# গল্পৰ__দৰে


শ্বাশ্বত ..🦋


: কি কৰিছা ? 


: বেহাৰবাৰী চাই আছিলো। ইথাৰৰ সিপাৰৰ পৰা বৈ আহে শ্বাশ্বতৰ পুৰুষসুলভ কণ্ঠ।


: তাত হেনো নতুনকৈ লেডী পুলিচ এগৰাকী আহিছে? 


লেনিয়াই সোধে তাই।  কুলিজনীয়ে আমজোপাতে জীৰাইহি খন্তেক !


: অ , বিৰাট ধুনীয়া জানা ! 


: আৎছা !


 শীতল প্ৰতিক্ৰিয়া তাইৰ। অবুজ অভিমানত ফুলি আহে দুগাল।  


: বেয়া পালা ? 


আকুল কণ্ঠেৰে সোধে শ্বাশ্বতে। তায়ো সুস্পষ্ট অভিমানী অথচ মৃদু স্বৰত কয় ,


: কিয়নো বেয়া পাম ! 


: তাকেইটো , কিয়নো বেয়া পাবা তুমি ! মইতো তেওঁক ছচিয়েল মিডিয়াটো Follow কৰাৰ কথা ভাবিছো!


ৰং চোৱাৰ  মানসেৰে শ্বাশ্বতে জোকাই তাইক। শিৰিককৈ আহি সমীৰজাকে খেলিমেলি কৰি যোৱা  চুলিকোচা এখন হাতেৰে  তাই সামৰি লয়  !  


: হ'ব দিয়া , যাক Follow কৰা কৰি থাকা , ইনেও ঘুৰি পকি শেষত মোৰ কাষলৈয়ে আহিবা।  


: অ , শেষত এনেও তোমাৰ কাষলৈয়ে যাম যেতিয়া , অলপ ঘুৰি পকি লোৱাত নো আপত্তি কি ন' ? 


শ্বাশ্বতৰ কণ্ঠত দুষ্টালি। 


উফ্ , এই ল'ৰাটোক কথাৰে নোৱাৰি মানে ! অকাৰণ ঠেঁহ লাগি ঈষৎ ৰঙা পৰিল তাইৰ নাকৰ আগ। 

দৰ্শন পঢ়া মানুহক কথাৰে কাটিব নোৱাৰি বুলি ইনেই অহংকাৰ কৰি আছিল ইমান দিনে তাই। 


শ্বাশ্বত দেখোন তাইতকৈ এখোপ চ'ৰাহে ! 


: বাৰু , মই দলঙৰ ফালে এচিকুট ফুৰি আহোঁ ৰ'বা! 


শ্বাশ্বতলৈ অন্তিম শৰপাট সাজু কৰিলে তাই। দলঙৰ কাষতে ল'ৰা এটা তাইৰ প্ৰণয় প্ৰাৰ্থী বুলি শ্বাশ্বতৰ জ্ঞাত। 


: নাযাবা না , প্লিজ ! 


সৰু ল'ৰাৰ দৰে থেনথেনাই ক'লে সি ! (  তাই সেইফালে নাযায় বুলি সি বাৰুকৈয়ে জানে যদিও)


আয়ৈ দেহি , শৰপাটে বাৰুকৈ আঘাট কৰিলে মানে। মুখ টিপি হাঁহিলে তাই। পুৱাৰ বেলিৰ সেন্দূৰ ৰঙাই আমজোপাৰ ফাঁকেৰে চুই গ'ল তাইক। কুলিজনীয়েও মৌমিঠা মাতেৰে উপচাই তুলিলে প্ৰতিটো পল অনুপল। 


: শুনানা !  


পুৰ্বৰ অভিমান আতৰাই মৰমসনা মাতেৰে শ্বাশ্বতক মাতিলে তাই। 


: কোৱানা ! শ্বাশ্বতৰ মাতষাৰত তেতিয়াও লিপিট খাই ৰ'য় শিশু সুলভ এমুঠি অভিমান।


: সুখী ন' তুমি ? 


: বহুত সুখী ।


 দ্বিথাবিহীন , নিসংকোচ উত্তৰ তাৰ। উপচি পৰে তাইৰ পৃথিৱীখন। ন পানী পোৱা মাছৰ দৰে উজাই আহে মুঠি মুঠি ভালপোৱা। 


: I Love you ! 


