Posts

Showing posts from September, 2020

জেবিয়ান..🦋 ( খণ্ড - ৩৯)

 #অন্তিম_খণ্ড ( আজি কিয় জানো সেই মেট্ৰিক পৰীক্ষা দিবলৈ যোৱাৰ দৰে ভয় লাগিছে । মই জানো সন্তোষ্ট কৰিব পাৰিম এই অন্তিমটো খণ্ডৰ বাবে অতি আগ্ৰহেৰে ৰৈ থকা পাঠকসকলক ?) কেবাজনো স্বানামধন‍্য মনিষীৰ আপ্ৰাণ প্ৰয়াসৰ ফলস্বৰূপে সূচনা হৈছিল যোৰহাট চহৰৰ মানমজিয়াত এক নৱ দিগন্তৰ , জ্ঞান গৰিমাৰ অক্ষয় বটবৃক্ষ স্বৰূপ "জগন্নাথ বৰুৱা মহাবিদ্যালয়"। যোৰহটীয়াৰ স্বভিমান জে বি কলেজ। ক'ত ত‍্যাগ আৰু কষ্ট স্বীকাৰ কৰি তেওঁলোকে প্ৰতিষ্ঠা কৰিলে এক অনিৰ্বান জ‍্যোতিৰ শিখা।  সমীক্ষাই কৰবাত পঢ়িছিল , প্ৰথমবাৰলৈ ক্লাছ আৰম্ভ কৰাৰ পাছত শ্ৰেণীসমূহৰ সময় সুচক ৰূপে ব‍্যৱহাৰ কৰিবলৈ কাঁহ নথকাত সৰ্বানন্দ শৰ্মাৰ গোহাঁই ঘৰৰ টিলিঙা এটা আনি ব‍্যৱহাৰ কৰা হৈছিল। তুলসী নাৰায়ণ শৰ্মাই পুৰণি চাইকেল এখন চলাই চলাই কেউফালে ঢপলিয়াই সংগ্ৰহ কৰিছিল মহাবিদ্যালয় খনৰ বাবে শিক্ষাৰ্থী।  তেজক পানী কৰি কৰা অক্লান্ত পৰিশ্ৰমৰ অন্তত গঢ় লৈ উঠা জগন্নাথ বৰুৱা মহাবিদ্যালয়।  ক'ত তৰুণৰ প্ৰত‍্যাশা , হেঁপাহ  আৰু সম্ভাৱনাৰ আখৰাথলী কলেজখনে গঢ়িছে হাজাৰ বিজাৰ মানৱ সম্পদ।  মনবোৰ কিয় ব‍্যাকুল হয় এনেদৰে কলেজখন এৰাৰ কথা ভাবি , এই যেন ঠেহ পাতি এচুকত...

জেবিয়ান..🦋 ( খণ্ড - ৩৮)

  "আজি.. আঁৰ চকুৰে শেষবাৰলৈ চাম তোমাক। শেষবাৰলৈ কেইখন মান বেঞ্চৰ আগত বহিম তোমাৰ পৰা। শেষবাৰলৈ একেজাক বতাহতে উশাষ লম দুয়োৱে। হৃদয় চহৰত ঋতুবোৰ সঘন সাল সলনি হব আজি। আজি শেষ ক্লাছ আজি শেষ দিন !! ~ ৯এপ্ৰিল , ২০১৮ " ডায়েৰীখনত বাক‍্যকেইশাৰী লিখি ক্ষণিকৰ বাবে খিৰিকীৰে বাহিৰলৈ চালে সমীক্ষাই। প্ৰকৃতিৰ আমোঘ নিয়মানুসৰি এয়া ঋতু বসন্তৰ আগমন। গছৰ  ডালত বহি কুলি , কেতেকীয়ে আদৰিছে চেনেহৰ বহাগক। তৰাং নৈখনে পাইছে ন-পানী আৰু সোত,  বিৰিখে পিন্ধিছে ন- কুহিপাতৰ সাজ । বসন্ত ভৰযৌৱনা। চৌপাশে নতুনক আদৰাৰ উলাহ.. এই সকলোবোৰৰ মাজত আজি একাংশ জেবিয়ানৰ মন প্ৰাণ নিস্প্ৰাণ , নিস্তেজ। ৰঙালীতো যেন নাই কোনো ৰং , ফুলৰ জাক জমকতা অথবা বাসন্তী মায়ায়ে চুব পৰা নাই সিহঁতক। সময়ৰ ইংগিত পাই টেবুলৰ পৰা উঠি ইউনিফৰ্মযোৰ আলফুলে পিন্ধি ললে তাই , চুলিখিনি মুক্ত হৈয়ে থাকক। কোনো বিদায়েই সহজ নহয় জীৱনত।  যিকোনো পৰিসমাপ্তিয়েই এৰি যায় একোটা সাঁচ। কিন্তু হালধীয়াৰ মোহত বন্দী হলেযে বিৰিখে হেৰুৱাই পেলাব ন- সেউজে যচা সোপান!! পুৱাতো ৰৌদ্ৰোজ্বল ,  জেবি কলেজত ২০১৫- ২০১৮ বেটচ্ ৰ আনুষ্ঠানিক ভাৱে শেষ দিন। আজি জে...

