জেবিয়ান..🦋 (খণ্ড - ৩১)
~ বিয়া বিশেষ❤️
ডিপাৰ্টমেণ্ট ডে তথা শিক্ষক দিৱসৰ ঠিক দুদিন পাছতে আৰম্ভ হোৱা ছেছ'নেল পৰীক্ষা শেষ হৈছে কালি। চাওঁতে চাওঁতে পঞ্চী আৰু পাৰ্থদাৰ বিয়ালৈয়ো বাকী আছে আঙুলি মুৰত লেখিব পৰা দিন।
:কাৰ্লমাৰ্ক্সে কৈছিল ধৰ্ম হৈছে জনসাধাৰণৰ আফিং। ই এনে এক অস্ত্ৰ যাৰ দ্বাৰা পুঁজিপতি শ্ৰেণীটোৱে সৰ্বহাৰা শ্ৰেণীক শোষণ কৰে। সেয়ে তেওঁ কয় ধৰ্ম শোষিত শ্ৰেণীৰ হুমুনিয়াহ আৰু উদ্যমহীন অৱস্থাৰ উদ্যমৰ দৰে , ই আত্মাবিহীন জগতৰ অন্তৰ।
ধৰ্ম দৰ্শনৰ ঈশ্বৰবিৰোধী মতবাদ ৰূপে মাৰ্ক্সবাদৰ ব্যাখ্যা আগবঢ়াইছে ৰঞ্জন ছাৰে। মাৰ্ক্সে বিশ্বাস কৰিছিল ধৰ্মীয় চেতনা একপ্ৰকাৰৰ মায়াময় সুখ তথা ভ্ৰম। তথাপি জানো মানুহৰ দৈনন্দিন জীৱনৰ পৰা আতৰাই দিব পাৰি ধৰ্মৰ যথাৰ্থতা। কিছুদুৰলৈকে মাৰ্ক্স শুদ্ধ যদিও সেয়া সম্পূৰ্ণ সত্য হব নোৱাৰে। সমীক্ষাৰ বিশ্বাস প্ৰকৃততে ধৰ্ম পবিত্ৰ , যাক কলুষিত কৰে একাংশ অন্তঃসাৰশূণ্য মানুহেহে।
: অৱশ্যে ধৰ্ম এক সংহতি আৰু সমন্বয়ৰ নীতি , যাক ভালদৰে ব্যৱহাৰ কৰিব জানিলে ই মানৱীয় প্ৰমুল্য সমূহ সংৰক্ষণ কৰি শান্তি আৰু ঐক্য প্ৰদান কৰে।
ব্যাখ্যাৰ শেষত ৰঞ্জন ছাৰে কলে।
:সমী , ডিপাৰ্টমেণ্ট যাওঁ বলা , আজি পাৰমিশ্বন লবই লাগিব।
ছাৰ ওলাই যাবলৈ পালেহে , প্ৰণৱ আহি সমীক্ষাৰ বেঞ্চ পালেহি।
: অহ্ আৰু এটা কথা ...
ৰুমটোৰ পৰা উলাই যোৱা ছাৰ সোমাই আহিল পুণৰ।
: আমাৰ ডিপাৰ্টমেণ্টৰ পৰা এখন ইণ্টাৰ কলেজ ছেমিনাৰৰ আয়োজন কৰা হৈছে। তোমালোকৰ ষান্মাসিকৰ পৰাও এখন ছেমিনাৰ প্ৰস্তুত কৰিবা , ড০ ৰাধাকৃষ্ণণৰ যিকোনো এটা টপিক ছিলেক্ট কৰিলেই হ'ল । যাৰ ছেমিনাৰ বেষ্ট হব , বীক্ষণত সেইটো আৰ্টিকল হিচাপে দিয়া হব । গোটেই ক্লাছটোৱেই মিলি প্ৰিপেৰ কৰিবা। অৱশ্যে কোনোবাই গুৰি ধৰিলে ভাল। জ্যোতিময় , সমীক্ষা অলপ মন দিবাছোন।
: ঠিক আছে ছাৰ।
নিৰ্দিষ্ট বেঞ্চৰ পৰা ঠিয় হৈ সমীক্ষা , জ্যোতিময়ে কলে।
: ছাৰ , ছেমিনাৰখন কেতিয়াকৈ হব?
সুধো নুসোধোকৈ সমীক্ষাই সুধিলে। যিহেতু পঞ্চীৰো বিয়া পাইছেহি , তাই যদি বিচৰামতে সময় দিব নোৱাৰে বিভাগীয় কামটোত।
: মষ্ট প্ৰবেব্লী অক্টোবৰ ত।
:অহ্ ।
মুৰ দুপিয়ালে সমীক্ষাই।
ছাৰ যোৱাৰ পাছতে খৰধৰ লগালে প্ৰণৱে।
" বলা..বলা "
ডিপাৰ্টমেণ্ট ৰুমৰ দিশে এটা সমদলৰ দৰে ওলাই গল সমীক্ষা , প্ৰণৱ , ৰিতিষ্ণা , আয়ুব , আশিষ , ৰিয়ান, অৰ্জুন আদিকে কৰি বিভাগটোৰ অৰ্ধাংশ।
: বাইদেউ সোমাইছো।
সমীক্ষাই সেমেনা সেমেনকৈ কলে।
: আহা । আজি সব একেলগে যে ?
