#গল্প

#গ্ৰন্থ_সুবাস


" মাই কয় মানুহ সদায় নাৰিকলৰ দৰে হব লাগে। নাৰিকলৰ ভিতৰৰ পানীখিনি কাকো চুবলৈ দিব নালাগে।চুবলৈ দিলে নাৰিকলটো ফালি পেলাব লাগিব। ফালি পেলালে সেই নাৰিকলৰ পৰা আৰু কেতিয়াও গছ নগজে। সেই নাৰিকল ঘটত থৈ কোনেও পুজা নকৰে । তুমিও তেনেকৈ থাকিবা

 পুতি। ঘটত বহিব পৰা হৈ থাকিবা। গছ হব পৰা হৈ থাকিবা।" ( মায়াবৃত্ত , ৰীতা চৌধুৰী)


প্ৰিয় গ্ৰন্থ খনৰ শব্দৰ মায়াজালত ক্ৰমশঃ অন‍্য এখন পৃথিৱীলৈ গুচি গৈছিল সাধনা .... কিতাপৰ পৃথিৱীলৈ!

তাই কলেজৰ পৰা আহি পোৱাৰ পাছত দেউতাক অফিচৰ পৰা অহালৈকে সাধনাৰ একান্তই নিজা এই সময়খিনি তাই প্ৰায়েই কিতাপ পঢ়ি কটায় , মাজে মাজে ফুলগছৰ গুৰিবোৰ খুচৰি , পানী ছটিয়াই সেউজীয়া খিনিৰ যতন লয় , গান শুণে অথবা দীনাংকবিহীন দিনলিপি খনৰ পৃষ্ঠাত সাচি যায় দুৰ অতীতৰ কোনো এটি দিনৰ হুবহু বৰ্ণন। 

এনেদৰেই গতানুগতিক , সাধাৰণ ভাবেই উৎযাপন কৰে তাই জীৱনৰ প্ৰতিটো ক্ষণ !

আজি হৰ্থাৎ  এই সময়ত কলিং বেলটো বজাত প্ৰথমেই কিছু উচপ খাই পাছমুহুৰ্ততে কিতাপখন জপাই ততাতৈয়াকৈ টেবুলৰ পৰা উঠি গল তাই।


: নমস্কাৰ , মই তোমাৰ মাৰ বান্ধৱী বাণী। 


এটি উজ্জল হাঁহিৰে সৈতে সপ্ৰতিভ এখন মুখৰ মমতাসনা মানুহজনী , প্ৰথম দেখাতেই ঠিক আপোন মাতৃৰ দৰেই লাগিল সাধনাৰ।


: আহক আহক। 


সম উৎসাহেৰে সম্ভাষণ জনাই ভিতৰলৈ মাতি সাধনাই তেওঁক পানী এগিলাচ যাছিলে। 


: সাদৰী আৰু মই হোষ্টেলৰ ৰুমমেট আছিলো , লগতে ক্লাছমেট আৰু বেঞ্চমেট।


পুণৰ সেই মিঠা হাঁহি যাচি তেওঁ কলে। হয় , সাধনাই মাকৰ মুখত প্ৰায়ে শুণিছিল বাণীৰ নাম। শ্ৰুতিমধুৰ কণ্ঠৰ , মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকা লগতে মাকৰ বেষ্টফ্ৰেণ্ড বাণী বৰদলৈ ! মাকে কৈছিল কিদৰে স্নাতক দ্বিতীয় বাৰ্ষিকৰ পৰীক্ষা দি ঘৰলৈ যোৱা বাণী পুণৰ উভতি নাহিল। 

কেবামাহৰ পাছতহে মাকে গম পাইছিল  কোনো ইণ্ডাষ্ট্ৰীয়েলিষ্টৰ লগত বিয়া হৈ এই ৰাজ‍্য , দেশ এৰি বহু দুৰ পাইছিলগৈ তেওঁৰ প্ৰিয় সখী। 