: I Love you পুতলা।


পুতলা , শ্বাশ্বতে তাইক মৰমত দিয়া নাম !


 ইনেও প্ৰিয়জনৰ ওছৰত প্ৰতিজনী নাৰীয়েইটো হৈ পৰে কণমানি পুতলাৰ দৰে ! 


 তথাপি বাগৰি যায় হুমুনিয়াহ এটি। যেন মুহূৰ্ততে কুটি কুটি শেষ কৰি দিব দুৰত্ববোৰ। 

 

  " কেতিয়া আহিবা তুমি ?" 


সুধিব খুজিও তাই ৰৈ যায়। বিছাৰিলেই এসোপা কৰ্মব‍্যস্ততা আওকাণ কৰি কেনেকৈনো আহে সি ! 


থাকক , নুসোধো।

 অনাহক মন বেয়া লাগিব দুয়োৰে। নিৰবে , পৃথকে পৃথকে। 


: তেন্তে এতিয়া টাটা ? 


: বাৰু টাটা ! 


শ্বাশ্বতে ফোনটো কাটি নিদিয়া লৈকে কাণতে লগাই ৰাখে তাই। 

মন গ্বহনত তগৰ ফুলৰ দৰে মিঠা সুৰভিৰ কল্লোল! ফোনটো ৰখাৰ পাছতেই দেও দি দেও দি খোজকাঢ়ি আমজোপাৰ কাষ চাপি কুলিজনীক তাই  সিয়াৰি জোকাই ! 

দুভৰিত ৰৈ ৰৈ বাজি থাকে নুপুৰৰ জুনুকাবোৰ ! 

ৰুণজুন ৰুণজুন।  


শ্বাশ্বতৰ হেনো প্ৰিয় সেই ধ্বনি। 


এই যে কেতিয়াবা আবতৰত নামি আহে এজাক বৰষা !  

 কোনো আগজাননী অবিহনে তিয়াই ধুৱাই নিয়ে এখন চহৰ , লগতে যাচি যায় কেচাঁ মাটিৰ অময়া সুবাস ! 

 ঠিক , এনেকুৱাই ভালপোৱাও। 

জীৱনৰ জটিলতা আৰু প্ৰেম অপ্ৰেমৰ লুকাভাকুত  ক্ৰমশঃ নিঃশেষ হৈ অহা  তাইজনীক বৰষুণ হৈ জীপাল কৰি তুলিছিল শ্বাশ্বতে।

এটা দশক ধৰি এটি গোলাকাৰ বৃত্তত সোমাই আছিল তাই। সেই  বৃত্তটোৰ উৰ্ধত একো নেদেখা , নুবুজাকৈ মোহনিদ্ৰাত বন্দী এজনী অন্তমুখী ছোৱালীয়ে ভালপাবলৈ সাহস কৰিছিল একমাত্ৰ শ্বাশ্বতৰ ভৰষাত !  


সমান্তৰালভাবে  জীৱন  তপ্ত পথত সুদীৰ্ঘ যাত্ৰাৰ অন্তত শ্বাশ্বতকো ছাঁ দিবলৈ ৰৈ আছিল এজোপা বিৰিখ!

তাৰ মৰমৰ পুতলা ! 


সেয়ে প্ৰায়ে ফোনত শ্বাশ্বতে তাইৰ বাবে গুণগুণাই , 


                "  উভতাই আনিলা

                  জীয়াই তুলিলা 

                  মোক জীয়াই তুলিলা"


এৰা জীয়ায়েইটো তুলিছে ইটোৱে আনটোক , আলফুলে!  এজন আনজনৰ পৰিপুৰক হৈ!


                          ****** 


: শুণিছা ! 


ফোনটো ৰিছিভ কৰাৰ লগে লগে শ্বাশ্বতৰ চিন্তাক্লিষ্ট মাতষাৰ ভাহি আহিল। 


: কোৱা। অধৰ কামুৰি সোধে তাই। 


:  মোক কালিলৈয়ে মাতিছে। 


উফ্ , হৃদয় সাগৰত উত্তাল ঢৌৰ দৰে কোলাহল কৰে এসোপা অভিমানে ! 