চাহ একাপ খাই থকাৰ পৰা নীৰা বাইদেৱে কলে।
: বাইদেউ আমি মানে দাৰ্জিলিঙলৈ এক্সাৰশ্বন যোৱাৰ পৰিকল্পনা লৈছো পৰীক্ষাৰ পাছত। আপুনি আৰু ৰঞ্জন ছাৰ আমাৰ সতে যোৱাটো বিছাৰো সকলোৱে , এপ্লিকেশ্বন এইখন। অনুমতি বিছাৰিলো আপোনাৰ।
বাইদেউৰ দিশে কাগজখন আগবঢ়াই সমীক্ষাই কলে। আগতীয়াকৈ নীৰা বাইদেউ আৰু ছাৰৰ লগত যোৱাৰ সিদ্ধান্ত লৈ থৈছে সকলোৱে। যিহেতু শিৱানী বাইদেৱে বেছি ঠাণ্ডাত সমস্যা পায় , মিত্ৰা বাইদেউ খুৱেই ব্যস্ত , পপী বাইদেউ আৰু নীলাক্ষী বাইদেৱো নিজেই বহুত সৰু এতিয়াও , ইমানখিনি লৰা ছোৱালী সম্ভালিব পৰাকৈ।
: তোমালোকে ইমানখিনি প্লেন বনালায়ে নেকি ?
বাইদেৱে কিবা ভাবি কলে।
: চহীটো কৰি দিয়া নীৰা , লৰা ছোৱালী কেইটাই বৰ মন কৰিছে যাবলৈ।
বিভাগলৈ অতিথি ফেকাল্টি হিচাপে এতিয়াও আহে আনয়া বাইদেউ , তেওঁ কলে এইবাৰ।
: ঠিক আছে বাৰু। যাম মই তোমালোকৰ সতে।
নীৰা বাইদেউৰ সন্মতি পাই হাঁহি বিৰিঙিল সকলোৰে মুখত। যেন যুদ্ধ জয়ৰ আনন্দ। বিজয়ী উল্লাসেৰে বিভাগৰ পৰা ওলাই আহিল সকলোবোৰ।
: অই বৰ্ণম যাব নাই। লীমাই সমীক্ষাক খুটিয়াই সুধিলে।
: নাযায়। সমীক্ষাই সৰু কৈ কলে।
: মই কৈ চাম ৰহ.. যাবও পাৰে তেতিয়া।
: নাযায় অ ..
সমীক্ষাই পুণৰ কলে। বৰ্ণমে না কৰা কিবা এটা হা লৈ পৰিৱৰ্তন কৰা সম্ভৱ নহয়। তাৰ সিদ্ধান্ত সদায় অলৰ অচৰ।
তথাপিও সমীক্ষাৰ হকা বাধা নামানি লীমা তাৰ কাষ পালেগৈ।
: বৰ্ণম তুমিও উলাবা না আমাৰ লগত..!!
লীমাই লেনিয়াই কলে। সমীক্ষাই কাণপাতি শুণি আছে দুয়োৰে বাৰ্তালাপ।
: নাযাওঁ। বৰ্ণমৰ চিধা উত্তৰ।
: উলাবাছোন , তুমি গলে ছেফ্ ফিল হব আমাৰ।
লীমাই পুণৰ কলে।
: মানে তুমি কি বুজাব খুজিছা ?
ডিপাৰ্টমেণ্টৰ আন লৰাবোৰ বিশ্বাস যোগ্য নহয় , মই নাযাওঁ।
বৰ্ণমে কিছু ৰাফকৈ কোৱাত লীমা আতৰি আহিল তাৰ কাষৰ পৰা। কিয়বা কিবা এটা ভাল লাগি গ'ল সমীক্ষাৰ। তাইৰ প্ৰস্তাৱ নাকচ কৰি বৰ্ণমে লীমাৰ কথা শুনি এক্সাৰ্শ্বন যাম বুলি কোৱা হলে মানে বেজাৰ লাগিল হেতেন তাইৰ ?
নিজৰেই মানসিক অৱস্থাটোলৈ হাঁহি উঠি গল সমীক্ষাৰ। ভালপোৱাই সচাই মানুহক অলপ ষ্টুপিড্ বনাই পেলায়!!
বৰপাত্ৰ কুটীৰৰ প্ৰিঞ্চিপাল ছাৰৰ অফিচৰ দিশে আগবাঢ়িল এইবাৰ সিহঁত। কিন্তু লাইব্ৰেৰীৰ বাহিৰৰ টেপতোতে পানীৰে মুখ ধুৱলৈ ৰোৱা প্ৰণৱে তিয়াই পেলালে এপ্লিকেশ্বন খনৰ আধাখিনি।
' ই.. খালি খালি ! এইখনচোন বেয়া হৈ গল'।
ঋষিয়ে মুৰে কপালে হাত দি কলে।
সকলো গৈ সেইখিনি পালেগৈ। আৰম্ভ হল ইস্ আহ্।
প্ৰণৱৰ উপৰত গালিৰ বৰ্ষণ।
: হব দিয়া , আৰু এখন এপ্লিকেশ্বন লিখো এতিয়া।
বলা ৰুমলৈ।
সমীক্ষাই বেগৰ পৰা বহী উলিয়াই কলে। পুণৰ ক্লাছৰুমত সোমাই এপ্লিকেশ্বন লিখি নীৰা বাইদেউৰ চহী বিছাৰি ডিপাৰ্টমেণ্ট ৰুম পালেগৈ সকলো।
: বাইদেউ নাই নহয়। ক্লাছলৈ গৈছে। নীলাক্ষী বাইদেৱে কলে।
: ক'ত আছে বাৰু ক্লাছ ?
