#গল্প
ৰঙা নদী..
: অই , হিমাদ্ৰী.. শান্তনুৱে তোলৈ কিদৰে একেথৰে চাই আছে দেখিছ' নাই ?
শিৰিককৈ বিভাগীয় পুথিভঁৰালতোৰ মাজেৰে পাৰ হৈ যায় এজাক শাৰদীয় বা । চিম্পীৰ কথাত আৰ্ট পেপাৰত ৰং বুলাই থকা হিমাদ্ৰীয়ে মুৰ তুলি চালে । সচাকৈয়ে নতিদুৰত বেঞ্চ এখনত বহিথকা শান্তনুৱে দুগালত দুহাতেৰে ভেজা দি চাই আছে তাইৰ দিশেই!
শান্তনুৰ সাগৰ গভীৰ দুচকুত চকু পৰাত লাজতে ঈষৎ ৰঙা হ'ল হিমাদ্ৰীৰ শুভ্ৰ দুগাল।
: তোৰ পাছততো কলেজৰ জি . এচ ডিৱানা , শান্তনুৰ মাজতনো এনেকুৱা কি বিছাৰি পালি তই ?
চিম্পীয়ে হিমাদ্ৰীৰ কান্ধত চিকুট এটা মাৰি কাণৰ কাষত ফুচফুচাই সুধিলে।
: আস্... দুখ পাইছো ! হিমাদ্ৰীৰে ৰং সনা ব্ৰাছডাল এৰি কান্ধখন মোহাৰি কলে।
: আয়ৈ চুবই নোৱাৰি , গোতেইজনী একেৱাৰে মমৰ পুতলা।
চিম্পীয়ে বিদ্ৰূপৰ সুৰত খিংখিঙীয়া মাতেৰে কলে।
: মা পাপাই কাহানিও মাৰি পোৱা নাই নেকি তোমাক?
কাষতে বহি গোটা গোটা আখৰেৰে প্ৰাচীৰ প্ৰত্ৰিকাৰ বাবে প্ৰৱন্ধ টুকি থকা সীমাই সুধিলে এইবাৰ।
: দেউতাক মই ক্লাছ ছেভেনতে হেৰুৱালো। তেওঁ কোনোদিনে হাত তুলি পোৱা নাছিল মোলৈ। মায়েও মাৰি পোৱা নাই আজিলৈকে।
মাক দেউতাকে বৰ আতোলতোলকৈ ডাঙৰ কৰা ছোৱালী হিমাদ্ৰী। পঢ়া শুণাটো প্ৰায় ভালেই বাবে শিক্ষা জীৱনতো বিশেষ গালি অথবা মাৰ খাই নোপোৱা হিমাদ্ৰীৰ মন শেৱালিৰ পাহিৰ দৰে কুমলীয়া। কোনোবাই এষাৰ টানকৈ কলেই চকুলো নিগৰা , মৃদুকৈ এচাট দিলেও দুখ পাই যোৱা বিধৰ আজলী হিমাদ্ৰীক শান্তনুৱে প্ৰায়ে কয় , " তুমি জিঞাৰ দুপাখিৰ দৰে ডেলিকেট! " বুলি।
: বাৰু বাৰু , এতিয়া শান্তনুক কিয় Choose কৰিলি সেইটো ক' ?