জেবিয়ান..🦋 ( খণ্ড - ৩৭)

  : ৰবীন্দ্ৰনাথ ঠাকুৰে বিশ্বাস কৰিছিল যে মানুহ হল দৈৱৰ একোটা স্ফুলিংগ , অমৃতৰ সন্তান। তেওঁ কৈছিল , " man is earth's child but heaven's heir". ৰবীন্দ্ৰনাথ ঠাকুৰে ভাবিছিল যে মানুহৰ মাজত অনন্ত সম্ভাৱনাই বিৰাজ কৰে যিবোৰ ত‍্যাগ , আত্মসংযম আৰু অনুশীলনৰ মাধ‍্যমেৰে প্ৰকাশিত হয়। ঠাকুৰদেৱৰ প্ৰতিটো কামতে এক মানৱতাবাদী চেতনাৰ প্ৰবাহ দেখা যায়। জীৱনৰ প্ৰতি খুবেই আশাবাদী ৰবীন্দ্ৰনাথ ঠাকুৰে এনে এখন সমাজ আশা কৰিছিল, যত প্ৰতিজন মানুহে ইজনে সিজনৰ বাবে চিন্তা কৰিব আৰু সকলোৱে মিলি মহান মানৱতাৰ জয়গান গাব। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ মানৱতাবাদী দৰ্শনৰ চমু পৰিচয় আগবঢ়াই ক্লাছৰুমৰ পৰা ওলাই গল ৰঞ্জন ছাৰ। সমীক্ষাহঁত একেঠাইতে বহি থাকিল , ভাবি থাকিল মহান মানৱতাৰ পৰিসৰৰ কথা। শৰীৰৰ উৰ্দ্ধলৈ গৈ কিদৰে পাব পাৰি ঠাকুৰদেৱে কোৱাৰ দৰে নিজৰ মাজৰ অসীমতাৰ সন্ধান ? : অই ফৰ্ম ফিল আপৰ নটিচ আহিল দেখিছ' নাই? পাছৰ বেঞ্চৰ পৰা পম্পীয়ে আহি সমীক্ষাহঁতৰ বেঞ্চৰ ওছৰত ৰৈ কলে। : কি ? তাৰমানে আমি যাব হল আৰু ! সুকন‍্যাই কপালত হাত দি কয়। বাগৰ সলাওতেই নিদ্ৰাভংগ হোৱা মানুহৰ দৰে চক খাই যায় সমীক্ষাই। ফৰ্ম ফিল আপৰ নটিচ...

জেবিয়ান..🦋 (খণ্ড - ৩৬)

  এটা বছৰৰ বাবে বিদায় লৈছে শীতে , এতিয়া মদাৰ , কাঞ্চনেৰে সৈতে প্ৰকৃতিয়ে আদৰিছে দুষ্ট ফাগুনক।  বাট পথ ধূলিয়ৰি , লথঙা বিৰিখ আৰু বতাহত সৰাপাতৰ সুহুৰি!  ফোনৰ মাতত তন্দ্ৰা ভাগে সমীক্ষাৰ। খিৰিকীৰে আহি চুমি যায় চেৰেং বেৰেং লগা ফাগুনী ৰদে ! : হেল্ল' কোনে ক'লা ?  আধা জাপখোৱা চকুৰেই টেবুলৰ পৰা ফোনটো খেপিয়াই আনি ৰিচিভ কৰি তাই সুধে। : ৰিয়ান আকৌ , বেয়া পাইছো মোৰ নাম্বাৰ ছেভ কৰা নাই তুমি ? : আছে আছে। শুই উঠিছো এইমাত্ৰ , ধৰিবই পৰা নাই ।  : গম পাইছো বাৰু মাতষাৰতে ! চকু মোহাৰি বিচনাৰ পৰা উঠিল তাই। ১০:৩০ বাজিছে।  "ছেহ.. আজি ইমান দেৰিলৈকে শুলোনে মই"  তাই মনতে ভাবিলে। মুৰটো কিবা গধুৰ গধুৰ লাগিছে। গাটোও ভাল লগা নাই মুঠেও।  জ্বৰ হব কিজানি। :  ফিফ্ট ছেমৰ ৰিজাল্ট উলালে নহয় , খবৰ পাইছা নাই? অহ , আজিটো ৰিজাল্ট আউট হোৱাৰ কথা আছিল। সমীক্ষাই চোন পাহৰিয়েই গল‌। মাকেও জগাই দিয়া নাই তাইক।  জাপ মাৰি বিছনাৰ পৰা উঠিল সমীক্ষা।  ভয়ো লাগিছে বহুত।  : তুমি কলেজত আছা নেকি ৰিয়ান ? ৰিজাল্ট পালা মানে ? : অ মই কলেজতে। ৰিজাল্ট পালো বাৰু। লগতে তোমাৰ ৰিজাল্টো পাইছো। : কেনেকুৱ...