: হ'ব দিয়া , ভালকৈ যাবা। 


একাজলি বিৰহত তিতি সুৰসুৰীয়া কণ্ঠেৰে তাই কয়।

মুৰটো সামান‍্য বেঁকা কৰি  ফোনটো পৰি নোযোৱাকৈ ধৰি থাকি দুহাতেৰে আলমীৰাটো খুলে তাই।  আলনা মুৰৰ পৰা ছাইৰঙী ছেলুৱাৰযোৰ আনি ভৰাই থবলৈ সাজু হওতেই সি সোধে ,


: বহুত বেয়া পাইছা ন' ?


: নাইটো ! 


তাইৰ চমু উত্তৰ। পৰহিলৈ তথা দেওবাৰে শ্বাশ্বতৰ সতে নৈখনৰ পাৰলৈ ফুৰিবলৈ যাব বুলি উলাহতে আগতীয়াকৈ কাপোৰ যোৰ সাজু কৰি ৰাখিছিল তাই। এতিয়া সি আগদিনাই যাবলৈ লোৱাত শোক এটাই খুন্দিয়াই যায় তাইৰ চনকা হিয়া।


: নাযাওঁ দিয়া কালিলৈ। দেওবাৰে তোমাক লগ কৰিহে যাম। 


তাইৰ মুখেৰে উচ্চাৰিত নোহোৱা হেপাঁহ খিনিৰ সঠিক অনুমান কৰি শ্বাশ্বতে ক'লে।


: শনিবাৰে  লগ কৰি যোৱা নহ'লে ! 


কওঁ নকওঁ কৈ ক'লে তাই।   তেতিয়ালৈ ভঙ্গুৰ হৈছিল তাইৰ ক্ষণিকৰ ৰাগ!  


: ইমান ৰাতিপুৱাই ঘৰত দিবনে তোমাক ওলাই আহিবলৈ ? 


: লাগিলে চাৰিআলিটোৰে পাৰ হৈ যাওতে এবাৰ চাবলৈ ৰৈ থাকিম মই ! 


ভিডিঅ অথবা ফোন ক'লৰ অহৰহ বাৰ্তালাপৰ সত্বেও শ্বাশ্বতক এবাৰ সমুখত চোৱাৰ আবেগ সদায়েই সুকীয়া ! 

আজিও মুৰ তুলি শ্বাশ্বতৰ চকুযুৰিলৈ চাবলৈ অক্ষম তাই ,  পাৰাপাৰহীন লাজে আগুৰি ধৰে! পলাশৰঙী হয় শুভ্ৰ দুগাল।


: ঠিক আছে আহিবা , আঠবজাতে সেইখিনি পামগৈ মই।


: ঠিক আছে। 


পলকতে যেন ৰঙীন হৈ পৰিছিল এচোৱা বিবৰ্ণ সময়। 


মাথোঁ বাগৰ সলায়েই পাৰ হৈ যায় এটি নিশা। শংকা , কেনেবাকৈ যদি পুৱা তাই সাৰ নাপায় আৰু পাৰ হৈ যায়  প্ৰিয়জনে নিদ্ধাৰিত কৰি দিয়া সময়। 

পাছনিশাৰে পৰা বলাহক সিদিনাৰ বতৰ। পুৱালৈ কোনো ন - কইনাৰ খাৰুৰ সুৰৰ দৰে নামি আহিছিল এজাক বৃষ্টি। 


:   মই পাইছোহি আৰু দেই ।

 শ্বাশ্বতৰ ফোন। তাই যে অধীৰ আগ্ৰহেৰে ৰৈ আছিল। একেজাঁপে বহাৰ পৰা উঠি সুৰ মিলাই কৈছিল , "  ময়ো ওলাই গৈছো আৰু দেই।" 


দুভৰিৰ জুনুক জানাকবোৰ উলাহতে হালি জালি গৈছিল যেন ! টোপ টোপ কৈ সৰগৰ পৰা সৰিছিল ৰমন‍্যাসী কবিতা এটি। 


চাৰিআলিতে ৰৈ আছে শ্বাশ্বত , তাইৰ হিয়াত অযুত  ঢিপ ঢিপ ! 


: গা ধুই আহিছা নে বাৰু ? 


