Posts

# গল্পৰ__দৰে

শ্বাশ্বত ..🦋 : কি কৰিছা ?  : বেহাৰবাৰী চাই আছিলো। ইথাৰৰ সিপাৰৰ পৰা বৈ আহে শ্বাশ্বতৰ পুৰুষসুলভ কণ্ঠ। : তাত হেনো নতুনকৈ লেডী পুলিচ এগৰাকী আহিছে?  লেনিয়াই সোধে তাই।  কুলিজনীয়ে আমজোপাতে জীৰাইহি খন্তেক ! : অ , বিৰাট ধুনীয়া জানা !  : আৎছা !  শীতল প্ৰতিক্ৰিয়া তাইৰ। অবুজ অভিমানত ফুলি আহে দুগাল।   : বেয়া পালা ?  আকুল কণ্ঠেৰে সোধে শ্বাশ্বতে। তায়ো সুস্পষ্ট অভিমানী অথচ মৃদু স্বৰত কয় , : কিয়নো বেয়া পাম !  : তাকেইটো , কিয়নো বেয়া পাবা তুমি ! মইতো তেওঁক ছচিয়েল মিডিয়াটো Follow কৰাৰ কথা ভাবিছো! ৰং চোৱাৰ  মানসেৰে শ্বাশ্বতে জোকাই তাইক। শিৰিককৈ আহি সমীৰজাকে খেলিমেলি কৰি যোৱা  চুলিকোচা এখন হাতেৰে  তাই সামৰি লয়  !   : হ'ব দিয়া , যাক Follow কৰা কৰি থাকা , ইনেও ঘুৰি পকি শেষত মোৰ কাষলৈয়ে আহিবা।   : অ , শেষত এনেও তোমাৰ কাষলৈয়ে যাম যেতিয়া , অলপ ঘুৰি পকি লোৱাত নো আপত্তি কি ন' ?  শ্বাশ্বতৰ কণ্ঠত দুষ্টালি।  উফ্ , এই ল'ৰাটোক কথাৰে নোৱাৰি মানে ! অকাৰণ ঠেঁহ লাগি ঈষৎ ৰঙা পৰিল তাইৰ নাকৰ আগ।  দৰ্শন পঢ়া মানুহক কথাৰে কাটিব নো...

#গল্প

#গ্ৰন্থ_সুবাস " মাই কয় মানুহ সদায় নাৰিকলৰ দৰে হব লাগে। নাৰিকলৰ ভিতৰৰ পানীখিনি কাকো চুবলৈ দিব নালাগে।চুবলৈ দিলে নাৰিকলটো ফালি পেলাব লাগিব। ফালি পেলালে সেই নাৰিকলৰ পৰা আৰু কেতিয়াও গছ নগজে। সেই নাৰিকল ঘটত থৈ কোনেও পুজা নকৰে । তুমিও তেনেকৈ থাকিবা  পুতি। ঘটত বহিব পৰা হৈ থাকিবা। গছ হব পৰা হৈ থাকিবা।" ( মায়াবৃত্ত , ৰীতা চৌধুৰী) প্ৰিয় গ্ৰন্থ খনৰ শব্দৰ মায়াজালত ক্ৰমশঃ অন‍্য এখন পৃথিৱীলৈ গুচি গৈছিল সাধনা .... কিতাপৰ পৃথিৱীলৈ! তাই কলেজৰ পৰা আহি পোৱাৰ পাছত দেউতাক অফিচৰ পৰা অহালৈকে সাধনাৰ একান্তই নিজা এই সময়খিনি তাই প্ৰায়েই কিতাপ পঢ়ি কটায় , মাজে মাজে ফুলগছৰ গুৰিবোৰ খুচৰি , পানী ছটিয়াই সেউজীয়া খিনিৰ যতন লয় , গান শুণে অথবা দীনাংকবিহীন দিনলিপি খনৰ পৃষ্ঠাত সাচি যায় দুৰ অতীতৰ কোনো এটি দিনৰ হুবহু বৰ্ণন।  এনেদৰেই গতানুগতিক , সাধাৰণ ভাবেই উৎযাপন কৰে তাই জীৱনৰ প্ৰতিটো ক্ষণ ! আজি হৰ্থাৎ  এই সময়ত কলিং বেলটো বজাত প্ৰথমেই কিছু উচপ খাই পাছমুহুৰ্ততে কিতাপখন জপাই ততাতৈয়াকৈ টেবুলৰ পৰা উঠি গল তাই। : নমস্কাৰ , মই তোমাৰ মাৰ বান্ধৱী বাণী।  এটি উজ্জল হাঁহিৰে সৈতে সপ্ৰতিভ এখন মুখৰ মমতাসনা মানুহজনী , প্...