জেবিয়ান..🦋 (খণ্ড - ৩৫)

 : সাধাৰণতে স্মৃতিক সম্পদ আৰু বিস্মৃতিক আপদ বোলা হয় , কিন্তু আমাৰ জীৱনত স্মৃতিৰ দৰে বিস্মৃতিও প্ৰয়োজনীয়। কিছুমান স্মৃতি অত‍্যন্ত বেদনাদায়ক। এইধৰা আপোন মানুহৰ সৈতে বিচ্ছেদৰ দুখ, অপমান ,লাজ প্ৰৱঞ্চনা আদিবোৰে জীৱন দুৰ্বিসহ কৰে। এনে অনাৱশ‍্যকীয় কথাবোৰ পাহৰি যোৱাই শ্ৰেয়।  ষষ্ঠ ষান্মাসিকৰ এখন মেজৰ পেপাৰৰ নাম মনোবিজ্ঞান , মন তথা মানসিক অৱস্থাৰ আলোচনা।  তাৰে এটা গুৰুত্বপূৰ্ণ বিষয় বিস্মৃতিৰ সম্পৰ্কে বুজাইছে এতিয়াৰ অতিথি অধ‍্যাপিকা আনয়া বাইদেৱে।  মনোবিজ্ঞানে মনত আঘাট দিয়া কথাবোৰ পাহৰি যাৱলৈ কয়। তথাপি সেয়া জানো সম্ভৱ ?  মানুহে মনত ৰাখে বেদনাবোৰ , পাহৰি যায় প্ৰয়োজনীয় কথাবোৰহে।  অতীত মৃত , যিমানবাৰ পৰিভ্ৰমণ কৰিলেও সেই একেই থাকে এৰি অহা সময়। তথাপি কি আশাত বাৰে বাৰে উভতি যায় মানুহ, খুছৰি ফুৰে স্মৃতি ,বিছাৰি ফুৰে হেৰুৱা সুবাস ! পাহৰো বুলিয়েই মিত্ৰাই পাহৰিব নোৱাৰে আয়ুবক, সমীক্ষাই বৰ্ণমক অথবা জ‍্যোতিময়ে কবিতাক।  : আজি বীক্ষণ ৰিলীজ কৰা হব। সেইকাৰণে বাকী ক্লাছবোৰ নহয়। সকলো মোৰ পাছে পাছে ছেমিনাৰ হ'ললৈ বলা।  ক্লাছৰ শেষত আনয়া বাইদেৱে কলে।  ঘপকৈ সমীক্ষাই উভতি চালে জ...

জেবিয়ান..🦋 (খণ্ড - ৩৪ )

 'এয়া.. তোমাৰ সৈতে অন্তিমটো ষান্মাসিকৰ প্ৰথমটো দিন আজি। ~ ৩ জানুৱাৰী, ২০১৮' নতুন ডায়েৰীখনত বাক‍্যশাৰী লিখি উকা পৃষ্ঠা বোৰ ইনেই এবাৰ লুটিয়াই চালে সমীক্ষাই।  পাছৰাতি বৰষুণ আহিছিল.. টিনপাতেৰে এটি সুৰৰ দৰে এতিয়াও সৰি আছে তাৰেই টোপাল.. খিৰিকী মেলিবই নোৱাৰি। পুহমহীয়া কুৱলীয়ে ভেটি ৰাখিছে ঘৰখন। পুণৰ এজাক বৰষুণৰ কামনাৰে  'ৰদ কাটি দে' বুলি গাই গাই চৰাইৰ জাক এটি পাৰ হৈ গৈছে এইমাত্ৰ।  বিৰিখবোৰ জাৰত জথৰ হৈ পৰিছে , মুঠেও সাৰসুৰ নাই। : সোণজনী ৭:৪৫ বাজিল কিন্তু। ক্লাছ কেইটাৰ পৰা আছে।  গোসাঁই ঠাইত চাকি জ্বলোৱাৰ পৰা মাকে চিঞৰি মাতিলে।  : ন' বজাৰ পৰা। উলাইছো আৰু ৰৱা।  টেবুলৰ পৰা সমীক্ষা উঠিল। গা ধুই আহি মিছিক বিস্কুট এটা দি ইউনিফৰ্মযোৰ পিন্ধিলে।  এই গাঢ়নীলা কুৰ্টীটোৰ সতে মাথো এটা  ছিমেষ্টাৰৰ সম্বন্ধ বাকী ৰৈছেগৈ..  আলমীৰা টো খুছৰি ছুৱেটাৰতো বিছাৰোতে তাইৰ চকু গল আকাশী নীলা ছুৱেটাৰতোলৈ। এই ছুৱেটাৰতো বৰ্ণমৰ প্ৰিয় হয়তোবা , সেইবাবেই ছুৱেটাৰতোৰ ৰঙলৈকে মনত আছে তাৰ এতিয়াও.. ' শৰ্মিলা..' আস্ .. কিমান যে আন্তৰিকতাৰে মাতে সি আগতে! বাৰে বাৰে শুণি থাকিবৰ মন যায় মাতষাৰ.....