুছিমুছি বহি আছিল সমীক্ষা।
ৰিতিষ্ণাই কাষলৈ আহি কলে। সময় তেতিয়া ঠিক তিনি বাজিছে।
: নাযাওঁ ভয় লাগে। ট্ৰেইনখনে যদি আমাক এৰি গুচি যায়।
: নাযায় অ' এইমাত্ৰ ৰৈছেহে। বলনা প্লীজ্।
: মই কিন্তু দুৱাৰমুখতে ৰম আকৌ।
: ঠিক আছে বাৰু।
বহাৰ পৰা উঠিল সমীক্ষা। ষ্টেচনটো কি চিনি পোৱা নাই। ঋষি , দিশা , আশিষহতে নামি লৈ ৰৈ আছে বাহিৰত। ৰিতিষ্ণাৰ উৎপাতত সমীক্ষাও নামিল। বাহঃ কি সুন্দৰ দৃশ্য। কুৱলীয়ে ভেটি ধৰা চৌপাশ। নিয়ৰ পাই কপিছে নতিদুৰৰ গছবোৰ। ফৰকাল আকাশত পুৰ্ণিমামুখী জোন।
******
: আমাৰ নামিব হৈছে.. উঠা উঠা।
ৰাতিপুৱালৈ চিলমিলকৈ টোপনি আহিছিল সমীক্ষাৰ। প্ৰণৱৰ মাতত সাৰ পালে। কিন্তু তাই কেবিনৰ সবাতোকৈ ওপৰৰ ছিটতোত শোৱাৰ বাবে নামিবলৈ সমস্যা হল।
: কি হ'ল ? নামিব পৰা নাই নেকি। আহা জাপ মাৰি দিয়া। সমীক্ষাৰ দিশে পিঠিটো পাতি প্ৰণৱে কলে।
: ধেৎ নোৱাৰো দেই.. তনয়াক মাতি দিয়াছোন।
সমীক্ষাই হাঁহি মাৰি কলে। প্ৰণৱ আনটো কেবিনৰ ফালে গ'ল। উঠোতে খুওৱ সহজেই কাষৰ চিৰিয়েদি উঠি গৈছিল তাই , এতিয়াহে কোনে জানো তাত আধাতিতা টাৱেল এখন মেলি থৈছে.. ছেহ্! নামিব নোৱাৰি মুখ ফুলাই বহি থাকে সমীক্ষা ভৰি উলোমাই।
তেতিয়াই ৰিয়ানে আহি তাইৰ ভৰিৰ তলত হাত পাতি দি কলে।
" নামি আহা.."
: আৰে কি কৰিছা। হাতখন আতৰোৱা। লীমা তনয়া ক'ত?
:তাহাতি ব্ৰাছ কৰিব গ'ল। তুমি আহাছোন। মোকটো ভাল ফ্ৰেণ্ড বুলি কৈছিলা। একো নহয় আহা; পাৰিবা।
অসহজ লাগিছে যদিও উপায়বিহীন হৈ লাহেকৈ নামি আহিল সমীক্ষা ৰিয়ানৰ সহায় লৈ।
তাক ধন্যবাদ জনাই ব্ৰাছদালেৰে অলপীয়াকৈ মুখখন ধুই ললে।
দিশা নিতিশাহঁতৰ লগতে চাহৱালাজনৰ পৰা লাল চাহ একাপ লৈ খোৱাৰ মাজতে মাকলৈ ফোন এটাও কৰি ললে ।
পুৱা প্ৰায় দহ বজাত নিউ জলপাইগুৰি ষ্টেচনত নামি সকলোৱে কিবা এটা খাই পিক কৰিবলৈ ৰৈ থকা চুমুবোৰত উঠিল। প্ৰায় তিনি চাৰি ঘণ্টীয়া এটা বাট। সমীক্ষা তনয়াই বাটৰ দাতিত পোৱা নিমখসনা অনাৰষ কিনি খালে। খুউৱ মনোমোহা যাত্ৰাপথ.. অকোৱা পকোৱা পাহাৰীয়া বাট , জলবায়ু হীমশীতল। আকাশৰ পৰা নামি আহি ডাৱৰে চুমিছে পাহাৰবোৰ। হিমালয়ৰ পাকদেশত প্ৰকৃতিৰ ৰাণী ছিক্কিম , সৌন্দৰ্যৰ আকৰ !