নিতিশাই সুধিলে।
: আৰ চি চি বিল্ডিঙত। 301 ৰুমত চাগৈ।
নীলাক্ষী বাইদেউৰ পৰা বিদায় লৈ আকৌ ওলাই আহিল সিহঁত।
" বলা বলা.. আৰ চি চি লৈকে যাওঁ " আশিষে কলে।
ঠিকেই কয় বহুতে.. এইটো এটা ৰেষ্টলেচ্ প্ৰজন্ম। মুঠতে সব কথাতে লৰালৰি।
' ইস্ .. ইমান দুৰ!!"
দিশাই কলে এইবাৰ।
' আয়ৈ দেহি , সৌকনতে আছে দেখোন'
হয়তো ঋষিয়ে কলে।
: বলা যাওঁ তেন্তে।
প্ৰণৱেও কোৱাত সকলো আগবাঢ়িল আৰ চি চি বিল্ডিঙলৈ।
আৰ চি চি বিল্ডিং মানেই বৰ্ণম বৰ্ণম সুবাস। বহু নোকোৱা কথাৰ সমষ্টি 303 নং কোঠা , য'ত পাৰ হৈছে সিহঁতৰ চাৰিটা ষান্মাসিক।
301নং কোঠাত সোমাই যাওঁতে সমীক্ষাই হাওলি চালে 303 নং কোঠালৈ।
সিহঁত সেইখিনি পোৱাগৈ দেখি ছাত্ৰ ছাত্ৰী সকলক বুজাই থকাৰ মাজতে মুৰ জোকাৰি হাঁহি নীৰা বাইদেৱে সুধিলে।
: কি হল আকৌ ইয়াত যে ?
: বাইদেউ আপোনাৰ চহীটো আকৌ লাগে। আগৰ এপ্লিকেশ্বন খন নষ্ট হৈ গ'ল ।
সমীক্ষাই কলে। বাইদেৱে হাঁহি এটা মাৰি কৰি দিলে চহী।
: এতিয়া ডাইৰেক্ট প্ৰিঞ্চিপাল ছাৰৰ ৰুম দেই!
চিৰিয়েদি নামি প্ৰণৱে কলে।
: তোমালোক আগবাঢ়াছোন, মই ইটো বাটেৰে যাওঁ।
সমীক্ষাই সেইখিনিতে ৰৈ কলে।
: অকে বাৰু , খালী সোনকালে।
সমীক্ষা 303 নং কোঠাৰ ফালে আহিল। এই ঠাইখিনিৰ বতাহজাক যেন কিছু পৃথক। সেই কোঠাতোৰ প্ৰথম বেঞ্চত বহি থকা জুনিয়ৰ জনী যেন তায়েই , আৰু শেষৰ ফালে বহি আছে বৰ্ণম। দুয়োৰে মাজত দুৰত্ব কেইখনমান বেঞ্চৰ।
হিয়াৰ মাজত অহৰ্নিশে ফল্গূধাৰাৰ দৰে বৈ থকা এটি আবেগৰ নাম বৰ্ণম। তাৰ সতে জড়িত প্ৰতিটো কথা , প্ৰতিটো বস্তৱেই তাইৰ প্ৰিয় ।
ঠিক এইখিনিতেই ঠিক এনে এটি দুপৰীয়াতেই বৰ্ণমৰ সতে কথা পাতিছিল তাই। এতিয়া সেই বেলকনিতোৰ চিনচাব নোহোৱা হ'ল। নতুন ৰং বুলাই নোহোৱা কৰা হৈছে কনফেশ্বন ৱালৰ বোবা শব্দবোৰ ।
এনেকৈয়ে যদি হৃদয়ৰ পৰা মছিব পৰা গ'লহেতেন মানুহক । এনেদৰেই যদি মোহাৰি দিব পৰা গ'লহেতেন যাযাবৰ স্মৃতি বোৰ।
সচাই প্ৰেম যিমানেই পুৰণা হয় সিমানেই গাঢ় হয় আবেগৰ ৰং।
******
আজি মহালয়া , দুৰ্গা দেৱী বসুধালৈ নামি অহাৰ দিন। মহালয়া মানেই মায়াময় গড় আলি। মাজনিশাৰে পৰা হিলদল ভাঙি উৎসৱপ্ৰেমী যোৰহটীয়াৰ পথত যাত্ৰা আৰম্ভ হয়। এইবাৰ পুজা কিছু আগতীয়া , ছেপ্তেম্বাৰতে আৰম্ভ হৱ। সমীক্ষাকো পুৱাতে দেউতাকে স্কুটীত উঠাই বৰুৱা চাৰিআলিলৈকে এপাক ফুৰাই নিলেহি। তদুপৰি আজি বিয়াৰ বাবে তেজপুৰৰ মাহীয়েকো অহাৰ কথা। কলেজ যোৱাৰ বিশেষ ইচ্ছা নাচিল তাইৰ , কিন্তু 21 তাৰিখে ফৰ্ম ফিল আপৰ নটিচ্ পোৱাত ততাতৈয়াকৈ সাজু হৈছে । বাইশ তাৰিখে বিয়া , বিয়াৰ আগদিনা ফৰ্ম ফিল আপ কৰিব নোৱাৰে তাই কোনোপধ্যেই। সেই কথা অফিচত জনাব লাগিব। ব্যস্ততাৰ মাজতে বিশেষ আয়োজন অবিহনেই পাৰ হৈ গল তাইৰ বাৰ্থডে ও। অৱশ্যে এইবাৰ বাৰ্থডেৰ দিনাই তাই এটা বিশেষ উপহাৰ পালে , সেয়া হল ভোটাৰ কাৰ্ড। ভাৰতবৰ্ষৰ বাসিন্দাৰ পৰা নাগৰিকলৈ উন্নত হল সমীক্ষাৰ স্থিতি।
ঋতু আহে ঋতু যায়...