জীয়াই থকালৈকে মাকে কোনো সাধুকথাৰ দৰেই মাহেকে , পষেকে এই কথাবোৰ কৈয়েই থাকিছিল সাধনাক।


: সাদৰী ঢুকুৱা খবৰতো মই যোৱামাহতহে পুৰণা ফ্ৰেণ্ড এজনৰ পৰা পালো।  সেয়ে বহু বিছাৰি খুচৰি আজি তোমালোকৰ ঘৰত উলালোহি মাজনী।


মানুহগৰাকীয়ে স্নেহেৰে কলে পুণুৰাই। সাধনাই অনুচ্ছ কণ্ঠেৰে মৃদুকৈ হাঁহিলে। প্ৰায় দহমাহ পুৰ্ৱে অতীত হোৱা মাকৰ মুখখন চেৰেঙকৈ দুচকুত ভাহি আহে তেনেতে।


: আপুনি বহক , মই চাহ কৰো। 

কিছু সেমেকি উঠা চকুযুৰি লুকুৱাই তাই  পাকঘৰলৈ সোমাই আহিল। 

কেইটামান , দণ্ড , পলৰ পাছতেই মহিলাগৰাকীও সেইঠাই পালেহি। তাই তেওঁক বহিবৰ বাবে চকী এখন আগবঢ়াই দিলে। 


: তুমি পঢ়ি আছা মাজনী ?


: হয় , বি . এ ছিক্স ছিমেষ্টাৰ , ছাবজেক্ট ফিল'ছফী। 


তাই চ'চপেনত আডাখিনি দিয়াৰ পৰাই কলে।


: দেউতা আহি নোপোৱালৈকে অকলে থাকা নহয় ?

অকলশৰীয়া নালাগেনে ? মই প্ৰায়ে ইমান ব'ৰ হৈ যাওঁ জানা ! তেতিয়া ভাবো চুলিত যদি ওকনি দুটামানেই থাকিলহেতেন , সেইকেইটা ফুটায়েই সময়বোৰ পাৰ কৰিলো হয়। নহলে দিনটো নাযায় নুপুৱাই!


হাঁহি হাঁহিয়েই কথাষাৰ কলে তেওঁ , এজন মিলিয়নাৰৰ পত্নীয়ে মুৰত ওকনি কামনা কৰা কথাটোত আনে হয়তো তেওঁৰ সতে হাঁহি উৰুৱাই দিলেহেতেন। কিন্তু সাধনাই হঁহাৰ পৰিবৰ্তে প্ৰথমবাৰলৈ মুৰ তুলি বাণী বৰদলৈৰ দুচকুলৈ চালে। 

এযোৰ নিস্প্ৰভ , উদাস নয়ন ; দামী প্ৰসাধনেও মছিব পৰা নাই নিদ্ৰাহীনতাই যচা সুগভীৰ ছাঁ !! 


প্ৰায় পাছবছৰৰ আগতে সাধনাৰ দুচকুতো ঠিক এনেকুৱা ছাই বৰণীয়া তৰপ এটা গঢ় লৈছিল , আৰু এদিন এযুৰি সাগৰ গভীৰ দুচকুৰ এটি অসম্ভৱ কোমল , পুৰুষ সুলভ কণ্ঠই তাইক কৈছিল।

" তোমাৰ চকুত কলীয়া মেঘে ঠাই লৈছে , ইয়াত এজাক বৰষুণৰ প্ৰয়োজন। নীলাখিনি তেতিয়াহে উভতি আহিব।" 

সাধনাৰ সমগ্ৰ সত্বা জোকাৰি গৈছিল তাৰ কথাষাৰে।

সেইনিশা তাইৰ দুচকুৰে বৈ অহা বৰষুণে সচাই তিয়াই নিছিল শিতানৰ এমুৰ।


                          *******

:তোমাৰ হাঁহিটো বৰ ধুনীয়া। 

খুটুঙকৈ শব্দ এটা কৰি সাধনাৰ মেছেঞ্জাৰৰ কোঠালিত সোমাইছিলহি এটা বাৰ্তা। ৰাতিৰ সাজ খোৱাৰ পাছত শয‍্যাগত মাকক সময়ৰ দৰবকেইটা দি ছিলেবাছ সংক্ৰান্তীয় কিবা এটা গুগুলত চাৰ্চ কৰিবলৈ নেট অন কৰিছিল তাই। 


বৰ আপদীয়া বস্তু এই ফেচবুকটো ! 