চিম্পীয়ে কলে পুণুৰাই।
সচাই শান্তনুক কিয় নিবাৰ্চন কৰিলে হিমাদ্ৰীয়ে , কোনোদিনে নিজকে এই প্ৰশ্ন সুধি পোৱা নাই তাই। কলেজত প্ৰথম এডমিশ্বন লবলৈ অহাৰ দিনাই একে বিভাগৰে শান্তনুৰ সতে চিনাকি হৈছিল হিমাদ্ৰীৰ।
প্ৰথম চিনাকিতেই এই মৃদুভাষী , সৰল ল'ৰাটো তাইৰ কিবা এটা ভাল লাগি গৈছিল । শান্তনুৰ আচৰণ , কথা বাৰ্তাবোৰ তাহানিতে অতীত হোৱা দেউতাকৰ সৈতে সাংঘাতিক সাদৃশ্য বিছাৰি পাইছিল হিমাদ্ৰীয়ে। ক্ৰমশঃ প্ৰগাঢ় হৈছিল বন্ধুত্বৰ বান্ধোন , অত্যন্তঃ স্বাভাৱিক ভাৱে সেই বন্ধুত্বই এখোজ আগুৱাই এদিন নাম ললে ভালপোৱাৰ। কলেজখনৰ চুকে কোণে বিয়পি পৰিছিল দুয়োৰে নাম একেলগে , সকলোৰে বাবে Ideal Couple হিমাদ্ৰী - শান্তনু। সবেই মিলি ধুনীয়া ছোৱালীৰ খিতাপ দিয়া , নৃত্য - অংকণ সবতে পাকৈত হিমাদ্ৰীৰ হিয়াৰ আবাসী হৈছিল এটা সাধাৰণ ল'ৰা .. শান্তনু।
আজিও , দুৰ্গা পুজা বুলিলেই ঘৰৰ ঠিক কাষতে পতা পুজা মন্দপতে ব্যস্ত থকা শান্তনু এই মহাষষ্ঠীৰ দিনাও যে তাইৰ বাবেই কলেজ আহিছে সেই কথা নকলেও বুজি পায় হিমাদ্ৰীয়ে।
তায়ো আজি নাহিলেই নহয় , পুজাৰ ঠিক পাছতেই হবলগীয়া মহাবিদ্যালয় সপ্তাহৰ বাবে বিভাগীয় প্ৰাচীৰ প্ৰত্ৰিকাখনৰ বাকী ৰোৱা কামখিনি খৰধৰকৈ শেষ কৰিবলৈ আপ্ৰাণ প্ৰয়াস কৰিছে সকলোৱে মিলি। বিভাগে বিভাগে চলিছে যুদ্ধকালীন প্ৰস্তুতি।
: কোৱা আকৌ , আমিও শুণো !
আৰ্টপেপাৰখিনিত বৰ্ডাৰ দ্ৰ' কৰি থকাৰ পৰায়েই ৰিয়াই সুধিলে এইবাৰ।
: শান্তনুৰ মাজত মই দেউতাক বিছাৰি পাওঁ। সেই একেই নিৰাপত্তা অনুভৱ কৰো তাৰ সতে !
হিমাদ্ৰীৰ উত্তৰ শুণি হাহিঁত ফাটি পৰিল তিনিওজনী। যেন তাই কিবা কৌতুকহে কলে !!
: আচ্ছা , সি টাচ্ছ কৰিলেও এইদৰেই চিঞৰি দিবিনে তই ?
এইবাৰ হিমাদ্ৰীৰ পিঠিত ধকিয়াই চিম্পীয়ে সুধিলে।
: সি কাহানীও চুই পোৱা নাই মোক !
: Relationship আৰম্ভ হোৱাৰ ইমানদিনৰ পাছতো..
: উম , আচলতে কি জাননে ফনীন্দ্ৰকুমাৰ দেৱচৌধুৰীৰ অনুৰাধাৰ দেশ নামৰ উপন্যাসখনৰ ১৭৭ পৃষ্ঠাত এষাৰ কথা আছে "যিজনে হৃদয়ৰ স্পৰ্শ পোৱা নাই, তেনেকুৱা মানুহেহে শৰীৰৰ বাবে হাহাকাৰ কৰে।" কিন্তু তই বুজি নাপাবি।
চিম্পীৰ অবিশ্বাসেৰে পুৰ্ণ চকুত চকু থৈ কলে হিমাদ্ৰীয়ে।
: যোৱানে হিমাদ্ৰী? দেৰি হৈছে !