কিন্তু শৰৎ মানেই প্ৰকৃতিৰ এক নান্দনিক ৰূপ। পদুলি উপচাই মুকুতা হেন নিয়ৰৰ ফুলৰ বৰ্ণময় সুবাস।
শাৰদ সম্ভাৰে ছন্দোময় কৰি তুলিছে জে বি কলেজৰ চৌহদো।
ক্লাছ ৰুমলৈ সোমাই যাওঁতে সমীক্ষাক ৰীতাই কলে।
: আজিও আহিছা তুমি কলেজ ? বিয়াটো পালেহিয়ে।
: অফিচত অলপ কাম আছে। এইটো ক্লাছৰ পাছতে যামগৈ।
: অহ্... আৰে এয়া কি তুমি থ্ৰেডিং কৰা নাই এতিয়ালৈকে ?
আচৰিত হোৱাৰ দৰে সমীক্ষাৰ চেলাউৰিলৈ চাই তাই কলে।
: মই তো আজিলৈকে কাহানিও পোৱায়ে নাই থ্ৰেডিং কৰি।
: বিয়াটো নকৰা ?
: নকৰো দেই । ভয় লাগে.. দুখ পাম।
সমীক্ষাই হাঁহি মাৰি কলে।
: তোমাৰ অৱশ্যে হাঁহিতোৱেই enough !
: ইছ্ ..!
শিৱানী বাইদেউ সোমাই আহিল ঠিক তেনেতে ।
বাইদেৱে কালিৰে পৰা আৰম্ভ কৰিছে লজিকৰ ভেন ডায়েগ্ৰাম। মহালয়া বুলি ওৰেটো নিশা সাৰে থকা শিক্ষাৰ্থী সকলৰ বাবে আজি এনেকুৱা বিষয় এটাই ভালো পিছে । বেঞ্চত বহি কলমটিয়াই থকা সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে ভেন ডায়েগ্ৰামৰ বৃত্তবোৰে।
সেই ডায়েগ্ৰামবিলাকত BARBABA , DERISON আদিৰ দৰে মুৰ্তি সমুহত বৈধতা নিৰূপণ কৰোতে সিহঁতো সোমাই পৰে গোলাকাৰ বৃত্তবোৰৰ সাথৰত।
: তই এইদাল কি আনিছ বাৰু ?
পেঞ্চিলডাল জোঙালিবলৈ ভনীয়েকৰ আইব্ৰ' পেঞ্চিলৰ ছাৰ্পনাৰডাল লৈ অহা পিংকুৰ দিশে চাই ঋষিয়ে কয়।
চুলি খজুৱাই হাঁহে পিংকুৱে , হাঁহে সমীক্ষাহঁতৰ লগতে শিৱানী বাইদেৱেও।
অৰ্জুনে আকৌ লৈ আহিছে গাৰ্লফ্ৰেণ্ডৰ ঘুৰনীয়া খাৰু এপাট । কষ্ট নহয় তেতিয়া বৃত্ত আকিবলৈ।
সেইবোৰ দেখি হাঁহিয়ে জোকাৰি যায় ক্লাছৰুমতো , অকৃত্ৰিম হাঁহিবোৰে সোৱৰাই দিয়ে এই সময় এবাৰ হেৰালে উভতি নাহে দুনাই!
উকা কাগজত ওপৰাওপৰিকৈ অংকণ কৰা হয় তিনিটাকৈ বৃত্ত , তিনিওটা এটা আনটোৰ সতে নিবিড় ভাবে জড়িত যেন ষান্মাসিক ব্যৱস্থাৰ তিনিটা কঠোৰ নিয়ম -- এটেনডেঞ্চ , এছাইনমেণ্ট আৰু এক্সাম। যিকোনো এটাৰ অলপ হেৰফেৰ হলেই সৃষ্টি হব বহু সমস্যাৰ।
: ছাৰ একৈশ তাৰিখে মই ফৰ্ম ফিল আপ কৰিব নোৱাৰিম ।
ক্লাছতোৰ পাছত বৰপাত্ৰ কুটীৰৰ অফিচ ৰুমত সোমাই সমীক্ষাই কলে।
: কিয় ?