মুখৰ ভিতৰতে ভোৰভোৰালে তাই , প্ৰকৃততে এই ভাৰ্ছুৱেল পৃথিৱীখনত তাইৰ মুঠেও ৰাপ নাই , বেঞ্চমেট হিমাদ্ৰীৰ আৱেগিক ব্লেকমেইলৰ আতিশয‍্য সহিব নোৱাৰিহে ফেচবুক জইন কৰিছে সাধনাই। 

প্ৰকৃততে একোতেই ৰাপ নাই তাইৰ..

এই জীৱন , 

এই পৃথিৱী ! 

একোতেই


প্ৰতিমুহুৰ্ততে নিজকে কিবা  অনাকাংক্ষিত , অবাঞ্চিতৰ দৰে লগা ভীষণ inferiority complex ত ভুগি থাকে তাই  অহৰহ !


: আচলতে তুমিও বহুত ধুনীয়া!

পুণৰ আহিল মেছেজ।


: ফেচবুকত সকলোকে ধুনীয়াই লাগে।

কিছু বিৰক্ত হৈ খৰকৈ ৰিপ্লাইটো লিখি ছেণ্ড কৰিলে তাই।


: কিন্তু মই যে তোমাক বাস্তৱতো দেখিছো। আমাৰ কলেজত , ডিপাৰ্টমেণ্টত। 


সাধনাৰ হিয়াখন চিৰিঙকৈ গ'ল। হয় , তেওঁৰ প্ৰফাইলত লিখা আছে মণিময় বৰুৱা , ষ্টুডেণ্ট অফ ফিল'ছফী। একো ৰিপ্লাই নিলিখি নেট অফ কৰি বিছনাত পৰিলহি তাই।

তাইৰ কলেজত বিশেষ কোনো বন্ধু নাই বুলিয়েই কৱ পাৰি , হিমাদ্ৰীৰ বাহিৰে। 

ক্লাছৰ আন লৰা ছোৱালীবোৰো বিশেষ নিৰীক্ষণ কৰা নাই সাধনাই কোনোদিনে। নিচেই সীমিত আৰু সংকীৰ্ণ তাইৰ পৃথিৱী। অন্তৰ যুৰি পাহাৰসম ঠাই অধিকাৰ কৰি ৰাখিছে নিসংগতা , পুৰ্বধাৰণা , অনাহক সংকোচবোধ আৰু ভীতিয়ে! 

ৰাতি হলে টোপনি নাহে , পাকেপ্ৰতি বিছনাৰ পৰা উঠি গৈ মাকক চাই তাই।

 সুগভীৰ নিদ্ৰাত মগ্ন মাকৰ বুকুতো হাত দি চায় প্ৰায়ে , তেওঁৰ উশাহৰ মহাৰ্ণৱৰ ঢৌ সদৃশ উঠা নমাবোৰত তাই এক অদ্ভুত প্ৰশান্তি বিছাৰি পায়। 

এজনী জীৱনমুখী মহিলাক  এটি ৰোগে ক্ৰমে কুটি কুটি নিঃশেষ কৰি আহিছিল তেতিয়া !

মাকৰ আদৰৰ ফুলপুলিবোৰো তেওঁৰ দৰেই ধীৰে ধীৰে জীৰ্ণ হৈ আহিছিল  সেই দিনবোৰত !! 

নিশাটো গতানুগতিক ভাবে বাগৰ সলাই , হুমুনিয়াহ এৰি পাৰ কৰিলে তাই। মাজে মাজে তাইৰ অজ্ঞাতে মণিময় বৰুৱাৰ নামটোৱে মনৰ মাজত ডোলা দি থাকিল !