তেনেতে বেগটো দুহাতত ভৰাই তাইৰ কাষলৈ আহি শান্তনুৱে কলে। ইতিমধ্যে চাৰি বাজি গৈছে। ব্যস্ততাৰ বাবে সময় চাবলৈয়ো পাহৰি যোৱা হিমাদ্ৰী বহাৰ পৰা উঠিল।
: আজিলৈ কাম সামৰো তেন্তে ।
হিমাদ্ৰীৰ প্ৰস্তাৱ পাই সকলোৱে আৰ্ট পেপাৰ , কলম , পেঞ্চিল সামৰাৰ পাছত কোঠাতোৰ তলা মাৰি উলাই আহিল চব। আহিনীয়া বেলিটো লাহেকৈ পৰি আহিছে , আকাশযুৰি আকীৰ্ণ হৈছে সেন্দুৰীয়া বৰণ। ডিপাৰ্টমেণ্ট ৰুমৰ ঠিক বাহিৰতে থকা শেৱালিজোপাৰ তলসৰা পাহিবোৰত ভৰি নপৰাকৈ দেও দি দেও দি খোজ আগবঢ়াই চাবিটো ডিপাৰ্টমেণ্টত দিবলৈ যোৱা হিমাদ্ৰীৰ মেঘালী চুলিতাৰি সমীৰ লাগি ডুলি থাকে অহৰহ। শান্তনুৱে কিছুদুৰত ৰৈ চাই থাকে তাইলৈ , ন - পানীৰ মাছৰ দৰে উজাই আহে ভালপোৱা।
: কিবা এটা খাই ল'বা নেকি ? কলেজৰ পৰা উলায়েই পদপথত উঠি শান্তনুৱে সুধে তাইক।
: নালাগে দিয়া , দেৰি হৈ যাব। দেউতাকৰ অন্তিম চিনস্বৰূপ পুৰণি ঘড়ীতোত সময় নিৰীক্ষণ কৰি কয় তাই।
: মই থৈ আহিব লাগিব নেকি বাৰু।
: নালাগে দিয়া , দিনৰ পোহৰত কিহৰ ভয় ন ? তোমাৰো দেৰি হব মিছামিছি।
: বাইক এখন এনেকুৱাতে লাগে !
হুমুনিয়াহ কাঢ়ি শান্তনুৱে কয়।
: ইস্ .. তেতিয়া এনেকৈ ফুটপাথত একেলগে খোজকাঢ়িবলৈ নাপাম নহয়।
হিমাদ্ৰীৰ কথাই ক্ষণিকতে আতৰাই নিয়ে শান্তনুৰ মনৰ ডাৱৰ।
: কালিলৈ আমাৰ মন্দপতো পুজা চাবলৈ আহিবা দেই , দুয়োটাই একেলগে দেৱীৰ সন্মুখত সেৱা কৰিম।
: যাম বাৰু দিয়া। দুপাট্টাখন লিৰিকি বিদাৰি হিমাদ্ৰীয়ে কয়।
: ভালকৈ যাবা , চাৰিআলিত নামিয়েই ফোন এটা কৰিবা ।
মেজিক ষ্টেণ্ডত পুজাকেন্দ্ৰিক যান- য'ত ফালি যেনেতেনে খালী ছিট এটা পাই হিমাদ্ৰীক বহিবলৈ দি শান্তনুৱে কলে।
: ঠিক আছে বাই...!
খিৰিকীৰে মুৰ উলিয়াই হিমাদ্ৰীয়ে কয়। নেদেখা হোৱালৈকে সেইখিনিতে ৰৈ চায়েই থাকে শান্তনুৱে তাইলৈ।
" অহ্.. ছ'ৰি ছ'ৰি ভণ্টি!"
অত্যাধিক ভিৰৰ বাবে লেহেমীয়া গতিত আগবঢ়া মেজিকখনে এপাকত ব্ৰেক মাৰোতে সন্মুখত বহা মানুহজনৰ হাতখন হথাৰ্তে তাইৰ আঠুত লগাত ততাতৈয়াকৈ হাতখন আতৰাই তেওঁ কলে।
: It's Alright uncle !