গল্প

                 জোনাকী ৰাতি 🌸                 " এখোজ দুখোজ তুমি নিচেই কাষত  উলাহে নধৰা হাঁহি বুকুৰ মাজত " হৃদয়ৰ সমগ্র আৱেগ ঢালি যেন গানটো গাইছে শান্তনুৱে । পশ্চিমৰ আকাশত তেতিয়া ক্ৰমশঃ ডুবিবলৈ ধৰা বেলিতো ... এক বুজাব নোৱাৰা আৱেগত ডুবি দুচকু সেমেকি উঠিছিল মুগ্ধাৰ.. শান্তনুৰ প্ৰতিতো গীতৰে একমাত্ৰ শ্ৰোতা তাই ! নীড়মুখী পখীজাক চাই নষ্টালজিক হৈ পৰে তাই ... উদাস হৈ পৰে শান্তনু কেন্দ্ৰিক চাৱনি । তাৰ দুচকুত সেই একেই সৰলতা .. দুটি ওঠৰ হাঁহিটো কিছু শেতা । হয়তো সিয়ো জানিছিল এয়াই শেষবাৰলৈ দুয়োৰে এনেদৰে লগপোৱা ... শেষবাৰলৈ মুগ্ধাৰ কাষত বহি চাদখনত জুবিনৰ গান গাইছে সি... শেষবাৰলৈ মুগ্ধাৰ চহৰখনত তাৰ পুৰণি গীতাৰখনৰ সুৰীয়া লহৰ এয়া!!       ******** এটি ফাগুনৰ আবেলি .... দর্শনৰ অভিজ্ঞতাবাদ নে বুদ্ধিবাদী মতবাদতো চালি- জাৰি থাকোঁতে হঠাৎ চাদৰ ওপৰৰ পৰা গুণগুণনি এটি খিৰিকীখনেৰে সোমাই আহিল তাইৰ  কোঠালৈ । এটা অসম্ভৱ কোমল  কণ্ঠ স্বৰ   '...মন ডোলে ফাগুণৰে বা        ফুল...

#গল্প

ৰঙা নদী.. : অই , হিমাদ্ৰী.. শান্তনুৱে তোলৈ কিদৰে একেথৰে চাই আছে দেখিছ' নাই ?  শিৰিককৈ বিভাগীয় পুথিভঁৰালতোৰ মাজেৰে পাৰ হৈ যায় এজাক শাৰদীয় বা । চিম্পীৰ কথাত আৰ্ট পেপাৰত ৰং বুলাই থকা হিমাদ্ৰীয়ে মুৰ তুলি চালে । সচাকৈয়ে নতিদুৰত  বেঞ্চ এখনত বহিথকা শান্তনুৱে  দুগালত দুহাতেৰে ভেজা দি চাই আছে তাইৰ দিশেই! শান্তনুৰ সাগৰ গভীৰ দুচকুত চকু পৰাত লাজতে ঈষৎ ৰঙা হ'ল হিমাদ্ৰীৰ শুভ্ৰ দুগাল।  : তোৰ পাছততো কলেজৰ জি . এচ ডিৱানা , শান্তনুৰ মাজতনো এনেকুৱা কি বিছাৰি পালি তই ?  চিম্পীয়ে হিমাদ্ৰীৰ কান্ধত চিকুট এটা মাৰি কাণৰ কাষত ফুচফুচাই সুধিলে।  : আস্... দুখ পাইছো ! হিমাদ্ৰীৰে ৰং সনা ব্ৰাছডাল এৰি কান্ধখন মোহাৰি কলে।  : আয়ৈ চুবই নোৱাৰি , গোতেইজনী একেৱাৰে মমৰ পুতলা।  চিম্পীয়ে বিদ্ৰূপৰ সুৰত খিংখিঙীয়া মাতেৰে কলে।  : মা পাপাই কাহানিও মাৰি পোৱা নাই নেকি তোমাক? কাষতে বহি গোটা গোটা আখৰেৰে প্ৰাচীৰ প্ৰত্ৰিকাৰ বাবে প্ৰৱন্ধ টুকি থকা সীমাই সুধিলে এইবাৰ।  : দেউতাক মই ক্লাছ ছেভেনতে হেৰুৱালো। তেওঁ কোনোদিনে হাত তুলি পোৱা নাছিল মোলৈ। মায়েও মাৰি পোৱা নাই আজিলৈকে।  মাক দেউতাকে বৰ...