পাছদিনা সাধনাৰ ওপজা দিন , সেয়াও তাইৰ বাবে কোনো বিশেষ কথা নহয়। মাকে একা বেকা আখৰেৰে দৰব বান্ধি অনা কাগজ এখিলাত শুভ জন্মদিন বুলি লিখি তাইৰ টেবুলত সজাই থৈছিল। বিছনাৰ পৰা নামিয়েই সেইখন পাই অবুজ আবেগ এটি উজাই  আহিল ! সজতনে সেইখন দিনলিপিৰ পাতত ভাজ নলগাকৈ ভৰাই ৰাখিলে। থৰক বৰককৈ খোজকাঢ়ি মাকে আজি চাহ কৰিছে , দেউতাকে দাসৰ দোকানৰ গৰম ভুজিয়া আনিছে পুৱাতেই শাৰী পাতি! 

দুয়োৰে উচাস দেখি পুণৰ বুকুখনে খুন্দা মাৰি ধৰে তাইৰ। দুয়োকে সাৱতি হিয়া উজাৰি এসোতা কান্দিব মন যায়। 

নোৱাৰে ... সাংঘাতিক অন্তমুখী তাই , চকুপানীবোৰে বৰফৰ দৰে গোট মাৰি গধুৰ কৰি ৰাখিছে হিয়াৰ ভাৰ!

কেতিয়াৰ পৰা আৰম্ভ হৈছিল এই একাকিত্ব !


যিদিনা এহাতত মাকৰ ৰিপৰ্টখিনি লৈ বিধস্ত হৈ ঘৰ সোমাইছিলহি দেউতাক। 


নে সেইদিনটোৰ পৰা , যেতিয়া কৌশোৰৰ সমগ্ৰ সৰলতাৰে সাধনাৰ অন্তৰজুৰি হেন্দোপদোপ তোলা প্ৰিয়বন্ধু বন্ধু শান্তনুৱে প্ৰণয়প্ৰাৰ্থী ৰূপে নিৰ্বাচন কৰিছিল একে ক্লাছৰে জয়াক। 

সেই খবৰটোও আন কাৰোবাৰ মুখৰ পৰা উফৰিহে সাধনাৰ কাণত পৰিছিলহি।

"দেখিছ' জয়াই কেনেকৈ নিজেই প্ৰ'পজ মাৰি দিলে শান্তনুক ?"

আস্

তাইৰ কৰ্ণকুহৰত বাৰুকৈ আঘাট কৰিছিল সেই কথাষাৰে !


" জয়াৰ দৰে ময়ো তোমাকেই ভালপাইছিলো শান্তনু , কিয় জানো কৱহে নোৱাৰিলো। হয়তোবা তোমাৰ সতে বন্ধুত্ব হেৰুওৱাৰ ভয়ৰ ভৰ তোমাৰ প্ৰেয়সী হোৱাৰ হেপাঁহতকৈ কেবাগুণ গধুৰ আছিল।" 


ডায়েৰীখন লিপিবদ্ধ কৰি ৰাখিছিল তাই সেই অপ্ৰাপ্তিৰ খতিয়ান।


কিয় সাহস নহল তাইৰ..


কিয় সময়ে নিদিলে সাধনাক এটিমাত্ৰ ক্ষুদ্ৰ সুযোগ!


তেনেকৈয়ে ক্ৰমে নিসংগ , বিধ্বংস হৈ আহিছিল সাধনা মানসিকভাৱে।


: হেপ্পী বাৰ্থডে। 

কলেজ গেটৰ সন্মুখতে কোনোবাই মতাত সাধনাৰ মনৰ তন্দ্ৰা ভাগিল। ভয় খোৱাৰ দৰে মুৰ তুলি চালে।

তাইৰ দিশে ৰঙীল কাগজেৰে বন্ধা উপহাৰ এটি আগবঢ়াই ৰৈ আছে আগনিশা ফেচবুকত মেছেজ দিয়া ল'ৰাজন। 


: কোনে কলে আজি মোৰ বাৰ্থডে বুলি ?