মানুহজনৰ দিশে মৃদু হাঁহি মাৰি হিমাদ্ৰীয়ে উত্তৰ দিলে। নাৰী তাই , পলকতে ধৰিব পাৰে কোনবোৰ স্পৰ্শ অসাৱধানবশতঃ , কোনবোৰ মলিল আৰু লোলুপ ! ইমানদিনে কলেজ অহা যোৱা কৰোতে মেজিকবোৰত ভিন্ন সহযাত্ৰী দেখিছে হিমাদ্ৰীয়ে।
বহুতে ছোৱালীৰ কাষত বহিবলৈ অসহজবোধ কৰে , একাংশই মাজতে বেগ বা কিবা দি লয় যাতে ভুলক্ৰমেও ছোৱালীৰ গাত হাত নালাগে।
কিছুমান সহযাত্ৰী একান্তই নিলাজ , জুমি চাই বিছাৰি ফুৰে কিবা এটা , বেগতোৰে হিমাদ্ৰীয়ে ধাকি লয় শৰীৰৰ সন্মুখভাগ। কিছুমানে নজনাৰ ভাওঁ ধৰি ককালত দিব খোজে হাত... তাই বেগৰ পৰা ছাতি উলিওৱাৰ চলেৰে ঠেলা মাৰি আতৰাই দিয়ে ।
লগৰবোৰক কয় কেতিয়াবা , একেমুখে স্বীকাৰ কৰে সকলোৱে , সিহতৰো হয় তেনেকুৱা , এনে অনাকাংক্ষিত স্পৰ্শ সুলভ প্ৰতিগৰাকী নাৰীৰ জীৱনতে। এবাৰতো প্ৰিয়াই টকা দিবলৈ আগবঢ়াই দিয়া হাতখন টেপা মাৰি ধৰিছিল ভিক্ষাৰী এজনে। মাছৰ বজাৰ কৰি থাকোতে মেছত থকা ৰাজশ্ৰীৰ নিতম্ব মোহাৰি ভিৰত হেৰাই গৈছিল এখন মলিন হাত।
কথাবোৰ মনত পেলাই হিমাদ্ৰীৰ ডিঙিতো শুকাই যোৱাৰ দৰে লাগিল। জীৱনত এই ভয়তোৱে সাপৰ দৰে মেৰিয়াই থাকে তাইক। মাক চুবুৰীয়া কাৰোবাৰ ঘৰলৈ খন্তেকলৈ গলেও গেট , দুৱাৰ সকলোবোৰতে তলা লগাইহে শান্তি পায় হিমাদ্ৰীয়ে।
শাৰদীয় বেলি হথাৰ্তে হেৰাই , চাৰিআলিটো পাই মানে কৱনোৱাৰাকৈয়ে আন্ধাৰ নামিল।
হিমাদ্ৰীয়ে মেজিকৰ পৰা নামি ৰাস্তাটো পাৰ হৈয়ে মাকলৈ ফোন লগালে।
: মা , মই চাৰিআলিত নামিলো। তুমি কিবা এটা বনাই থবাছোন। বিৰাট ভোক লাগিছে।
: হব দিয়া মাজনী।
মাকে ফোনটো ৰখাৰ পাছতেই শান্তনুলৈ ফোনটো লগালে যদিও নোযোৱাত মেছেজ এটা দিয়েই খোজৰ গতি খৰ কৰিলে তাই। চাৰিআলিৰ পৰা ঘৰ পাওঁতে প্ৰায় পোন্ধৰ মিনিট লাগে। আধাবাটলৈকে পোহৰে আবৰা গাওঁখনৰ পথৰুৱা বাটতোহে বৰ আচহুৱা লাগে তাইৰ। আকাশত ষষ্ঠীৰ জোন , গৰ্ভৱতী শইচৰ মানিকীমধুৰী সুবাসৰ মাজতে উৰি ফুৰিছে জাক জাক জোনাকী পৰুৱা।
ল'ৰা হোৱা হলে ক্ষণিক এইঠাইতে ৰৈ হিমাদ্ৰীয়ে উপযোগ কৰিলে হেতেন প্ৰকৃতিৰ এই নান্দনিক আয়োজন !!