ফাইলবোৰৰ পৰা মুৰ নোতোলাকৈয়ে ছাৰজনে সুধিলে।
: বাইশ তাৰিখে মোৰ বাৰ বিয়া। সমস্যা হব অলপ।
: হয়নেকি ? ঠিক আছে বাৰু কিবা এটা মিলাম। কিন্তু আমাক নামাতা নেকি বিয়ালৈ।
হাঁহি এটা মাৰি সুধিলে তেওঁ।
: নিশ্চয় মাতিম।
বেগৰ পৰা চিঠি এখন উলিয়ালে সমীক্ষাই। বায়েকৰ বিয়ালৈ কাকোৱেই মাতিবলৈ পাহৰা নাই তাই। ছাৰ বাইদেউ সকলৰ লগতে , লাইব্ৰেৰীৰ বাইদেউ, কেণ্টিনৰ বা কেইজনী , বিভাগীয় কৰ্মচাৰী ৰাতুল দা সকলোকে দিছে নিমন্ত্ৰণী পত্ৰ।
: আমন্ত্ৰণৰ বাবে ধন্যবাদ। কিন্তু জানাই নহয় আমি কিমান ব্যস্ত।
ছাৰজনে চিঠিখন হাতপাতি লৈ কলে।
: হয়। সমীক্ষাই মুৰ দুপিয়ালে।
: ২৫ তাৰিখে আহা তুমি। হৈ যাব ফৰ্ম ফিল আপ ।
সেইদিনা অৱশ্যে জেনেৰেল ইলেকশ্বন। কিন্তু উপায় নাই তাৰ পাছতে যে পুজা।
: হব বাৰু ছাৰ । এতিয়া আহিছো।
বৰপাত্ৰ কুটীৰৰ পৰা ওলাই আহিল তাই। মনতো বৰ ফৰকাল লাগিছে আজি , মাহীয়েক অহাৰ কথা যে।
ৰিবৰিব্ কৈ যোৱা বতাহজাকত ওপঙি আছে শেৱালিৰ অমিয়া সুবাস।
****
পঞ্চীৰ বিয়ালৈ মাজত মাথো এটা দিন। মাহী , পেহী , খুৰা - খুৰী , আইতাক , মামা -- মামী আদিৰে পৰিপুৰ্ণ হৈ আছে ঘৰখন। দাদা , বা ভাই - ভনীয়ে উপচাই ৰাখিছে ঘৰৰ দশোদিশ। সিহঁতৰ কাজিন বহুত বেছি। WhatsApp ত মাথো এটা গ্ৰুপতে নোজোৰে সকলোবোৰ। আজিয়েই ইমানখিনি মেহেন্দী যোগাৰ কৰাৰ সত্বেও কেবাজনী বাকী ৰোৱাত ডাঙৰ মামাকৰ লৰা তথা চুম দাদা ততাতৈয়াকৈ ওলাই গৈছে মেহেন্দী কিনিবলৈ।
: বাহ্ .. ইমান কাঢ়াকৈ লাগিল তোৰ মেহেন্দীখিনি।
পঞ্চীৰ হাতৰ মেহেন্দীখিনি চাই সমীক্ষাই কলে।
: নলগা হলে পাৰ্থকে গালি দিলোহেতেন আৰু!
কথাষাৰ কৈ হাহিলে পঞ্চীয়ে। বিশ্বাস কৰা হয় প্ৰেমাস্পদৰ ভালপোৱা যদি গভীৰ তেতিয়াহে গাঢ় হয় প্ৰেয়সীৰ দুহাতৰ মেহেন্দীৰ ৰং।
: অই , সেয়া চা। মিকু মিমুও আহিছে।
সমীক্ষাই চিঞৰ মাৰি কলে।
: বল বল ফটো একপিকে মাৰোগৈ দুয়োটাৰে লগত।
পঞ্চীয়ে বহাৰ পৰা উঠি কলে। সমীক্ষাই ৰুমলৈ গৈ কেমেৰা উলিয়ালেগৈ।
মেকুৰী অলপ ডাঙৰ হলেই ঘৰ এৰি যোৱাৰ সহজাত নিয়ম। প্ৰথমে সেয়া মানি লোৱা নাছিল দুয়োজনীয়ে , যেতিয়াই দুয়োটা ওলাই যায় বিছাৰি বিছাৰি ঘুৰাই আনেগৈ সমীক্ষা পঞ্চীয়ে। প্ৰিয় কোনোবা সদায় কাষতে থকাতোৱেই যে বিছাৰে সকলোৱে। অৱশেষত যেনিবা সিহঁতে বুজিছিল , যাক ভালপোৱা যায় তেওঁক মুক্তমনে থাকিবলৈ দিয়াটোহে প্ৰকৃত প্ৰেম ! বন্ধন সকলোৰে অপ্ৰিয় , সেয়া লাগিলে মানুহেই হওঁক বা মেকুৰী। কিন্তু সিহঁতৰো এখন অন্তৰ থাকে , অন্তঃ প্ৰজ্ঞাও থাকে হয়তোবা। নহলেনো কিদৰে পঞ্চীৰ বিয়াৰ বাতৰি পাই এইদৰে আহিছে সিহঁত।
দুয়োজনীয়ে মিকু মিমুক হাত বুলাই মৰম কৰিলে , পকাতে শুই পাতি দিছে দুয়োটাই। ফটোও মাৰিলে একেলগে।
: শৰ্মাই ছোৱালী দুজনীক বৰ আলসুৱাকৈ ডাঙৰ কৰিছে। নহয়নে ?