সংকোচেৰে দুখোজ পিছুৱাই সাধনাই সুধিলে।


: মাৰ্ক জুকাৰবাৰ্গে ... 

কিবা  অৰ্থহীন কৌতুক এটা কোৱাৰ দৰে মিছিকিয়াই হাঁহিছিল লৰাজনে।


:এতিয়া ফিফ্টটো লোৱা। আশীৰ্বাদ আৰু উপহাৰক কেতিয়াও না কৰিব নাপায়। 


তীব্ৰ অনিচ্ছাসত্বেও সৌজন‍্যসুচক ধন্যবাদ জনাই উপহাৰটো হাতপাতি লৈ খোজ আগবঢ়ালে তাই।


:আৰু শুণা..


পাছফালৰ পৰা মাতিছিল মণিময়ে , ৰৈ গৈছিল তাই।


: তোমাৰ চকুত কলীয়া মেঘে ঠাই লৈছে , ইয়াত এজাক বৰষুণৰ প্ৰয়োজন। নীলাখিনি তেতিয়াহে উভতি আহিব।


বটবৃক্ষ জোপা বিদীৰ্ণ কৰি শুকাণ পাতবোৰ উৰুৱাই নিছিল পছোৱা এজাকে তেতিয়া। 

আস্ ..

কিয় দেখা পালা তুমি মোৰ বুকুৰ অতলগহ্বৰত সাচি ৰখা নিসংগতা , শূণ‍্যতা !!


অজানা কিবা এটাই যেন জোকাৰি গৈছিল তাইক। মণিময়ৰ দুচকুলৈ উভতি চোৱাৰ সাহস গোটাব নোৱাৰি দুপদাপকৈ গাৰ্লছ কমন ৰুমত সোমাই পানীৰ টেপ খুলি বিৰতিবিহীনভাৱে চকুৱে মুখে ছটিয়াইছিল সাধনাই। যেন এনেদৰেই নোহোৱা কৰি পেলাব তাইৰ দুচকুৰ ছাঁত আশ্ৰয় লোৱা মেঘাছন্ন ডাৱৰীয়াখিনি!!

কিছু প্ৰকৃতস্থ হোৱাৰ পাছত  মুখ মছি ক্লাছত সোমাওতেই মণিময়ৰ চকুত চকু পৰিল তাইৰ। 

শিয়ৰি উঠিছিল হিয়াখন। 

ফোনটো উলিয়ায়েই যান্ৰিক ভাৱে চকু ফুৰাই গৈছিল ভাৰ্চুৱেল পৃথিৱীৰ আন্তৰিকতাশূণ‍্য শুভাশা বোৰত!


: ইমান নিস্পৃহ হৈ কিয় থাকা তুমি ? 


নিশা  পুণুৰাই ফোনটো চাওতে মণিময়ৰ মেছেজত চকু পৰিল তাইৰ।


: কাৰণ , জীৱনটো মই সাংঘাতিক বেয়া পাওঁ।

অত‍্যন্ত  নিস্তেজ , পোণপটীয়া আছিল তাইৰ উত্তৰ।


ফোনটো থৈ টেবুলৰ এচুকৰ পৰি ৰোৱা মণিময়ৰ উপহাৰটো দেখাত ৰঙীন কাগজখিলা অস্থিৰভাৱে এৰুৱালে তাই! 

এখন গ্ৰন্থ উপহাৰ দিছে সি , অসীমত যাৰ হেৰাল সীমা , স্ৰষ্টা কাঞ্চন বৰুৱা। 

কিছু অনাগ্ৰহেৰে অথচ মনোযোগেৰে পৃষ্ঠাবোৰ লুটিয়াই গল তাই। 

কিবা এটা অনামী আকৰ্ষণেৰে সৈতে উপন্যাস খনে নিজৰ দিশে টানি থাকিল , টানিয়েই থাকিল তাইক!

পুৱতি নিশা কিতাপখন সাবতি সচাই কান্দিছিল সাধনাই , মণিময়ে বিছৰাৰ দৰে! 