সিহঁতে অহা চুমুখনৰ আগৰ ছিটত বহাৰ বাবে প্ৰণৱৰ মুৰ বিষাবলৈ আৰম্ভ কৰাত মাইণ্ডটো ডিছট্ৰেক কৰিবলৈ সি বেসুৰা গান গাবলৈ আৰম্ভ কৰিলে। সকলোৱে কাণত হাতদিব লগীয়া অৱস্থা।
অৱশেষত হোটেল পাই আবেলি সময়ত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি সকলো নিজ ৰুমলৈ খন্তেক জীৰাৱলৈ গল।
তনয়া ৰিতিষ্ণা লীমা আৰু সমীক্ষা একেটা ৰূমতে থাকিল। মনৰ উদ্যমৰ আগত হাৰ মানিছে শৰীৰৰ ভাগৰে।
সন্ধিয়া লাগিবলৈ নৌপাওঁতেই কাপোৰকানি পিন্ধি সকলো সাজু মহাত্মা গান্ধী পথত (M G Marg)ত ফুৰিবলৈ যাবলৈ। সমীক্ষাই ক'লা জিন্চ্ গৰম চোলা আৰু ৰঙা বৰণৰ হুডি জেকেট পিন্ধিও জাৰত কপিছে।
ইমান শীতল ইয়াৰ জলবায়ু..!
: মই নাযাওঁ তোমালোকৰ লগত। ট্ৰেভেল এজেঞ্চীৰ দাদা কেইজনৰ লগতে থাকিবা দেই চব। নীৰা বাইদেৱে ৰুমৰ পৰা ওলাই কলে।
: ঠিক আছে বাইদেউ। সমস্বৰে উত্তৰ দিলে সকলোৱে।
: সমীক্ষাই আকৌ অলপ বেছিকৈ গৰম কাপোৰ পিন্ধিবা , ঠাণ্ডাটো বেছিতো ।
বাইদেৱে কোৱাত সকলোৱে মৃদুকৈ হাঁহিলে। যিহেতু ছিক্কিম পায়ো কিছুমানে সিমান গৰম কাপোৰ পিন্ধা নাই যিমান তাই যোৰহাটৰ পৰাই পিন্ধি আহিছে।
কিযে সুন্দৰ নিশাৰ ছিক্কিম !! MG Marg ৰ স্বচ্ছতা আৰু সৌন্দৰ্য কোনো বিদেশী চহৰৰ দৰে। নিসংকোচে ফুৰিছে সমীক্ষা তনয়াহতে তাত। মন গলেই পথৰ দাতিত পাৰি থোৱা দীঘলীয়া চকীত বহিছে , ফটো মাৰিছে বা কৰিছে দুই এটা বজাৰ।
: সমী , তুমি কিন্তু সাৱধান হ'বা। সৰু ভুল এটা কৰিলেই জেইল হব পাৰে তোমাৰ।
আশিষে কফি একাপ হাতত লৈ তাইৰ ওছৰলৈ আহি কলে।
: আৰে , এনেকুৱা কি ভুল কৰিম মই!
থতমত খাই তাই সুধিলে।
: ইয়াৰ ষ্ট্ৰীট ডগবোৰক খাদ্য দিয়া নিষেধ। বিস্কুট দি নুফুৰিবা আকৌ।
: ঠিক আছে নিদিওঁ। ভয় খুৱাই দিলা একেবাৰে।
তেতিয়ালৈ এখন দুখনকৈ MG Marg ৰ দোকানবোৰ বন্ধ কৰা হৈছিল। ছিক্কিমত সোনকালেই বন্ধ কৰা হয় দোকানবোৰ , হয়তোৱা ঠাণ্ডাৰ বাবে।
দ্বিতীয় দিনা পুৱাই সিহঁতক প্ৰথমে লৈ যোৱা হল কেবাটাও বৌদ্ধ মন্দিৰলৈ।
আহ্ ... কি শান্ত পৰিৱেশ তাত। গেৰুৱা পোছাক পৰিহিত ভিক্ষুসকলেৰে পৰিপুৰ্ণ হৈ থাকে মন্দিৰবোৰ। মধ্যভাগতে থাকে নিৰ্বানপ্ৰাপ্ত গৌতম বৌদ্ধৰ প্ৰতিমূৰ্তি। বুদ্ধদেৱে কৈছিল কোনেও যাতে তেওঁৰ পুজা নকৰে। তথাপি জানো পাৰি সমগ্ৰ মানৱ জাতিক মুক্তিৰ পথ দেখুওৱা এজন যুগপুৰুষৰ আৰাধানাৰ পৰা বিৰত থাকিব।
: চা চা .. ইয়াতে মিশ্বন চাইনাৰ শ্বুটিং হৈছিল !
