গল্প

                 জোনাকী ৰাতি 🌸

               

" এখোজ দুখোজ তুমি নিচেই কাষত 

উলাহে নধৰা হাঁহি বুকুৰ মাজত "

হৃদয়ৰ সমগ্র আৱেগ ঢালি যেন গানটো গাইছে শান্তনুৱে । পশ্চিমৰ আকাশত তেতিয়া ক্ৰমশঃ ডুবিবলৈ ধৰা বেলিতো ... এক বুজাব নোৱাৰা আৱেগত ডুবি দুচকু সেমেকি উঠিছিল মুগ্ধাৰ.. শান্তনুৰ প্ৰতিতো গীতৰে একমাত্ৰ শ্ৰোতা তাই ! নীড়মুখী পখীজাক চাই নষ্টালজিক হৈ পৰে তাই ... উদাস হৈ পৰে শান্তনু কেন্দ্ৰিক চাৱনি । তাৰ দুচকুত সেই একেই সৰলতা .. দুটি ওঠৰ হাঁহিটো কিছু শেতা । হয়তো সিয়ো জানিছিল এয়াই শেষবাৰলৈ দুয়োৰে এনেদৰে লগপোৱা ... শেষবাৰলৈ মুগ্ধাৰ কাষত বহি চাদখনত জুবিনৰ গান গাইছে সি... শেষবাৰলৈ মুগ্ধাৰ চহৰখনত তাৰ পুৰণি গীতাৰখনৰ সুৰীয়া লহৰ এয়া!!

      ********

এটি ফাগুনৰ আবেলি .... দর্শনৰ অভিজ্ঞতাবাদ নে বুদ্ধিবাদী মতবাদতো চালি- জাৰি থাকোঁতে হঠাৎ চাদৰ ওপৰৰ পৰা গুণগুণনি এটি খিৰিকীখনেৰে সোমাই আহিল তাইৰ  কোঠালৈ । এটা অসম্ভৱ কোমল 

কণ্ঠ স্বৰ  

'...মন ডোলে ফাগুণৰে বা

       ফুল  ফুলে অ' পলাশ শিমলু '

মুগ্ধাৰ অনিচ্ছা সত্বেও ওপৰৰ কোঠাকেইটাত পি.জি. খোলাৰ দেউতাকৰ সিদ্ধান্ততোৱে অসন্তোস্ট কৰি ৰাখিছিল

 তাইক .... একো নভৱাকৈয়ে চাদৰ ওপৰ পালেগৈ মুগ্ধা।

: অলপ সৰুকৈ গানটো গাব নেকি ? মই পঢ়ি আছিলো। 

মুগ্ধাৰ বিপৰীত দিশে লক্ষ্য কৰি বহি থকা ব্যক্তি জনক উদ্দেশ্যি কৈছিল তাই । হঠাৎ থমকি ৰৈছিল এটি মিঠা কণ্ঠ.... তাইলৈ উভতি চাইছিল এজুৰি সৰল চকুৱে ' ছৰী.. বেয়া নাপাব' প্ৰথম বাৰলৈ কোনোবাই আপুনি বুলি মাতিছিল মুগ্ধাক .. এক অবুজ গৌৰৱ যেন সেয়া ! 

: কি পঢ়ি আছা তুমি ? মুগ্ধাৰ হাঁহিতোৱে মোহাৰি নিছিল

 প্ৰথমাৱস্থাৰ বিৰক্তিখিনি ।

: H S ফাষ্ট ইয়েৰৰ ফাইনেল দিছোঁ ..আপুনি??

: বি. এ. ছেকেণ্ড ছেম 

: নামটো??

: মুগ্ধা বৰদলৈ 

: অহ.. আংকলৰ ছোৱালী মানে?

মই শান্তনু...ঘৰ শিৱসাগৰত।

ফাগুণী বতাহজাকে খেলিমেলি কৰি গৈছিল তাইৰ মুক্ত চুলিকোঁচা 

:তোমাৰ মাতটো বহুত ধুনীয়া 

:আপুনিটো প্ৰথমতে আমনি পাইছিল  ..