তাইক উদ্দেশ‍্যি শ্বাশ্বতৰ প্ৰথমটো প্ৰশ্ন !


উফ , এই ল'ৰাটোযে। এইহেন ক'ৰ'ণাকালত বৰষুণ জাকো কাটি কৰি অহা প্ৰেয়সীক প্ৰথমেই এই কথা কোনে সোধে ? 


: অ , ধুই আহিছো। ফুচকাৰ সমানকৈ  আৰক্ত দুগাল ফুলাই তাই কয়। 


: সঁচানে ? 

শ্বাশ্বতৰ ওঁঠত সেই চিৰপৰিচিত  হাঁহি , কিছু নিষ্পাপ , কিছু দুষ্টালি! 


: যাহ এইদাল , মোৰ মুখেই চাবলৈ নিদিওঁ তোমাক! 


ঠুঁতৰিৰ পৰা মাস্কখন ওপৰলৈ টানি তাই কয়। 


: পুতলা ! 


এই মাতষাৰতে গলি গলি শেষ হৈ যায় সমস্ত ঠেঁহ , অভিমান! আপোনা আপুনি  মাস্কখন তাই আতৰাই দিয়ে। বৰষুণ জাকেও সেইখিনিতে জিৰাইহি খন্তেক।


:লোৱা। 


বেগৰ পৰা তাইৰ প্ৰিয় লেখিকাৰ কিতাপ দুখন উলিয়াই আগবঢ়াই দিয়ে সি। 

তায়ো তাৰ বাবে অনা ফ্ৰুইট জুচ্ আৰু চিপচৰ পেকেটতো আগবঢ়াই দিয়ে। 


সময় যেন ৰৈ যাওক ইয়াতেই।

তাইৰ প্ৰিয়তম নৈ খনৰ দৰে বৈ যাওক ভালপোৱা!


: এতিয়া যাওঁ ? 


তাইক পুণৰ এবাৰলৈ খুন্দিয়াই যায় কিবা এটাই। কি অদ্ভুত মায়া থাকে কিছুমান মানুহৰ প্ৰতি , যেন অহৰহ চকুৰ আগত ৰাখি চাই ৰ'ব অনিমেষ নেত্ৰে ! 


: ভালকৈ যাবা। তলমুৰলৈ কয় তাই। 


: ভালকৈ থাকিবা তুমিও ! বাইকখন ষ্টাৰ্ট কৰি সি কয়। 


: তুমিও ! 

শ্বাশ্বত যোৱাৰ লগে লগে আনফালে মুৰ কৰে তাই। কিয় জানো , সি তেনেকৈ যোৱা তাই কাহানিও চাই ৰব নোৱাৰে । কিছু অস্পষ্ট হোৱাৰ পাছতহে উভতি চায় , নেদেখা হোৱালৈকে।


                             ******


" শুণিছা , মামা আহিছিল যে , মোক জোৰ কৰি মামাহঁতৰ ঘৰলৈ লৈ আহিল। কালিলৈ ৰাস আছে। চায়েই যামগৈ"  


মহামাৰীৰ উপদ্ৰৱ কিছু শাম কাটিছিল তেতিয়ালৈ। মুকলি হৈছিল চহৰখনৰ আকাশ বতাহ ! 


শ্বাশ্বতলৈ সেইটো মেছেজ দিয়াৰ পাছতেই পুণৰ লিখিলে তাই , " তুমি ঘপককৈ ফোন কৰি নিদিবা হা , মোৰ লাজ লাগিব সকলোৰে আগত ।" 


ফোনটো তেনেকৈয়ে এৰি দিনটো  অনাই বনাই মামাকৰ ছোৱালী জনীৰ সতে ঘুৰি ফুৰিলে তাই। তাতে গাৱত নেটৱৰ্ক ৰ সাংঘাতিক সমস্যা! 

গধূলি লৈ যেনে তেনে  ডাটা অন কৰাৰ লগে লগে খৰস্ৰোতা নৈৰ দৰে বৈ আহে এমোনা অভিমান। 


তাই জানে , এই অভিমান বোৰ মৰম মাথোঁ।

এষাৰ মাততে বিলগিত হোৱাকৈ  আহিনৰ কুঁৱলিৰ দৰে নিচেই  খন্তেকীয়া তাৰ অস্তিত্ব! 