এটা বৌদ্ধ মঠত দুহাত মেলি ৰৈ তনয়াই কলে।
কিযে অপৰূপ সেই সৌন্দৰ্য.. চৌপাশে পাহাৰ , তাৰে মাজতে বুদ্ধৰ মন্দিৰ। কোনো কেমেৰাতেই ধৰি ৰাখিব নোৱাৰি যাৰ সুন্দৰতাৰ পৰিধি। স্মৃতিৰ বাকচত সজতনে থৈ দিব পাৰি মাধো আজীৱন।
সংগ্ৰাহালয়বোৰত ত্ৰিপিটক আৰু পালি ভাষাত লিখা নানা প্ৰাচীন তথ্য কিছুমান সজতনে থোৱা হৈছে।
তাৰেপাছতে কেবাটাও জলপ্ৰপাত দেখুওৱাৰ পাছত ৰ'পৱেত উঠি সমাপ্ত হল সিদিনাৰ যাত্ৰা।
হোটেল পাই আহাৰ গ্ৰহণ কৰি থাকোতে সকলোলৈকে পাৰছ'নেলি মেছেজ আহিল প্ৰণৱৰ পৰা ,
" আজি ৰাজৰ বাৰ্থডে, চৱেই পঞ্চাশ টকাকৈ দিবা"
আবেলিৰ চাহ খাবলৈ সকলো নিতিশাহঁতৰ কোঠাত গোট খালে আৰু পইচাও দিলে প্ৰণৱক।
: ৰাতি বাৰটাত কেক কাটিম আমাৰ ৰুমত , সবকে মিছ্ কল দিম । আহি যাবা ।
প্ৰণৱে চাহখাই থকাৰ মাজতে কলে।
নিশা ঠিক বাৰ' বজাত সৰু কৈ পালন কৰা হল ৰাজৰ বাৰ্থডে। কোনেও পিছে কেক খাবলৈ নাপালে। সিহতে গালে মুখে সানি কৰা উৎপাত সহিব নোৱাৰি আন মানুহবোৰে কমপ্লেইন কৰাতহে স্তব্ধ হল সেয়া।
সমীক্ষা তনয়া হত ৰুমৰ দিশে আহোতেই ক'ৰ পৰানো আহি প্ৰণৱে দুয়োজনীৰে চুলিত সানি দিলে এসোপামান ক্ৰীম। সাংঘাতিক খং উঠিল দুয়োজনীৰে। যদিও কিবা কলে বেয়া পাব বুলিয়েই মনে মনে ৰুমত সোমালহি। এফালে কালিলৈ ছাংগো লেক আৰু বাবা মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ কথা। আনফালে এই মাজৰাতি মুৰ ধুব লাগিব। তথাপি যে উপায় নাই। দুয়োজনীয়ে মুৰ ধুই গাৰুৰ ওপৰত টাৱেল পাৰি শুই থাকিল।
আজি ছিক্কিমত শেষ দিন , কালিলৈ দাৰ্জিলিং যাব সকলো। সকলোৰে মনত উথপথপ.. আজি যে সবাতোকৈ ঠাণ্ডা ঠাইখিনি দেখিব প্ৰকৃতিৰ ৰাণী ছিক্কিমৰ।
: এই ছোৱালী জনীয়ে যে সদায় ৰেড কালাৰেই পিন্ধি আছে একদম !
গাঢ়ৰঙা জেকেট এটা পিন্ধি ডাইনিং হললৈ নামি যোৱা সমীক্ষাক উদ্দেশ্যি দিশাই কলে।
" কাৰোবাৰ ফেব্ৰেট কালাৰ যেন পাইছো"
চাহ খোৱাৰ পৰা আশিষে কলে।
জিভা কামুৰি হাঁহি মাৰি ৰৈ থাকে সমীক্ষা , ফোনটো ইনেই এবাৰ চায় । কিজানি এটা হলেও মেছেজ দিছে বৰ্ণমে। কিন্তু নীল , শূণ্যতা।
এয়াই বৰ্ণমৰ জীৱনত তাইৰ গুৰুত্ব।
খবৰ লম বুলি কথা দিয়ো পাহৰি যায় সি , নে নাপাহৰে যদিও নুসোধে , সেয়া বুজা কঠিন।
বৰ্ণম মানেই এটা সুগভীৰ সাথঁৰ!