জেবিয়ান..🦋 ( খণ্ড - ৩৯)

 #অন্তিম_খণ্ড ( আজি কিয় জানো সেই মেট্ৰিক পৰীক্ষা দিবলৈ যোৱাৰ দৰে ভয় লাগিছে । মই জানো সন্তোষ্ট কৰিব পাৰিম এই অন্তিমটো খণ্ডৰ বাবে অতি আগ্ৰহেৰে ৰৈ থকা পাঠকসকলক ?) কেবাজনো স্বানামধন‍্য মনিষীৰ আপ্ৰাণ প্ৰয়াসৰ ফলস্বৰূপে সূচনা হৈছিল যোৰহাট চহৰৰ মানমজিয়াত এক নৱ দিগন্তৰ , জ্ঞান গৰিমাৰ অক্ষয় বটবৃক্ষ স্বৰূপ "জগন্নাথ বৰুৱা মহাবিদ্যালয়"। যোৰহটীয়াৰ স্বভিমান জে বি কলেজ। ক'ত ত‍্যাগ আৰু কষ্ট স্বীকাৰ কৰি তেওঁলোকে প্ৰতিষ্ঠা কৰিলে এক অনিৰ্বান জ‍্যোতিৰ শিখা।  সমীক্ষাই কৰবাত পঢ়িছিল , প্ৰথমবাৰলৈ ক্লাছ আৰম্ভ কৰাৰ পাছত শ্ৰেণীসমূহৰ সময় সুচক ৰূপে ব‍্যৱহাৰ কৰিবলৈ কাঁহ নথকাত সৰ্বানন্দ শৰ্মাৰ গোহাঁই ঘৰৰ টিলিঙা এটা আনি ব‍্যৱহাৰ কৰা হৈছিল। তুলসী নাৰায়ণ শৰ্মাই পুৰণি চাইকেল এখন চলাই চলাই কেউফালে ঢপলিয়াই সংগ্ৰহ কৰিছিল মহাবিদ্যালয় খনৰ বাবে শিক্ষাৰ্থী।  তেজক পানী কৰি কৰা অক্লান্ত পৰিশ্ৰমৰ অন্তত গঢ় লৈ উঠা জগন্নাথ বৰুৱা মহাবিদ্যালয়।  ক'ত তৰুণৰ প্ৰত‍্যাশা , হেঁপাহ  আৰু সম্ভাৱনাৰ আখৰাথলী কলেজখনে গঢ়িছে হাজাৰ বিজাৰ মানৱ সম্পদ।  মনবোৰ কিয় ব‍্যাকুল হয় এনেদৰে কলেজখন এৰাৰ কথা ভাবি , এই যেন ঠেহ পাতি এচুকত...

জেবিয়ান..🦋 ( খণ্ড - ৩৮)