" বুজিছা ন' তুমি ? ঠেঁহ পাতি নাথাকিবা দেই। দিনটো মই অলপ ওছৰৰ মানুহ কেইঘৰ ফুৰিলো। আবেলি  ৰবাব টেঙাও খালো। ইমান ধুনীয়া জানা খাবলৈ ! " 

তাই জানে , ৰবাব টেঙা শ্বাশ্বতৰ প্ৰিয়। আনকি টেঙাপিচ খাই থাকোতেও ঘনাই শ্বাশ্বতলৈ মনত পৰিছিল তাইৰ ! 


মেছেজটো নোযোৱা দেখি নেটৱৰ্ক বিছাৰি পদুলি পাইছিলগৈ তাই। তেতিয়াহে মেছেজ যোৱাৰ লগে লগে ৰিপ্লাই আহিছিল শ্বাশ্বতৰ‌।


" I Miss you পুতলা " 


মিছিকিয়াই হাঁহিছিল তাই। এই পৃথিৱীৰ হাজাৰ বিজাৰ আপোন মানুহৰ মাজতো এজন একেবাৰে সুকীয়াকৈ আপোন মানুহ পোৱাৰ সুখ শব্দৰে সামৰিব নোৱাৰি ,অতুলনীয় , অবৰ্ণনীয় !

তায়ো লিখিলে তালৈ ,

" ময়ো মিছ কৰিছো তোমাক , বহুত ।" 


ফটো এখন দিয়ানা । 


শ্বাশ্বতৰ আব্দাৰ , তায়ো  ফ্ৰণ্ট কেমেৰা ৰে নিজৰ ফটো এখন মাৰি পঠালে তালৈ ,  দিগন্ত বিয়পি তেতিয়া আকীৰ্ণ হৈছিল বিদায়ী বেলিৰ আভা।


: তোমাৰ নহয় , ৰবাব টেঙা জোপাৰ , মানে তাত লাগি থকা টেঙা বোৰৰ ! 


মেছেজটো পাই হাঁহিম নে কান্দিম লাগিল তাইৰ। 


হুহ , এই ল'ৰাটো মানে এনেকুৱা কিয় বাৰু ?

মোতকৈ এতিয়া টেঙা গছ জোপাহে প্ৰিয় হ'ল মানে ! 

 টেঙা জোপাৰ ফটো মাৰি শ্বাশ্বতলৈ পঠালে তাই। 

 

 " এয়া লোৱা তোমাৰ ক্ৰাছৰ ফটো , চাই থাকা। টাটা।" 

 

 ডাটা অফ কৰি ভিতৰলৈ সোমাই আহিল তাই। 


সন্ধিয়া পুণৰ এবাৰ নেটৱৰ্ক বিছাৰি ফোনটো চালে। 


শ্বাশ্বতে টেঙা গছ জোপালৈ কেবাখনো হাৰ্ট ইম'জি দি থৈছে। লগতে আৰু এটা মেছেজ ,

" লগৰ এটা আহিছে , অলপ উলাই যাওঁ" 


" হুহ ,তোমাৰ ৰ'বাব টেঙাক কোৱা , মোকনো কিয় কৱ লাগে । "  

তাইৰ ৰিপ্লাই। 


" শুণিছা টেঙু ডিয়েৰ , অলপ ওলাই যাওঁ। " 


"আয়ৈ বৰ মৰম একেবাৰে , টেঙুজনীলৈ!"


আলফুলে ৰিপ্লাই দিলে তাই। 


" অ আক' "


তাৰো তাৎক্ষণিক প্ৰত‍্যুক্তৰ। মিছিকিয়াই হাঁহে তাই। নামঘৰৰ দবা শংখৰ ধ্বনিত মুৰ দোৱাই সেৱা কৰোতে শ্বাশ্বতৰো কুশল কামনা কৰে। 

জোনাকী এটি উৰি ফুৰে তাইৰ আশে পাশে ! 