"বলা বলা দেৰি হব" এজেঞ্চীৰ মানুহকেইজনে গাড়ীত উঠালে সকলোকে।
ছাংগু লেক.. ভুমিৰ পৰা ১২,৪০০ ফুট ওপৰত অৱস্থিত প্ৰকৃতিৰ অবৰ্ণনীয় সৌন্দৰ্যৰ সোপান।
চৌপাশে পৰ্বতে আবৃত্ত , সুবিশাল সুগভীৰ নীলা আকাশৰ তলত কিযে মন প্ৰাণ চুই যোৱা প্ৰকৃতিৰ নিপুণ সৃজন এই সৰোবৰ। কাষতে থকা য়াকতো উঠিল সকলো। প্ৰায় এঘণ্টামান তাত থাকি গাড়ী আগবাঢ়িল ১৩,১২৩ ফুট উচ্চতাত থকা বাবা মন্দিৰ অভিমুখে। ভাৰত ভুমিৰ সুযোগ্য সন্তান বাবা হৰভজন সিং , মৃত্যু জিনি যি দেশমাতৃৰ অক্লান্ত প্ৰহৰী। ভাৰত চাইনা যুদ্ধত প্ৰাণ হেৰুওৱা হৰভজন সিঙে সপোনতে আহি সতীৰ্থ সকলক দিছিল শত্ৰু পক্ষৰ খবৰ। তেওঁৰেই স্মৃতিত নিৰ্মিত বাবা মন্দিৰ। অৱশ্যে আগনিশা মুৰ ধোৱাৰ লগতে অতিমাত্ৰা ঠাণ্ডাৰ বাবে মুৰ ঘুৰোৱাত সমীক্ষাই মন্দিৰতোত মাথো সেৱা এটা কৰিয়েই গাড়ীত উঠিলহি। নতিদুৰত থকা আৰ্মি কেম্পত অক্সিজেন লৈহে গা মুৰবোৰ অলপ ভাল লাগিল তাইৰ।
সেইদিনা গধুলি শেষবাৰলৈ MG Marg ত অলপ খোজকাঢ়ি পাছদিনাৰ দাৰ্জিলিং যাত্ৰাৰ বাবে বয় বস্ত সামৰিলে সকলোৱে।
একা বেকা গিৰিপথেৰে আৰম্ভ হল দাৰ্জিলিং মুখী যাত্ৰা। প্ৰকৃতিৰ মাজত বন্ধুত্বৰ আবেশেৰে এটি সতেজ যাত্ৰাপথ। ভিন্নবিষয়ৰ আড্ডা ,কিৰিলিৰে পৰিপূৰ্ণ চুমুবোৰ।
মাজবাটতে তিস্তানদীৰ পাৰত ৰখোৱা হল গাড়ী। পথত কাষৰ সৰু দোকানখনত চাহ খাই সকলো মথাউৰিয়েদি নামি গল ৩০৯ কিলোমিটাৰ দৈঘ্যৰ নৈখনৰ পাৰলৈ।
নদীবোৰ সদাব্যস্ত.. আহৰি নাই , আজৰি নাই।
এৰাসুতিবোৰ ৰৈ যায় , উপনৈবোৰে আহি মিলি যায় নদীখনৰ সতে। তথাপি ক্ষণিক জীৰাৱ নোৱাৰে নিৰৱধি নদীখনে , এৰাসুতিৰ বাতৰি লবলৈ , উপনদীক স্বাগতম জনাবলৈ।
পেণ্টতো কোচাই জোটা মোজা খুলি তিস্তাৰ হীমহেন পানীত দুভৰি মেলি দিয়ে সমীক্ষাই.. কিযে এক প্ৰশান্তি!
নদীৰ ভাঁজে ভাঁজে থাকে বহু কাহিনী .. অলিখিত, অকথিত।
বৰ্ণমক সদায়েই নদীৰ দৰে লাগে সমীক্ষাৰ, যাৰ হিয়াত হাজাৰ বিজাৰ গভীৰতা । যি ৰ'ৱ বিছাৰে খন্তেক, কৱ বিছাৰে মনৰ কথা। কিন্তু নোৱাৰে , প্ৰতিপলে বৈ থকাই যে নদীৰ চাৰিত্ৰিক বৈশিষ্ট্য।
এই নদী সমীক্ষাৰ আজীৱন প্ৰিয়..