শেষত অৱশ হৈ ঢলি পৰিছিল নিদ্ৰাদেৱীৰ সুকোমল কোলাত ।

 এটা শতিকাৰ পাছত তাই লাভ কৰিছিল ইমান সুন্দৰ টোপনিৰ আমেজ!!

পাছদিনা তাই আবতৰতো দুহাতত সানিছিল জেতুকাৰ প্ৰগাঢ় প্ৰলেপ , ঠিক চম্পাৰ দৰে!

সেয়াই আৰম্ভণি , ধীৰে ধীৰে তাইৰ মনৰ দুৱাৰত টুকুৰিয়াইছিল মণিময়ে।


 তাইৰ বাবে খুলি গৈছিল কিতাপৰ পৃথিৱীৰ ইখনৰ পাছত সিখন দুৱাৰ। পৰিচয় কৰাই দিছিল পুতি - সুবৰ্ণ , বৰদোৱানী, মেনকা , নয়না - তৰালী - সুজাতা ,চাৰেংলা, মহুৱা , ৰাজনী কুৱৰী, অৰুনাভ_অনুৰাধা,  দিগন্ত , জোঙাল বলহু , বামুণী কোৱৰ , অসীম অথবা অৰণ‍্য বৰুৱাৰ সতে!! 

 কোনোদিনা তাই অনুৰাধাৰ দৰে দুদালকৈ বেণী গুঠিছিল।

  মনত শিপাইছিল অনুৰাধাৰ দেশৰ সেই হৃদয়স্পৰ্শী উক্তি, 

'যিজনে হৃদয়ৰ স্পৰ্শ পোৱা নাই, তেনেকুৱা মানুহেহে শৰীৰৰ বাবে হাহাকাৰ কৰে।"


অথবা নাহৰৰ নিৰিবিলি ছাঁ পঢ়ি ডায়েৰীত টুকি ৰাখিছিল এটি প্ৰিয় শাৰী ,

" নিৰ্জনতাই মানুহক সমৃদ্ধ কৰে কিন্তু নিসংগতাই হতাশা আনে। মই নিৰ্জনতাক ভাল পাওঁ। নিসংগতাক ভয় কৰো।"


দুচকুৰ তলৰ পৰা মেঘবোৰ খেদিছিল গ্ৰন্থৰ পোহৰে।


মাকৰ মৃতপ্ৰায় ফুলবোৰে তাইৰ আদৰ , যত্নত পুণুৰাই প্ৰাণ পাই উঠিছিল।


 মাক দেউতাক সুখী হৈছিল সাধনাৰ ঔদাসীন‍্যৰ অন্ত দেখি ! 

 এনেকৈয়ে তাই  স্থাপন কৰিছিল সুখৰ আধাৰশীলা! 

 শিকিছিল জীৱনৰ জয়গান গাবলৈ !! 


ইমান দিনে  আন্ধাৰ কোঠাটোত বন্দি হৈ থকা সাধনাক পোহৰৰ দেশলৈ আদৰি আনিছিল মণিময়ে। 


" কিয় বেয়া পাবা জীৱনক তুমি , নদী কোনোদিনেই ৰ'ব নোৱাৰে , দুয়োপাৰে কোনোদিনে ব'ব' নোৱাৰে।

যদিও জানো কোনোদিনা দুয়োকে আক্ষেপ কৰা দেখিছা ? Just take life as it comes. পোৱা নোপোৱাই জীৱন। " 


মণিময়ৰ কথাবোৰ মায়াসনা , মনোমোহা!

এক বুজাব নোৱাৰা মাধুৰী আছে তাৰ মুখেৰে উচ্ছাৰিত প্ৰতিটো শব্দতে! 


তাৰ অৰ্ণৱসম দুচকু তথাগতৰ দৰে প্ৰশান্তিময় !