পৰ্যমানে খৰকৈ খোজ দিয়া হিমাদ্ৰী ফোপাই গৈছে ! সষ্টম হৈছে ষষ্ঠ ইন্দ্ৰিয়। যেন আহতজোপাৰ কাষৰ ভাজলগা ঠাইখিনিৰ পৰাই কেইটামান ছায়ামুৰ্তিয়ে তাইৰ পাছ লৈছে...
যেন কিবা এটা বেয়া হব এতিয়া !
উভতি চাবলৈয়ো ভয় , দৌৰিবলৈয়ো গাত শক্তি নাই।
তথাপি ঢপলিয়াবলৈ লওতেই উজুতি খাই পৰিল হিমাদ্ৰী , ঠিক তেনেতে কেবাখনো নোমাল শক্তিশালী হাতে খামুচি ধৰিলে হিমাদ্ৰীক , তাই তৰ্কিবই নোৱাৰিলে! যেন সেইটো সুযোগলৈহে বাট চাই আছিল আটাইকেইটা নৰপিষাচে !
তাইৰেই দুপাট্ৰা আজুৰি চিঞৰিব নোৱাৰাকৈ ব্ৰজ্ৰহাতেৰে সেইখন বান্ধি দিলে মুখত। কেবাখনো হাতে মিলি পথাৰলৈ চোচৰাই নিলে এধানি চিকুটতেই বিষত আৰ্তনাদ কৰা মাক দেউতাকৰ আজলী ছোৱালী জনী। চিটিকি পৰিছে কলেজৰ বেগ , ছেন্দেল , দেউতাকৰ হাতঘড়ীটো। তাই বিষত চিঞৰিলে , চিঞৰবোৰ দুপাট্ৰাৰ বন্ধনীত খুন্দা খাই উভতি আহিল। কেবাতাও পিষাচে মিলি লাজকুৰীয়া হিমাদ্ৰীৰ কাপোৰবোৰ এফালৰ পৰা ফালি আজুৰি দলিয়াই দিছে , চেলেকিছে , কামুৰিছে।
শান্তনুৱে কোনোদিনে আঙুলি এটাও চুই নোপোৱা তাইজনীৰ শৰীৰত প্ৰতিকোণতে বিৰিঙিছে কেচাঁ তেজ!!
দুচকুৰ লোতক শুকাই যোৱালৈকে এপাহ ফুলৰ দৰে ছিঙি ভাঙি নিঃশেষ হৈ গৈছে এটি ফুলকুমলীয়া সম্ভাৱনা। হাত ভৰি আচাৰি বিফল হৈছে হিমাদ্ৰী প্ৰতিবাৰে। সিহতৰ পুৰুষত্বৰ হেপাঁহ পলোৱা নাই তেতিয়াও। ক্ৰমশঃ উশাষ চুটি হৈ আহিল হিমাদ্ৰীৰ .. মাক আৰু শান্তনুৰ মুখখন ভাহি উঠিছে মনত বাৰে বাৰে। শান্তনুৱে ছাগৈ কিমান ফোন কৰিছে তাইলৈ ! মাকে হয়তোবা তপত কিবা এটা বনাই পদুলিলৈ চাই আছে পাকেপতি!!
দেউতাকৰ আত্মাতোৱে ছাগৈ বৰ কষ্ট পাইছে আজি , বৰ কষ্ট !!
সুদুৰৰ কোনো মন্দিৰত দেৱী গোঁসানীক পাতত তুলিছে , প্ৰায় নিস্প্ৰাণ হৈ পৰা শ্ৰৱণেন্দ্ৰিয়ই ৰিণি ৰিণি শুণিছে মঙ্গল ধ্বনি !
তাইৰ শৰীৰৰ পৰা উদ্ভুত কেচা তেজখিনি পথাৰখনৰ বকিঁয়ায়েদি বৈ গৈছিল তেতিয়া , নদীৰ দৰে .. এখন ৰঙা নদীৰ দৰে!!
******
সমাপ্ত
(( কান্দি কান্দি লিখিছো ,
ফোনৰ কীবৰ্ডত আঙুলি কপিছে!
ভুলবোৰ দেখুৱাই দিব))
✍️সংগীতা দেৱী, যোৰহাট
Comments
Post a Comment