'Where the river flows and the rapids are white , is where I'm happiest to be'
~ Ashley and the Van
******
দাৰ্জিলিং.. কাঞ্চনজংঘা ই ঘেৰি ৰখা এখন স্বাস্থ্যকৰ ঠাই , সেউজীয়াৰ আলয়।
শাৰী শাৰী চাহ বাগিচাৰে সৈতে পাহাৰী কন্যা। যতেই চকু দিয়া যায় কেৱল সেউজীয়া আৰু কাঞ্চনজংঘা।
সমীক্ষাহতে পোৱা হোটেলৰ কোঠাতোৰ খিৰিকীৰে চালেও দেখা পোৱা যায় সুবিশাল কাঞ্চনজংঘা। দুৰৈত যদিও নিছেই কাষতে আছে যেন।
: শুণিছ' নাই কালিলৈ তিনিটা বজাতে যাব লাগিব ছানৰাইজ চাবলৈ।
আবেলি ডাইনিং হলত খাবলৈ বহোতে তাইক তনয়াই কলে।
: ইমান সোনকালে!
দিশাই আশ্বয্য প্ৰকাশ কৰিলে।
: উম.. । সমী , কালিলৈ আমি জেকেট এক্সেঞ্জ কৰি পিন্ধিম হা।
তনয়াই তাইৰ দিশে চাই কলে।
: ঠিক আছে।
কথা পাতি পাতি খাই উঠি চিৰিয়েদি ৰুমলৈ উঠি আহোতেই অভিয়ে মাতিলে সমীক্ষাক।
: সমীক্ষা তোমাৰ ফ্ৰেণ্ড এটা আছে ইয়াত।
: ক'ত ? তাই উভতি চাই সুধিলে।
: সৌতো।
ওপৰত ৰৈ কথা কুকুৰ এটালৈ আঙুলিয়াই অভিয়ে কলে।
:Aww..How cute !!
তাই দৌৰমাৰি গল কুকুৰটোৰ ওছৰলৈ।
বৰ মৰমিয়াল আৰু বন্ধুত্ব সুলভ তাৰ ব্যৱহাৰ। সমীক্ষাক শ্বেক এটাও দিলে।
: ইয়াৰ নাম কাৰফিউ। ইয়াত কাৰফিউ হৈ থকাৰ টাইমত জন্ম কাৰণে। অভিয়ে সেইখিনিতে বহি কলে। সমীক্ষায়ো কাৰফিউ বুলি মতাৰ লগে লগে লেউসেউকৈ তাইৰ কাষতে সি শুই দিলে। দাৰ্জিলিঙত তেতিয়া সন্ধিয়া নামিছিল।
: অ বা..ধুণীয়া লৰা এটাৰ ফটো এখন দিয়াছোন। মই মুখখন হাইড কৰি WhatsApp story ত দিম।
কাৰফিউ ৰ ওছৰৰ পৰা আহি হাতখন ধুইছিল মাথো সমীক্ষাই। তেনেতে তৃতীয় ষান্মাসিকৰ গীতাই আহি কলে।
: কিয় লাগে ?.. মোৰ ওছৰত নাই দেই।
: এইৰ মানে ইয়ালৈ অহাৰ আগে আগে ব্ৰেক আপ হ'ল... এক্সক জ্বলাব হেনো সেইখন দেখাই।
চিপচ্ এপেকেট হাতত লৈ সোমাই আহি গীতাৰ বান্ধৱী নিহাৰীকাই কলে।
: ইছ্.. কিযে আৰু !
সমীক্ষাই হাঁহি মাৰিলে।
: তোমাৰ কাজিনৰ ফটোখনকে দি দিয়া।
সমীক্ষাৰ ফোনত বিয়াৰ ফটো চাই থকাৰ পৰা নিতিশাই কলে।
: নহব দেই.. মই লাইনত আছো।
ৰিতিষ্ণাই দুৰৈৰ পৰাই চিঞৰিলে।
: ৰিতি.. তোৰটো বয়ফ্ৰেণ্ড আছিল নহয় !! এতিয়াও চুমদাৰ কথা ভাবিয়ে আছ' ?
