জেবিয়ান..🦋 (খণ্ড -৭)
'বৰ্ণমে মেছেজ দিছে' নন মেজৰৰ ক্লাছৰ বাবে পি.জি বিল্ডিংৰ ওছৰত ৰৈ থকা সমীক্ষাই খামুচি ধৰিলে তনয়াৰ হাতখন। : কি দিছে ? তনয়াই চচমাযোৰ ঠিক কৰি সুধিলে। " ক্লাছত কিয় চাই থাকা এনেকৈ। লাজ লাগে মোৰ " সমীক্ষাৰ মেছেঞ্জাৰৰ কোঠালিত সেয়া আবতৰীয়া বাসন্তী মায়া। ' নাইটো...কেতিয়া চালো মই তোমালৈ ? ' সমীক্ষাই মিছা মাতিলে। সেয়া তাই জানে..জানে বৰ্ণমেও। : অহ..মোৰেই ভুল হল তেন্তে । বৰ্ণমৰ দ্ৰুত প্ৰতুক্তৰ । :হম ! সমীক্ষাৰ চমু উত্তৰ । আজি পলিটিকেল ছায়েন্সৰ ক্লাছত অলপো মন বহা নাই তাই। দূৰ অতীতৰ ধূসৰ প্ৰতিচ্ছৱি কিছুমান পাৰ হৈ যায় তাইৰ মানসপটেৰে। সন্ধিয়া চাহ খাবলৈ বহি তাই মাক আৰু পঞ্চীক বৰ্ণমে মেছেজ দিয়াৰ কথা কয়। পঞ্চীয়ে ফোনটো লিৰিকি বিদাৰি পঢ়ি আছে মেছেজবোৰ। জটিলতাবিহীন জীৱন সিহতৰ.. মনৰ কথাবোৰ ভগাই লৈ সকলোৱে পাই এক সৰগী সুখ। মনৰ মাজতে সমীক্ষাৰ আক্ষেপ.. আৰু এটা মেছেজটো দিব পাৰে সি। ঠিক তেনেতে ফোনটো ভাইব্ৰেট হৈ মেছেঞ্জাৰত সোমালহি বৰ্ণমৰ আন এটি বাৰ্তা। : ক্লাছত বেছিকৈ ঠাণ্ডা লাগে নেকি তোমাৰ ? : কিয় ? : ইমান ঠাণ্ডা লাগে যদি ছুৱেটাৰ এটা লৈ আহিবা লগত। ' ইস্... তোমাৰহ...