সিদিনা প্ৰথমবাৰলৈ ৰাতি শ্বাশ্বতলৈ ফোন নকৰাকৈ শুলে তাই। মনটো বেয়া লাগিছিল দুয়োৰে। শোৱাৰ আগতে শেষবাৰলৈ ইজনে আনজনৰ মাতষাৰ শুণাটো যে এবাৰ নোৱাৰা অভ‍্যাস এটি হৈ পৰিছিল! 


তথাপি শ্বাশ্বতে বুজে , তাৰ অভিমান বোৰ কোনোদিনে দাবীলৈ পৰিণত হোৱা নাই ! 


পাছদিনা পুৱা ব্ৰাছদাল মুখত লৈয়েই পদুলিলৈ নেটৱৰ্ক বিছাৰি আহি শ্বাশ্বতলৈ ফোনটো লগালে।


: পুতলা ! 


তাৰ মাতত অলপতে তন্দ্ৰা ভঙাৰ চিন।


: টোপনি গৈ আছিলা ন' ? ছেহ্ মই ভাঙি দিলো। 


অনুশোচনা কৰি ক'লে তাই।


: ধেৎ , একো নাই। কালি যে বিচনাত পৰাৰ লগে লগেই টোপনি গ'লো জানা। এতিয়াহে সাৰ পাইছো। ইমান ভাল টোপনি বহুত দিনৰ মুৰত আহিছে‌। 


শ্বাশ্বতৰ মাতত সাংঘাতিক সন্তোষ ! 


ইস্ , মোৰ সতে কথা নপতাৰ দিনাহে ভাল টোপনি আহে তেওঁৰ! 


 শান্ত শিষ্ট ছোৱালী জনীৰ মাজত লুকাই থকা শিশু সুলভ মনটো সাৰ পায় তেনেতে!

  

: আহিবয়েই , টেঙু ডিয়েৰক চাই শুইছিলা যে। 


তেতিয়াহে যেন কিবা এটি অনুমান কৰিলে শ্বাশ্বতে। 


: শুনানা ... ! 

মাতষাৰত অজস্ৰ মৰম সানি ক'লে সি।


: কি ? 


: কালি লগৰটোক তোমাৰ ফটো দেখাইছিলো। সি কি কৈছে জানা ? 


: কি কৈছে ? 


তাইৰ মাতত মিহলি হৈ আছিল খঙৰ অভিনয়। 


: তুমি বোলে বৰ ধুনীয়া ! আৰু মই বহুত লাকী। 


: ইনেও জানো মই ধুনীয়া বুলি। যোৰহাটৰ ছোৱালী ধুনীয়া নহৈ পাৰেনে !


সুযোগ পালেই যোৰহটীয়া ভেমটো জাৰি দিয়ে তাই। 

নাজাৰিবই বা কিয় ? যোৰহটীয়া মানেই যে স্বভিমানী সাংস্কৃতিক নগৰীৰ আবাসী! 


: অ , মই হে জানো গালত পিম্পলচ্ আছে কেবাটাও বুলি। তাৰ আগত নক'লো আৰু।


ইস্ , এওঁক জানো কথাৰে পাৰি !! 


: হুহ ! 


পৰাজিত হৈ মুখ ওফোন্দাই মনে মনে থাকিল তাই। 

নকৈ সোঁ গালত উঠা শালমন কেইটালৈকে উষ্মা জাগিল তাইৰ! 


ইথাৰৰ সিপাৰে প্ৰাণ খুলি হাঁহিলে শ্বাশ্বতে! মন পদুলি উদুলি মুদুলি হৈ পৰে তাইৰ। এয়াইটো বিছাৰে তাই , শ্বাশ্বতৰ প্ৰতিটো হাঁহিৰ কাৰণ হ'ব পৰাকৈ আজন্ম জীয়ন দি ৰাখিব বিছাৰে অলেখ অপাৰ ভালপোৱা। 

যাতে অৰ্ণৱ সম ঠেঁহ , অভিমানৰ অন্তৰালতো ফল্গূধাৰা ৰ দৰে অনিঃশেষ বৈ থাকে ভালপোৱা, অপ্ৰকাশ‍্য ভাবে হলেও! 

গধূলি নামঘৰলৈ গৈয়ো তাই সেৱা কৰি প্ৰাৰ্থনা কৰে শ্বাশ্বতৰ কুশলতাৰ বাবে ! 