: সি মোক এৰি দিলে নহয়.. ইঞ্জিনিয়াৰিং আৰু প্ৰেম হেনো একেলগে আগবঢ়াব নোৱাৰি।
ৰিতিষ্ণাই হাঁহি হাঁহিয়েই কৈছে যদিও বুকুত আছে এক অব্যক্ত বেদনা , সমীক্ষাই চিনিছে সেয়া।
: So , ভণ্টিহত জীৱনত চবৰে প্ৰেমত পৰিবা । কিন্তু ইঞ্জিনিয়াৰিং পঢ়া লৰাৰ পৰা এশখোজ দুৰত থাকিবা দেই। দিনে ৰাতিয়ে মেছিনৰ সতে লাগি লাগি হৃদয়খনো মেছিনেই বনি যায় চাগে সিহঁতৰ।
ৰিতিষ্ণাই উপদেশ দিলে। গীতা নিহাৰীকাই মন দি শুণিলে।
: চুমদাও ইঞ্জিনীয়াৰিঙৰেই ষ্টুডেণ্ট। লাষ্ট ইয়েৰ।
ছানৰাইজ চাবলৈ যাবৰ বাবে বেগৰ পৰা কাপোৰ উলিয়াই থকাৰ পৰা সমীক্ষাই কলে।
: হায়.. মোৰ কপাল।
বিছনাখনতে বহি ৰিতিষ্ণাৰ কোৱাৰ ষ্টাইলত হাঁহিলে সকলোৱে। আকাশত তেতিয়া পুৰ্ণিমাৰ জোন , শীতৰ প্ৰকোপত কিছু নিস্প্ৰভ যাৰ আভা।
WhatpApp খুলি বৰ্ণমৰ ডিপি খন চালে সমীক্ষাই এবাৰলৈ।
"তুমি যদি মোৰ খবৰ নোলোৱা , ময়ো নলওঁ। "
ফোনটো সামৰি বিছনাত পৰে তাই।
মন দাপোনত তেতিয়াই টুকুৰীয়াই বয়ঃসন্ধিৰ যাযাবৰ সময়ৰ কথাই।
ভালপোৱাৰ বাট সৰল ৰেখাৰ দৰে নহয় কেতিয়াও, হাজাৰটা ষ্পীড ব্ৰেকাৰ , খাৱৈৰে পৰিপুৰ্ণ সেই পথ!
অংকৰ টিউচনৰ ওছৰৰ দলঙখনৰ ঠিক কাষতে আৰম্ভ হোৱা সেই প্ৰেম শেষো হৈছিল দলঙৰ কাষতে। ভুল কাৰ আছিল..
তাইৰ ?
বৰ্ণমৰ ?
হয়তোবা উভয়ৰে । হয়তোবা দুয়োৰে ভালপোৱাৰ বাবে অনুকূল নাছিল সেই সময় অথবা বয়স।
******
আজি দাৰ্জিলিঙত শেষ দিন।পুৱতি নিশা প্ৰায় তিনিবজাত আৰম্ভ হল টাইগাৰ হিল অভিমুখী যাত্ৰা। লোকে লোকাৰণ্য হৈ আছে ঠাইখিনি তেতিয়া.. যেন কোনো মেলাহে বহিছে।
ঠাণ্ডাত সমীক্ষাহতৰ দাতলৈকে কপিছে। অৱশ্যে , দাতিকাষৰীয়া অঞ্চলৰ মহিলাসকলে বিক্ৰী কৰা কফিকাপ খাই কিছু উমাল অনুভৱ হৈছে দেহ মন।
বহু প্ৰতিক্ষাৰ অন্তত প্ৰায় পাছ মান বজাত সুৰ্যোদয় হল। ডাৱৰৰ মাজেৰে এটি সেন্দুৰীয়া বলয়। ভাষাৰে বুজাব নোৱাৰা , উপমাৰে শেষ কৰিব নোৱাৰা এক নান্দনিক দৃশ্য। কাঞ্চনজংঘাৰ পাহাৰৰাশি অৰুণৰ কিৰণ পাই সাৰ পাইছে, তেজাল ৰঙা ৰং সানি লৈছে সেই পৰ্বতমালাই।
জন কীটে কৈছিল..
" A thing of beauty is a joy forever. "
হয় , জীৱনৰ যিকোনো সময়তে এই সৌন্দৰ্যৰ সোৱৰণীয়ে আহ্লাদিত কৰিব সমীক্ষাক।
যেন ৰৈ যাৱক সময়..
হেপাঁহ পুৰাই জী লৱ তাই এই ক্ষণ..