এদিন তাই শান্তনুৰ কথাও কৈছিল মণিময়ক।

সি অতনু ভট্টাচাৰ্য্যৰ অপ্ৰাপ্তি কবিতাটো তাইৰ হাতত তুলি কৈছিল।


: প্ৰতিটো সম্পৰ্কৰে এক ঈশ্বৰ প্ৰদত্ত ভাগ‍্য থাকে সাধনা। আমিনো কিয় সেইবোৰ একা বেকা কৰাৰ চেষ্টা কৰিব লাগে। কোৱাচোন ?


হিয়া শাত পৰি যায় তাইৰ। আবেগে আন্দোলিত কোলাহল কৰে মন প্ৰজাত !!


এদিন মাকৰ কলিজাৰ উঠা নমাৰ ঢৌবোৰ নোহোৱা হ'ল। 

পুণৰ ছাঁইবৰণীয়া তৰপ এটিয়ে ঘৰ সাজিলে সাধনাৰ নয়নযুৰি!!


: দৰ্শনৰ মানুহে জানো আত্মাৰ মুক্তিত চকুলো টোকে? মায়ে বাৰু ভাল পাবনে তোমাক এইদৰে দেখিলে? 

পুণৰ এবাৰ মণিময়ে জীয়াই তুলিছিল সাধনাক!

 আজি প্ৰৰ্যন্ত আশাৰে উদ্দোলিত কৰি ৰাখিছে তাইক মণিময়ে , অবিৰতভাবে যাছিছে গ্ৰন্থৰ সুবাস , সোপান!!

                              ******


:মাজনী , তুমি কিবা চিন্তা কৰি আছা? 


মানুহগৰাকীয়ে চুই দিয়াত ক্ষীপ্ৰ গতিত বাস্তৱলৈ উভতি আহিল সাধনা। পানীখিনি উতলিছে , তাই মিল্ক পাউদাৰ , চেনি , চাহপাহ আৰু ইলাচি জোখমতে দি দুকাপ চাহ বাকী আনিলে। 


: বলক , মোৰ প্ৰিয় ঠাইখিনিত বহি চাহ খাম দুয়োয়ে। 

তাই বাণী বৰদলৈক আথে বাথে বেলকনিটোলৈ লৈ গল। আজি বতৰ বলাহক , যিকোনো মুহূৰ্ততে এজাক বৃষ্টি য়ে তিয়াই নিব পাৰে ধৰাৰ ৰুক্ষ বুকু! 

তাই ফোনত মৃদু স্বৰত  মণিময়ে ৰেকৰ্ড কৰা অপ্ৰাপ্তি কবিতাটো প্লে কৰি দিলে। 

চাহ , কবিতা , মেঘাছন্ন আকাশখনে হয়তোবা মোহিত কৰিছিল বাণী বৰদলৈক। 

হেৰাই গৈছিল তেওঁ

এৰাই গৈছিল কংক্ৰিট পৃথিৱীৰ সতে সম্বন্ধ!!


: ইমান ধুনীয়া কণ্ঠ। কাৰ ?

বহুবাৰ সেই একেটা কবিতা ৰিপিট মুডত শুণাৰ পাছত তেওঁ সুধিছিল।


: মোৰ বন্ধু মণিময়ৰ।


: কেৱল বন্ধুনে ? 


প্ৰশ্নটো সুধোতে তিৰবিৰাই উঠিছিল তেওঁৰ চকুযুৰি।

যেন এসময়ৰ বান্ধৱী সাদৰীকহে সুধিছে কথাষাৰ।


: আমি বৰ্তমান বন্ধু। ইনেও , সি কয় প্ৰতিটো সম্পৰ্কৰে এক ঈশ্বৰ প্ৰদত্ত ভাগ‍্য থাকে সাধনা। আমিনো কিয় সেইবোৰ একা বেকা কৰাৰ চেষ্টা কৰিব লাগে। 


তাই পুৰুষ সুলভ ষ্টাইলেৰে কথাষাৰ কোৱাত খিলখিলাই হাঁহিছিল বাণী বৰদলৈয়ে। সিক্ত হৈছিল দুনয়ন! 