তাৰ ওছৰ চাপিব বিছৰা প্ৰতিটো  দুখ যাতে বিদুৰ হয় সুদুৰতে ! 

ফটো এখন মাৰি পঠাইছিল তালৈয়ো ! 


: ধুনীয়া লাগিছে ।

 হাৰ্ট এখনৰ সতে শ্বাশ্বতৰ ৰিপ্লাই।

 

: তোমাৰ টেঙু ডিয়েৰৰ সমান নহয় ! 

এচিকুট জোকালে তাক তাই।


: চাবা দেই , ল'ৰাই জোকাব। 


ইস্ বৰ চিন্তা একেবাৰে !

 মনতে ভাবে তাই। শীতল সমীৰ এজাকে টানি আনে এক আধ‍্যাত্মিক প্ৰশান্তি !  

 অনুষ্টুপীয়াকৈ আয়োজন কৰা  ৰাসৰ বতাহতো উপঙি ফুৰিছিল ৰাধা শ‍্যামৰ ভালপোৱাৰ সুৰভি! 

 ফৰকাল আকাশত জিলিকি ৰৈছিল ৰাস পুৰ্ণিমাৰ পুৰ্ণচন্দ্ৰ , কি বৰ্ণনাতীত ভাবে মায়াবী সেই সৌন্দৰ্য্য! 

 অকাৰণ এটি অজুহাত লৈ মন পখী উৰি যায় শ্বাশ্বতৰ কাষলৈ ! 

                             ******


: মোৰ বাবে মাজে মাজে দুই এটা দৰা ওলাইছে জানা।


শ্বাশ্বতৰ হাতৰ হাতখন থৈ তাই কয়।  এখন কপাহী কোমল হাত আনখন আশ্বাস ভৰা হাতে নিৰাপদ আশ্ৰয়ৰ দৰে সামৰি লয়।  ফাগুনী বা লাগি উতলা নিমাতী ঘাটৰ বতাহ। সুদূৰত জিলিকি ৰৈছে হৃদয়ৰঙী  পলাশ , মদাৰ , শিমলুৰ ফুল ! 


: তুমি কি কৈছা ? 


শ্বাশ্বতৰ কণ্ঠত চিন্তা , শীত বসন্তৰ দোমোজাত উদাস নিষ্প্ৰাণ এটি দুপৰীয়া। 


: দেতাই তোমাক এবাৰ লগ পাব বিছাৰে। 


তাই কয় , তাৰ মনৰ ডাৱৰ আতৰি গুচি যায় বহুদূৰ। 


: শুনানা , 


: কোৱা পুতলা। 


: আমি বাৰু বিয়াৰ পাছত বহুত কাজিয়া লাগিম নেকি ? এতিয়াই ইমান ঠেঁহ , অভিমান! 


শংকিত হয় তাই। যদি মান - অভিমান ৰ চাকনৈয়াত এৰাসুঁতি হৈ ক'ৰবাত ৰৈ যায় ভালপোৱা !!


: ধেৎ ! 


 তাইৰ লিহিৰি আঙুলি ৰ ফাঁকে ফাঁকে আলফুলে সোমাই থাকে তাৰ পাচোটি আঙুলি! কোনো শব্দৰ ব‍্যঞ্জন বৰ্ণৰ মাজত ৰোৱা স্বৰবৰ্ণ সদৃশ !!


: কোৱানা ! কণমানি ছোৱালীৰ দৰে পুণৰ সোধে তাই।


: কেতিয়াও নহয়। দৃঢ়তাৰে কয় সি।


: ইস্ , বেছি জানা তুমি ! 


মুখ ওফোন্দাই ভাবি থাকে তাই। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বগুৱা বাই বৈ আহে নৈপৰীয়া বতাহ , ফাগুন ফাগুন যাৰ সুবাস !! 


: এতিয়া চোৱা, আন কাৰোবাক বিয়া পাতিলেও খুট খাট কাজিয়া হবয়েই। তাতকৈ তোমাক পতাই ভাল। 

আন কাৰোবাক সহি থকাতকৈ তোমাকেই সহিম আৰু আজীৱন।


শ্বাশ্বতে তাইৰ ফালে কেৰাহিকৈ চাই কয়। 


: যাহ , মৰমেৰে বুজাব নোৱাৰি নেকি কথাবোৰ। 


ফুলা লুচিৰ দৰে হয় তাইৰ দুগাল। তাতে আকৌ চেৰেং বেৰেং ৰ'দ এচেৰেঙাই যাচি যায়  পলাশৰ ৰং !! 