টাইগাৰ হিলৰ পৰা উভতি আহোতে এটা বৌদ্ধ মন্দিৰ আৰু ৰ'ক গাৰ্ডেন ফুৰি হোটেললৈ গতি কৰে মানে দুপৰীয়া হৈছিল।
আবেলি সময়ত চাহ বাগান দেখুৱাবলৈ নিয়া হল সকলোকে।
দুচকু পৰিতৃপ্ত কৰিছিল সেউজীয়াখিনিয়ে। চাহপাতবোৰ কপিছিল মৃদু সমীৰ লাগি।
ওছৰতে থকা বৌদ্ধ মন্দিৰো দৰ্শন কৰিছিল সিহঁতে।
মন্দিৰৰ দেৱালত সুনিপুণ ভাৱে অংকন কৰা হৈছে এটি হাতীয়ে শুৰত পদুম লৈ মায়াদেৱীৰ কাষলৈ অহাৰ স্বপ্নৰ পৰা গৌতম বুদ্ধৰ জন্ম , শৈশৱ , মহাপৰিনিৰ্বানলৈকে সুদীৰ্ঘ পৰিক্ৰমা।
প্ৰস্তৰ মুৰ্তিৰ তলত ৰৈ তাই মুখৰ ভিতৰতে আওৰালে,
बुद्धं शरणं गच्छामि।
धर्मं शरणं गच्छामि।
संघं शरणं गच्छामि।
তাৰ পৰা উভতি আহোতে মে হু না বোলছলিৰ শ্বুটিং কৰা স্কুলখনো অলপকৈ দেখিলে সিহঁতে।
আজি সকলোৰে মনবোৰ কিছু সেমেকা। এইকেইটা দিন এটা পৰিয়ালৰ দৰে আছিল সকলো , প্ৰতিটো পৰিসমাপ্তিৰেযে থাকে কিছু বেদনা।
গধূলিলৈ দাৰ্জিলিঙৰ বজাৰলৈ ওলালে সকলো। সমীক্ষায়ো ঘৰৰ সকলোৰে বাবে কিনিলে ছুৱেটাৰ , টুপি আৰু সম্পৰ্কীয় সকলৰ বাবে গৌতম বুদ্ধৰ প্ৰতিমূৰ্তি। বিশ্ব ঐতিহ্য ৰূপে পৰিগণিত হোৱা টয় ট্ৰেইনো দেখিলে সকলোৱে। পথৰ কাষৰ বেঞ্চত বহি ল'লে গৰম গৰম ম'ম'ৰ সোৱাদ। তাতে যোৰহাটত সততে নোপোৱা ভেজ্ ম'ম' ইয়াত সহজলভ্য। সমীক্ষায়ো খাৱ পাৰিছে সেয়ে।
দাৰ্জিলিং আৰু ছিক্কিমৰ মানুহবোৰ বৰ মৰমীয়াল। মাত কথাবোৰ ইমান আপোন। তদুপৰি ইয়াৰ বজাৰবোৰত মহিলাৰ আধিপত্য বেছি। নিশাও ছোৱালীবোৰে নিৰ্ভয়ে , স্বাধীন ভাবে ঘুৰি ফুৰিব পাৰে ৰাজপথত।
বজাৰ কৰাৰ শেষত হোটেললৈ উভতোতে সকলোৱে মিলি গুণগুণাইছিল এটি বিশেষ গান
" Hum Rahe yaa naa rahe kal
Kal yaad Aayenge yeh pal
......."
পাছদিনা পুৱা হোটেলৰ পৰা চেক আউট কৰি গাড়ীত উঠালৈকে সমীক্ষাৰ লগে লগে লাগি আছিল কাৰফিউ। তাই বিস্কুট দি গালে মুৰে হাত ফুৰাই মৰম দিলে তাক।
বিদায় কাৰফিউ
বিদায় দাৰ্জিলিং..!!
