Posts

Showing posts from January, 2021

#গল্প

#গ্ৰন্থ_সুবাস " মাই কয় মানুহ সদায় নাৰিকলৰ দৰে হব লাগে। নাৰিকলৰ ভিতৰৰ পানীখিনি কাকো চুবলৈ দিব নালাগে।চুবলৈ দিলে নাৰিকলটো ফালি পেলাব লাগিব। ফালি পেলালে সেই নাৰিকলৰ পৰা আৰু কেতিয়াও গছ নগজে। সেই নাৰিকল ঘটত থৈ কোনেও পুজা নকৰে । তুমিও তেনেকৈ থাকিবা  পুতি। ঘটত বহিব পৰা হৈ থাকিবা। গছ হব পৰা হৈ থাকিবা।" ( মায়াবৃত্ত , ৰীতা চৌধুৰী) প্ৰিয় গ্ৰন্থ খনৰ শব্দৰ মায়াজালত ক্ৰমশঃ অন‍্য এখন পৃথিৱীলৈ গুচি গৈছিল সাধনা .... কিতাপৰ পৃথিৱীলৈ! তাই কলেজৰ পৰা আহি পোৱাৰ পাছত দেউতাক অফিচৰ পৰা অহালৈকে সাধনাৰ একান্তই নিজা এই সময়খিনি তাই প্ৰায়েই কিতাপ পঢ়ি কটায় , মাজে মাজে ফুলগছৰ গুৰিবোৰ খুচৰি , পানী ছটিয়াই সেউজীয়া খিনিৰ যতন লয় , গান শুণে অথবা দীনাংকবিহীন দিনলিপি খনৰ পৃষ্ঠাত সাচি যায় দুৰ অতীতৰ কোনো এটি দিনৰ হুবহু বৰ্ণন।  এনেদৰেই গতানুগতিক , সাধাৰণ ভাবেই উৎযাপন কৰে তাই জীৱনৰ প্ৰতিটো ক্ষণ ! আজি হৰ্থাৎ  এই সময়ত কলিং বেলটো বজাত প্ৰথমেই কিছু উচপ খাই পাছমুহুৰ্ততে কিতাপখন জপাই ততাতৈয়াকৈ টেবুলৰ পৰা উঠি গল তাই। : নমস্কাৰ , মই তোমাৰ মাৰ বান্ধৱী বাণী।  এটি উজ্জল হাঁহিৰে সৈতে সপ্ৰতিভ এখন মুখৰ মমতাসনা মানুহজনী , প্...