: মৰমেৰে বুজালে যে নুবুজা তুমি। 


: আমি সদায় এনেকৈয়ে থাকিম ন ' শ্বাশ্বত?

কোনোদিনা যদি একেবাৰে ভালপোৱা শেষ হৈয়ো যায় নিসংকোচে জনাবা মোক। ফিনিক্স চৰাই যিদৰে জী উঠে মৃত্যুৰ পাছতো বাৰে বাৰে , আমিও প্ৰয়াস কৰিম ভালপোৱা , ভাললগাবোৰক জীয়ন দিবলৈ পুনৰাই।


সমীৰ জাকে পুনৰ এবাৰলৈ জোকাই গৈছিল দুয়োকে। 


: অনাহক কথাবোৰ বেছিকৈ ভাবা তুমি। 


সঁচাই , কথাবোৰ অত‍্যাধিক বিশ্লেষণ কৰে তাই। ঘৰতো গালি শুণে এইবাবেই। সকলো সৰুৰে পৰা এসোপা মান মায়া , বিস্ময় পঢ়াৰ প্ৰতিফল!!


: কোৱানা , সময়ৰ সতে কমি যায় নেকি প্ৰেম? মোৰ অভিমান বোৰে যদি তোমাক অতিষ্ঠ কৰে কোনোদিনা ?


:ভালপোৱা কেতিয়াও শেষ নহয় পুতলা।  অভিমানে অধিক গাঢ়হে কৰিব আমাৰ সম্বন্ধ।


তাইৰ একান্তই বিশ্বাসী শ্বাশ্বতৰ কথা এয়া , 

তাইৰ শ্বাশ্বতৰ কথা  শিলৰ ৰেখাৰ দৰে !


মনোবিজ্ঞানেও কয় যাক হিয়া উজাৰি  ভালপোৱা যায় , তেওঁৰ লগতহে অকাৰণ কাজিয়া কৰিব পাৰি , ওফোন্দ পাতি অভিমান কৰিব পাৰি। 

হয়তোবা যিদৰে নৈ আজন্ম বৈ যায় , ফুলে সুৰভি যাচে প্ৰতিনিয়ত , ভালপোৱাও ৰৈয়েই যায় সদায় দিনৰ বাবে। 

প্ৰেম মানেইটো চিৰশ্বাশ্বত , চিৰন্তন! 

শ্বাশ্বত আৰু প্ৰেম সমাৰ্থক !

 আকাশ ধিয়াই ৰ'দে বৰষুণে সুৰুযমুখীৰ দৰে ফুলি থাকে ভালপোৱা।


: সোণকালেই যাম তোমাৰ দেউতাৰ ওছৰলৈ। তোমাক  বিছাৰি। 


তাৰ মাতষাৰত এনে দৃঢ়তা পুৰ্বে কেতিয়াও অনুভব কৰা নাছিল তাই। শ্বাশ্বতে দিয়া প্ৰতিশ্ৰুতি ৰ সাক্ষী হৈ ৰৈছিল নদীখন , তাইৰ অতিকৈ আপোন নদীখন। 

 ঋতুৰাজ বসন্তৰ আগলি বতৰা লৈ সৰাপাতৰ আঁৰত আলেঙে আলেঙে ন- কুঁহিপাতে সজাই তুলিছিল বিৰিখৰ ডাল পাত! 

 

ৰিণি ৰিণি ক'ৰবাৰ পৰা সিঁহতৰ বাবেই যেন ভাঁহি আহিছিল পাপন দাৰ ৰাগিলগা কণ্ঠত , 


                   মোক এটি সুৰ কৰি তোলা

                  তোমাৰ প্ৰেমেৰে প্ৰেমেৰে

                  মোক এপাহ হাঁহি কৰি দিয়া তোমাৰ            

                  নিবিড় মায়াৰে! 


সমাপ্ত....

( বানানৰ ভুলবোৰ  দেখুৱাই দিব।)

©  Sangeeta Devi , Jorhat

Comments