বাটত সিহতে মিকিৰ লেক চালে। নেপাল বৰ্ডাৰ পাৰ হৈ পশুপতি মাৰ্কেটত দুই এটা বজাৰো কৰিলে।
ষ্টেচন পায় মানে সন্ধিয়া লাগিছিল। পদপথত ৰৈ থকা মলিয়ন শিশু দুটামানে হাত আগবঢ়াই সকলোকে বিছাৰিলে এধানি সহায়। সমীক্ষাৰ লগতে আনবোৰেও আটাইকে পইচা দিলে। তাই বেগতে টেমা এটাত ভুজিয়া ভৰাই লৈছিল ট্ৰেইনত খাবলৈ।
টেমাটো খুলি সকলোকে বাকী দিলে অলপ অলপ ভুজিয়াও। গুলপীয়া ফ্ৰক পিন্ধা ছোৱালী এজনীয়ে ইংগিতেৰে টেমাটো বিছাৰিলে , সমীক্ষাই দি দিয়াত ফেলেককৈ হাঁহি দিলে , কিমান আপোন আপোন লগা সেই হাঁহি।
সমীক্ষাই তাইক হিন্দীতে নামটো সুধিলে। একো নকৈ তাই তলমূৰ কৰিলে।
" এই কথা কৱ নোৱাৰে। বোবা"
কাষতে ৰৈ থকা লৰাটোৱে হিন্দীত উত্তৰ দিলে।
দুখ লাগি গল সমীক্ষাৰ। ইমান মৰমলগা ছোৱালী জনীৰ মাতষাৰ চাগৈ কিমান মৰমলগা হলহেতেন।
লৰাটোৱে সমীক্ষাক ছোৱালী জনীৰ নামটো কৈছিল। কিন্তু মানুহৰ জন্ম চনলৈকে মনত ৰৈ যোৱা সমীক্ষাই ছোৱালী জনীৰ নামটো পাহৰি গল সিদিনা।
মনত থাকিল মাথো এটা মলিয়ন গুলপীয়া চোলা পিন্ধা ছোৱালী এজনীৰ অমলিন হাঁহিটো।
কাঞ্চনজংঘা এক্সপ্ৰেছত উঠি গৃহমুখী হ'ল সকলো মনত এটি মেটমৰা অভিজ্ঞতাৰ টোপোলা লৈ।
অহা যোৱা মিলাই প্ৰায় আঠোটা দিন একেলগে থাকিল সকলো। যিমান উৎসাহেৰে গৈছিল সিমানেই কিবা এটা বেজাৰ লাগিছে ঘুৰি আহোতে। যাওতে একেলগে বহি যোৱা এসময়ৰ নলেগলে লগা বান্ধৱী দিশা আৰু নিতিশা এতিয়া বহিছে দুটা পৃথক কেবিনত। কিবা কথাত কাজিয়া হল দুয়োৰে মাজত।
হয় , কেতিয়াবা বন্ধুত্বও বন্দীত্বৰ দৰে হয়। বহুতো মনোমালিন্যৰ শেষত এটা সময়ৰ বেষ্ট ফ্ৰেণ্ড পৰিণত হয় ষ্ট্ৰেনজাৰলৈ , সেয়া নিতান্তই স্বাভাৱিক এই বয়সত। কোনো সম্বন্ধই চিৰস্থায়ী নহয় মানুহৰ জীৱনত , কোনো জীৱনৰ পৰা নোহোৱা হৈ গলেই ৰৈ নাযায় জীৱন। জীৱন গৈ থাকে , বৈ থাকে নিৰন্তৰ।
: বা তোমালোকো যাবাগৈ নহয় আৰু এটা ছেমৰ পাছত ?
ট্ৰেইন খনৰ খিৰিকীৰ কাষত বহি অহা সমীক্ষাৰ তন্দ্ৰা ভাগিল নিহাৰীকাৰ মাতত।
: যাবতো লাগিবই।
: তোমাক মোৰ বহুত ভাল লাগিল এইকেইদিন লগ পাই।
বেগকেইটা সামৰি নিহাৰীকাই কলে।
: মোৰো তোমাক লগ পাই ভাল লাগিল। পিছে বেগ সামৰিলাই যে ?
: মই ডিফু ষ্টেচনতে নামিম। ঘৰ ইয়াতে যে।
: অহ.. সমীক্ষায়ো বহাৰ পৰা উঠি তাইক বেগ উলিওৱাত সহায় কৰি দিলে।
: যাওঁ বা। নিহাৰীকাই তাইক সাবতি ধৰিলে। তাইৰ দুচকুৰ পৰা অজানিতে সৰা অশ্ৰুকণাই তিয়াই নিলে সমীক্ষাৰ ছুৱেটাৰতো।
কম সময়তে কিমানযে আন্তৰিকতা।
দাৰ্জিলিঙৰ পৰা প্ৰায় দুদিনীয়া যাত্ৰাৰ অন্তত মৰিয়নী জংচন পাই মানে গধূলি সাত বাজিল। যি বিন্দুত প্ৰায় তিনিমাহৰ পৰিকল্পনাৰ অন্তত আৰম্ভ হৈছিল এই যাত্ৰাৰ তাতে তাৰ পৰিসমাপ্তি ঘটিল।
গাড়ীৰে সৈতে তাই অহালৈ বাট চাই সেইখিনিতে ৰৈ আছিল মাক , বায়েক আৰু পাৰ্থদা।
*******
আগলৈ
✍️সংগীতা দেৱী
(Thank you for the Love dear Readers ❤️)
Comments
Post a Comment