  "আজি.. আঁৰ চকুৰে শেষবাৰলৈ চাম তোমাক। শেষবাৰলৈ কেইখন মান বেঞ্চৰ আগত বহিম তোমাৰ পৰা। শেষবাৰলৈ একেজাক বতাহতে উশাষ লম দুয়োৱে। হৃদয় চহৰত ঋতুবোৰ সঘন সাল সলনি হব আজি। আজি শেষ ক্লাছ আজি শেষ দিন !! ~ ৯এপ্ৰিল , ২০১৮ " ডায়েৰীখনত বাক‍্যকেইশাৰী লিখি ক্ষণিকৰ বাবে খিৰিকীৰে বাহিৰলৈ চালে সমীক্ষাই। প্ৰকৃতিৰ আমোঘ নিয়মানুসৰি এয়া ঋতু বসন্তৰ আগমন। গছৰ  ডালত বহি কুলি , কেতেকীয়ে আদৰিছে চেনেহৰ বহাগক। তৰাং নৈখনে পাইছে ন-পানী আৰু সোত,  বিৰিখে পিন্ধিছে ন- কুহিপাতৰ সাজ । বসন্ত ভৰযৌৱনা। চৌপাশে নতুনক আদৰাৰ উলাহ.. এই সকলোবোৰৰ মাজত আজি একাংশ জেবিয়ানৰ মন প্ৰাণ নিস্প্ৰাণ , নিস্তেজ। ৰঙালীতো যেন নাই কোনো ৰং , ফুলৰ জাক জমকতা অথবা বাসন্তী মায়ায়ে চুব পৰা নাই সিহঁতক। সময়ৰ ইংগিত পাই টেবুলৰ পৰা উঠি ইউনিফৰ্মযোৰ আলফুলে পিন্ধি ললে তাই , চুলিখিনি মুক্ত হৈয়ে থাকক। কোনো বিদায়েই সহজ নহয় জীৱনত।  যিকোনো পৰিসমাপ্তিয়েই এৰি যায় একোটা সাঁচ। কিন্তু হালধীয়াৰ মোহত বন্দী হলেযে বিৰিখে হেৰুৱাই পেলাব ন- সেউজে যচা সোপান!! পুৱাতো ৰৌদ্ৰোজ্বল ,  জেবি কলেজত ২০১৫- ২০১৮ বেটচ্ ৰ আনুষ্ঠানিক ভাৱে শেষ দিন। আজি জে...

জেবিয়ান..🦋 ( খণ্ড - ৩৭)

  : ৰবীন্দ্ৰনাথ ঠাকুৰে বিশ্বাস কৰিছিল যে মানুহ হল দৈৱৰ একোটা স্ফুলিংগ , অমৃতৰ সন্তান। তেওঁ কৈছিল , " man is earth's child but heaven's heir". ৰবীন্দ্ৰনাথ ঠাকুৰে ভাবিছিল যে মানুহৰ মাজত অনন্ত সম্ভাৱনাই বিৰাজ কৰে যিবোৰ ত‍্যাগ , আত্মসংযম আৰু অনুশীলনৰ মাধ‍্যমেৰে প্ৰকাশিত হয়। ঠাকুৰদেৱৰ প্ৰতিটো কামতে এক মানৱতাবাদী চেতনাৰ প্ৰবাহ দেখা যায়। জীৱনৰ প্ৰতি খুবেই আশাবাদী ৰবীন্দ্ৰনাথ ঠাকুৰে এনে এখন সমাজ আশা কৰিছিল, যত প্ৰতিজন মানুহে ইজনে সিজনৰ বাবে চিন্তা কৰিব আৰু সকলোৱে মিলি মহান মানৱতাৰ জয়গান গাব। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ মানৱতাবাদী দৰ্শনৰ চমু পৰিচয় আগবঢ়াই ক্লাছৰুমৰ পৰা ওলাই গল ৰঞ্জন ছাৰ। সমীক্ষাহঁত একেঠাইতে বহি থাকিল , ভাবি থাকিল মহান মানৱতাৰ পৰিসৰৰ কথা। শৰীৰৰ উৰ্দ্ধলৈ গৈ কিদৰে পাব পাৰি ঠাকুৰদেৱে কোৱাৰ দৰে নিজৰ মাজৰ অসীমতাৰ সন্ধান ? : অই ফৰ্ম ফিল আপৰ নটিচ আহিল দেখিছ' নাই? পাছৰ বেঞ্চৰ পৰা পম্পীয়ে আহি সমীক্ষাহঁতৰ বেঞ্চৰ ওছৰত ৰৈ কলে। : কি ? তাৰমানে আমি যাব হল আৰু ! সুকন‍্যাই কপালত হাত দি কয়। বাগৰ সলাওতেই নিদ্ৰাভংগ হোৱা মানুহৰ দৰে চক খাই যায় সমীক্ষাই। ফৰ্ম ফিল আপৰ নটিচ...