শান্তনুৰ ওঁঠত তেতিয়া এটি দুষ্ট হাঁহি ...সেইদিনাই প্ৰথমবাৰলৈ শান্তনুৰ অনুৰোধত চাদত বহি বহুপৰ তাৰ গান শুনিছিল মুগ্ধাই ।

আকাশত তেতিয়া অসংখ্য তৰা, জোন আৰু জোনাক! 

        *****

জোনাকী ৰাতিবোৰত শান্তনুৰ গীতৰ সুৰত তিতি সুৰসুৰীয়া হৈ থাকে মুগ্ধাৰ ঘৰৰ পৰিৱেশতো.. খিৰিকীৰ ফাঁকেৰে তাইৰ কোঠালৈ অবাধে প্ৰৱেশ কৰে শান্তনুৰ সুৰ আৰু জোনাকে .... বাণিজ্যৰ ছাত্ৰ হৈয়ো  জোনাক শান্তনুৰ প্ৰিয় । জোনাকী পৰুৱা বোৰৰ সতেও ধেমালি কৰি ভাল পায় সি .. পাখিলগা কাঢ়ৰ দৰে উৰি যায় সময়বোৰ।শান্তনুৰ আপুনি সম্বোধনটো ক্ৰমশঃ 'তই' লৈ পৰিবতিত হয় । মুগ্ধা বা ৰ সলনি মুগ্ধা বুলি মাতিবলৈ লয় সি তাইক । শান্তনুৰ উপস্থিতিয়ে যেন চঞ্চল কৰি ৰাখে চহৰখন আৰু যেতিয়া কেইদিনমান কলেজ বন্ধ পালে শান্তনু শিৱসাগৰলৈ গুচি যায় ...অভিমানী হৈ পৰে মুগ্ধাৰ কোঠাৰ খিৰীকীখন... উকা হৈ ৰয় চাদখন। কেনেবাকৈ যেন মুগ্ধাৰ হৃদয়খনৰ কাষ চাপি  আহে চঞ্চল ল'ৰাটো .. তাইৰ অজানিতে !

       *****

ফুল ফুলক ৰ'দৰে ফুল 

       হৃদয় সেউজী ধৰা 

গ্ৰীষ্মৰ সন্ধিয়াটি ৰাগিলগা কৰি তোলে শান্তনুৰ কণ্ঠই । 

: জাননে... এই গীতাৰখন মোৰ দেউতাৰ । গীতাৰখন সাৱতি কয় শান্তনুৱে ... 

: আজি দেউতা নাই .. গীতাৰ খনহে আছে । সেমেকি উঠে শান্তনুৰ সৰল চকুযুৰি । আকাশখনৰ পৰা চিপচিপ কৈ বৰষুণ এজাক সৰিবলৈ লয় । শব্দহীনতাত ভোগে মুগ্ধা । কিদৰে সান্তনা দিব তাই শান্তনুক.... 

শান্তনুৰ দুয়োহাতে সামৰি ৰাখে চকুলো খিনি । হাঁহি এটি মৰাৰ প্ৰয়াস কৰে সি... হাঁহিলে শান্তনুৰ বেৰীয়া দাঁত এটি ওলাই বুজাব নোৱাৰাকৈ মৰমলগা কৰি তোলে তাৰ মুখখন । ওৰেনিশা সেই হাঁহিটো সোঁৱৰি হাঁহি থাকে মুগ্ধাই। যেন পুৱা পুনৰ সেই বেৰীয়া দাঁতৰ হাঁহিটো চাবলৈ এক শেষ নোহোৱা যাত্ৰা তাইৰ.... সম্বন্ধবোৰৰ সীমা চেৰাই যাব খোজে আবেগবোৰে ।

         *******

: ৰাতিটো গানেই গাই থাকিবি নে.. নপঢ় নেকি?? 

