গল্প
জোনাকী ৰাতি 🌸 " এখোজ দুখোজ তুমি নিচেই কাষত উলাহে নধৰা হাঁহি বুকুৰ মাজত " হৃদয়ৰ সমগ্র আৱেগ ঢালি যেন গানটো গাইছে শান্তনুৱে । পশ্চিমৰ আকাশত তেতিয়া ক্ৰমশঃ ডুবিবলৈ ধৰা বেলিতো ... এক বুজাব নোৱাৰা আৱেগত ডুবি দুচকু সেমেকি উঠিছিল মুগ্ধাৰ.. শান্তনুৰ প্ৰতিতো গীতৰে একমাত্ৰ শ্ৰোতা তাই ! নীড়মুখী পখীজাক চাই নষ্টালজিক হৈ পৰে তাই ... উদাস হৈ পৰে শান্তনু কেন্দ্ৰিক চাৱনি । তাৰ দুচকুত সেই একেই সৰলতা .. দুটি ওঠৰ হাঁহিটো কিছু শেতা । হয়তো সিয়ো জানিছিল এয়াই শেষবাৰলৈ দুয়োৰে এনেদৰে লগপোৱা ... শেষবাৰলৈ মুগ্ধাৰ কাষত বহি চাদখনত জুবিনৰ গান গাইছে সি... শেষবাৰলৈ মুগ্ধাৰ চহৰখনত তাৰ পুৰণি গীতাৰখনৰ সুৰীয়া লহৰ এয়া!! ******** এটি ফাগুনৰ আবেলি .... দর্শনৰ অভিজ্ঞতাবাদ নে বুদ্ধিবাদী মতবাদতো চালি- জাৰি থাকোঁতে হঠাৎ চাদৰ ওপৰৰ পৰা গুণগুণনি এটি খিৰিকীখনেৰে সোমাই আহিল তাইৰ কোঠালৈ । এটা অসম্ভৱ কোমল কণ্ঠ স্বৰ '...মন ডোলে ফাগুণৰে বা ফুল...