ৰভাতলত তামোল কাটি থকা মানুহকেইগৰাকীয়ে পাতিলে।
গধূলি ৰভাৰ কাষত কাজিন গ্ৰুপৰ ৰসাল আড্ডা। ডাঙৰ খিনি ব্যস্ত নানা কামত অথবা আলহীক চাহ জলপান দিয়াত।
ডিছপজেবল গ্লাছত সমীক্ষাই সকলোকে বাকী দিছে কল্ড ড্ৰিংকচ্ ।
: ছেন্দেল চুৰ মই কৰিম দেই।
কল্ড ড্ৰিংকচ্ ৰ গ্লাছত চুমুক যাচি চিম্পীয়ে কলে।
: ঠিক আছে । দৰা আগচিবলৈ আকৌ ময়ো যাম। মাতিবি।
সমীক্ষাই কলে।
: মজা হব। প্ৰশ্ন কেইটামান ভাবি থবা সোণজনী বা।
মাহীয়েকৰ জীয়েকে কলে।
: মই আৰু চাউল যোগাৰ দিয়াৰ দায়িত্বকে ললো।
মাজু খুৰাকৰ লৰাটোৱে কলে।
: স্প্ৰে এটাও আনিব কৈছিলো নহয় চুম দা । আনিলা নাই?
কুহিয়ে তাইৰ মেহেন্দীখিনিত চেনিপানী সানি সানি কলে।
: ছেহ পাহৰি গলো। কাইলৈ লৈ আহিম বাৰু।
: হুম.. আজি গোতেই সোপাই মাটিতে বিছনা তৰো নহলে। ভুতৰ কথা পাতিম।
মাজনীয়ে দিলে প্ৰস্তাৱ। সকলো লগ হলে ভৌতিক কথাপতাৰ পৰম্পৰা পুৰণি কাজিন গ্ৰুপৰ।
" আয়ৈ নাপাতো দেই। ভয় লাগে"
কনমানি কেইজনীয়ে থৰথৰকৈ কঁপি কলে।
: বাকীবোৰ মাটিত শুলেও পঞ্চী বিছনাত শুৱ দেই।
মাহীয়েকে মহ মৰা ধূপ এদাল জ্বলাই দি কলে।
: সোণজনীও শুৱি মোৰ লগত।
পঞ্চীয়ে কলে। ইমান দিনে সদায়েই একেলগে শুৱে দুয়োজনী। আজিনো শেষৰ দিনা কিদৰে পৃথকে শুৱ বাৰু ?
: তেন্তে বিছনা ৰেডি কৰগৈ সকলোৱে।
মই ভাত বাঢ়ো , ৰাতিপুৱা সোনকালে উঠিব লাগিব।
ৰাতিতে উঠি দৈয়নো দিব লাগিব নহয়!
মাকে সেইঠাইলৈ আহি কলে। কাজিন সভা ভংগ হল সেইখিনিতে।
বিছনাত পৰিও বাগৰ সলাই আছে মাথো সকলোৱে। সিহঁতৰ কথাৰ অন্ত নহয় কেতিয়াও। আনবোৰ কোঠাৰ পৰা অহা ডাঙৰ সকলৰ ধমকবোৰ আওকাণ কৰি এইবাৰ ফুচফুচাই কথা পাতিবলৈ লৈছে কাজিন গ্ৰুপে। কিছুদুৰৰ নামঘৰৰ পৰা শংকৰদেৱৰ তিথি উপলক্ষে আয়োজন কৰা ভাওঁনাৰ আখৰাৰ মাত আহিছে ৰিণি ৰিণিকৈ। কি শ্ৰুতিমধুৰ সেই বচনবোৰৰ সুৰ !
সমীক্ষাই কাষতে শুই থকা পঞ্চীক সাবতি ধৰি ভাবিছে কাইলৈৰ পৰা এই বিছনাখনত তাইৰ সতে নাথাকিব বায়েক!! আজি মিছিয়েও কিবা বুজি সন্ধ্যাৰ পৰা লেউসেউকৈ শুই আছে চাংতলত। মৰম সিহতেও বুজে , সিহতৰো থাকে এখন অন্তৰ আৰু আন্তৰিকতা।
*****
বহু প্ৰত্যাক্ষিত দিনটো অৱশেষত আহিল। পুৱাৰে পৰা উদুলি মুদুলি সমীক্ষাহঁতৰ ঘৰ। চিনাকি অচিনাকি আলহীৰে ভৰি থকা এখন ঘৰ। উখল মাখল সকলোৰে মন প্ৰাণ।
যাৰ আঙুলিত ধৰি ডাঙৰ হৈছিল সমীক্ষা , যাৰ সতে একেলগে পুতলা খেলি , বালিঘৰ সাজি পাৰ হৈছে তাইৰ শৈশৱ , যি সময়ৰ সতে ভগ্নীৰ পৰা সলনি হৈছিল একান্তই বিশ্বাসী বন্ধুলৈ সেই মৰমৰ বায়েকজনী আজি গোত্ৰ চিঙি যাবলৈ আন এখন ঘৰলৈ।
জুৰুণ যোৱাৰ পাছতে এবাৰ লুকাই চুৰকৈ পঞ্চীলৈ চালে তাই। পঞ্চীৰ শেওঁতাত এতিয়া এটি সেন্দুৰীয়া বাট , পাৰ্থদাৰ আয়ুসৰেখা। কপালত দুপৰৰ বেলি।
সচাই , ন- কইনাতকৈ অধিক ধুণীয়া এই পৃথিৱীত কোনো নাৰীয়েই হব নোৱাৰে।
অত ব্যস্ততাৰ মাজতো কিবা এটা উগুল থুগুল লাগিছে সমীক্ষাৰ মন। এবাৰ সৰু থাকোতে পঞ্চীক জোৰকৈ ফাকুৱা সানিব বিছাৰিছিল ল'ৰা এটাই। সমীক্ষাই কনমানি পুতলা ছাটিতোৰেই মাৰিছিল লৰাটোক..