যাবলৈ লওতে সাধনাই তেওঁক উপহাৰ দিছিল মণিকুন্তলা ভট্টাচাৰ্য্য ৰ বৰদোৱানী আৰু কৈছিল


: বাইদেউ দুচকুৰ ডাৱৰখিনি পাৰিলে এজাক বৰষুণেৰে ধুৱাই দিয়ক। 


তেওঁ মাতৃৰ দৰে মৰমেৰে সাবতি ধৰিছিল সাধনাক।


: মাজনী , তুমি মোক মা বুলি মাতিবানে ? 


থুকাথুকি কণ্ঠেৰে তেওঁ কৈছিল। হয়তো অলপ পাছত তেওঁৰ দুগাল তিয়াই এখন নৈ বৈ যাব।

তাই সন্মতিসূচক মুৰ জোকাৰিছিল। ইমান আদৰৰ মাতষাৰ জানো নেওচিব পাৰি! 


তেওঁক বিদায় দি দেউতাকলৈ ফোন লগাইছিল তাই।

: দেতা , আজি ছিংৰা , জেলাপি লৈ আহিবা। মই ষ্পেচিয়েল চাহ বনাই খুৱাম তোমাক। বৰষুণৰ বতৰ , ভাল লাগিব।


: ঠিক আছে লখিমী। 

উৎফুল্লিত মাতেৰে ইথাৰৰ সিপাৰৰ পৰা দেউতাকে কলে। 


পুণৰ টেবুলত বহি অনুমানতে মায়াবৃত্ত ৰ পৃষ্ঠা এখিলা মেলিলে তাই। খিৰিকী খন খোলায়েই ৰাখিলে। টোপ টোপকৈ এজাক বৰষুণে সাংগীতিক লহৰ তুলিলে তাইৰ চৌপাশে। নামি আহিল অনুজ্জল আন্ধাৰ। খিৰিকীৰ ফাকেৰে দুই এটি মহ , মাখিও সোমাই আহি আমনি কৰিলে তাইক। তথাপিও সেই একেখিনি ফাকে যে কঢ়িয়াই আনিছে কেচাঁ মাটিৰ অমিয়া সুবাস , কেবাটাও জোনাকী পৰুৱা লগতে বৰষুণৰ ৰমন‍্যাসী , কাব্যিক গান আৰু স্বৰলিপি!! 


"" আটাইতকৈ কঠিন বিদ্ৰোহীজনেও ভাবে মোক কোনোবাই বুজক। সকলোৱেই জীৱনৰ কোনোবা নহয় কোনোবা সময়ত বিষাদেৰে ভাবে - মোক কোনেও নুবুজিলে। ক'ৰবাত আমি সকলোৱেই একে নিকিতা । ক'ৰবাত আমি সকলোৱেই অকলশৰীয়া। ক'ৰবাত আমি সকলোৱেই দুৰ্বল।আমি সকলোৱেই কাৰোবাৰ কান্ধত মূৰ থৈ জিৰাব বিচাৰোঁ । কোনোবাই কয় কোনোবাই নকয়। কোনোবাই নিজক দেখে আৰু কোনোবাই নেদেখে।ইমানেই পাৰ্থক্য। নহয়? "

উপন্যাস খনৰ যাদুকৰী শব্দবোৰে গুঠি অহা জালিখনৰ গভীৰলৈ তাই ক্ৰমশঃ সোমাই গৈ থাকিল , গৈয়েই থাকিল !!!

( সমাপ্ত)


( সময়ৰ ধামধুমীয়াত কৰবাত জীৱন জী ৱলৈ পাহৰি যোৱা প্ৰতিগৰাকী সখীৰ হাতত , নৱবৰ্ষৰ শুভেচ্ছা ৰে সৈতে।


লগতে " জেবিয়ান..🦋 ৰ পিছত একোৱেই নিলিখা হ'লা" বুলি প্ৰায়ে পেচ পতা প্ৰতিজনী ভণ্টি/ বা/ বান্ধৱী ৰ হাতত)


©Sangeeta Devi

Comments