জেবিয়ান..🦋 (খণ্ড -২৫)
: গান্ধীজীৰ মতে সদৰ্থক অৰ্থত অহিংসা মানে প্ৰেম। একাত্মতাৰ অনুভূতিয়েই হৈছে প্ৰেম। ই এনে এক শক্তি যি মনটোক পবিত্ৰ কৰি মানৱতাৰ উৎকৰ্ষ সাধন কৰে। ঘৃণা কৰাটো সহজ , কিন্তু প্ৰেমৰ বাবে এটা চৰম শক্তিৰ প্ৰয়োজন। গান্ধীজীয়ে কয় অহিংসা সবলৰ বাবেহে , আৰু হিংসা দুৰ্ৱলতাৰ পৰিচয়। ৰঞ্জন ছাৰে মহামানৱ মহাত্মা গান্ধীৰ অহিংসা নীতিৰ ব্যাখ্যা আগবঢ়াইছে। খুবেই মন দি শুনিছে সমগ্ৰ ক্লাছৰুমটোৱে। ছাৰৰ শিক্ষাদান পদ্ধতিৰ এক বিশেষত্ব আছে , যে তেওঁ এবাৰ যি বুজাব পোন পথেৰে সেয়াই শিকাৰুৰ মগজুত টোকৰ মাৰে। আৰু আজিতো ছাৰৰ ব্যাখ্যাই পৰম বিস্ময় প্ৰেমৰ কথা সাঙুৰি লৈছে। অৱশ্যে সেই প্ৰেম মহত্বৰ প্ৰেম ! সমীক্ষাহতে ভবাৰ দৰে সংকীৰ্ণ প্ৰেম নহয়। এই প্ৰেম এক জটিল অনুশাসন। পৰোপকাৰীতা , ক্ষমা , উদাৰতা , সহানুভূতি , দয়া আদি সৎগুণ সামৰি লোৱা স্বৰ্গীয় প্ৰেম। : ত্যাগ প্ৰেমৰ অপৰিহাৰ্য সংগী। প্ৰেমৰ কাৰণে নিজৰ স্বাৰ্থপৰতাক অতিক্ৰম কৰিবই লাগিব। স্বাৰ্থবিহীন লোকেহে প্ৰেমৰ প্ৰকৃত অৰ্থ বুজিব পাৰে। There is a famous quote by Gandhi that is, " Love never claims, it ever gives. Love ever suffers, never resents never ...