ইমান মৰমৰ বায়েক এইজনী সমীক্ষাৰ , যি মৰমৰ কথা সন্মুখত কৱ নোৱাৰি কেতিয়াও। মাথো অনুভৱহে কৰিব পাৰি।
সেই বায়েকৰ দিশে কোনোৱাই চকু দিলে ৰুদ্ৰমুৰ্তি ধৰিব পাৰে সকলোৱে শান্ত বুলি উপমা দিয়া সমীক্ষাই।
ইমান পুৰণি কথাবোৰ কিয় বাৰু মনত পৰিছে আজি।
সেইবোৰ ভাবি ভাবিয়েই কমলাবুলীয়া পাটৰ কাপোৰযোৰ পিন্ধিলে তাই , কপালত এটি ফুট লৈ দুগালত অলপ পাউদাৰ। পঞ্চিয়ে সানি নিদিলে তাইটো নিজেই লগাব নাজানে আই লাইনাৰ অলপো!
: বায়েকৰ বিয়াত ইমান চিম্পুল কৈ থাকেনে বাৰু কোনোবা ??
ফটোগ্ৰাফাৰ দাদা দুজনে কলে।
: মই লিপষ্টিক অকনমান সানি দিম । ব'ল ভিতৰলৈ।
চিম্পীয়ে সমীক্ষাক ভিতৰলৈ লৈ গৈ ওঁঠযুৰিত ৰঙা ৰং অলপ সানি দিলে।
সেয়া , জীৱনত প্ৰথমবাৰলৈ লিপষ্টিক সানিলে সমীক্ষাই। নিজৰেই অখজা লাগিল কিবা এটা।
আলহীৰ ভিৰ বাঢ়িছে ক্ৰমশঃ । কলেজৰ পৰা বাহিৰে বাহিৰে ইউনিফৰ্মতে ওলালহি মিত্ৰা , পম্পী , ৰিয়ান , আয়ুব ,জ্যোতিময়হঁত ।
আবেলিলৈ প্ৰণৱ , অৰুণ , আশিষ , ঋষি , ৰিতিষ্ণা জ্যোৎস্না , কাব্যশ্ৰী , দৰ্পন আদিবোৰো আহিল। তনয়ায়ো আহিল মাক , দেউতাক আৰু ভনীয়েকৰ সতে। তনয়া এক্সাৰ্শ্বনত যোৱাতোও ফিক্স হৈছে ইতিমধ্যে।
কৌশিক আহিব নোৱাৰিলে নিৰ্বাচনৰ ব্যস্ততাৰ বাবে , সাধনা নাহিল ঘৰলৈ যাব লগীয়া হোৱাৰ বাবে।
আৰু বৰ্ণমেতো ইতিমধ্যেই প্ৰত্যাখ্যান কৰি থৈছে বিয়াৰ নিমন্ত্ৰণ।
তথাপি হিয়াৰ একোণত এক শতাংশ আশা কিজানি , কেনেবাকৈ কিবা দৈৱপাকত উলায়হি বৰ্ণম।
"বহুত খালো সমী , একদম এইখিনিলৈকে।"
নিজৰেই ডিঙিৰ আগলৈকে চুই অৰুণে কৈ গল যোৱাৰ আগত।
" মইটো আৰু তিনিদিন মানলৈকে একো নাখালেও হব যেন পাইছো"
প্ৰণৱে কলে।
" ইছ ৰাম .. যোৱা কইনাৰ সতে ফটো এখন মাৰি লোৱাগৈ "
সমীক্ষাই চ'ফৰ বটাতো আগবঢ়াই দি কলে।
সন্ধিয়া লাগিছে তেতিয়ালৈ।
:তুমিও বলা।
সকলোৱে কোৱাত সমীক্ষাও গল ফটো উঠিবলৈ। সময় গৈ থাকে অহৰহ, ফটো বোৰে ধৰি ৰাখে তাৰে এটি ক্ষণিক।
দৰা অহাৰ আগে আগে পঞ্চীক মাহ হালধিয়ে নোৱাই ধুৱাই মৰলৰ ওছৰত বহোৱা হল। সমীক্ষায়ো কাপোৰসাজ সলাই পিন্ধি ললে ৰঙা চাদৰ মেখেলাযোৰ।
: তোৰো বেছি দিন নাই আৰু বুইছ'.. কৰবাত দৰা চাই মেলি থৈছ' নেকি আকৌ ?