: চাবিছোন এদিন মোৰ গান শুণিবলৈ টিকেটৰ বাবে শাৰী পাতিব লাগিব তই ! শান্তনুৱে নিজৰ ষ্টাইলত কয়.. 'আৰু সেই দিনতো আহিলে ময়েই সবাতোকৈ বেছি সুখী হম ' কথাষাৰ কৱ খুজিও থমকি ৰয় মুগ্ধা । কিজানিবা অজানিতে প্ৰকাশ পাই যায় শান্তনুৰ প্ৰতি থকা দুৰ্বলতাখিতি ...হাজাৰতা শংকাই ধৰি বান্ধি ৰাখে আবেগবোৰ।

: আপুনি বুলি মাতিবি মোক ... তোতকৈ দুবছৰৰ

 ডাঙৰ ! সৰু ছোৱালী এজনীৰ দৰে কয় তাই।

: সেইতোৱেইটো সমস্যা ! আকাশখনলৈ চাই কয় শান্তনুৱে .. বুকুখন চিৰিং কৈ উঠে তাইৰ ।

: কিয় ?? ভয়ে ভয়ে সুধে মুগ্ধাই 

: নাজানো .. তাইৰ চকুত চকু থৈ কয় শান্তনুৱে । শিষৰিত হৈ পৰে মুগ্ধা ! ভালপোৱাৰ বীজ সিঁচি যায় তাৰ চাৱনিয়ে যেন!

          *****

মুগ্ধাৰ জীৱনৰ এটি অভিলাষ শান্তনু । তাই জানে ভালপোৱাৰ নাম দিব নোৱাৰি কেতিয়াও এই সম্পৰ্কটোক । অথচ শান্তনুৰ হৃদয়ৰ কোনো এটি কোণত থকাৰ হাবিয়াস জাগে তাইৰ !শান্তনু তাইতকৈ বয়সত সৰু... যদিও ফেচবুকত কোনো ছোৱালীয়ে তালৈ ফটো টেগ কৰিলে খং আৰু অভিমানত ৰঙা হৈ পৰে তাইৰ দুগাল ... 

: তোৰ দৰে ছোৱালী মই কেতিয়াও লগ পোৱা নাই । চিনাকি পথতোত একেলগে খোজ কাঢ়ি যাওঁতে আবেলি এটাত কৈছিল শান্তনুৱে 

: কিয়... কেনেকুৱা মই??

: তই সৰল আৰু মৰমীয়াল.. স্বতস্ফুত ভাৱে হাঁহি এটা বাগৰি যায় তাইৰ দুটি ওঁঠৰে । শান্তনুৱে কোৱাৰ দৰে সৰল হবলৈ মন যায় তাইৰ ।

              ****

: মুগ্ধা কাইলৈ মই যামগৈ ।  

: কি ? 

: উম... কলেজ শেষ হল । মায়ে মাতিছে ... ফাইনেলো পাইছেহি । মুগ্ধাৰ দুচকুলৈ নোছোৱাকৈ কলে শান্তনুৱে। ভাবনাবোৰত যেন আউল লাগি গৈছিল তাইৰ । ইচ্ছা হৈছিল শান্তনুক নাজাবি বুলি কবলৈ ।অথচ.... 

:বহুত মনত পৰিব তোলৈ । অস্ফুট স্বৰত কলে তাই ।

: মোৰো ... কথা এটা কঁওনে?

: হু.. কি ? যেন এতিয়াই কৱ শান্তনুৱে তোক ভালপাই পেলাইছো বুলি ! 

: যাহ নকঁও... তই নিজেই বুজি ল'

কথাষাৰ কৈ গীতাৰখন হাতত তুলি লয় সি । তাৰ সেমেকি উঠা চকুযুৰি পঢ়াৰ প্ৰয়াস কৰি বিফল হয় মুগ্ধা ।

 'তুমি চোৱা যেতিয়া দুচকুতুলি 

মোৰ  আকাশ ভাঙি নামে বিজুলী '

গানতো শুনি শুনি চকুলো বৈ আহিল তাইৰ  ....চেঁচা বতাহজাকে বনৰীয়া ফুলৰ সুবাস এটি কঢ়িয়াই আনিল চাদখনলৈ... আকাশত তেতিয়া ৰাসপুৰ্ণিমাৰ স্নিগ্ধ জোনাক... শান্তনুৰ প্ৰিয় জোনাক!

✍️সংগীতা দেৱী , যোৰহাট

( ছয়বছৰ মান আগতে লিখা , নিচেই অপৈণত আৰু অপুৰ্ণ)

Comments