দুৰ সম্পৰ্কীয় কোনোৱাই সমীক্ষাক কলে। খং কৰি লাভ নাই , এনেকুৱা প্ৰশ্ন সুলভ এজনী ছোৱালীৰ জীৱনত।
: নাই চোৱা পাই। হাঁহি এটা মাৰি চুটিকৈ উত্তৰ দি আতৰিল সমীক্ষা।
" অ খুলখালী , মানুহজনীৰ চেহেৰাটো দেখুওৱা অলপ।"
পাৰ্থ দায়ে মেছেজ দিলে তাইলৈ। মনে মনে পঞ্চীৰ ফটো এখন তুলি পাৰ্থ দালৈ WhatsApp যোগে প্ৰেৰণ কৰিলে তাই।
" বাৰীৰ ঢাপৰ মধুৰী ভাটৌ পৰি খায়
দেউতাই পোহা চৰাইজনী উৰি গুচি যায়"
আয়তীয়ে জুৰিছে বিয়ানাম। এই বিয়ানামবোৰত ইমান দুখ কিয় থাকে বাৰু , বুকু বিন্ধি যোৱাকৈ।
দুচকু পানীৰে উপচাব পৰাকৈ।
" দৰা পাইছেহি আৰু "
কোনোবাই আহি আগজাননী দি গ'ল। দৰা আদৰিবৰ বাবে মাকে সাজু কৰা শৰাইখনত পিঠাগুৰিৰ লাডু বনাই দিছে মন দায়ে , সিহঁতৰ পেহীয়েকৰ লৰা। কাজিন গ্ৰুপে কৰিব নোৱাৰা কাম একোৱেই নাই। সমীক্ষাও পদুলি পালেগৈ দৰা ভেটাৰ মানসেৰে।
" কোৱাছোন কোৱা । পিটাৰ কোন ? "
( সেই সময়ত মিশ্বন চাইনাৰ পিটাৰ চৰিত্ৰটো বৰ ফেমাচ আছিল)
দৰাৰ গাড়ীৰ খিৰিকীৰ কাষত ৰৈ সুধিলে তাই।
: ই নাজানে নাজানে। পইচা লাগিব!
কাজিন গ্ৰুপে বেৰি ধৰিলে গাড়ী। পাৰ্থদায়ো হাৰ মানি চোলাৰ জেপৰ পৰা উলিয়াই দিলে পইচা।
গাড়ীৰ পৰা দৰা নমাৰ পাছতে খুৰাকৰ লৰা মণিয়েও সুন্দৰকৈ নিজৰ দায়িত্ব পালন কৰি যোগাৰ ধৰিলে চাউল।
এখন বিয়াত বৰ নিস্পাপ ধেমালি এইবোৰ। য'ত ঘৰৰ ছোৱালী এজনী উলিয়াই দিয়াৰ বেজাৰ পাহৰি ৰং ফুৰ্তি কৰে সকলোৱে।
দৰা আদৰা পিঠাগুৰিৰ লাডু এটি মাকে দলিয়াই দিওঁতে সেইটো চুম দাদাৰ চুলিতে পৰিলগৈ।
সেইখিনিতেই হৈ গল সিদ্ধান্ত ,
"পঞ্চিৰ পাছতে বিয়া হব চুম দাদাৰো।"
:অৱশ্যে আজি দৰা দৰা লাগিছেও তোক।
সৰু মামাকে কোৱা কথাষাৰ কাণত পৰিল চুম দাদাৰ বন্ধু এজনৰ। সিয়ো ফটো এখন মাৰি ফেচবুকত আপলোড কৰি দিলে।
"আজি মোৰ বন্ধু চুমৰ বিয়া"বুলি।
সমীক্ষাই পাৰ্থ দাৰ ভৰি ধুৱালে , কাজিন গ্ৰুপে এক্সাইমেণ্টতে দৰাঘৰৰ মানুহৰ সলনি সমীক্ষালৈকে মাৰিলে স্প্ৰে।
তাৰ পাছত সকলোৱে মিলি আদৰিলে দৰা।
শেষত চুম দাদাই কোলাত ডাঙি হোমৰ গুৰিলৈ লৈ ঠিক আহোতেই চিম্পীয়ে সোলোকাই লৈ গল দৰাৰ ছেন্দেল ।
ছেন্দেল চুৰ কৰা নহল , ডকাইত কৰা হল আচলতে।
হোমৰ পবিত্ৰ অগ্নিক সাক্ষী কৰি আজি জয়ী হৈছে প্ৰায় দশকযোৰা ভালপোৱা।
জীৱনত প্ৰথমবাৰলৈ সেমেকিছে দেউতাকৰ চকু। আজি যে বুকু শুদা কৰি গুচি যাব মৰমৰ বৰজী।
কেতিয়ানো ইমান ডাঙৰ হল তাই ?
চাকৰিৰ খাতিৰত , কৰ্তব্যৰ তাগিদাত দুৰত থকা দেউতাকে যে আজিও সোৱঁৰে প্ৰথমবাৰলৈ পঞ্চীক দুহাতত তুলি লওতে পোৱা স্বৰ্গীয় সুখ। পুৱতি নিশা চাউল চটিয়াই শেৱালি সৰা পদুলি গছকি আপোন ঘৰ এৰি যাবলৈ ওলাল যুগ্ম জীৱনৰ পাতনি মেলা পঞ্চি , পাৰ্থদাৰ সতে । সকলোৰে দুচকু সেমেকিল। পঞ্চীয়ে গাড়ীত উঠাৰ পাছত খিৰিকীৰে মুৰ উলিয়াই ক'লে
" মোৰ অন্তৰখনে কান্দিছে যদিও চকুপানী উলাবলৈ দিয়া নাই দেই। ইমান দামী মেক আপ , বেয়া হৈ যাব নহয় । "
সেইকথা শুনি বেজাৰৰ মাজতে হাঁহি দিয়া সমীক্ষাৰ দুচকুৰে সৰিছিল লোতক।
তেতিয়ালৈকে কিন্তু চুম দাদালৈ ফোন আহিয়ে আছিল অবিৰত। সকলোৰে প্ৰশ্ন আছিল এটায়ে,
"তুমি বিয়া পাতিলা। আমাক খবৰ নিদিলা কিয়?"
সিদিনা কাজিন গ্ৰুপৰ একতা আৰু মৰমৰ শলাগ লৈছিল সকলোৱে।
*****
আগলৈ
✍️সংগীতা দেৱী
Comments
Post a Comment